যোৱা
১১ ফেব্ৰুৱাৰী ২০১৬ তাৰিখে আমাৰ অসম কাকত প্ৰকাশিত ডা: অজিত বৰুৱাৰ ‘বৰ্ণ
বৈষম্য: একলব্য, কৰ্ণ, আম্বেদকাৰৰ পৰা ৰোহিতলৈকে’ লেখাটো পঢ়ি অসমত বৰ্ণ বৈষম্য
সম্পৰ্কে দুষাৰ লিখিবলৈ আগ্ৰহ অনুভৱ কৰিলোঁ। তেখেতে ঠিকেই লিখিছে যে ‘আমাৰ
ৰাজ্যখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এনেধৰণৰ নিম্নৰুচিৰ বিচাৰৰ পৰা অসমখনক
কেতিয়াবাই মুক্ত কৰি থৈ গৈছে’। পিছে শংকৰদেৱৰ উত্তৰসুৰীসকলে অসমত সেই পৰম্পৰা
বৰ্তাই ৰাখিব পাৰিছেনে? আমাৰ বোধেৰে নাই পৰা। এসময়ত কটন কলেজৰ দৰে উচ্চ শিক্ষাৰ
অনুষ্ঠানত অসমৰ তথাকথিত উচ্চজাতৰ ছাত্ৰ আৰু নিম্নজাতৰ ছাত্ৰৰ বাবে সুকীয়া
ৰান্ধনীশালৰ ব্যৱস্থা কৰাটোৱে কি সুচায়? ইমান আগৰ কথা উল্লেখ কৰিবই নালাগে। যোৱা ৮
জুন ২০১৫ তাৰিখে আমাৰ অসম কাকতখনত প্ৰকাশিত ময়ুৰ বৰাৰ প্ৰবন্ধটোত অসমত
যে এতিয়াও জাত-পাতৰ অৱস্থিতি আছে সেয়া প্ৰতিয়মান হৈছে। সত্ৰাধিকাৰ বাছনিৰ ক্ষেত্ৰত
সত্ৰসমূহে যে এতিয়াও বৰ্ণবৈষম্যৰ পৰা বাহিৰ হ’ব পৰা নাই, তেখেতৰ প্ৰবন্ধটোত
স্পষ্টকৈ ওলাই পৰিছে।
[প্ৰকাশিত, 'আমাৰ অসম', ২৬ ফেব্ৰুৱাৰী, ২০১৬]