Wednesday 21 December 2022

অসমৰ জনজাতি সমস্যা সম্পৰ্কত ড° শিৱনাথ বৰ্মনৰ ধাৰণা

      অসমৰ জনজাতি সমস্যা সম্পৰ্কত ৰাজ্যখনৰ বহুকেইগৰাকী বুদ্ধিজীৱীয়ে সন্ঢালনিকৈ অধ্যয়ন চলাই আহিছে ।  শাসকপক্ষক সন্তুষ্ট কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ অভিপ্ৰায় থকা একাংশ বুদ্ধিজীৱীয়ে অসমৰ জনজাতি সমস্যাৰ বাবে জনজাতিসকলকে দোষী সজাই আহিছে । এই শ্ৰেণীৰ বু্দ্ধিজীৱীয়ে প্ৰতিষ্ঠা কৰিব বিচাৰে যে ভাৰতৰ স্বাধীনতাৰ আগৰে পৰাই সুকীয়া পৰিচয়ৰ উদ্দেশ্যে সংগ্ৰাম চলাই জনজাতিসকলে অসমত অশান্তিৰ সৃষ্টি কৰি আহিছে । ড° শিৱনাথ বৰ্মন এই শ্ৰেণীৰ বু্দ্ধিজীৱীৰ শাৰীত নপৰে ।  ড° শিৱনাথ বৰ্মনে অত্যন্ত বস্তুগতভাবে জনজাতি সমস্যা সম্পৰ্কে অধ্যয়ন কৰি আহিছে ।   ড° বৰ্মনে বিশেষকৈ অসমৰ জনজাতিসকলৰ আত্মপ্ৰতিষ্ঠাৰ প্ৰচেষ্টাৰ কাৰণসমূহ তথ্যসহ প্ৰাণালীবদ্ধভাবে অধ্যয়ন কৰিছে ।
       বৰ্ণহিন্দুসকলে অসমৰ জনজাতিসকলক হিন্দু ধৰ্মৰ দীক্ষা দি সংস্কৃতায়ন কৰিবলৈ চেষ্টা চলাই আহিছে । ধাৰণা কৰা হৈছিল যে সংস্কৃতায়নে অসমৰ জনজাতি আৰু অজনজাতিৰ মাজত সমন্বয় সৃষ্টি কৰিব । কিন্তু, একাংশ বৰ্ণহিন্দুৰ জ্যাত্যভিমানৰ বাবে জনজাতিসকলক সম্পূৰ্ণৰূপে সংস্কৃতায়ন কৰিব পৰা নগ’ল । আচলতে বৰ্ণহিন্দুসকলে জনজাতিসকলক হিন্দু ধৰ্মৰ দীক্ষান্তৰ সময়ত উচ্চজাতৰ বুলি ঘোষণা কৰিছিল যদিও প্ৰকৃততে এই ঘোষণা মৌখিক আছিল । ব্যৱহাৰিক ক্ষেত্ৰত বৰ্ণহিন্দুসকলে জনজাতিসকলক সন্মানৰ চকুৰে চোৱা নাছিল ।  ‘খোৱা-বোৱা’ আৰু ‘বিবাহ’ৰ ক্ষেত্ৰত জনজাতিসকলক কেতিয়াও একে বুলি গ্ৰহণ কৰা নাছিল । এনেধৰণৰ সামাজিক অসমতাৰ প্ৰতি বিৰক্ত হোৱাৰ ফলতে যে জনজাতিসকলে আত্মপ্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰিবলৈ বাধ্য হৈছে সেয়া ড° বৰ্মনে তথ্যসহ উদঙাই দিছে ।    

           দীৰ্ঘকালৰ বাবে ভাৰতত শাসন চলাই নিয়াৰ উদ্দেশ্যে ব্ৰিটিছে বিভিন্ন ধৰণৰ বিভেদ নীতিৰে দেশখনৰ জনসাধাৰণৰ মাজত বিদ্বেষৰ বীজ সিঁচিবলৈ চেষ্টা চলাইছিল । অসমৰ জনজাতি আৰু অজনজাতিৰ মাজত  ব্ৰিটিছে বিভেদ নীতি প্ৰৱৰ্তন কৰি কেনেদৰে তেওঁলোকৰ মাজত সমন্বয়ৰ পৰিৱেশ গঢ়াত বাধা হিচাপে থিয় দিছিল সেয়া ড° বৰ্মনে সুন্দৰভাবে দেখুৱাই দিছে । ড° বৰ্মনে তথ্যসহকাৰে প্ৰমাণ কৰিছে যে ৰাজনৈতিক বা আন সুবিধা প্ৰদানৰ ক্ষেত্ৰত ব্ৰিটিছে সদায় পৃথক নীতি প্ৰৱৰ্তন কৰিছিল । ড° বৰ্মনে এই কথা ক’বলৈ অলপো কুণ্ঠাবোধ কৰা নাই যে ব্ৰিটিছ চৰকাৰৰ সমান্তৰালকৈ  খ্ৰিষ্টান মিছনেৰীসকলেও অসমৰ জনজাতিসকলক মুলসূঁতিৰ অসমীয়াৰ পৰা নিলগাই ৰাখিবলৈ চেষ্টা চলাইছিল আৰু তেওঁলোকে বহু পৰিমাণে সফলো হৈছিল । ভাৰতৰ স্বাধীনতা আন্দোলনত জনজাতিসকলৰ অংশগ্ৰহণৰ অনীহা হ’ল ইয়াৰ এটা প্ৰমাণ । ড° বৰ্মনে কৈছে যে ভাৰতৰ স্বাধীনতাৰ পিছত চলাই থকা অসমৰ জনজাতিসকলৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত খ্ৰিষ্টান মিছনেৰীসকল একেবাৰে নিস্পৃহ দৰ্শক নহয় । এই সন্দৰ্ভত ড° বৰ্মনে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে । তেওঁ কৈছে যে ‘কুপলেণ্ড প্লেন’, ‘প্ৰজেক্ট ব্ৰহ্মপুত্ৰ’ আদি আঁচনিৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলক অশান্ত কৰি ৰাখিবলৈ চেষ্টা চলোৱাৰ ক্ষেত্ৰত বিদেশী মিছনেৰীসকলৰ ভূমিকা থাকিলেও উপযুক্ত তথ্যপাতিৰ  অভাৱত সঠিক মন্তব্য দিয়া টান     

       ড° বৰ্মনে চিনাক্ত কৰিছে যে তথাকথিত ‘অসমীয়া’ৰ জনজাতিসকলৰ ওপৰত চলোৱা অভিভাৱকত্বৰ ফলতো জনজাতিসকলে সুকীয়া পৰিচয়ৰ বাবে সংগ্ৰাম কৰি আহিছে । অসম ভিত্তিক বিভিন্ন জাতীয় সংগঠনবোৰত জনজাতীয়  লোকসকলক সমান অংশীদাৰ হিচাপে গ্ৰহণ কৰা হোৱা নাছিল । বিশেষকৈ, প্ৰথম অৱস্থাত জনজাতীয় লোকসকলৰ মাজত ৰাজনৈতিক সচেতনতা আৰু আত্মপ্ৰতিষ্ঠাৰ চেতনা দুৰ্বল হৈ থকাৰ সুযোগ গ্ৰহণ কৰি জনজাতিসকলৰ ওপৰত উগ্ৰ জাতীয়তাবাদী ‘অসমীয়া’ই অভিভাৱকত্ব চলাইছিল বুলি ড° বৰ্মনে দাবী কৰিছে ।  জনজাতিসকলে ‘অসমীয়া’ৰ সৈতে মিলি গ’লেই জনজাতিসকলৰ সমস্যসমূহ সমাধান হৈ যাব বুলি  উগ্ৰ অসমীয়া জাতীয়তাবাদীসকলে ধাৰণা কৰিছিল । ড° বৰ্মনৰ মতে, উগ্ৰ জাতীয়তাবাদীসকলৰ এই ধাৰণা শুদ্ধ নহয় । তেওঁ কৈছে যে আপোন খেলত মগ্ন শিশুক যেনেকৈ বলেৰে কাষ চপাই আনিব নোৱাৰি, ঠিক তেনেকৈ আত্মীয়তাৰ সম্পৰ্ক স্থাপন নকৰাকৈ জোৰ-জবৰদস্তিৰে, বৰকাইৰ মনোভাবেৰে, ভিন্ন সাংস্কৃতিক পৰিমণ্ডলেৰে আবৃত এটা গোষ্ঠীকো, তেনেলৈ সি যিমানেই অনুন্নত নহওক কিয়, বৃহত্তৰ সমাজত সুমুৱাই লোৱা অসম্ভৱ, বৰং তেনে কৰিবলৈ গ’লে বিপদহে আছে ।

         ড° বৰ্মনে তথ্যসহ প্ৰমাণ কৰিছে যে ৰাজ্যখনৰ জনজাতিসকলে অতীতৰ পৰাই অৰ্থনৈতিক বঞ্চনাৰ সম্মুখিন হৈ আহিছে ।  বিশেষকৈ অসমৰ জনজাতিসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত নহয় । ৰাজ্যখনৰ জনজাতিসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ব্ৰিটিছৰ দিনৰ পৰাই আইন প্ৰণয়ন কৰি কাৰ্যকৰী কৰি থকা হৈছে । কিন্তু, তাৰ পিছতো তেওঁলোকৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত হোৱা নাই । চৰকাৰে বিভিন্ন সময়ত প্ৰৱৰ্তন কৰি অহা অৰ্থনৈতিক আৰু ৰাজনৈতিক নীতিৰ ফলত তেওঁলোকৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত জটিলতাহে বৃদ্ধি হ’বলৈ ধৰিছে । ফলস্বৰূপে, তেওঁলোকে ক্ৰমান্বয়ে ভূমি হেৰুৱাবলৈ ধৰিছে ।  জনজাতীয় খণ্ড আৰু মণ্ডলৰ হাজাৰ হাজৰ ভূমি এতিয়াও অজনজাতীয় লোকৰ হাতত থকাৰ প্ৰমাণ ড° বৰ্মনে দাঙি ধৰিছে ।

           জনজাতিসকলৰ আত্মপ্ৰতিষ্ঠাৰ প্ৰচেষ্টাত জনজাতিসকলৰ মধ্যশ্ৰেণীৰ উত্থান আন এক উল্লেখযোগ্য কাৰণ হিচাপে ড° বৰ্মনে চিনাক্ত কৰিছে । ড° বৰ্মনে কৈছে যে ওপৰত আলোচনা কৰা উপাদানবোৰক সংগঠিত কৰি আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম চলাই নিয়াত জনজাতিসকলৰ মধ্যশ্ৰেণীয়ে গুৰুত্বপূৰ্ণ  ভূমিকা পালন কৰি আহিছে ।

        শংকৰদেৱক বস্তুগতভাবে চাবলৈ চেষ্টা কৰা  ড° শিৱনাথ বৰ্মনৰ মৃত্যুত অসমে জনজাতীয় সমস্যাসমূহক প্ৰণালীবদ্ধ আৰু তথ্যগতভাবে বিশ্লেষণ আগবঢ়োৱা এগৰাকী বিশিষ্ট পণ্ডিতক হেৰুৱালে ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২১ ডিচেম্বৰ ২০২২]

Saturday 3 December 2022

পৰিচয়, সংঘাত আৰু সমন্বয়

    ব্যতিক্ৰমৰ বাহিৰে পৰিয়াল এটাৰ প্ৰতিজন সদস্যই নিজৰ এটা সুকীয়া পৰিচয় বিচাৰে । ৰাজ্য এখনৰ প্ৰতিটো জনগোষ্ঠীয়ে সুকীয় পৰিচয়েৰে আগবাঢ়ি যাবলৈ চেষ্টা চলাই থাকে । সেইদৰে, দেশ এখনৰ প্ৰতিটো ধৰ্মৰ লোকে তেওঁলোকে অন্তৰ্ভূক্ত হোৱা ধৰ্মটোৰ স্বকীয় পৰিচয় অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখে । এক কথাত, তুলনামূলকভাবে বৃহৎ গোট এটাত অন্তৰ্ভূক্ত হৈ থকা প্ৰতিটো গোটে নিজৰ সুকীয়া পৰিচয় বিচাৰে ।  প্ৰশ্ন হ’ল- কি কাৰণে ব্যক্তি, জনগোষ্ঠী বা ধৰ্মীয় গোটে নিজৰ সুকীয়া পৰিচয় বিচাৰে ?  ১৯৯৮ চনত ন’বেল বঁটা বিজয়ী অৰ্থনীতিবিদ তথা প্ৰখ্যাত চিন্তাবিদ অমৰ্ত্য সেনে এই সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে । তেওঁ কৈছে যে পৰিচয়বোধ মানুহৰ কেৱল গৌৰৱ আৰু আনন্দৰ উৎসই নহয়, ই শক্তি আৰু আত্মবিশ্বাসৰো উৎস হ’ব পাৰে  (“A sense of identity can be a source not merely of pride and joy, but also of strength and confidence) । 

সংখ্যাৰ ভিত্তিত এজন মানুহৰ পৰিচয় দুইধৰণৰ হ’ব পাৰে-একমাত্ৰ  পৰিচয় (Single identify) আৰু একাধিক পৰিচয় (Multiple identity) । মানুহ এজনৰ এটাতকৈ বেছি পৰিচয় থাকিলে তেওঁক একাধিক পৰিচয়সম্পন্ন ব্যক্তি বুলি কোৱা হয় ।  অৱশ্যে, এই কথা সত্য যে কোনো মানুহৰে মাত্ৰ এটা পৰিচয় নাথাকে ।  প্ৰতিজন মানুহৰে একেসময়তে বহুকেইটা পৰিচয় থাকে । কিন্তু, সময় আৰু পৰিস্থিতি সাপেক্ষে মানুহে নিজৰ একাধিক পৰিচয়ৰ কথা পাহৰি যায় আৰু মাত্ৰ এটা পৰিচয়ক অগ্ৰাধিকাৰ দিয়ে । 

একমাত্ৰ পৰিচয়ে সমাজত সংঘাতৰ সৃষ্টি কৰে । অমৰ্ত্য সেনৰ মতে, একমাত্ৰ পৰিচয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা মানসিকতাই দুই ধৰণৰ অৰ্থ বুজায় ।  প্ৰথম, আনৰ পৰিচয়ক কম শ্ৰদ্ধা বা অশ্ৰদ্ধা কৰা  (Identity disregard) । দ্বিতীয়, এটা সংগঠনৰ অন্তৰ্ভূক্ত হৈ (Singular affiliation) আন সংগঠনবোৰৰ প্ৰতি হীন মনোভাৱ পোষণ কৰা ।  উদাহৰণস্বৰূপে, কোনো এজন ব্যক্তি নিজৰ সকলো পৰিচয় বাদ দি কেৱল নিজে অন্তৰ্ভূক্ত হোৱা (জন্মসূত্ৰে বা সামাজিকভাবে) জনগোষ্ঠী বা ধৰ্মটোক অগ্ৰাধিকাৰ দি থাকিলে, সংশ্লিষ্ট মানুহজনে আন জনগোষ্ঠী বা ধৰ্মৰ মানুহক লাহে লাহে কম শ্ৰদ্ধা বা অশ্ৰদ্ধা কৰিবলৈ ধৰে । একেসময়তে তেওঁ কেৱল নিজে অন্তৰ্ভূক্ত হোৱা জনগোষ্ঠী বা ধৰ্মৰ সৈতে সম্পৰ্ক থকা সদৃশ সংগঠনবোৰৰ সৈতে জড়িত হৈ  আন জনগোষ্ঠী বা ধৰ্ম আৰু সংগঠনৰ প্ৰতি কম সহনশীল বা অসহনশীল হৈ পৰে । ব্যাখ্যাৰ প্ৰয়োজন নাই যে এনেধৰণৰ পৰিস্থিতিয়ে জনগোষ্ঠী বা ধৰ্মৰ ভিত্তিত সংঘাত সৃষ্টি কৰে । যাৰ ফলত কেতিয়াবা ভয়ানক গোষ্ঠী সংঘৰ্ষৰো সৃষ্টি হয় ।  উদাহৰণ বিচাৰি ইমানদূৰ যাবই নালাগে । ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ৰে পৰাই অসমত ভাষা আৰু জনগোষ্ঠীভিত্তিক পৰিচয়ৰ সংঘাত সৃষ্টি হৈ আহিছে । ভাষাৰ ক্ষেত্ৰত বাংলাভাষী আৰু অসমীয়াভাষীৰ মাজত চলি থকা সংঘাত উল্লেখ কৰিব পাৰি । জনগোষ্ঠীৰ ভিত্তিত দেখা গৈছে যে একমাত্ৰ ভৌগোলিক পৰিচয়ক আগ্ৰাধিকাৰ দি পাহাৰ আৰু ভৈয়ামৰ মাজত সংঘাত সৃষ্টি হৈছে ।  জনগোষ্ঠীৰ ভিত্তিত একমাত্ৰ পৰিচয় তীব্ৰ হৈ মাজে সময়ে একে ভৌগোলিক অঞ্চলতে জনগোষ্ঠীবোৰৰ মাজত সংঘাতৰ সৃষ্টি হৈ আহিছে ।  আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সমন্বয়ত গঢ়ি উঠা অসমৰ ধৰ্মনিৰপেক্ষ সমাজখনত ৰাজ্যখনৰ মানুহৰ মাজত ধৰ্মৰ ভিত্তিত একমাত্ৰ পৰিচয়ৰ প্ৰসংগ তল পৰি আছিল । কিন্তু, যোৱা দুটা দশক ধৰি একাংশ ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক সংগঠনৰ প্ৰৰোচনাত পৰি ধৰ্মৰ ভিত্তিত গঢ়ি উঠা একমাত্ৰ পৰিচয়ে ৰাজ্যখনত অগ্ৰাধিকাৰ লাভ কৰিবলৈ ধৰিছে । ফলস্বৰূপে, ধৰ্মভিত্তিক একমাত্ৰ পৰিচয়ে ৰাজ্যখনত সংঘাত সৃষ্টিৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ ধৰিছে ।

আনৰ পৰিচয়ক সমালোচনা কৰা বা অশ্ৰদ্ধা কৰাৰ ক্ষেত্ৰত একমাত্ৰ পৰিচয়ক অগ্ৰাধিকাৰ দিয়া মানুহে যিমান ‘স্বাধীনতা’ লাভ কৰে, একাধিক পৰিচয়সম্পন্ন মানুহে সিমান ‘স্বাধীনতা’ লাভ নকৰে । উদাহৰণস্বৰূপে, বিহাৰ আৰু অসম-দুয়োখন ৰাজ্যৰ সংস্কৃতিৰ পৰিচয় গঢ়িবলৈ সক্ষম হোৱা ব্যক্তি এজনে দুয়োখন ৰাজ্যৰ সংস্কৃতিক সমালোচনা বা অশ্ৰদ্ধা কৰিবলৈ যিমান অসুবিধা অনুভৱ কৰিব, কেৱল বিহাৰৰ সংস্কৃতিৰ সৈতে পৰিচয় থকা ব্যক্তি এজনে অসমৰ সংস্কৃতিক সমালোচনা বা অশ্ৰদ্ধা কৰিবলৈ সিমান অসুবিধা অনুভৱ নকৰিব । সেইদৰে, কেৱল অসমৰ সংস্কৃতিৰ সৈতে পৰিচয় থকা ব্যক্তি এজনে বিহাৰৰ সংস্কৃতিক সমালোচনা বা অশ্ৰদ্ধা কৰিবলৈ সিমান অসুবিধা অনুভৱ নকৰিব, যিমান অসুবিধা দুয়োখন ৰাজ্যৰ সংস্কৃতিৰ সৈতে নিজৰ পৰিচয় গঢ়িবলৈ সুবিধা লাভ কৰা ব্যক্তিজনে অনুভৱ কৰিব । অসমীয়া আৰু বাংলা দুয়োটা ভাষাৰ ওপৰত দখল থকা ব্যক্তি এজনে (অসমীয়াই হওক বা বাঙালীয়েই হওক) ভাষা দুটাৰ ভিতৰত কোনো এটা ভাষাক অশ্ৰদ্ধা বা  অসন্মান কৰাৰ ক্ষেত্ৰত স্বাভাৱিকতে অসুবিধা অনুভৱ কৰিব । কিন্তু, কেৱল অসমীয়া ভাষাক অগ্ৰাধিকাৰ দি ভাষাভিত্তিক পৰিচয় দিবলৈ বিচৰা ব্যক্তি এজনে বাঙালী ভাষাৰ প্ৰতি বিৰূপ মনোভাৱ প্ৰকাশ কৰিবলৈ অসুবিধা অনুভৱ নকৰিব পাৰে । কেৱল বাংলা ভাষাক অগ্ৰাধিকাৰ দি ভাষাভিত্তিক পৰিচয় দিবলৈ বিচৰা ব্যক্তিৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত মানসিকতা প্ৰযোজ্য হ’ব পাৰে, যিজনে অসমীয়া ভাষাৰ প্ৰতি বিৰূপ মনোভাৱ প্ৰকাশ কৰিবলৈ অসুবিধা অনুভৱ নকৰিব পাৰে    

এনেকুৱা নহয় যে মানুহ এজনে তেওঁৰ আটাইবোৰ পৰিচয়ক অগ্ৰাধিকাৰ দিবলৈ ইচ্ছা বা চেষ্টা নকৰে ।  তেওঁৰ আটাইবোৰ পৰিচয়ক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত বিভিন্ন কাৰকে অন্তৰায় হিচাপে দেখা দিয়ে । প্ৰথম, একমাত্ৰ পৰিচয়ক অগ্ৰাধিকাৰ প্ৰদান কৰি সমাজত প্ৰভুত্ব বিস্তাৰ কৰি থকা লোকসকলে আনকো তেওঁলোকৰ ফলীয়া কৰিবলৈ চেষ্টা চলাই থাকে । কোনজন মানুহৰ কোন দিশত দুৰ্বলতা আছে, সেইবোৰ চিনাক্ত কৰি তেওঁলোকে সেই মানুহবোৰক সহায়ৰ হাত আগবঢ়ায় আৰু তাৰ বিনিময়ত দীৰ্ঘকালৰ বাবে তেওঁলোকক একমাত্ৰ পৰিচয়ৰ বান্ধোনত বান্ধ খাই থাকিবলৈ বাধ্য কৰে । উদাহৰণস্বৰূপে, যিসকল লোকে জনগোষ্ঠী এটাৰ পৰিয়চকে ৰাজনৈতিক বিচাৰ্য বিষয় (Issue) হিচাপে লৈ নিজক প্ৰতিষ্ঠা কৰিছে, তেওঁলোকে সংশ্লিষ্ট জনগোষ্ঠীটোৰ মাজত তেওঁলোকৰ প্ৰভুত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত জনগোষ্ঠীটোৰ আন লোকসকলকো জনগোষ্ঠীভিত্তিক একমাত্ৰ পৰিচয়ৰ ওপৰত আগ্ৰাধিকাৰ দিবলৈ উৎসাহ যোগাই থাকে । ধৰ্মৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য । দ্বিতীয়, বিশ্বজনীন কিছুমান কাৰকে অঞ্চলভিত্তিক বা ধৰ্মভিত্তিক একমাত্ৰ পৰিচয় শক্তিশালী কৰাত অন্তৰায় হিচাপে দেখা দিয়ে । সেই কাৰকবোৰৰ সৈতে মোকাবিলা কৰিব নোৱাৰি সংশ্লিষ্ট অঞ্চলৰ নেতৃস্থানীয় ব্যক্তি বা ধৰ্মগুৰুসকলে তেওঁলোকে অন্তৰ্ভূক্ত হোৱা অঞ্চল বা ধৰ্মটোৰ একমাত্ৰ পৰিচয়হে তেওঁলোকক ‘উদ্ধাৰ’ কৰিব পাৰিব বুলি  ধাৰণা কৰে ।  এনে ধাৰণাই বিশ্বজনীন কাৰকবোৰৰ সৈতে মোকাবিলা কৰিব পাৰক বা নোৱাৰক, ধাৰণাটোৱে যে একাধিক পৰিচয় গঢ়াত অন্তৰায় হিচাপে দেখা দিয়ে তাত কোনো সন্দেহ নাই । উদাহৰণস্বৰূপে, মুক্ত অৰ্থনৈতিক ব্যৱস্থাই ব্যক্তি স্বাধীনতা আৰু  একাধিক পৰিচয়ৰ ওপৰত গুৰুত্ব দিয়ে । ব্যক্তি স্বাধীনতাই ধৰ্মভিত্তিক বা ভাষাভিত্তিক একমাত্ৰ পৰিচয়ৰ ধাৰণাক ক্ৰমে দুৰ্বল কৰিবলৈ ধৰিছে ।  ভাষা বা ধৰ্মক একমাত্ৰ পৰিচয় হিচাপে গঢ়ি তোলা নেতৃস্থানীয় লোকসকলে মুক্ত অৰ্থনীতিৰ ‘হাতোৰা’ৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰি ভাষা বা ধৰ্মৰ ওপৰত অধিক আগ্ৰাধিকাৰ দিয়ে । তেওঁলোকে ধাৰণা কৰে যে নিজৰ ভাষা বা ধৰ্মটোক অগ্ৰাধিকাৰ দিলেহে মু্ক্ত  অৰ্থনীতিৰ ‘হাতোৰা’ৰ পৰা মুক্ত হ’ব পৰা যাব ।  তৃতীয়তে, ৰাজনৈতিক দলবোৰে একমাত্ৰ পৰিচয়ক ক্ষমতা দখলৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ  ধৰাৰ ফলতো একাধিক পৰিচয়ক অগ্ৰাধিকাৰ দিয়াত অন্তৰায় হিচাপে দেখা দিয়ে । অৰ্থনৈতিক আৰু আন সা-সুবিধা লাভৰ আশাত বহু লোকে একমাত্ৰ পৰিচয়ক গুৰুত্ব প্ৰদান কৰা ৰাজনৈতিক দল আৰু সংগঠনবোৰত অন্তৰ্ভূক্ত হ’লে তেওঁলোকৰ একাধিক পৰিচয়ক অগ্ৰাধিকাৰ দিয়াৰ বাট বন্ধ হৈ যায় । 

সামগ্ৰিক উন্নয়নৰ বাবে সমাজত সৃষ্টি হোৱা সংঘাতবোৰ হ্ৰাস কৰিব লাগিব । যিহেতু একমাত্ৰ পৰিচয়ে সংঘাত সৃষ্টিত অৰিহণা যোগায়, সেয়েহে প্ৰতিজন ব্যক্তিয়ে একাধিক পৰিচয় গঢ়িবলৈ চেষ্টা কৰা উচিত । মানুহৰ জৈৱিক বয়স বঢ়াৰ লগে লগে একাধিক পৰিচয় গঢ়াৰ সুযোগ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে (ব্যতিক্ৰমৰ বাহিৰে) । গতিকে, সৰুৰে পৰাই প্ৰতিজন ব্যক্তিয়ে একাধিক পৰিচয় গঢ়াত গুৰুত্ব প্ৰদান কৰিলে সমাজত ঘটি থকা সংঘাতবিলাক হ্ৰাস কৰিব পৰা যাব ।  আন কথাত, সমাজত সমন্বয়ৰ পৰিৱেশ সম্প্ৰসাৰিত হ’ব ।

 

প্ৰাসংগিক গ্ৰন্থ

Ahmad, Aijaz (2004): On Communalism and Globalization: Offensives of the Far Right, 2nd edition, (Three Essays).

Sen, Amartya (2006): Identity & Violence: The Illusion of Destiny, (Penguin Books).

Sen, Amartya (2006): The Argumentative Indian: Writings of Indian Culture, History and Identity, (Penguin Books). 


[ গোলাঘাট গ্ৰন্থমেলা, ১৮-২৭ অক্টোবৰ ২০২২ ৰ স্মৃতিগ্ৰন্থত প্ৰকাশিত ] 

Tuesday 19 July 2022

‘অসমীয়া নৱাগত আদৰণি সভা’ ৰ পৰিৱৰ্তে ‘অসম নৱাগত আদৰণি সভা’

          হায়দৰাবাদ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা অসমৰ শিক্ষাৰ্থীসকলে প্ৰতিবছৰে অসমৰপৰা বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰিবলৈ যোৱা নতুন শিক্ষাৰ্থীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে ‘অসমীয়া নৱাগত আদৰণি সভা’  অনুষ্ঠিত কৰি আহিছে । অসমত জনগোষ্ঠীভিত্তিক পৰিচয় বিষয়টোৱে প্ৰয়োজনাধিক অগ্ৰাধিকাৰ লাভ কৰাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰি থকা অসমৰ এটা বিশেষ জনগোষ্ঠীৰ শিক্ষাৰ্থীসকলে ২০১০ চনত উল্লিখিত অনুষ্ঠানটোত অংশগ্ৰহণ নকৰি নিজ জনগোষ্ঠীটোৰ নাম ব্যৱহাৰ কৰি নৱাগত আদৰণি সভা অনুষ্ঠিত কৰিছিল । এই বিষয়টোৱে আমাক আমনি কৰি থকাত Friends of Assam and Seven Sisters (FASS) মজিয়াত আলোচনাৰ বাবে উত্থাপন কৰিছিলোঁ । সংস্থাটোৰ বহু গণ্যমান্য ব্যক্তিয়ে পৰিচয় সংকট আৰু পৃথকতাবাদী মনোভাৱ সম্পৰ্কীয় বিষয়টোৰ ওপৰত বহুলভাবে আলোচনা কৰিছিল । তেওঁলোকৰ ভিতৰত সংস্থাটোৰ এগৰাকী অগ্ৰণী প্ৰতিষ্ঠাপক ৰাজেন বৰুৱাও আছিল । অসমৰপৰা বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰিবলৈ যোৱা শিক্ষাৰ্থীসকলৰ মাজত যাতে জনগোষ্ঠীৰ ভিত্তিত পৃথকতাবাদী মানসিকতা বৃদ্ধি নাপায় তাৰ বাবে তেওঁ আগলৈ ‘অসমীয়া নৱাগত আদৰণি সভা’ৰ পৰিৱৰ্তে ‘অসম নৱাগত আদৰণি সভা’ (সেইদৰে, ‘উত্তৰ-পূৱ নৱাগত আৰৰণি সভা’) অনুষ্ঠিত কৰিবলৈ আমাক পৰামৰ্শ আগবঢ়াইছিল।  আচলতে, অসমৰ মানুহবিলাক যাতে একতাৰ এনাজৰীৰে বান্ধ খাই থাকে তাৰ প্ৰতি ড° ৰাজেন বৰুৱা সদায় সচেতন হৈ আছিল ।         

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১৬-৩১ জুলাই ২০২২]

Sunday 17 July 2022

স্নাতক পৰ্যায়ত পছন্দভিত্তিক শিক্ষা পদ্ধতি

           পছন্দভিত্তিক শিক্ষা পদ্ধতিত (Choice Based Credit System, চমুকৈ CBCS) শিক্ষাৰ্থীসকলে বিষয় আৰু পেপাৰ বাছনি কৰি অধ্যয়ন কৰিবলৈ সুবিধা লাভ কৰে ।  এই পদ্ধতিত শিক্ষাৰ্থীয়ে মুখ্য বিষয়, যিকোনো শাখাৰ ঐচ্ছিক বিষয় আৰু দক্ষতাভিত্তিক বিষয় পছন্দ কৰি অধ্যয়ন কৰিবলৈ সুবিধা পায় । পৰম্পৰাগত শিক্ষা পদ্ধতিত থকা নম্বৰভিত্তিক ব্যৱস্থা উঠাই দি এই পদ্ধতিত প্ৰতিটো ষান্মাসিকৰ প্ৰতিখন পেপাৰতে গ্ৰেড দিয়াৰ ব্যৱস্থা আছে ।  এই পদ্ধতি উদ্ভাৱন কৰা শিক্ষাবিদসকলে দাবী কৰে যে পদ্ধতিটোৱে পৰম্পৰাগত শিক্ষা পদ্ধতিৰ তুলনাত কেইটামান বিশেষ সুবিধা প্ৰদান কৰে । উদাহৰণস্বৰূপে-শিক্ষাৰ্থীয়ে তেওঁলোকৰ আগ্ৰহ অনুসৰি বিষয় আৰু শিক্ষক (সংশ্লিষ্ট শিক্ষকে প্ৰস্তুত কৰা পেপাৰ বাছনিৰ যোগেদি) বাছনি কৰি পঢ়িব পৰে, বহুবিষয়ক শিক্ষা লাভ কৰিব পাৰে, বাধ্যতামূলক পেপাৰকেইখনৰ উপৰি ইচ্ছা কৰিলে অতিৰিক্ত পেপাৰ লৈ অতিৰিক্ত কৃতিত্ব আৰ্জন কৰিব পাৰে । কেৱল শিক্ষাৰ্থীৰ দৃষ্টিকোণৰ পৰাহে যে এই পদ্ধতিটো সুবিধাজনক তেনে নহয় । শিক্ষকৰ বাবেও এই পদ্ধতিয়ে কিছুমান সুবিধা প্ৰদান কৰে । উদাহৰণস্বৰূপে-পদ্ধতিটোত শিক্ষকে পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত নমনীয়তা (flexibility) আৰু শিক্ষা-শিকন প্ৰক্ৰিয়া উন্নত কৰাৰ সুবিধা লাভ কৰে । তদুপৰি, পদ্ধতিটোৱে মূল্যায়নৰ বোজা হ্ৰাস কৰে ।

            অসমৰ উচ্চ শিক্ষাৰ সৈতে জড়িত অংশীদাৰ (Stakeholders) আৰু সংগঠনবোৰৰ (যেনে-সদৌ অসম ছাত্ৰ সন্থা, অসম কলেজ শিক্ষক সংস্থা) মাজত কেইবালানি আলোচনা হোৱাৰ পিছত ৰাজ্যখনৰ আটাইকেইখন বিশ্ববিদ্যালয়ে স্নাতক পৰ্যায়ত পছন্দভিত্তিক শিক্ষা পদ্ধতি প্ৰৱৰ্তন কৰিছে ।  যোৱা তিনি বছৰৰ অভিজ্ঞতাৰ ভিত্তিত পদ্ধতিটোৰ সম্পৰ্কত কেইটামান কথা উল্লেখ কৰিব বিচাৰিছো- (১) প্ৰয়োনজীয় সংখ্যক শিক্ষক আৰু আন্ত:গাঁঠনিৰ অভাৱৰ বাবে মহাবিদ্যালয়সমূহে শিক্ষাৰ্থীক তেওঁলোকৰ পছন্দ অনুসৰি বিষয় আগবঢ়াই দিব পৰা নাই, (২)  মাত্ৰ এটা শাখা থকাৰ বাবে বহু মহাবিদ্যালয়ে শিক্ষাৰ্থীক পছন্দৰ বিষয় আগবঢ়োৱাত ব্যৰ্থ হৈছে, (৩) শিক্ষক আৰু আন্ত:গাঁঠনিৰ অভাৱৰ বাবে বহু মহাবিদ্যালয়ে অনা-সন্মান পাঠ্যক্ৰম (Non-Honours Course) পছন্দ কৰাৰ সুবিধা দিয়া নাই,  বাধ্যতামূলকভাবে সন্মান (Honours) পাঠ্যক্ৰম পঢ়িবলৈ দিয়া হয়, (৪) দক্ষতাভিত্তিক বিষয়সমূহ বাধ্যতামূলক কৰা হৈছে যদিও মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ (উচ্চ শিক্ষা সঞ্চালকালয়) আৰু বিদ্যায়তনিক অনু্ষ্ঠানৰ (বিশ্ববিদ্যালয়) মাজত উপযুক্ত সমন্বয়ৰ অভাৱৰ বাবে শিক্ষাৰ্থীয়ে আশা কৰা ধৰণে সেই বিষয়সমূহৰ পৰা লাভাম্বিত হ’ব পৰা নাই, (৫) বহু শিক্ষক আৰু শিক্ষাৰ্থী এই পদ্ধতিটোৰ সম্পৰ্কত বৰ্তমানো ভালদৰে পৰিচিত হোৱা নাই । 

            ভাৰতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দৃষ্টিকোণেৰে পছন্দভিত্তিক শিক্ষা পদ্ধতিটো  নি:সন্দেহে অতি প্ৰয়োজনীয় পদ্ধতি । স্নাতক পৰ্যায়ত এই পদ্ধতিটোৰ সফল ৰূপায়নৰ বাবে মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় সংখ্যক শিক্ষক আৰু আন্ত:গাঁঠনিৰ ব্যৱস্থা কৰিব লাগিব, মহাবিদ্যালয়সমূহত কলা শাখাৰ উপৰি বাণিজ্য আৰু বিজ্ঞান শাখাৰ ব্যৱস্থা কৰিব লাগিব । এইখিনি ব্যৱস্থা কৰিব নোৱাৰিলে বাস্তৱত ‘পছন্দৰ সুবিধা নথকা পছন্দভিত্তিক শিক্ষা পদ্ধতি’হে  প্ৰচলন হৈ থাকিব যিটো যোৱা কেইবছৰমান ধৰি চলি আছে । 

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৩ জুলাই ২০২২]

Thursday 28 April 2022

অসমীয়াৰ ব্ৰক্ষ্মতালুত দংশন প্ৰসংগত

 

         যোৱা ২২ এপ্ৰিলৰ ‘আমাৰ অসম’ৰ সম্পাদকীয়টো পঢ়িলোঁ । সম্পাদকীয়টো অত্যন্ত স্পষ্ট আৰু সময়োপযোগী হৈছে । সম্পাদকীয়টোত ঠিকেই কৈছে যে অসমত শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা উচ্চ চিন্তাৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশক এচাম মতলবী মানুহে কুঠাৰাঘাত কৰিবলৈ অপচেষ্টা অব্যাহত ৰাখিছে । নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ বাবে এচাম অসমীয়া মানুহেই শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা ঐতিহ্যৰ ওপৰত আঘাত কৰিবলৈ সুবিধা কৰি দিছে । অসমীয়াৰ বৰঘৰত কৰা এই সাংস্কৃতিক আক্ৰমণ ৰোধ কৰিবলৈ হ’লে ক্ষুদ্ৰ স্বাৰ্থৰ বাবে সেই মতলবী মানুহবোৰৰ সংগ দিয়া অসমীয়া লোকসকলক চিনাক্ত কৰাৰ সময় আহি পৰিছে । অন্যথা, অসমত প্ৰাক-শংকৰী যুগত চলি থকা ধৰ্মীয় বিশৃংখলতা পুনৰ ঘূৰি আহিবলৈ বেছি সময় নালাগিব ।

            উত্তৰ ভাৰতৰ হিন্দু সংস্কৃতিকে দেশখনৰ সংস্কৃতি হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে একাংশ সামাজিক আৰু সাংস্কৃতিক সংগঠনে অতীতৰে পৰাই চেষ্টা চলাই আহিছে । অসমত যেতিয়াই জটিল ৰাজনৈতিক সন্ধিক্ষণ আহি পৰিছে তেতিয়াই সেই সংগঠনবোৰে (নামত সাংস্কৃতিক সংগঠন, কিন্তু ৰাজনৈতিক বিষয়বোৰতো হাত দিয়ে) সুযোগ বুজি অসমীয়াৰ মন জয় কৰিবলৈ চেষ্টা চলাইছে আৰু তেওঁলোকৰ বাট সুগম কৰি লৈছে । উদাহৰণস্বৰূপে অসম আন্দোলনৰ প্ৰসংগ আনিব পাৰি । ছয়বছৰীয়া জটিল ৰাজনৈতিক সন্ধিক্ষণত সেই সংগঠনবোৰে আন্দোলনটোৰ বহিৰাগত খেদা বিষয়টোক বিদেশী খেদা বিষয়লৈ ৰূপান্তৰ কৰিছিল (বিশেষকৈ অবৈধ মুছলমান বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক টাৰগেট কৰি লোৱা হৈছিল)  আৰু ইয়াৰ দ্বাৰা অসমৰ গৰিষ্ঠসংখ্যক হিন্দু মধ্যবিত্তৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল (এই সম্পৰ্কে অধিক জানিবৰ বাবে আগ্ৰহী পাঠকে The Last Battle of Saraighat গ্ৰন্থখন চাব পাৰে) ।

            সামাজিক আৰু সাংস্কৃতিক ‘প্ৰভুত্ব’ বিস্তাৰৰ ক্ষেত্ৰত অৰ্থনৈতিক আৰু ৰাজনৈতিক শক্তিৰ প্ৰয়োজন হয় ।  অৰ্থনৈতিক শক্তিৰ বাবে ৰাজনৈতিক শক্তিৰ সমৰ্থনৰ প্ৰয়োজন হয় । দীৰ্ঘ সময় ধৰি অসমত সেই শক্তিটোৱে সমৰ্থন জনোৱা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম নোহোৱাৰ বাবে অসমত তেওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক ‘প্ৰভুত্ব’ বিস্তাৰৰ গতি লেহেমীয়া আছিল ।  কিন্তু, তেওঁলোকৰ সমৰ্থিত ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ পিছত সামাজিক আৰু সাংস্কৃতিক ‘প্ৰভুত্ব’ বিস্তাৰৰ গতি দ্ৰুত হৈ পৰিল আৰু অসমীয়াই আজি তাৰে ফল ভোগ কৰিবলগীয়া হৈছে ।  এনেকুৱা নহয় যে অসমৰ যিবোৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ ওপৰত উত্তৰ ভাৰতীয় সংস্কৃতিয়ে আঘাত কৰিবলৈ ধৰিছে সেই সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানসমূহ নোহোৱা হৈ যাব । কিন্তু, এইটো সত্য যে অসমৰ জনজীৱনত সেই অনুষ্ঠানসমূহৰ ‘প্ৰভাৱ’ আগৰ তুলনাত হ্ৰাস পাব । 

        যোৱা কিছু বছৰ ধৰি সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত ভাৰতৰ গৌৰৱময় অতীতৰ ওপৰত প্ৰয়োজনাধিক গুৰুত্ব প্ৰদান কৰি থকা হৈছে । গৌৰৱময় অতীতক গুৰুত্ব প্ৰদান কৰাৰ নামত ধৰ্মীয়  নীতি-নিয়ম, আচাৰ-আচৰণবোৰক ঘূৰাই আনিবলৈ চেষ্টা চলোৱা হৈছে । অসমতো ইয়াৰ প্ৰকোপ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।  মনত ৰখা দৰকাৰ যে গৌৰৱময় অতীতৰ পৰা শিক্ষা লোৱা আৰু অতীতৰ নীতি-নিয়ম, আচাৰ-আচাৰণবোৰক ঘূৰাই অনাৰ মাজত পাৰ্থক্য আছে ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৮ এপ্ৰিল ২০২২]

Sunday 27 March 2022

ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদ ভাৰতৰ প্ৰকৃত ৰাষ্ট্ৰবাদ নহয়

         যোৱা ১১ মাৰ্চত ‘আমাৰ অসম’ত প্ৰকাশিত ৰক্তিম গোস্বামীৰ ‘ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদৰ উত্থানত  দিকভ্ৰষ্ট ভাৰত’ শীৰ্ষক লেখাটোৰ আঁত ধৰি কিছু কথা লিখাৰ তাড়না অনুভৱ কৰিলোঁ ।  গোস্বামীয়ে ঠিকে কৈছে যে কেৱল ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে একাংশ সাংস্কৃতিক (?) আৰু ৰাজনৈতিক শক্তিয়ে ভাৰতৰ জনসাধৰণক ধৰ্মীয় সংকীৰ্ণতাৰ মাজলৈ ঠেলি দি ভাৰতক সভ্য সমাজৰ পৰা  ক্ৰমে নিলগাই আনি থকা হৈছে ।  সেই সাংস্কৃতিক আৰু ৰাজনৈতিক শক্তিবোৰৰ প্ৰকৃত উদ্দেশ্য অনুধাৱন কৰিব নোৱাৰা বা কৰিব পাৰিলেও ব্যক্তিগত স্বাৰ্থৰ বাবে এক শ্ৰেণীৰ মানুহে সেই সংকীৰ্ণতাত সোমাই পৰিছে । তেওঁলোকৰ ভিতৰত লিখা-পঢ়া নজনা সাধাৰণ লোকৰ পৰা বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰী লোকলৈকে আছে । সুবিধা প্ৰদানৰ বিনিময়ত সংশ্লিষ্ট সাংস্কৃতিক আৰু ৰাজনৈতিক শক্তিয়ে তেওঁলোকক পাৰ্যমানে ব্যৱহাৰ কৰিবলৈ ধৰিছে । 

        ভাৰতত ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদৰ উত্থান একেদিনে গঢ়ি উঠা নাই । স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতত  ধৰ্ম আৰু জাত-পাতৰ উৰ্ধত ৰাষ্ট্ৰবাদৰ ধাৰণা গঢ়ি উঠিছিল । কিন্তু, দেশখনৰ একাংশ নেতা-পালিনেতাই ব্ৰিটিছৰ পৃষ্ঠপোষকতাত ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদৰ ধাৰণা পোষকতা কৰি ৰাষ্ট্ৰবাদৰ উক্ত ধাৰণাক প্ৰৱলভাবে প্ৰত্যাহ্বান জনাইছিল ।  যোৱা শতিকাৰ তৃতীয় আৰু চতুৰ্থ দশকত তেওঁলোকৰ প্ৰত্যাহ্বান ইমানেই প্ৰৱল হৈ পৰিছিল যে তেওঁলোকে ধৰ্মৰ ভিত্তিত ৰাষ্ট্ৰ গঠন কৰিবলৈ চেষ্টা কৰিছিল ।  দেশ বিভাজনৰ সময়ত ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদৰ প্ৰভাৱত পাকিস্তান নামৰ এখন সুকীয়া ৰাষ্ট্ৰ গঠন কৰা হৈছিল । ধৰ্মৰ ভিত্তিত পাকিস্তান গঠন হোৱাৰ সময়তে ভাৰতকো হিন্দু ধৰ্মৰ ভিত্তিত ‘হিন্দু ৰাষ্ট্ৰ’ গঠনৰ পোষকতা কৰা হৈছিল । কিন্তু,  স্বাধীনতা আন্দোলনৰ সময়ত গঢ়ি উঠা সকলোকে সামৰি লোৱা ৰাষ্ট্ৰবাদৰ ধাৰণাৰ প্ৰভাৱে ভাৰতক ‘হিন্দু ৰাষ্ট্ৰ’ হিচাপে প্ৰতিষ্ঠা কৰাত অন্তৰায় হিচাপে দেখা দিছিল । তদুপৰি, মহাত্মা গান্ধীক কৰা হত্যাই সেই শক্তিটোৰ আশাত চেঁচাপানী পেলাইছিল ।  

        ৰাজনৈতিক উদ্দেশ্যৰ বাবে বৰ্তমান ভাৰতত সনাতন ধৰ্মক ব্যাপকভাবে ব্যৱহাৰ কৰিবলৈ ধৰিছে । হিন্দু ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদৰ ধাৰণা শক্তিশালী কৰাৰ উদ্দেশ্যে স্বাধীনতা আন্দোলনৰ সময়তো সনাতন ধৰ্মক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল ।  যোৱা শতিকাৰ তৃতীয় দশকৰ মাজভাগত প্ৰতিষ্ঠা কৰা গীতা প্ৰেছৰ দ্বাৰা প্ৰকাশিত ‘কল্যাণ’ নামৰ প্ৰত্ৰিকাখনৰ যোগেদি সনাতন ধৰ্মক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু হিন্দু মহাসভাৰ কিছুমান নেতা আৰু সদস্যই উল্লিখিত পত্ৰিকাখনত লিখনি প্ৰকাশ কৰি স্বাধীনতা আন্দোলনৰ সময়ত গঢ়ি উঠা প্ৰগতিশীল, ধৰ্মনিৰপেক্ষ আৰু আধুনিক ৰাষ্ট্ৰৰ ধাৰণাৰ ওপৰত প্ৰশ্ন কৰিছিল ।  মনকৰিবলগীয়া যে বহুতো নামজ্বলা কংগ্ৰেছী নেতা আৰু সদস্যও ‘কল্যাণ’ৰ যোগেদি হিন্দু ধৰ্মই বিপদৰ সম্মুখিন হোৱা বুলি বিভিন্ন সময়ত নিজৰ মত প্ৰকাশ কৰিছিল । হিন্দুসকলৰ বিপদৰ কথা লিখিবলৈ জৱাহৰলাল নেহৰুকো ‘কল্যাণ’ৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছিল (গীতা প্ৰেছ ন্যাসৰ এগৰাকী অন্যতম সদস্য হনুমান প্ৰসাদ পোদ্দাৰে নেহৰুক অনুৰোধ কৰিছিল) । কিন্তু, নেহৰুৱে সেই অনুৰোধ বাৰে বাৰে প্ৰত্যাখান কৰিছিল (ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদীসকলৰ নেহৰু বিদ্বেষৰ ইয়ো এটা কাৰণ) ।  সি যি কি নহওক, একাংশ সাংস্কৃতিক আৰু ৰাজনৈতিক শক্তিয়ে অতীতৰ পৰাই সকলোকে সামৰি লোৱা ভাৰতৰ ৰাষ্ট্ৰবাদৰ ধাৰণাটোক প্ৰত্যাহ্বান জনাই আহিছে । স্বাধীনতাৰ পিছত দীঘলীয়া সময়ৰ বাবে ৰাজনৈতিক ক্ষমতা দখল কৰিবলৈ সুবিধা পোৱা নাছিল বাবে তেওঁলোকৰ প্ৰত্যাহ্বান সিমান প্ৰৱল হৈ উঠা নাছিল যিমান সাম্প্ৰতিক সময়ত  প্ৰৱল হৈ পৰিছে ।  আন কথাত, দেশখনত যোৱা শতিকাৰ তৃতীয় আৰু চতুৰ্থ দশকত গঢ়ি উঠা ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদৰ ধাৰণাই পুনৰ শক্তিশালী ৰূপত মূৰ দাঙি উঠিছে ।  

            মনত ৰখা দৰকাৰ যে ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদ ভাৰতৰ প্ৰকৃত ৰাষ্ট্ৰবাদ নহয় ভাৰতৰ প্ৰকৃত ৰাষ্ট্ৰবাদ হ’ল- জাতি, ধৰ্ম, বৰ্ণ আৰু সম্প্ৰদায় নিৰ্বিশেষে দেশখনৰ সকলোকে সামৰি লোৱা ৰাষ্ট্ৰবাদ । ভাৰতৰ ব্যক্তি এজনৰ ৰাষ্ট্ৰবাদৰ ধাৰণা হ’ল, সংশ্লিষ্ট ব্যক্তিজনৰ দেশখনৰ প্ৰতি থকা আন্তিৰক অনুভৱ, সংবিধানিক অধিকাৰ উপভোগ কৰিবলৈ আৰু দেশখনৰ ব্যক্তি হ’বলৈ পোৱাৰ গৌৰৱবোধ । এই ধাৰণাবিলাক সংশ্লিষ্ট ব্যক্তিজনৰ হৃদয়ত এনেদৰে নিহিত হৈ থাকে যে আন কোনো দেশতে তেওঁ তেনে অনুভৱ কৰিব নোৱাৰে । ৰাষ্ট্ৰবাদৰ এই অনুভৱক আন কোনো শক্তিয়ে কাঢ়ি নিব নোৱাৰে বা শক্তি প্ৰয়োগেৰে জাপি দিয়াৰ প্ৰয়োজনো নাই-সেয়া দেশখনৰ বাহিৰৰ বা দেশখনৰ ভিতৰৰ যি শক্তিয়েই নহওক কিয় সাম্প্ৰতিক সময়ত দেশখনত প্ৰৱল হৈ উঠা হিন্দু ৰাষ্ট্ৰবাদ নি:সন্দেহে এক সংকীৰ্ণ ৰাষ্ট্ৰবাদ ৰাষ্ট্ৰবাদ সম্পৰ্কীয় এই জটিল সন্ধিক্ষণত ভাৰতৰ গৰিষ্ঠসংখ্যক জনসাধাৰণে সংকীৰ্ণ ৰাষ্ট্ৰবাদৰ ধাৰণাৰ পৰা যিমান সোনকালে মুক্ত হ’ব পাৰিব সিমানেই দেশখনৰ বাবে মংগল । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৭ মাৰ্চ ২০২২]

Wednesday 9 February 2022

উত্তৰ প্ৰদেশৰ প্ৰাক-নিৰ্বাচনী হিংসা আৰু অসম

            এ আই এম আই এমৰ মুৰব্বী তথা লোকসভাৰ সদস্য আছাদউদ্দিন ওৱেইছিৱে উত্তৰপ্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচন সংক্ৰান্তীয় দলীয় সভাত অংশগ্ৰহণ কৰি দিল্লীলৈ  ঘূৰি অহাৰ পথত এখন টোলগেটৰ ওচৰত তেওঁলৈ লক্ষ্য কৰি অচিনাক্ত বন্দুকধাৰীয়ে গুলীচালনা কৰিলে ।  বাতৰি অনুসৰি তেওঁৰ গাড়ীখনত তিনিটা গুলী লাগিছে । ইয়াৰে দুটা গুলী বাহনখনৰ দুৱাৰত আৰু আনটো গুলী টায়াৰত লাগিছে ।  গুলীচালনাৰ সৈতে জড়িত যিজন লোকক (শচীন পণ্ডিত) আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বিজেপি নেতাৰ সৈতে সেই লোকজনৰ সম্পৰ্ক থকাৰ  প্ৰমাণ পোৱা গৈছে  (The Wireৰ ৪ ফেব্ৰুৱাৰী ২০২২ৰ বাতৰি অনুসৰি) । ঘটনাটোৰ সন্দৰ্ভত সাংসদগৰাকীয়ে লোকসভাত নিজৰ বক্তব্য ৰাখি কৈছে যে এনেধৰণৰ ঘটনাই দেশখনৰ জনসাধাৰণক নিৰাপত্তাহীন কৰি তুলিছে । সাংসদগৰাকীয়ে কোৱাৰ দৰে দেশখনৰ জনসাধাৰণক নিৰাপত্তাহীন কৰি তোলাৰ উপৰি এনেধৰণৰ ঘটনাই আৰু কেইটামান তাৎপৰ্যপূৰ্ণ অৰ্থ বহন কৰিছে । প্ৰথমতে, নিৰ্বাচনত জয়লাভৰ উদ্দেশ্যে দেশখনৰ একাংশ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীয়ে নিজৰ নিকটতম প্ৰতিদ্বন্দ্বীক তথাকথিত গুণ্ডাৰ দ্বাৰা বাহুবলেৰে ভাবুকি প্ৰদান কৰিবলৈও কুণ্ঠাবোধ নকৰে ।  দ্বিতীয়তে, দেশখনৰ সংখ্যালঘু লোকসকলৰ স্বাৰ্থৰ হকে বলিষ্ঠভাবে মাত মতা ৰাজনৈতিক নেতাক একাংশ ৰাজনৈতিক নেতা-কৰ্মীয়ে সহ্য কৰিব নোৱাৰে । তৃতীয়তে, নিৰ্বাচনৰ প্ৰাকমহূৰ্তত নিৰ্বাচনী বিচাৰ্য বিষয়বোৰেৰে ভোটাৰসকলৰ মন জয় কৰিবলৈ সক্ষম নহ’লে বিৰোধী ৰাজনৈতিক দলৰ নেতাক বন্দুকেৰে আক্ৰমণ কৰিবলৈ একাংশ ৰাজনৈতিক নেতা-কৰ্মী যিকোনো সময়তে সাজু হৈ থাকে । শেষত, ঘটনাটোৱে দেশখনৰ নিৰ্বাচন ব্যৱস্থাটোৰ প্ৰতি জটিল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনত সংঘটিত এনেধৰণৰ ঘটনা নি:সন্দেহে গৰিহণাৰ যোগ্য । 

          শেহতীয়াকৈ অসমৰ একাংশ লোকে উত্তৰ ভাৰতীয় ৰাজনৈতিক আৰু সামাজিক-সাংস্কৃতিক পৰিৱেশকক দ্ৰুতগতিত অনুকৰণ কৰাৰ ঢৌ উঠিছে । উদাহৰণস্বৰূপে, গৰুৰ প্ৰতি প্ৰয়োজনাধিক গুৰুত্ব দিয়া, এটা বিশেষ সংগঠিত ধৰ্মৰ লোকসকলৰ প্ৰতি বিদ্বেষভাৱ সৃষ্টি কৰা, হিন্দু ধৰ্মৰ সৈতে জড়িত অনুষ্ঠানসমূহক অধিক গুৰুত্ব দিয়া ইত্যাদি । তদুপৰি, কম সময়ৰ ভিতৰতে নিজৰ উচ্চকাংক্ষা পূৰণৰ উদ্দেশ্যে উত্তৰ ভাৰতীয় উগ্ৰ হিন্দুত্ববাদী ৰাজনৈতিক নেতাক ‘গুৰু’ হিচাপে মানি লোৱা নেতাও অসমত ওলাইছে ।  কোনো এটা অঞ্চলৰ ইতিবাচক দিশবোৰ অনুকৰণ কৰাত কোনো আপত্তি থাকিব নোৱাৰে । কিন্তু, অসমৰ একাংশ লোকে যিবোৰ দিশত উত্তৰ ভাৰতীয় ৰাজনৈতিক আৰু সামাজিক-সাংস্কৃতিক পৰিৱেশক অনুসৰণ কৰিবলৈ লৈছে, সেয়া ৰাজ্যখনৰ বাবে মুঠেই গ্ৰহণযোগ্য নহয় ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ৯ ফেব্ৰুৱাৰী ২০২২]