Sunday, 15 November 2020

প্ৰসংগ: হিন্দু নে হিন্দুত্ববাদ

 

যোৱা ২৯ অক্টোবৰত প্ৰকাশিত উমেশ গোস্বামীৰ ‘হিন্দু নে হিন্দুত্ববাদ’ শীৰ্ষক লেখাটো পঢ়িলোঁ । ভাৰতবৰ্ষ তথা অসমৰ বৰ্তমানৰ প্ৰেক্ষাপটত গোস্বামীৰ লেখাটো সময়োপযোগী হৈছে ।  সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ শক্তিবোৰে সমাজখনক সংকীৰ্ণ আৰু কুলষিত কৰি তোলে । এচাম লোকে অতীতৰে পৰাই ভাৰতত উগ্ৰ ধৰ্মীয় পৰিৱেশ সৃষ্টি কৰি ইয়াক সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই আহিছে ।  উগ্ৰ ধৰ্মীয় পৰিৱেশ সৃষ্টি আৰু সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত শিক্ষিত তথা সাক্ষৰ আৰু অশিক্ষিত তথা নিৰক্ষৰ লোকৰ মাজত পাৰ্থক্য আছে । ব্যতিক্ৰমৰ বাহিৰে অশিক্ষিত তথা নিৰক্ষৰ লোকসকলে উগ্ৰ ধৰ্মীয় পৰিৱেশ সম্প্ৰসাৰণ কৰি সফল হ’ব নোৱাৰিলে বা ইয়াৰ কুফলসমূহ অনুধাৱন কৰিব পাৰিলে কম সময়ৰ ভিতৰতে তেনে মানসিকতা ত্যাগ কৰে । কিন্তু, শিক্ষিত তথা সাক্ষৰ লোকসকলে সেই কাৰ্যত অসফল হ’লেও বা ইয়াৰ কুফলসমূহ অনুধাৱন কৰিব পাৰিলেও ইগো সমস্যাৰ বাবেই হওক বা আন উদ্দেশ্যৰ বাবেই হওক অধিক সংগঠিত আৰু পৰিকল্পিতভাবে তেনে পৰিৱেশ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই থাকে । কোনোবা ৰাজনৈতিক দলে উগ্ৰ ধৰ্মীয় শক্তিবোৰৰ আদৰ্শক সংশ্লিষ্ট দলটোৰো এটা আদৰ্শ হিচাপে গ্ৰহণ কৰিলে সেই শক্তিবোৰ অধিক শক্তিশালী হয় । সময়ৰ লগে লগে সংশ্লিষ্ট ৰাজনৈতিক দল আৰু সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ ধৰ্মীয় শক্তিবোৰ পৰস্পৰ নিৰ্ভৰশীল হৈ পৰে । ফলস্বৰূপে, সংশ্লিষ্ট ৰাজনৈতিক দলৰ নেতা-পালিনেতা আৰু উগ্ৰ ধৰ্মীয় শক্তিবোৰৰ দপদপনি বৃদ্ধি পায় ।  যোৱা শতিকাৰ শেষৰ দশকৰপৰা ভাৰতত উগ্ৰ হিন্দুত্বৰ কাৰ্যকলাপ অধিক বৃদ্ধি পাইছে ।  দেশখনৰ আন প্ৰদেশৰ তুলনাত অসমত এই পৰিৱেশ নতুনকৈ প্ৰৱেশ কৰি দ্ৰুতগতিত ইয়াৰ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই থকাৰ বাবে ৰাজ্যখনৰ ধৰ্মীয় উদাৰ মানসিকতাৰ লোকৰ বাবে অসহ্যকৰ হৈ পৰিছে (অৱশ্যে, এই অসহ্যকৰ পৰিৱেশে ৰাজ্যখনৰ বাবে ইতিবাচক ইংগিত দিছে) । 

এনেকুৱা নহয় যে কেৱল হিন্দুসকলেহে উগ্ৰ ধৰ্মীয় পৰিৱেশ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই থাকে । আন সংগঠিত ধৰ্মৰো এচাম মানুহ থাকে যিসকলে নিজে অন্তৰ্ভুক্ত ধৰ্মটোৰ উগ্ৰ ধৰ্মীয় শক্তিবোৰক প্ৰত্যক্ষ বা পৰোক্ষভাবে শক্তিশালী কৰিবলৈ চেষ্টা চলাই থাকে । বৰ্তমানৰ প্ৰেক্ষাপটত আন সংগঠিত ধৰ্মৰ উগ্ৰ শক্তি আৰু উগ্ৰ হিন্দুসকলৰ মাজত মাত্ৰ এটা পাৰ্থক্য আছে । সেয়া হৈছে-উগ্ৰ হিন্দুসকলে তেওঁলোকৰ কাৰ্যপন্থা দ্ৰুতগতিত আগবঢ়াই নিবলৈ অধিক ৰাজনৈতিক পৰিৱেশ লাভ কৰিছে, কিন্তু আন সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ শক্তিবোৰে সেই পৰিৱেশ কমকৈ লাভ কৰিছে ।   

ৰাজনৈতিক দল আৰু সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ শক্তিবোৰে ধৰ্মৰ ক্ষেত্ৰত উদাৰ লোকসকলকো তেওঁলোকৰ ফলীয়া কৰিবলৈ অহৰহ চেষ্টা চলাই থাকে । বিশেষকৈ সামাজিক স্বীকৃতি (যেনে- আনৰ তুনলাত কম যোগ্য হ’লেও বঁটা বা পাৰিতোষিক দিয়া, কোনো অনুষ্ঠানৰ শীৰ্ষ পদবীত অধিষ্ঠিত কৰা), অৰ্থনৈতিক সুবিধা আদি প্ৰলোভনৰ দ্বাৰা ধৰ্মৰ ক্ষেত্ৰত উদাৰ লোকসকলৰ বহুতকে তেওঁলোকৰ ফলীয়া কৰিবলৈ সক্ষম হয় ।  বৰ্তমানৰ প্ৰেক্ষাপটত অসমৰ সমাজখনক উগ্ৰ হিন্দুসকলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত উমেশ গোস্বামীৰ দৰে লেখাবোৰে কিছু হ’লেও অৰিহণা যোগাব বুলি আমাৰ ধাৰণা । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৬ নৱেম্বৰ ২০২০]

No comments:

Post a Comment