Wednesday, 1 June 2016

‘বিজ্ঞানৰ হিন্দুত্বকৰণ কিয়?’

     যোৱা ২১ মাৰ্চ ২০১৬ তাৰিখে ডাº অজিত কুমাৰ পটংগীয়াৰ ‘বিজ্ঞানৰ হিন্দুত্বকৰণ কিয়?’ শীৰ্ষক লেখাটো পঢ়ি আমাৰো দু-আষাৰ লিখিবলৈ মন গ’ল। প্ৰযুক্তিবিদ্যাৰ বিস্তৰ উন্নতিৰ ফলত উদ্ভাৱন কৰা টিভি, ৰেডিঅ’, ফোন, নিউক্লিয়াৰ বোম, মটৰগাড়ী আদি ‘প্ৰাচীন ভাৰতৰ বেদ-পুৰাণৰ পৰা নকল কৰা’ বুলি আমাৰ দেশৰ কিছুমান মানুহে প্ৰচাৰ চলোৱা নতুন কথা নহয়। বেদ-পুৰাণৰ ওপৰত অন্ধভাবে অগাধ বিশ্বাস কৰা লোকসকলৰ মাজত তেওঁলোক যথেষ্ঠ জনপ্ৰিয়। তেওঁলোকে বিস্তৰ গৱেষণাৰ (?) ফলত এই সত্য (?) পোহৰলৈ আনিছে বুলি নিজকে একো একোজন খুউব পৰিশ্ৰমী গৱেষক (?) হিচাপে জাহিৰ কৰি থাকে।
     ইতিমধ্যে উদ্ভাৱিত বস্তুবিলাকৰ কল্পনাখিনি প্ৰাচীন ভাৰতৰ বেদ-পুৰাণৰ পৰা নকল কৰা বুলি ধৰি ল’লেও, সেয়া সদায় ‘চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি’ কিয় হয়? আন দেশৰ লোকে সেইবোৰ বস্তু উদ্ভাৱন কৰাৰ আগতে ভাৰতৰ লোকে উদ্ভাৱন কৰিব পৰাকৈ সহায় কৰিবলৈ পৰিশ্ৰমী গৱেষকসকল (?) ক’ত লুকাই থাকে? কেইদিনমান পাছত আন দেশৰ লোকে অদৃশ্য হৈ যাব পৰা যন্ত্ৰ উদ্ভাৱন কৰিলে সেয়াও প্ৰাচীন ভাৰতৰ বেদ-পুৰাণৰ পৰা নকল কৰা বুলিয়ে কোনোবা পণ্ডিতে সত্যৰ (?) উন্মোচন কৰিব। আচলতে এনেধৰণৰ লাক-বান্ধ নোহোৱা, অলৌকিক গৱেষণাই (?) ভাৰতৰ দুৰ্বলতা প্ৰকাশ কৰাৰ লগতে ভাৰতক ঠাট্টাৰ পাত্ৰহে কৰি তুলিছে।  
    আচৰিত কথা-আজিকালি তেনে ভণ্ড পণ্ডিতক কিছুমান শিক্ষানুষ্ঠানতো বিশেষ বক্তা হিচাপে আমন্ত্ৰণ কৰি অনা দেখা গৈছে। মজাৰ কথাটো হ’ল- সেই শ্ৰেণীৰ পণ্ডিতে তেখেতৰ বক্তব্য ৰখাৰ আগতে কৌশলেৰে সভাৰ সভাপতিজনৰ হতুৱাই সভাত উপস্থিতসকলক জনায় যে বক্তব্য শেষ হোৱাৰ পাছত তেখেতে কোনো প্ৰশ্নৰ উত্তৰ নিদিয়ে (আচলতে সাহস নাই)। সি যি কি নহওক, তেনে পণ্ডিতক (?) আমন্ত্ৰণ কৰি অনা লোকসকলৰ জ্ঞান আহৰণৰ প্ৰতি থকা স্পৃহা দেখিহে আমাৰ দুখ লাগে। বিজ্ঞানীৰ পৰিচয় থকা ব্যক্তিয়ে তেনে লোকক সমৰ্থন কৰা দেখিলে আমাৰ মুখমণ্ডলত থকা চকুকেইটা আমাৰেই নে আনৰেই ধৰিব নোৱাৰা হওঁ। 
    বৈজ্ঞানিক দৃষ্টিভংগীৰে চলা প্ৰতিজন মানুহে শাস্ত্ৰত বিজ্ঞান দেখা পোৱা পণ্ডিতসকলক সততে অৱহেলা কৰে। এদিন হ’লেও সত্য প্ৰতিষ্ঠা হৈ সেই শ্ৰেণীৰ লোকসকলৰ চকু মেল খাব বুলি ভাৱিয়েই তেওঁলোকৰ ভণ্ডামিৰ প্ৰতি অৱহেলা কৰা হয়। কিন্তু তেওঁলোকে এনে অৱহেলাকে সুযোগ হিচাপে লৈ থাকিলে দীৰ্ঘকালত সমগ্ৰ সমাজখনকে বিপথে পৰিচালিত কৰিব পাৰে। ডাº পটংগীয়াক আমি ধন্যবাদ জনাইছোঁ, কাৰণ এনেধৰণৰ লেখাই সমাজত সত্য প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কিছু হ’লেও সহায় কৰিব।  

[প্ৰকাশিত, ‘আমাৰ অসম’, ০৮ এপ্ৰিল ২০১৬]

No comments:

Post a Comment