Tuesday 25 December 2018

প্ৰসংগ: জাতিভিত্তিক সংৰক্ষণ আৰু বৰ্তমানৰ সামাজিক ব্যৱস্থা


    যোৱা ১৮ ডিচেম্বৰত (২০১৮) মিতালী ভট্টাচাৰ্যৰ “জাতিভিত্তিক সংৰক্ষণ আৰু বৰ্তমানৰ সামাজিক ব্যৱস্থা” শীৰ্ষক প্ৰবন্ধটো পঢ়ি দুষাৰ মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ। ভট্টাচাৰ্যই প্ৰবন্ধটোৰ যোগেদি জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাটোৰ প্ৰতি থকা তেখেতৰ তীব্ৰ বিতৃষ্ণা প্ৰকাশ কৰিছে। বিতৃষ্ণাৰ বহি:প্ৰকাশ হিচাপে তেখেতে ব্যৱস্থাটোৰ সন্দৰ্ভত কেইটামান প্ৰশ্ন উত্থাপন কৰিছে।
     ভট্টাচাৰ্যই মহাভাৰতৰ কৰ্ণৰ উপৰি জৰ্জিয়াৰ ষ্টেলিন, আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন আৰু ভাৰতৰ ড° বি আৰ আম্বেদকাৰৰ প্ৰসংগ টানি আনি প্ৰশ্ন কৰিছে যে তেওঁলোকে নীচ কুলত জন্ম লৈ জাতিগত আৰু ধৰ্মীয় সংৰক্ষণৰ লাভ গ্ৰহণ কৰিহে উচ্চ কুলৰ লগত সমতা স্থাপন কৰিছিল নেকি। কোনো দ্বিমত নাই যে তেওঁলোকে সংৰক্ষণ অবিহনে নিজৰ জ্ঞান আৰু বুদ্ধিৰে সমাজত নিজক প্ৰতিষ্ঠা কৰিব পাৰিছিল। কিন্তু, একেসময়তে এইটোও অনুভৱ কৰা দৰকাৰ যে নীচ কুলত জন্ম লৈ উচ্চ কুলৰ লগত সমতা স্থাপন কৰিবলৈ তেওঁলোকে কিমান কষ্ট আৰু লঘু-লাঞ্চনা সহ্য কৰিবলগীয়া হৈছিল। জ্ঞান আৰু বুদ্ধিৰ জোখেৰে উচ্চ কুলৰ লগত সমতা স্থাপন কৰিব পৰিলেও সামাজিকভাবে  তেওঁলোকক (বিশেষকৈ ভাৰতত) সম-স্থান দিয়া হোৱা নাছিল। ড° আম্বেদকাৰ নিজেই ইয়াৰ প্ৰমাণ। ড° আম্বেদকাৰে জাত-পাতেৰে পূৰিপূৰ্ণ হিন্দু ধৰ্ম ত্যাগ কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু হিন্দু ধৰ্মালম্বী তেওঁৰ অনুগামীসকলকো আন ধৰ্ম গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল। তদুপৰি, সকলোৰে জ্ঞাত যে ভাৰতত সংৰক্ষণ ব্যৱস্থাটোৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰা ব্যক্তিসকলৰ ভিতৰত ড° আম্বেদকাৰ অন্যতম আছিল। চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়বাবসমূহত স্বজন-প্ৰীতিৰে নিজৰ কুলৰ মানুহক সেই বিষয়বাবসমূহত ৰাখিবলৈ চেষ্টা কৰাৰ দৰে পৰিস্থিতি ভাৰতৰ সকলো অঞ্চলতে আছিল। অসমো ইয়াৰ ব্যতিক্ৰম নাছিল। যেনে-১৯৪৮ চন পৰ্যন্ত চৰকাৰী চাকৰিৰ বিজ্ঞাপনত উচ্চ বংশৰ ডেকাল’ৰা হ’ব লাগিব বুলি উল্লেখ কৰিছিল। চৰকাৰী চাকৰিত, উচ্চ কুলত জন্ম গ্ৰহণ কৰা ডেকাল’ৰাই স্বজন-প্ৰীতিৰে কম কষ্টেৰে উচ্চ স্থান লাভ কৰিব, আনহাতে নীচ কুলত জন্ম গ্ৰহণ কৰা ডেকাল’ৰাই সীমাহীন কষ্ট আৰু লঘু-লাঞ্চনা সহ্য কৰি উচ্চ স্থান লাভ কৰিব লাগিব (ওপৰৰ উদাহৰণটোত যোগ্যতা থাকিলেও উচ্চ স্থান লাভ কৰাৰ সুবিধাই নাই)। উচ্চ স্থান লাভ কৰাৰ পাছতো সামাজিক বৈষম্যৰ বলি হ’ব লাগিব। এয়াই আছিল বাস্তৱ পৰিস্থিতি। দুৰ্ভাগ্যৰ কথাটো হ’ল-আমাৰ দেশৰ বৰ্তমানৰ সমাজতো নিম্নবৰ্গৰ মানুহে উচ্চবৰ্গৰ মানুহৰ দ্বাৰা সামাজিক বৈষম্যৰ বলি নহয় বুলি এশ শতাংশ দাবী কৰিব পৰাৰ পৰিবেশ সৃষ্টি হোৱা নাই।
     ভট্টাচাৰ্যৰ আন এটা প্ৰশ্ন হ’ল-সাৰ্বভৌম স্বাধীন ভাৰতৰ সংবিধানে সমাজত সমতা স্থাপন কৰাৰ বাবে দৃঢ়প্ৰতিজ্ঞ হোৱাৰ বিপৰীতে জাতিগত আৰু ধৰ্মীগত সংৰক্ষণ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ দ্বাৰা সমাজক উচ্চ আৰু নিম্ন, এই দুটা ভাগত ভগোৱা নাইনে? ভাৰতৰ সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীত গ্ৰহণ কৰা হৈছিল। তাৰ আগতে প্ৰায় পাঁচ হাজাৰ বছৰ ধৰি সমাজত উচ্চ-নীচৰ খেলখন চলি আছিল। সেই পাঁচ হাজাৰ বছৰীয়া উচ্চ-নীচৰ খেলখনৰ তীব্ৰতা হ্ৰাস কৰাৰ বাবেহে সাংবিধানিক সংৰক্ষণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। সংবিধানখন গ্ৰহণ কৰাৰ ৬৮ বছৰৰ ভিতৰতে পাচঁ হাজাৰ বছৰীয়া উচ্চ-নীচৰ খেলখন নোহোৱা হৈ গৈছে বুলি নিশ্চয় দাবী কৰিব নোৱাৰি। তদুপৰি, সেই পাচঁ হাজাৰ বছৰীয়া উচ্চ-নীচৰ খেলখন নোহোৱা কৰাৰ বাবে সাংবিধানিক সংৰক্ষণ ব্যৱস্থাৰ বাহিৰে আন কিবা উপযুক্ত বিকল্প আছে বুলিও মনে নধৰে।
            ইঞ্জিনিয়াৰ আৰু মেডিকেল বিভাগত সংৰক্ষণৰ ফলত যদি কম মেধাৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ-মেধাৰ ছাত্ৰ-ছাত্ৰীক পিছ পেলাই আসন দখল কৰে, তেনেহ’লে আমি আমাৰ জীৱন কেনেধৰণৰ ডাক্টৰ আৰু ইঞ্জিনিয়াৰৰ হাতত অৰ্পন কৰিম বুলি প্ৰবন্ধকাৰ ভট্টাচাৰ্যই শংকাভৰা প্ৰশ্ন উত্থাপন কৰিছে। ভাৰতৰ নামজ্বলা মেডিকেল আৰু ইঞ্জিনিয়াৰং কলেজত নামভৰ্তিৰ কাট-অফ মাৰ্কসমূহৰ পাৰ্চেন্টাইল অধ্যয়ন কৰিলে দেখিব যে অসংৰক্ষণ আৰু সংৰক্ষণৰ মাজত গড় ব্যৱধান পাঁচতকৈ বেছি নহয়। সৰ্বচ্চ পাঁচ পাৰ্চেন্টাইলৰ গড় ব্যৱধানত মেধাৰ উচ্চ-নিম্নৰ জোখমাখ কিমান শুদ্ধ, সেয়া সন্দেহৰ বাহিৰত নহয়। তদুপৰি, সেয়া নামভৰ্তিৰ প্ৰসংগহে। মূল বিষয় হ’ল-ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কিমান সুখ্যাতিৰে পাছ কৰি সমাজত নিৰ্ভৰযোগ্য সেৱা আগবঢ়াব পাৰিছে? এনে বহু ছাত্ৰ-ছাত্ৰী আছে সিসকলে উচ্চ মেধাৰ পৰিচয়েৰে সহজে নামভৰ্তিৰ সুবিধা লাভ কৰিছে, অথচ ভালদৰে পাছ কৰিব নোৱাৰি নিৰ্ভযোগ্য সেৱা আগবঢ়াব পৰা নাই। আনহাতে, এনে ছাত্ৰ-ছাত্ৰীও আছে যিসকলে নামভৰ্তিৰ বাবে প্ৰয়োজনীয় নিম্নতম নম্বৰেৰে নামভৰ্তিৰ সুবিধা লাভ কৰি সুখ্যাতিৰে পাছ কৰি নিৰ্ভৰযোগ্য সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। অৱশ্যে, এনেকুৱা ছাত্ৰ-ছাত্ৰীও আছে যিসকলে উচ্চ মেধাৰ পৰিচয়ৰেই হওক বা নামভৰ্তিৰ বাবে প্ৰয়োজনীয় নিম্নতম নম্বৰেৰে হওক-নামভৰ্তিৰ সুবিধা লাভ কৰি কোনোমতে পাছ কৰি নিৰ্ভৰযোগ্য সেৱা আগবঢ়াব পাৰিছে। এনেকুৱা ছাত্ৰ-ছাত্ৰীও আছে যিসকলে সুখ্যাতিৰে পাছ কৰিও নিৰ্ভৰযোগ্য সেৱা আগবঢ়াবলৈ সক্ষম হোৱা নাই। অৰ্থাত, এনেকুৱা নহয় যে উচ্চ মেধাৰ ছাত্ৰ-ছাত্ৰীয়ে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত নামভৰ্তিৰ সুবিধা লাভ কৰিলে নিৰ্ভৰযোগ্য সেৱা আগবঢ়াব পাৰিব আৰু নিম্ন মেধাৰ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ সুবিধা লাভ কৰি নিৰ্ভৰযোগ্য সেৱা আগবঢ়াব নোৱাৰিব।
     ইতিহাসত উচ্চবৰ্ণৰ লোকৰ দ্বাৰা হোৱা নিম্নবৰ্ণৰ লোকৰ বঞ্চনা, নিপীড়নৰ ভাৰ বৰ্তমান প্ৰজন্মই কঢ়িয়াই ফুৰাৰ যুক্তিযুক্ততা ক’ত বুলি ভট্টাচাৰ্যই প্ৰশ্ন কৰিছে। ভট্টাচাৰ্যৰ এই প্ৰশ্নৰ যুক্তিযুক্ততা নিশ্চয় আছে। কিন্তু, ইতিহাসক বাদ দি বৰ্তমান বা ভৱিষ্যত হ’ব পাৰে জানো? তদুপৰি, মাত্ৰ এবাৰলৈ ভাবক-যদি ভাৰতত সাংবিধানিক সংৰক্ষণৰ ব্যৱস্থা ১৯৫০ চনৰ পৰা নাথাকিলেহেঁতেন, তেন্তে দেশখনৰ আজিৰ সামাজিক, ৰাজনৈতিক আৰু আৰ্থিক বৈষম্য কেনেধৰণৰ হ’লেহেঁতেন! এই কথা ডাঠি ক’ব পাৰি যে সংৰক্ষণ ব্যৱস্থাই অসমতা সৃষ্টি কৰিছে বুলি ভট্টাচাৰ্যই যি প্ৰশ্ন উত্থাপন কৰিছে, সংৰক্ষণ ব্যৱস্থা নাথাকিলে অসমতাৰ মাত্ৰা ইয়াতকৈ অনেক গুণ বৃদ্ধি পালেহেঁতেন। 
ভট্টাচাৰ্যৰ মতে জাতিগত বৈষম্যৰ লগতে আৰ্থিক ভিত্তিও সংৰক্ষণৰ প্ৰধান দাবীদাৰ হোৱা উচিত। এই যুক্তিক সমৰ্থন নকৰাৰ প্ৰশ্নই নাহে। কিন্তু, জাতিগতভাবে তুলনা কৰিলে দেখা যায় যে উচ্চ জাতিৰ দুখীয়া লোকৰ তুলনাত নিম্ন জাতিৰ দুখীয়া লোকৰ সংখ্যা অধিক। চাছাৰ কমিটিৰ (২০০৬) প্ৰতিবেদন অনুসৰি, উচ্চ জাতিৰ ২৫ শতাংশতকৈ অধিক লোকৰে চৰকাৰী চাকৰি আছে। তাৰ বিপৰীতে, সংখ্যালঘু, অনুসূচিত জাতি-জনজাতিৰ মুঠ ১৫ শতাংশতকৈ কম লোকৰহে চৰকাৰী চাকৰি আছে। শেহতীয়া তথ্য অনুসৰি, দেশৰ মুঠ জনসংখ্যাৰ মাত্ৰ ৩.৫ শতাংশ ব্ৰাক্ষ্মণ সম্প্ৰদায়ৰ লোক। কিন্তু, ঔদ্যোগিক খণ্ডত তেওঁলোকৰ ৪১.২ শতাংশ মানিকীস্বত্ব আছে। আনহাতে, অন্যান্য পিছপৰা জাতি আৰু সংখ্যালঘুৰ মুঠ জনসংখ্যা হ’ল প্ৰায় ৫০ শতাংশ। কিন্তু, ঔদ্যোগিক খণ্ডত তেওঁলোকৰ মাত্ৰ ৪.২ শতাংশৰহে মালিকীস্বত্ব আছে। সেইদৰে, দেশৰ মুঠ জনসংখ্যাৰ ৩০ শতাংশ লোক হ’ল অনুসূচিত জাতি আৰু জনজাতিৰ। কিন্তু, তেওঁলোকৰ মাত্ৰ ০.২ শতাংশৰহে ঔদ্যোগিক খণ্ডত মালিকীস্বত্ব আছে। প্ৰাথমিক খণ্ডত অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা আৰু সংখ্যালঘু লোক মিলি প্ৰায় ৫০ শতাংশতকৈ অধিক লোক নিয়োজিত হৈ আছে, যিসকলৰ গড় মাহিলি আয় প্ৰায় ৫,০০০ টকা মাত্ৰ।  মুঠ কথা, আটাইবোৰ জাতিৰ আৰ্থিক দুৰৱস্থা সমান বা আটাইবোৰ জাতিৰ সমান আৰ্থিক উন্নয়ন হ’লেহে আৰ্থিক ভিত্তিত সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন প্ৰকৃত অৰ্থত যুক্তিপূৰ্ণ হ’ব।     
     প্ৰবন্ধটোৰ শেষত নিম্ন শ্ৰেণী, সৰু জাত আদিৰ সুবিধাত সংৰক্ষণৰ লাভালাভ গ্ৰহণ কৰি কোনো জাতিয়েই নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিব নোৱাৰে বুলি মতামত আগবঢ়াই ভট্টাচাৰ্যই সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তনৰ মূল উদ্দেশ্যৰ পৰা আতঁৰি আহিছে (জানিয়েই হওক বা নাজানিয়েই হওক)। সাংবিধানিক সংৰক্ষণৰ দ্বাৰা কোনো জাতিয়েই শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিব বিচৰা নাই। সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত নিম্ন জাতিক উচ্চ জাতিয়ে কৰা শোষণৰ পৰা মুক্ত কৰি সকলোকে সম-মৰ্যাদা প্ৰদানৰ উদ্দেশ্যেহে সাংবিধানিক সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।
পুনশ্চ: কোনো সন্দেহ নাই যে মহাভাৰতৰ কৰ্ণ, জৰ্জিয়াৰ ষ্টেলিন, আমৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন আৰু ভাৰতৰ ড° বি আৰ আম্বেদকাৰ প্ৰত্যেকেই একো একোজন উজ্জ্বল নক্ষত্ৰ। কিন্তু, তেওঁলোকৰ উজ্জ্বলতা তেওঁলোকে অন্তৰ্ভূক্ত হোৱা নৃ-গোষ্ঠী বা তেওঁলোকৰ দৰে পৰিস্থিতিত জন্মগ্ৰহণ কৰা প্ৰতিজন ব্যক্তিৰ উজ্জ্বলতা নিশ্চয় নহয়।  

[প্ৰকাশিত, 'আমাৰ অসম', ২৬ ডিচেম্বৰ ২০১৮, পৃষ্ঠা:৫]

Wednesday 5 December 2018

প্ৰসংগ: ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ আৰু কিছু কথা


‘আমাৰ অসম’ত যোৱা ২৭ অক্টোবৰত ড° ৰক্তিম ৰঞ্জন শইকীয়াই লিখা “স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ বিলম্বিতকৰণ আৰু অসম কলেজ শিক্ষক সংস্থাৰ ৰহস্যজনক ভূমিকা” শীৰ্ষক প্ৰবন্ধটোৰ ওপৰত একেখন কাকততে যোৱা ৮ নৱেম্বৰত আমাৰ এটা প্ৰবন্ধ প্ৰকাশ পাইছিল। আমাৰ প্ৰবন্ধটোৰ উত্তৰ হিচাপে ড° শইকীয়াৰ “‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ আৰু কিছু কথা” শীৰ্ষক এটা প্ৰবন্ধ যোৱা ৩০ নৱেম্বৰত প্ৰকাশ পাইছিল। ড° শইকীয়াৰ উত্তৰ সম্পৰ্কত দুষাৰমান মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ।
আমাৰ প্ৰবন্ধটোত গণতন্ত্ৰৰ প্ৰসংগটো অনা হৈছিল-‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰা বা নকৰা সম্পৰ্কে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম কলেজ শিক্ষক সংস্থাৰ মাজত গণতান্ত্ৰিকভাবে আলোচনাৰ ভিত্তিত লোৱা সিদ্ধান্ত সম্পৰ্কত। আমাৰ বক্তব্য আছিল-ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ স্নাতক মহলাত নতুন পদ্ধতিটো প্ৰচলন কৰা বা নকৰা সম্পৰ্কত অসম কলেজ শিক্ষক সংস্থাই এককভাবে সিদ্ধান্ত লোৱা নাছিল। গণতন্ত্ৰ সম্পৰ্কে এই প্ৰসংগটো এৰি ড° শইকীয়াই বেলেগ এটা প্ৰসংগ আনিলে। ড° শইকীয়াই উল্লেখ কৰিছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘শৈক্ষিক সমিতি’ৰ সভাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ৰ সপক্ষে তিনিজন সদস্যই তেওঁলোকৰ সম্পূৰ্ণ বৃত্তিগত মতামত আগবঢ়াওঁতে অসম কলেজ শিক্ষক সংস্থাই তেওঁলোকক বহিস্কাৰ কৰিছিল। এইটো কাৰণতে ড° শইকীয়াই অসম কলেজ শিক্ষক সংস্থাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰিছে। পাঠকসমাজৰ লগতে ড° শইকীয়াৰো হয়তো দ্বিমত নাথাকিব যে অসম কলেজ শিক্ষক সংস্থা বুলি নহয়, যিকোনো সংস্থাৰে কোনো এজন সদস্যই সংশ্লিষ্ট সংস্থাটোৰ সংবিধান বহিৰ্ভূত আচৰণ কৰিলে সংশ্লিষ্ট সদস্যজনৰ ওপৰত সংস্থাটোৱে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে।
ড° শইকীয়াই দুই কৌটি টকাৰ অনুদানৰ প্ৰসংগটো আনিছিল বিশেষকৈ মহাবিদ্যালয়সমূহৰ আন্ত:গাঁঠনিৰ অৱস্থিতি সম্পৰ্কে যুক্তি আগবঢ়াবলৈ। ২০১৩ চনত প্ৰাদেশীকৰণ হোৱা মহাবিদ্যালয়সমূহৰ প্ৰসংগ আমাৰ দ্বাৰা এইবাবেই অনা হৈছিল যে তেওঁলোকে উল্লিখিত দুই কৌটি টকাৰ অনুদান লাভ কৰা নাই। আমাৰ যুক্তি আছিল-আনকি দুই কৌটি টকা অনুদান লাভ কৰা সকলোবোৰ মহাবিদ্যালয়ৰ আন্ত:গাঁঠনি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰয়োগ কৰিব পৰাকৈ উপযোগী হৈ উঠা নাই। কোন সংস্থাই ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ বিৰোধিতা কৰিছে বা কোন সংস্থাই বিৰোধিতা কৰা নাই-সেই প্ৰসংগ ড° শইকীয়াই জোৰকৈ টানি আনি আন্ত:গাঁঠনি সম্পৰ্কীয় মূল বিষয়টোৰ পৰা কৌশেলেৰে আঁতৰি গৈছে। আমি এতিয়াও কওঁ-অসমৰ গ্ৰামাঞ্চলত অৱস্থিত বহু মহাবিদ্যালয়ৰে (যি সংস্থাৰে অন্তৰ্ভূক্ত নহওক) আন্ত:গাঁঠনি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰিব পৰাকৈ উপযোগী হৈ উঠা নাই। এইখিনিতে এইটোও কওঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ কোনোবা এখন মহাবিদ্যালয়ৰ আন্ত:গাঁঠনি যদি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰিব পৰাকৈ উপযোগী হৈ উঠা নাই, সেইখন মহাবিদ্যালয়কো তেওঁলোকৰ আন্ত:গাঁঠনি নতুন পদ্ধতিটো প্ৰচলন কৰিব পৰাকৈ উপযোগী কৰি ল’বলৈ সময় আৰু সুবিধা প্ৰদান কৰা উচিত। অন্যথা, আওপকীয়াকৈ হ’লেও সেইখন মহাবিদ্যালয়ক অন্যায় কৰা হ’ব। অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে আন্ত:গাঁঠনিৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰিব নালাগে। অসম কলেজ শিক্ষক সংস্থাও এই নতুন পদ্ধতিটো প্ৰচলন কৰাৰ ক্ষেত্ৰত বিৰোধিতা কৰা নাই। আমাৰ যুক্তি হ’ল-নতুনত্ব অনা বুলি জাহিৰ কৰিবলৈ গৈ দৌৰাদৌৰিকৈ কোনো এটা নতুন পদ্ধতি প্ৰচলন কৰিলে, পদ্ধতিটোৰ পৰা সুফলতকৈ কুফল লাভ কৰাৰ সম্ভাৱনাই বেছি হয়। দুদিন পলম কৰি হ’লেও আটাইবোৰ মহাবিদ্যালয়ৰ আন্ত:গাঁঠনি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ৰ বাবে নুন্যতম পৰ্যায়ত হ’লেও উপযোগী কৰি তুলি লৈ নতুন পদ্ধতিটো প্ৰচলন কৰাত আপত্তি ক’ত? আমি জনাত, মহাবিদ্যালয়সমূহৰ নুন্যতম আন্ত:গাঁঠনি অধ্যয়নৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি আৰু অসম কলেজ শিক্ষক সংস্থাৰ প্ৰতিনিধিক লৈ এখন সমিটি গঠন কৰা হৈছে।
আমি আগেয়েই কৈছোঁ যে অসম বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰি ভালেই কৰিলে নে বেয়াই কৰিলে, সেই বিষয়ে মতামত দিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব। ড° শইকীয়াৰ মতে আমি বিষয়টো এৰাই চলিব বিচাৰিছোঁ। তেখেতে বিষয়টো পুনৰ উত্থাপন কৰিছে আৰু অসম কলেজ শিক্ষক সংস্থাৰ লগতে আমাৰ পৰাও উত্তৰ বিচাৰিছে। অসম কলেজ শিক্ষক সংস্থাই কি উত্তৰ দিয়ে ক’ব নোৱাৰোঁ, আমাৰ যুক্তি হ’ল-আন কথা একে থাকিলে, প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে এঠাইত এটা নতুন পদ্ধতি প্ৰচলন কৰোতে যদি ভুলৰ মাত্ৰা বেছি হয়, তেন্তে একেটা পদ্ধতিকে আন এঠাইত প্ৰচলন কৰা উচিত নহয়।
‘মুষ্টিমেয়’ শব্দটো প্ৰয়োগ নকৰাৰ বাবে ড° শইকীয়াই আমাক বৌদ্ধিক অসততাৰ অপৰাধত অপৰাধী কৰিছে। শিক্ষকসকলৰ অধ্যয়নৰ অনীহা সন্দৰ্ভত ড° শইকীয়াৰ বাক্য কেইটালৈ মন কৰা যাওক। ২৭ অক্টোবৰত প্ৰকাশিত প্ৰবন্ধটোত তেখেতে লিখিছে, “শিক্ষকৰ অভাৱটো আমি অস্বীকাৰ নকৰোঁ। কিন্তু তাতকৈও অভাৱ হ’ল অধ্যয়নৰ প্ৰতি অনীহা। এটা নতুন পাঠ্যক্ৰম পঢ়াবলৈ যাওঁতে প্ৰথম পৰ্যায়ত যথেষ্ট অধ্যয়ন কৰিব লগা হয়। এই কাম কৰিবলৈ মুষ্টিমেয় শিক্ষকৰ এলাহ, এই এলাহেই বিভিন্ন অজুহাতৰ ৰূপত বাৰে বাবে উভতি আহে।” দ্বিতীয় বাক্যটোত যিটো বৌদ্ধিক উচ্চমন্যতাৰ ৰেহৰূপ প্ৰকাশ পাইছে, সেই ৰেহ-ৰূপৰ মাত্ৰা হ্ৰাস কৰিবলৈহে বাকী দুটা বাক্য প্ৰয়োগ কৰা হৈছে। কৌশলেৰে বৌদ্ধিক উচ্চমন্যতাৰ ৰেহ-ৰূপ প্ৰকাশ কৰাতকৈ বৌদ্ধিক অসততাৰ দৰে অপৰাধকে আমি মূৰ পাতি লৈছোঁ। তদুপৰি, মুষ্টিমেয় শিক্ষকৰ অধ্যয়নৰ এলাহে কেনেধৰণে ‘বিভিন্ন অজুহাতৰ ৰূপত বাৰে বাৰে উভতি আহে’ সেয়া স্পষ্টভাবে বুজাই দিলে আমাৰ লগতে পাঠকসমাজেও নিশ্চয় সুখী হ’ব।
ব্যক্তিগত আক্ৰমণ নকৰি বৌদ্ধিক স্তৰত বিতৰ্ক কৰিবলৈ ড° শইকীয়াই আমাক বিনম্ৰভাবে কৈছে (অসমীয়া ভাষাত ‘বিনম্ৰভাবে জনায়’ বুলিহে জানোঁ)। তেখেতৰ উপদেশৰ  (উপদেশ বুলিয়ে ধৰি ল’লোঁ) বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতক ব্যক্তিগতভাবে আক্ৰমণ কৰাৰ উদ্দেশ্য আমাৰ নাছিল। আমাৰ যিটো উক্তিত আমি তেখেতক ব্যক্তিগত আক্ৰমণ কৰা বুলি তেখেতে অনুভৱ কৰিছে সেই উক্তিটো হ’ল, “নিজে অন্তৰ্ভূক্ত হোৱা বৃত্তি, জাতি, বৰ্ণ বা ধৰ্মৰ দোষ দেখিলে তাৰ বিৰূদ্ধে সবল যুক্তিৰে মতামত আগবঢ়োৱা পৰিবেশে নিশ্চিতভাবে এক সুষ্ঠ গণতান্ত্ৰিক ব্যৱ্স্থাৰ ইংগিত দিয়ে। কিন্তু, দুৰ্বল যুক্তিৰে সেয়া কৰিবলৈ প্ৰয়াস চলালে নিজে বিখ্যাত হোৱাৰ এটা গুপুত অভিপ্ৰায় নিহিত থাকে। কাৰণ, নিজে অন্তৰ্ভূক্ত হোৱা বৃত্তি, জাতি, বৰ্ণ বা ধৰ্মৰ বিৰূদ্ধে প্ৰচাৰ চলাই বিতৰ্ক সৃষ্টি কৰি কম দিনৰ ভিতৰতে বিখ্যাত হ’বলৈ প্ৰয়াস চলোৱা আজিকালি এটা সহজ উপায় হৈ পৰিছে।” এইটো এটা সাধাৰণ উক্তি। ড° শইকীয়া বুলি নহয়, বিপুল কুমাৰ ৰাভা বা আন ব্যক্তিৰ ক্ষেত্ৰতো উক্তিটো প্ৰয়োগ হ’ব পাৰে। সাধাৰণ উক্তি এটাক ব্যক্তিগত আক্ৰমণ হিচাপে জোৰকৈ টানি অনাটো যে পৃথক বৌদ্ধিক স্তৰ হ’ব পাৰে সেয়া আগেয়ে বুজা নাছিলোঁ।   
পুনশ্চ: ব্যক্তিগত আক্ৰমণৰ পৰা আমি বাৰহাত দূৰত অৱস্থান কৰিবলৈ চেষ্টা কৰোঁ। সাধাৰণ উক্তি এটাক জোৰকৈ ব্যক্তিগত পৰ্যায়লৈ টানি নি আমাক আক্ৰমণ কৰাৰ বাবে, আত্মৰক্ষাৰ উদ্দেশ্যে এই লেখাটোৰ দুই-এঠাইত বাধ্যত পৰি ব্যক্তিগত প্ৰসংগ আনিবলগীয়া হৈছে। ব্যক্তিগত আক্ৰমণ আৰু আত্মৰক্ষাৰ বাবে প্ৰয়োগ কৰা প্ৰসংগবোৰ যাতে চৰম পৰ্যায়লৈ নাযায়, সেই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়ত পুনৰ মতামত আগবঢ়োৱাৰ পৰা আমি বিৰত থাকিম। 

[প্ৰকাশিত, 'আমাৰ অসম', ৬ ডিচেম্বৰ ২০১৮, পৃষ্ঠা: ৫]