Monday 24 July 2023

মণিপুৰৰ গোষ্ঠী সংঘৰ্ষ

            ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত ২২০টাতকৈ অধিক জনগোষ্ঠী আছে । বিভিন্ন কাৰণত জনগোষ্ঠীবোৰৰ মাজত মাজে সময়ে সংঘৰ্ষ সংঘটিত হৈ থাকে ।  ২০১১ চনত নামনি অসমত গাৰো আৰু ৰাভাৰ মাজত, ২০১২ চনত বড়ো আৰু মুছলমানৰ মাজত ভয়ানক গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈছিল । মণিপুৰত ১৯৯৩ চনত কুকি আৰু নগা জনগোষ্ঠীৰ মাজত গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈছিল । একে বছৰতে ৰাজ্যখনৰ হিন্দু মেইটেই আৰু মুছলিম মেইটেইৰ মাজত সংঘৰ্ষ সংঘটিত হৈছিল । কিন্তু, ৰাজ্যখনত আগেয়ে সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষবোৰ এইবাৰ অব্যাহত থকা গোষ্ঠী সংঘৰ্ষৰ দৰে ইমান দীঘলীয়া সময় ধৰি সংঘটিত হোৱা নাছিল । মণিপুৰত সংঘটিত এইবাৰৰ গোষ্ঠী সংঘৰ্ষই যোৱা ৩ জুলাইত দুমাহ অতিক্ৰম কৰিলে । গোষ্ঠী সংঘৰ্ষটোৰ ফলত দুয়োটা জনগোষ্ঠীৰে সাধাৰণ লোকসকল বিস্তৰভাবে ক্ষতিগ্ৰন্ত হৈছে । শেহতীয়া তথ্য অনুসৰি, বৰ্তমানলৈকে মণিপুৰত ১৪০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু ৬০ হাজাৰতকৈ অধিক লোক স্থানচ্যুত হ’বলগীয়া হৈছে । সংঘৰ্ষটোৰ ফলত দুয়োটা জনগোষ্ঠীৰ উপৰি প্ৰশাসনৰ সৈতে জড়িত লোকো ক্ষতিগ্ৰস্ত হৈছে ।

জনগোষ্ঠীবোৰৰ কিছুমান আদিম বৈশিষ্ট্যৰ পাৰ্থক্য থাকে বাবে সংঘৰ্ষৰ সৃষ্টি হয় । আধুনিকতা আৰু উদাৰ গণতান্ত্ৰিক ব্যৱস্থাই জনগোষ্ঠীবোৰৰ আদিম বৈশিষ্ট্যবোৰক সুপ্ত অৱস্থাত ৰাখে । কিন্তু, স্থান, সময় আৰু পৰিস্থিতি সাপেক্ষে কেতিয়াবা জনগোষ্ঠীবোৰৰ সুপ্ত অৱস্থাত থকা আদিম বৈশিষ্ট্যবোৰ পুনৰ ঠন ধৰি উঠে । মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটেইসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে ৰায় দিয়াৰ পিছত ৰাজ্যখনৰ কুকিসকলৰ সুপ্ত অৱস্থাত থকা আদিম বৈশিষ্ট্যবোৰ জাগ্ৰত হৈ উঠিল আৰু তেওঁলোক একগোট হৈ মেইটেই জনগোষ্ঠীৰ বিৰূদ্ধে সংঘাতত লিপ্ত হ’ল । প্ৰথম অৱস্থাত ৰাজ্যখনৰ নগা জনগোষ্ঠীও কুকিসকলক সমৰ্থন জনাইছিল । পিছলৈ তেওঁলোক সক্ৰিয় সমৰ্থন জনোৱাৰ পৰা আঁতৰত থাকিল । সম্ভৱ:ত নেছনেল ছ’ছিয়েলিষ্ট কাউন্সিল ফ’ৰ নাগালেণ্ডৰ ইছাক মুইফা (NSCN-IM) গোট আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত চলি থকা আলোচনাৰ পৰিপ্ৰেক্ষিতত নগাসকলে কুকিসকলক সক্ৰিয়ভাবে সমৰ্থন জনোৱাৰপৰা আঁতৰত থাকিল । সি যি কি নহওক, মেইটেইসকলেও কুকিসকলৰ বিৰূদ্ধে আক্ৰমণাত্মক হৈ উঠিল । আদিম বৈশিষ্ট্যৰ দৃষ্টিকোণৰ পৰা দুয়োটা জনগোষ্ঠী ইটোৰপৰা সিটো সাংস্কৃতিক, ভৌগোলিক আৰু ঐতিহাসিকভাবে পৃথক । এহাতে, গৰিষ্ঠসংখ্যক কুকি জনগোষ্ঠীৰ লোক খ্ৰীষ্টান ধৰ্মালম্বী, পাহাৰীয়া অঞ্চলত বসবাস কৰে আৰু মেইটেইসকলৰ তুলনাত তেওঁলোকে মণিপুৰত পলমকৈ আহিছে (অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে কুকিসকল মণিপুৰৰ খিলঞ্জীয়া জনগোষ্ঠী নহয়) । আনহাতে, গৰিষ্ঠসংখ্যক মেইটেই জনগোষ্ঠীৰ লোক হিন্দু ধৰ্মালম্বী, ভৈয়াম অঞ্চলত বসবাস কৰে আৰু কুকিসকলৰ তুলনাত তেওঁলোক মণিপুৰত আগেয়ে আহিছে । এনেধৰণৰ পৃথক বৈশিষ্ট্যৰ অৱস্থিতিৰ ফলত দুয়োটা জনগোষ্ঠীৰ মাজত গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈছে ।

কেৱল আদিম বৈশিষ্ট্যৰ পাৰ্থক্যৰ বাবেহে যে জনগোষ্ঠীবোৰৰ মাজত সংঘৰ্ষ সংঘটিত হয় তেনে নহয় । শাসকশ্ৰেণী আৰু জনগোষ্ঠীবোৰৰ তথাকথিত একাংশ নেতাই তেওঁলোকৰ সুবিধাৰ বাবে প্ৰয়োগ কৰা কিছুমান নীতিয়ে জনগোষ্ঠীবোৰৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হোৱাত অৰিহণা যোগায় । ব্ৰিটিছৰ দিনৰে পৰাই উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীবোৰৰ মাজত বিভাজনৰ সৃষ্টি কৰা হৈছিল । পাহাৰ আৰু ভৈয়ামৰ জনগোষ্ঠীবোৰৰ মাজত যাতে সমন্বয়ৰ পৰিৱেশ গঢ়ি নুঠে তাৰ বাবে ভৌগোলিক অৱস্থিতি অনুসৰি বেলেগ বেলেগ সুবিধা প্ৰদান কৰা হৈছিল । ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছতো তেনেধৰণৰ নীতিৰ প্ৰভাৱ পৰিয়েই আছিল । উদাহৰণস্বৰূপে, পাহাৰত বসবাস কৰা কুকি আৰু নগা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হৈছিল । কিন্তু, মণিপুৰৰ খিলঞ্জীয়া জনগোষ্ঠী হোৱা সত্ত্বেও মেইটেইসকলক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা হোৱা নাছিল । জনজাতিৰ মৰ্যাদা লাভ নকৰাৰ ফলত এহাতে প্ৰায় ৫০ শতাংশতকৈ বেছি জনসংখ্যা থকা মেইটেই জনগোষ্ঠীয়ে ৰাজ্যখনৰ কেৱল ১০ শতাংশ ভূমিৰ ক্ষেত্ৰতহে (ইম্ফলৰ সমভূমি অঞ্চলত) কিনা-বেচা কৰিব পৰাৰ সুবিধা আছে । আনহাতে, ৪৬ শতাংশ (কুকি আৰু নগা জনগোষ্ঠী মিলি) লোকে ৰাজ্যখনৰ  ৯০ শতাংশ ভূমিৰ ক্ষেত্ৰত কিনা-বেচা কৰিব পৰাৰ সুবিধা দিয়া হৈছে । তদুপৰি, ১০ শতাংশ সমভূমি অঞ্চলৰ ভূমিও কুকি আৰু নগা জনগোষ্ঠীৰ লোকে কিনা-বেচা কৰিব পৰাৰ সুবিধা প্ৰদান কৰা হৈছে । ভূমিৰ ক্ষেত্ৰত থকা এনে অসমতাৰ (?) বাবে মেইটেইসকলে  তেওঁলোকক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছিল । চৰকাৰে তেওঁলোকক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰাৰ বাবে তেওঁলোকে মণিপুৰ উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল । মেইটেই জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে তেওঁলোকেও পাহাৰীয়া অঞ্চলৰ ভূমি বেচা-কিনা কৰিব পাৰিব । ইফালে, শৈক্ষিক, অৰ্থনৈতিক আৰু ৰাজনৈতিকভাবে মেইটেইসকল কুকি আৰু নগাসকলতকৈ আগবঢ়া । গতিকে, জনজাতিৰ মৰ্যাদা লাভ কৰাৰ পিছত মণিপুৰৰ বৃহৎ পৰিমাণৰ ভূমি মেইটেইসকলৰ হাতলৈ যাব বুলি কুকি আৰু নগা জনগোষ্ঠীৰ লোকসকল শংকাত ভুগিছে ।  কুকি আৰু নগা জনগোষ্ঠীৰ ভূমিৰ পৰিমাণ হ্ৰাস পালে তেওঁলোকৰ অৰ্থনৈতিক দিশতো প্ৰভাৱ পৰিব । কাৰণ, বৰ্তমনো ঝুমখেতিৰ ওপৰতে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা বহুখিনি নিৰ্ভৰ কৰে । গতিকে, মেইটেইসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিৰোধিতা কৰি তেওঁলোকে ভূমিৰ নিৰাপত্তা আগৰ দৰে ৰাখিবলৈ চেষ্টা চলোৱাৰ ফলতে গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈছে । 

একাংশ তথাকথিত ৰাজনৈতিক আৰু ধৰ্মীয় নেতাই তেওঁলোকৰ সুবিধাৰ বাবে জনগোষ্ঠীবোৰক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ ফলতো গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয় । কুকি আৰু মেইটেইসকলকো একাংশ ৰাজনৈতিক আৰু ধৰ্মীয় নেতাই আহিলা হিচাপে ব্যৱহাৰ  কৰি আহিছে ।  অতীতৰে পৰাই ৰাজনৈতিক নেতাসকলে নিজে অন্তৰ্ভূক্ত হোৱা জনগোষ্ঠীটোক সমৰ্থন জনাই আহিছে । উদাহৰণস্বৰূপে, পাহাৰীয়া অঞ্চলৰ বাবে সুকীয়া প্ৰশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে বুলি কুকি জনগোষ্ঠীৰ একাংশ লোকে দাবী জনাই আহিছে । কুকি জনগোষ্ঠীৰ অন্তৰ্ভূক্ত হোৱা ৰাজনৈতিক নেতাসকলে এই দাবীৰ প্ৰতি সমৰ্থন জনাই আহিছে । মেইটেই জনগোষ্ঠীৰ অন্তৰ্গত একাংশ ৰাজনৈতিক নেতাই নিজে অন্তৰ্ভূক্ত হোৱা জনগোষ্ঠীটোৰ পৰা অধিক সমৰ্থন লাভৰ উদ্দেশ্যে কুকিসকলক ‘বহিৰাগত’, ‘বিদেশী’, ‘ধঁপাতৰ খেতিয়ক’ আদি অভিধাৰে এটা বাগধাৰা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে ।  একাংশ ৰাজনৈতিক নেতাৰ এনেধৰণৰ মন্তব্যই কুকিসকলক স্বাভাৱিকতে উত্তেজিত কৰি তুলিছে । মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটেইসকলক জনজাতিৰ মৰ্যাদা দিবলৈ ৰায় প্ৰদান কৰাৰ পিছত ৰাজনৈতিক নেতাসকলে নিজে অন্তৰ্ভূক্ত হোৱা জনগোষ্ঠীকটোক সমৰ্থন জনোৱাৰ মাত্ৰা তীব্ৰ হৈ পৰিল । সাংগঠনিক ধৰ্মৰ সৈতে জড়িত সংগঠন আৰু সংবাদপত্ৰবোৰে তেওঁলোকৰ অভিপ্ৰায় পূৰণৰ উদ্দেশ্যে জনগোষ্ঠী দুটাক আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ বিচৰাৰ ফলতো সংঘৰ্ষটো দীৰ্ঘদিন ধৰি চলি আছে ।  খ্ৰীষ্টান  ধৰ্মৰ সৈতে জড়িত কিছুমান সংগঠনে অভিযোগ কৰিছে যে হিন্দু ধৰ্মৰ সৈতে জড়িত দল আৰু সংগঠনবোৰে কুকিসকলৰ বিৰূদ্ধে সংঘৰ্ষত লিপ্ত হোৱাত মেইটেইসকলক সহযোগ কৰি আছে । একেসময়তে হিন্দু ধৰ্মৰ সৈতে জড়িত একাংশ সংবাদ মাধ্যমে অভিযোগ কৰিছে যে খ্ৰীষ্টান ধৰ্মৰ সৈতে জড়িত একাংশ সংগঠন আৰু চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা মিজোৰামত শৰণাৰ্থী হিচাপে থকা কুকিসকলে মেইটেইসকলৰ বিৰূদ্ধে সংঘৰ্ষত লিপ্ত হোৱাত মণিপুৰৰ কুকিসকলক সহযোগ কৰি আহিছে । অৱশ্যে, শেহতীয়াকৈ ম্যানমাৰ চৰকাৰে শৰণাৰ্থীসকলক তেনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে । তদুপৰি, নিজৰ শক্তিৰ অৱস্থিতি দেখুৱাবলৈ সহস্ত্ৰ সংগঠনবোৰেও দুয়োটা জনগোষ্ঠীক আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ সুযোগ পাইছে ।

জনগোষ্ঠীৰ সংখ্যা বহুত থকা অঞ্চলত গোষ্ঠী সংঘৰ্ষ সম্পূৰ্ণৰূপে নোহোৱা কৰা সম্ভৱ নহয় । কিন্তু, হিংসাত্মক ঘটনা যাতে সম্প্ৰসাৰণ নহয় তাৰ বাবে পৰিৱেশ সৃষ্টি কৰিব পৰা যায় । অৱশ্যে, এনে পৰিৱেশ একেদিনে গঢ়ি নুঠে । অঞ্চল এটাৰ স্থানীয় লোকসকলে তেওঁলোকৰ মাজত সামাজিক সংযোগ (Civic Engagement) গঢ়ি তুলি সেই সংযোগ দীৰ্ঘদিন ধৰি অব্যাহত ৰাখিলে জনগোষ্ঠীবোৰৰ মাজত সামগ্ৰিকভাবে সংঘৰ্ষ সংঘটিত হ’লেও সংশ্লিষ্ট অঞ্চলটোত হিংসাত্মক ঘটনা ঘটাৰ সম্ভাৱনা নাথাকে । চৰকাৰ আৰু সংশ্লিষ্ট অঞ্চলটোৰ সমাজৰ নেতৃস্থানীয় ব্যক্তিয়ে সামাজিক সংযোগ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে । শক্তিশালী সামাজিক সংযোগ অব্যাহত থাকিলে  সামগ্ৰিকভাবে গোষ্ঠী সংঘৰ্ষ সংঘটিত হ’লেও যে হিংসাত্মক ঘটনা নঘটে সেয়া মণিপুৰৰে এখন গাঁওত দেখা গৈছে । ৰাজ্যখনৰ তেংনৌপল জিলাত অৱস্থিত কুকি আৰু নগা জনগোষ্ঠীৰ মাজত থকা মেইটেই জনগোষ্ঠীৰ বসতি থকা কোৱাথা নামৰ গাঁওখনত চলিত গোষ্ঠী সংঘৰ্ষৰ প্ৰভাৱত কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই । স্থানীয় কুকি আৰু নগা জনগোষ্ঠীৰ লোকে তেওঁলোকক নিৰাপত্তা প্ৰদান কৰাৰ খবৰ পোৱা গৈছে । অসমতো ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটোৱে কেতিয়াবা মণিপুৰৰ গোষ্ঠী সংঘৰ্ষ দৰে ভয়ানক ৰূপ ল’ব পাৰে বুলি অসমৰ বুদ্ধিজীৱী হীৰেন গগৈয়ে (‘নিয়মীয়া বাৰ্তা’, ১ জুলাই ২০২৩) শংকা প্ৰকাশ কৰিছে ।  তেখেতৰ এই শংকা অমূলক নহয় । গতিকে, ৰাজ্যখনৰ বৰ্তমানৰ জনজাতি আৰু ছয় জনগোষ্ঠীৰ মাজত স্থানীয় পৰ্যায়ত সামাজিক সংযোগ শক্তিশালী কৰাৰ প্ৰয়োজন আছে । 

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ২৫ জুলাই ২০২৩, পৃষ্ঠা: ৭]

No comments:

Post a Comment