Tuesday 20 June 2017

প্ৰসংগ: ‘মাতৃভাষাৰ প্ৰতি অনীহা কিয়?’

যোৱা ২৯ মে’ তাৰিখে ‘নিয়মীয়া বাৰ্তা’ত প্ৰকাশিত তৰণী কলিতাৰ ‘মাতৃভাষাৰ প্ৰতি অনীহা কিয়?’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ মন্তব্য আগবঢ়োৱাৰ লোভ সামৰিব নোৱাৰিলোঁ। কলিতাৰ লেখাটো বিশেষকৈ অসম আৰু অসমীয়া ভাষাৰ প্ৰসংগতে আলোচনা কৰা হৈছে বাবে আমাৰ মন্তব্যখিনিও এই পৰিধিৰ ভিতৰতে ৰাখিবলৈ বিচাৰিছোঁ। কলিতাই ঠিকেই ধৰিছে যে অসমত আজি মাতৃভাষাৰ প্ৰতি অনীহাৰ পৰিবেশ বিৰাজ কৰিছে। আমি অসমৰ মানুহবোৰে (সকলো নহয়) আমাৰ নিজৰে নিৰ্ভৰযোগ্য সামগ্ৰী আৰু সেৱা থকা সত্বেও যিকোনো আমদানীকৃত সামগ্ৰী আৰু সেৱাৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰোঁ। আচলতে, আমি অতি সহজে মানসিকভাবে শোষিত (Psychologically Exploited)  হৈ যাওঁ। অসমীয়া ভাষাটোও ইয়াৰ ব্যতিক্ৰম নহয়। এনে এটা ধাৰণা গঢ়ি উঠিছে যে কোনো এজন ব্যক্তিয়ে কথা প্ৰসংগত অসমীয়া ভাষাৰ শব্দ বিচাৰি নাপালে সংশ্লিষ্ট ব্যক্তিজনৰ সামাজিক মৰ্যাদা অলপ হ’লেও উচ্চ। অৱশ্যে, এই ধাৰণা লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে-এয়া এক শুভ লক্ষণ।
সমগ্ৰ পৃথিৱীতে বজাৰ ব্যৱস্থা প্ৰচলন হোৱাৰ পাছত স্থানীয় ভাষাবিলাক সংকটত পৰিবলৈ ধৰিছে। একে সময়তে উত্তৰ আধুনিকতাবাদৰ-নিৰ্দিষ্ট দিশবিহীন সামাজিক পৰিস্থিতিয়ে সকলোকে অক্টোপাছৰ দৰে মেৰিয়াই ধৰিছে। ভাষাৰ ক্ষেত্ৰত নিৰ্দিষ্ট দিশবিহীন পৰিস্থিতিত অসমৰ মানুহে ইংৰাজী ভাষাৰ সহায়তে আগবাঢ়ি যোৱাৰ বাট দেখা পাইছে। অৱশ্যে, এইটো ঠিক যে সমগ্ৰিকভাবে পৃথিৱীত আন ভাষাৰ তুলনাত ইংৰাজী ভাষাৰ প্ৰভাৱ কিছু হ’লেও বেছি আছে। সেইদৰে ভাৰতবৰ্ষত হিন্দী ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাতকৈ বেছি। গতিকে এই দুটা ভাষাৰ প্ৰতি অসমৰ মানুহবিলাক আগ্ৰহী হৈ উঠাটোৱেই স্বাভাৱিক। দুখৰ কথাটো হ’ল-ইয়াতেই মাতৃভাষাৰ প্ৰতি অনীহা সম্পৰ্কীয় সমস্যাটোৰ উদ্ভৱ হৈছে। বজাৰত বেছিকৈ প্ৰভাৱ বিস্তাৰ কৰা ভাষাবিলাক সঘনে ব্যৱহাৰ কৰি থকাৰ ফলত নিজৰ মাতৃভাষাটোৰ প্ৰতি স্বাভাৱিকতে অনীহাৰ ভাব আহে। কিন্তু, সকলোৱে বুজি উঠা উচিত যে বজাৰত বেছিকৈ প্ৰভাৱ বিস্তাৰ কৰা ভাষাবিলাকত দক্ষতা থকাৰ উপৰিও নিজৰ মাতৃভাষাত দখল থাকিলে কোনো ক্ষতি নহয়। বৰঞ্চ ভাষাৰ ক্ষেত্ৰত সংশ্লিষ্ট ব্যক্তিজন অধিক সবলহে হৈ উঠে।



[প্ৰকাশিত, ১৭ জুন ২০১৭, ‘নিয়মীয়া বাৰ্তা’]

‘সামগ্ৰী আৰু সেৱা কৰ’ ব্যৱস্থাৰ সীমাবদ্ধতা

যোৱা ১২ জুন তাৰিখে ‘আমাৰ অসম’ কাকতত প্ৰকাশিত ৰূপম গোস্বামীৰ ‘জি এছ টি: দেশৰ নতুন কৰ ব্যৱস্থাৰ এক চমু অৱলোকন’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ মন্তব্য আগবঢ়োৱাৰ লোভ সামৰিব নোৱাৰিলোঁ। যিকোনো এটা নতুন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিলে ব্যৱস্থাটোৰ সীমাবদ্ধতাখিনি আলোচনাৰ বাহিৰত ৰাখিলে ব্যৱস্থাটোৰ বিষয়ে সম্পূৰ্ণকৈ বুজি উঠা নাযায়। গোস্বামীৰ লেখাটোৰ সীমাবদ্ধতাও তাতেই। কোনো সন্দেহ নাই যে ‘সামগ্ৰী আৰু সেৱা কৰ’ (Goods and Services Tax, চমুকৈ GST) ব্যৱস্থা সঠিকভাবে প্ৰৱৰ্তন কৰিব পাৰিলে কৰ সম্পৰ্কীয় দক্ষতা বৃদ্ধি পাব আৰু দেশখনৰ কৰৰ পৰা সংগৃহিত ৰাজহৰ পৰিমান বৃদ্ধি পোৱাৰ লগতে অৰ্থনৈতিক উন্নয়নৰ হাৰ দ্ৰুতগতিত বাঢ়িব। তদুপৰি, ‘সংযুক্ত সামগ্ৰী আৰু সেৱা কৰ’ (Integrated Goods and Services Tax, চমুকৈ IGST) ব্যৱস্থাৰ ভিত্তিত উপাদান কৰ জমা (Input Credit) ব্যৱস্থাৰ দ্বাৰা বিত্তীয় ক্ষেত্ৰত ভাৰতত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ইতিবাচক উত্তৰণ ঘটিব। কিন্তু, এই নতুন কৰ ব্যৱস্থাটো সমালোচনাৰ বাহিৰত নহয়।
প্ৰথমে, সামগ্ৰী আৰু সেৱা কৰ পৰিষদে ( GST Council) এতিয়ালৈকে আগবঢ়োৱা পৰামৰ্শ অনুসৰি বৃহৎ সংখ্যক পেট্ৰল আৰু পেট্ৰলজাত সামগ্ৰী, সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাত অন্তৰ্ভূক্ত কৰা নহ’ব। ইফালে দেশৰ বৃহৎ সংখ্যক সামগ্ৰীৰ উৎপাদন পেট্ৰলজাত ইন্ধন ব্যৱহাৰ কৰিয়ে কৰা হয়। সৰল ভাষাত, পেট্ৰলজাত সামগ্ৰীসমূহৰ ওপৰত ‘কৰৰ ওপৰত কৰ’ (Tax on Tax) আৰোপ কৰাৰ ব্যৱস্থাই অব্যাহত থাকিব। গতিকে, পেট্ৰলজাত ইন্ধন ব্যৱহাৰ কৰি উৎপাদন কৰা সামগ্ৰীসমূহৰ দামৰ কোনো পৰিবৰ্তন নোহোৱাৰ ফলত উপভোক্তাৰ ওপৰত আৰোপ কৰা কৰভাৰ (Tax Incidence) একেই থাকিব। দ্বিতীয়তে, কৰৰ ভিত্তিত ভাৰতত বিত্তীয় দিশত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যেৰে সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাৰে সমগ্ৰ ভাৰতবৰ্ষতে একে হাৰত কৰ আৰোপ কৰিব বিচৰা হৈছে। কিন্তু, কেৱল কৰৰ হাৰ সমান হ’লেই কৰৰ ভিত্তিত বিত্তীয় দিশত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা শক্তিশালী হৈ নুঠিবও পাৰে যদিহে ৰাজ্য বিশেষে উদ্যোগিক আৰু বাণিজ্যিক নীতিবিলাক বেলেগ বেলেগ হয়। উদ্যোগিক আৰু বাণিজ্যিক নীতিৰ বিভিন্নতাৰ ফলত আদান-প্ৰদান ব্যয়ৰ পৰিমানো ভিন ভিন হ’ব। তৃতীয়তে, সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ফলত যিবিলাক ৰাজ্য বিত্তীয়ভাবে লোকচানৰ সম্মুখিন হ’ব, সেই ক্ষতিপূৰণ পাচঁ বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে সম্পন্ন কৰাৰ কথা বিধেয়কখনত কোৱা হৈছে। কোনো এখন ৰাজ্যই নিজেই প্ৰত্যক্ষভাবে সংগ্ৰহ কৰিব পৰা ৰাজহখিনি এই ব্যৱস্থাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলৈ হাত পাতিবলগীয়া হোৱা পৰিস্থিতিয়ে সংশ্লিষ্ট ৰাজ্যখনৰ বিত্তীয় স্বাধীনতা কিছু হ’লেও হ্ৰাস পোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
অৱশ্যে, এটা কথা ঠিক যে এই কৰ ব্যৱস্থাটোৰ সীমাবদ্ধতাৰ তুলনাত সুবিধাই বেছি হ’ব।    


[প্ৰকাশিত, ১৫ জুন ২০১৭, ‘আমাৰ অসম’]