ঔপনিৱেশিক কালত অসমীয়া সাহিত্যৰ উত্তৰণৰ ভিত্তি কি আছিল ? আধুনিক শিক্ষাৰ প্ৰসাৰ আৰু অসমৰ অভিজাত শ্ৰেণীৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছে ? বাংলা ভাষাই অসমীয়া সাহিত্যৰ বিকাশত কেনেধৰণৰ প্ৰভাৱ পেলাইছিল ? ব্ৰিটিছ পুঁজিবাদী অৰ্থব্যৱস্থাৰ শোষণে আধুনিক অসমীয়া সাহিত্যত প্ৰভাৱ পেলাইছিল নেকি ? অসমৰ বৌদ্ধিক শ্ৰেণীৰ মাজত এইবোৰ প্ৰশ্নই প্ৰায়ে আমনি কৰি থাকে । অসমৰ বিশিষ্ট সমাজবিজ্ঞানী ড° প্ৰফুল্ল মহন্তই শেহতীয়াকৈ এই প্ৰশ্নবোৰৰ উত্তৰ হিচাপে আঠটা প্ৰবন্ধ সন্নিৱিষ্ট কৰি ‘আধুনিক অসমীয়া সাহিত্য: সামাজিক-বৌদ্ধিক পটভূমি আৰু অন্যান্য’ শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে । চলিত বৰ্ষৰ মাৰ্চ মাহত প্ৰকাশিত ড° মহন্তৰ গ্ৰন্থখনত উল্লিখিত প্ৰশ্নবোৰৰ উপৰি অসমীয়া জাতিৰ কাণ্ডাৰী পুৰুষ শংকৰদেৱৰ সাংস্কৃতিক আন্দোলন, অসমৰ ৰেনেছাঁসুলভ ব্যক্তিত্ব জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কৃতি আৰু কৃতিত্বৰ সুন্দৰ বিশ্লেষণ আগবঢ়োৱা হৈছে । ড° মহন্তই দীৰ্ঘদিন ধৰি বড়ো জনগোষ্ঠীৰ কাণ্ডাৰীসকলক চিনাকি কৰি দিবলৈ চেষ্টা চলাই আহিছে । এই গ্ৰন্থখনো ইয়াৰ ব্যতিক্ৰম নহয় । বড়ো জনগোষ্ঠীৰ উত্তৰণত কালীচৰণ ব্ৰক্ষ্মৰ অৱদান সম্পৰ্কে ড° মহন্তই গ্ৰন্থখনৰ এটা প্ৰবন্ধত সবিস্তাৰে আলোচনা কৰিছে । গ্ৰন্থখনৰ আন এক উল্লেখযোগ্য সংযোজন হ’ল-অসমীয়া জাতিৰ উত্তৰণত আহোমসকলৰ অৱদান ।
ড° মহন্তৰ এই গ্ৰন্থখনে নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত অসমৰ বৌদ্ধিক জগতত নতুনত্ব আনি দিছে যদিও গ্ৰন্থখনে পুনৰাবৃতৰ পৰা মুক্ত হ’ব পৰা নাই । উদাহৰণস্বৰূপে-‘অসমীয়া মধ্যবিত্ত শ্ৰেণী’ শীৰ্ষক অধ্যায়টো । এই অধ্যায়টো লেখকৰ পূৰ্বে প্ৰকাশিত ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’ গ্ৰন্থখনৰ সংক্ষিপ্ত ৰূপ । কোৱা বাহুল্য যে উল্লিখিত গ্ৰন্থখন অধ্যয়ন কৰা পাঠকসকলক এই অধ্যায়টোৱে আমনি কৰাৰ সম্ভাৱনাই অধিক । অৱশ্যে, ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’ গ্ৰন্থখন অধ্যয়ন নকৰা পাঠকসকলে এই গ্ৰন্থখনৰ এই অধ্যায়টোৰ যোগেদি অসমীয়া সাহিত্য আৰু সমাজ জীৱনত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ অৰিহণা আৰু সীমাবদ্ধতা সম্পৰ্কে কিছু ধাৰণা কৰিব পাৰিব ।
[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১০ অক্টোবৰ ২০২০, পৃষ্ঠা: ৫]
No comments:
Post a Comment