ড° ভূপেন হাজৰিকাই ১৯৩৯ চনত ৰচনা কৰা ‘অগ্নিযুগৰ ফিৰিঙতি
মই’ শীৰ্ষক গীতটি ১৯৪৬ চনত বাণীবদ্ধ কৰা হৈছিল । ৰচনাৰ সময়ৰ জোখেৰে গীতটিয়ে আঠটা দশক পাৰ কৰিলে ।
যোৱা শতিকাৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম দশকত ভাৰতত চলি থকা অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় পৰিস্থিতিয়ে ড° ভূপেন
হাজৰিকাক অস্বস্তিত পেলাইছিল
। সেয়েহে তেখেতে নিজকে ‘অগ্নিযুগৰ ফিৰিঙতি’ হিচাপে অনুভৱ কৰিছিল । ড° ভূপেন হাজৰিকাই কাৰ্ল মাৰ্ক্সৰ লিখনি পঢ়াৰ আগতে ৰচনা কৰা এই
গীতটিৰ যোগেদি দেশখনৰ নৱ-প্ৰজন্মক ‘অগ্নিযুগৰ ফিৰিঙতি’ হৈ ‘নতুন ভাৰত’ গঢ়িবলৈ
আহ্বান জনাইছিল । কাহিনী আৰু দৃশ্যৰ সৈতে সংগতি থকাৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভা
আৰু ফণী শৰ্মা পৰিচালিত ১৯৪৮ চনত মুক্তিলাভ কৰা ‘ছিৰাজ’ কথাছবিখনত গীতটি প্ৰয়োগ
কৰা হৈছিল । অৱশ্যে, গীতটিৰ ‘নতুন ভাৰত গঢ়িম’ শাৰীটো কথাছবিখনত ‘নতুন অসম গঢ়িম’
হিচাপে ব্যৱহাৰ কৰা হৈছিল । সি যি কি নহওক, ভাৰতে স্বাধীনতা লাভ কৰা পয়সত্তৰ বছৰ
হৈ গ’ল । বিগত পয়সত্তৰ বছৰত অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক
ক্ষেত্ৰত দেশখনত বহু পৰিৱৰ্তন ঘটিল । এই দীঘলীয়া
সময়ছোৱাত ড° হাজৰিকাই ‘অগ্নিযুগৰ ফিৰিঙতি’ৰে
গঢ়িব খোজা ‘নতুন ভাৰত’খন গঢ়ি উঠিল নে নাই সেই সম্পৰ্কে এই প্ৰবন্ধটোত আলোচনা
কৰিবলৈ প্ৰয়াস কৰা হৈছে ।
গীতটিৰ যোগেদি ড° ভূপেন হাজৰিকাই কেনেধৰণৰ ‘নতুন ভাৰত’
গঢ়িবলৈ বিচাৰিছিল ? ড° ভূপেন হাজৰিকাৰ জীৱনত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু
বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰ প্ৰভাৱ পৰিছিল । বিষ্ণুপ্ৰসাদ ৰাভাক তেখেতে অন্যতম গুৰু
হিচাপে মানি লৈছিল । সেয়েহে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিপ্লৱী আৰু প্ৰগতিশীল চিন্তাধাৰা
তেখেতৰ চিন্তাধাৰাৰ ওপৰত পৰিছিল । বিষ্ণুপ্ৰসাদ ৰাভা সাম্যবাদত বিশ্বাসী আছিল । অৱশ্যে, গীতটি ৰচনা কৰাৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই হাতত
বন্দুক তুলি লোৱা নাছিল । সাম্যবাদে
অৰ্থনৈতিক সমতা স্থাপনৰ ক্ষেত্ৰত
আপোচ নকৰে । ভূপেন হাজৰিকাই দেখিছিল যে দেশখনৰ
গৰিষ্ঠসংখ্যক লোক কেইজনমান পুঁজিপতিৰ শোষণৰ বলি হৈ সৰ্ব্বহাৰা হৈ পৰিছে । ব্ৰিটিছৰ
শাসনকালত ভাৰতত আয়ৰ ক্ষেত্ৰত অসমতা অত্যন্ত বেছি আছিল । শীৰ্ষ ১ শতাংশ
প্ৰাপ্তবয়স্ক লোকৰ জাতীয় আয়ৰ অংশ ৫০ শতাংশতকৈ বেছি আছিল । গীতটিত ভূপেন হাজৰিকাই সকলো ত্যাগ কৰি হ’লেও
সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব পুনৰ ঘূৰাই অনাৰ সংকল্পৰ কথা প্ৰকাশ কৰিছে । তেখেতে
‘নৰ-কঙ্কালৰ অস্ত্ৰ সাজি’ শোষণকাৰীক বধ কৰাৰ কথা কৈ নতুন প্ৰজন্মৰ মনত উদ্দীপনা
সৃষ্টি কৰি ‘নতুন ভাৰত’ গঢ়িবলৈ বিচাৰিছিল । কিন্তু, বাস্তৱত সেই পৰ্যায়ৰ ‘নতুন
ভাৰত’ গঢ়ি উঠিল নে ? স্বাধীনতাৰ পিছত ভাৰতৰ চৰকাৰসমূহে সমাজবাদী আদৰ্শৰে অৰ্থনৈতিক
নীতি প্ৰৱৰ্তন কৰাৰ পিছত আয়ৰ ক্ষেত্ৰত থকা অসমতা হ্ৰাস কৰিবলৈ চেষ্টা চলাইছিল । পঞ্চম
পঞ্চবাৰ্ষিক পৰিকল্পনাত দৰিদ্ৰতা দূৰীকৰণক এটা মূল লক্ষ্য আৰু উদ্দেশ্যে হিচাপে লৈ
অৰ্থনৈতিক অসমতা হ্ৰাস কৰিবলৈ চেষ্টা চলোৱা হৈছিল । ১৯৯১ চনৰ পৰা বজাৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান
কৰাৰ পিছত দেশখনত আয়ৰ ক্ষেত্ৰত থকা অসমতা পুনৰ বৃদ্ধি পাবলৈ ধৰিলে । কাৰণ,
১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰৰ পিছত চৰকাৰৰ অৰ্থনৈতিক অসমতা হ্ৰাস কৰাৰ ক্ষেত্ৰত
গ্ৰহণ কৰা নীতিৰ পৰিৱৰ্তন ঘটিছে । চৰকাৰে প্ৰত্যক্ষভাবে অৰ্থনৈতিক অসমতা হ্ৰাস
কৰাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডক ক্ৰমবৰ্ধমান হাৰত সুবিধা প্ৰদান কৰি ব্যক্তিগত
খণ্ডৰ মাধ্যমেৰে নিয়োগ বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আহিছে । ‘নিগৰি পৰা’ নীতি প্ৰয়োগেৰে জনসাধাৰণৰ আয় বৃদ্ধি কৰি অৰ্থনৈতিক অসমতা
হ্ৰাস কৰিব বিচৰা হৈছে । কিন্তু, এই ব্যৱস্থাৰ ফলত সম্পদ আৰু আয়ৰ ক্ষেত্ৰত দেশখনত
অসমতা তাৎপৰ্যপূৰ্ণভাবে বৃদ্ধিহে পাবলৈ ধৰিছে । ১৯৯০ চনৰ পিছত ভাৰতৰ শীৰ্ষ ১ শতাংশ
আৰু ১০ শতাংশ লোকৰ দেশখনত মুঠ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব তাৎপৰ্যপূৰ্ণভাবে
বৃদ্ধি পাইছে । ১৯৬১-১৯৭০ৰ সময়ছোৱাত ভাৰতৰ
শীৰ্ষ ১ শতাংশ লোকৰ দেশখনৰ মুঠ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব আছিল ১১.৮৭ শতাংশ । ২০১১-২০২২ৰ সময়ছোৱাত এই পৰিসংখ্যা ৩১.৫৫ শতাংশ হৈছে । ১৯৬১-১৯৭০ৰ সময়ছোৱাত শীৰ্ষ ১০ শতাংশ লোকৰ দেশখনৰ
মুঠ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব আছিল ৪৩.১৮ শতাংশ । ২০১১-২০২০
ৰ সময়ছোৱাত এই পৰিসংখ্যা ৬৩.৬৮ শতাংশ হৈছে । কিন্তু, একে সময়ছোৱাত তলৰ ৫০ শতাংশ লোকৰ দেশখনৰ মুঠ সম্পত্তিৰ
গড় মালিকীস্বত্ত্ব আধাতকৈ বেছি হ্ৰাস পাইছে । ১৯৬১-১৯৭০ৰ সময়ছোৱাত তলৰ ৫০ শতাংশ
লোকৰ দেশখনৰ মুঠ সম্পত্তিৰ গড় মালিকীস্বত্ব আছিল ১২.২৯ শতাংশ । ২০১১-২০২০ৰ সময়ছোৱাত এই
পৰিসংখ্যা ৬.১২ শতাংশ হৈছে । আয়ৰ ক্ষেত্ৰত দেশখনৰ শীৰ্ষ ১ শতাংশ আৰু ১০ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ জাতীয়
আয়ৰ গড় অংশ হ’ল ক্ৰমে ২২ শতাংশ আৰু ৫৭ শতাংশ । তলৰ ৫০ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ জাতীয়
আয়ৰ অংশ মাত্ৰ ১৩ শতাংশ । এক কথাত, অৰ্থনৈতিক অসমতাৰ ক্ষেত্ৰত ড° ভূপেন হাজৰিকাই প্ৰতিষ্ঠা
কৰিব বিচৰা ‘নতুন ভাৰত’খন আজিও গঢ়ি উঠা নাই ।
ধৰ্ম আৰু জাত-পাতত লুতুৰি-পুতুৰি সমাজখনক ‘অগ্নিযুগৰ
ফিৰিঙতি’ৰে ধ্বংস কৰি ড° ভূপেন হাজৰিকাই ‘নতুন ভাৰত’ গঢ়িবলৈ বিচাৰিছিল । তেখেতে
গঢ়িব বিচৰা ‘নতুন ভাৰত’ত ধৰ্মক অগ্ৰাধিকাৰ দিয়া তথাকথিত ধৰ্ম ব্যৱসাসীসকলৰ কোনো
স্থান নাথাকিব । ‘নতুন ভাৰত’ত উচ্চজাত বা নিম্নজাতৰ ব্যৱস্থা নাথাকিব । পুৰুষানুক্ৰমে চলি
থকা তথাকথিত উচ্চ জাতৰ লোকসকলৰ অহংকাৰ মষিমূৰ কৰি পেলোৱা হ’ব । অস্পৃশ্যতা নামৰ মহাদাৱনক নতুন
প্ৰজন্মই নি:শেষ কৰি পেলাব । কিন্তু,
বাস্তৱত দেশখনত সেয়া হৈ নুঠিল । ভাৰতত ধৰ্মৰ ব্যৱসায়ীসকলৰ ‘চাহিদা’ হ্ৰাস নাপালে ।
ধৰ্ম ব্যৱসায়ীসকলে দেশখনত নতুন নতুন
ধৰ্মীয় প্ৰতিষ্ঠান স্থাপন কৰিয়েই আছে । ধৰ্মক ভিত্তি কৰিয়েই দেশখনত কেইবাটাও
ৰাজনৈতিক দল গঠন কৰা হৈছে । নিৰ্বাচনৰ সময়ত দেশখনত ভয়ানক ৰূপত ধৰ্মীয় মেৰুকৰণ কৰা হয় । ভোট লাভৰ স্বাৰ্থত ধৰ্মৰ ব্যৱসায়িসকলক মুকলিকৈ তোষামোদ কৰি আহিছে । ৰাজনৈতিক শক্তিসমূহে ধৰ্মক সদায়
ক্ষমতা লাভৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে । ধৰ্মৰ ব্যৱসায়ী আৰু ৰাজনৈতিক
দলসমূ্হৰ মাজত গঢ়ি উঠা পাৰস্পৰিক সম্পৰ্কই ড° ভূপেন হাজৰিকাই গঢ়িব বিচৰা ‘নতুন
ভাৰত’খনক বহু দূৰত ৰখা হৈছে । দেশখনৰ একাংশ তথাকথিত সমাজকৰ্মী আৰু বুদ্ধিজীৱীয়ে ‘ফিৰিঙতি’
হৈ ‘নতুন ভাৰত’ গঢ়া দূৰৰে কথা, সন্মান আৰু
স্বীকৃতি লাভৰ স্বাৰ্থত নিজৰ আদৰ্শ আৰু চিন্তাধাৰা জলাঞ্জলি দি বিভেদকামী
শক্তিবোৰক সহযোগ কৰি আহিছে । সেইদৰে উচ্চজাত আৰু নিম্নজাতৰ মাজত চলি থকা অপ্ৰীতিকৰ আৰু অপৰাধমূলক ঘটনা
বৰ্তমানো চলি আছে । তথাকথিত উচ্চজাতৰ একাংশ লোকৰ অহংকাৰ আজিও অব্যাহত আছে । দেশখনৰ
মূল ভূ-খণ্ডৰ কেইবাখনো ৰাজ্যত তথাকথিত উচ্চজাতৰ লোকে নিম্নজাতৰ লোকক শাৰীৰিক আৰু
মানসিকভাবে হাৰাশাস্তি কৰাৰ খবৰ সঘনে প্ৰকাশ পাই থাকে । ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড
বুৰ’ৰ তথ্য অনুসিৰ, ২০২০ আৰু ২০২১ চনৰ সময়ছোৱাত দেশখনত অনুসূচিত জাতিৰ বিৰূদ্ধে
কৰা অপৰাধৰ হাৰ ১.২ শতাংশ বৃদ্ধি পাইছে । এই ক্ষেত্ৰত উত্তৰপ্ৰদেশত আটাইতকৈ বেছি বৃদ্ধি
পাইছে (২৫.৮২ শতাংশ) । ইয়াৰ পিছতে আছে ৰাজস্থান
(১৪.৭ শতাংশ), মধ্যপ্ৰদেশ (১৪.১ শতাংশ), বিহাৰ (১১.৪ শতাংশ) আৰু
উৰিষ্যা (৪.৫ শতাংশ) । একে সময়ছোৱাত অনুসূচিত জনজাতিৰ বিৰূদ্ধে কৰা অপৰাধৰ হাৰ ৬.৪ শতাংশ বৃদ্ধি পাইছে । এই
ক্ষেত্ৰত মধ্যপ্ৰদেশ শীৰ্ষত আছে (২৯.৮ শতাংশ) । ইয়াৰ পিছত আছে ৰাজস্থান (২৪ শতাংশ), উৰিষ্যা (৭.৬ শতাংশ), মহাৰাষ্ট্ৰ (৭.১৩ শতাংশ) আৰু তেলেংগানা (৫.৮১ শতাংশ) । অপৰাধৰ
ভিতৰত এনেকুৱা কিছুমান জঘন্য অপৰাধ আছে, যিবোৰক সভ্য মানুহে কল্পনাই কৰিব নোৱাৰে ।
সৌ সিদিনা তথাকথিত এজন উচ্চজাতৰ লোকে এজন নিম্নজাতৰ
লোকৰ গাত পেচাৱ কৰি দিয়াৰ দৃশ্য কোনে পাহৰিব পাৰিব ?
ড° ভূপেন হাজৰিকা সমন্বয়ৰ প্ৰতীক । ধৰ্মীয়, জনগোষ্ঠীগত আৰু ভৌগোলিক ভেদাভেদৰ
প্ৰাচীৰ ভাঙি তেখেতে সাম্যই বিৰাজ কৰা এখন ‘নতুন ভাৰত’ গঢ়িবলৈ বিচাৰিছিল । তেখেতে
গীতটিত কৈছে, “হৰিজন, পাহাৰী, হিন্দু-মুছলিমৰ/বড়ো, কোঁচ, চুতীয়া, কছাৰী,
আহোমৰ/অন্তৰ ভেদি মৌ বোয়াম/ভেদাভেদৰ প্ৰাচীৰ ভাঙি/সাম্যৰ সৰগ ৰচিম/ নতুন ভাৰত গঢ়িম”। বাস্তৱত ড° হাজৰিকাই আশা কৰাৰ দৰে সাম্যৰ ভাৰত
গঢ়ি উঠা নাই । ভৌগোলিক পাৰ্থক্যৰ ভিত্তিত ভাৰতত বৰ্তমানো সংঘাত চলি থাকে । উদাহৰণস্বৰূপে, দেশখনত এটা ভৌগোলিক
অঞ্চলৰ ভাষাক সকলো অঞ্চলতে প্ৰয়োগ কৰিবলৈ বিচৰাৰ প্ৰৱণতাই মাজে সময়ে দেশখনত সংঘাতৰ
সৃষ্টি কৰি থাকে । হিন্দু আৰু মুছলমানৰ মাজত সমন্বয়ৰ
পৰিৱেশ গঢ়ি উঠাৰ উপক্ৰম হ’লেই নিজৰ স্বাৰ্থৰ বাবে বিভেদকামী শক্তিবোৰে সম্প্ৰদায়
দুটাৰ মাজত বিদ্বেষৰ বীজ সিঁচি দিয়ে । দেশখনে স্বাধীনতা লাভ কৰাৰ সময়ত হিন্দু আৰু
মুছলমানৰ মাজত কেইবাটাও অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হৈছিল । দেশখনে স্বাধীনতাৰ পিছতো বিভিন্ন সময়ত ধৰ্মৰ
ভিত্তিত হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে । উদাহৰণস্বৰূপে, ১৯৬৪ চনত পশ্চিম বংগত, ১৯৬৯ আৰু
২০০২ চনত গুজৰাটত, ১৯৮৩ চনত অসমত, ১৯৮৪ আৰু ২০১৩ চনত উত্তৰপ্ৰদেশত, ১৯৮৯ চনত
বিহাৰ, ১৯৯২ চনত মহাৰাষ্ট্ৰত ২০২০ চনত দিল্লীত আৰু শেহতীয়াকৈ হাৰিয়ানাত
(জুলাই-আগষ্ট, ২০২৩) ধৰ্মৰ ভিত্তিত সংঘৰ্ষ সংঘটিত হৈ কেইবাজনো লোকে প্ৰাণ
হেৰুৱাবলগীয়া হৈছে । চলিত বৰ্ষৰ যোৱা তিনিমাহ ধৰি মণিপুৰত চলি থকা গোষ্ঠী সংঘৰ্ষৰ
বিভিন্ন কাৰণৰ ভিতৰত ধৰ্মীয় কাৰণো আছে । ব্যক্তিগত সংঘাতবোৰকো সম্প্ৰদায়ভিত্তিক
সংঘাতৰ ৰূপ দিয়াৰ ফলত আজিও অঞ্চলভেদে অশান্তিৰ পৰিৱেশ সৃষ্টি হৈ থাকে । ড° ভূপেন হাজৰিকাই অসমতো
জনগোষ্ঠীবোৰৰ মাজত সমন্বয়ৰ পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল । দুখৰ কথা যে ৰাজ্যখনৰ জনগোষ্ঠীবোৰৰ মাজত সমন্বয়ৰ পৰিৱেশ সম্পূৰ্ণৰূপে
গঢ়ি উঠা নাই । ধৰ্ম আৰু জনগোষ্ঠীৰ ভিত্তিত গঢ়ি উঠা সামাজিক আৰু ৰাজনৈতিক শক্তিবোৰে
ৰাজ্যখনত ভেদাভেদৰ বীজ সিঁচিয়েই আছে । সময় আৰু পৰিস্থিতি সাপেক্ষে ভেদাভেদৰ
পৰিৱেশ অধিক হৈ পৰে । যোৱা কিছু বছৰ ধৰি ৰাজ্যখনত ধৰ্মীয় বিদ্বেষৰ পৰিৱেশ ইমান ভয়ংকৰভাবে
সিঁচি থকা হৈছে যে সমন্বয়ৰ পৰিৱেশ সৃষ্টি হ’বলৈ বহু সময়ৰ প্ৰয়োজন হ’ব ।
আজিৰ পৰা ৮৪ বছৰ আগতে ড° ভূপেন হাজৰিকাই দেশখনত চলি থকা
শোষণ-বঞ্চনা, জাত-পাতৰ বিচাৰ, সাম্প্ৰদায়িকতা আৰু সামাজিক বৈষম্য দূৰ কৰি এখন
‘নতুন ভাৰত’ গঢ়িবলৈ বিচাৰিছিল । দেশখনে
স্বাধীনতা লাভ কৰাৰ পিছত উল্লিখিত সমস্যাবোৰ দূৰীকৰণৰ প্ৰচুৰ সুযোগ আছিল । কিন্তু,
চাৰি দশকৰ পিছতো ড° হাজৰিকাই বিচৰা ধৰণৰ ‘নতুন ভাৰত’খন গঢ়ি নুঠিল । ইয়াৰ
বিপৰীতে দেশখনত অৰ্থনৈতিক অসমতা আৰু ধৰ্মীয় উন্মাদনা ক্ৰমান্বয়ে বৃদ্ধিহে হ’বলৈ
ধৰিছে ।
তথ্যসূত্ৰ
দত্ত, দিলীপ কুমাৰ
(২০১১): ভূপনে হাজৰিকাৰ গীত আৰু জীৱন ৰথ , পঞ্চম সংস্কৰণ, ( গুৱাহাটী: বনলতা),
পৃষ্ঠা: ৩১-৪১ ।
শইকীয়া, প্ৰবীণ (২০০৭): “গীতত অসমৰ জাতীয় সমন্বয়ৰ প্ৰসংগ”, পুলিন কলিতা, গোপাল জালান আৰু অনুভৱ পৰাশৰ
সম্পাদিত, বিশ্বনাগৰিক ভূপেন হাজৰিকা,
দ্বিতীয় প্ৰকাশ, (গুৱাহাটী: চন্দ্ৰ প্ৰকাশ), পৃষ্ঠা: ১০০-১০৪ ।
হাজৰিকা, ভূপেন (১৯৯৩): দিহিঙে-দিপাঙে, ৰতিমোহন
নাথৰ সম্পাদনা, (গুৱাহাটী: বাণী মন্দিৰ), পৃষ্ঠা: ৯ ।
হাজৰিকা, সূৰ্য্য (২০০৮): ড° ভূপেন হাজৰিকাৰ গীত সমগ্ৰ, (সম্পাদনা আৰু প্ৰকাশক সূৰ্য্য
হাজৰিকা), দ্বিতীয় সংস্কৰণ, পৃষ্ঠা: ৪১ আৰু ৪২ ।
Government of India (2021): Crime in India, National Crime Records Bureau.
United Nations Development Programme: World Inequality Report, 2022.
[প্ৰকাশিত, 'সমন্বয়', ড° ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্মদিৱসৰ সৈতে সংগতি ৰাখি গোলাঘাটৰ ডি আৰ কলেজত উৎযাপন কৰা 'সমন্বয় দিৱস'ত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ, ২০২৩]