তাত্ত্বিকভাবে বিশ্লেষণ কৰে বাবে দেৱাঞ্জন বৰঠাকুৰৰ লেখাবোৰে
আমাক চিন্তাৰ খোৰাক দিয়ে । ‘আমাৰ অসম’ত যোৱা ১৪ জুনত প্ৰকাশিত বৰঠাকুৰৰ “বৰ্ণবৈষম্যৰ
আঁৰৰ ‘বিজ্ঞান’” শীৰ্ষক লেখাটোও ইয়াৰ ব্যতিক্ৰম নহয় । বৰঠাকুৰৰ লেখাটোৰপৰা এইটো স্পষ্ট
হৈছে যে যদিও বৰ্ণবৈষম্য এক সামাজিক ব্যাধি, ইয়াৰ আঁৰত ‘বিজ্ঞান’ আছে । গতিকে, আমি এই সিদ্ধান্তত আহিব পাৰোঁ যে ‘বিজ্ঞান’ আছে বাবেই প্ৰতিজন ব্যক্তিৰ মন-মগজুত
বৰ্ণবৈষম্য বিৰাজমান আৰু এই কাৰণতে সমাজৰপৰা বৰ্ণবৈষম্য নিৰ্মূল কৰা সম্ভৱ নহয় (সম্ভৱ
হ’ব, যদিহে বৰঠাকুৰে আশা কৰাৰ দৰে বিশেষধৰণৰ মেডিটেশ্বন, যেনে-‘লিভিং কাইণ্ডনেছ
মেডিটেশ্বন’ আদিয়ে আমাৰ মন-মগজুৰ বৈষম্যবোৰ আঁতৰোৱাত বিশেষ ভূমিকা ল’ব পাৰে) । আমি
ভাৱোঁ, বৰ্ণবৈষম্যৰ আঁৰত ‘বিজ্ঞান’ থাকিলেও সামাজিক, ৰাজনৈতিক, ধৰ্মীয়, অৰ্থনৈতিক
আদি উপাদানবোৰে ইয়াৰ বিস্তৃতি (Spread) আৰু তীব্ৰতা
(Intensity)ৰ ওপৰত তাৎপৰ্যপূৰ্ণভাবে প্ৰভাৱ পেলায় । এই উপাদানবোৰে বৰ্ণবৈষম্যৰ বিস্তৃতি আৰু তীব্ৰতাৰ
ওপৰত কিমান প্ৰভাৱ পেলায়, সেয়া নিৰ্ভৰ কৰে এই উপাদানবোৰৰ সৈতে জড়িত নেতৃস্থানীয় লোকসকলৰ
আদৰ্শ, তেওঁলোকে সৃষ্টি কৰা পৰিৱেশ আৰু সেই পৰিৱেশৰ প্ৰতি সৰ্বসাধাৰণে জনোৱা
সঁহাৰিৰ ওপৰত ।
ৰবাৰ্ট চেপলস্কিৰ উক্তিৰে বৰঠাকুৰে ঠিকে কৈছে যে আজিৰ বন্ধু
কাইলৈৰ শত্ৰু হ’ব পাৰে আৰু কোনো বিশেষ মতবাদ, ঈশ্বৰ বা দলৰ প্ৰতি থকা অনুগত্যই ইয়াৰ
বাবে দায়ী হ’ব পাৰে । ইয়াৰ প্ৰমাণ বিচাৰি বেছিদূৰ যাবই নালাগে । কেইবা দশক ধৰি নেতৃত্ব
দি থকা ৰাজনৈতিক আৰু সাংস্কৃতিক মতাদৰ্শক ৰাতিটোৰ ভিতৰতে সলনি কৰি পূৰ্বৰ মতাদৰ্শৰ
প্ৰতি বিদ্বেষৰ পৰিৱেশ সৃষ্টি কৰা বহু নেতৃস্থানীয় ব্যক্তিৰ উদাহৰণ আমাৰ ভাৰতবৰ্ষতে
আছে । বৰ্ণবৈষম্য নিৰ্মূল কৰিবলৈ সক্ষম হোৱা
মেডিটেশ্বন ভৱিষ্যতে আৱিস্কাৰ হ’ব নে নাই সেয়া সময়তহে গম পোৱা যাব । কিন্তু, এইটো
ঠিক যে আমাৰ সমাজত যেনেদৰে বৰ্ণবৈষম্যৰ বিস্তৃতি আৰু তীব্ৰতা বৃদ্ধি কৰিবলৈ চেষ্টা
কৰা মানসিকতাৰ ব্যক্তি আছে, তেনেদৰে হ্ৰাস কৰিবলৈ চেষ্টা কৰা মানসিকতাৰ ব্যক্তিও
আছে । গতিকে, মেডিটেশ্বনৰ আৱিস্কাৰ অবিহনেও
বৰ্ণবৈষম্যৰ বিস্তৃতি আৰু তীব্ৰতা হ্ৰাস কৰিব পৰাৰ সম্ভাৱনা নিশ্চয় আছে ।
[প্ৰকাশিত, ‘আমাৰ অসম’, ১৯ জুন ২০২০]
No comments:
Post a Comment