Thursday 6 May 2021

‘ষ্টুপিডৰ ষ্টুপিডিটী’ৰ প্ৰসংগত

 

যোৱা ৩০ এপ্ৰিলত ‘আমাৰ অসম’ত প্ৰকাশিত ডাº ভৃংগেশ্বৰ শৰ্মাৰ ‘ষ্টুপিডৰ ষ্টুপিডিটী’ শীৰ্ষক লেখাটো পঢ়িলোঁ ।  লেখাটোৰ দ্বাৰা ডাº শৰ্মাই ধৰ্ম আৰু ৰাজনীতিৰ সৈতে জড়িত ষ্টুপিডসকলৰ প্ৰতি প্ৰকাশ কৰা ক্ষোভক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ ।  সংগঠিত ধৰ্মৰ ধৰ্মীয় পৰম্পৰাই একশ্ৰেণীৰ লোকক উন্মাদ কৰি তোলে ।  সেইদৰে নিৰ্বাচনৰ সময়তো একশ্ৰেণীৰ মানুহ প্ৰয়োজনাধিক উন্মাদ হৈ পৰে ।  শেহতীয়াকৈ, তথাকথিত ধৰ্মগুৰু আৰু স্বাৰ্থপৰ ৰাজনৈতিক নেতাই তেওঁলোকৰ স্বাৰ্থৰ বাবে ক্ৰমে ধৰ্মীয় পৰম্পৰা আৰু নিৰ্বাচনৰ নামত একাংশ মানুহক উন্মাদ কৰি তুলিছিল, যাৰ ফলত আজি সমগ্ৰ ভাৰততে এক ভয়াৱহ পৰস্থিতিৰ সৃষ্টি হৈছে ।   ধৰ্মীয় পৰম্পৰাৰ নামত সৃষ্টি কৰা উন্মাদ পৰিস্থিতয়ে যে ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি কৰে, সেয়া বিগত বছৰতে দেখা গৈছিল । পৰিৱেশ এনেদৰেও সৃষ্টি কৰা হৈছিল যে এটা নিৰ্দিষ্ট সংগঠিত ধৰ্মৰ সৈতে জড়িত লোকসকলেই ভাৰতত ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিৰ বাবে জগৰীয়া । ইয়াৰ পিছতো কিছুমান সংগঠিত ধৰ্মৰ তথাকথিত ধৰ্মগুৰুসকলে নিজ ধৰ্মৰ সৈতে জড়িত পৰম্পৰাৰ নামত  উন্মাদনাৰ পৰিৱেশ সৃষ্টি কৰি কেইবা লাখ লোকক গোট খুৱালে । ভাৰতৰ তথাকথিত ধৰ্মগুৰুসকল যে অপৰিপক্ক এয়া এক উপযুক্ত প্ৰমাণ ।

দেশ বা ৰাজ্য এখনক সু-নেতৃত্ব প্ৰদানৰ লক্ষ্যৰে সংশ্লিষ্ট দেশখনৰ নাগৰিকসকলে ৰাজনৈতিক নেতাসকলক শাসনৰ গাদীত বহুৱায় । নাগৰিকসকলে সেই ৰাজনৈতিক নেতাসকলক নিৰ্বাচন কৰে যিসকলক সাধাৰণতে দক্ষ তথা দূৰদৰ্শী হিচাপে বিবেচনা কৰা হয় । অসমৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ সময়ত একাংশ ৰাজনৈতিক নেতাই   নিৰ্বাচনী প্ৰচাৰৰ সময়ত সৃষ্টি কৰা উন্মাদনাৰ ফলতে ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি হোৱা পৰিস্থিতিটোৱে প্ৰমাণ কৰিলে যে ৰাজ্যখনৰ ৰাজনৈতিক নেতাসকলক দক্ষ বুলি ক’ব পৰিলেও দূৰদৰ্শী হিচাপে মুঠেই ক’ব নোৱাৰি ।  দুৰ্ভাগ্যজনক কথাটো হ’ল-সংশ্লিষ্ট ৰাজনৈতিক নেতাসকলে ৰাজ্যখনৰ বৰ্তমানৰ ভয়াৱহ পৰিস্থিতিৰ বাবে তেওঁলোকে সৃষ্টি কৰা অদূৰদৰ্শী কৰ্মকাণ্ডৰ বাবে অলপো অনুশোচনা কৰা নাই ।  

ভাৰতৰ তথা অসমৰ ক’ভিড-১৯ৰ বৰ্তমানৰ ভয়াৱহ পৰিস্থিতৰ বাবে ধৰ্মীয় বা ৰাজনৈতিক উন্মাদনাত অংশগ্ৰহণ কৰা লোকসকলো তথাকথিত ধৰ্মগুৰু আৰু ৰাজনৈতিক নেতাসকলৰ সমানেই দায়ী ।  তথাকথিত ধৰ্মগুৰু আৰু ৰাজনৈতিক নেতাসকলে তেওঁলোকৰ স্বাৰ্থৰ বাবে মানুহক উন্মাদ কৰি তুলিবলৈ চেষ্টা কৰিবই ।  নিজৰ মগজুটো অলপ সক্ৰিয় অৱস্থাত ৰাখিলেই ধৰিব পাৰি যে সেই উন্মাদনাবোৰ তেনেই ক্ষন্তেকীয়া । উন্মাদনাত অংশগ্ৰহণ নকৰাকৈয়ো ধৰ্মৰ সৈতে জড়িত সংস্কৃতিক ৰক্ষা কৰিব পাৰি । সেইদৰে, নিজৰ পছন্দৰ ৰাজনৈতিক নেতাগৰাকীক নিৰ্বাচিত কৰিবৰ বাবে ৰোড শ্ব’ আদিত অংশগ্ৰহণ কৰি ৰাজনৈতিক উন্মাদনাত যোগদান কৰাৰ প্ৰয়োজন নাই, বিশেষকৈ চৌদিশে ক’ভিড-১৯ৰ দৰে ভয়ানক অতিমাৰীৰ সময়ত । ভাৰতবৰ্ষৰ আৰ্থিক আৰু সামৰিক অৱস্থা যিমানেই শক্তিশালী (একাংশই দাবী কৰাৰ দৰে) নহওক কিয়, জনসাধাৰণে নিজৰ মগজুটো সক্ৰিয় অৱস্থাত ৰাখি এলান্দুকলীয়া ধৰ্মীয় পৰম্পৰা আৰু অপ্ৰয়োজনীয় ৰাজনৈতিক উন্মাদনা পৰিহাৰ কৰিব নোহোৱালৈকে আমাৰ দেশখনৰ সামগ্ৰিক উন্নয়ন সম্ভৱ নহয় ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ০৭ মে’ ২০২১]