Thursday, 17 September 2020

প্ৰসংগ: ভোটযু্দ্ধ

        ‘নিয়মীয়া বাৰ্তা’ৰ ‘প্ৰথম কলম’ত ১১ ছেপ্টেম্বৰত হোমেন বৰগোহাঞিৰ ‘ভোটযুদ্ধ’ শীৰ্ষক সময়োপযোগী তথা চিন্তাশীল লেখাটো পঢ়ি কিছু মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ ।  নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে ভোটযুদ্ধত অৱতীৰ্ণ হোৱা ৰাজনৈতিক নেতাসকলৰ আচাৰ-ব্যৱহাৰ আৰু মুখেদি ওলোৱা কথাবোৰৰ ওপৰত জনসাধাৰণৰ তীক্ষ্ণ দৃষ্টি থাকে ।  বিগত নিৰ্বাচনবোৰত দেখি আহিছোঁ যে যিমানেই ভোট গ্ৰহণৰ দিন ওচৰ চাপি আহে একাংশ ৰাজনৈতিক নেতাৰ আচাৰ-ব্যৱহাৰ আৰু মুখেদি ওলোৱা কথাবোৰ সিমানেই নিম্ন মানৰ হ’বলৈ ধৰে । অসম বিধান সভাৰ আগন্তুক নিৰ্বাচন অহা বছৰৰ এপ্ৰিল মাহত অনুষ্ঠিত হ’ব বুলি ধৰি ল’লে ভোটযুদ্ধৰ বাবে এতিয়াও ছমাহ সময় আছে । এই সময়ত ৰাজনৈতিক দলবোৰৰ শীৰ্ষস্থানীয় নেতাসকলৰ আচাৰ-ব্যৱহাৰ আৰু মুখেদি ওলোৱা কথাবোৰৰ মান উন্নত নোহোৱাটো অতি দুৰ্ভাগ্যজনক ।  নিৰ্বাচনৰ ছমাহ আগতে যদি তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু মুখেদি ওলোৱা কথাবোৰ ইমান নিম্ন মানৰ হয়, নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনকেইটাত কিমান নিম্ন মানৰ হ’ব, সেয়া বহলাই কোৱাৰ প্ৰয়োজন নাই । 
        উন্নত মানৰ বৌদ্ধিক আৰু সাংস্কৃতিক চিন্তাধাৰা প্ৰকাশ পোৱা কথা মুখেদি ওলাবলৈ হ’লে পৰ্যাপ্ত অধ্যয়নৰ বিকল্প নাই । ইয়াৰ অৰ্থ এইটো নহয় যে আমাৰ ৰাজ্যৰ শীৰ্ষস্থানীয় ৰাজনৈতিক নেতাসকলে পৰ্যাপ্ত অধ্যয়ন নকৰে বা কৰা নাই ।  কিন্তু, ৰাজনৈতিক নেতা এগৰাকীৰ সোঁৱে-বাওঁৱে থকা অধ্যয়নহীন পালিনেতা, নিৰ্বাচনী সভাবোৰত উপস্থিত থকা জনতাৰ উত্তেজিত সঁহাৰি, সভাৰ স্থান আৰু সময় অনুসৰি সংশ্লিষ্ট নেতাগৰাকী উত্তেজিত হোৱাৰ ফলত কেতিয়াবা তেওঁ কৰা পৰ্যাপ্ত অধ্যয়নে কাম নিদিবও পাৰে ।  আমি ভাবোঁ, সেই সময়ত তেওঁলোকৰ উপদেষ্টাসকলৰ গধুৰ দায়িত্ব থাকে (উপদেষ্টাসকলে নেতাসকলতকৈ বেছি অধ্যয়ন কৰে বুলি ধৰি লোৱা হৈছে) ।  তেওঁলোকৰ নেতাগৰাকীয়ে যাতে অসংগত, অসাংস্কৃতিক আচৰণ নকৰে বা তেওঁৰ মুখেদি ওলোৱা কথাবোৰত বৌদ্ধিক দৈন্যতা প্ৰকাশ নাপায়, সেয়া উপদেষ্টাসকলে নেতাগৰাকীক সচেতন কৰি দিব লাগে ।  মনত ৰখা উচিত যে নিম্ন মানৰ আচাৰ-ব্যৱহাৰ আৰু কথা-বতৰাৰ দ্বাৰা ৰাজনৈতিক নেতাসকলে ভোটযুদ্ধত অৱতীৰ্ণ হৈ সহজে জনপ্ৰিয়তা লাভ কৰিব পাৰে । কিন্তু, সেই জনপ্ৰিয়তা অতি কম সময়ৰ ভিতৰতে নোহোৱা হৈ যায় ।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ৭ ছেপ্টেম্বৰ ২০২০]


No comments:

Post a Comment