তিনিচুকীয়া জিলাৰ বাঘজানৰ তৈলখাদত জুই লগা ঘটনাই অসমত তোলপাৰ
লগাইছে । ‘নিয়মীয়া বাৰ্তা’ত প্ৰকাশ পোৱা বাতৰি অনুসৰি (১০ জুন ২০২০), নিমিষতে ১৫
টা বাসগৃহ জুইত জাহ গ’ল আৰু অঞ্চলটোৰ গঞাই আতংকিত হৈ ঘৰবাৰী এৰি নিৰাপদ স্থানলৈ
ঢাপলি মেলিবলগীয়া হ’ল । অভিযোগ উঠিছে যে সুদীৰ্ঘ ১৪ দিন ধৰি তৈলখাদটোৰ পৰা
অহৰ্নিশে গেছ নিৰ্গত হৈ থকাৰ পাছতো চৰকাৰ, প্ৰশাসন বা অইল ইণ্ডিয়া কৰ্তৃপক্ষই কোনো
ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে এনে এক ভয়ংকৰ পৰিস্থিতিৰ সম্মুখীন হ’বলগীয়া হ’ল
। ঘটনাটোৰ সম্পৰ্কত আমাৰ মনলৈ কেইটামান
প্ৰশ্ন আহিছে ।
(১) ‘পৰিৱেশ (সুৰক্ষা) আইন, ১৯৮৬’ অনুসৰি, মানৱসৃষ্ট
প্ৰতিটো বৃহৎ প্ৰকল্প এটাক কাৰ্যকৰী ৰূপ দিয়াৰ আগতে ১৯৯৪ চনৰ পৰা ভাৰত চৰকাৰে
পৰিৱেশ প্ৰভাৱ নিৰূপণ (Environmental Impact Assessment) ব্যৱস্থা বাধ্যতামূলক কৰিছে ।
বাঘজানৰ তৈলখাদৰ ক্ষেত্ৰত পৰিৱেশ প্ৰভাৱ নিৰূপণ কৰা হৈছিল নে ? (২) যদি পৰিৱেশ
প্ৰভাৱ নিৰূপণ কৰা হৈছিল, যিবিলাক চৰ্ত বান্ধি দিয়া হৈছিল সেইবোৰ পালন কৰি খাদটোৰ
পৰা তেল আহৰণ কৰি থকা হৈছিল নে ? (৩) তৈলখাদটোৰ পৰা কিমান ব্যাসাৰ্ধৰ বাহিৰত
মানুহে বসতি কৰিব পাৰিব সেই সম্পৰ্কে স্পষ্ট নিয়মাৱলী আছিল নে ? (৪) তেল আহৰণত
ব্যৱহাৰ কৰা মেচিনবোৰ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থকা হৈছিল নে ? (৫) তৈলখাদটোৰ ওচৰৰ জৈৱ-বৈচিত্ৰ সম্পৰ্কত অইল
ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষই বিকল্প চিন্তা কৰিছিল নে ?
যিসময়ত সমগ্ৰ পৃথিৱীতে প্ৰাকৃতিকভাবে সৃষ্ট দুৰ্ঘটনাবোৰক
(যেনে-ভূমিকম্প, বজ্ৰপাত, ঘুৰ্ণীবতাহ আদি) নিয়ন্ত্ৰণ কৰিবলৈ বিজ্ঞানীসকলে চেষ্টা
চলাই আছে তেনেসময়ত মানৱসৃষ্ট প্ৰকল্প এটাক সুচাৰুৰূপে পৰিচালনা কৰি নিয়ন্ত্ৰণ কৰিব
নোৱাৰাটো অতি দুৰ্ভাগ্যজনক ।
['নিয়মীয়া বাৰ্তা', ১৬ জুন ২০২০]
No comments:
Post a Comment