Sunday 21 August 2016

‘ভি আই পি: এক অতি অভিজাত শ্ৰেণী’

'আমাৰ অসম’ কাকতত ১ আগষ্ট ২০১৬ তাৰিখে প্ৰকাশিত ভাস্কৰ ফুকনৰ ‘ভি আই পি: এক অতি অভিজাত শ্ৰেণী’ লেখাটো পঢ়িলোঁ। ফুকনে ঠিকেই ধৰিছে যে ভাৰতবৰ্ষত ভি আই পি সকলে এক অতি অভিজাত শ্ৰেণীৰ জীৱন শৈলীৰ সৃষ্টি কৰি লৈছেপিছে সেই শ্ৰেণীটোৰ অতি উচ্চ পৰ্যায়ৰ (?) জীৱন শৈলীৰ বাবে কেৱল সেই শ্ৰেণীৰ মানুহখিনিৰ মানসিকতাই দায়ী নে? এই ক্ষেত্ৰত আমাৰ দেশৰ জনসাধাৰণৰ মানসিকতা, কাণ্ড-কাৰখানা আদিও সমানে জগৰীয়াআমাৰ দেশত সেই শ্ৰেণীৰ মানুহখিনিয়ে যেনেদৰে নিজৰ ৰাজনৈতিক বা সামাজিক স্থানক (Position) দায়িত্ববোধতকৈ ক্ষমতাক অধিক গুৰুত্ব দিয়ে, জনসাধাৰণেও তেওঁলোকক তেওঁলোকৰ ক্ষমতাৰ দৃষ্টিকোণৰ পৰাহে চায়। সেই শ্ৰেণীৰ মানুহৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলগা প্ৰসংগটোও ইয়াতে নিহিত আছে।
আচল কথাটো হ’ল, আমাৰ দেশখন কেৱল অৰ্থনৈতিক দিশতে অনুন্নত নহয়। সৰহসংখ্যক মানুহৰে চিন্তাধাৰা, মানসিকতা আদিও সমানে অনুন্নত হৈয়ে আছে। আমাৰ দেশত ৰাজনৈতিক বা সামাজিক দায়িত্বত থকা ব্যক্তি এজনে, উন্নত দেশৰ ব্যক্তিৰ দৰে জীৱন শৈলী গঢ়িবলৈ আৰম্ভ কৰিলেই জনসাধাৰণে সংশ্লিষ্ট ব্যক্তিজন ব্যতিক্ৰম বুলি হৈ চৈ লগাবলৈ ধৰেআকৌ, বহু ক্ষেত্ৰত সংশ্লিষ্ট ব্যক্তিজনে প্ৰকৃততে তেনেকৈয়ে জীৱন শৈলী গঢ়িব বিচাৰিছে নে বেলেগ উদ্দেশ্যৰ বাবে কৰিছে, সেয়া বুজিবলৈ অসুবিধা হয়।  

[প্ৰকাশিত, ‘আমাৰ অসম’, ২০ আগষ্ট, ২০১৬]