Friday 28 June 2019

সংকীৰ্ণ ৰাষ্ট্ৰীয়তাবাদ আৰু জনজাতীয় সমাজ


       কোনো এখন দেশৰ ব্যক্তি এজনৰ ৰাষ্ট্ৰীয়তাবাদৰ ধাৰণা হ’ল-নিজৰ দেশখনৰ প্ৰতি সংশ্লিষ্ট ব্যক্তিজনৰ আন্তিৰক অনুভৱ, সংবিধানিক অধিকাৰ আৰু দেশখনৰ ব্যক্তি হ’বলৈ পোৱাৰ গৌৰৱবোধ। এই ধাৰণাবিলাক ব্যক্তিজনৰ হৃদয়ত এনেদৰে নিহিত হৈ থাকে যে আন কোনো দেশতে তেখেতে তেনে অনুভৱ কৰিব নোৱাৰে। সংশ্লিষ্ট মানুহজনৰ ৰাষ্ট্ৰীয়তাবাদৰ অনুভৱক আন কোনো শক্তিয়ে কাঢ়ি নিব নোৱাৰে-সেয়া দেশখনৰ বাহিৰৰ বা দেশখনৰ ভিতৰৰ যি শক্তিয়েই নহওক কিয়। কাৰণ, দেশখনৰ প্ৰতি থকা তেখেতৰ অনুভৱ নিজৰ প্ৰতি থকা অনুভৱতকৈ অধিক হয় (Thapar, Noorani & Menon, ‘On Nationalism’, 2016, Page: xii)
আমাৰে দুৰ্ভাগ্য যে যোৱা কিছু বছৰ ধৰি ভাৰতৰ ৰাষ্ট্ৰীয়তাবাদৰ ধাৰণা ক্ৰমে সংকীৰ্ণ হ’বলৈ ধৰিছে। এনে এবিধ ৰাষ্ট্ৰীয়তাবাদৰ ধাৰণা মানুহৰ মন আৰু মগজুত সুমুৱাই দিবলৈ প্ৰয়াস কৰা হৈছে যে মহাভাৰত, ৰামায়ণ, বেদ, পুৰাণ, উপনিষদ আদিৰ সৈতে সম্পৰ্ক থকা মানুহবোৰৰহে ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদী মনোভাৱ নিহিত আছে। স্পষ্টকৈ ক’বলৈ গ’লে-হিন্দু সংস্কৃতিৰ সৈতে জড়িত নথকা মানুহবিলাক ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ অংশ নহয়। মানুহ এজনৰ কোনো সন্দেহ নোহোৱাকৈ নিজৰ মন আৰু মগজুত ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ ধাৰণা নিহিত আছে, অথচ নাই বুলি নতুনকৈ ৰাষ্ট্ৰীয়তাবাদৰ সংজ্ঞা নিৰ্ণয়কাৰীসকলে ৰাজনৈতিক ক্ষমতাৰে কাঢ়ি নিবলৈ চেষ্টা চলাইছে। এইধৰণৰ ৰাষ্ট্ৰীয়তাবাদেই হ’ল-সংকীৰ্ণ ৰাষ্ট্ৰীয়তাবাদ। এই ৰাষ্ট্ৰীয়তাবাদ প্ৰকৃত ৰাষ্ট্ৰীয়তাবাদ নহয়। এয়া নি:সন্দেহে হিন্দু ৰাষ্ট্ৰীয়তাবাদ। অৱশ্যে, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয়তাবাদক হিন্দু ৰাষ্ট্ৰীয়তাবাদ কৰাৰ সপক্ষে কেইটামান যুক্তি তেওঁলোকে দিছে। এই সন্দৰ্ভত ছাভাৰকাৰে দিয়া তিনিটা যুক্তি উল্লেখ কৰিব পাৰি-(১) বৈদিক যুগত সিন্ধু, হিমালয় আৰু ভাৰত মহাসাগৰৰ সীমালৈ বিশাল ভৌগোলিক অঞ্চলক হিন্দুস্তান নামেৰে জনা গৈছিল, (২) বৈদিক যুগত এই বিশাল অঞ্চলৰ মানুহবিলাক একে তেজেৰে বান্ধ খোৱা আছিল, আৰু (৩) সেই বিশাল অঞ্চলৰ ভাষাবিলাকৰ মাজত পাৰ্থক্য আছে যদিও আটাইবোৰ ভাষাৰ মূল হ’ল-সংস্কৃত ভাষা। সংস্কৃত ভাষাৰ আধাৰতে এই অঞ্চলৰ মানুহবিলাকৰ মাজত উমৈহতীয়া সংস্কৃতি, উৎসৱ আদি গঢ়ি উঠিছে (Francine Frankel, ‘India’s Political Economy 1947-2004: The Gradual Revolution’, 2nd Edition, Oxford University Press, 2014, Page: 699) । এই তিনিটা যুক্তিৰ আধাৰতে হিন্দু ৰাষ্ট্ৰীয়তাবাদীসকলৰ দ্বাৰা গঠিত ৰাজনৈতিক দল আৰু সংগঠনবোৰে ‘এক ৰাষ্ট্ৰ, এক ধৰ্ম, এক সংস্কৃতি’ শ্ল’গান ঠিক কৰি লৈছে। এই ‘তিনিটা একে’ জনজাতিসকলৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাব-এই প্ৰবন্ধটোত সেয়াই বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হৈছে।
     বহল অৰ্থৰ ‘এক ৰাষ্ট্ৰ’ ধাৰণাৰ প্ৰতি কোনো দ্বিমত নাই। অলপ বঢ়াই এনেদৰেও ক’ব পাৰি যে শেহতীয়াকৈ এক ৰাষ্ট্ৰৰ ধাৰণাৰে ‘সামগ্ৰী আৰু সেৱা কৰ’ ব্যৱস্থা প্ৰয়োগৰ দ্বাৰা বিত্তীয় দিশত দেশখনৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা শক্তিশালীহে কৰি তুলিলে। কিন্তু, ‘হিন্দু ৰাষ্ট্ৰ’কে ‘এক ৰাষ্ট্ৰ’ বুলি প্ৰতিষ্ঠা কৰিব বিচৰা ধাৰণাটোৰ ওপৰত আপত্তি নিশ্চয় আছে। ‘এক হিন্দু ৰাষ্ট্ৰ’ৰ ধাৰণাই জনজাতিসকলক ক্ষতি নকৰাকৈ নাথাকিব। কাৰণ, জনজাতিসকল মাত্ৰ এটা ধৰ্মৰ অন্তৰ্গত মানুহ নহয়। আনকি একেটা জনজাতিৰ মানুহে দুটা বা ততোধিক ধৰ্মত দীক্ষা লোৱাৰ উদাহৰণো আছে। যেনে-অসমৰ বড়ো আৰু ৰাভা জনজাতিৰে কিছুমান হিন্দু ধৰ্মালম্বী আৰু আন কিছুমান খ্ৰিষ্টান ধৰ্মালম্বী। গতিকে, ‘এক হিন্দু ৰাষ্ট্ৰ’ৰ ধাৰণাই দুটা ভিন্ন জনজাতিৰ মাজত থকা সমন্বয়ত ফাটতো মেলাবই, একে জনজাতিৰ দুটা ভিন্ন ধৰ্মৰ মানুহৰ মাজতো ফাট মেলাত সহায় কৰিব।
‘এক হিন্দু ধৰ্ম’ৰ ধাৰণাই জনজাতিসকলৰ ওপৰত বাৰুকৈয়ে কু-প্ৰভাৱ পেলাব। আচলতে জনজাতিসকলৰ মাজত তথাকথিত ধৰ্মৰ প্ৰভাৱ বহু পলমকৈ পৰিছে। আন কথাত, ধৰ্ম গুৰুৱে প্ৰৱৰ্তন কৰা ধৰ্মৰ ধাৰণা জনজাতিসকলৰ মাজত নাছিলেই। কোনো নিৰ্দিষ্ট ধৰ্মগুৰু নথকা হিন্দু ধৰ্মৰ ধাৰণাও জনজাতীয় সমাজত বহু পলমকৈ আহিছে। প্ৰকৃতিৰ নিয়ম অনুসৰি জনজাতিসকলৰ নিজস্ব কিছুমান নীত-নিয়ম আছিল। প্ৰকৃতিৰ নীতি-নিয়মৰ ভিত্তিত গঢ়ি উঠা তেওঁলোকৰ নীতি-নিয়মৰ মাজত কোনো ধৰণৰ উচ্চ-নীচৰ ভাৱ নাছিল। বৰ্ণ হিন্দুসকলে জনজাতিসকলক বৈদিক আৱেষ্টনিলৈ অনাৰ পাছতহে তেওঁলোকক উচ্চ-নীচৰ ধাৰণাৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিল। সৰল মনৰ জনজাতিসকলে বৰ্ণ হিন্দুৰ ধৰ্মকে উচ্চ পৰ্যায়ৰ ধৰ্ম বুলি ভাৱিছিল। ব্ৰিটিছৰ আগমনৰ পাছত তেওঁলোকৰ বিভেদ নীতিৰ বহি:প্ৰকাশ হিচাপে কিছুমানক খ্ৰিষ্টান কৰা হ’ল। ফলত জনজাতিসকলৰ কিছুমানে হিন্দু ধৰ্মালম্বী আৰু কিছুমান খ্ৰিষ্টান ধৰ্মালম্বী হ’ল। অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰয়োজনৰ তাড়নাত জনজাতিসকলে ধৰ্মৰ দৰে সংকীৰ্ণ আৱেষ্টনিৰ পৰা ওলাই আহিবলৈ সক্ষম হোৱাৰ সময়তে পুনৰ ‘এক হিন্দু ধৰ্ম’ৰ ধাৰণাৰে জনজাতিসকলৰ মাজত বিভেদৰ বীজ সিঁচি দিয়াৰ প্ৰয়াস কৰা হৈছে।  ইয়াৰ পৰা কেইবাটাও দিশৰ বিভেদ সৃষ্টি হ’ব-(১) বৰ্ণ হিন্দুসকলে জনজাতিসকলক আগতে যেনেদৰে নীচ হিচাপে গণ্য কৰিছিল, সেই ধাৰণা পুনৰ শক্তিশালী হৈ উঠিব, () জনজাতিসকলৰ মাজতে তুলনামূলকভাবে কিছুমানে আনতকৈ উচ্চ (বৰ্ণ হিন্দুতকৈ নীচ) জনজাতি হিচাপে স্বীকৃতি লাভৰ প্ৰৱণতা বৃদ্ধি পাব। ফলত জনজাতিসকলৰ মাজত বিদ্বেষৰ ভাৱ বৃদ্ধি পাব, (৩) একেটা জনজাতিৰ মানুহৰ মাজতে সামাজিক উচ্চ-নীচৰ দৰে শ্ৰেণী বিভাজন ঘটিব।
ভাৰতত এতিয়ালৈকে কোনো নিৰ্দিষ্ট ‘এক ৰাষ্ট্ৰীয় সংস্কৃতি’ গঢ়ি উঠা নাই। এটা নিৰ্দিষ্ট ধৰ্ম আৰু অঞ্চলৰ সংস্কৃতিকহে ‘এক ৰাষ্ট্ৰীয় সংস্কৃতি’ হিচাপে স্বীকৃতি দিবলৈ প্ৰয়াস কৰা হৈছে। এইটো কৰিবলৈ যাওতে পাহৰাই পেলাবলৈ চেষ্টা কৰা হৈছে যে ভাৰত এখন বিভিন্ন সংস্কৃতিৰে সমৃদ্ধ দেশ। বজাৰ অৰ্থনেতিক ব্যৱস্থাৰ মেৰপাকতেই জনজাতিসকলৰ সংস্কৃতি সংকটত পৰিছে, তেনে সময়ত ‘এক ৰাষ্ট্ৰীয় সংস্কৃতি’ৰ ধাৰণাই এই সমস্যাটোৰ মাত্ৰা বৃদ্ধি কৰিব। জাপি দিব খোজা  ‘এক ৰাষ্ট্ৰীয় সংস্কৃতি’ৰ সৈতে জনজাতীয় সংস্কৃতি লগলগাৰ পাছত এক বিজতৰীয়া সংস্কৃতিৰ সৃষ্টি হ’ব। সময়ৰ গতিত ৰাজনীতিৰ মেৰপাকত পৰি জনজাতিসকলৰ নিজস্ব সংস্কৃতি একেবাৰে লোপ পোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। মনত ৰখা দৰকাৰ যে অৰ্থনীতি, ৰাজনীতি আদিৰ নিজস্বতা লোপ পালেও ঘূৰি আহিব পাৰে। কিন্তু সংস্কৃতি যদি কেনেবাকৈ লোপ পায়, তেন্তে ঘূৰি অহাৰ সম্ভাৱনা নাই। ঘূৰি আহিলেও শুদ্ধ ৰূপত পাব পৰাৰ সম্ভাৱনা ক্ষীণ। তদুপৰি, সংস্কৃতিয়েই হ’ল কোনো এটা জাতি বা জনজাতিৰ নিজস্বতা নিৰ্ণয়ৰ মূল নিৰ্ণায়ক, যাৰ ওপৰত ভিত্তি কৰি সংশ্লিষ্ট জাতি বা জনজাতিটোৱে তেওঁলোকৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক নিজস্বতাৰ অধিকাৰ দাবী কৰিব পাৰি।
অসমৰ প্ৰেক্ষাপটত শেহতীয়াকৈ দেখা গৈছে যে জনজাতি ৰাজনীতিকসকলে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে। এফালে ৰাজনৈতিক আৰু অৰ্থনৈতিক সুবিধাৰ স্বাৰ্থত দীৰ্ঘকালত জনজাতিসকলৰ ক্ষতি কৰিব পৰা শক্তিটোৰ সৈতে নিৰ্বাচনবোৰত একেখন নাঁৱৰে যাত্ৰী হৈ পৰিছে। আনফালে, কিছুমান নিৰ্দিষ্ট বিষয়ৰ ভিত্তিত সেই শক্তিটোৰ বিৰূদ্ধে মাত মাতিছে। অসমৰ জনজাতি ৰাজনীতিকসকলৰ এই দুমুখীয়া স্থিতিৰ ভিত্তিত জনজাতিসকলক সন্দেহৰ চকুৰে চাবলৈ অসমৰ মানুহক বাধ্য কৰি তুলিছে।  

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৮ জুন ২০১৯, পৃষ্ঠা: ৪]

Saturday 22 June 2019

আচলপাৰাৰ ঘটনাৰ আঁত ধৰি


ছয়গাঁৱৰ আচলপাৰাত অনুষ্ঠিত সাংস্কৃতিক (?) অনুষ্ঠান এটাত উলংগ নৃত্য প্ৰদৰ্শন নকৰাৰ বাবে দুটা শিল্পী দলক শাৰীৰিক আৰু মানসিকভাবে আক্ৰমণ কৰা ঘটনাই অসমত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘৃণনীয় ঘটনাটোৰ বিৰূদ্ধে অসমৰ শিল্পী সমাজ আৰু স্থানীয় ছাত্ৰ সংগঠনসমূহে গৰিহণা দিয়াৰ উপৰি দোষীক শাস্তি দিয়াৰ বাবে আন্দোলন কৰিছে। ঘটনাটোৰ সৈতে জড়িত কেইজনমান লোক ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। একেসময়তে, ঘটনাটোক লৈ ৰাজনৈতিক দলবোৰে ৰাজনীতি কৰিবলৈ আৰু সাম্প্ৰদায়িক শক্তিবোৰ সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। 
অসম মূলকত শিল্পীৰ দলক অপমান কৰা ঘটনা এয়াই প্ৰথম নহয়। প্ৰতিবছৰে বিশেষকৈ বহাগ মাহত শিল্পীৰ দলক অপমান কৰাৰ খবৰ প্ৰকাশ পাই থাকে। আয়োজক সমিটিয়ে চুক্তি অনুসৰি মাননি আদায় নিদিয়াৰ ফলতে বেছিভাগ ঘটনাৰ সূত্ৰপাত হয়। আন ঘটনাৰ সৈতে আচলপাৰাৰ ঘটনাটোৰ মূল পাৰ্থক্য হ’ল- এই ঘটনাটো চৰম পৰ্যায়ত উপনীত হৈছে। প্ৰচাৰ মাধ্যমসমূহত প্ৰচাৰিত খবৰ অনুসৰি, ঈদ-উল-ফিটৰ উপলক্ষে অনুষ্ঠানটো আয়োজন কৰা হৈছিল। মন কৰিবলগীয়া যে কোনো এটা পবিত্ৰ উৎসৱ উপলক্ষে আয়োজিত অনুষ্ঠানত সংশ্লিষ্ট উৎসৱটোৰ সৈতে সংগতি নথকা কাৰ্যসুচী ৰুপায়ণ নকৰি আন কাৰ্যসূচী ৰূপায়ণ কৰাৰ ঘটনা কেৱল ছয়গাঁৱৰ আচলপাৰাত ঘটা নাই। বহাগ মাহত অসমৰ বহু অঞ্চলত বিহু নৃত্যৰ বাবে সজাই তোলা বিহু মঞ্চত ডিক্স ধামাকা অনুষ্ঠিত কৰাৰ বহু উদাহৰণ আছে।
আচলপাৰাৰ ঘটনাই প্ৰমাণ কৰিলে যে আমাৰ দেশৰ সকলো অঞ্চলৰ, সকলো সম্প্ৰদায়ৰ মানু্হে সমানে আগবাঢ়ি যাব পৰা নাই। মানুহবোৰৰ মাজত অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত কিছু সচেতনতা আহিছ যদিও সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় দিশত সমভাবে পৰিপক্ক হৈ উঠা নাই। পৃথিৱীখন কোন দিশত, কিমান বেগত গতি কৰি, কেতিয়া দিশ সলনি কৰি আছে-সেয়া আমাৰ দেশৰ বহু অঞ্চলৰ বহু মানুহে সঠিকভাবে ধৰিব পৰাকৈ শিক্ষিত হৈ উঠা নাই। দুখৰ কথাটো হ’ল-কোনোবা সৎ শক্তিয়ে যদি পিচপৰি থকা মানুহখিনিক আগবঢ়াই নিবলৈ চেষ্টা চলাইছে, আন কোনোবা অসৎ শক্তিয়ে নিজৰ স্বাৰ্থৰ বাবে তেওঁলোকক তেনেকৈয়ে ৰাখিবলৈ চেষ্টা কৰি আহিছে।
আমি ভাবোঁ, কোনো এটা শিল্পীৰ দল যিমানেই বিখ্যাত নহওক কিয়, যিটো অঞ্চলত অনুষ্ঠান পৰিৱেশন কৰিবলৈ চু্ক্তিবদ্ধ হ’বলৈ আগবাঢ়িছে সেই অঞ্চলটোৰ সামগ্ৰিক পৰিস্থিতি সম্পৰ্কে আগতীয়াকৈ অধ্যয়ন কৰি লোৱা উচিত। এই ক্ষেত্ৰত অসমৰ ভ্ৰাম্যমান নাট্যদলবোৰৰ কথাকে ক’ব পাৰি। অসমৰ প্ৰায় প্ৰতিটো ভ্ৰাম্যমান নাট্যদলৰে নাট্যদলটো যি অঞ্চলত নাট্য প্ৰদৰ্শন কৰিবলৈ যায় সেই অঞ্চলটোৰ পৰা নাট্যদলটোত এজন প্ৰতিনিধি সদস্য থাকে। এটা সৰু শিল্পী দলৰ বাবে এই ব্যৱস্থা সম্ভৱ নহয় যদিও অতি কমেও তিনিটা সূত্ৰৰ পৰা তথ্য সংগ্ৰহ কৰাৰ পাছত প্ৰতি-পৰীক্ষণ কৰি (cross verify) সংশ্লিষ্ট অঞ্চলটোৰ সামগ্ৰিক পৰিস্থিতি সম্পৰ্কে আগতীয়াকৈ বুজি ল’লে শিল্পীসকল অপমানিত হোৱাৰ সম্ভাৱনা নাথাকে। 

[প্ৰকাশিত, ‘আমাৰ অসম’ ২৩ জুন ২০১৯, পৃষ্ঠা: ১০]

Tuesday 11 June 2019

শুক্ৰাচাৰ্য ৰাভাৰ চিন্তাধাৰা


২০১৮ চনৰ ৮ জুন তাৰিখে আকস্মিকভাবে শুক্ৰাচাৰ্য ৰাভাৰ মৃত্যু হৈছিল। নিজস্ব চিন্তাচৰ্চাৰে নিখুঁতভাবে ‘আণ্ডাৰ দ্য চাল ট্টি’ নামৰ নাট্য উৎসৱৰ জৰিয়তে নাট্য জগতত নিজৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা নাট্যবোদ্ধা, গৱেষক, নাট্যকাৰ তথা পৰিচালকগৰাকীৰ অকাল মৃত্যুক তেখেতৰ অনুৰাগীসকলে আজিও সহজভাবে ল’ব পৰা নাই। শুক্ৰাচাৰ্য ৰাভাই সমাজত প্ৰচলিত হৈ থকা কিছুমান বদ্ধমূল ধাৰণা আৰু সমাজলৈ অহা পৰিৱৰ্তনৰ ওপৰত চিন্তাচৰ্চা কৰি সেইবোৰৰ অন্তৰালত থকা সত্য কথাবোৰ নাট্যকৰ্মৰ জৰিয়তে অন্বেষণ কৰিবলৈ চেষ্টা কৰিছিল।
শুক্ৰাচাৰ্য ৰাভাই লক্ষ্য কৰিছিল যে সমাজত যিমানেই আধুনিকতাৰ পৰশ পৰিবলৈ ধৰিছে সিমানেই মানুহৰ মাজত থকা আত্মীয়তা আৰু বিশ্বাসৰ মনোভাৱ হ্ৰাস পাবলৈ ধৰিছে। কেৱল নগৰৰ মানুহবোৰৰ মাজতেই নহয়, গাঁৱলীয়া মানুহবোৰৰ মাজতো বিশ্বাসযোগ্যতা আৰু নিৰ্ভৰযোগ্যতাৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হ’বলৈ ধৰিছে। ৰাজনীতিকে বৃত্তি হিচাপে লোৱা মানুহবোৰে গাঁৱৰ সহজ-সৰল মানুহবোৰৰ মন আৰু মগজুত ৰাজনীতিৰ কু-নীতি সুমুৱাই দি তেওঁলোকৰ মাজত বিভেদৰ বিষবাষ্প বিয়পাই দিবলৈ চেষ্টা চলাই আছে। তেখেতে লক্ষ্য কৰিছিল যে গাঁৱৰ শিক্ষিত মানুহবোৰ চহৰমুখী হোৱাৰ বাবে ৰাজনৈতিক নেতাবোৰে গাঁৱবোৰলৈ সহজে এই বিষবাষ্প বিয়পাবলৈ সক্ষম হৈছে। আত্মীয়তা আৰু বিশ্বাসৰ দৰে শক্তিশালী সামাজিক মূলধনক পুনৰ ঘূৰাই অনা আৰু যিখিনি আছে সেইখিনিক অটুট ৰখাৰ স্বাৰ্থতে তেখেতে নিজ গাঁৱতে থাকি নাট্যচৰ্চা কৰিছিল।
অসম মূলকত সততে এটা শুনা শব্দ হ’ল-অসমৰ সংস্কৃতিক বিশ্বদৰবাৰলৈ নিব লাগে।  শুক্ৰাচাৰ্য ৰাভাৰ মতে বিশ্বদৰবাৰ হ’ল-এক প্ৰকাৰ আত্মসমৰ্পন কিম্বা কাপৰুষালি। তেখেতৰ ভাষাত, “ই এক মেটাফ’ৰ যি নিৰ্দেশ কৰে ভাল-বেয়াৰ দ্বন্দ্বৰ অন্তত নিৰূপিত হোৱা আমাৰ স্থান। আমাতকৈ উচ্চ পৰ্যায়ৰ, আমাতকৈ ওখ খাপৰ কিবা এটা থকাৰ যিটো অৱধাৰণা আমাৰ অৱচেন মনত সোমাই থাকে; তাৰেই পৰিণতিত সৃষ্টি হয়-বিশ্বদৰবাৰৰ।” (নীলোৎপল বৰুৱাৰ গ্ৰন্থ, ‘শুক্ৰাচাৰ্য ৰাভা: যাত্ৰা আৰু মাত্ৰা”, ২০১৮, পৃষ্ঠা: ৮৯)। নিজৰ ওপজা গাঁও ৰামপুৰতে নাট্যচৰ্চা কৰি তেখেতে নিজৰ চোতালখনকে বিশ্বদৰবাৰলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিছিল। 
নাটক সম্পৰ্কত এনে এটা বদ্ধমূল ধাৰণা আছ যে নাটক কৰিবলৈ হ’লে উন্নতমানৰ শব্দযন্ত্ৰ, কৃত্ৰিম পোহৰ আৰু দৃশ্য অনুসৰি মঞ্চখন সজাই তুলিব লাগিব, অভিনেতা-অভিনেত্ৰীসকলে চৰিত্ৰটোৰ লগত খাপ খোৱাকৈ পোছাক পৰিধান কৰিব লাগিব, সা-সঁজুলি ল’ব লাগিব ইত্যাদি। শুক্ৰাচাৰ্য ৰাভাই ‘বাদুংদপ্পা’ত শব্দযন্ত্ৰ আৰু কৃত্ৰিম পোহৰৰ ব্যৱহাৰ নস্যাৎ কৰিছে। চৰিত্ৰ অনুসৰি অভিনেতা-অভিনেত্ৰীসকলে পোছাক পৰিধান কৰা আৰু সা-সঁজলিৰ ব্যৱহাৰ যিমান পাৰি সিমান হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে। এইবোৰে নাটকখনক মেদবহুল কৰি তুলি নাটকৰ মূল ভেটিটোকে তল পেলায় বুলি তেখেতে ভাবিছিল। শাৰীৰিক ভংগীমা আৰু মিতব্যয়ী সংলাপৰ দ্বাৰাই তেখেতে নাটখনক উপভোগ্য কৰি তুলিব পাৰিছিল। নাটকৰ প্ৰতিটো দৃশ্যই যাতে একোখনকৈ পেইন্টিংৰ দৰে হয় তাৰ ওপৰত তেখেতে গুৰুত্ব দিছিল। তদুপৰি, সচৰাচৰ নাট্যদলবোৰে কৰাৰ দৰে ‘ৰয়েল’ নাটত (যেনে-ৰামায়ণ, মহাভাৰত, ৰজা-মহাৰজাৰ কাহিনী) গুৰুত্ব নিদি তেখেতে লোককথা তথা সাধুকথাৰ ভিত্তিত (বিশেষকৈ ৰাভাসকলৰ মাজত প্ৰচলিত) নাট ৰচনা কৰি প্ৰদৰ্শন কৰিছিল। লোককথা আৰু সাধুকথাৰ ভিত্তিত নাট ৰচনা কৰাৰ সপক্ষে তেখেতে কেইটামান যুক্তি দিছে-(১) অবিকৃত ৰূপত কৰা এই ব্যৱস্থাই জনজাতিসকলৰ লোককথা আৰু সাধুকথাবোৰে জনপ্ৰিয়তা লাভ কৰাৰ লগতে সংশ্লিষ্ট জনজাতিটোৰ পৰম্পৰাবোৰক ৰক্ষা কৰাত সহায় কৰিব, (২) বিভিন্ন চক্ৰান্তৰ বলি হৈ জনজাতীয় লোকসকলে আনৰ পৰম্পৰা তথা সমাজিক নীতি-নীতিৰ প্ৰতি মোহিত হৈ নিজৰ পৰম্পৰা আৰু ৰীতি-নীতিবোৰক লৈ হীনমান্যতা ভুগি থকা লোকসকলে বুজি উঠিব যে তেওঁলোকৰ  ৰীতি-নীতি আৰু পৰম্পৰাবিলাক কোনো ফালৰ পৰাই নিম্ন পৰ্যায়ৰ নহয়, (৩) অৰ্থনৈতিক আৰু সামাজিক সমস্যাবোৰৰ দৰে দুই-এটা সৰু পাৰ্থক্যৰ বাহিৰে পৃথিৱীৰ প্ৰান্তীয় জনগোষ্ঠীবোৰৰ লোককথা আৰু সাধুকথাবোৰৰ মাজত বহুখিনি সাদৃশ্য আছে। বহু ক্ষেত্ৰত লোককথা আৰু সাধুকথাবোৰ অলৌকিক হ’লেও তাৰ মাজত ৰাজনৈতিক দমন, সামাজিক প্ৰভুত্ব, অৰ্থনৈতিক শোষণ আদি উমৈহতীয়া সমস্যাবোৰ লুকাই থাকে। তেখেতৰ মতে, লোককথা আৰু সাধুকথাবোৰৰ নাট্যৰূপে দৰ্শকক সহজে আকৰ্ষিত কৰাৰ উপৰি তাৰ মাজত লুকাই থকা সত্যখিনিক সহজে বুজি উঠাত সহায় কৰে। 
শুক্ৰাচাৰ্য ৰাভাৰ চিন্তাচৰ্চাৰ আন কিছুমান গুৰুত্বপূৰ্ণ বিষয় হ’ল-সময়ানুৱৰ্তিতা, নাটক কৰা মানুহৰ প্ৰতি সাধাৰণ মানুহৰ মাজত থকা ভুল ধাৰণা দূৰ কৰা, নাট্যকৰ্মৰ সৈতে জড়িত ৰাজনীতি আৰু মানৱীয়তাৰ পাৰ্থক্য ধৰা পেলাৱা ইত্যাদি। আমি ভাবোঁ, শুক্ৰাচাৰ্য ৰাভাই যিবোৰ চিন্তাচৰ্চা কৰিছিল সেইবোৰ নিখুঁতভাবে বাস্তৱত ৰূপায়ণ কৰিব পৰাটোৱেই হ’ল তেখেতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খ্যাতি।

[তথ্যৰ উৎস: (১) শুক্ৰাচাৰ্য ৰাভাৰ সৈতে লেখকৰ সাক্ষাৎকাৰ, ২৭ ডিচেম্বৰ ২০১২,

     (২) নীলোৎপল বৰুৱাৰ গ্ৰন্থ, ‘শুক্ৰাচাৰ্য ৰাভা: যাত্ৰা আৰু মাত্ৰা’, ২০১৮ ] 


[প্ৰকাশিত, 'নিয়মীয়া বাৰ্তা', ১১ জুন ২০১৯, পৃষ্ঠা: ৭]


Saturday 1 June 2019

‘সামাজিক জীৱন আৰু নতুন প্ৰজন্ম’ সন্দৰ্ভত


‘আমাৰ অসম’ত যোৱা ২৫ মে’ত প্ৰকাশিত শৈলেন ভৰালীৰ ‘সামাজিক জীৱন আৰু নতুন প্ৰজন্ম’ শীৰ্ষক প্ৰবন্ধটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। প্ৰবন্ধকাৰে লিখিছে যে আমাৰ নতুন প্ৰজন্মই সামাজিক জীৱনৰ গুৰুত্ব উপলব্ধি নকৰা হৈছে। সমাজে নিৰ্ধাৰণ কৰা আৰু পৰম্পৰাগতভাবে চলি অহা নীতি-নিয়মবোৰ উলংঘা কৰিবলৈ তেওঁলোক সংকোচ নকৰা হৈছে। সামাজিক মূল্যবোধবোৰৰ প্ৰতি নতুন প্ৰজন্ম উদাসীন হৈ পৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাকে এনেধৰণৰ পৰিৱৰ্তনৰ কাৰণ হিচাপে প্ৰবন্ধকাৰে চিনাক্ত কৰিছে। আমি ভাবোঁ, এয়া আংশিকভাবেহে শুদ্ধ। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ প্ৰয়োজনৰো পৰিৱৰ্তন ঘটি থাকে। এশ শতাংশ শুদ্ধ নহ’লেও এইটো দাবী কৰিব পাৰি যে বিজ্ঞানৰ নিত্য নতুন উদ্ভাৱন আৰু প্ৰযুক্তিবিদ্যাৰ বহুল সম্প্ৰসাৰণে মানুহৰ দ্ৰুত পৰিৱৰ্তিত প্ৰয়োজনৰ অভাৱ বহুখিনি পূৰণ কৰিব পাৰিছে।
নব্য-উদাৰীকৰণ অৰ্থনৈতিক ব্যৱস্থা আৰু ৰাজনীতিৰ মাজত ঘটা পাৰস্পৰিক সহযোগে  আমাৰ দেশৰ মানুহবোৰৰ প্ৰয়োজনৰ দ্ৰুত পৰিৱৰ্তন ঘটাইছে। সেই প্ৰয়োজনবোৰ পূৰণৰ স্বাৰ্থত মানুহবোৰ মাত্ৰাধিক ব্যক্তিকেন্দ্ৰিক তথা বস্তুবাদী হৈ পৰিছে। মন কৰিবলগীয়া যে ভাৰতবৰ্ষত নব্য-উদাৰীকৰণ অৰ্থনৈতিক ব্যৱস্থাক নতুন প্ৰজন্মই আমন্ত্ৰণ কৰা নাছিল। আশী দশকৰ শেষৰ ফালৰ পৰা দেশখনত দেখা দিয়া আৰ্থিক দুৰৱস্থাক উদ্ধাৰ কৰাৰ স্বাৰ্থত অৰ্থনৈতিক সংস্কাৰৰ আহিলা হিচাপে প্ৰথম অৱস্থাত উদাৰীকৰণ (লগতে গোলকীকৰণ আৰু ব্যক্তিগতকৰণ) আৰু পাছলৈ নব্য-উদাৰীকৰণ ব্যৱস্থাক বাধ্যতামূলকভাবে আকোঁৱালি ল’বলগীয়া হৈছিল। সেই সময়ত ভাবি চোৱা নহ’ল যে দেশখনত যি অৰ্থনৈতিক সংস্কাৰ কৰিবলৈ লোৱা হৈছে, সেই অৰ্থনৈতিক সংস্কাৰৰ ফলত আমাৰ দেশৰ নতু্ন প্ৰজন্ম মাত্ৰাধিক ব্যক্তিকেন্দ্ৰিক তথা বস্তুবাদী হৈ সামাজিক মূল্যবোধবোৰৰ প্ৰতি উদাসীন হৈ পৰিব। শেহতীয়াকৈ, উপভোক্তাবাদৰ জালত পেলাই নতুন প্ৰজন্মক আমাৰ পৰম্পৰা আৰু সামাজিক মূল্যবোধবোৰৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰা হৈছে। নতুন প্ৰজন্ময়ো উপভোক্তাবাদৰ সত্যৰ পাছত থকা সত্যক উপলব্ধি কৰিব নোৱাৰি সেইবোৰৰ পৰা আঁতৰি আহিব বিচাৰিছে বা আঁতৰি আহিবলৈ বাধ্য হৈ পৰিছে।
আমি ভাবোঁ, নব্য-উদাৰীকৰণ আৰু ৰাজনীতিৰ মাজত ঘটা পাৰস্পৰিক সহযোগে যি বেগত মানুহৰ মনস্বত্বক শোষণ কৰিবলৈ সক্ষম হৈছে, সেই একে বেগত বুদ্ধিজীৱী আৰু সমাজ বিজ্ঞানীসকলে সেই শোষণৰ পৰা মুক্ত হোৱাৰ কাৰ্যকৰী উপায় আগবঢ়োৱাত সফল হ’ব পৰা নাই।

[প্ৰকাশিত, ‘আমাৰ অসম’, ০২ জুন ২০১৯, পৃষ্ঠা: ৪]