বিভিন্ন সময়ত বিভিন্ন কামৰ বাবে লাজত নপৰা মানুহ হয়তো খুব কমেইহে ওলাব।
কেতিয়াবা যদি নিজে কৰা ভুলৰ বাবে লাজত পৰিছোঁ। কেতিয়াবা আকৌ আত্মীয়-স্বজনে কৰা
ভুলৰ বাবে লাজ লগা পৰিস্থিতিৰ সম্মুখীন হৈছোঁ। কিন্তু দুটা পৰিস্থিতিত মোৰ সকলোতকৈ
বেছি লাজ লাগে। প্রথম, কোনোবা বিশ্বাসী মানুহে মিছা মতাৰ পিছ মূহুর্ততে যদি তেখেত
ধৰা পৰে। হাতে হাতে মোবাইল হোৱাৰে পৰা বেছিকৈ এই পৰিস্থিতিৰ সম্মুখীন হৈছোঁ। ‘আপোনাক
লগ কৰিব বিছাৰিছোঁ, অনুগ্রহ কৰি ক’ত আছে জনাবনে? অমুক স্থানত আছে নেকি?’ বুলি
ফোনতে অনুমতি ল’ব বিছাৰিলে, লগ দিব নিবিচৰা মহান ব্যক্তিসকলে ‘অমুক স্থানত নাই’
বুলি কৈ আন এঠাইত থকা বুলি জনায়। কিন্তু পিছ মূহুর্ততে লগ পাব বিচৰা স্থানতে
যেতিয়া তেখেতক দেখা পাওঁ নিজকে বৰ অদৰকাৰী মানুহ যেন অনুভৱ হয় আৰু খুউব লাজ লাগে।
দ্বিতীয়, বিপদৰ সময়ত মোৰ পৰা টকা ধাৰে লোৱা মানুহে যদি কোনোদিন টকাখিনি ঘুৰাই
দিয়াৰ কথা নাভাবে আৰু মোক দেখিলে নেদেখাৰ ভাও জুৰি অচিনাকি মানুহৰ দৰে আচৰণ কৰে
অথচ বন্ধু বর্গৰ সৈতে মদ, ভাং খাই টকা উৰুৱাই থাকে, মই খুউব বিৰক্তি অনু্ভৱ কৰোঁ
আৰু লাজ পাওঁ। ময়ো তেখেতক দেখিলে অচিনাকি মানুহৰ দৰে আচৰণ কৰিহে কিছু শান্তি পাওঁ।আপোনাক
বাৰু কেতিয়া বেছিকৈ লাজ লাগে?
(প্রকাশিত, ‘প্রান্তিক’ ১-১৫ জুন, ২০১৩)