ডিব্ৰুগড়
বিশ্ববিদ্যালয়ৰ অধীনৰ (বিদ্যায়তনিক ক্ষেত্ৰত) মহাবিদ্যালয়সমূহত স্নাতক মহলাত
‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ (Choice Based Credit System, চমুকৈ CBCS) প্ৰৱৰ্তন নকৰা সম্পৰ্কত যোৱা ২৭
অক্টোবৰত ‘আমাৰ অসম’ত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ভূতত্ব বিভাগৰ সহকাৰী অধ্যাপক ড°
ৰক্তিম ৰঞ্জন শইকীয়াই এটা প্ৰবন্ধৰ যোগেদি অসম কলেজ শিক্ষক সংস্থাৰ ভূমিকাক
ৰহস্যজনক আৰু পলায়নবাদী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাইছে। ড° শইকীয়াই উল্লেখ
কৰিছে যে দিল্লী বিশ্ববিদ্যালয়, উৎকল বিশ্ববিদ্যালয়, কলকাতা বিশ্ববিদ্যালয়, অসম
বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু বিদ্যায়তনিক দিশত স্বায়ত্বশাসন উপভোগ কৰিবলৈ
সুবিধা লাভ কৰা জগন্নাথ বৰুৱা মহাবিদ্যালয়ত স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব
পদ্ধতি’ প্ৰৱৰ্তন কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়েও ২০১৮ চনৰ পৰা ‘পছন্দভিত্তিক
গুৰুত্ব পদ্ধতি’ প্ৰৱৰ্তন কৰি অসমৰ শিক্ষা জগতত যুগান্তৰ অনাৰ সম্ভাৱনা থকা
ব্যৱস্থাটোক অসম কলেজ শিক্ষক সংস্থাই অপ্ৰত্যশিতভাবে কলিতে মোহাৰি পেলালে বুলি ড°
শইকীয়াই অভিযোগ কৰিছে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহত স্নাতক মহলাত
‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰয়োগ নকৰাৰ ক্ষেত্ৰত অসম কলেজ শিক্ষক সংস্থাৰ
ভূমিকাক ৰহস্যজনক আৰু পলায়বাদী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাই ড° শইকীয়াই
কেৱল অসম কলেজ শিক্ষক সংস্থাকে নহয়, গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত প্ৰশ্ন তুলি ডিব্ৰুগড়
বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষকো অপমান কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়খনৰ অধীনৰ
মহাবিদ্যালয়সমূহত স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰৱৰ্তন নকৰা
সম্পৰ্কত অসম কলেজ শিক্ষক সংস্থাৰ বিষয়ববীয়া আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত
আলোচনাৰ মাধ্যমেৰে গণতান্ত্ৰিকভাবে সিদ্ধান্ত লোৱা হৈছে।
অসম কলেজ শিক্ষক সংস্থাই উত্থাপন কৰা যুক্তিসমূহক ড° শইকীয়াই পলায়বাদী
আৰু হাস্যকৰ আখ্যা দিছে। তেখেতৰ মতে অসম কলেজ শিক্ষক সংস্থাই আগবঢ়োৱা পথম যুক্তি-‘প্ৰয়োজনীয়
আন্ত:গাঁঠনিৰ অভাৱ’ এখন পূৰণি ৰেকৰ্ডৰ লেখীয়া। ড° শইকীয়াৰ যুক্তি হ’ল-যিহেতু ৰাষ্ট্ৰীয়
উচ্চতৰ (ড° শইকীয়াই ‘উচ্চ’ বুলি ভুলকৈ উল্লেখ কৰিছে) শিক্ষা অভিযান (Rashtriya
Uchchatar Shiksha Abhiyan,
চমুকৈ
RUSA)ৰ মাধ্যমেৰে বহু
মহাবিদ্যালয়ে দুই কৌটিকৈ টকা অনুদান লাভ কৰিছে, সেয়েহে মহাবিদ্যালয়সমূত
আন্ত:গাঁঠনিৰ অভাৱ থাকিব নোৱাৰে। ড° শইকীয়াই যদি ক’লেহেঁতেন ‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ
অধীনৰ সকলোবোৰ মহাবিদ্যালয়ে RUSAৰ
পৰা দুই কৌটি টকা অনুদান লাভ কৰিছে’, তেন্তে আমাৰ কোনো আপত্তি নাথাকিলেঁতেন। জানি
থোৱা ভাল যে অসম চৰকাৰে ২০১৩ চনত প্ৰাদেশীকৰণ কৰা মহাবিদ্যালয়সমূহে উল্লিখিত দুই
কৌটি টকা অনুদান লাভ কৰা নাই। তদুপৰি, উল্লিখিত দুই কৌটি টকা অনুদান লাভ কৰা
সকলোবোৰ মহাবিদ্যালয়ৰ আন্ত:গাঁঠনি জগন্নাথ বৰুৱা মহাবিদ্যালয় বা কটন
বিশ্ববিদ্যালয়ৰ সমান পৰ্যাপ্ত নহয়। অসম বিশ্ববিদ্যালয়ৰ অধীনৰ আটাইবোৰ মহাবিদ্যালয়ৰ
আন্ত:গাঁঠনি পৰ্যাপ্ত নোহোৱা সত্ত্বেও স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’
প্ৰয়োগ কৰি ভাল কৰিছে নে বেয়া কৰিছে-সেই বিষয়ে মতামত দিবলৈ আৰু কেইবছৰমান বাদ চাব
লাগিব। অৱশ্যে, ড° শইকীয়াই উল্লেখ কৰা অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ অধীনৰ
মহাবিদ্যালয়সমূহৰ আন্ত:গাঁঠনি সম্পৰ্কে আমাৰ স্পষ্ট ধাৰণা নাই।
অসম কলেজ শিক্ষক সংস্থাই ‘শিক্ষকৰ অভাৱ’ হিচাপে যি যুক্তি
আগবঢ়াইছে, ড° শইকীয়াই এই অভাৱক মানি লৈছে যদিও কৈছে যে ইয়াতকৈ ডাঙৰ অভাৱটো হৈছে
‘শিক্ষকসকলৰ অধ্যয়নৰ প্ৰতি অনীহা’। ‘শিক্ষকসকলৰ অধ্যয়নৰ প্ৰতি অনীহা’ উক্তিটোৱে
এইটো বুজাইছে যে স্নাতক মহলাত ইতিমধ্যে ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰৱৰ্তন
কৰা মহাবিদ্যালয়ৰ শিক্ষকসকলৰহে অধ্যয়নৰ প্ৰতি আগ্ৰহ আছে। বিভিন্ন কাৰণত মহাবিদ্যালয়ৰ
দুই-এজন শিক্ষকৰ অধ্যয়নৰ প্ৰতি অনীহা থাকিব পাৰে। কেইজনমান শিক্ষকৰ ভিত্তিতে
‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ৰ প্ৰচলন নথকা আটাইবোৰ মহাবিদ্যালয়ৰ শিক্ষকক সামৰি
লৈ ড° শইকীয়াই কেনেদৰে সাধাৰণীকৰণ কৰিলে আমি বুজি নাপালোঁ।
ড° শইকীয়াই উল্লেখ কৰিছে, দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ
নামভৰ্তি বাছনি পৰীক্ষাৰ দ্বাৰা সম্পন্ন কৰে আৰু একেসময়তে প্ৰশ্ন কৰিছে যে সেই
বিশ্ববিদ্যালয়সমূহৰ পৰীক্ষাসমূহত আমাৰ আওপূৰণি পাঠ্যক্ৰমত শিক্ষা লাভ কৰা
ছাত্ৰ-ছাত্ৰীয়ে কেনেদৰে তিষ্ঠিব পাৰিব। এনেকুৱা নহয় যে ‘পছন্দভিত্তিক গুৰুত্ব
পদ্ধতি’ অনুসৰি অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীয়েহে দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়ে
নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা বাছনি পৰীক্ষাবোৰত উত্তীৰ্ণ হ’ব পাৰিব। প্ৰচলিত
ষান্মাসিক পদ্ধতিৰে স্নাতক ডিগ্ৰী লাভ কৰি ভাৰতৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ
বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ পৰ্যাপ্ত
উদাহৰণ আছে।
‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰৱৰ্তন কৰি ছাত্ৰ-ছাত্ৰীসকলক
প্ৰকৃততে ‘পছন্দ’ৰ ব্যৱস্থা কৰিব নোৱাৰিলে ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’টোৰ কোনো
অৰ্থ নাথাকে। The Economic Times ৰ
এটা বাতৰি অনুসৰি (২১ আগষ্ট ২০১৫) দিল্লী বিশ্ববিদ্যালয়ৰ ৯৩ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে
মতামত আগবঢ়াইছে যে ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ত ‘পছন্দ’ৰ কোনো ব্যৱস্থাই নাই। দিল্লী
বিশ্ববিদ্যালয়ৰে এই অৱস্থা! আশাকৰোঁ, NAACৰ দ্বাৰা ভাল গ্ৰেড লাভৰ আশাত দৌৰা-দৌৰিকৈ ‘পছন্দভিত্তিক
গুৰুত্ব পদ্ধতি’ প্ৰৱৰ্তন কৰি শিক্ষাত নতুনত্ব অনা বুলি দেখুওৱাবলৈ চেষ্টা চলোৱা
অসমৰ স্বায়ত্বশাসিত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়বোৰৰ অৱস্থা দিল্লী
বিশ্ববিদ্যালয়ৰ দৰে নহয়।
নিজে অন্তৰ্ভূক্ত হোৱা বৃত্তি, জাতি, বৰ্ণ বা ধৰ্মৰ দোষ দেখিলে
তাৰ বিৰুদ্ধে সবল যুক্তিৰে মতামত আগবঢ়োৱা পৰিবেশে নিশ্চিতভাবে এক সুষ্ঠ
গণতান্ত্ৰিক ব্যৱস্থাৰ ইংগিত দিয়ে। কিন্তু, দুৰ্বল যুক্তিৰে সেয়া কৰিবলৈ প্ৰয়াস
চলালে নিজে বিখ্যাত হোৱাৰ এটা গুপুত অভিপ্ৰায় নিহিত থাকে। কাৰণ, নিজে অন্তৰ্ভূক্ত হোৱা
বৃত্তি, জাতি, বৰ্ণ বা ধৰ্মৰ বিৰূদ্ধে প্ৰচাৰ চলাই বিতৰ্ক সৃষ্টি কৰি কম দিনৰ
ভিতৰতে বিখ্যাত হ’বলৈ প্ৰয়াস চলোৱা আজিকালি এটা সহজ উপায় হৈ পৰিছে।
[প্ৰকাশিত, ‘আমাৰ অসম’, ০৮ নৱেম্বৰ ২০১৮, পৃষ্ঠা: ৫]
No comments:
Post a Comment