Thursday, 26 March 2020

‘ৰঞ্জন গগৈ: সন্দেহবোৰ সঁচা নেকি’ সন্দৰ্ভত


     ২০ মাৰ্চৰ 'আমাৰ অসম'ৰ সম্পাদকীয়টো পঢ়ি দুষাৰ মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰা বিষয়টোক বহুতে সহজভাবে ল'ব পৰা নাই। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ আগৰ ৰঞ্জন গগৈ আৰু মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰা ৰঞ্জন গগৈৰ মাজত তাৎপৰ্যপূৰ্ণ পাৰ্থক্য পৰিলক্ষিত হৈছে। মুখ্য ন্যায়াধীশ হৈ থকাৰ সময়ত ৰঞ্জন গগৈয়ে এটা বিশেষ ৰাজনৈতিক আদৰ্শৰ ফালে ঢাল খোৱা যে লাগিছিল যদিও সেয়া স্পষ্টকৈ প্ৰকাশ কৰিব পৰা অৱস্থাত নাছিল। কিন্তু, অৱসৰ গ্ৰহণ ৰজাৰ চাৰিমাহ পিছতে ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ পাছত সেয়া স্পষ্ট হৈ পৰিল। 
      ১৯ মাৰ্চত ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ পাছত সেইদিনাই ইণ্ডিয়া টুডে নামৰ টিভি চেনেলত তেওঁ এটা সাক্ষাৎকাৰ দিছিল। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ কিয় সাংসদ হ’বলৈ ইচ্ছা প্ৰকাশ  কৰিলে বুলি সাংবাদিকে প্ৰশ্ন কৰাত,  ‘হ’ব নোৱাৰে বুলি কি কথা আছে’ বুলি শ্ৰীযুত গগৈয়ে উত্তৰ দিছে।  আমি ভাবোঁ, সুদীৰ্ঘকাল আইনৰ সৈতে জড়িত হৈ থকাৰ ফলতে তেওঁ আইনৰ সুৰতে  উত্তৰ দিছে।  উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এগৰাকীক সাধাৰণ নাগৰিকে যে কেৱল আইনৰ দৃষ্টিৰে নাচায় সেয়া শ্ৰীযুত গগৈয়ে অৱজ্ঞা কৰিছে।  আমি নাভাবোঁ যে এই সিদ্ধান্তটো লোৱাৰ সময়ত তেওঁ নৈতিকতাৰ বিষয়টো এবাৰো ভাবি চোৱা নাছিল। কাৰণ, সাংসদ হিচাপে শপত গ্ৰহণ কৰাৰ সময়ত বিৰোধী দলৰ পৰা নিৰ্বাচিত সাংসদসকলে যে তেওঁৰ এই সিদ্ধান্তটোক সহজভাবে গ্ৰহণ নকৰিব সেয়া তেওঁ আগতীয়াকৈ প্ৰস্তুত হৈ আছিল বুলি জনাইছে।
          ২০ মাৰ্চৰ পুৱা ৰিপাব্লিক নামৰ টিভি চেনেলটোত দিয়া সাক্ষাৎকাৰত শ্ৰীযুত গগৈয়ে এটা কথা বাৰে বাৰে কৈছে যে দেশ সেৱাৰ বাবে ৰাষ্ট্ৰপতিয়ে তেওঁক মনোনীত কৰা প্ৰস্তাৱটোক তেওঁ নাকচ কৰিব নোৱাৰে।  আমি ভাবোঁ,  তেওঁ যিটো পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছে, তাৰ তুলনাত সেই প্ৰস্তাৱটোক নাকচ কৰিব নোৱাৰাৰ কোনো কথাই নাছিল।  প্ৰস্তাৱটোক নাকচ কৰিলে তেওঁৰ সন্মান বৃদ্ধি পোৱাৰ সম্ভাৱনাহে বেছি আছিল।  প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পাছত সম্পাদকীয়টোত কোৱাৰ দৰে তেওঁ কলংকিতৰ শাৰীলৈহে অৱনমিত হ’ল ।


[প্ৰকাশিত, ‘আমাৰ অসম’, ২৬ মাৰ্চ ২০২০]

Sunday, 15 March 2020

জটিল ৰাজনৈতিক সন্ধিক্ষণত অসমৰ জনজাতীয় নেতৃত্বৰ স্থিতি (Stand Tribal Leaders in the Complex Political Situation)


    ভাৰতবৰ্ষৰ জনসাধাৰণে বিভিন্ন কাৰণত বিভিন্ন জটিল ৰাজনৈতিক সন্ধিক্ষণৰ অভিজ্ঞতা লাভ কৰি আহিছে দেশখনৰ উত্তৰ-পূৱ দিশত অৱস্থিত অসমৰ জনসাধাৰণে সৰ্বভাৰতীয় পৰ্যায়ৰ জটিল ৰাজনৈতিক সন্ধিক্ষণৰ উপৰি কিছুমান বিশেষ কাৰণত বিশেষ জটিল ৰাজনৈতিক সন্ধিক্ষণ পাৰ কৰি আহিছে।  কাৰণ যিয়েই নহওক, জটিল ৰাজনৈতিক সন্ধিক্ষণত দেশ, অঞ্চল বা ৰাজ্য এখনৰ প্ৰতিটো ৰাজনৈতিক দল, জাতীয় তথা জনগোষ্ঠীয় সংগঠনে সেই জটিল সন্ধিক্ষণৰ বিষয়বোৰত প্ৰত্যক্ষ বা পৰোক্ষভাবে জড়িত হৈ পৰে।  এই লেখাটোত ভাৰত তথা অসমত বিভিন্ন কাৰণত সৃষ্টি হোৱা জটিল ৰাজনৈতিক সন্ধিক্ষণত অসমৰ জনজাতীয় নেতৃত্বই কেনেধৰণৰ স্থিতি গ্ৰহণ কৰি আহিছে সেই বিষয়ে আলোচনা কৰা হৈছে।  
     এইখিনিতে এই লেখাটোত জনজাতি মানে কি আৰু জনজাতীয় নেতৃত্ব বুলিলে কাক বুজোৱা হৈছে সেয়া স্পষ্ট কৰি থোৱা ভাল হ’ব। জনজাতিৰ ধাৰণাটো বুজাবলৈ দুটা সময়ছোৱাৰ বাবে দুই ধৰণৰ সংজ্ঞা ঠিক কৰি লোৱা হৈছে।  এহাতে, প্ৰাক-স্বাধীনতাৰ সময়ত সেইবোৰ জনগোষ্ঠীক জনজাতি হিচাপে ধৰা হৈছে যিবোৰক ভাৰত তথা অসমৰ মূলসূঁতিৰ জনগোষ্ঠীবোৰে তেওঁলোকৰপৰা পৃথক বুলি ধাৰণা কৰিছিল আৰু একেসময়তে যিবোৰ জনগোষ্ঠীয়ে মূলসূঁতিৰ জনগোষ্ঠীবোৰৰপৰা নিজকে পৃথক জনগোষ্ঠী হিচাপে চিনাকি দিব বিচাৰিছিল।  আনহাতে, স্বাধীনত্তোৰ কালত ভাৰতীয় সংবিধানৰ ৩৪২ নম্বৰ অনুচ্ছেদ অনুসৰি যিবোৰ জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে সন্নিৱিষ্ট কৰা হৈছে তেওঁলোককে জনজাতি বুলি কোৱা হৈছে। জনজাতীয় নেতৃত্ব বোলোতে জনজাতীয় মূলৰ ব্যক্তিয়ে জনজাতিৰ নামত গঠিত ৰাজনৈতিক দল বা সংগঠনৰ (উগ্ৰপন্থী সংগঠন নহয়) নেতৃত্ব বহন কৰা লোকসকলক বুজোৱা হৈছে।  জনজাতীয় মূলৰ ব্যক্তি, অথচ ভাৰতৰ বা অসমৰ মূলসূঁতিৰ ৰাজনৈতিক দল বা সংগঠনৰ নেতৃত্ব বহন কৰিছে, তেওঁলোকক জনজাতীয় নেতৃত্বৰ শাৰীত ধৰা হোৱা নাই।
     আহোমসকল অহাৰ আগতে আজিৰ অসমৰ ভূখণ্ডত সৰু সৰু ৰাজ্য আছিল আৰু সেইবোৰ ৰাজ্যক জনজাতীয় মূলৰ ৰজাসকলে শাসন কৰি আছিল।  আহোমসকলে সেই সৰু সৰু ৰাজ্যৰ ৰজাবোৰক যুদ্ধত পৰাস্ত কৰি বা যুদ্ধৰ আগতে সন্ধি স্থাপন কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।  ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰি তাৰিখৰ  ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ব্ৰিটিছসকলে আহোম ৰাজ্য অধিকাৰ কৰি লোৱাৰ পাছত ১৮৫৭ চনত ব্ৰিটিছৰ বিৰূদ্ধে যি বিদ্ৰোহৰ সূত্ৰপাত হৈছিল সেই সময়ত জনজাতীয় মূলৰ লোকৰ  দ্বাৰা গঠিত কোনো প্ৰতিষ্ঠিত সংগঠন নাছিল।  গতিকে, ১৮৫৭ চনৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত অসমত জনজাতীয় নেতৃত্ব বুলিবলৈ কোনো জনজাতীয় নেতা নাছিল।  ব্ৰিটিছে অসমখন অধিকাৰ কৰাৰ পাছত চৰকাৰী চাকৰি তথা আন সা-সুবিধাবোৰ বাঙালীসকলৰ পিছতে অসমৰ উচ্চবৰ্ণৰ লোকসকলৰ মাজতে সীমাবদ্ধ আছিল।  যাৰ ফলত জনজাতীয় লোক আৰু উচ্চ বৰ্ণৰ দ্বাৰা পৰিচালিত অসমীয়া মধ্যশ্ৰেণীৰ লোকসকলৰ মাজত ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক ব্যৱধান বৃদ্ধি পাইছিল।  লাহে লাহে ব্ৰিটিছৰ অৰ্ধ-সামৰিক বাহিনীবোৰত জনজাতীয় মূলৰ লোকৰ যোগদান আৰম্ভ হ’বলৈ ধৰে আৰু তেওঁলোকৰ অনুন্নত অৱস্থাৰ প্ৰতি তেওঁলোক সজাগ হ’বলৈ ধৰে। তেওঁলোকে নিজে অন্তৰ্ভূক্ত হোৱা জনজাতিবোৰৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিংশ শতিকাৰ প্ৰথম দশকৰ পাছৰে পৰাই জনজাতীয় সংগঠনবোৰ গঠন কৰিবলৈ ধৰে।  সেইবোৰৰ ভিতৰত সদৌ অসম কছাৰী সন্মিলনী, বড়ো ছাত্ৰ সন্থা,  মিৰি সন্মিলনী, ৰাভা সন্মিলনী, লালুং সন্মিলনী আদি অন্যতম। সেই সময়ছোৱাৰ শেষৰ ফালে অসমৰ গোৱালপাৰা জিলাখন বংগদেশৰ সৈতে চামিল কৰি (‘গোৱালপাৰা জিলা জমিদাৰ এছ’চিয়েচনে’ দাবী জনাই আহিছিল) জিলাখনৰ বিদ্যালয়সমূহত বাংলা ভাষাৰ মাধ্যমত শিক্ষা প্ৰদান কৰাৰ এক জটিল সন্ধিক্ষণ আহি পৰিছিল।  অসমৰ সেই জটিল ৰাজনৈতিক সন্ধিক্ষণত ৰাজ্যখনৰ জনজাতীয় নেতৃত্বই সেই দাবীৰ তীব্ৰ বিৰোধিতা কৰিছিল।  ১৯১৬ চনত বড়ো জনজাতিৰ ধৰ্মীয় নেতা কালিচৰণ ব্ৰক্ষ্মই গোৱালপাৰা জিলাৰ বিদ্যালয়সমূহত বাংলা ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষা প্ৰৱৰ্তনৰ বাবে দাবী জনাই সেই সময়ৰ ছীফ কমিছনাৰৰ ওচৰত আবেদন জনাইছিল। সেই আবেদনখনৰ ভিত্তিতে তদন্তৰ অন্তত চৰকাৰে ১৯১৭ চনৰ পৰা জিলাখনৰ বিদ্যালয়সমূহত অসমীয়া ভাষা প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছিল
স্ব-শাসন লাভৰ উদ্দেশ্যে মহাত্মা গান্ধীয়ে ১৯২০ চনৰ ১ আগষ্ট তাৰিখে ঘোষণা কৰা ‘অসহযোগ আন্দোলন’ ভাৰতৰ বাবে এটা উল্লেখযোগ্য জটিল ৰাজনৈতিক সন্ধিক্ষণ আছিল।  ‘ভাৰত চৰকাৰ আইন, ১৯১৯’ৰ আধাৰত  জনজাতিসকলে পাবলগীয়া সীমিত ৰাজনৈতিক অধিকাৰৰ পৰাও বঞ্চিত হৈছিল। ইয়াৰ মূল বাধা ভাৰতীয় জাতীয় কংগ্ৰেছে আছিল বুলি অসমৰ জনজাতীয় নেতৃত্বই ভাবিছিল।  সেয়েহে ‘অসহযোগ আন্দোলন’ৰ দৰে গুৰুত্বপূৰ্ণ ৰাজনৈতিক সন্ধিক্ষণতো জনজাতীয় নেতৃত্বই আন্দোলনটোত যোগদান কৰা নাছিল। ভাৰতৰ শাসন ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে ছাৰ জন ছাইমনৰ নেতৃত্বত ১৯২৭ চনত  এখন আয়োগ গঠন কৰিছিল, যাক ছাইমন কমিছন হিচাপে জনা যায়।  সাতজনীয়া সদস্যৰে গঠিত আয়োগে ১৯২৮ চনৰ ১৪ ছেপ্টেম্বৰত ভাৰতত উপস্থিত হৈ দেশখনৰ বিভিন্ন প্ৰদেশলৈ  গৈ সাক্ষ্য গ্ৰহণ কৰিছিল। দেশৰ সেই জটিল ৰাজনৈতিক  সন্ধিক্ষণত ভাৰতীয় জাতীয় কংগ্ৰেছে ছাইমন কমিছনক বৰ্জন কৰিছিল। আনকি কমিছনে শ্বিলঙত উপস্থিত হোৱাৰ দিনটোত অসম প্ৰদেশ কংগ্ৰেছে হৰতাল পালন কৰিছিল।  অসমৰ জনজাতীয় নেতৃত্বই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সেই স্থিতিৰ বিপৰীতে গৈ ছাইমন  কমিছনক স্মাৰক পত্ৰ প্ৰদান কৰিছিল আৰু প্ৰয়োজনীয় সাক্ষ্যও দিছিল।  জনজাতীয় নেতৃত্বই অনুভৱ কৰিছিল যে অসমৰ জনজাতিসকলক ৰাজনৈতিক অধিকাৰ প্ৰদানৰ  ক্ষেত্ৰত ভাৰতীয় জাতীয় কংগ্ৰেছে একো কৰা নাছিল।  সেয়েহে ছাইমন কমিছনৰ যোগেদি তেওঁলোকে ব্ৰিটিছ চৰকাৰৰপৰা সুকীয়া ৰাজনৈতিক অধিকাৰ দাবী কৰিছিল
    প্ৰথম অৱস্থাত জনজাতীয় সংগঠনবিলাক জনজাতিৰ ভিত্তিত সুকীয়াকৈ গঢ়ি উঠিছিল আৰু নিজৰ নিজৰ জনজাতিৰ অভাৱ-অভিযোগ, সমাজ সংস্কাৰ, শিক্ষাৰ বিস্তাৰ আদি কামতে সেই সংগঠনবোৰ ব্যস্ত আছিল। সময়ৰ লগে লগে প্ৰতিটো  জনজাতীয় সংগঠনৰ এচাম শিক্ষিত লোকে অনুভৱ কৰিলে যে জনজাতীয় সংগঠনবিলাক একগোট হোৱাৰ সময় আহি পৰিছে। সেয়েহে ১৯৩৩ চনৰ ১৭ এপ্ৰিলত নগাঁওৰ ৰহাত জনজাতিবোৰৰ এক উমৈহতীয়া অভিৱৰ্তন বহে আৰু তাতে জনজাতিবোৰৰ উমৈহতীয়া সংগঠন ‘আছাম বেকৱাৰ্ড প্লেইনছ ট্ৰাইবেল লীগ’ (Assam Backward Tribal League, পিছলৈ ট্ৰাইবেল লীগ হিচাপে জনপ্ৰিয় হয় )  গঠন কৰা হৈছিল জনজাতিসকলৰ স্বাৰ্থ ৰক্ষা কৰাৰ লগতে ভাৰত আৰু অসমৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত এই সংগঠনটোৰ নেতৃত্বই দেশে স্বাধীনতা লাভ কৰা সময়লৈকে পৰিস্থিতি সাপেক্ষে গুৰুত্বপূৰ্ণ স্থিতি গ্ৰহণ কৰি আহিছিল।  এই সময়ছোৱাত প্ৰথমে দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰসংগ আহি পৰে।  ১৯৩৯ চনৰ ১ ছেপ্টেম্বৰত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল।  দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছ চৰকাৰক সহযোগ কৰা বা নকৰা সম্পৰ্কত ভাৰতীয় জাতীয় কংগ্ৰেছ দ্বিধাগ্ৰস্ত হৈ আছিল। কিন্তু, ১৯৩৯ চনৰ ৩ ছেপ্তেম্বৰত যেতিয়া গ্ৰেট ব্ৰিটৈইনে জাৰ্মানীৰ ওপৰত যুদ্ধ ঘোষণা কৰিলে তেতিয়া সকলো কমনৱেলথ সদস্যকো তাকে কৰিবলৈ আবেদন কৰা হৈছিল।  যুদ্ধ ঘোষণা সম্পৰ্কত ভাৰতৰ ভাইচৰয়ে কেন্দ্ৰীয় সংসদৰ সৈতে আনুষ্ঠানিক আলোচনা কৰা নাছিল। ভাৰতক অসৌজন্যমূলকভাবে যুদ্ধলৈ টানি অনাত কংগ্ৰেছ ক্ষুব্ধ হৈ পৰিছিল  সেয়েহে কংগ্ৰেছে ‘ভাৰত চৰকাৰ আইন, ১৯৩৫’ ৰ আধাৰত লাভ কৰা প্ৰাদেশিক শাসনৰ সুযোগ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।অৰ্থাত, দ্বিতীয় বিশ্বযুদ্ধত ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছ চৰকাৰক সহযোগ নকৰাৰ সিদ্ধান্ত লৈছিল।   এই পৰিপ্ৰেক্ষিতত অসমত গোপীনাথ বৰদলৈৰ প্ৰথমখন চৰকাৰৰ (চৰকাৰখন ২০ ছেপ্টেম্বৰ ১৯৩৮ চনত গঠন কৰা হৈছিল) আটাইকেইজন সদস্যই ১৯৩৯ চনৰ ১৭ নৱেম্বৰত পদত্যাগ কৰিছিল আৰু পিছদিনাই (অৰ্থাত ১৮ নৱেম্বৰত) মুছলিম লীগৰ নেতা ছৈয়দ সাদ্উল্লাই চৰকাৰ গঠন কৰিছিল চৰকাৰ গঠন কৰিয়েই ছৈয়দ সাদ্উল্লাই ট্ৰাইবেল লীগৰ ওচৰ চাপিছিল (১৯৩৮ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে চৰকাৰ গঠন কৰাৰ সময়ত ছৈয়দ সাদ্উল্লাই প্ৰথমবাৰ ট্ৰাইবেল লীগৰ ওচৰ চাপিছিল আৰু লীগে সাদ্উল্লাক সমৰ্থন জনাইছিল)।  ছৈয়দ সাদ্উল্লা আৰু ট্ৰাইবেল লীগৰ মাজত হোৱা বুজাবুজি চুক্তিৰ ভিত্তিত লীগে ছৈয়দ সাদ্উল্লাক সমৰ্থন জনাইছিল  ট্ৰাইবেল লীগৰ  যুক্তি আছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছে বিশ্বযুদ্ধত সহযোগ কৰা বা নকৰাৰ প্ৰসংগই ব্ৰিটিছ চৰকাৰক কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। কিন্তু, ছৈয়দ সাদ্উল্লাৰ চৰকাৰত যোগ দি ট্ৰাইবেল লীগে ব্ৰিটিছক সহযোগ কৰিলে লীগে কিছু হ’লেও চৰকাৰৰপৰা ৰাজনৈতিক সুবিধা আদায় কৰিব পাৰিব। আচলতে, সেই সময়ত ট্ৰাইবেল লীগৰ এটা নীতিয়ে আছিল যে যিখন চৰকাৰে জনজাতিসকলৰ শিক্ষা আৰু আৰ্থিক অৱস্থাৰ উন্নতিৰ কাৰণে কাম কৰে আৰু ট্ৰাইবেল লীগৰ স্বাৰ্থৰ বিৰূদ্ধে নাযায় সেইখন চৰকাৰকে সমৰ্থন কৰিব।  ট্ৰাইবেল লীগৰ মতে, অতি দূৰৰ এটা আদৰ্শ আগত লৈ চলি থকা চৰকাৰৰ বিৰূদ্ধে আন্দোলন কৰি তেওঁলোকে তেওঁলোকৰ পিছপৰি থকা অৱস্থা দূৰ কৰিবৰ বাবে চলিত চৰকাৰে প্ৰদান কৰা সুবিধাবিলাক হেৰুৱাই আগৰ দৰে পিছপৰি থাকিব নিবিচাৰে।  সেই একে নীতিৰ আধাৰতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ উদ্যোগত ১৯৪২ চনৰ ৪ আগষ্টত ঘোষণা কৰা ‘ভাৰত ত্যাগ আন্দোলন’তো ট্ৰাইবেল লীগে  যোগদান কৰা নাছিল আৰু আনফালে আন্দোলনটোৰ বিৰোধিতাও কৰা নাছিল
পূৰ্ববংগৰপৰা অসমলৈ  ঘটা প্ৰব্ৰজন অসমৰ কাৰণে এটা জটিল ৰাজনৈতিক সন্ধিক্ষণ আছিল (প্ৰব্ৰজনৰ সমস্যা আজিও আছে, কিন্তু সমস্যাটোৰ ৰূপৰ পৰিবৰ্তন হৈছে)।  মুছলিম লীগৰ এটা পৰিকল্পনা আছিল যে পূৰ্ববংগৰপৰা অসমলৈ মুছলমান সম্প্ৰদায়ৰ লোক বেছিকৈ আনিব পাৰিলে অসমখনকো মুছলমান প্ৰধান প্ৰদেশ হিচাপে গঢ়ি তুলিব পৰা যাব  আৰু সংগঠনটোৱে দাবী কৰি অহা পৃথক মুছলমান ৰাষ্ট্ৰখনত অসমক সামৰি ল’ব পৰা যাব।  মুছলিম লীগৰ নেতা মৌলানা হামিদ ভাছানীয়েতো অসমত ১৯২০ চনৰপৰা প্ৰচলিত ‘লাইন প্ৰথা’ৰ বিলুপ্তিকৰণৰ বাবে সঘনাই দাবী কৰি আহিছিল।  এই প্ৰথাৰ জৰিয়তে চৰকাৰে জনজাতীয় লোকসকলৰ বাবে ভূমি সংৰক্ষণ কৰা পদ্ধতিটোৰ তেওঁ ঘোৰ বিৰোধী আছিল১০   ট্ৰাইবেল লীগৰ সৈতে লগলাগি চৰকাৰ গঠন কৰাৰ বাবে ছৈয়দ সাদ্উল্লাই মুছলিম লীগৰ পৰিকল্পনাত  প্ৰত্যক্ষভাবে সহযোগ কৰিব পৰা নাছিল। সেয়েহে তেওঁ চৰকাৰী সিদ্ধান্ত গ্ৰহণেৰে মুছলিম লীগৰ পৰিকল্পনাত সহযোগ কৰিবলৈ চেষ্টা কৰিছিল।  উদাহৰণস্বৰূপে,  ‘অধিক শস্য উৎপাদন’ (Grow more food) শ্ল’গানেৰে তেওঁ পূৰ্ববংগৰপৰা প্ৰব্ৰজন কৰা লোকসকলক সুৰক্ষা দিয়াৰ  বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল১১ ‘অধিক শস্য উৎপাদন’ শ্ল’গানৰ ভিত্তি গ্ৰহণ কৰা  সিদ্ধান্ত অনুসৰি, অসমত শস্যৰ উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যখনলৈ প্ৰব্ৰজন ঘটা মুছলমান সম্প্ৰদায়ৰ লোকসকলক সংস্থাপনৰ বাবে যোগ্য সকলো ভূমিতে প্ৰত্যক্ষভাবে সংস্থাপন দিয়া হ’ব। এই জটিল ৰাজনৈতিক সন্ধিক্ষণত ট্ৰাইবেল লীগে সাদ্উল্লাৰ প্ৰতি বিষোদগাৰ হৈ পৰিছিল।  ১৯৪৪ চনৰ ২০ এপ্ৰিলত মংগলদৈত অনুষ্ঠিত হোৱা ট্ৰাইবেল লীগৰ অধিৱেশনত অসম উপত্যকাত বহিৰাগতৰ প্ৰব্ৰজন বন্ধ কৰাৰ লগতে খিলঞ্জীয়াক সুৰক্ষিত কৰিবৰ বাবে বহিৰাগতক উচ্ছেদ কৰিবলৈ মঞ্চৰ পৰাই লীগৰ নেতাসকলে দাবী উত্থাপন কৰিছিল।  কেৱল ট্ৰাইবেল লীগৰ নেতৃত্বইহে যে প্ৰব্ৰজনৰ সমস্যাটোৰ ওপৰত ছৈয়দ সাদ্উল্লাৰ প্ৰতি বিষোদগাৰ হৈ পৰিছিল তেনে নহয় ।  ১৯৪৫ চনৰ ৪ আৰু ৫ মে’ত শিৱসাগৰৰ দিহিংমুখত ট্ৰাইবেল লীগৰ ভাতৃ সংগঠন ‘কছাৰী সন্মীলনী’ৰ ত্ৰয়োদশ অধিৱেশন বহিছিল, য’ত সংগঠনটোৰ নেতৃত্বই ছৈয়দ সাদ্উল্লাৰ প্ৰতি যে কোনো সহানুভূতি নাই সেয়া প্ৰকাশ কৰিছিল১২  
ব্ৰিটিছ চৰকাৰে ভাৰতীয় নেতৃত্বক শাসনভাৰ অৰ্পণ কৰাৰ উদ্দেশ্যে কেবিনেট মিছনে যিবোৰ প্ৰস্তাৱ লৈ আহিছিল, সেয়া অসমৰ বাবে এক জটিল ৰাজনৈতিক সন্ধিক্ষণ আছিল।  কেবিনেট মিছনৰ মূল প্ৰস্তাৱসমূহৰ ভিতৰত এটা প্ৰস্তাৱ আছিল যে ভাৰতৰ প্ৰদেশসমূক A, B আৰু  C তিনিটা শাখাত ভাগ কৰা হ’ব।  C শাখাত বংগ আৰু অসমক সামৰি লোৱা হৈছিল।  মুছলিম লীগে এই প্ৰস্তাৱক সমৰ্থন দিছিল আৰু C শাখাৰ প্ৰদেশসমূক লৈ এখন মুছলমান প্ৰধান ৰাষ্ট্ৰ গঠনৰ পোষকতা কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশৰ হৈ গোপীনাথ বৰদলৈয়ে অসমক  C শাখাত অন্তৰ্ভূক্ত কৰা প্ৰস্তাৱটোৰ তীব্ৰ বিৰোধিতা কৰিছিল।  আনহাতে ছৈয়দ সাদ্উল্লাই জনজাতীয় অঞ্চলক বাদ দি অসম এখন মুছলমান প্ৰধান প্ৰদেশ বুলি মিছনক জনাইছিল১৩ অসমক C শাখাত অন্তৰ্ভূক্ত কৰা প্ৰস্তাৱক লৈ ইতিমধ্যে আন্দোলন আৰম্ভ হৈছিল।  সেই সময়ত কংগ্ৰেছৰ সৈতে ট্ৰাইবেল লীগৰ ৰাজনৈতিক সম্পৰ্ক ভাল নাছিল যদিও ট্ৰাইবলে লীগে সৰ্বশক্তিৰে আন্দোলনত যোগদান কৰিছিল।  সেই আন্দোলনৰ বাবে ট্ৰাইবেল লীগৰ নেতৃত্বই দীৰ্ঘদিন ধৰি দাবী কৰি অহা সুকীয়া নিৰ্বাচকমণ্ডলীৰ (Separate Electorate) দৰে মৌলিক বিষয়টোকো পৰিত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল১৪ স্বাধীনতাৰ পাছত ট্ৰাইবেল লীগৰ মূল নেতাসকল মূলসূঁতিৰ ৰাজনীতিৰ সৈতে একাকাৰ হোৱাৰ পাছত সংগঠনটোক অৰাজনৈতিক সংগঠনলৈ ৰূপান্তৰ কৰাৰ লাগে লগে ভাৰত বা অসমৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত ট্ৰাইবেল লীগৰ নেতৃত্বৰ স্থিতিৰো যতি পৰে।
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ কিছু বছৰৰ পাছত দেশখনত ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল।  অসমীয়া ভাষাৰ ভিত্তিত অসম ৰাজ্যখন গঠন হৈছে বুলি পতিয়ন নিয়াবলৈ অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰয়োগ কৰিবলৈ অসমীয়া জাতীয়তাবাদী শিবিৰে আন্দোলন কৰিছিল। এইটো আছিল অসমৰ বাবে আন এক জটিল ৰাজনৈতিক সন্ধিক্ষণ। আন্দোলনটোৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই অসমত অসমীয়া ভাষাক বাধ্যতামূলকভাবে প্ৰয়োগ কৰিবৰ বাবে অসম চৰকাৰে ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’ নামৰ বিল এখন প্ৰস্তুত কৰিছিল। চৰকাৰী ভাষা সম্পৰ্কে অসম কংগ্ৰেছ সমিটিয়ে আগবঢ়োৱা প্ৰস্তাৱটোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ ১৯৬০ চনৰ ২৮ এপ্ৰিলত অসমৰ পাহাৰীয়া জিলাৰ নেতাসকল মেঘালয়ৰ তুৰাত মিলিত হৈছিল, ইয়াক All Parties Hill Leaders Conference (APHLC) হিচাপে জনা যায়।  APHLCএ কংগ্ৰেছৰ সেই সিদ্ধান্তৰ বিৰূদ্ধে প্ৰতিবাদ জনাইছিল১৫। মিকিৰ পাহাৰ স্বায়ত্বশাসিত জিলাৰ জনজাতীয় নেতৃত্বৰ বাহিৰে অসমৰ আটাইবোৰ স্বায়ত্বশাসিত জিলাৰ জনজাতীয় নেতৃত্বই বিলখনৰ ঘোৰ বিৰোধিতা কৰিছিল১৬। যিহেতু ভৈয়ামৰ জনজাতীয় নেতাসকল ইতিমধ্যে অসমৰ মূলসূঁতিৰ ৰাজনীতিৰ সৈতে চামিল হৈছিল, সেয়েহে সেই জটিল ৰাজনৈতিক সন্ধিক্ষণত তেওঁলোকৰ স্থিতিৰ প্ৰাসংগিকতা নাছিল।  জনাই থোৱা ভাল হ’ব যে কাছাৰৰ বাঙলী আৰু পাহাৰৰ জনজাতীয় নেতৃত্বৰ আপত্তি সত্বেও ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’ বিলখনে ১৯৬০ চনৰ ১৭ ডিছেম্বৰ তাৰিখে ৰাজ্যপালৰ অনুমোদন পাইছিল১৭
     ১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈ চলা ‘বহিৰাগত খেদা (নে বিদেশী খেদা?) আন্দোলন’ অসমৰ বাবে আন এক জটিল ৰাজনৈতিক সন্ধিক্ষণ আছিল, যাক আজি ছবছৰীয়া ‘অসম আন্দোলন’ হিচাপে জনা যায়।  ‘অসম আন্দোলন’ আৰম্ভ হোৱাৰ আগৰে পৰাই অসমৰ জনজাতীয় নেতৃত্বই অসমলৈ অবৈধ অনুপ্ৰৱেশৰ সমস্যাটোৰ বিৰূদ্ধে স্থিতি গ্ৰহণ কৰি আহিছিল। অসমলৈ অবৈধ অনু্প্ৰৱেশ ঘটা সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি দেশৰ আইনৰ মাধ্যমত সমস্যাটোৰ আশু আৰু কাৰ্যকৰী সমাধান কৰিব লাগে বুলি Plain Tribals Council of Assam ( চমুকৈ, PTCA) য়ে দাবী কৰিছিল  কেৱলে সিমানেই নহয়, ভাৱিষ্যতে যাতে ৰাজ্যখনলৈ অবৈধ অনুপ্ৰৱেশ ঘটিব নোৱাৰে তাৰ বাবে ভাৰতৰ সংবিধানৰ আধাৰত বিশেষ মৰ্যাদা দিব লাগে বুলি PTCAয়ে দাবী কৰিছিল অৱশ্যে, তেওঁলোকে আন্দোলনটোত নৈতিক সমৰ্থনহে দিছিল। সক্ৰিয়ভাবে অংশগ্ৰহণ কৰা নাছিল।  ইয়াৰ কাৰণ হ’ল, ১৯৬৭ চনৰপৰা অসমৰ মূলসূঁতিৰ নেতৃত্ব আৰু জনজাতীয় নেতৃত্বৰ মাজত ৰাজনৈতিক বিষয়ত বৃহৎ পাৰ্থক্য গঢ়ি উঠিছিল।  দুটা উদাহৰণ দিয়া যাওক।  ১৯৬৭ চনৰ ১৩ জানুৱাৰি তাৰিখে অসমৰ জনজাতিসকলৰ  ৰাজনৈতিক সুৰক্ষাৰ উদ্দেশ্যে  সেই সময়ৰ ভাৰতৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ঘোষণা কৰা Federal Plan ৰ বিৰূদ্ধে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাকে ধৰি অসমৰ মূলসূঁতিৰ নেতৃত্বই আন্দোলন কৰিছিল। যাৰ ফলত চৰকাৰে Federal Plan বাতিল কৰিবলৈ বাধ্য হৈছিল১৮। জনজাতিসকলৰ সামগ্ৰিক সুৰক্ষাৰ বাবে অসমত ‘জনজাতি অনুসূচিত এলেকা’ সৃষ্টি কৰা Delimitation of Constituency Act, 1962 অনুযায়ী সমষ্টিবোৰ পুনৰ গঠন কৰাৰ দাবীত ১৯৬৭ আৰু ১৯৬৮ চনৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন বৰ্জনৰ বাবে ১৯৬৮ চনৰ ২২ মে’ত PTCA য়ে শান্তিপূৰ্ণ আন্দোলন কৰিছিল।  কিন্তু, ১৪৪ ধাৰা ভংগৰ অপৰাধত আৰক্ষীয়ে আন্দোলনকাৰীৰ ওপৰত গুলীচালনা কৰিছিল। যাৰ ফলত কেইবাগৰাকী আন্দোলনকাৰী আহত হৈছিল১৯  ইমান ডাঙৰ ঘটনা এটা ঘটি যোৱাৰ পাছতো অসমৰ মূলসূঁতিৰ দল বা সংগঠনৰ নেতৃত্বই প্ৰশাসনৰ বিৰূদ্ধে মাত মতা নাছিল।  অসমৰ জনজাতীয় নেতৃত্বই পুনৰ এবাৰ বুজি উঠিছিল যে অসমৰ মূলসূঁতিৰ দল বা সংগঠনৰ নেতৃত্বই জনজাতিসকলৰ মৰ্মবেদনা বুজিবলৈ অলপো চেষ্টা নকৰে।  সেয়েহে, ৰাজনৈতিক ক্ষেত্ৰত স্ব-নিয়ন্ত্ৰণৰ উদ্দেশ্যে অসমৰ জনজাতীয় নেতৃত্বই ১৯৭২ চনৰ ২ ডিছেম্বৰত সংবাদমেল পাতি ‘উদয়াচল’ নামেৰে এখন কেন্দ্ৰীয়শাসিত ৰাজ্য গঠনৰ দাবী উত্থাপন কৰিছিল।  
ভাৰতী জনতা দল নেতৃত্বৰ চৰকাৰে ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬’খন সংসদত উত্থাপন কৰা- সমগ্ৰ ভাৰতৰ লগতে অসমৰ ৰাজনৈতিক ইতিহাসত আন এক অতি জটিল ৰাজনৈতিক সন্ধিক্ষণ হিচাপে চিহ্নিত হৈছে। ভাৰতীয় জনতা দল আৰু দলটোৰ সৈতে একে আদৰ্শত বিশ্বাসী সংগঠনৰ  বাহিৰে অসমৰ আটাইবোৰ দল আৰু সংগঠনে বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে।  মনকৰিবলগীয়া যে অসমৰ ৰাজনীতিত যোৱা দুটা দশক ধৰি অসমৰ জনজাতীয় নেতৃত্বই দুই ধৰণে জড়িত হৈ আছে- (১) অঞ্চল এটাত সংখ্যাগৰিষ্ঠ থকা এটা নিৰ্দিষ্ট জনজাতিৰ নামেৰে দলীয় ৰাজনীতিত যোগদান কৰি, আৰু (২) নিজ নিজ জনজাতীয় সংগঠনৰ নেতৃত্বৰে প্ৰভাৱ গোষ্ঠী হিচাপে।  নিজ জনজাতি সম্পৰ্কীয় আভ্যন্তৰীণ বিষয়বোৰত দুয়োপ্ৰকাৰ ৰাজনৈতিক শক্তিৰ মাজত কিছু মতানৈক্য থাকে। কিন্তু, ভাৰত বা অসমৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত দুয়োপ্ৰকাৰ জনজাতীয় ৰাজনৈতিক শক্তিৰ মাজত পাৰ্থক্য নাথাকে।  জনজাতিৰ নামেৰে  দলীয় ৰাজনীতিত সোমাই পৰা জনজাতীয় নেতৃত্ব বৰ্তমানৰ মিত্ৰজোঁট চৰকাৰখনৰ একো একোটা অংশ হৈ আছে।  কিছুমানে নিজ জনজাতিৰ নামত প্ৰাৰ্থী থিয় কৰাইছে যদিও ৰাষ্ট্ৰীয় দলটোৰে প্ৰতীক ব্যৱহাৰ কৰি বিধান সভালৈ নিৰ্বাচিত হৈছে।  প্ৰথমবাৰ  বিধেয়কখন (গৃহ মন্ত্ৰী ৰাজনাথ সিঙে) লোকসভাত গৃহীত কৰাই ৰাজ্যসভাত উত্থাপন কৰিবলৈ সাজু কৰাৰ সময়ত ‘বড়োলেণ্ড পিপুলছ ফ্ৰ’ন্ট’ৰ হৈ অসমৰপৰা নিৰ্বাচিত সাংসদ বিশ্বজিত দৈমাৰীয়ে তীব্ৰ বিৰোধিতা কৰিছিল।  কিন্তু, ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত অঞ্চলসমূহত প্ৰস্তাৱিত আইনখন প্ৰয়োগ কৰা নহ’ব বুলি আইনখনৰ ২০১৯ চনৰ সংস্কৰণত  স্পষ্টিকৰণ পোৱাৰ পিছত (নতুন গৃহ মন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰা) ‘বড়োলেণ্ড পিপুলছ ফ্ৰ’ন্ট’ৰ সাংসদজনে  বিধেয়কখনৰ বিৰূদ্ধে মাত মতা দেখা নগ’ল  (যিখন এতিয়া আইনত পৰিণত হৈছে)। বড়ো জনজাতিৰ প্ৰভাৱগোষ্ঠী হিচাপে থকা ৰাজনৈতিক শক্তিবোৰে বিধেয়কখনৰ বিৰোধিতা কৰা আন্দোলনটোত নৈতিক সমৰ্থন দিয়া বুলি জনাইছে।  অৱশ্যে, ৰাজপথত নামি সক্ৰিয় আন্দোলনত যোগদান কৰাৰ পৰা বিৰত আছে২০। ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত নোহোৱা নামনি অসমৰ আন জনজাতীয় নেতাসকলেও একে নীতিকে মানি চলিছে।  এই জটিল ৰাজনৈতিক সন্ধিক্ষণত অসমৰ জনজাতীয় নেতৃত্বই আইনখনৰ বিৰূদ্ধে সক্ৰিয়ভাবে আন্দোলনত যোগদান নকৰাৰ কাৰণবোৰ এনেধৰণৰ- (১) পূৰ্বতে মূলসূঁতিৰ অসমীয়াৰ নেতৃত্বত চলা আন্দোলনবোৰত  জনজাতীয় নেতৃত্বই যোগদান কৰাৰ পাছতো জনজাতিসকলৰ বিৰূদ্ধে সেই নেতাসকলে যি পদক্ষেপ গ্ৰহণ কৰিছিল, বৰ্তমানৰ আন্দোলনকাৰী নেতাসকলে তেনে নকৰিব বুলি জনজাতীয় নেতৃত্বই বিশ্বাসত ল’ব পৰা নাই, (২) জনজাতীয় ৰাজনৈতিক শক্তিবোৰে ভাৰতীয় জনতা দলৰ সৈতে লগলাগি গঠন কৰা মিত্ৰজোঁটৰ চৰকাৰখনে তেওঁলোকক এতিয়ালৈকে যিখিনি ৰাজনেতিক আৰু অৰ্থনৈতিক সা-সুবিধা প্ৰদান কৰিছে আৰু ভৱিষ্যতে প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে, সেইখন চৰকাৰৰ বিৰূদ্ধে আন্দোলন কৰি তেওঁলোকে চৰকাৰখনৰ প্ৰতি অকৃতজ্ঞ হ’ব বিচৰা নাই আৰু ভৱিষ্যতে যিখিনি পাম বুলি আশা কৰিছে সেইখিনিক হেৰুৱাব বিচৰা নাই, (৩) দীঘলীয়া সংগ্ৰামৰ পাছত ৰাজনৈতিক দিশত যোৱা কেইবছৰমানৰ পৰাহে অসমৰ জনজাতিপ্ৰধান অঞ্চলবোৰত সুস্থিৰতা  আহি পৰিছে।  সেয়েহে,  চলিত চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদ কৰি জনজাতীয় নেতৃত্বই সেই সুস্থিৰতাৰ ওপৰত আঘাত কৰিব বিচৰা নাই, (৪) দীঘলীয়া অভিজ্ঞতাৰপৰা জনজাতীয় নেতৃত্বই শিকিছে যে চৰকাৰ বিৰোধী আন্দোলনবিলাক কৰাৰ সময়ত মূলসূঁতিৰ অসমীয়া আন্দোলনকাৰী নেতৃত্বই অসমৰ জনজাতীয় নেতৃত্বক সমান বুলি নাভাবি সদায় ‘সৰু ভাই’ৰ দৰে চিনাকি দিব বিচাৰে, যিটো তেওঁলোকে ভাল নাপায়, (৫) অসমৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত, বিশেষকৈ ‘বিদেশী খেদা’ বিষয়টোক লৈ ইতিমধ্যে যিবোৰ সংগঠনে আন্দোলন কৰিছিল, সেইবোৰ সংগঠনৰ বেছিভাগ নেতাই পিছৰ পৰ্যায়ত দলীয় ৰাজনীতিত যোগদান কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দি আহিছে।  কিন্তু, তেওঁলোকে সেই সমস্যাটোৰ স্থায়ী সমাধানৰ পৰিৱৰ্তে সমস্যাটোক জটিলৰ পৰা জটিলতৰ কৰাহে দেখা গৈছে।  এইবাৰৰ আন্দোলনকাৰীসকলো  যে একে নাৱৰে যাত্ৰী নহ’ব, সেয়া জনজাতীয় নেতৃত্বই বিশ্বাসত ল’ব পৰা নাই , (৬) শেষত, জনজাতীয় নেতৃত্বই লক্ষ্য কৰিছে যে আইনখন বিৰোধিতা কৰাৰ সময়ত কেৱল অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি ৰক্ষাৰ  ওপৰতহে গুৰুত্ব দিছে,  জনজাতীয় লোকসকলৰ ভাষা, সাহিত্য আৰু সংস্কৃতি ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই২১। ভাৰত তথা অসমৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত অসমৰ জনজাতীয় নেতৃত্বই কেতিয়াবা মূলসূঁতিৰ নেতৃত্বৰ বিৰূদ্ধে, কেতিয়াবা সপক্ষে আৰু কেতিয়াবা নিৰপেক্ষ স্থিতি গ্ৰহণ কৰি আহিছে।  যিহেতু জনজাতীয় ৰাজনৈতিক সংগঠন বা দলবিলাক জনজাতিসকলৰ নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে গঠন কৰা হৈছে, সেয়েহে ভাৰত তথা অসমৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত জনজাতীয় নেতৃত্বই জনজাতিসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিহে স্থিতি গ্ৰহণ কৰি আহিছে।    
সূত্ৰ-নিৰ্দেশ


দাস, মুনীন্দ্ৰ (২০১৮): “বড়োৰ উত্তৰণৰ ইতিহাস : সমস্যা, সংগ্ৰাম, প্ৰাপ্তি”, (গুৱাহাটী, ডিব্ৰুগড়: বনলতা), পৃষ্ঠা: ১০৩ আৰু ১০৪।
দাস, মুনীন্দ্ৰ (২০১৮): পূৰ্বোল্লিখিত,পৃষ্ঠা: ৮৯, ১০২, ১০৬ আৰু ১৩৬।  
দেউৰী, ইন্দিবৰ (২০০১): “জনগোষ্ঠীয় সমস্যা: অতীত, বৰ্তমান ভৱিষ্যৎ”, দ্বিতীয় সংস্কৰণ, (গুৱাহাটী: বান্ধৱ), পৃষ্ঠা: ৫।  উল্লেখ কৰা ভাল হ’ব যে অসমৰ ভৈয়ামৰ জনজাতীয় নেতাসকলে একগোট হোৱাৰ পাছত পাহাৰৰ জনজাতীয় নেতাসকলকো একগোট কৰাৰ উদ্দেশ্যে ১৯৩৫ চনত কোকৰাঝাৰত ৰূপনাথ ব্ৰক্ষ্মৰ নেতৃত্বত অল আছাম ট্ৰাইবেল ৰেচেছ ফেডাৰেচন (All Assam Tribal Races Federation) নামৰ এটা সংগঠনৰ জন্ম দিয়া হৈছিল।  কিন্তু পাহাৰীয়া জনজাতীয় নেতাসকলৰ আগ্ৰহৰ অভাৱৰ বাবে সেই সংগঠনটো আগবাঢ়িব নোৱাৰিলে (মুনীন্দ্ৰ দাসৰ পূৰ্বোল্লিখিত গ্ৰন্থ, পৃষ্ঠা: ১০৭ আৰু ১০৮)।  
আজাদ, মৌলানা আব্দুল কালাম (২০১৬): “ভাৰতৰ স্বাধীনতা লাভ”, মূল “India Wins Freedom’গ্ৰন্থখনৰ  আবু নাছাৰ চাঈদ আহমেদে কৰা অসমীয়া অনুবাদ, (ৱাৰ্ডউইভছ ইণ্ডিয়া), পৃষ্ঠা: ৩৯ আৰু ৪০ ।
দাস, মুনীন্দ্ৰ (২০১৮): পূৰ্বোল্লিখিত,পৃষ্ঠা: ১১৬।
সভাপণ্ডিত, ৰণজিৎ (২০১৪): “ছৈয়দ সাদুউল্লাৰ পৰা গোপীনাথ বৰদলৈলৈ: ১৯৩৭-৫০ অসমৰ ৰাজনৈতিক ইতিহাস”, (গুৱাহাটী : অসম পালিচিং কোম্পানী), পৃষ্ঠা: ৪৯ আৰু ৫৫।
Political History of Assam, Vol. 3, 2008, Third Edition, (Guwahati: Assam Publication Board), Page: 313.
দাস, মুনীন্দ্ৰ (২০১৮): পূৰ্বোল্লিখিত,পৃষ্ঠা: ১১৬।
দেউৰী, ইন্দিবৰ (২০০১): পূৰ্বোল্লিখিত,পৃষ্ঠা: ৫ আৰু ৬।
১০শৰ্মা, দেৱব্ৰত (২০১৩): “ইচলাম, জাতীয়তাবাদ আৰু সমাজবাদ”, দ্বিতীয় প্ৰকাশ, (একলব্য প্ৰকাশন), পৃষ্ঠা: ৪০, ৪১।
১১Guha, Amalendu (2014): Planter Raj to Swaraj: Freedom Struggle & Electoral Politics in Assam, Third Edition, (Tulika Books), Page: 229.
১২Political History of Assam, Vol. 3, 2008, Third Edition, (Guwahati: Assam Publication Board), Page: 316.
১৩সভাপণ্ডিত, ৰণজিৎ (২০১৪): পূৰ্বোল্লিখিত, পৃষ্ঠা: ১২০ আৰু ১২২।   
১৪দাস, মুনীন্দ্ৰ (২০১৮): পূৰ্বোল্লিখিত, পৃষ্ঠা: ১৫০।   
১৫দাস, মুনীন্দ্ৰ (২০১৪): “পৃথক ৰাজ্যৰ দাবী আৰু জনগোষ্ঠীয় আন্দোলন”, (গুৱাহাটী: অসম বুক ট্ৰাষ্ট), পৃষ্ঠা: ৪৬।   
১৬ইন্টাৰনেটৰ তথ্য: ১৭ জুন ২০১৮ তাৰিখে ডাউনলোড কৰা হৈছে, উপলব্ধ: http://shodhganga.
১৭Basid, Habib Fazlul (2016): “The Assamese Language Issue: An Analysis from Historical Perspective”, International Journal of Humanities and Social Sciences, Vol. 6, No. 2, Pp. 125-133.  
১৮দাস, মুনীন্দ্ৰ (২০১৮): পূৰ্বোল্লিখিত, পৃষ্ঠা: ২৭২, ২৭১ আৰু ২৯১।
১৯দেউৰী, ইন্দিবৰ (২০০১): পূৰ্বোল্লিখিত,পৃষ্ঠা: ১০ আৰু ১১।
২০নিখিল বড়ো ছাত্ৰ সংস্থাৰ সভাপতি প্ৰমোদ বড়োৰ ভাষণ, ইন্টাৰনেটৰ তথ্য, ২ জানুৱাৰি ২০২০ তাৰিখে ডাউনলোড কৰা হৈছে, ভাষণটো https://www.youtube.com/watch?v=F5lePcl5puI ত উপলব্ধ।
২১নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ ক্ৰমে সপ্তদশ আৰু দশম দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত (১১ জানুৱাৰি ২০২০) সভাপতি ৰমেন সিং ৰাভাই দিয়া সভাপতিৰ অভিভাষণত শেষৰ বিষয়টো স্পষ্টভাবে প্ৰকাশ পাইছে।  



[প্ৰকাশিত, 'প্ৰান্তিক', ১৬-৩১ মাৰ্চ ২০২০, পৃষ্ঠা: ১৭-২০] 




Friday, 21 February 2020

অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতিৰ অভিভাষণত নতুন অভিধানৰ প্ৰস্তুতি প্ৰসংগ



সদ্য সমাপ্ত অসম সাহিত্য সভাৰ ৭৫ সংখ্যক শুৱালকুছি অধিৱেশনত নৱ নিৰ্বাচিত সভাপতি ড° কুলধৰ শইকীয়াই তেওঁৰ অভিভাষণত উল্লেখ কৰিছে যে সকলো জাতি-জনগোষ্ঠীৰ শব্দ অন্তৰ্ভূক্ত কৰি আমাৰ অভিধানখন নতুনকৈ প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ।  কোনো সন্দেহ নাই যে কোনো এটা ভাষাৰ অভিধানত আন জাতি-জনগোষ্ঠী আৰু অঞ্চলত ব্যৱহাৰ কৰা শব্দৰ অন্তৰ্ভূক্তিকৰণে সংশ্লিষ্ট ভাষাটোৰ শব্দভাণ্ডাৰ বৃদ্ধি কৰাৰ লগতে ভাষাটোক গতিশীল কৰি তোলাত সহায় কৰে।  Oxford English Dictionary ত প্ৰতিবছৰে দেশ-বিদেশৰ নতুন নতুন শব্দ অন্তৰ্ভূক্ত কৰা হয় ।  উদাহৰণস্বৰূপে, ২০১৭ চনত ১,২০০ আৰু ২০১৮ চনত ১,১০০ টাতকৈ অধিক শব্দ অভিধানখনত অন্তৰ্ভূক্ত কৰা হৈছে ।  শেহতীয়া তথ্য অনুসৰি,  ২০১৯ চনত ১,৪০০ টাতকৈ অধিক নতুন শব্দ অভিধানখনত অন্তৰ্ভূক্ত কৰা হৈছে ।  অপ্ৰিয় হ’লেও সত্য যে বৰ্তমানলৈ প্ৰকাশ পোৱা অসমীয়া অভিধানবোৰত অসমৰ বহু জাতি-জনগোষ্ঠীৱে ব্যৱহাৰ কৰা শব্দ অন্তৰ্ভূক্ত হোৱা নাই। জাতি-জনগোষ্ঠীসমূহে ব্যৱহাৰ কৰা শব্দৰ কথা বাদেই দিয়ক, ৰাজ্যখনৰ অঞ্চলবিশেষে প্ৰচলিত বহু অসমীয়া শব্দ বৰ্তমানৰ অভিধানবোৰত পোৱা নাযায় । যেনে- নামনি অসমত প্ৰচলিত বহু অসমীয়া শব্দ বৰ্তমানলৈ প্ৰকাশিত অসমীয়া অভিধানবোৰত বাদ পৰি গৈছে ।
আমি ভাবোঁ, অসমৰ সকলো অঞ্চল আৰু জাতি-জনগোষ্ঠীৰ শব্দ আমাৰ অভিধানবোৰত অন্তৰ্ভূক্ত কৰিব নোৱাৰাটোৱে (বা নকৰাটোৱে) বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সফল নোহোৱাৰ বিভিন্ন কাৰণবোৰৰ এটা কাৰণ হিচাপে চিহ্নিত হৈ আহিছে । পলমকৈ  হ’লেও অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতিগৰাকীয়ে আশা কৰাৰ দৰে যদি অসমৰ সকলো অঞ্চল আৰু জাতি-জনগোষ্ঠীৰ শব্দ অন্তৰ্ভূক্ত কৰি নতুনকৈ অভিধান প্ৰস্তুত কৰা হয়, তেন্তে সেই অভিধানে কিছু পৰিমাণে হ’লেও বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সহায় কৰিব বুলি আশা কৰিব পাৰি । 

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ২১ ফেব্ৰুৱাৰী, ২০২০]

Friday, 20 December 2019

অসমত পাহাৰ আৰু ভৈয়ামৰ সংঘাত (Hill and Plain Conflict in Assam)


      অসমত নানা জাতি, জনজাতি, ধৰ্ম, বৰ্ণ, ভাষা-ভাষী মানুহে বসবাস কৰি আহিছে। ইতিহাসৰ পাত লুতিয়ালে দেখা যায় যে অসমত বিভিন্ন সময়ত বিভিন্ন পাৰ্থক্যৰ ভিত্তিত সংঘাত সৃষ্টি হৈ আহিছে। পাৰ্থক্যবোৰে কেতিয়াবা প্ৰত্যক্ষ সংঘৰ্ষৰো সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে-জনগোষ্ঠীয় পাৰ্থক্যৰ ভিত্তিত ২০১১ চনৰ প্ৰথমভাগত সংঘটিত গাৰো-ৰাভাৰ সংঘৰ্ষ, ধৰ্ম আৰু সম্প্ৰদায়ৰ পাৰ্থক্যৰ ভিত্তিত ২০১২ চনৰ মাজভাগত সংঘটিত বড়ো-মুছলমানৰ সংঘৰ্ষ। তদুপৰি, ভাষা আৰু সংস্কৃতিৰ পাৰ্থক্যৰ ভিত্তিত অসমীয়া আৰু বাঙালীৰ মাজত সংঘাত চলি থাকে। আৰ্থ-সামাজিক পাৰ্থক্যৰ ভিত্তিত অসমৰ খিলঞ্জীয়া আৰু বহি:ৰাজ্যৰ মানুহৰ মাজত সংঘটিত সংঘাতৰ প্ৰসংগতো আছেই। ভৌগোলিক পাৰ্থক্যৰ ভিত্তিতো অসমৰ মানুহৰ মাজত সংঘাত সৃষ্টি হৈ আহিছে। এই প্ৰবন্ধটোত অসমৰ পাহাৰ আৰু ভৈয়ামৰ মাজত সংঘাত সৃষ্টিৰ উপাদানসমূহ বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হৈছে। 
     আৰ্যসকলৰ দ্বাৰা ৰচিত পুৰাণবোৰত পাহাৰত বসবাস কৰা লোকসকলক অনাৰ্য তথা কিৰাত হিচাপে নামাকৰণ কৰা হৈছে বেদ আৰু পুৰাণৰ ভিত্তিত ভৈয়ামত বসবাস কৰা আৰ্যসকলে নিজকে দেৱতাৰ স্থানত ৰাখি পাহাৰৰ অনাৰ্য তথা কিৰাতসকলক মানুহ নামৰ অযোগ্য অসুৰ, দানৱ, নিষাদ, কিৰাত, ম্লেছ আদি ৰূপে গণ্য কৰিছিল। ‘পদ্মপুৰাণ’ৰ ‘সৃষ্টি খণ্ড’ত অনাৰ্যসকলক বৰ্বৰ, সৰ্বভক্ষণকাৰী, জধামূৰ্খ, ভাষা পৈশাচিক চৰিত্ৰৰ আৰু কোনো ভাল সামাজিক ৰীতি-নীতি নথকা জীৱ হিচাপে উপহাস কৰা হৈছে। বৰ্তমান ভৈয়ামৰ লোকসকলৰ পাহাৰীয়া লোকসকলৰ প্ৰতি থকা এই মনোভাৱ হ্ৰাস পাইছে যদিও নি:শেষ হৈ যোৱা নাই (নি:শেষ হোৱাৰ সম্ভাৱনা ক্ষীণ)। পুৰাণ সৃষ্টিৰ যুগৰ পৰা আজিলৈকে ভৈয়ামৰ লোকসকলৰ পাহাৰীয়া লোকসকলৰ প্ৰতি থকা উপহাসমূলক আৰু হীন দৃষ্টিভংগীয়ে পাহাৰীয়া লোকসকলৰ মনত স্বাভাৱিকতে বিৰাগ সৃষ্টি কৰে।
      ব্ৰিটিছসকলে ভাৰতবৰ্ষত তেওঁলোকৰ শাসনকাল দীঘলীয়াকৈ চলাই ৰখাৰ অভিপ্ৰায়েৰে বিভাজন নীতি প্ৰয়োগ কৰিছিল। তেওঁলোকৰ বিভাজন নীতিয়ে অসমত সুন্দৰভাবে সফলতা লাভ কৰিছিল। ১৮৭৩ চনত ‘ইনাৰ লাইন’ নীতি সূচনা কৰি ব্ৰিটিছ চৰকাৰে বিনা অনুমতিত ভৈয়ামৰ মানুহক পাহাৰীয়া অঞ্চললৈ যোৱাত বাধা আৰোপ কৰিছিল। ১৯৩৫ চনত ছাইমন আয়োগৰ পৰামৰ্শৰ ভিত্তিত ব্ৰিটিছ চৰকাৰে ১৯১৯ চনত ‘পিছপৰা এলেকা’ হিচাপে ঘোষণা কৰা উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলসমূহক বহিৰ্ভূত এলেকা  (Excluded Area) আৰু আংশিকভাবে বহিৰ্ভূত এলেকা  (Partially Excluded Area)-এই দুটা ভাগত ভাগ কৰিছিল। প্ৰশাসনিক বিভাজনৰ সমান্তৰালকৈ ধৰ্মৰ ভিত্তিতো পাহাৰ আৰু ভৈয়ামৰ মাজত বিভাজন আনিবলৈ ব্ৰিটিছে প্ৰচেষ্টা অব্যাহত ৰাখিছিল। প্ৰাকৃতিক নিয়ম অনুসৰি জীৱন-যাপন কৰা পাহাৰীয়া লোকসকলৰ মাজত খ্ৰিষ্টান ধৰ্মযাজকসকলে খ্ৰিষ্টান ধৰ্ম প্ৰচাৰ কৰিছিল। আৰ্য ব্ৰাক্ষ্মণসকলেও পাহাৰীয়া লোকসকলৰ মাজত হিন্দু ধৰ্ম প্ৰচাৰ কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাছিল। কিন্তু, জাত-পাতৰ সৈতে পৰিচয় নথকা পাহাৰীয়া জনজাতীয় লোকসকলে উন্নতিৰ নামত নিজৰ সামাজিক স্বাধীনতা বিসৰ্জন দিবলৈ সাজু নাছিল। পাহাৰীয়া লোকসকলকৰ এই মানসিকতাক খ্ৰিষ্টান ধৰ্মযাজকসকলে সুযোগ হিচাপে ব্যৱহাৰ কৰিছিল। পাহাৰীয়া লোকসকলৰ বাবে খ্ৰিষ্টান ধৰ্মত কিছু শিথিলতা আনি তেওঁলোকক খ্ৰিষ্টান ধৰ্মৰ দীক্ষা দি ভৈয়ামৰ হিন্দুসকলৰ পৰা কৌশলেৰে আঁতৰাই ৰাখিবলৈ সক্ষম হৈছিল। এনেদৰে ব্ৰিটিছসকলৰ প্ৰশাসনিক আৰু ধৰ্মীয় বিভাজন নীতিৰ ফলস্বৰূপে আজিও অসমৰ পাহাৰ আৰু ভৈয়ামৰ লোকসকলৰ মাজত একতাৰ ভাবৰ অভাৱ থাকি গ’ল।
            ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত সমগ্ৰ দেশখনতে ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। অসমতো ইয়াৰ প্ৰভাৱ পৰিছিল। অসমীয়া ভাষাৰ ভিত্তিত অসম ৰাজ্যখন গঠন হৈছে বুলি পতিয়ন নিয়াবলৈ অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰয়োগ কৰিবলৈ উগ্ৰ অসমীয়া জাতীয়তাবাদী শিবিৰে আন্দোলন কৰিছিল। আচলতে, সেই আন্দোলন আছিল ৰাজ্যিক ৰাষ্ট্ৰযন্ত্ৰৰ ওপৰত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ আধিপত্য স্থাপনৰ এটা অভিপ্ৰায়। সি যি কি নহওক, আন্দোলনটোৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই অসমত অসমীয়া ভাষাক বাধ্যতামূলকভাবে প্ৰয়োগ কৰিবৰ বাবে অসম চৰকাৰে ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’ নামৰ বিল এখন প্ৰস্তুত কৰিছিল। ১৯৬০ চনৰ ২২ এপ্ৰিল তাৰিখে অসম কংগ্ৰেছ কমিটিয়ে অসমৰ সকলো চৰকাৰী কাৰ্যালয়ৰ ভাষা অসমীয়া হ’ব লাগে বুলি প্ৰস্তাৱ আগবঢ়োৱাৰ পাছত প্ৰস্তাৱটোৰ বিৰূদ্ধে কাছাৰৰ বাঙালীসকলে আন্দোলন চলাইছিল। পাহাৰৰ অনা-অসমীয়াভাষী লোকসকলেও বাঙালীসকলৰ আন্দোলনত সহযোগ কৰিছিল। চৰকাৰী ভাষা সম্পৰ্কে অসম কংগ্ৰেছ সমিটিয়ে আগবঢ়োৱা প্ৰস্তাৱটোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ ১৯৬০ চনৰ ২৮ এপ্ৰিলত অসমৰ পাহাৰীয়া জিলাৰ নেতাসকল মেঘালয়ৰ তুৰাত মিলিত হৈছিল, যাক All Parties Hill Leaders Conference (APHLC) হিচাপে জনা যায়।  APHLC কংগ্ৰেছৰ সেই সিদ্ধান্তৰ বিৰূদ্ধে প্ৰতিবাদ জনাইছিল। মিকিৰ পাহাৰ স্বায়ত্বশাসিত জিলাৰ বাহিৰে আটাইবোৰ স্বায়ত্বশাসিত জিলাই বিলখনৰ বিৰোধিতা কৰিছিল১০। অনা-অসমীয়াভাষী লোকসকলৰ আপত্তি সত্বেও ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’ বিলখনে ১৯৬০ চনৰ ১৭ ডিচেম্বৰ তাৰিখে ৰাজ্যপালৰ অনুমোদন পাইছিল১১। স্পষ্টকৈ ক’বলৈ গ’লে, অসম চৰকাৰে গ্ৰহণ কৰা ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’খনে পাহাৰ আৰু ভৈয়ামৰ লোকসকলৰ মাজত থকা ব্যৱধান বৃদ্ধি কৰাত সহায় কৰিছিল। APHLCএ পাহাৰীয়া জিলাকেইখনক অসমৰ পৰা পৃথক কৰি স্বায়ত্বশাসিত ৰাজ্য গঠনৰ দাবীৰে আন্দোলন আৰম্ভ কৰিছিল১২। আন্দোলনবোৰৰ ফলস্বৰূপে অসমৰ পৰা এটাৰ পাছত আনটো অঞ্চল ফালৰি কাটি পৃথক ৰাজ্যৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে, এইখিনিতে উল্লেখ কৰিব লাগিব যে ভৈয়ামৰ একাংশ উগ্ৰ অসমীয়াভাষীসকলৰ বিৰূদ্ধে চলা আন্দোলনৰ উপৰি নাগালেণ্ড সম্পৰ্কে ভাৰত চৰকাৰে গ্ৰহণ কৰা নীতিয়ে নগাসকলৰ মাজত দুই ধৰণৰ ৰাজনীতি চলি আছিল। নগা নেচনেল কাউন্সিলে স্বাধীন নগাভূমি দাবী কৰাৰ বিপৰীতে উদাৰপন্থী নগাসকলে নগা বসতিপ্ৰধান এলেকাসমূহ একত্ৰীকৰণৰ বাবে দাবী উত্থাপন কৰিছিল। উদাৰপন্থী নগাসকলৰ দাবীৰ প্ৰতি সন্মান জনাই ১৯৫৭ চনৰ ১ ডিচেম্বৰত চৰকাৰে North East Frontier Agency (NEFA)  পৰা টুৱেনচাং সীমান্ত এলেকা কাটি নি নগা পাহাৰ জিলাত সংলগ্ন কৰিছিল। তথাপিও তেওঁলোকৰ আন্দোলন চাম কটা নাছিল। পিছলৈ ১৯৬৩ চনৰ ১ ডিচেম্বৰত নগাসকলে পৃথক নাগালেণ্ড ৰাজ্য লাভ কৰিবলৈ সক্ষক হৈছিল। APHLCৰ দীৰ্ঘদিনীয়া দাবীৰ ফলস্বৰূপে ১৯৬৯ চনত জয়ন্তীয়া আৰু গাৰো পাহাৰ সামৰি অসমৰ ভিতৰতে স্বায়ত্বশাসিত ৰাজ্য হিচাপে গঠন কৰা মেঘালয়ক ১৯৭২ চনৰ ২১ জানুৱাৰিত পূৰ্ণ পৰ্যায়ৰ পৃথক ৰাজ্য হিচাপে মৰ্যাদা দিয়া হৈছিল। APHLCৰ পৰা আঁতৰি আহি মিজোসকলে পৃথক ৰাজ্যৰ মৰ্যাদা লাভৰ বাবে নিজাববীয়াকৈ আন্দোলন আৰম্ভ কৰিছিল। ১৯৬৩ চনৰ পৰা মিজো নেচেনেল ইউনিয়নে সেই আন্দোলনৰ নেতৃত্ব লৈছিল। ১৯৭২ চনত মিজোৰামে কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যাদা পাইছিল আৰু ১৯৮৬ চনত মিজো নেচেনেল ইউনিয়নৰ সৈতে ভাৰত চৰকাৰৰ হোৱা চুক্তিৰ ফলস্বৰূপে ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰিত পৃথক ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল। একে বছৰৰে একে তাৰিখতে অৰুণাচল প্ৰদেশকো পৃথক ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। ইফালে ভাষা আন্দোলনৰ সমাধান হিচাপে ১৯৬২ চনত ৰাজ্য চৰকাৰে তিনিটা ভাষাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও ১৯৭৩ চনত পুনৰ অসমীয়া ভাষাক বিশ্ববিদ্যালয় পৰ্যায়লৈ শিক্ষাৰ মাধ্যম হিচাপে প্ৰয়োগ কৰিব বিচৰা ঘোষণাই ব্যৱস্থাটোক নাকচ কৰিছিল১৩। অকল সিমানেই নহয়। ‘অসম চুক্তি’ৰ ৬ নম্বৰ দফাৰ সুযোগ লৈ অসম গণ পৰিষদ চৰকাৰে ১৯৮৬ চনৰ ২৮ ফেব্ৰুৱাৰিত এক বিজ্ঞপ্তিযোগে অসমৰ শিক্ষানুষ্ঠানসমূহত অনা-অসমীয়া শিক্ষাৰ্থীৰ ওপৰত অসমীয়া ভাষাক বাধ্যতামূলক তৃতীয় ভাষা হিচাপে জাপি দিছিল১৪
      অসমত পাহাৰ আৰু ভৈয়ামৰ মাজত সংঘাত সৃষ্টিত আন্তৰ্জাতিক আৰু আভ্যন্তৰীণ দুই ধৰণৰ প্ৰভাৱশালী তৃতীয় শক্তিৰ ভূমিকা আছে। দেশে স্বাধীনতা লাভ কৰাৰ কিছু বছৰ আগৰে পৰাই আন্তৰ্জাতিক তৃতীয় শক্তিয়ে উত্তৰ পূৰ্বাঞ্চলক অশান্ত কৰি ৰখাৰ কূটনীতি আৰম্ভ হৈছিল। অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ বিখ্যাত অফিচাৰ ৰেজিনেল্ড কুপলেণ্ডেৰ এক আঁচনি অনুসৰি ভাৰতৰ উত্তৰ-পূৱ দিশৰ সমগ্ৰ পাহাৰীয়া অঞ্চলৰ সৈতে কাচিন পৰ্যন্ত উত্তৰ-পশ্চিম ব্ৰক্ষ্মদেশক সংলগ্ন কৰি এখন বৃহৎ ‘প্ৰত্যক্ষ ব্ৰিটিছ শাসিত পাৰ্বত্য ৰাজ্যক্ষেত্ৰ’ গঠন কৰিবলৈ এক গোপন চিন্তাচৰ্চা কৰা হৈছিল, যাক ‘কুপলেণ্ড প্লেন’ বুলি জনা যায়। এই আঁচনিৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলৰ লোকসকলৰ মাজত ভাৰত বিদ্বেষী কৰি তোলাৰ পৰিকল্পনা কৰা হৈছিল। কুপলেণ্ড আঁচনিৰ বিষবাষ্পই আজিও অসমৰ পাহাৰ আৰু ভৈয়ামৰ মাজত ব্যৱধান ৰখাৰ উপাদান হিচাপে চিহ্নিত হৈ আহিছে১৫ মিজোসকলে অসম তথা ভাৰতৰ বিৰূদ্ধে গঢ়ি তোলা গণতান্ত্ৰিক আন্দোলন আৰু হিংসাত্মক কাৰ্যপলাপত পূৱ-পাকিস্তানৰ অভিসন্ধিমূলক প্ৰত্যক্ষ সহযোগ আছিল। সেইসময়ৰ পূৱ-পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানে মিজো বিদ্ৰোহী নেতা লালডেংগা আৰু ফিজোক আহিলা হিচাপে ব্যৱহাৰ কৰি স্বাধীন মিজোৰামৰ সপোন দেখুৱাইছিল১৬। জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰ জিলাক একেলগ কৰি মেঘালয় ৰাজ্য সৃষ্টিৰ প্ৰস্তাৱ কলিকতা বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ এজন অধ্যাপকৰ পৰা আহিছিল১৭। বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত পলাই অহা বাঙালীসকলে গঠন কৰা ‘বংগসেনা’ নামৰ সংগঠন  (১৯৮২ চনৰ ২৬ মাৰ্চত স্থাপিত) এটাই কাৰ্বি আংলংৰ লোকসকলক হিন্দুকৰণৰ বাবে প্ৰচেষ্টা চলাই আহিছে। পশ্চিমবংগ, অসম আৰু ত্ৰিপুৰাৰ হিন্দু বাঙালী অধ্যূসিত অঞ্চলসমূহ সামৰি এখন স্বাধীন বংগভূমি গঠন কৰাই হ’ল ‘বংগসেনা’ৰ আনুষ্ঠানিক লক্ষ্য। স্বাধীন বংগভূমি গঠন হওক বা নহওক, ‘বংগ সেনা’ই বৰ্তমান বিদেশী হিন্দু বাঙালীসকলক কৌশলেৰে সুৰক্ষা প্ৰদান কৰি আহিছে১৮। অসমত পাহাৰ আৰু ভৈয়ামৰ মাজত সংঘটিত সংঘাত-‘বংগসেনা’ৰ বাবে আশীৰ্বাদস্বৰূপ হৈ পৰে। কাৰণ, পাহাৰ আৰু ভৈয়ামৰ লোকসকলে সংঘাতত লিপ্ত হৈ নিজৰ মাজতে ব্যস্ত হৈ পৰিলে সংগঠনটোৱে তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ পথ সহজ হৈ পৰে।
  ভাৰতে স্বাধীনতা লাভ কৰাৰ কিছু বছৰ পাছৰ পৰাই অসমৰ পাহাৰীয়া অঞ্চলসমূহে স্বায়ত্বশাসনৰ সুবিধা লাভ কৰিছে যদিও মূলসূঁতিৰ ভৈয়ামৰ ৰাজনীতিকসকলৰ দ্বাৰা গঠিত চৰকাৰৰ পৰা তেওঁলোকে প্ৰয়োজনীয় সহযোগিতা লাভৰ পৰা বঞ্চিত হৈ আহিছে। ১৯৫৮ চনত মিজোৰামত (তেতিয়াৰ লুচাই পাহাৰ) ভয়ানক দুৰ্ভিক্ষ আৰম্ভ হৈছিল, যাক ‘মৌতম’ বুলি জনা যায়। ‘মৌতম’ আৰম্ভ হোৱাৰ পৰা প্ৰায় ১৪ মাহমানৰ পিছতহে দুৰ্ভিক্ষৰ সহায় হিচাপে আইজললৈ চাউলৰ কনভয় উপস্থিত হৈছিল১৯। তদুপৰি, মিজোসকলে সকলো ধৰণৰ চৰকাৰী উন্নয়নমূলক আঁচনিৰ পৰা বঞ্চিত হৈ আছিল২০। অসম চৰকাৰে মিজোসকলৰ উন্নতিৰ বিষয়ে সমূলি চিন্তা কৰা নাছিল২১। অসম চৰকাৰৰ এনেধৰণৰ সহযোগিতাই (?) মিজোসকলক ভৈয়ামৰ সংখ্যাগৰিষ্ঠ নেতাৰ দ্বাৰা গঠিত চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাইছিল। লালডেংগাৰ নেতৃত্বত জন্ম লাভ কৰা ‘মিজো নেচনেল ফেমাইন ফ্ৰন্টে’ই (পিছলৈ ‘ফেমাইন’ শব্দটো আঁতৰাই দিয়া হয়) হ’ল ইয়াৰ উৎকৃষ্ট উদাহৰণ। ১৯৭০ চনত মেঘালয়ক স্বায়ত্বশাসিত ৰাজ্য হিচাপে ঘোষণা কৰি ১৩টা বিষয়ৰ ওপৰত ক্ষমতা দিয়া হৈছিল। কিন্তু, বিভাগসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে ৰহস্যজনকভাবে কিছুমান চৰ্ত বান্ধি দিছিল। ১৯৯৫ চনৰ ১ এপ্ৰিলত নতুন দিল্লীত সম্পন্ন হোৱা এক ত্ৰিপাক্ষিক চুক্তি অনুসৰি অসমৰ বৰ্তমানৰ পাহাৰীয়া স্বায়ত্বশাসিত পৰিষদ দুখনক (কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ) ওপৰঞ্চিভাবে ১৪টা বিষয়ৰ ওপৰত ক্ষমতা অৰ্পণ কৰা হৈছিল (আগতে ১৬টা আছিল)। কিন্তু, এই ওপৰঞ্চি বিষয়সমূহ বলবৎকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে বুলি পৰিষদ দুখনে আজিও অভিযোগ কৰি আহিছে২২ 
  অসমৰ জনজাতীয়, অৰ্ধ-সামন্তীয় লোকসকলে তেওঁলোকৰ শাসন ব্যৱস্থা, সাংস্কৃতিক প্ৰাদু্ৰ্ভাৱ, অৰ্থনৈতিক ক্ষমতা আদি নিজৰ নিয়ন্ত্ৰণত ৰাখিব বিচাৰে২৩। আধুনিক ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাই পাহাৰীয়া লোকসকলৰ শাসন ব্যৱস্থাক নিষ্ক্ৰিয় কৰিছে। পাহাৰীয়া অঞ্চলসমূহৰ পৰম্পৰাগত শাসন ব্যৱস্থাক নিষ্ক্ৰিয় কৰি ‘এক ৰাষ্ট্ৰ’ৰ শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ চলোৱা প্ৰচেষ্টাই পাহাৰীয়া লোকসকলক অৱজ্ঞা কৰাকে বুজায়। যোৱা কেইটামান বছৰ ধৰি ‘এক ধৰ্ম, এক সংস্কৃতি’ৰ ধাৰণাই পাহাৰীয়া লোকসকলৰ স্বকীয়তাৰ ওপৰত আঘাত কৰিব বিচৰা হৈছে। প্ৰশাসনীয় আৰু সাংস্কৃতিক ব্যৱস্থাৰ সমান্তৰালকৈ বিশ্বায়নৰ ফলত গঢ়ি উঠা মুক্ত বজাৰ ব্যৱস্থাৰ আগ্ৰাসনে নিজৰ মাটিতে অৰ্থনৈতিক ক্ষেত্ৰখনৰ পৰা তেওঁলোক বিতাৰিত হোৱাৰ উপক্ৰম হৈছে। ‘সম্পদৰ অভিসাপ’ত অভিসপ্ত পাহাৰীয়া অঞ্চলৰ সম্পদসমূহ বজাৰ ব্যৱস্থাৰ সৈতে অধিক পৰিচিত ভৈয়ামৰ লোকসকলে কাঢ়ি অনাৰ প্ৰৱণতা দেখা গৈছে২৪। উদাহৰণস্বৰূপে-বাঁহ, কাঠ, কয়লা, চূণশিল আদি বাছ-বিচাৰ নোহোৱাকৈ উলিয়াই অনা হৈছে, স্থানীয় লোকক উচ্ছেদ কৰি চাহ বাগিচা গঢ়ি তোলা হৈছে। এইবোৰ কামৰ বাবে ভৈয়াম অঞ্চলৰ পৰা মানুহ নিয়াৰ ফলত পাহাৰীয়া অঞ্চলবোৰৰ জনগাঁঠনি সলনি হোৱাৰ উপক্ৰম হৈছে২৫। এই ধৰণৰ প্ৰক্ৰিয়াৰ ফলত ৰাজ্যখনৰ পাহাৰ আৰু ভৈয়ামৰ মাজৰ ব্যৱধান ক্ৰমে বৃদ্ধি হৈ গৈ আছে।       
     ভৈয়ামৰ লোকসকলৰ পাহাৰ বিৰোধী মনোভাৱৰ বাবেহে যে পাহাৰ আৰু ভৈয়ামৰ মাজত থকা ব্যৱধান বৃদ্ধি হৈছে তেনে নহয়। পাহাৰীয়া লোকসকলৰ কিছুমান কাৰ্যকলাপেও ভৈয়ামৰ লোকসকলক আমনি কৰি আহিছে। যেনে, ২০১৭ চনত কাৰ্বি আংলঙৰ ১৮ জন নেতাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত এটা গোচৰ তৰিছিল। গোচৰটোত আৱেদনকাৰীসকলে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত ভোটাৰ তালিকাৰ পৰা পাহাৰীয়া জিলাখনৰ অজনজাতীয় লোকসকলৰ নাম কৰ্তন কৰিব বিচাৰিছে। তদুপৰি, অজনজাতীয় লোকে পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰো বিৰোধিতা কৰি আহিছে২৬। কেৱল সেয়াই নহয়। অসমৰ পাহাৰীয়া জিলা পৰিষদ কেইখনৰ বহুকেইজন নেতাৰ বিৰূ্দ্ধে বহু দু্ৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছে২৭,২৮। সেইসকল নেতাৰ বিৰূদ্ধে উত্থাপিত কৌটি টকীয়া দুৰ্নীতিৰ অভিযোগে ভৈয়ামৰ লোকসকলৰ মনত পাহাৰীয়া নেতাসকলৰ প্ৰতি যিখিনি শ্ৰদ্ধাৰ ভাৱ থাকে সেইখিনিকো নোহোৱা কৰে।
     অসমৰ পাহাৰ আৰু ভৈয়ামৰ মাজত থকা ব্যৱধান হ্ৰাস কৰিবৰ বাবে ভৈয়ামৰ লোকসকলে পাহাৰীয়া লোকসকলৰ প্ৰতি থকা উপহাসমূলক আৰু হীন দৃষ্টিভংগী পৰিত্যাগ কৰাৰ উপৰি তেওঁলোকক তেওঁলোকৰ নিজস্বতাৰ ভিত্তিত আগবাঢ়ি যাবলৈ সুযোগ দিব লাগিব। অসমৰ ভৌগোলিক পাৰ্থক্যৰ ভিত্তিত কোনো তৃতীয় শক্তিয়ে যাতে অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি সকলোৱে সচেতন হৈ থাকিব লাগিব। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ৰে পৰা পাহাৰীয়া জিলাকেইখনত স্থায়ীভাবে বসবাস কৰি থকা অজনজাতীয় লোকসকলক যাতে তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰা নহয় তাৰ ওপৰত পাহাৰীয়া জনজাতীয় লোকসকলে মনোযোগ দিব লাগিব।

সূত্ৰ-নিৰ্দেশ


চেট্টাৰ্জী, সুনীতি কুমাৰ (২০১৭): কিৰাত জন-কৃতি, অসমীয়া অনুবাদ অজিত কুমাৰ গোস্বামী, (অসম পাবলিচিং কোম্পানী), পৃষ্ঠা: ২৩।   
মহন্ত, প্ৰফুল্ল (২০০৯): জনগোষ্ঠীগত চেতনা: আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন, দ্বিতীয় প্ৰকাশ, (গুৱাহাটী: লয়াৰ্ছ বুক ষ্টল), পৃষ্ঠা: ২ আৰু ৩।  
ডেকা, হেমন্ত কুমাৰ, সুনীতি কুমাৰ চেট্টাৰ্জীৰ ‘কিৰাত জন-কৃতি’ গ্ৰন্থখনৰ অজিত কুমাৰ গোস্বামীয়ে কৰা অসমীয়া অনুবাদৰ (অসম পাবলিচিং কোম্পানী, ২০১৮) সম্পাদকীয় টোকা।
বৰ্মন, শিৱনাথ (২০১৩): অসমৰ জনজাতি সমস্যা, (গুৱাহাটী, ডিব্ৰুগড়: বনলতা), পৃষ্ঠা: ২৬-২৮। 
Chaube S. K. (2012): Hill Politics in Northeast India, Third Edition, Reprint 2017, (Orient BlackSwan), Page: 2.   
মহন্ত, প্ৰফুল্ল (২০০৯): অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস, দ্বিতীয় প্ৰকাশ, ((গুৱাহাটী: লয়াৰ্ছ বুক ষ্টল), পৃষ্ঠা: ৮৭।   
গোহাঁই, হীৰেন (২০১৭): পৰিৱৰ্তনৰ স্বপ্ন আৰু দু:স্বপ্ন, (অসমৰ সাম্প্ৰতিক ৰাজনীতি), (গুৱাহাটী: পৃথিৱী প্ৰকাশন), পৃষ্ঠা: ১৬৩।
Basid, Habib Fazlul (2016): “The Assamese Language Issue: An Analysis from Historical Perspective”, International Journal of Humanities and Social Sciences, Vol. 6, No. 2, Pp. 125-133.
দাস, মুনীন্দ্ৰ (২০১৪): পৃথক ৰাজ্যৰ দাবী আৰু জনগোষ্ঠীয় আন্দোলন, (গুৱাহাটী: অসম বুক ট্ৰাষ্ট), পৃষ্ঠা: ৪৬।  
১০ইন্টাৰনেটৰ তথ্য: ১৭ জুন ২০১৮ তাৰিখে ডাউনলোড কৰা হৈছে, উপলব্ধ:
১১Basid, Habib Fazlul (2016):  পূৰ্বোল্লেখিত।
১২দেউৰী, ইন্দিবৰ (২০১০): “অসমৰ জনগোষ্ঠীগত প্ৰশ্ন আৰু স্বায়ত্বশাসন”, প্ৰমোদ শৰ্মা সম্পাদিত, অশান্ত উত্তৰ-পূৰ্বাঞ্চল (এক সামাজিক অৱলোকন), (গুৱাহাটী: অসম পাবলিচিং কোম্পানী), পৃষ্ঠা: ১২১-১৩৬।  
১৩দাস, মুনীন্দ্ৰ (২০১৪): পূৰ্বোল্লেখিত, পৃষ্ঠা: ২০, ২১ আৰু ৬২।  
১৪দেউৰী, ইন্দিবৰ (২০১০): পূৰ্বোল্লেখিত।
সভাপণ্ডিত, ৰণজিৎ (২০১০): “কুপলেণ্ড আচঁনি, পূৰ্বোত্তৰত সশস্ত্ৰ ভাৰত-বিৰোধী আন্দোলন আৰু আলফাৰ বিভাজন”, প্ৰমোদ শৰ্মা সম্পাদিত, অশান্ত উত্তৰ-পূৰ্বাঞ্চল (এক সামাজিক অৱলোকন), (গুৱাহাটী: অসম পাবলিচিং কোম্পানী), পৃষ্ঠা: ২১৬-২২৩।
১৬তালুকদাৰ, মৃণাল (২০১৫): মৌতম, (নন্দ তালুকদাৰ ফাউণ্ডেছন֭), পৃষ্ঠা: ১৮।  
১৭চলিহা, সৌৰভ কুমাৰ (২০১৮): চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা, (সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ), পৃষ্ঠা: ১৮।  
১৮ফুকন, অংকুৰ তামুলী, গৌৰৱ ৰাজখোৱা আৰু বিদ্যুৎ সাগৰ বৰুৱা (২০১৬): “বংগসেনা, আৰ এছ এছ আৰু কাৰ্বি আংলঙৰ ৰাজনীতি (ক্ষেত্ৰভিত্তিক প্ৰতিবেদন-১, ২ আৰু ৩), আমাৰ অসম, ২০, ২৯ আৰু ৩০ ছেপ্টেম্বৰ।
১৯তালুকদাৰ, মৃণাল (২০১৫): পূৰ্বোল্লেখিত, পৃষ্ঠা: ১৫৪ আৰু ১৫৮।   
২০দেউৰী, ইন্দিবৰ (২০১০): পূৰ্বোল্লেখিত।  
২১বৰগোহাঞি, হোমেন (১৯৮১): “সম্পাদকীয়”, নাগৰিক, ২৩ জুলাই।
২২দাস, মুনীন্দ্ৰ (২০১৪): পূৰ্বোল্লেখিত, পৃষ্ঠা: ৪২, ৪৩ আৰু ৬৪।   
২৩ভৰালী, উদয়াদিত্য (২০১০): “উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় সংঘাত আৰু সংকট”, প্ৰমোদ শৰ্মা সম্পাদিত, অশান্ত উত্তৰ-পূৰ্বাঞ্চল (এক সামাজিক অৱলোকন), (গুৱাহাটী: অসম পাবলিচিং কোম্পানী), পৃষ্ঠা: ১১৭-১২০।
২৪দত্ত, অখিল ৰঞ্জন (২০১০): “উত্তৰ-পূব ভাৰতৰ জননিৰাপত্তাৰ ৰেহ-ৰূপ”, প্ৰমোদ শৰ্মা সম্পাদিত, অশান্ত উত্তৰ-পূৰ্বাঞ্চল (এক সামাজিক অৱলোকন), (গুৱাহাটী: অসম পাবলিচিং কোম্পানী), পৃষ্ঠা: ১৫২-১৬৫।
২৫দাস, মুনীন্দ্ৰ (২০১৪): পূৰ্বোল্লেখিত, পৃষ্ঠা: ৬৩।    
২৬বৰা, সঞ্জু  (২০১৮): “ন্যায়ালয়ৰ ৰায় আৰু পাহাৰত অজনজাতীয় ৰাইজৰ ভৱিষ্যৎ”, আমাৰ অসম, ২৫ ছেপ্টেম্বৰ।
২৭ইন্টাৰনেটৰ তথ্য: ৭ মে’ ২০১৮, তাৰিখে ডাউনলোড কৰা হৈছে, উপলব্ধ:  https://www.telegraphindia.com/states/north-east/graft-glare-on-council-chief/cid/1414041
২৮ইন্টাৰনেটৰ তথ্য: ৭ মে’ ২০১৮, তাৰিখে ডাউনলোড কৰা হৈছে, উপলব্ধ:  https://timesofindia.indiatimes.com/city/guwahati/Something-rotten-in-the-hills-of-Karbi-Anglong/articleshow/7756998.cms
  
[প্ৰকাশিত, ‘প্ৰান্তিক’, Vol. XXXIX, No. 2, ১৬-৩১ ডিছেম্বৰ 
২০১৯, পৃষ্ঠা: ১৩-১৫]