Wednesday, 5 December 2018

প্ৰসংগ: ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ আৰু কিছু কথা


‘আমাৰ অসম’ত যোৱা ২৭ অক্টোবৰত ড° ৰক্তিম ৰঞ্জন শইকীয়াই লিখা “স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ বিলম্বিতকৰণ আৰু অসম কলেজ শিক্ষক সংস্থাৰ ৰহস্যজনক ভূমিকা” শীৰ্ষক প্ৰবন্ধটোৰ ওপৰত একেখন কাকততে যোৱা ৮ নৱেম্বৰত আমাৰ এটা প্ৰবন্ধ প্ৰকাশ পাইছিল। আমাৰ প্ৰবন্ধটোৰ উত্তৰ হিচাপে ড° শইকীয়াৰ “‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ আৰু কিছু কথা” শীৰ্ষক এটা প্ৰবন্ধ যোৱা ৩০ নৱেম্বৰত প্ৰকাশ পাইছিল। ড° শইকীয়াৰ উত্তৰ সম্পৰ্কত দুষাৰমান মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ।
আমাৰ প্ৰবন্ধটোত গণতন্ত্ৰৰ প্ৰসংগটো অনা হৈছিল-‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰা বা নকৰা সম্পৰ্কে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম কলেজ শিক্ষক সংস্থাৰ মাজত গণতান্ত্ৰিকভাবে আলোচনাৰ ভিত্তিত লোৱা সিদ্ধান্ত সম্পৰ্কত। আমাৰ বক্তব্য আছিল-ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ স্নাতক মহলাত নতুন পদ্ধতিটো প্ৰচলন কৰা বা নকৰা সম্পৰ্কত অসম কলেজ শিক্ষক সংস্থাই এককভাবে সিদ্ধান্ত লোৱা নাছিল। গণতন্ত্ৰ সম্পৰ্কে এই প্ৰসংগটো এৰি ড° শইকীয়াই বেলেগ এটা প্ৰসংগ আনিলে। ড° শইকীয়াই উল্লেখ কৰিছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘শৈক্ষিক সমিতি’ৰ সভাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ৰ সপক্ষে তিনিজন সদস্যই তেওঁলোকৰ সম্পূৰ্ণ বৃত্তিগত মতামত আগবঢ়াওঁতে অসম কলেজ শিক্ষক সংস্থাই তেওঁলোকক বহিস্কাৰ কৰিছিল। এইটো কাৰণতে ড° শইকীয়াই অসম কলেজ শিক্ষক সংস্থাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰিছে। পাঠকসমাজৰ লগতে ড° শইকীয়াৰো হয়তো দ্বিমত নাথাকিব যে অসম কলেজ শিক্ষক সংস্থা বুলি নহয়, যিকোনো সংস্থাৰে কোনো এজন সদস্যই সংশ্লিষ্ট সংস্থাটোৰ সংবিধান বহিৰ্ভূত আচৰণ কৰিলে সংশ্লিষ্ট সদস্যজনৰ ওপৰত সংস্থাটোৱে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে।
ড° শইকীয়াই দুই কৌটি টকাৰ অনুদানৰ প্ৰসংগটো আনিছিল বিশেষকৈ মহাবিদ্যালয়সমূহৰ আন্ত:গাঁঠনিৰ অৱস্থিতি সম্পৰ্কে যুক্তি আগবঢ়াবলৈ। ২০১৩ চনত প্ৰাদেশীকৰণ হোৱা মহাবিদ্যালয়সমূহৰ প্ৰসংগ আমাৰ দ্বাৰা এইবাবেই অনা হৈছিল যে তেওঁলোকে উল্লিখিত দুই কৌটি টকাৰ অনুদান লাভ কৰা নাই। আমাৰ যুক্তি আছিল-আনকি দুই কৌটি টকা অনুদান লাভ কৰা সকলোবোৰ মহাবিদ্যালয়ৰ আন্ত:গাঁঠনি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰয়োগ কৰিব পৰাকৈ উপযোগী হৈ উঠা নাই। কোন সংস্থাই ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ বিৰোধিতা কৰিছে বা কোন সংস্থাই বিৰোধিতা কৰা নাই-সেই প্ৰসংগ ড° শইকীয়াই জোৰকৈ টানি আনি আন্ত:গাঁঠনি সম্পৰ্কীয় মূল বিষয়টোৰ পৰা কৌশেলেৰে আঁতৰি গৈছে। আমি এতিয়াও কওঁ-অসমৰ গ্ৰামাঞ্চলত অৱস্থিত বহু মহাবিদ্যালয়ৰে (যি সংস্থাৰে অন্তৰ্ভূক্ত নহওক) আন্ত:গাঁঠনি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰিব পৰাকৈ উপযোগী হৈ উঠা নাই। এইখিনিতে এইটোও কওঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ কোনোবা এখন মহাবিদ্যালয়ৰ আন্ত:গাঁঠনি যদি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰিব পৰাকৈ উপযোগী হৈ উঠা নাই, সেইখন মহাবিদ্যালয়কো তেওঁলোকৰ আন্ত:গাঁঠনি নতুন পদ্ধতিটো প্ৰচলন কৰিব পৰাকৈ উপযোগী কৰি ল’বলৈ সময় আৰু সুবিধা প্ৰদান কৰা উচিত। অন্যথা, আওপকীয়াকৈ হ’লেও সেইখন মহাবিদ্যালয়ক অন্যায় কৰা হ’ব। অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে আন্ত:গাঁঠনিৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰিব নালাগে। অসম কলেজ শিক্ষক সংস্থাও এই নতুন পদ্ধতিটো প্ৰচলন কৰাৰ ক্ষেত্ৰত বিৰোধিতা কৰা নাই। আমাৰ যুক্তি হ’ল-নতুনত্ব অনা বুলি জাহিৰ কৰিবলৈ গৈ দৌৰাদৌৰিকৈ কোনো এটা নতুন পদ্ধতি প্ৰচলন কৰিলে, পদ্ধতিটোৰ পৰা সুফলতকৈ কুফল লাভ কৰাৰ সম্ভাৱনাই বেছি হয়। দুদিন পলম কৰি হ’লেও আটাইবোৰ মহাবিদ্যালয়ৰ আন্ত:গাঁঠনি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ৰ বাবে নুন্যতম পৰ্যায়ত হ’লেও উপযোগী কৰি তুলি লৈ নতুন পদ্ধতিটো প্ৰচলন কৰাত আপত্তি ক’ত? আমি জনাত, মহাবিদ্যালয়সমূহৰ নুন্যতম আন্ত:গাঁঠনি অধ্যয়নৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি আৰু অসম কলেজ শিক্ষক সংস্থাৰ প্ৰতিনিধিক লৈ এখন সমিটি গঠন কৰা হৈছে।
আমি আগেয়েই কৈছোঁ যে অসম বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰি ভালেই কৰিলে নে বেয়াই কৰিলে, সেই বিষয়ে মতামত দিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব। ড° শইকীয়াৰ মতে আমি বিষয়টো এৰাই চলিব বিচাৰিছোঁ। তেখেতে বিষয়টো পুনৰ উত্থাপন কৰিছে আৰু অসম কলেজ শিক্ষক সংস্থাৰ লগতে আমাৰ পৰাও উত্তৰ বিচাৰিছে। অসম কলেজ শিক্ষক সংস্থাই কি উত্তৰ দিয়ে ক’ব নোৱাৰোঁ, আমাৰ যুক্তি হ’ল-আন কথা একে থাকিলে, প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে এঠাইত এটা নতুন পদ্ধতি প্ৰচলন কৰোতে যদি ভুলৰ মাত্ৰা বেছি হয়, তেন্তে একেটা পদ্ধতিকে আন এঠাইত প্ৰচলন কৰা উচিত নহয়।
‘মুষ্টিমেয়’ শব্দটো প্ৰয়োগ নকৰাৰ বাবে ড° শইকীয়াই আমাক বৌদ্ধিক অসততাৰ অপৰাধত অপৰাধী কৰিছে। শিক্ষকসকলৰ অধ্যয়নৰ অনীহা সন্দৰ্ভত ড° শইকীয়াৰ বাক্য কেইটালৈ মন কৰা যাওক। ২৭ অক্টোবৰত প্ৰকাশিত প্ৰবন্ধটোত তেখেতে লিখিছে, “শিক্ষকৰ অভাৱটো আমি অস্বীকাৰ নকৰোঁ। কিন্তু তাতকৈও অভাৱ হ’ল অধ্যয়নৰ প্ৰতি অনীহা। এটা নতুন পাঠ্যক্ৰম পঢ়াবলৈ যাওঁতে প্ৰথম পৰ্যায়ত যথেষ্ট অধ্যয়ন কৰিব লগা হয়। এই কাম কৰিবলৈ মুষ্টিমেয় শিক্ষকৰ এলাহ, এই এলাহেই বিভিন্ন অজুহাতৰ ৰূপত বাৰে বাবে উভতি আহে।” দ্বিতীয় বাক্যটোত যিটো বৌদ্ধিক উচ্চমন্যতাৰ ৰেহৰূপ প্ৰকাশ পাইছে, সেই ৰেহ-ৰূপৰ মাত্ৰা হ্ৰাস কৰিবলৈহে বাকী দুটা বাক্য প্ৰয়োগ কৰা হৈছে। কৌশলেৰে বৌদ্ধিক উচ্চমন্যতাৰ ৰেহ-ৰূপ প্ৰকাশ কৰাতকৈ বৌদ্ধিক অসততাৰ দৰে অপৰাধকে আমি মূৰ পাতি লৈছোঁ। তদুপৰি, মুষ্টিমেয় শিক্ষকৰ অধ্যয়নৰ এলাহে কেনেধৰণে ‘বিভিন্ন অজুহাতৰ ৰূপত বাৰে বাৰে উভতি আহে’ সেয়া স্পষ্টভাবে বুজাই দিলে আমাৰ লগতে পাঠকসমাজেও নিশ্চয় সুখী হ’ব।
ব্যক্তিগত আক্ৰমণ নকৰি বৌদ্ধিক স্তৰত বিতৰ্ক কৰিবলৈ ড° শইকীয়াই আমাক বিনম্ৰভাবে কৈছে (অসমীয়া ভাষাত ‘বিনম্ৰভাবে জনায়’ বুলিহে জানোঁ)। তেখেতৰ উপদেশৰ  (উপদেশ বুলিয়ে ধৰি ল’লোঁ) বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতক ব্যক্তিগতভাবে আক্ৰমণ কৰাৰ উদ্দেশ্য আমাৰ নাছিল। আমাৰ যিটো উক্তিত আমি তেখেতক ব্যক্তিগত আক্ৰমণ কৰা বুলি তেখেতে অনুভৱ কৰিছে সেই উক্তিটো হ’ল, “নিজে অন্তৰ্ভূক্ত হোৱা বৃত্তি, জাতি, বৰ্ণ বা ধৰ্মৰ দোষ দেখিলে তাৰ বিৰূদ্ধে সবল যুক্তিৰে মতামত আগবঢ়োৱা পৰিবেশে নিশ্চিতভাবে এক সুষ্ঠ গণতান্ত্ৰিক ব্যৱ্স্থাৰ ইংগিত দিয়ে। কিন্তু, দুৰ্বল যুক্তিৰে সেয়া কৰিবলৈ প্ৰয়াস চলালে নিজে বিখ্যাত হোৱাৰ এটা গুপুত অভিপ্ৰায় নিহিত থাকে। কাৰণ, নিজে অন্তৰ্ভূক্ত হোৱা বৃত্তি, জাতি, বৰ্ণ বা ধৰ্মৰ বিৰূদ্ধে প্ৰচাৰ চলাই বিতৰ্ক সৃষ্টি কৰি কম দিনৰ ভিতৰতে বিখ্যাত হ’বলৈ প্ৰয়াস চলোৱা আজিকালি এটা সহজ উপায় হৈ পৰিছে।” এইটো এটা সাধাৰণ উক্তি। ড° শইকীয়া বুলি নহয়, বিপুল কুমাৰ ৰাভা বা আন ব্যক্তিৰ ক্ষেত্ৰতো উক্তিটো প্ৰয়োগ হ’ব পাৰে। সাধাৰণ উক্তি এটাক ব্যক্তিগত আক্ৰমণ হিচাপে জোৰকৈ টানি অনাটো যে পৃথক বৌদ্ধিক স্তৰ হ’ব পাৰে সেয়া আগেয়ে বুজা নাছিলোঁ।   
পুনশ্চ: ব্যক্তিগত আক্ৰমণৰ পৰা আমি বাৰহাত দূৰত অৱস্থান কৰিবলৈ চেষ্টা কৰোঁ। সাধাৰণ উক্তি এটাক জোৰকৈ ব্যক্তিগত পৰ্যায়লৈ টানি নি আমাক আক্ৰমণ কৰাৰ বাবে, আত্মৰক্ষাৰ উদ্দেশ্যে এই লেখাটোৰ দুই-এঠাইত বাধ্যত পৰি ব্যক্তিগত প্ৰসংগ আনিবলগীয়া হৈছে। ব্যক্তিগত আক্ৰমণ আৰু আত্মৰক্ষাৰ বাবে প্ৰয়োগ কৰা প্ৰসংগবোৰ যাতে চৰম পৰ্যায়লৈ নাযায়, সেই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়ত পুনৰ মতামত আগবঢ়োৱাৰ পৰা আমি বিৰত থাকিম। 

[প্ৰকাশিত, 'আমাৰ অসম', ৬ ডিচেম্বৰ ২০১৮, পৃষ্ঠা: ৫]

No comments:

Post a Comment