Monday 20 August 2012

অসমত গোষ্ঠী সংঘৰ্ষ সম্পৰ্কে


শেহতীয়াকৈ অসমত গোষ্ঠীগত সংঘৰ্ষই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ২০১১ চনৰ প্রথম ভাগত অসমৰ গোৱালপাৰা জিলা আৰু মেঘালয়ৰ পূৱ গাৰো পাহাৰ জিলাৰ সীমাঞ্চলত সংঘটিত গাৰো-ৰাভা গোষ্ঠী সংঘৰ্ষৰ ফলত ক্ষতিগ্রস্ত লোকসকলৰ পুনৰ সংস্থাপন প্রক্রিয়া সম্পৰ্ণ হোৱাই নাই, বড়োভূমিত আৰু এক ভয়ংকৰ গোষ্ঠীগত সংঘৰ্ষৰ সূত্রপাত হ’ল। অৱশ্যে ইয়াৰ আগতেও বড়োভূমিত বহুবাৰ গোষ্ঠীগত সংঘৰ্ষ সংঘটিত হৈছে। ১৯৯৬ চনৰ পৰা ১৯৯৮ চনৰ সময়ছোৱাত বড়োসকলে চাণ্ঠালসকলৰ ওপৰত অমানুসিক আক্রমণ চলাইছিল। যাৰ ফলত ৩০০ চাওতালৰ মৃত্যু হৈছিল আৰু ২,৮০,০০ লোক স্থানান্তৰিত হ’ব লগা হৈছিল (ড° ননীগোপাল মহন্ত, ‘অমাৰ অসম’, ২৬ আৰু ২৭ জুলাই ২০১২, প্রথম পৃষ্ঠা চাব পাৰে)। সংবাদ মাধ্যমে ঢুকি নোপোৱা পাহাৰীয়া জিলাসমূহত সঘনে সংঘটিত গোষ্ঠীগত সংঘৰ্ষসমূহতো আছেই।
মূলত, অঞ্চল বিশেষে সংখ্যাগৰিষ্ঠ জনজাতিসমূহে সাংবিধানিকভাবে সুকীয়া মৰ্যদা বিচাৰি দাবী উত্থাপন কৰা আৰু সংশ্লিষ্ট অঞ্চলটোৰ সংখ্যালঘু লোকসকলে (ইয়াত সংখ্যালঘু বোলোতে সংশ্লিষ্ট অঞ্চলটোৰ সংশ্লিষ্ট জনজাতিটোৰ বাহিৰে সকলোবোৰ লোককে সামৰি লোৱা হৈছে) তাৰ বিৰোধীতা কৰাৰ ফলতে গোষ্ঠীগত সংঘৰ্ষসমূহ সংঘটিত হৈ আহিছে। যেনে-বি টি এ ডি আঞ্চলত বড়োসকলে সুকীয়া বড়ো ৰাজ্য বিচাৰি উত্থাপন কৰা দাবী অঞ্চলটোৰ অনাবড়োসকলে বিৰোধীতা কৰি অহাৰ ফলতে অঞ্চলটোত শেহতীয়াকৈ ভয়াভহ গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি হ’ল। সেইদৰে ৰাভা সংখ্যাগৰিষ্ঠ অঞ্চলত ৰাভাসকলে তেওঁলোকক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তিৰ বাবে জনজাতিটোৱে দাবী উত্থাপন কৰি থকাৰ ফলস্বৰূপে অঞ্চলটোৰ সকলোবোৰ অৰাভা, গাৰোসকলৰ পক্ষত পৰোক্ষ সহযোগ আগবঢ়াই দিয়াৰ ফলত গাৰো-ৰাভা গোষ্ঠীগত সংঘৰ্ষ সংঘটিত হৈছিল। আৰু এনে পৰিস্থিতিৰ উদ্ভৱ হ’লেই সদায় সুযোগৰ সন্ধানত থকা কু-চক্রবোৰে জ্বলা জুইত ঘিউ ঢালি হিংসাৰ জুইকুৰা দপদপাই জ্বলাত উৎসাহ যোগায়।
পাহাৰীয়া জিলাকেইখনত সংঘটিত গোষ্ঠী সংঘৰ্ষবোৰৰ বাহিৰে যিমানবোৰ গোষ্ঠীগত সংঘৰ্ষ সংঘটিত হৈছে, তাৰ কাৰণ ৰাজ্যখনলৈ অবৈধ অনুপ্রৱেশ আৰু ৰাজ্য চৰকাৰৰ বিফলতা বা বিষয়টোৰ প্রতি অনিহাই যে দ্বায়ী তাত সন্দেহ নাই। অতিকে গুৰুত্বপূৰ্ণ বুলি বিবেচিত ৰাষ্ট্রীয় নাগৰিক পুঞ্জীকৰণ (National Registration of Citizens)কাৰ্যসূচী কাৰ্যকৰী কৰিব নোৱাৰা বা নকৰাটোৱে ইয়াকে প্রমাণ কৰে। তদুপৰি অবৈধ অনুপ্রৱেশকাৰীসকলক লৈ ৰাজনৈতিক দলসমূহে ভোট বেংকৰ দৰে নিকৃষ্ট ৰাজনীতি কৰি থকাটোও সচেতন নাগৰিক মাত্রেই নুবুজাকৈ থকা নাই। গতিকে, কিছু পলমকৈ হ’লেও অসমৰ ভূমিপুত্ৰ বুলি দাবী কৰা প্রতিটো জনজাতিয়ে নিজেই নিজৰ পৰিচয় আৰু অস্তিত্ব ৰক্ষাৰ চেষ্টা কৰিবলৈ বাধ্য হৈছে। যদিও, কথাকথিত অসমীয়াসকলৰ জনজাতীয় লোকসকলৰ প্রতি অৱহেলা মনোভাৱৰ বাবে নিজস্ব পৰিচয় (Identity) দাঙি ধৰাৰ উদ্দেশ্যে জনজাতিসকলে আন্দোলন আৰম্ভ কৰিছিল, আজিৰ তাৰিখত সেয়া লঘু হৈ পৰিছে। কাৰণ তেওঁলোকে সেই উদ্দেশ্যত কিছু হ’লেও উপনিত হ’বলৈ সক্ষম হৈছে।
অসমৰ ২৩টা জনজাতিৰ ভিতৰত বড়োসকলৰ জনসংখ্যাই হ’ল আটাইতকৈ বেছি। ৯০ ৰ দশকত বড়োসকলেই প্রথমে নিজৰ অস্তিত্ব তথা পৰিচয় দাঙি ধৰাৰ লগতে জনজাতিটোৰ সৰ্বাংগীন উন্নয়নৰ উদ্দেশ্যে এককভাবে আন্দোলনৰ সূত্রপাত ঘটাইছিল। বড়োসকলে কিছু সুফল পোৱা দেখি ৰাজ্যখনৰ আন জনজাতিসমূহেও একেটা পথকে অনুসৰণ কৰিবলৈ ল’লে। প্রায়বোৰ জনজাতিৰে গণতান্ত্রিক পদ্ধতিৰ প্রতি আস্থা নথকা একাংশ লোক সহস্ত্র সংগ্রামতো নামি পৰিল। সমস্যা হ’ল-সংশ্লিষ্ট জনজাতিটোৱে যিটো অঞ্চল তেওঁলোকৰ বুলি সাংবিধানিক স্বীকৃতিৰ দাবী উত্থাপন কৰে সেই অঞ্চলটোত আন জাতি-জনজাতি বা ধৰ্মৰ লোকো বসবাস কৰে। বৈচিত্রতা ভাৰতবৰ্ষৰ এটা বৈশিষ্ঠই। তেওঁলোকক উপেক্ষা কৰি সংশ্লিষ্ট জনজাতিটোৱে এক বিশেষ সাংবিধানিক মৰ্যদা বিচাৰিলে আন জাতি, জনজাতি বা ধৰ্মৰ লোকসকলে স্বাভাৱিকতেই বিৰূদ্ধাচৰণ কৰিব। অসমত সম্প্রতি সেয়াই হৈছে। এই ক্ষেত্রত সংঘৰ্ষৰ জ্বলা জুইত দুয়ো ফৈদৰ সহস্ত্র বাহিনীয়ে পৰোক্ষভাবে উৎসাহ যোগাই পৰিস্থিতি অধিক উত্তপ্ত কৰা নাই বুলি ক’ব নোৱাৰি।  
  কোনো সন্দেহ নাই, সমগ্র অসমৰ লগতে নামনি অসমত বিভিন্ন জনজাতিয়ে তেওঁলোকক বিশেষ সাংবিধানিক মৰ্যদা দিব লাগে বুলি দাবী উত্থাপন কৰা অঞ্চলসমূহতো অবাধ অবৈধ অনুপ্রৱেশকাৰীয়ে অঞ্চলটোৰ জনসংখ্যা গাঁথনিৰ ওপৰত চিন্তনীয়ভাৱে প্রভাৱ পেলাইছে। অবৈধ অনুপ্রৱেশকাৰী বোলোতে ১৯৭১ চনৰ পাছত অসমলৈ প্রব্রজন ঘটা সকলোবোৰ বিদেশীকে সামৰি লোৱা হৈছে যদিও অঞ্চলটোত অবৈধ বাংলাদেশীৰ অনুপ্রৱেশৰ প্রকোপেই যে বেছি তাত দ্বিমত নাই। মানৱীয় দৃষ্টিভংগীৰে অবৈধ বাংলাদেশীসকলেও মানুহ। তেওঁলোকৰো মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ আছে। যিখন দেশৰ জনসংখ্যাৰ ঘনত্ব প্রতি বৰ্গকিলমিটাৰত ,২০০ জনতকৈ অধিক সেইখন দেশৰ জনসংখ্যাই মৌলিক প্রয়োজনৰ তাড়নাত চুবুৰীয়া দেশখনত অবৈধভাৱে অনুপ্রৱেশ কৰাটোৱেই স্বভাৱিক। দেশখন অৰ্থনৈতিকভাৱে শক্তিশালী লে কথাটো বেলেগ লেহেঁতেন।। ভাৰতবৰ্ষৰ অৱস্থা যদি বাংলাদেশ আৰু বাংলাদেশৰ অৱস্থা ভাৰতবৰ্ষৰ দৰে লেহেঁতেন, পৰিস্থিতি সম্পূৰ্ণ  ওলোটা লেহেঁতেন। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অবৈধ বাংলাদেশীয়ে অসমৰ খিলঞ্জীয়া লোকসকলক সংখ্যালঘিষ্ঠ কৰক আৰু নিজৰ ভূমিতে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হওক। গতিকে, অঞ্চলটোৰ প্রতিজন অবৈধ অনুপ্রৱেশকাৰীক চিনাক্ত কৰি তেওঁলোকক অসমৰ পৰা বহিস্কাৰ কৰা আৰু নতুন অবৈধ অনুপ্রৱেশ ৰোধ কৰা অতি আৱশ্যক। বিষয়টোৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন জনজাতীয় সংগঠনসমূহে দীৰ্ঘ দিন ধৰি মাত মাতি আছে যদিও চৰকাৰৰ ফালৰ পৰা আশানুৰূপ সঁহাৰি লাভ কৰা নাই।
ইফালে চৰকাৰে ৰাষ্ট্রীয় নাগৰিকপুঞ্জীৰ কাম আৰম্ভ কৰিলেই ধৰ্মীয় সংখ্যালঘু সম্প্রদায়ৰ বিভিন্ন সংগঠনসমূহে বাধা আৰোপ কৰি আহিছে। প্রশ্ন হ’ল, অসমত অবৈধ অনুপ্রৱেশকাৰী যদি নায়েই চৰকাৰে ৰাষ্ট্রীয় নাগৰিকপুঞ্জীৰ কামত হাত দিলে এই সংগঠনসমূহে জাঙুৰ খাই উঠিব লাগে কিয়? উপযুক্ত তথ্যপাতিৰ যোগান ধৰিব পৰিলে কোনো লোকেই বিদেশী বুলি চিনাক্ত হোৱাৰ ভয় নাথাকে।
মুঠ কথা, চৰকাৰে যিকোনো প্রকাৰে ৰাষ্ট্রীয় নাগৰিকপুঞ্জীৰ কাম কাৰ্যকৰী কৰিব লাগে আৰু এই ক্ষেত্রত ৰাজ্যখনৰ প্রতিটো জাতি, জনজাতি বা ধৰ্মীয় সংখ্যালঘু সম্প্রদায়ৰ লোকে সহযোগ আগবঢ়াব লাগে। অন্যথা, অসমত এনেধৰণৰ গোষ্ঠী সংঘৰ্ষ সাধাৰণ ঘটনা হিচাপে গ্রহণ বা অৱজ্ঞা কৰিব পৰাৰ শক্তি আহৰণ কৰিবলৈ আৰম্ভ কৰক।      


প্রকাশিত, ‘প্রান্তিক’, ১৬ আগষ্ট ২০১২