Friday 3 May 2019

অসমত পথ দুৰ্ঘটনা সম্পৰ্কে


অসমত প্ৰায় প্ৰতিদিনেই একোটাকৈ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা যায়।  সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি ২০১৯ চনৰ ২২ মাৰ্চলৈ কেৱল মৃত্যুঞ্জয় সেৱা ১০৮ এ মুঠ ১০৪ টা পথ দুৰ্ঘটনাৰ বাবে সেৱা আগবঢ়াইছে। শেহতীয়াকৈ যোৱা ২৬, ২৭ আৰু ২৯ এপ্ৰিল তাৰিখে ক্ৰমে কাজিৰঙাৰ বুঢ়া পাহাৰ, ধুবুৰীৰ বালাজান, নলবাৰীৰ মুকালমুৱাত সংঘটিত পথ দুৰ্ঘটনা তিনিটাত মুঠ আঠজন মানুহে কৰুণভাবে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে।
সচৰাচৰ আমি ৰাষ্টাত দেখি থকা এটা দৃশ্য হ’ল-উনংগাৰ, ট্ৰেভেলাৰ আৰু ষ্টাৰবাছ জাতীয় গাড়ীবোৰৰ চালকসকলে অঘোষিত প্ৰতিযোগিতা চলাই আন গাড়ীসমূহক অতিক্ৰম কৰি তুলনামূলকভাবে কম সময়ৰ ভিতৰত যাত্ৰীসকলক গন্তব্য স্থানত উপনিত কৰাবলৈ চেষ্টা চলায়। কেতিয়াবা এনেকুৱা লাগে-চৰকাৰে যেন ৰাষ্টাবিলাক কেৱল উল্লিখিত গাড়ীবোৰৰ বাবেহে বনাইছে! তেওঁলোকে দুটা উদ্দেশ্যত দুইধৰণৰ অঘোষিত প্ৰতিযোগিতা চলায়-(১) যাত্ৰীবাহী গাড়ীসমূহক অতিক্ৰম কৰি নিজৰ উপাৰ্জন বৃদ্ধি কৰা, (২) আন গাড়ীসমূহক অতিক্ৰম কৰি এক আসুৰিক আনন্দ লাভ কৰা। টু-লেনবোৰত দিনৰ ভাগৰ পথ দুৰ্ঘটনাবোৰ আন গাড়ীবোৰক অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ ফলতে সংঘটিত হয়। গাড়ীখন তীব্ৰগতিত চলোৱাৰ সময়ত চালকসকলে ভাবি নাচায় যে যিসকল যাত্ৰীক তুলনামূলকভাবে কম সময়ৰ ভিতৰত তেওঁলোকৰ গন্তব্য স্থানত উপনিত কৰাবলৈ চেষ্টা চলাইছে, সেইসকল যাত্ৰীৰ সুৰক্ষিত যাত্ৰাও তেওঁলোকৰ দায়িত্বৰ ভিতৰত পৰে। গাড়ীখন তীব্ৰগতিত চলোৱাৰ ক্ষেত্ৰত সংশ্লিষ্ট গাড়ীখনৰ যাত্ৰীসকলৰো অৱদান থাকে। উল্লিখিত গাড়ীসমূহৰ কোনো এখন গাড়ী তুলনামূকলভাবে লাহে লাহে চলালে যাত্ৰীৰ ফালৰ পৰাও আপত্তি আহে। আচলতে তুলনামূলকভাবে কম সময়ৰ ভিতৰত নিজৰ গন্তব্য স্থানত উপনিত হোৱাৰ উদ্দেশ্য আগত ৰাখিয়েই তেওঁলোকে উল্লিখিত গাড়ীসমূহত যাত্ৰা কৰে (আন গাড়ী আছে বুলি ধৰি লোৱা হৈছে)। যাত্ৰীসকলৰ এই মানসিকতাই সংশ্লিষ্ট চালকজনক কিছু পৰিমানে হ’লেও গাড়ীখন তীব্ৰগতিত চলাবলৈ উৎসাহ প্ৰদান কৰে। ট্ৰাকৰ সৈতে মুখামুখি হৈ বা ৰাখি থোৱা ট্ৰাকৰ পিছফালে খুন্দা খাই পথ দুৰ্ঘটনা সংঘটিত হ’লে সাধাৰণতে ট্ৰাক চালকজনকে দোষী সাব্যস্ত কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হয়। ব্যতিক্ৰমক বাদ দি ট্ৰাক চালকসকলে এক নিৰ্দিষ্ট গতিত নিজৰ ফালেদি (বাওফালে) ট্ৰাকখন চলায় নিয়ে। উল্লিখিত গাড়ীবোৰৰ চালক, বাইক চালক আৰু একাংশ সৰু গাড়ী চলোৱা চালকসকলে কেৱল নিজৰ গাড়ীখনৰ গতি বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি গাড়ীখন চলোৱাৰ ফলতে পথ দুৰ্ঘটনাবোৰ সংঘটিত হয়। অৱশ্যে, মোবাইল ফোনত কথা পাতি, প্ৰয়োজনীয় টোপনিৰ অভাৱ আৰু ৰাগীয়াল দ্ৰব্য সেৱন কৰি গাড়ী চলোৱাৰ ফলতো পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে চৰকাৰে প্ৰতি বছৰে পথ সুৰক্ষা সপ্তাহ পালন কৰাৰ উপৰি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি থাকে। স্বেচ্ছাসেৱী সংগঠনসমূহেও পথ সুৰক্ষা সম্পৰ্কে সজাগতা আনিবলৈ চেষ্টা চলাই থাকে। আমি ভাবো, পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে চৰকাৰ বা স্বেচ্ছাসেৱী সংগঠনসমূহে যিমানেই কাৰ্যসূচী ৰূপায়ণ নকৰক কিয়, জনসাধাৰণে (বিশেষকৈ গাড়ী চালকসকল) নিজে সচেতেন নহ’লে পথ দুৰ্ঘটনা হ্ৰাস পোৱাৰ সম্ভাৱনা নাই।
  
[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ০৩ মে’ ২০১৯]