আমি
সৰু থাকোতে আমাক শিকোৱা হৈছিল যে বয়সত আমাতকৈ সৰু মানুহবোৰক মৰম কৰিব লাগে, ডাঙৰ
মানুহবোৰক শ্ৰদ্ধা কৰিব লাগে আৰু সময় সাপেক্ষে সমবয়সীয়া মানুহবোৰক মৰম আৰু শ্ৰদ্ধা
দুয়োটাই কৰিব লাগে। আমাৰ বয়স বাঢ়ি অহাৰ লগে লগে বহুত মানুহ লগ পালোঁ আৰু আমাক সৰুতে
শিকোৱা মৰম আৰু শ্ৰদ্ধা সম্পৰ্কীয় কথাবোৰ অনুধাৱন কৰিবলৈ ধৰিলোঁ। বুজিলোঁ যে বয়সত
ডাঙৰ হ’লেই মানুহ এজন শ্ৰদ্ধাশীল নহ’বও পাৰে বা বয়সত সৰু হ’লেই অকল মৰমৰ যোগ্য
নহ’বও পাৰে। আমাৰ তেত্ৰিছ বছৰীয়া বয়সলৈকে আমাতকৈ বয়সত ডাঙৰ এনে কিছুমান মানুহ লগ
পাইছোঁ যিসকল সচাঁকৈয়ে শ্ৰদ্ধাশীল। তেহেলৈ তেওঁলোকৰ বৃত্তি যিয়েই নহওক। আকৌ আমাতকৈ
বয়সত ডাঙৰ এনে কিছুমান মানুহ লগ পাইছোঁ, যিসকলৰ কাম আৰু কথাৰ মাজত কোনো সম্পৰ্কই
নাই, সদায় নেতিবাচক মানসিকতা লৈ থাকে, অশুদ্ধটোকে শুদ্ধ বুলি নিজৰ মতত অটল থাকে,
আনৰ কথা শুনাৰ প্ৰয়োজন অনুভৱ নকৰে, আচাৰ-ব্যৱহাৰত পক্ষপাতিত্ব কৰে, অনাহকত আনক
হাৰাশাস্তি কৰে, আনৰ ভাল দেখিব নোৱাৰে, মানুহৰ জাত-পাত খুচুৰি ফুৰে ইত্যাদি। এনে চৰিত্ৰৰ মানুহ বয়সত
ডাঙৰ হ’ল বুলিয়েই নিশ্চয় শ্ৰদ্ধাৰ পাত্ৰ হ’ব নোৱাৰে। অৱশ্যে ভদ্ৰতাৰ খাতিৰত শ্ৰদ্ধা
দেখুৱাব লগা হয়। কিন্তু অন্তৰৰ পৰা কোনো কাৰণতে শ্ৰদ্ধা কৰিব নোৱাৰি। আনহাতে আমাতকৈ
বয়সত সৰু এনে কিছুমান মানুহ লগ পাইছোঁ যিসকলক অকল মৰমৰেই তেওঁলোকৰ সজ আচৰণৰ বাবে
পাব লগা স্বীকৃতি সম্পূৰ্ণ নহয়। তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, কাম কৰাৰ পদ্ধতি, কথা
কোৱাৰ ধৰণ আদিয়ে আমাক এনেদৰে মুগ্ধ কৰে যে তেওঁলোকক শ্ৰদ্ধা নকৰি নোৱাৰি। আমাৰ
সমবয়সীয়া মানুহবিলাকৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। অৰ্থাত, কিছুমান মানুহ মৰম আৰু
শ্ৰদ্ধা দুয়োটাৰে যোগ্য আৰু আন কিছুমান মানুহ কোনোটোৰে যোগ্য নহয়।
[প্ৰকাশিত, ‘প্ৰান্তিক’, ১৬-৩০ জুন ২০১৬]
No comments:
Post a Comment