Friday, 7 August 2026

মানৱতা আৰু আদৰ্শৰ সংঘাত (Humanity and Conflict of Ideology)

            বাৰিষা আহিলেই অসমত বান আহে । শেহতীয়াকৈ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত হৈ যোৱা বানপানীৰ ফলত (নে ধলপানী) জিলাকেইখনৰ লোকসকলৰ বিস্তৰ ক্ষতি হৈছে । বানপানীৰ সৈতে সচৰাচৰ মুখামুখি হোৱাৰ অভিজ্ঞতা নথকাৰ বাবে উল্লিখিত জিলাকেইখনৰ লোকসকলৰ ক্ষতিৰ পৰিমাণ আন জিলাৰ লোকসকলতকৈ বেছি হৈছে । ইতিমধ্যে আশীজনকৈ অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ অসম আৰু অসমৰ বাহিৰৰ বিভিন্ন ব্যক্তি, প্ৰতিষ্ঠান, ৰাজনৈতিক দল আৰু সংগঠনে সহমৰ্মিতা আৰু মানৱতাৰ নিদৰ্শন দাঙি ধৰি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আগবাঢ়ি আহিছে । চৰকাৰেও সুচাৰুৰূপে দায়িত্ব পালন কৰিবলৈ চেষ্টা চলাইছে ।

সাহায্যৰ সৈতে জড়িত কিছুমান খবৰে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত তলপাৰ লগাইছে । বদৰুদ্দিন আজমল ডাঙৰীয়াই বানপানী প্ৰভাৱিত অঞ্চলত দুই কৌটি টকাৰ সাহায্য আগবঢ়োৱা খবৰটোৱে বিশেষভাবে চৰ্চা লাভ কৰিছে ।  হিন্দুত্বৰ সৈতে জড়িত সংগঠনে বানপীড়িতসকলক উদ্দেশ্যি আহ্বান জনাইছে যাতে আজমলৰ দুই কৌটিত অসমীয়া জাতিসত্তা বিক্ৰী নকৰে । ইমানবোৰ ব্যক্তি, সংগঠন, ৰাজনৈতিক দল আৰু প্ৰতিষ্ঠানে বানপীড়িতসকলক সহায়ৰ হাত আগবঢ়াই আছে । কিন্তু, হিন্দুত্বৰ সৈতে জড়িত সংগঠনে কেৱল আজমলৰ ডাঙৰীয়াৰ সাহায্যৰ অন্তুৰালত স্বাৰ্থ থকাৰ উমান পাইছে । ইয়াৰ কাৰণ কি ?

আন মানুহতকৈ দুৰ্ঘোৰ বিপদ আৰু দুৰৱস্থাত পৰা (Vulnerability) মানুহক শোষণ কৰিবলৈ বেছি সুবিধা হয় ।  সাধাৰণতে ব্যৱসায়িক গোষ্ঠীয়ে বজাৰ ব্যৱস্থাৰ মাধ্যমেৰে তেওঁলোকক শোষণ কৰে । কিন্তু, ৰাজনৈতিক দল আৰু সামাজিক-সাংস্কৃতিক সংগঠনবোৰে প্ৰত্যক্ষভাবে সহায়ৰ হাত আগবঢ়াই তেওঁলোকক নিজৰ আদৰ্শৰ ফলীয়া কৰিবলৈ চেষ্টা চলায় । সহায় কৰাৰ সময়ত সংশ্লিষ্ট ৰাজনৈতিক দল বা সামাজিক-সাংস্কৃতিক সংগঠনবোৰৰ কোনোধৰণৰ স্বাৰ্থ নাথাকিলেও স্বত:স্ফুৰ্তভাবে তেওঁলোকৰ প্ৰতি ইতিবাচক ধাৰণা গঢ়ি উঠাৰ সম্ভাৱনা থাকে । বদৰুদ্দিন আজমল ডাঙৰীয়াৰ প্ৰতিও এই প্ৰৱণতা আহিব পাৰে বুলি হিন্দুত্ববাদীসকলে সম্ভৱত: ধাৰণা কৰিছে । কাৰণ, বদৰুদ্দিন আজমলৰ পৰিচয় কেৱল এজন ব্যক্তি নহয় ।  হিন্দুত্বৰ পৰস্পৰবিৰোধী (হিন্দুত্ববাদীসকলৰ মতে) ৰাজনৈতিক দল এটাৰ তেখেত মুৰব্বী ।  এখোপ ওপৰলৈ উঠি হিন্দুত্বৰ গুৰি ধৰোঁতা একাংশই তেখেতক অসমত হিন্দুত্বৰ (হিন্দুত্ববাদীসকলে অসমত অসমীয়া আৰু হিন্দুত্ব একে বুলি বাগ̢ধাৰা এটা চলাই আহিছে) ক্ষতিকাৰক সভ্যতা হিচাপেও চিহ্নিত কৰি থৈছে ।

মানৱ সৃষ্ট বা প্ৰাকৃতিক যি কাৰণতেই হওক, অসমৰ মানুহে মাজে সময়ে কিছুমান জটিল সন্ধিক্ষণৰ সম্মুখীন হৈ আহিছে । সেই জটিল সন্ধিক্ষণত পৰস্পৰবিৰোধী আদৰ্শৰ শক্তিবোৰে অসমৰ মানুহক সহায়ৰ যোগেদি নিজৰ আদৰ্শ গজগজীয়া কৰিবলৈ চেষ্টা চলাই আহিছে । ১৯৫০ চনৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সহায় আগবঢ়াই অসমত হিন্দুত্ববাদৰ সম্প্ৰসাৰণ কৰা হৈছিল  (আগ্ৰহী পাঠকে 2016 চনৰ 16 এপ্ৰিলত Economic and Political Weekly ত প্ৰকাশিত Malini Bhattacharjee Tracing the Emergence and Consolidation of Hindutva in Assam শীৰ্ষক লেখাটো চাব পাৰে) । ছবছৰীয়া অসম আন্দোলনৰ সময়ত হিন্দু আৰু মুছলমান দুয়োটা সম্প্ৰদায়ৰ সামাজিক-সাংস্কৃতিক সংগঠনে আন্দোলনটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা চলাইছিল । যিহেতু হিন্দুত্ববাদীসকলে জটিল সন্ধিক্ষণত  অসমত নিজৰ আদৰ্শ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাইছিল, সেয়েহে আজমলেও একে নীতি গ্ৰহণ কৰিব পাৰে বুলি তেওঁলোক শংকতি হৈছে ।  পৰিতাপৰ কথা যে পৰস্পৰ বিৰোধী আদৰ্শৰ সংঘাতে দুৰ্যোগৰ ফলত বিপদত পৰা মানুহক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ প্ৰৱণতাই মানৱতাবাদক কিছু হ’লেও আঁতৰত ৰাখে ।

সুখৰ কথা যে আজমলৰ দুই কৌটি টকাত অসমীয়াৰ জাতিসত্তা বিক্ৰী নকৰিবলৈ আহ্বান জনোৱা সংগঠনটোক বহুতে একেমুখে গৰিহণা দিছে । ইয়াৰ পৰা দুটা কথা স্পষ্ট হৈছে- (১) বিপদ আৰু দুৰৱস্থাৰ সময়ত অসমৰ মানুহে মানৱতাবাদক অগ্ৰাধিকাৰ দিয়ে, আৰু (২) অসমীয়া জাতিসত্তাৰ ওপৰত কোনো ৰাজনেতিক দল বা সামাজিক-সাংস্কৃতিক সংগঠনে অভিভাৱকত্ব খটুৱাবলৈ স্ব-ঘোষণা কৰাৰ প্ৰয়োজন নাই   

[প্ৰকাশিত, ‘আমাৰ অসম’, ৮ আগষ্ট ২০২৬, পৃষ্ঠা: ৪]

 

Tuesday, 23 June 2026

লোকপিয়ল আৰু অসমীয়া ভাষাৰ সংকট (Census and Crisis of Assamese Language)

            লোকপিয়লৰ আৰ্থ-সামাজিক তথ্য সংগ্ৰহৰ সময়ত অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে তথ্য প্ৰদান কৰা বা নকৰাৰ সম্পৰ্কত এটা আলোচনা চলি আছে । একশ্ৰেণীয়ে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা হ্ৰাস পোৱাৰ শংকাত ভুগিছে আৰু সেয়েহে চৰ-চাপৰিৰ মুছলমানসকলে যাতে তেওঁলোকৰ মাতৃভাষা অসমীয়া হিচাপে লোকপিয়লত তথ্য প্ৰদান কৰে তাৰ ওপৰত জোৰ দিছে । অসম সাহিত্য সভাৰ সভাপতি আৰু  একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ সংগঠনে চৰ-চাপৰিৰ মুছলমানসকলক আহ্বান জনাইছে যাতে তেওঁলোকে লোকপিয়লত অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে তথ্য প্ৰদান কৰে । কিন্তু, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে অসম সাহিত্য সভাৰ সভাপতি আৰু সংখ্যালঘু সম্প্ৰদায়ৰ সংগঠনসমূহৰ এই পদক্ষেপৰ বিৰোধিতা কৰিছে । তেখেতৰ মতে, যিহেতু অসমত অসমীয়া এটা অফিচিয়েল লেংগুৱেজ, সেয়েহে অসমীয়া ভাষা সংকটত পৰাৰ কোনো সম্ভাৱনাই নাই । তেখেতে দাবী কৰে যে ২০ শতাংশ লোকে অসমীয়া ভাষা ক’লেও অসমীয়া ভাষা জীয়াই থাকিব ।  

যেতিয়ালৈকে ভাষা এটাৰ প্ৰয়োজন থাকে তেতিয়ালৈকে সেই ভাষাটো সংকটত নপৰে । অসমীয়া এটা অফিচিয়েল লেংগুৱেজ হৈ থকা সময়লৈকে অসমত অসমীয়া ভাযাৰ প্ৰয়োজন থাকিব । কিন্তু, অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা হ্ৰাস পালে ভাষাটোৱে বেলেগ এটা সমস্যাত পৰিব ।  আধুনিক ভাষা বিজ্ঞান বা সমাজবিজ্ঞানৰ স্বীকৃত প্ৰক্ৰিয়া অনুসৰি ভাষা এটা কিমান মানুহে কয় (মাতৃভাষা নহ’বও পৰে) তাৰ ওপৰত ভিত্তি কৰিয়ে সেই ভাষাটোৰ স্থান নিৰ্ণয় কৰা হয় । গতিকে, অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা হ্ৰাস পালে ভাষাটো সংকটত নপৰিলেও ভাষাটোৰ স্থান অটুট ৰখাৰ ক্ষেত্ৰত সমস্যাত পৰিব । শেহতীয়া তথ্য অনুসৰি (ইণ্টাৰনেটৰ তথ্য), অসমীয়া ভাষা কোৱা লোকৰ সংখ্যাৰ ভিত্তিত পৃথিৱীৰ ভাষাসমূহৰ ভিতৰত অসমীয়া ভাষাৰ স্থান  হ’ল ৬৫ । আন কথা একে থাকিলে, সমাগত লোকপিয়লত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা হ্ৰাস পালে ভাষাটোৰ স্থান নিশ্চিতভাবে তললৈ নামিব ।

ভাৰতীয় সংবিধানৰ ২৯ নম্বৰ অনুচ্ছেদ অনুসৰি মাতৃভাষা সুৰক্ষাৰ বাবে দেশখনৰ প্ৰতিটো সম্প্ৰদায়ৰে মৌলিক অধিকাৰ আছে । গতিকে, লোকপিয়লত কোনে, কি ভাষাক মাতৃভাষা হিচাপে তথ্য প্ৰদান কৰিব সেই সম্পৰ্কে সামাজিক-সাংস্কৃতিক সংগঠনবোৰে ৰাজহুৱাকৈ আহ্বান জনোৱাৰ প্ৰয়োজন নাই । অৱশ্যে, অসমীয়া ভাষাৰ সপক্ষে কোনোবাই আহ্বান জনালে তেওঁলোকক নিৰুৎসাহ কৰাৰো প্ৰয়োজন নাই ।

 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৩ জুন ২০২৬, পৃষ্ঠা: ৬]

Saturday, 11 April 2026

বিনামূলীয়াৰ অৰ্থনীতি (Economics of Freebie)

             অসমৰ সমাগত নিৰ্বাচনৰ বিভিন্ন বিচাৰ্য বিষয়বোৰৰ ভিতৰত বিনামূলীয়া সামগ্ৰী আৰু নগদ ধন প্ৰদান কৰা বিষয়টোৱে যথেষ্ঠ গুৰুত্ব লাভ কৰা দেখা গৈছে । নিৰ্বাচনী প্ৰচাৰ সভাবোৰত শাসনাধিষ্ঠ ৰাজনৈতিক মিত্ৰদলবোৰে আগতকৈ বেছি সামগ্ৰী আৰু নগদ ধন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে । বিৰোধী শক্তিৰো কিছুমান ৰাজনৈতিক দলে বৰ্তমানৰ চৰকাৰতকৈ অধিক পৰিমণৰ নগদ ধন দিয়াৰ কথা ঘোষণা কৰিছে ।  বিনামূলীয়াকৈ সামগ্ৰী আৰু নগদ ধন প্ৰদান কৰা সম্পৰ্কত দুটা ভিন্ন মতামত দেখা যায় । একশ্ৰেণীয়ে ব্যৱস্থাটোক সমৰ্থন জনোৱাৰ বিপৰীতে আন এক শ্ৰেণীয়ে ব্যৱস্থাটোৰ নেতিবাচক দিশটো উপস্থাপন কৰি বিপক্ষে মতামত দিয়ে ।  গতিকে, ব্যৱস্থাটো ভাল নে বেয়া সেই সম্পৰ্কে সঠিক সিদ্ধান্তত উপনীত হোৱা কঠিন হৈ পৰে । অৰ্থনীতিৰ শিক্ষাৰ্থীয়ে ব্যৱস্থাটোক কেনেদৰে চায় আৰু অসমৰ প্ৰেক্ষাপটত প্ৰকৃত ছবিখন কেনেকুৱা ?

দৰিদ্ৰ সীমাৰেখাৰ তলত জীৱনধাৰণ কৰি থকা লোকসকলে চাউল, দাইল আদি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যোগাৰ কৰোতে দিনটোৰ বেছিভাগ সময় ব্যয় কৰিবলগীয়া হয় । তেনে অৱস্থাত জীৱনধাৰণৰ মানদণ্ড উন্নত কৰা দূৰৰে কথা, খাই-বৈ জীয়াই থকাটোৱে তেওঁলোকৰ বাবে এটা জলন্ত সমস্যা হৈ পৰে ।  আচলতে, তেওঁলোকে দৰিদ্ৰতাৰ বাবে দৰিদ্ৰ হৈ থাকি ‘দৰিদ্ৰতা ফান্দ’ত সোমাই পৰে । আনৰ সহায় লাভ নকৰিলে তেওঁলোকে সেই ফান্দৰ পৰা ওলাই আহিব নোৱাৰে আৰু ইয়াতেই তেওঁলোকক বিনামূলীয়া সামগ্ৰী আৰু নগদ ধন প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আহি পৰে (এই সম্পৰ্কে অধিক জানিবৰ বাবে আগ্ৰহী পাঠকে অভিজিত বেনাৰ্জী আৰু এষ্টাৰ ডুফ্লোৰ “প’ৰ ইক’ন’মিকছ” নামৰ গ্ৰন্থখন চাব পাৰে) । জনসাধাৰণৰ জীৱনধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ চেষ্টা চলোৱাটো প্ৰতিখন কল্যাণকামী ৰাষ্ট্ৰৰ চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব ।  সেয়েহে, চৰকাৰে তেওঁলোকক বিনামূলীয়াকৈ সামগ্ৰী আৰু নগদ ধন প্ৰদান কৰে ।  এই দায়িত্ব পালনৰ বাবে চৰকাৰে কি উৎসৰ পৰা ধনৰ ব্যৱস্থা কৰে সেয়া আন এক বিষয় ।

বিনামূলীয়া সামগ্ৰী আৰু নগদ ধন লাভ কৰা লোকসকলৰ পৰা  কি আশা কৰা যায় ? অত্যাৱশ্যকীয় সামগ্ৰীসমূহ চৰকাৰৰ পৰা লাভ কৰাৰ পিছত জনসাধাৰণে সেই সামগ্ৰীসমূহ যোগাৰ কৰাৰ বাবদ ব্যয় হোৱা সময়খিনি আন কামত নিয়োজিত হৈ নগদ ধন উপাৰ্জন কৰি দৰিদ্ৰতা ফান্দৰ পৰা মুকলি হ’বলৈ সক্ষম হ’ব লাগে ।  যদি সেই ফান্দৰ পৰা ওলাই আহিব পাৰে, সেয়াও দেশৰ প্ৰতি আগবঢ়োৱা এটা ইতিবাচক বৰঙণি হ’ব পাৰে । ইতিমধ্যে যিমান লোকক বিনামূলীয়া সামগ্ৰী আৰু নগদ ধন প্ৰদান কৰা হৈছে,  কিছু সংখ্যক হ’লেও দৰিদ্ৰতাৰ ফান্দৰ পৰা ওলাই আহিব পাৰিব লাগিছিল ।  কিন্তু, অসমত বিনামূলীয়া সামগ্ৰী আৰু নগদ ধন লাভ কৰা লোকৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধিহে হৈ আছে ।  অৰ্থনৈতিক দৃষ্টিকোণেৰে সম্ভৱ:ত ইয়াৰ কাৰণ দুটা- (১) বিনামূলীয়া সামগ্ৰী আৰু নগদ ধন লাভ কৰা অসমৰ লোকসকলে তেওঁলোকৰ ৰাহি সময়খিনি অৰ্থনৈতিক অৱস্থা উন্নত কৰাৰ উদ্দেশ্যে সঠিকভাবে ব্যৱহাৰ কৰা নাই, আৰু (২) চৰকাৰে প্ৰদান কৰি থকা বিনামূলীয়া সামগ্ৰী আৰু নগদ ধনৰাশি দৰিদ্ৰতা ফান্দৰ পৰা ওলাই আহিব পৰাকৈ পৰ্যাপ্ত নহয় ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ১১ এপ্ৰিল ২০২৬, পৃষ্ঠা: ৬]

Friday, 10 April 2026

স্বাধীন ভাৰতৰ ৰাজনৈতিক অৰ্থনীতিৰ ধাৰা [Trend of Political Economy of India after Independence]

        সাধাৰণতে শাসনৰ গাদীত থকা ৰাজনৈতিক দলৰ মতাদৰ্শ অনুসৰিয়েই অৰ্থনৈতিক সিদ্ধান্তবিলাক গ্ৰহণ কৰা হয় বাবে সংশ্লিষ্ট দেশখনৰ ৰাজনৈতিক অৰ্থনীতিৰ ছবিখন সহজে বুজি পোৱা যায় ।  কিন্তু, ভাৰতত সকলো সময়তে এই সাধাৰণ ধাৰণা অনুসৰি অৰ্থনৈতিক সিদ্ধান্তবিলাক ল’ব পৰা পৰিৱেশ নাছিল । মাজে সময়ে স্ববিৰোধী নীতি গ্ৰহণ কৰিবলগীয়া হোৱাৰ ফলত দেশখনৰ ৰাজনৈতিক অৰ্থনীতি কিছুমান আমোদজনক পৰিস্থিতিৰ মাজেৰে আগবাঢ়িছে ।

বহলাই কোৱাৰ প্ৰয়োজন নাই যে ব্ৰিটিছে প্ৰায় দুশ বছৰ শাসন কৰাৰ পিছত অৰ্থনৈতিক দিশত দেশখন কোঙা হৈ পৰিছিল । সামগ্ৰিক উন্নয়নত সমাজবাদ আৰু পুঁজিবাদৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি স্বাধীনতা লাভ কৰাৰ পিছত দেশখনত মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল । মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল যদিও প্ৰথম অৱস্থাত পুঁজিবাদতকৈ সমাজবাদৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল ।  পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ জৰিয়তে প্ৰথমে বৃহৎ উদ্যোগ স্থাপনত অগ্ৰাধিকাৰ দিয়া হৈছিল আৰু পিছলৈ কৃষিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ‘সেউজ বিপ্লৱ’ৰ সূচনা কৰা হৈছিল ।  ১৯৬৯ চনত ১৪টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণৰ জৰিয়তে দেশখনত সমাজবাদী ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছিল । চুবুৰীয়া দেশৰ বিৰূদ্ধে চলা যুদ্ধ-বিগ্ৰহ আৰু খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগে প্ৰচলিত অৰ্থনৈতিক ব্যৱস্থাৰ যোগেদি কৰিব বিচৰা দেশখনৰ উন্নয়নত প্ৰত্যাহ্বান হিচাপে দেখা দিছিল । তদুপৰি, সমাজবাদী ব্যৱস্থাত প্ৰয়োজনাধিক ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ থকাৰ ফলত ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ দ্ৰুত সম্প্ৰসাৰণৰ ক্ষেত্ৰত অনাৱশ্যক বাধাৰ সৃষ্টি কৰিছিল । সমাজবাদী ব্যৱস্থাই অগ্ৰাধিকাৰ পাইছিল বাবে ১৯৪৭ চনৰ পৰা ১৯৮৪ চনলৈ ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাক কিছুমান অৰ্থনীতিবিদে ‘সমাজবাদী যুগ’ (Socialism Era) হিচাপে অভিহিত কৰে । সমাজবাদী ব্যৱস্থাৰ বিফল হৈছিল বাবে পুঁজিবাদক অগ্ৰাধিকাৰ দিয়াৰ উদ্দেশ্যে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণক উৎসাহ প্ৰদানেৰে অত্যাধুনিক প্ৰযুক্তিবিদ্যা আৰু বিশ্বায়নক আদৰণি জনাই যোৱা শতিকাৰ অষ্টম দশকত ভাৰতত উদাৰবাদৰ সূচনা কৰা হৈছিল (ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালত) । অৱশ্যে, সেই সময়ত দেশখনত উদাৰবাদক মুকলিকৈ আদৰি লোৱা হোৱা নাছিল । সেয়েহে ১৯৮৪ চনৰ পৰা ১৯৯১ চনৰ সময়ছোৱাৰ উদাৰবাদক অৰ্থনীতিবিদ অৰবিন্দ পানাগাৰিয়াই ‘লুকাই চুৰকৈ কৰা উদাৰীকৰণ’ (Liberalization by stealth) হিচাপে অভিহিত কৰিছে । ১৯৯১ চনত দেশখনত প্ৰৱৰ্তন কৰা উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন নীতিৰ জৰিয়তে দেশখনত পুঁজিবাদৰ বাট অধিক সুগম কৰি নব্যউদাৰবাদৰ সূচনা কৰা হৈছিল । ১৯৯১ চনৰ পৰা বৰ্তমানৰ সময়ছোৱাক অৰ্থনীতিবিদ জগদীশ ভাগৱতীয়ে ধুমুহাৰ সংস্কাৰ’(Reform by Storm) হিচাপে অভিহিত কৰিছে  কিন্তু, দেশখনত নব্যউদাৰবাদ প্ৰৱৰ্তনৰ পথ মসৃণ নাছিল । পুঁজিবাদী ব্যৱস্থাক অগ্ৰাধিকাৰ দিয়া হৈছিল বাবে তথাকথিত ৰাষ্ট্ৰীয়তাবাদী শক্তিবোৰে অৰ্থনৈতিক সংস্কাৰৰ বিৰূদ্ধে থিয় দিছিল । উদাহৰণস্বৰূপে, ১৯৯১ চনত গঠন হোৱা ‘স্বদেশী জাগৰণ মঞ্চ’ই নব্যউদাৰবাদৰ বিৰূদ্ধে সমগ্ৰ দেশতে জনমত গঠন কৰিছিল ।  নব্যউদাৰবাদক গতি প্ৰদান কৰা ‘বিশ্ব বাণিজ্য সংস্থা’ৰ দৰে আন্ত:ৰাষ্ট্ৰীয় সংস্থাবোৰ ভাৰতৰ দৰে উন্নয়নশীল দেশৰ বাবে উপকাৰত নাহে বুলি ‘স্বদেশী জাগৰণ মঞ্চ’ই প্ৰচাৰ চলাইছিল । ‘স্বদেশী জাগৰণ মঞ্চ’ৰ একাংশ নেতাই বিশ্বায়নক সাম্ৰাজ্যবাদৰ নতুন ৰূপ হিচাপে অভিহিত কৰিছিল  কিন্তু, শাসনত থকা তথাকথিত ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দলবোৰে বুজি উঠিছিল যে দেশখনৰ অৰ্থনৈতিক উন্নয়নৰ স্বাৰ্থত নব্যউদাৰবাদক অগ্ৰাহ্য কৰা সম্ভৱ নহয় । আচলতে, নব্যউদাৰবাদক লৈ তথাকথিত ৰাষ্ট্ৰীয়তাবাদী শক্তিবোৰৰ মাজতে মতভেদৰ সৃষ্টি হৈছিল । এহাতে ৰাজনৈতিক দলবোৰে নব্যউদাৰবাদক আদৰণি জনাইছিল । আনহাতে, ৰক্ষণশীল তথাকথিত ৰাষ্ট্ৰীয়তাবাদী সামাজিক-সাংস্কৃতিক সংগঠনবোৰে নব্যউদাৰবাদৰ বিৰূদ্ধে থিয় দিছিল ।  একে আদৰ্শৰ সংগঠনবোৰৰ মাজত দুটা ফৈদৰ মাজত ঘটা সংঘাত দূৰ কৰাৰ বাবে অটল বিহাৰী বাজপেয়ীৰ দৰে আগশাৰীৰ নেতাই চেষ্টা চলাবলগীয়া হৈছিল ।  ১৯৯৬ চনত নিৰ্বাচনী সভাত নেতাগৰাকীয়ে কৈছিল যে তেওঁলোকৰ ৰাজনৈতিক দলে নব্যউদাৰবাদ আৰু বহুৰাষ্ট্ৰীয় কোম্পানীৰ বিৰূদ্ধাচৰণ নকৰে । বিদেশী বহুৰাষ্ট্ৰীয় কোম্পানীৰ পৰিৱৰ্তে ভাৰতীয় পুঁজিপতিয়ে ভাৰতৰ ভিতৰত আৰু বাহিৰত বিনিযোগ কৰাটোহে তেওঁলোকে বিচাৰে ।  বাজপেয়ীৰ এই মন্তব্যৰ পিছতে দেশখনত স্বদেশী সামগ্ৰীৰ নামত (Brand) বজাৰৰ দ্ৰুত উত্থান ঘটিবলৈ ধৰিলে (বাজপেয়ী ডাঙৰীয়াৰ মন্তব্যৰ পিছত কেইগৰাকীমান ভাৰতীয় পুঁজিপতিৰ উত্থান মনকৰিবলগীয়া) । ভাৰতীয় পুঁজিপতিয়ে উৎপাদন কৰা সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কিছুমান আমোদজনক চিন্তাধাৰাৰ সূচনা হ’বলৈ ধৰিলে । উদাহৰণস্বৰূপে, ভাৰতীয় পুঁজিপতিয়ে উৎপাদন কৰা সামগ্ৰীৰ উপভোগক ‘দেশপ্ৰেমমূলক উপভোগবাদ’ (Patriotic Consumerism) হিচাপে প্ৰচাৰ কৰিবলৈ চেষ্টা চলোৱা দেখা গ’ল । অৱশ্যে, এনেকুৱা নহয় যে বাজপেয়ীয়ে তেখেতৰ প্ৰধানমন্ত্ৰীত্বৰ কালত তথাকথিত ৰাষ্ট্ৰীয়তাবাদী সামাজিক-সাংস্কৃতিক শক্তিবোৰৰপৰা নব্যউদাৰবাদ নীতি গ্ৰহণৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সম্মখীন হোৱা নাছিল ।  কিন্তু, নিজে অন্তৰ্ভূক্ত হোৱা আদৰ্শৰ শক্তিবোৰৰপৰা অহা প্ৰবল প্ৰত্যাহ্বানৰ পিছতো নেতাগৰাকীয়ে নব্যউদাৰবাদৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত থমকি ৰোৱা নাছিল ।  মনকৰিবলগীয়া যে বাজপেয়ীৰ প্ৰধানমন্ত্ৰীত্বৰ কালতে নিৰ্বিনিয়োগৰ বাবে এটা সুকীয়া মন্ত্ৰালয় গঠন কৰা হৈছিল (যাক বৰ্তমান ‘বিনিযোগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা বিভাগ’ হিচাপে জনা যায়) । সেই সময়ত (১৯৯৯-২০০৪) নব্যউদাৰবাদক কিমান আগ্ৰহেৰে সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলোৱা হৈছিল এই মন্ত্ৰালয়টোৰ গঠনে তাৰ প্ৰমাণ দিয়ে । মনকৰিবলগীয়া যে ১৯৯১ চনত ড° মনমোহন সিং বিত্তমন্ত্ৰী হৈ থকাৰ সময়তে দেশখনত অৰ্থনৈতিক সংস্কাৰ সাধন কৰা হৈছিল । গতিকে, ড° সিঙৰ প্ৰধানমন্ত্ৰীত্বৰ কালত স্বাভৱিকতে ভাৰতত নব্যউদাৰবাদৰ ধাৰা শৃংখলাবদ্ধভাবে আগবঢ়াই নিয়া হৈছিল । ভবা হৈছিল যে বিশ্ব অৰ্থনীতিত ভাৰতে কৃতকাৰ্য হ’ব নোৱাৰাৰ মূল বাধা আন্ত:গাঁঠনিৰ পয়ালগা অৱস্থা । সেয়েহে, আন্ত:গাঁঠনিৰ উন্নয়নৰ উদ্দেশ্যে চৰকাৰে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি ৰাজহুৱা-ব্যক্তিগত খণ্ডৰ যুটীয়া (Public-Private Partnership) ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ।

            ভাৰতৰ সমসাময়িক ৰাজনৈতিক অৰ্থনীতি নব্যউদাৰবাদৰ ভিত্তিতে গঢ়ি উঠিছে ।  কিন্তু, পূৰ্বৰ তুলনাত নব্যউদাৰবাদৰ প্ৰকৃতি আৰু প্ৰসাৰৰ তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন ঘটিছে ।  ১৯৯১ চনত একপ্ৰকাৰ বাধ্যত পৰিয়েই নব্যউদাৰবাদক আদৰণি জনাবলগীয়া হোৱাত ৰাজনীতিক আৰু পুঁজিপতিৰ মাজত ঘনিষ্ঠতা গঢ়ি উঠিছিল ।  সমসাময়িক ৰাজনৈতিক অৰ্থনীতিত এই ঘনিষ্ঠতা অধিক দ্ৰুত ৰূপত গঢ়ি তোলা দেখা গৈছে ।  ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত নৰেন্দ্ৰ মোদীক নব্যউদাৰবাদৰ গোড়া সমৰ্থক হিচাপে প্ৰতিষ্ঠা কৰি ‘ব্যৱসায়িৰ পচন্দৰ প্ৰাৰ্থী’ (The preferred candidate of corporate capital), ‘ভাৰতৰ থেচাৰ মহূৰ্ত’ (India’s Thatcher moment) আদি অলংকাৰেৰে অংলকৃত কৰা হৈছিল ।  শ্ৰী মোদীৰ প্ৰধানমন্ত্ৰীত্বৰ কালত নিগম কৰৰ তীব্ৰ হ্ৰাসকৰণে (পূৰ্বৰ ৩০-২২ শতাংশৰ পৰা বৰ্তমানৰ ২৫-১৫ শতাংশলৈ) এই অলংকাৰবোৰৰ যুক্তিযুক্ততাকে প্ৰতিফলিত কৰিছে ।  কিন্তু, ৰাষ্ট্ৰীয়তাবাদী আদৰ্শক বৰ্তাই ৰখাৰ স্বাৰ্থত নব্যউদাৰবাদ ব্যৱস্থাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলোৱাও দেখা গৈছে । আচলতে, ভাৰতৰ সমসাময়িক ৰাজনৈতিক অৰ্থনীতি নব্যউদাৰবাদক এৰাই চলিব নোৱাৰে আৰু একেসময়তে অনিয়ন্ত্ৰিত নব্যউদাৰবাদে যাতে তথাকথিত ৰাষ্ট্ৰীয়তাবাদী আদৰ্শক তল পেলাব নোৱাৰে সেয়াও দৃষ্টি নিক্ষেপ কৰিবলগীয়া হৈছে । সেয়েহে, দেশখনৰ সমসাময়িক ৰাজনৈতিক অৰ্থনীতি তথাকথিত ৰাষ্ট্ৰীয়তাবাদ আৰু নব্যউদাৰবাদ-এই পৰস্পৰ বিৰোধমূলক ব্যৱস্থাক সামৰি এটা মিশ্ৰ ব্যৱ্স্থা প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে ।  এই ব্যৱস্থাৰ ফলত নব্যউদাৰবাদে এটা নতুন দিশত গতি কৰাৰ উপক্ৰম হৈছে ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ১০ এপ্ৰিল ২০২৬, পৃষ্ঠা: ৪]