Friday 19 February 2021

‘ধ্বংসৰ বাটত অসম, অসমীয়াৰ ঐতিহ্য’ৰ প্ৰসংগত

 

যোৱা ১৬ ফেব্ৰুৱাৰীত ‘আমাৰ অসম’ৰ ‘প্ৰথম কলম’ত প্ৰকাশিত ড° ধ্ৰুৱজ্যোতি বৰাৰ ‘ধ্বংসৰ বাটত অসম, অসমীয়াৰ ঐতিহ্য’ শীৰ্ষক চিন্তাকৰ্ষক লেখাটো পঢ়িলোঁ ।  কিছু পলমকৈ হ’লেও অসমীয়াৰ ঐতিহ্যৰ ওপৰত ‘সনাতন ধৰ্ম’ৰ নামত ভাৰতৰ এক বিশেষ অঞ্চলৰ সংস্কৃতিয়ে আক্ৰমণ কৰিবলৈ ধৰা পৰিস্থিতি সম্পৰ্কে অসমীয়া মানুহক সচেতন হ’বলৈ আহ্বান জনোৱাৰ বাবে ড° বৰাক ধন্যবাদ জনালোঁ ।   প্ৰশ্ন হ’ল- কি কাৰণে ‘সনাতন ধৰ্ম’ই অসমীয়াৰ ঐতিহ্যৰ ওপৰত আক্ৰমণ চলাবলৈ সক্ষম হৈছে ? 

নিজৰটোক এৰি আনৰটো ভাল বুলি সহজে মানি লোৱাৰ প্ৰৱণতা এটা ভাৰতীয় মানুহৰ আছে । সম্ভৱ:ত অসমীয়া মানুহৰ এই প্ৰৱণতা সৰ্বভাৰতীয় মানতকৈ বেছি ।  বহু ঘাত-প্ৰতিঘাতৰ অন্তত আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সমন্বয়ত  গঢ়ি উঠা অসমৰ গৌৰৱময় সংস্কৃতিক এৰি অসমীয়াই একাংশ স্বাৰ্থপৰ ৰাজনৈতিক আৰু ধৰ্মীয় নেতাৰ প্ৰৰোচনাত পৰি ‘সনাতন ধৰ্ম’ৰ নামত আমদানীকৃত সংস্কৃতিক বৰপিৰাত বহুৱাবলৈ  উঠিপৰি লাগিছে ।

কোনো সন্দেহ নাই যে আন সংগঠিত ধৰ্মৰ দৰে ‘সনাতন ধৰ্ম’ও বিশ্বজনীন বজাৰ ব্যৱস্থাৰ সৈতে মোকাবিলা কৰিব নোৱাৰা হৈ পৰিছে ।  সেয়েহে  ‘সনাতন ধৰ্ম’ৰ স্বঘোষিত আৰু বহুবল্কী নেতাসকলে ভাৰতত বসবাস কৰা এক বিশেষ সংগঠিত ধৰ্মৰ লোকসকলক বাদ দি আন সকলো ধৰ্মৰ লোকক সাংস্কৃতিকভাবে এক কৰি প্ৰকৃত সমস্যাটোৰ পৰা আঁতৰত থকাৰ এটা উপায় হিচাপে ‘সনাতন ধৰ্ম’ক দ্ৰুতগতিত ব্যৱহাৰ কৰিবলৈ ধৰিছে ।  এই শোভাযাত্ৰাত অসমীয়াসকলকো অংশীদাৰ কৰি লোৱা হৈছে । দুখৰ কথাটো হ’ল- ক্ষন্তেকীয়া অৰ্থনৈতিক আৰু সামাজিক স্বীকৃতি লাভৰ স্বাৰ্থত একাংশ অসমীয়াই ৰাজ্যখনৰ গৌৰৱোজ্জ্বল ঐতিহ্যকো ত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই । 

আন সংগঠিত ধৰ্মই ভাৰতৰ আন ৰাজ্যৰ লগতে অসমতো আগ্ৰাসন চলাইছে বুলি ‘সনাতন ধৰ্ম’ৰ প্ৰবক্তাসকলে  ৰাজ্যখনত এটা ধৰ্মীয় আৰু ৰাজনৈতিক সংকটৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ।  অসমীয়াসকল প্ৰয়োজনতকৈ বেছি আৱেগিক হয় বাবে তেওঁলোকে অসমীয়াৰ মাজত এই এজেণ্ডাটোক সহজে কাৰ্যকৰী ৰূপ দিব পাৰিছে ।  সেই সংগঠিত ধৰ্মবোৰে নৱ-বৈষ্ণৱ ধৰ্মৰ ওপৰতো আক্ৰমণ  চলাইছে বুলি পতিয়ন নিয়াব পাৰিছে বাবে একাংশ সত্ৰাধিকাৰে ড° বৰাই কোৱাৰ দৰে সনাতনী নৃত্যসভাত ধেই ধেই নাচ মাৰিবলৈ আগবাঢ়িছে । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২০ ফেব্ৰুৱাৰী, ২০২১]

Sunday 14 February 2021

হিন্দুত্বৰ আগ্ৰাসনৰ বিৰূদ্ধে ড° প্ৰফুল্ল মহন্ত

 

অসমৰ যিসকল অজনজাতীয় মূলৰ বিশিষ্ট বুদ্ধিজীৱীয়ে জনজাতীয় লোকসকলৰ সামগ্ৰিক উত্তৰণৰ বাবে অবিৰতভাবে বৌদ্ধিক চিন্তাচৰ্চা চলাই আহিছে, তেওঁলোকৰ ভিতৰত ড° প্ৰফুল্ল মহন্তৰ নামো আহে ।  তথাকথিত ব্যাক্ষ্মণ্যবাদী ব্যৱস্থাৰ দ্বাৰা শোষণ আৰু বঞ্চনাৰ বলি হৈ থকা অসমৰ জনজাতীয় লোকসকলক মুক্ত কৰাৰ উদ্দেশ্যে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে অসমত হিন্দুত্বৰ আগ্ৰাসনৰ বিৰূদ্ধে একাগ্ৰতাৰে বৌদ্ধিক সংগ্ৰাম চলাই আহিছে । এই সংগ্ৰামৰ বিনিময়ত তেওঁ কেতিয়াবা ‘অতি জনজাতীয় বুদ্ধিজীৱী’ হিচাপে সমালোচনাৰ সম্মুখিন হোৱাৰ উপৰি জন্মগতভাৱে নিজে অন্তৰ্ভূক্ত হোৱা সম্প্ৰদায়টোৰ একাংশ লোকৰ দ্বাৰা বহুবাৰ তিৰস্কাৰৰ সম্মুখিন হৈছে । শেহতীয়াকৈ, এই বৌদ্ধিক সংগ্ৰামখনত তেওঁ এক নতুন প্ৰত্যাহ্বানৰ সম্মুখিন হ’বলগীয়া হৈছে । যি শক্তিৰ বিৰূদ্ধে তেওঁ আজীৱন বৌদ্ধিক সংগ্ৰাম চলাই আহিছে, সেই শক্তিটোৰ সমৰ্থিত ৰাজনৈতিক দলে দুটা আঞ্চলিক ৰাজনৈতিক দলৰ সহযোগত ২০১৬ চনত অসমত চৰকাৰ গঠন কৰিলে ।  দীৰ্ঘদীন ধৰি সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত অসমত হিন্দুত্বৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা চলাই থকা শক্তিটোৱে ৰাজনৈতিক ক্ষেত্ৰতো প্ৰত্যক্ষভাবে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পাছত সেই শক্তিটো স্বাভাৱিকতে অধিক শক্তিশালী হৈ উঠিল ।  কোৱা বাহুল্য মাথো যে দুগুণ শক্তিৰে ড° মহন্তই এই বৌদ্ধিক সংগ্ৰামখন চলাই নিছে ।  

ড° প্ৰফুল্ল মহন্তৰ ধাৰণা স্পষ্ট যে ভাৰতীয় সংস্কৃতিৰ সৈতে অসমৰ সংস্কৃতিৰ বহুখিনি মিল থাকিলেও, অসমৰ সংস্কৃতিৰ এক সুকীয়া পৰিচয় আছে । ড° মহন্তই কৈছে যে অসমীয়া সংস্কৃতি সমন্বয়ৰ সংস্কৃতি, কোনো বিশেষ জনগোষ্ঠীৰ সংস্কৃতি নহয় । আৰ্য আৰু অনাৰ্যৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানৰ সংমিশ্ৰিত ৰূপটোৱেই হ’ল অসমীয়া সংস্কৃতি । অসমলৈ ব্ৰাক্ষ্মণ্যবাদৰ আগমনৰ পাছত জনজাতীয় উপাস্য দেৱ-দেৱীৰ উপাসনা স্থানৰ উপৰি পাহাৰ-পৰ্বত, নদ-নদী আদিকো আৰ্যীকৰণ কৰি অসমৰ অনাৰ্য সংস্কৃতিক ভাৰতৰ আৰ্য তথা হিন্দু সংস্কৃতিৰ সৈতে মিলোৱা হৈছিল (আজিও মিলাই থকা হৈছে) । অসমত ব্ৰাক্ষ্মণসকলে সমাজৰ শীৰ্ষস্থান অধিকাৰ কৰি জনজাতীয় লোকসকলকো ব্যাক্ষ্মণ্যবাদী হিন্দু ধৰ্মৰ চাৰিবেৰত সামৰি ল’বলৈ চেষ্টা কৰিছিল ।  কিন্তু, জাত-পাতৰ সৈতে পৰিচয় নথকা বহু জনজাতীয় লোক ব্ৰাক্ষ্মণ্যবাদৰ চাৰিবেৰত সোমাবলৈ ইচ্ছা কৰা নাছিল ।  ব্ৰাক্ষ্মণ্যবাদী ব্যৱস্থাৰ প্ৰভুত্ব থকা হিন্দু ধৰ্মই ৰাজ পৃষ্ঠপোষকতা লাভ কৰাৰ পাছতো যে অসমৰ বৃহৎসংখ্যক জনজাতীয় লোক হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ সাজু নাছিল সেয়া ড° মহন্তই তথ্য সহকাৰে প্ৰমাণ কৰিছে । মহাপুৰুষ শংকৰদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু কালিচৰণ ব্ৰক্ষ্মৰ বিষয়ে অধ্যয়ন কৰি ড° মহন্তই অসমৰ আৰ্য আৰু অনাৰ্যৰ সংমিশ্ৰিত সংস্কৃতি অথচ সমন্বয়ৰ ছবিখন প্ৰতিফলিত কৰি নিজেও সমন্বয়ৰ বাৰ্তা বিলাবলৈ চেষ্টা চলাই আহিছে ।

আহোমৰ দিনত অসমত ব্যাক্ষ্মণ্যবাদী ব্যৱস্থাৰ প্ৰৱেশ ঘটাৰ পাছত কেনেদৰে ধৰ্মীয় সংঘাতৰ সৃষ্টি হৈছিল, অসম আন্দোলনৰ সময়ৰ পৰা সাম্প্ৰদায়িক শক্তিবোৰে কেনেদৰে ৰাজ্যখনত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাবলৈ চেষ্টা চলাইছে, সেই বিষয়ে বস্তুনিষ্ঠভাবে অধ্যয়ন কৰি ড° মহম্তই অসমবাসীক বুজাবলৈ চেষ্টা কৰিছে যে হিন্দুত্বৰ দ্ৰুত আগ্ৰাসন অসমৰ বাবে মুঠেই গ্ৰহণযোগ্য নহয় ।  ২০১৬ চনৰ ২৪ মে’ৰ শপতগ্ৰহণ অনুষ্ঠানত ৰামদেৱকে আদি কৰি ভালেকেইগৰাকী হিন্দু ধৰ্মগুৰুৰ লগতে সত্ৰাধিকাৰসকলক আমন্ত্ৰণ জনোৱা কাৰ্যক ওঠৰ শতিকাত আহোম ৰাজ্যত পৰ্বতীয়া গোসাইৰ দৰে শাক্ত ব্ৰাক্ষ্মণসকলক আমন্ত্ৰণ জনোৱাৰ সৈতে ড° মহন্তই তুলনা কৰিছে, যিসকলৰ চূড়ান্ত অতপালিৰ পৰিণতি আছিল ‘মোৱামৰীয়া বিদ্ৰোহ’ । হিন্দুত্বৰ দ্ৰুত আগ্ৰাসনে যে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ পৰিৱেশ ধ্বংস কৰি সমাজত বিভাজন আনিব, সেয়া সমাজবিজ্ঞানীগৰাকীয়ে অসমবাসীক সতৰ্ক কৰি দিছে । 

দীৰ্ঘদিনীয়া পৰ্যবেক্ষণৰ পৰা ড° প্ৰফুল্ল মহন্তই এই কথা উপলব্ধি কৰিছে যে জনজাতীয় ধ্যান ধাৰণাৰ দ্বাৰা গঠিত ৰাজনৈতিক দলৰ নেতাই অসমখন শাসন কৰাতো হিন্দুত্বত বিশ্বাসী অসমৰ মধ্যশ্ৰেণীয়ে কেতিয়াও নিবিচাৰে ।  এই প্ৰৱণতাৰ উপযুক্ত উদাহৰণ  বিশিষ্ট সমাজ বিজ্ঞানীগৰাকীয়ে দাঙি ধৰিছে ।  অসম বিধানসভাৰ ২০১৬ চনৰ নিৰ্বাচনৰ আগে আগে অসমৰ পাহাৰ-ভৈয়ামৰ সকলো জনজাতিক সামৰি জনজাতীয় নেতাসকলে ২০১৫ চনৰ ১৯ নৱেম্বৰত ‘ইউনাইটেড পিপুলছ্ ফ্ৰন্ট’ গঠন কৰিছিল । ড° মহন্তই কৈছে যে এই ঐক্য-সংহতি হিন্দুত্বৰ আদৰ্শত বিশ্বাসী শক্তিটোৰ সহ্য হোৱা নাছিল আৰু সেয়েহে সেই শক্তিটোৱে অসমৰ মধ্যশ্ৰেণীৰ সহযোগত সেই ঐক্য-সংহতি চুৰমাৰ কৰি দিছিল  । হিন্দুত্ববাদী শক্তিৰ ৰাজনীতিৰ মেৰপাকত সোমাই ২০১৬ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত অসমৰ জনজাতীয় নেতৃত্বই হিন্দুত্বক আদৰ্শ হিচাপে গ্ৰহণ কৰা ৰাজনৈতিক দলটোক সমৰ্থন দিছিল ।  ড° মহন্তই অসমৰ জনজাতীয় ৰাজনৈতিক নেতৃত্বৰ এই সিদ্ধান্তৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু উপযুক্ত সময়ত তেওঁলোকক সতৰ্ক কৰি দি আহিছে ।   হ্ৰস্বকালীন সা-সুবিধাৰ স্বাৰ্থত যি ৰাজনৈতিক শক্তিৰ সৈতে জনজাতীয় ৰাজনৈতিক নেতৃত্বই সহযোগ কৰিছে, তেওঁলোকে যে মংগোলীয় ‘জনজাতি অসম’ক ‘হিন্দু ৰাজ্য’ত পৰিণত কৰিবলৈ সচেতনভাবে প্ৰয়াস কৰিছে, সেয়া ড° মহন্তই জনজাতীয় নেতৃত্বক বুজাবলৈ চেষ্টা কৰিছে ।

জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ এনাজৰীৰে অসমবাসীক সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিকভাবে বান্ধি ৰখা মহাপুৰুষ শংকৰদেৱক হিন্দুত্ববাদী শক্তিয়ে ‘নিজৰ কৰি লোৱা’ৰ ক্ষেত্ৰত ড° মহন্তৰ ঘোৰ আপত্তি  আছে । তেওঁৰ যুক্তি হ’ল- মহাপুৰুষ শংকৰদেৱ হিন্দু ধৰ্মৰে এটা শাখা  নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল যদিও সেয়া ‘অতি হিন্দু’ নাছিল । প্ৰকৃততে গুৰুজনাই ‘অতি হিন্দু’ৰ গ্ৰাসৰ পৰা অসমখনক ৰক্ষাহে কৰিছিল । সেই ‘অতি হিন্দু’সকলে শংকৰদেৱক ‘নিজৰ কৰি লোৱা’ কিমান বিপদজনক হ’ব পাৰে, সেই সম্পৰ্কে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু সত্ৰসমূহক ড° মহন্তই সতৰ্ক কৰি দিছে । অসমবাসীয়ে বুজা উচিত যে হিন্দুত্ববাদী শক্তিয়ে অসমৰ বৈষম্যহীন সমাজ জীৱনৰ প্ৰাণপুৰুষ শংকৰদেৱক ‘বেছিকৈ ব্যৱহাৰ’ কৰিছে ।  তেওঁ কৈছে যে গুৰুজনাৰ উদাৰ মানৱতাবাদী আদৰ্শক উগ্ৰ হিন্দুত্ববাদী ধ্যান-ধাৰণাৰে বান্ধি পেলোৱাৰ নিৰলস প্ৰয়াস চলাই থকা হৈছে ।  

কোনো এখন সমাজ বিপথে পৰিচালিত হোৱাৰ উপক্ৰম হ’লেই বস্তুনিষ্ঠ অধ্যয়নৰ দ্বাৰা বুদ্ধিজীৱীসকলে সংশ্লিষ্ট সমাজখনক বাট দেখুৱাই দিয়ে । আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰণত গঢ়ি উঠা অসমৰ সমাজখনত বিভাজনৰ সম্ভেদ পোৱা মাত্ৰেই অদম্য সাহসেৰে উপযুক্ত সময়ত ড° প্ৰফুল্ল মহন্তই নিজৰ বৌদ্ধিক দক্ষতাৰে সঠিক পথৰ সন্ধান দি আহিছে । বিশেষকৈ অসমৰ তথাকথিত বৰ্ণহিন্দু সমাজখনে জনজাতীয় লোকসকলক কৰি অহা অৱহেলা আৰু ৰাজ্যখনত হিন্দুত্বৰ দ্ৰুত আগ্ৰাসনৰ ফলত অসমীয়াত্বৰ ওপৰত পৰা আঘাত সম্পৰ্কত ড° প্ৰফুল্ল মহন্তই তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে । দীৰ্ঘদিনীয়া শাৰীৰিক অসুস্থতা সত্বেও এই সন্দৰ্ভত চলাই থকা বৌদ্ধিক সংগ্ৰামখনত তেওঁ কেতিয়াও ভাগি পৰা নাই ।   

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৪ ফেব্ৰুৱাৰী ২০২১, পৃষ্ঠা: ৫]