‘আমাৰ অসম’ত যোৱা ৩ জানুৱাৰীত প্ৰকাশিত ‘ৰাজনীতিকৰ পাভলুটি’
শীৰ্ষক সম্পাদকীয়টো পঢ়িলোঁ । সম্পাদকীয়টোত ঠিকেই কৈছে যে সুযোগ-সুবিধা অনুসৰি
পাভলুটি মৰাত ৰাজনীতিকসকল সিদ্ধহস্ত । ব্যতিক্ৰমৰ
বাহিৰে ব্যক্তিয়ে এবাৰ তুলনামূলকভাবে উচ্চ পৰ্যায়ৰ পদত অধিষ্ঠিত হোৱাৰ পাছত
পৰিস্থিতি সাপেক্ষে নিম্ন পৰ্যায়লৈ নামি আহিলে ব্যক্তিজনৰ আত্মসন্মানত আঘাত লাগে
আৰু তেওঁ হীনমন্যতাত ভোগে । ৰাজনীতিকসকলো
ইয়াৰ ব্যতিক্ৰম নহয় । দেশ বা ৰাজ্যৰ শাসনত থকা ৰাজনৈতিক দলৰ সদস্য হৈ থকাৰ সময়ত এবাৰ
মন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পাছত শাসনত নথকাৰ সময়ত বিধায়ক হিচাপে ৰাইজৰ সেৱা কৰি
যোৱা (পাভলুটি মৰাসকলৰ ভাষাত) সকলো জনপ্ৰতিনিধিৰ বাবে সহজ নহয় । বিশেষকৈ আদৰ্শহীন, ক্ষমতালোভী তথা সুবিধাবাদী
ৰাজনীতিকৰ বাবে এনে পৰিস্থিতি বৰ কষ্টকৰ হৈ পৰে । কেনেকৈ শাসনত থকা ৰাজনৈতিক
দলটোলৈ ঢাপলি মেলি পূৰ্বৰ সমপৰ্যায়ৰ বা তাতোকৈ উচ্চ পৰ্যায়ৰ পদত অধিষ্ঠিত হ’ব পাৰি
তেওঁলোকে তাৰে সুযোগ বিচাৰি থাকে । সেই
সুযোগ কিছুমানৰ বাবে তুলনামূলকভাবে সোনকালে আহে আৰু আন কিছুমানৰ বাবে কিছু দেৰিকৈ
আহে ।
ৰাজনীতিকসকল হ’ল সমাজৰ এনে এক উৎপাদনহীন শ্ৰেণী, যিসকলৰ মূল
উদ্দেশ্য ৰাজনৈতিক কাৰ্যকলাপেৰে আনৰ উৎপাদনৰ ৰাহি আত্মসাৎ কৰি ক্ৰমে ক্ষমতাশালী হৈ
উঠি সকলো শ্ৰেণীৰ লোকৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰা । ব্যতিক্ৰমসকলৰ বাহিৰে ক্ষমতা
দখলৰ স্বাৰ্থতহে তেওঁলোকে ৰাইজৰ উন্নয়নৰ বাবে কাম কৰে । আচলতে, ক্ষমতা লাভৰ প্ৰতিযোগিতাত তিস্তি থাকিবলৈ
ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিবলৈ তেওঁলোক বাধ্য হৈ পৰে । অন্যথা, সেইখিনিও নকৰিলেহেঁতেন । মন কৰিবলগীয়া
যে পাভলুটি মৰাৰ সময়ত তেওঁলোকৰ বহুতেই উন্নয়নৰ প্ৰসংগ টানি আনে, যাতে তেওঁলোকৰ
প্ৰকৃত উদ্দেশ্য তল পৰি যায় । আমি ভাবোঁ, ৰাজনৈতিক
দিশত আমাৰ দেশৰ ৰাজনীতিকসকল যিমান পৰিপক্ক হৈ উঠিছে, দেশখনৰ প্ৰতিজন ব্যক্তি
(বিশেষকৈ প্ৰতিজন ভোটাৰ) সিমান পৰিপক্ক হৈ উঠা নাই বা পৰিপক্ক হ’বলৈ আগ্ৰহ কৰা নাই
(বহুতৰে সেইবোৰত লাগি থাকিবলৈ সময়ো নাই) । ইয়াৰে সুযোগ গ্ৰহণ কৰি ৰাজনীতিকসকলে জনসাধাৰণক
বাৰে বাৰে প্ৰতাৰণা কৰিব পাৰিছে । অৱশ্যে, এনেকুৱা নহয় যে দেশখনত ৰাজনৈতিক দিশত
ৰাজনীতিকসকলতকৈ বেছি পৰিপক্ক লোক নাই । কিন্তু,
ৰাজনীতিসকলে জনসাধাৰণক কৰা প্ৰতাৰণা ৰোধ কৰিব পৰাকৈ তেওঁলোক শক্তিশালী হে উঠা নাই
বা উঠিব পৰা নাই । আমি আশাবাদী, ৰাজনৈতিক দিশত ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তি (ভোটাৰ)
ৰাজনীতিকসকলতকৈ বেছি পৰিপক্ক হৈ উঠিব আৰু তেওঁলোকক কৰা প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ
দিব পাৰিব । এনে ভাল দিন নিশ্চয় আহিব ।
ৰাজনীতিকসকল হ’ল সমাজৰ আটাইতকৈ বেছি বিশ্বাসঘাটক লোক (অসমৰ প্ৰেক্ষাপটত শেহতীয়াকৈ তথাকথিত একাংশ শিল্পীও একে শাৰীতে পৰা পৰিলক্ষিত হৈছে) । এই প্ৰসংগত প্ৰখ্যাত হাস্য কবি সুৰেন্দ্ৰ শৰ্মাৰ এটা কৌতুক পাঠকসকলৰ সৈতে ভগাই লোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ । কৌতুকটো এনেধৰণৰ-ৰাজনীতিক এজনৰ পুতেকে নতুনকৈ ৰাজনীতিৰ পথাৰত নামিব বিচাৰিছে আৰু সেই উদ্দেশ্যে পুতেকে বাপেকৰ পৰা ৰাজনীতিৰ শিক্ষা ল’বলৈ ইচ্ছা কৰিছে । ৰাজনীতিৰ প্ৰথম পাঠ হিচাপে বাপেকে পুতেকক তেওঁলোকৰ ঘৰৰ প্ৰথম মহলাৰ পৰা জাপ মাৰিবলৈ নিৰ্দেশ দিলে । প্ৰথম মহলাৰ পৰা জাপ মাৰিলে দুখ পাব বুলি পুতেকে কোৱাত বাপেকে ক’লে যে তেওঁ (বাপেকে) পুতেকক এনেদৰে ধৰিব যাতে পুতেকে দুখ নাপায় । বাপেকৰ কথামতে পুতেকে ঘৰৰ প্ৰথম মহলাৰ পৰা জাপ মাৰিলে । কিন্তু, বাপেকে পুতেকক নধৰিলে । ধৰিম বুলি কথা দি কিয় নধৰিলে বুলি পুতেকে সোধাত বাপেকে উত্তৰ দিলে যে এয়াই ৰাজনীতি, য’ত বাপেককো বিশ্বাসত লোৱা উচিত নহয় ।
[প্ৰকাশিত, ‘আমাৰ অসম’, ২৪ জানুৱাৰী ২০২১]