Saturday, 3 December 2022

পৰিচয়, সংঘাত আৰু সমন্বয় (Identity, Conflict and Synergy)

    ব্যতিক্ৰমৰ বাহিৰে পৰিয়াল এটাৰ প্ৰতিজন সদস্যই নিজৰ এটা সুকীয়া পৰিচয় বিচাৰে । ৰাজ্য এখনৰ প্ৰতিটো জনগোষ্ঠীয়ে সুকীয় পৰিচয়েৰে আগবাঢ়ি যাবলৈ চেষ্টা চলাই থাকে । সেইদৰে, দেশ এখনৰ প্ৰতিটো ধৰ্মৰ লোকে তেওঁলোকে অন্তৰ্ভূক্ত হোৱা ধৰ্মটোৰ স্বকীয় পৰিচয় অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখে । এক কথাত, তুলনামূলকভাবে বৃহৎ গোট এটাত অন্তৰ্ভূক্ত হৈ থকা প্ৰতিটো গোটে নিজৰ সুকীয়া পৰিচয় বিচাৰে ।  প্ৰশ্ন হ’ল- কি কাৰণে ব্যক্তি, জনগোষ্ঠী বা ধৰ্মীয় গোটে নিজৰ সুকীয়া পৰিচয় বিচাৰে ?  ১৯৯৮ চনত ন’বেল বঁটা বিজয়ী অৰ্থনীতিবিদ তথা প্ৰখ্যাত চিন্তাবিদ অমৰ্ত্য সেনে এই সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে । তেওঁ কৈছে যে পৰিচয়বোধ মানুহৰ কেৱল গৌৰৱ আৰু আনন্দৰ উৎসই নহয়, ই শক্তি আৰু আত্মবিশ্বাসৰো উৎস হ’ব পাৰে  (“A sense of identity can be a source not merely of pride and joy, but also of strength and confidence) । 

সংখ্যাৰ ভিত্তিত এজন মানুহৰ পৰিচয় দুইধৰণৰ হ’ব পাৰে-একমাত্ৰ  পৰিচয় (Single identify) আৰু একাধিক পৰিচয় (Multiple identity) । মানুহ এজনৰ এটাতকৈ বেছি পৰিচয় থাকিলে তেওঁক একাধিক পৰিচয়সম্পন্ন ব্যক্তি বুলি কোৱা হয় ।  অৱশ্যে, এই কথা সত্য যে কোনো মানুহৰে মাত্ৰ এটা পৰিচয় নাথাকে ।  প্ৰতিজন মানুহৰে একেসময়তে বহুকেইটা পৰিচয় থাকে । কিন্তু, সময় আৰু পৰিস্থিতি সাপেক্ষে মানুহে নিজৰ একাধিক পৰিচয়ৰ কথা পাহৰি যায় আৰু মাত্ৰ এটা পৰিচয়ক অগ্ৰাধিকাৰ দিয়ে । 

একমাত্ৰ পৰিচয়ে সমাজত সংঘাতৰ সৃষ্টি কৰে । অমৰ্ত্য সেনৰ মতে, একমাত্ৰ পৰিচয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা মানসিকতাই দুই ধৰণৰ অৰ্থ বুজায় ।  প্ৰথম, আনৰ পৰিচয়ক কম শ্ৰদ্ধা বা অশ্ৰদ্ধা কৰা  (Identity disregard) । দ্বিতীয়, এটা সংগঠনৰ অন্তৰ্ভূক্ত হৈ (Singular affiliation) আন সংগঠনবোৰৰ প্ৰতি হীন মনোভাৱ পোষণ কৰা ।  উদাহৰণস্বৰূপে, কোনো এজন ব্যক্তি নিজৰ সকলো পৰিচয় বাদ দি কেৱল নিজে অন্তৰ্ভূক্ত হোৱা (জন্মসূত্ৰে বা সামাজিকভাবে) জনগোষ্ঠী বা ধৰ্মটোক অগ্ৰাধিকাৰ দি থাকিলে, সংশ্লিষ্ট মানুহজনে আন জনগোষ্ঠী বা ধৰ্মৰ মানুহক লাহে লাহে কম শ্ৰদ্ধা বা অশ্ৰদ্ধা কৰিবলৈ ধৰে । একেসময়তে তেওঁ কেৱল নিজে অন্তৰ্ভূক্ত হোৱা জনগোষ্ঠী বা ধৰ্মৰ সৈতে সম্পৰ্ক থকা সদৃশ সংগঠনবোৰৰ সৈতে জড়িত হৈ  আন জনগোষ্ঠী বা ধৰ্ম আৰু সংগঠনৰ প্ৰতি কম সহনশীল বা অসহনশীল হৈ পৰে । ব্যাখ্যাৰ প্ৰয়োজন নাই যে এনেধৰণৰ পৰিস্থিতিয়ে জনগোষ্ঠী বা ধৰ্মৰ ভিত্তিত সংঘাত সৃষ্টি কৰে । যাৰ ফলত কেতিয়াবা ভয়ানক গোষ্ঠী সংঘৰ্ষৰো সৃষ্টি হয় ।  উদাহৰণ বিচাৰি ইমানদূৰ যাবই নালাগে । ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ৰে পৰাই অসমত ভাষা আৰু জনগোষ্ঠীভিত্তিক পৰিচয়ৰ সংঘাত সৃষ্টি হৈ আহিছে । ভাষাৰ ক্ষেত্ৰত বাংলাভাষী আৰু অসমীয়াভাষীৰ মাজত চলি থকা সংঘাত উল্লেখ কৰিব পাৰি । জনগোষ্ঠীৰ ভিত্তিত দেখা গৈছে যে একমাত্ৰ ভৌগোলিক পৰিচয়ক আগ্ৰাধিকাৰ দি পাহাৰ আৰু ভৈয়ামৰ মাজত সংঘাত সৃষ্টি হৈছে ।  জনগোষ্ঠীৰ ভিত্তিত একমাত্ৰ পৰিচয় তীব্ৰ হৈ মাজে সময়ে একে ভৌগোলিক অঞ্চলতে জনগোষ্ঠীবোৰৰ মাজত সংঘাতৰ সৃষ্টি হৈ আহিছে ।  আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সমন্বয়ত গঢ়ি উঠা অসমৰ ধৰ্মনিৰপেক্ষ সমাজখনত ৰাজ্যখনৰ মানুহৰ মাজত ধৰ্মৰ ভিত্তিত একমাত্ৰ পৰিচয়ৰ প্ৰসংগ তল পৰি আছিল । কিন্তু, যোৱা দুটা দশক ধৰি একাংশ ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক সংগঠনৰ প্ৰৰোচনাত পৰি ধৰ্মৰ ভিত্তিত গঢ়ি উঠা একমাত্ৰ পৰিচয়ে ৰাজ্যখনত অগ্ৰাধিকাৰ লাভ কৰিবলৈ ধৰিছে । ফলস্বৰূপে, ধৰ্মভিত্তিক একমাত্ৰ পৰিচয়ে ৰাজ্যখনত সংঘাত সৃষ্টিৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ ধৰিছে ।

আনৰ পৰিচয়ক সমালোচনা কৰা বা অশ্ৰদ্ধা কৰাৰ ক্ষেত্ৰত একমাত্ৰ পৰিচয়ক অগ্ৰাধিকাৰ দিয়া মানুহে যিমান ‘স্বাধীনতা’ লাভ কৰে, একাধিক পৰিচয়সম্পন্ন মানুহে সিমান ‘স্বাধীনতা’ লাভ নকৰে । উদাহৰণস্বৰূপে, বিহাৰ আৰু অসম-দুয়োখন ৰাজ্যৰ সংস্কৃতিৰ পৰিচয় গঢ়িবলৈ সক্ষম হোৱা ব্যক্তি এজনে দুয়োখন ৰাজ্যৰ সংস্কৃতিক সমালোচনা বা অশ্ৰদ্ধা কৰিবলৈ যিমান অসুবিধা অনুভৱ কৰিব, কেৱল বিহাৰৰ সংস্কৃতিৰ সৈতে পৰিচয় থকা ব্যক্তি এজনে অসমৰ সংস্কৃতিক সমালোচনা বা অশ্ৰদ্ধা কৰিবলৈ সিমান অসুবিধা অনুভৱ নকৰিব । সেইদৰে, কেৱল অসমৰ সংস্কৃতিৰ সৈতে পৰিচয় থকা ব্যক্তি এজনে বিহাৰৰ সংস্কৃতিক সমালোচনা বা অশ্ৰদ্ধা কৰিবলৈ সিমান অসুবিধা অনুভৱ নকৰিব, যিমান অসুবিধা দুয়োখন ৰাজ্যৰ সংস্কৃতিৰ সৈতে নিজৰ পৰিচয় গঢ়িবলৈ সুবিধা লাভ কৰা ব্যক্তিজনে অনুভৱ কৰিব । অসমীয়া আৰু বাংলা দুয়োটা ভাষাৰ ওপৰত দখল থকা ব্যক্তি এজনে (অসমীয়াই হওক বা বাঙালীয়েই হওক) ভাষা দুটাৰ ভিতৰত কোনো এটা ভাষাক অশ্ৰদ্ধা বা  অসন্মান কৰাৰ ক্ষেত্ৰত স্বাভাৱিকতে অসুবিধা অনুভৱ কৰিব । কিন্তু, কেৱল অসমীয়া ভাষাক অগ্ৰাধিকাৰ দি ভাষাভিত্তিক পৰিচয় দিবলৈ বিচৰা ব্যক্তি এজনে বাঙালী ভাষাৰ প্ৰতি বিৰূপ মনোভাৱ প্ৰকাশ কৰিবলৈ অসুবিধা অনুভৱ নকৰিব পাৰে । কেৱল বাংলা ভাষাক অগ্ৰাধিকাৰ দি ভাষাভিত্তিক পৰিচয় দিবলৈ বিচৰা ব্যক্তিৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত মানসিকতা প্ৰযোজ্য হ’ব পাৰে, যিজনে অসমীয়া ভাষাৰ প্ৰতি বিৰূপ মনোভাৱ প্ৰকাশ কৰিবলৈ অসুবিধা অনুভৱ নকৰিব পাৰে    

এনেকুৱা নহয় যে মানুহ এজনে তেওঁৰ আটাইবোৰ পৰিচয়ক অগ্ৰাধিকাৰ দিবলৈ ইচ্ছা বা চেষ্টা নকৰে ।  তেওঁৰ আটাইবোৰ পৰিচয়ক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত বিভিন্ন কাৰকে অন্তৰায় হিচাপে দেখা দিয়ে । প্ৰথম, একমাত্ৰ পৰিচয়ক অগ্ৰাধিকাৰ প্ৰদান কৰি সমাজত প্ৰভুত্ব বিস্তাৰ কৰি থকা লোকসকলে আনকো তেওঁলোকৰ ফলীয়া কৰিবলৈ চেষ্টা চলাই থাকে । কোনজন মানুহৰ কোন দিশত দুৰ্বলতা আছে, সেইবোৰ চিনাক্ত কৰি তেওঁলোকে সেই মানুহবোৰক সহায়ৰ হাত আগবঢ়ায় আৰু তাৰ বিনিময়ত দীৰ্ঘকালৰ বাবে তেওঁলোকক একমাত্ৰ পৰিচয়ৰ বান্ধোনত বান্ধ খাই থাকিবলৈ বাধ্য কৰে । উদাহৰণস্বৰূপে, যিসকল লোকে জনগোষ্ঠী এটাৰ পৰিয়চকে ৰাজনৈতিক বিচাৰ্য বিষয় (Issue) হিচাপে লৈ নিজক প্ৰতিষ্ঠা কৰিছে, তেওঁলোকে সংশ্লিষ্ট জনগোষ্ঠীটোৰ মাজত তেওঁলোকৰ প্ৰভুত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত জনগোষ্ঠীটোৰ আন লোকসকলকো জনগোষ্ঠীভিত্তিক একমাত্ৰ পৰিচয়ৰ ওপৰত আগ্ৰাধিকাৰ দিবলৈ উৎসাহ যোগাই থাকে । ধৰ্মৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য । দ্বিতীয়, বিশ্বজনীন কিছুমান কাৰকে অঞ্চলভিত্তিক বা ধৰ্মভিত্তিক একমাত্ৰ পৰিচয় শক্তিশালী কৰাত অন্তৰায় হিচাপে দেখা দিয়ে । সেই কাৰকবোৰৰ সৈতে মোকাবিলা কৰিব নোৱাৰি সংশ্লিষ্ট অঞ্চলৰ নেতৃস্থানীয় ব্যক্তি বা ধৰ্মগুৰুসকলে তেওঁলোকে অন্তৰ্ভূক্ত হোৱা অঞ্চল বা ধৰ্মটোৰ একমাত্ৰ পৰিচয়হে তেওঁলোকক ‘উদ্ধাৰ’ কৰিব পাৰিব বুলি  ধাৰণা কৰে ।  এনে ধাৰণাই বিশ্বজনীন কাৰকবোৰৰ সৈতে মোকাবিলা কৰিব পাৰক বা নোৱাৰক, ধাৰণাটোৱে যে একাধিক পৰিচয় গঢ়াত অন্তৰায় হিচাপে দেখা দিয়ে তাত কোনো সন্দেহ নাই । উদাহৰণস্বৰূপে, মুক্ত অৰ্থনৈতিক ব্যৱস্থাই ব্যক্তি স্বাধীনতা আৰু  একাধিক পৰিচয়ৰ ওপৰত গুৰুত্ব দিয়ে । ব্যক্তি স্বাধীনতাই ধৰ্মভিত্তিক বা ভাষাভিত্তিক একমাত্ৰ পৰিচয়ৰ ধাৰণাক ক্ৰমে দুৰ্বল কৰিবলৈ ধৰিছে ।  ভাষা বা ধৰ্মক একমাত্ৰ পৰিচয় হিচাপে গঢ়ি তোলা নেতৃস্থানীয় লোকসকলে মুক্ত অৰ্থনীতিৰ ‘হাতোৰা’ৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰি ভাষা বা ধৰ্মৰ ওপৰত অধিক আগ্ৰাধিকাৰ দিয়ে । তেওঁলোকে ধাৰণা কৰে যে নিজৰ ভাষা বা ধৰ্মটোক অগ্ৰাধিকাৰ দিলেহে মু্ক্ত  অৰ্থনীতিৰ ‘হাতোৰা’ৰ পৰা মুক্ত হ’ব পৰা যাব ।  তৃতীয়তে, ৰাজনৈতিক দলবোৰে একমাত্ৰ পৰিচয়ক ক্ষমতা দখলৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ  ধৰাৰ ফলতো একাধিক পৰিচয়ক অগ্ৰাধিকাৰ দিয়াত অন্তৰায় হিচাপে দেখা দিয়ে । অৰ্থনৈতিক আৰু আন সা-সুবিধা লাভৰ আশাত বহু লোকে একমাত্ৰ পৰিচয়ক গুৰুত্ব প্ৰদান কৰা ৰাজনৈতিক দল আৰু সংগঠনবোৰত অন্তৰ্ভূক্ত হ’লে তেওঁলোকৰ একাধিক পৰিচয়ক অগ্ৰাধিকাৰ দিয়াৰ বাট বন্ধ হৈ যায় । 

সামগ্ৰিক উন্নয়নৰ বাবে সমাজত সৃষ্টি হোৱা সংঘাতবোৰ হ্ৰাস কৰিব লাগিব । যিহেতু একমাত্ৰ পৰিচয়ে সংঘাত সৃষ্টিত অৰিহণা যোগায়, সেয়েহে প্ৰতিজন ব্যক্তিয়ে একাধিক পৰিচয় গঢ়িবলৈ চেষ্টা কৰা উচিত । মানুহৰ জৈৱিক বয়স বঢ়াৰ লগে লগে একাধিক পৰিচয় গঢ়াৰ সুযোগ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে (ব্যতিক্ৰমৰ বাহিৰে) । গতিকে, সৰুৰে পৰাই প্ৰতিজন ব্যক্তিয়ে একাধিক পৰিচয় গঢ়াত গুৰুত্ব প্ৰদান কৰিলে সমাজত ঘটি থকা সংঘাতবিলাক হ্ৰাস কৰিব পৰা যাব ।  আন কথাত, সমাজত সমন্বয়ৰ পৰিৱেশ সম্প্ৰসাৰিত হ’ব ।

 

প্ৰাসংগিক গ্ৰন্থ

Ahmad, Aijaz (2004): On Communalism and Globalization: Offensives of the Far Right, 2nd edition, (Three Essays).

Sen, Amartya (2006): Identity & Violence: The Illusion of Destiny, (Penguin Books).

Sen, Amartya (2006): The Argumentative Indian: Writings of Indian Culture, History and Identity, (Penguin Books). 


[ গোলাঘাট গ্ৰন্থমেলা, ১৮-২৭ অক্টোবৰ ২০২২ ৰ স্মৃতিগ্ৰন্থত প্ৰকাশিত ] 

No comments:

Post a Comment