Saturday 20 July 2019

হাতী খেদা পদ্ধতি আৰু সঁজুলি


উত্তৰ-পূৱ ভাৰতত হাতী-মানুহৰ সংঘাতে এক জলন্ত ৰূপ লৈছে। ভাৰত চৰকাৰৰ ‘পৰিৱেশ, বন আৰু বতৰ পৰিবৰ্তন’ৰ ৰাজ্যিক মন্ত্ৰী বাবুল সুপ্ৰিয়ই সদৰি কৰা অনুসৰি (The Wire, 12 July 2019), ২০১৪ চনৰ পৰা ২০১৯ চনৰ জুন মাহ পৰ্যন্ত উত্তৰ পূৱ ভাৰতত বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত ৩০০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। একে সময়ছোৱাৰ ভিতৰত অঞ্চলটোত অপ্ৰাকৃতিক কাৰণত (যেনে-বিষ মিহলি খাদ্য খাই, বিজুলী সৰবৰাহ তাঁৰত লাগি, গাঁতত পৰি ইত্যাদি) ১৪৯টা হাতীৰ মৃত্যু ঘটিছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰত অসমতে আটাইতকৈ বেছি হাতী-মানুহৰ সংঘাত সংঘটিত হৈ হাতী আৰু মানুহৰ মৃত্যু হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। 
বনৰীয়া হাতীৰ ক্ষতিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে গাঁৱৰ মানুহে বিভিন্ন ধৰণৰ স্থানীয় পদ্ধতি আৰু সঁজুলি ব্যৱহাৰ কৰে। অসমৰ অঞ্চলভেদে বনৰীয়া হাতী খেদা পদ্ধতি আৰু সঁজুলি ব্যৱহাৰৰ পাৰ্থক্য আছে। আমাৰ লেখাটোত অসমৰ গোৱালপাৰা জিলা আৰু কামৰূপ জিলাৰ (গ্ৰাম্য) দক্ষিণ-পশ্চিম অঞ্চলৰ গাঁৱৰ মানুহবোৰে হাতী খেদিবলৈ প্ৰয়োগ কৰা স্থানীয় পদ্ধতি আৰু তেওঁলোকে ব্যৱহাৰ কৰা সঁজুলিৰ মাজতে সীমাবদ্ধ ৰখা হৈছে।
বনাঞ্চলত শান্তিৰে বিচৰণ কৰি ফুৰা বনৰীয়া হাতীবোৰক খেদি পঠোৱাৰ প্ৰশ্নই নুঠে। বনাঞ্চলত খাদ্যৰ অভাৱ ঘটিলে বনৰীয়া হাতীয়ে মানুহৰ বাৰীত সোমাই খাদ্যৰ সন্ধান কৰে। বনৰীয়া হাতীয়ে যাতে মানুহৰ বাৰীত সোমাবলৈ ভয় কৰে, তাৰ বাবে এই অঞ্চলৰ স্থানীয় মানুহে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰে। বিজুলীৰ ব্যৱস্থা থকা অঞ্চলৰ মানুহে বাৰীখনৰ চাৰিওফালে বিজুলী সৰবৰাহৰ ব্যৱস্থা কৰে। বিজুলীৰ ব্যৱস্থা নথকা অঞ্চলৰ তুলনামূলকভাবে ধনী মানুহে নিজাববীয়াকৈ জেনেৰেটৰ কিনি বাৰীখনৰ চাৰিওফালে বিজুলী সৰবৰাহৰ ব্যৱস্থা কৰে।  বিশ্বাস যে ৰছীত বগা বস্তু বান্ধি থোৱা দেখিলে হাতীয়ে বিজুলী সৰবৰাহ অব্যাহত থকা বুলি ভাবি সেইফালেদি নাহে। সেয়েহে বিজুলীৰ ব্যৱস্থা নথকা এই অঞ্চলৰ মানুহে ধাননি পথাৰ বা নিজৰ বাৰীখনৰ চাৰিওফালে চাৰিফুটমান ওখকৈ এডাল ৰছী লগায় আৰু দুফুটমান অন্তৰালত গোটেই ৰছীডালতে বগা পলিথিন বান্ধি থয়। কিছুমান মানুহে বাৰীখনৰ চাৰিওফালে দ গাত খান্দি বাৰীখনত হাতী সোমোৱাত বাধা দিয়াৰ চেষ্টা কৰে।
বনৰীয়া হাতীয়ে কোনো এঘৰ মানুহৰ বাৰীত সোমালে মানুহঘৰে চিঞৰ-বাখৰ মৰাৰ উপৰি কোৰ, পাক-ঘৰৰ বাচন-বৰ্তন, ঢোল আদি বজাই হাতীবোৰক খেদি পঠাবলৈ চেষ্টা কৰে। যিবোৰ মানুহৰ বাৰীত সঘনে হাতী সোমায়, তেওঁলোকে ওপৰত উল্লেখ কৰা সঁজুলিসমূহৰ উপৰি ফটকা ফুটাই হাতী খেদে। ৰাতি হাতী খেদিবলৈ জুই আৰু টৰ্চ ব্যৱহাৰ কৰে। বাৰীখনৰ যিফালেদি হাতী সোমোৱাৰ সম্ভাৱনা থাকে, সেইফালে গোটেই ৰাতি ডাঙৰকৈ জুই জ্বলাই থয়। তদুপৰি, হাতী খেদিবলৈ ওলোৱা প্ৰতিজন মানুহে তৎক্ষণাত জুই জ্বলাব পৰাকৈ হাতে হাতে প্ৰয়োজনীয় সামগ্ৰী সাজু কৰি ৰাখে। হাতী খেদা মানুহবোৰে হাতে হাতে দুইধৰণে জুই সাজু কৰি ৰাখে। এক প্ৰকাৰ জুই কেৱল পোহৰৰ বাবে আৰু আন প্ৰকাৰৰ জুই হাতীক আক্ৰমণ কৰিবলৈ সাজু কৰি ৰাখে। ঝটা আৰু মহতা নামৰ দুবিধ সঁজুলিৰে জুই জ্বলাই পোহৰৰ ব্যৱস্থা কৰিবলৈ সাজু কৰি ৰাখে। শুকান বাঁহ সৰু সৰুকৈ কাটি, মুঠা বান্ধি ঝটা বনোৱা হয়। মহতা দুই প্ৰকাৰৰ। এক প্ৰকাৰৰ মহতা কেৱল পোহৰৰ ব্যৱস্থা কৰিবলৈ বনোৱা হয়। কেৱল পোহৰৰ বাবে ব্যৱহাৰ কৰা মহতা বনাবলৈ পাঁচফুটমান দীঘল কেঁচা বাঁহ এডালত কেৰাচিন ভৰাব পৰাকৈ কাটি লোৱা হয়। কেৰাচিন ভৰাই কাপোৰেৰে সোপা দিয়া হয় আৰু প্ৰয়োজন সাপেক্ষে কাপোৰখিনিত জুই লগাই দি পোহৰৰ ব্যৱস্থা কৰা হয়। আনবিধ মহতা হাতীক আক্ৰমণ কৰিবলৈ বনোৱা হয়। আড়ৈফুটমান দীঘল লাঠি এডালত এফালে বস্তা বা কাপোৰৰ টুকুৰা মেৰিয়াই লো বা এলুমিনিয়ামৰ তাঁৰেৰে টানকৈ বন্ধা হয়। জুইৰ পোহৰ, ফটকা আদিৰে হাতীক খেদি পঠাব নোৱাৰিলে বা হাতীয়ে মানুহক আক্ৰমণৰ উদ্দেশ্যে খেদি আহিলে মহতাটোৰ বস্তা বা কাপোৰ বন্ধা অংশটোত কেৰাচিন বা পেট্ৰ’ল ঢালি জুই লগাই হাতীৰ গাত দলিয়াই দিয়া হয়। গাত জুই লগাৰ ফলত আক্ৰমণ কৰিবলৈ খেদি অহা হাতীটো উভতি যাবলৈ বাধ্য হৈ পৰে। ওপৰত উল্লেখ কৰা কোনো এবিধ সঁজুলিৰ দ্বাৰা হাতীটোক খেদি পঠাব নোৱাৰিলে আন এবিধ সঁজুলি ব্যৱহাৰ কৰা হয়। প্ৰাপ্তবয়স্ক মানুহৰ তৰ্জুনি আঙুলিটোৰ সমান ডাঙৰ আৰু দুফুটমান দীঘল লো এটুকুৰাৰ এফালে জোঙা কৰি লোৱা হয়। জোঙা ফালটো বাহিৰত উলিয়াই ৰাখি আনফালটোত চাৰিফুটমান দীঘল বাঁহৰ নাল লগোৱা হয়। বাহিৰত ওলাই থকা জোঙাডোখৰৰ কিছু তলত বস্তা বা কাপোৰৰ টুকুৰা মেৰিয়াই লো বা এলুমিনিয়ামৰ তাঁৰেৰে টানকৈ বন্ধা হয়। লোডালৰ বস্তা বা কাপোৰেৰে মেৰিয়াই বন্ধা অংশটোত কেৰাচিন বা পেট্ৰ’ল ঢালি জুই লগাই গৰম জোঙা লোডাল হাতীটোৰ গাত সুমুৱাই দিয়া হয়। এই সজুঁলিবিধক শুলি বুলি কোৱা হয়। শুলি ব্যৱহাৰ কৰা মানুহজন অত্যন্ত সাহসী হোৱা প্ৰয়োজন। কাৰণ, শুলি ব্যৱহাৰ কৰিবলৈ হ’লে হাতীটোৰ একেবাৰে ওচৰলৈ যাব পাৰিব লাগিব। সাধাৰণতে, এটা হাতীক আক্ৰমণ কৰিবলৈ দুজন শুলীধাৰীৰ (শুলী ব্যৱহাৰ কৰা মানুহ) প্ৰয়োজন হয়। হাতীটোৱে এজনক আক্ৰমণ কৰিবলৈ উদ্যত হ’লে আনজনে শুলীডালেৰে হাতীটোক আক্ৰমণ কৰে। ডাঙৰ গছৰ আঁৰ হৈ বা হাতীটো ওখ স্থানৰ পৰা চাপৰ স্থানলৈ গৈ থকা অৱস্থাত এজন মানুহেও শুলি ব্যৱহাৰ কৰি হাতীক আক্ৰমণ কৰে। শুলিৰ আঘাত হাতীৰ বাবে অত্যন্ত ক্ষতিকাৰক। কোৱা বাহুল্য যে দলি মৰা মহতা আৰু শুলিৰ আক্ৰমণৰ সম্মুখিন হোৱা হাতীবোৰ আন হাতীবোৰতকৈ বেছি খঙাল হৈ পৰে। 
     বনৰীয়া হাতীৰ আক্ৰমণৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাই অহাৰ বাবে গাঁৱৰ মানুহে হাতী খেদিবলৈ প্ৰয়োগ কৰা স্থানীয় পদ্ধতি আৰু সঁজুলিবোৰৰ পৰিবৰ্তন হোৱা পৰিলক্ষিত হৈছে। হাতী খেদা স্থানীয় পদ্ধতি আৰু সঁজুলিবোৰ পৰিৱেশ-অনুকূল (Eco-friendly) আৰু বিজ্ঞানসন্মত হোৱাৰ পৰিবৰ্তে ক্ৰমান্বয়ে অধিক ভয়ানক আৰু আক্ৰমণাত্মক হোৱা দেখা গৈছে। এনেধৰণৰ পদ্ধতিৰ প্ৰয়োগ আৰু সঁজুলিৰ ব্যৱহাৰৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত হাতী-মানুহৰ সংঘাত অধিক জটিল হৈ পৰিছে। হাতী-মানুহৰ সংঘাত হ্ৰাস কৰিবৰ বাবে বনাঞ্চলৰ পৰিমাণ বৃদ্ধি কৰাৰ উপৰি বিজ্ঞানসন্মত পদ্ধতি আৰু সঁজুলি ব্যৱহাৰ কৰি হাতী খেদাৰ ওপৰত গুৰুত্ব দিব লাগিব।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২১ জুলাই ২০১৯, পৃষ্ঠা: ১৪]


Monday 15 July 2019

সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহ নিৰ্মূল কৰা অসম্ভৱ


ওদালগুৰি জিলাৰ কলাইগাঁৱত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ প্ৰভাৱত পৰি কেইজনমান লোক মানসিক ভাৰসাম্য হেৰুওৱা ঘটনাটোৱে প্ৰচাৰ আৰু সামাজিক মাধ্যমসমূহত ব্যাপক চৰ্চা লাভ কৰিছে। তান্ত্ৰিক এজনৰ প্ৰৰোচনাত পৰি যাদৱ চহৰীয়া নামৰ বিজ্ঞান শিক্ষক এজনৰ ঘৰতে কিছুমান অস্বাভাৱিক কাৰ্যকলাপ সংঘটিত কৰা ঘটনাটোৱে চৰ্চাৰ তীব্ৰতা অধিক কৰি তুলিছে। প্ৰতিগৰাকী সচেতন, যুক্তিবাদী, বিজ্ঞান মানসিকতাসম্পন্ন তথা প্ৰকৃত শিক্ষিত ব্যক্তিয়ে সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহ নিৰ্মূল কৰাৰ সপক্ষে মাত মাতিছে। অপ্ৰিয় সত্যটো হ’ল-সময় আৰু পৰিস্থিতি সাপেক্ষে ভাৰতীয় সমাজত অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহৰ চৰ্চা কিছু হ্ৰাস পায় যদিও নিৰ্মূল কৰা সম্ভৱ নহয়। মনকৰিবলগীয়া যে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ একে নহয়। পৰীক্ষা আৰু পৰ্যবেক্ষণ অবিহনে যুক্তিহীনভাবে কোনো এটা সিদ্ধান্তক অন্ধভাবে বিশ্বাস কৰাকে অন্ধবিশ্বাস বুলি কোৱা হয়। আনহাতে, পৰীক্ষা আৰু পৰ্যবেক্ষণৰ জৰিয়তে যুক্তিযুক্তভাবে পূৰ্বৰ কোনো এটা সিদ্ধান্ত ভুল প্ৰমাণিত হোৱাৰ পাছতো পূৰ্বৰ সিন্ধান্তটোকে মানি চলাকে কু-সংস্কাৰ বুলি কোৱা হয়।
            ভাৰতীয় সমাজখন কিছুমান পৌৰাণিক কথা আৰু কাহিনীৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰকৃতিৰ প্ৰকৃত পৰিঘটনাসমূহৰ সত্যতা আৱিষ্কাৰ কৰিব নোৱাৰি ভাৰতৰ এক শ্ৰেণীৰ লোকে যুক্তিহীন কিছুমান কাহিনী আৰু সিদ্ধান্ত জনমানসত প্ৰচাৰ কৰিছিল। ৰজাঘৰৰ সৈতে লগলাগি সেই লোকসকল সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাবে প্ৰভাৱশালী হৈ উঠিছিল। তেওঁলোকৰ প্ৰভুত্ব অটুট ৰখা আৰু বৃদ্ধিৰ মানসেৰে সাধাৰণ মানুহক শোষণ আৰু ৰজাঘৰীয়াক ভালৰি লগোৱাৰ উদ্দেশ্য আগত ৰাখি পৌৰাণিক কথা আৰু কাহিনীবিলাকত জোৰ দিবলৈ তেওঁলোকে বিভিন্ন অলৌকিক  পন্থা (Magic) অৱলম্বন কৰিছিল। শাৰীৰিক শ্ৰমৰ ভিত্তিত জীৱন ধাৰণ কৰা সাধাৰণ শ্ৰেণীৰ লোকসকলে প্ৰকৃতিৰ প্ৰকৃত সত্য উপলব্ধি কৰিব পাৰিছিল যদিও ৰজাঘৰৰ শাস্তিৰ ভয়ত তেওঁলোকে সেই লোকসকলৰ কাৰ্যৰ বিৰূদ্ধাচৰণ কৰিবলৈ সাহস কৰিব পৰা নাছিল। প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চলাই থকা তেনে অসত্য বা অৰ্ধসত্য কাৰ্যকলাপ আৰু সিদ্ধান্তসমূহ ভাৰতৰ বহু মানুহৰ মন আৰু মগজুত সোমাই পৰিল। সেই পৌৰাণিক কাহিনী আৰু কথাসমূহে ভাৰতীয় হিন্দু ধৰ্মীয় লোকসকলৰ এক এৰাব নোৱাৰা সামাজিক আৰু সাংস্কৃতিক উপাদান হৈ পৰিল। কোনো এটা পৌৰাণিক কথা বা কাহিনীৰ ভিত্তিত গঢ়ি উঠা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ যেতিয়া সমাজ এখনৰ এৰাব নোৱাৰা সামাজিক আৰু সাংস্কৃতিক উপাদান হৈ পৰে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যিমানেই উন্নতি নহওক, সেয়া নিৰ্মূল কৰা অত্যন্ত কঠিন হৈ পৰে। সামাজিক আৰু সাংস্কৃতিক উপাদানৰ সৈতে ধৰ্মীয় পৰম্পৰা আৰু ৰাজনীতি জড়িত হৈ পৰিলে নিৰ্মূল কৰা দূৰৰে কথা, সেইবোৰক সমালোচনা কৰাই বিপদজনক হৈ পৰে।
     এনেকুৱা নহয় যে প্ৰাচীন ভাৰতত যুক্তিবাদী আৰু বস্তুবাদী মানুহৰ অভাৱ আছিল। ‘লোকায়ত’ নামেৰে ভাৰতত সম্পূৰ্ণৰূপে বস্তুবাদী দৰ্শন গঢ়ি উঠিছিল। বুজিবলৈ কঠিন নহয় যে এই দৰ্শন ভাৱবাদী দৰ্শনক প্ৰত্যাহ্বান জনাইছিল। সেয়েহে ভাৱবাদী দৰ্শনৰ পণ্ডিতসকলে তেওঁলোকৰ স্বাৰ্থত আঘাত লগাৰ ভয়ত যুক্তিবাদী আৰু বস্তুবাদী দৰ্শনৰ গ্ৰন্থসমূহ পুৰি পেলাইছিল। ভাৱবাদী দৰ্শনৰ পণ্ডিতসকলৰ লগলাগি ৰজাঘৰে সাধাৰণ লোকসকলক শোষণ কৰিবলৈ সুবিধা হৈছিল। কাৰণ, ৰজাক প্ৰয়োজনাধিক উচ্চ পৰ্যায়ত প্ৰতিষ্ঠা কৰাত (যেনে-ৰজাক ভগৱানৰ বংশধৰ বুলি প্ৰচাৰ কৰা) ভাৱবাদী পণ্ডিতসকলে সহায় কৰিছিল। ফলত বস্তুবাদী আৰু যুক্তিবাদী দৰ্শনে জনমানসত প্ৰচাৰ আৰু প্ৰসাৰ লাভৰ পৰা বঞ্চিত হৈছিল। বৃটিছৰ আগমনৰ পাছত যুক্তিবাদী আৰু বস্তুবাদী দৰ্শনে প্ৰসাৰ লাভ কৰাৰ সুযোগ আহিছিল। কিন্তু, পশ্চিমীয়া শাসকসকলে ভাৰতৰ বিশাল সম্পদসমূহক লুটি নিয়াৰ স্বাৰ্থত ভাৱবাদী দৰ্শনকে অটুট ৰাখিছিল। 
     যোৱা কেইবছৰমান ধৰি ভাৰতৰ হিন্দু ধৰ্মীয় উপাসনা প্ৰতিষ্ঠানসমূহে প্ৰয়োজনাধিক ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰা পৰিলক্ষিত হৈছে। একেসময়তে আন ধৰ্মীয় উপাসনা প্ৰতিষ্ঠানসমূহো সংশ্লিষ্ট ধৰ্মটোৰ উচ্চ পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহৰ পৰা প্ৰয়োজনাধিক সহায়-সহযোগিতা লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু, পাহৰিলে নহ’ব যে ধৰ্মীয় উপাসনা প্ৰতিষ্ঠানসমূহৰ সাংস্কৃতিক, ঐতিহাসিক আৰু পৰ্যটন মূল্য আছে যদিও অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ সৈতে জড়িত কাৰ্যসমূহ সেইবোৰতে বেছিকৈ চলাই থকা হয়। তথাকথিত প্ৰতিটো ধৰ্মই দাবী কৰে যে সংশ্লিষ্ট ধৰ্মটো আন ধৰ্মতকৈ উদাৰ। কথাটো নোহোৱাও নহয়। তথাকথিত প্ৰতিটো ধৰ্ম ইমানেই উদাৰ যে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি সত্য কথাবোৰ পোহৰকৈ অহাৰ পাছতো পৌৰাণিক কথা আৰু কাহিনীৰ ভিত্তিত গঢ়ি উঠা অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহক বিদায় দিবলৈ চেষ্টা নকৰে। তাৰ বিপৰীতে সেইবোৰৰ কিছুমান কাহিনীক ইতিমধ্যে উদ্ভাৱন হোৱা বিজ্ঞানৰ তত্ত্ব আৰু আৱিষ্কাৰসমূহৰ সৈতে অবৈজ্ঞানিক পদ্বতিৰে সংমিশ্ৰণ ঘটাই নতুনকৈ ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা চলোৱা হৈছে। এনেধৰণৰ পৰিস্থিতিয়ে গাঁৱে-ভূঞে চলাই থকা ধৰ্মীয় উপাসনা প্ৰতিষ্ঠানসমূহৰ তথাকথিত পণ্ডিত আৰু সেইবোৰত বিশ্বাস ৰখা অশিক্ষিত লোকসকলক পৰোক্ষভাবে উৎসাহ প্ৰদান নকৰে বুলি দাবী কৰিব নোৱাৰি।
পুনশ্চ: ওদালগুৰি জিলাৰ কলাইগাঁৱত সংঘটিত ঘটনাটোক লৈ প্ৰতিগৰাকী যুক্তিবাদী আৰু প্ৰকৃত অৰ্থত শিক্ষিত লোকে লজ্জা অনুভৱ কৰিছে। তাৎপৰ্যপূৰ্ণ যে ঘটনাটোৱে অসমৰ গৰিষ্ঠ সংখ্যক মানুহকে আচৰিত কৰি তুলিব পৰা নাই। ইয়াৰ অৰ্থ হ’ল-অন্ধবিশ্বাস আৰু কু-সংস্কাৰ সম্পৰ্কীয় কাৰ্যসমূহক অস্বাভাৱিক কাৰ্য হিচাপে গণ্য কৰিব পৰা পৰিৱেশ আজিও ভাৰতীয় সমাজখনত সৃষ্টি হোৱা নাই। গতিকে, এইবোৰক নিৰ্মূল কৰাও সম্ভৱ নহয় (এইবোৰৰ নিৰ্মূল সম্ভৱ হ’লে এই লেখকেই আটাইতকৈ বেছি আনন্দিত হ’ব)।

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৬ জুলাই ২০১৯, পৃষ্ঠা: ৪]