Tuesday 15 December 2020

‘অৰ্থনৈতিক জাতীয়তাবাদ’ সন্দৰ্ভত

 

         ‘আমাৰ অসম’ত যোৱা ১০ ডিচেম্বৰত প্ৰকাশিত ‘অৰ্থনৈতিক জাতীয়তাবাদ’ শীৰ্ষক সম্পাদকীয়টো পঢ়িলোঁ ।  অসমৰ জাতীয়তাবাদী সংগঠনবোৰ ৰাজনৈতিক ক্ষমতাৰ প্ৰতি যিমান সজাগ-সচেতন অৰ্থনৈতিক জাতীয়তাবাদৰ প্ৰতি সিমান সজাগনে বুলি সম্পাদকীয়টোত সঠিক প্ৰশ্নই উত্থাপন কৰিছে । আমাৰ ধাৰণাত এই প্ৰশ্নটোৰ উত্তৰ ঋণাত্মক । জাতীয়তাবাদী সংগঠনবোৰৰ সৈতে জড়িত বুদ্ধিজীৱীসকলে অৰ্থনৈতিক জাতীয়তাবাদ গঢ়ি তুলিব পৰাকৈ সংগঠনবোৰক উপযু্ক্ত তথা বাস্তৱিক নীতি প্ৰস্তুত কৰি দিব নোৱাৰাৰ ফলতে ৰাজ্যখনত অৰ্থনৈতিক জাতীয়তাবাদৰ প্ৰতি সন্তোষজনক সজাগতা গঢ়ি উঠা নাই । এক মিনিটৰ বাবে ধৰি লোৱা হ’ল যে সংগঠনবোৰৰ সৈতে জড়িত বুদ্ধিজীৱীসকলে জাতীয়তাবাদী সংগঠনবোৰক অৰ্থনৈতিক জাতীয়তাবাদ গঢ়ি তুলিব পৰাকৈ উপযুক্ত নীতি প্ৰস্তুত কৰি দিছে । কিন্তু, ৰাজ্যখনৰ জাতীয়তাবাদী সংগঠনবোৰে সেই নীতিবোৰক জনসাধাৰণৰ মাজলৈ কিমান আগ্ৰহেৰে আগবঢ়াই নিবলৈ চেষ্টা কৰে, সেয়াও সন্দেহৰ বাহিৰত নহয় । অসমৰ সৈতে সংগতি থকা এটা নতুন ৰাজনৈতিক বিচাৰ্য বিষয় (Political Issue) অহাৰ লগে লগে জাতীয়তাবাদী সংগঠনবোৰে অৰ্থনৈতিক জাতীয়তাবাদৰ সৈতে জড়িত বিচাৰ্য বিষয়বোৰৰ প্ৰতি কম গুৰুত্ব দিবলৈ ধৰে ।

            ২০২০ চনত অসমত কেইবাটাও আঞ্চলিক ৰাজনৈতিক দলৰ আৱিৰ্ভাৱ হৈছে । ২০২১ চনৰ এপ্ৰিলত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ধৰি ল’লে নিৰ্বাচনটোৰ বাবে মাত্ৰ তিনিমাহ আছে । নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলবোৰৰ অৰ্থনৈতিক নীতি কি হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।  মন কৰিবলগীয়া যে পশ্চিমীয়া ৰাষ্ট্ৰৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰাৰ ফলত ভাৰতৰ দৰে বিশ্বৰ সৰহ সংখ্যক উন্নয়নশীল ৰাষ্ট্ৰৰে অৰ্থনৈতিক কামকাজত ৰাষ্ট্ৰৰ হস্তক্ষেপ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে  । এক কথাত, সাম্ৰাজ্যবাদী (Imperialism) শক্তিৰ ওচৰত উন্নয়নশীল দেশবোৰে নিজকে ‘আত্মসমৰ্পণ’ কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে । সেয়েহে ভাৰতৰ তথাকথিত জাতীয়তাবাদী শক্তিবোৰে নিজৰ জাতীয়তাবাদী পৰম্পৰা (?) জনমানসত বৰ্তাই ৰখাৰ খাতিৰত অৰ্থনৈতিক জাতীয়তাবাদৰ পৰা ‘পলায়ন’ কৰি সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় দিশত অধিক আগ্ৰাসী হ’বলৈ ধৰিছে । তথাকথিত ভাৰতীয় জাতীয়তাবাদী শক্তিবোৰে সাম্ৰাজ্যবাদী শক্তিৰ বিৰুদ্ধে থিয় দিব পৰাকৈ জাতীয়তাবাদৰ অনুশীলন নকৰাৰ ফলতে সেই শক্তিবোৰে অৰ্থনৈতিক জাতীয়তাবাদৰ ক্ষেত্ৰত ‘পলায়নবাদী নীতি’ গ্ৰহণ কৰি উল্লিখিত দিশত অধিক আগ্ৰাসী হৈ সমাজত বিভাজন আনিবলৈ চেষ্টা চলাই আছে ( এই সম্পৰ্কে অধিক জানিবৰ বাবে আগ্ৰহী পাঠকে Aijaz Ahmad On Communalism and Globalization” নামৰ গ্ৰন্থখনৰ ‘Globalization and Culture’ শীৰ্ষক প্ৰবন্ধটো চাব পাৰে) ।

            সি যি কি নহওক, সাম্ৰাজ্যবাদী শক্তিৰ ওচৰত 'আত্মসমৰ্পণ' নকৰাকৈ অৰ্থনৈতিক জাতীয়তাবাদ গঢ়ি তুলিবলৈ হ'লে অসমৰ আঞ্চলিক ৰাজনৈতিক দল বা সংগঠনবোৰে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী নীতি প্ৰস্তুত কৰি কেনেদৰে কাৰ্যকৰী ৰূপ দিব বিচাৰিছে, সেই সম্পৰ্কে জনসাধাৰণৰ ওচৰত উপযুক্তভাবে দাঙি ধৰা উচিত । অন্যথা, তথাকথিত ভাৰতীয় জাতীয়তাবাদৰ দৰে অসমৰ জাতীয়তাবাদো কেৱল ৰাজনৈতিক আৰু সাংস্কৃতিক জাতীয়তাবাদতে আৱদ্ধ থাকি অৰ্থনৈতিক জাতীয়তাবাদৰ পৰা অতি কম সময়ৰ ভিতৰতে 'পলায়ন' কৰিবলৈ বাধ্য হৈ পৰিব । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৫ ডিচেম্বৰ ২০২০]

Saturday 21 November 2020

‘হিন্দু-মুছলমান সম্পৰ্ক’ সন্দৰ্ভত

           

 যোৱা ১১ নৱেম্বৰত 'নিয়মীয়া বাৰ্তা'ৰ প্ৰথম কলমত প্ৰকাশিত হোমেন বৰগোহাঞিৰ 'হিন্দু-মুছলমান সম্পৰ্ক' শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ । ভাৰতত হিন্দু-মুছলমানৰ সম্পৰ্ক প্ৰসংগত ব্ৰিটিছৰ ভূমিকা এৰাই চলিব নোৱাৰি ।  ব্ৰিটিছে তেওঁলোকৰ শাসনকাৰ্য দীৰ্ঘকাল চলাই নিয়াৰ স্বাৰ্থত ভাৰতত হিন্দু আৰু মুছলমানৰ মাজত বিভাজন আনিবলৈ চেষ্টা চলাইছিল । অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে ভাৰতত হিন্দু আৰু মুছলমানৰ মাজত সংঘটিত আটাইবোৰ সংঘৰ্ষৰ বাবে ব্ৰিটিছেই এশ শতাংশ দায়ী । কিন্তু, এই দুই সম্প্ৰদায়ৰ মাজত সংঘাত আৰু সংঘৰ্ষ সৃষ্টিত ব্ৰিটিছৰ যে তাৎপৰ্যপূৰ্ণ ভূমিকা আছিল তাত কোনো সন্দেহ নাই ।

 ব্ৰিটিছে ভাৰতৰ শাসনভাৰ অধিকাৰ কৰি লোৱাৰ আগতে কেইবা শতিকা ধৰি হিন্দু আৰু মুছলমানে ভাৰতখন শাসন কৰিছিল । সেয়েহে দেশখনৰ আন প্ৰদেশবোৰত পৰাধীন পৰিস্থিতিতে হিন্দু আৰু মুছলমানৰ মাজত এক প্ৰকাৰ ৰাজনৈতিক সংঘাতৰ সূত্ৰপাত হৈছিল (পিছত অসমলৈ ইয়াৰ সম্প্ৰসাৰণ ঘটিছিল) ।  এই সংঘাত কেৱল ৰাজনৈতিক দিশতে আৱদ্ধ নাথাকি সামাজিক আৰু সাংস্কৃতিক দিশতো জোৰদাৰ হৈ উঠিছিল । ব্ৰিটিছে এই পৰিস্থিতিৰ সু-ব্যৱহাৰ কৰিছিল । এই দুই সম্প্ৰদায়ৰ মাজত সংঘটিত বহু সংঘৰ্ষ ব্ৰিটিছৰ দ্বাৰা নিৰ্মিত (Constructed) আছিল ।  জেমছ মিলকে (James Mill) ধৰি  চি পি কেপ (C. P. Cape), জে প্ৰিনচেপ (J. Prinsep) আদি উপনিৱেশিক লেখকসকলে হিন্দু আৰু মুছলমানৰ মাজত সংঘাটিত সংঘৰ্ষবোৰৰ কাৰণ বিশ্লেষণ, প্ৰতিদ্বন্দ্বী চিনাক্তকৰণ, প্ৰশাসনৰ দ্বাৰা সংঘৰ্ষ নিয়ন্ত্ৰণৰ নীতি আদি ব্ৰিটিছ চৰকাৰৰ সুবিধা হোৱাকৈ বিদ্যায়তনিক (?) অধ্যয়ন কৰিছিল (এই সম্পৰ্কে অধিক জানিবৰ বাবে আগ্ৰহী পাঠকে Gyanedra Pandey The Construction of Communalism in Colonial North India গ্ৰন্থখনৰ দ্বিতীয় অধ্যায়টো চাব পাৰে) ।  বৰগোহাঞিয়ে ঠিকেই কৈছে যে অসমত হিন্দু-মুছলমানৰ মাজত সংঘৰ্ষ সংঘটিত নোহোৱাৰ মূল কাৰণ আছিল-অসমৰ অনাৰ্য তথা মংগোলীয় ৰজাসকলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা এক ধৰণৰ ধৰ্মনিৰপেক্ষ বা ধৰ্মীয় সহিষ্ণুতাৰ আদৰ্শ । এফালে অসমত মুছলমানসকলে শাসনৰ সোৱাদ পোৱা নাছিল, আনফালে প্ৰদেশশনৰ হিন্দু ধৰ্ম গ্ৰহণ কৰা অনাৰ্য তথা মংগোলীয় ৰজাসকলে ভাৰতৰ আন প্ৰদেশৰ ৰজাসকলৰ দৰে গোড়া হিন্দুত্বৰ আৱেষ্টনীত সোমাই পৰা নাছিল । অসমলৈ অহা আৰ্য বৰ্ণহিন্দুসকলে প্ৰদেশখনৰ  অনাৰ্য তথা মংগোলীয় ৰজাসকলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা ধৰ্মনিৰপেক্ষ তথা ধৰ্মীয় সহিষ্ণুতাৰ আদৰ্শৰ সৈতে খাপ খাই পৰিছিল ।তদুপৰি, শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা নৱবৈষ্ণৱ ধৰ্মই সামাজিক আৰু সাংস্কৃতিকভাবে অসমৰ বৃহৎসংখ্যক লোকক একতাৰ এনাজৰীৰে বান্ধি ৰখাত সহায় কৰিছিল । সেয়েহে উপনিৱেশিক পণ্ডিতসকলে ভাৰতৰ আন প্ৰদেশৰ সৈতে খাপ খুৱাই প্ৰকাশ কৰা হিন্দু-মুছলমান সম্পৰ্কীয় উদ্দেশ্যপ্ৰণোদিত বিদ্যায়তনিক (?) অধ্যয়নবিলাক অসমৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নাছিল । অৱশ্যে, বেংগলৰ সৈতে অসমক চামিল কািৰ ৰাজনৈতিক আৰু প্ৰশাসনিক উপাদানেৰে ব্ৰিটিছে অসমতো হিন্দু আৰু মুছলমানৰ মাজত বিভাজনৰ বীজ সিচিঁবলৈ চেষ্টা চলাইছিল ।

[প্ৰকাশিত। ‘নিয়মীয়া বাৰ্তা’, ২১ নৱেম্বৰ ২০২০]

Sunday 15 November 2020

প্ৰসংগ: হিন্দু নে হিন্দুত্ববাদ

 

যোৱা ২৯ অক্টোবৰত প্ৰকাশিত উমেশ গোস্বামীৰ ‘হিন্দু নে হিন্দুত্ববাদ’ শীৰ্ষক লেখাটো পঢ়িলোঁ । ভাৰতবৰ্ষ তথা অসমৰ বৰ্তমানৰ প্ৰেক্ষাপটত গোস্বামীৰ লেখাটো সময়োপযোগী হৈছে ।  সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ শক্তিবোৰে সমাজখনক সংকীৰ্ণ আৰু কুলষিত কৰি তোলে । এচাম লোকে অতীতৰে পৰাই ভাৰতত উগ্ৰ ধৰ্মীয় পৰিৱেশ সৃষ্টি কৰি ইয়াক সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই আহিছে ।  উগ্ৰ ধৰ্মীয় পৰিৱেশ সৃষ্টি আৰু সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত শিক্ষিত তথা সাক্ষৰ আৰু অশিক্ষিত তথা নিৰক্ষৰ লোকৰ মাজত পাৰ্থক্য আছে । ব্যতিক্ৰমৰ বাহিৰে অশিক্ষিত তথা নিৰক্ষৰ লোকসকলে উগ্ৰ ধৰ্মীয় পৰিৱেশ সম্প্ৰসাৰণ কৰি সফল হ’ব নোৱাৰিলে বা ইয়াৰ কুফলসমূহ অনুধাৱন কৰিব পাৰিলে কম সময়ৰ ভিতৰতে তেনে মানসিকতা ত্যাগ কৰে । কিন্তু, শিক্ষিত তথা সাক্ষৰ লোকসকলে সেই কাৰ্যত অসফল হ’লেও বা ইয়াৰ কুফলসমূহ অনুধাৱন কৰিব পাৰিলেও ইগো সমস্যাৰ বাবেই হওক বা আন উদ্দেশ্যৰ বাবেই হওক অধিক সংগঠিত আৰু পৰিকল্পিতভাবে তেনে পৰিৱেশ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই থাকে । কোনোবা ৰাজনৈতিক দলে উগ্ৰ ধৰ্মীয় শক্তিবোৰৰ আদৰ্শক সংশ্লিষ্ট দলটোৰো এটা আদৰ্শ হিচাপে গ্ৰহণ কৰিলে সেই শক্তিবোৰ অধিক শক্তিশালী হয় । সময়ৰ লগে লগে সংশ্লিষ্ট ৰাজনৈতিক দল আৰু সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ ধৰ্মীয় শক্তিবোৰ পৰস্পৰ নিৰ্ভৰশীল হৈ পৰে । ফলস্বৰূপে, সংশ্লিষ্ট ৰাজনৈতিক দলৰ নেতা-পালিনেতা আৰু উগ্ৰ ধৰ্মীয় শক্তিবোৰৰ দপদপনি বৃদ্ধি পায় ।  যোৱা শতিকাৰ শেষৰ দশকৰপৰা ভাৰতত উগ্ৰ হিন্দুত্বৰ কাৰ্যকলাপ অধিক বৃদ্ধি পাইছে ।  দেশখনৰ আন প্ৰদেশৰ তুলনাত অসমত এই পৰিৱেশ নতুনকৈ প্ৰৱেশ কৰি দ্ৰুতগতিত ইয়াৰ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই থকাৰ বাবে ৰাজ্যখনৰ ধৰ্মীয় উদাৰ মানসিকতাৰ লোকৰ বাবে অসহ্যকৰ হৈ পৰিছে (অৱশ্যে, এই অসহ্যকৰ পৰিৱেশে ৰাজ্যখনৰ বাবে ইতিবাচক ইংগিত দিছে) । 

এনেকুৱা নহয় যে কেৱল হিন্দুসকলেহে উগ্ৰ ধৰ্মীয় পৰিৱেশ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই থাকে । আন সংগঠিত ধৰ্মৰো এচাম মানুহ থাকে যিসকলে নিজে অন্তৰ্ভুক্ত ধৰ্মটোৰ উগ্ৰ ধৰ্মীয় শক্তিবোৰক প্ৰত্যক্ষ বা পৰোক্ষভাবে শক্তিশালী কৰিবলৈ চেষ্টা চলাই থাকে । বৰ্তমানৰ প্ৰেক্ষাপটত আন সংগঠিত ধৰ্মৰ উগ্ৰ শক্তি আৰু উগ্ৰ হিন্দুসকলৰ মাজত মাত্ৰ এটা পাৰ্থক্য আছে । সেয়া হৈছে-উগ্ৰ হিন্দুসকলে তেওঁলোকৰ কাৰ্যপন্থা দ্ৰুতগতিত আগবঢ়াই নিবলৈ অধিক ৰাজনৈতিক পৰিৱেশ লাভ কৰিছে, কিন্তু আন সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ শক্তিবোৰে সেই পৰিৱেশ কমকৈ লাভ কৰিছে ।   

ৰাজনৈতিক দল আৰু সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ শক্তিবোৰে ধৰ্মৰ ক্ষেত্ৰত উদাৰ লোকসকলকো তেওঁলোকৰ ফলীয়া কৰিবলৈ অহৰহ চেষ্টা চলাই থাকে । বিশেষকৈ সামাজিক স্বীকৃতি (যেনে- আনৰ তুনলাত কম যোগ্য হ’লেও বঁটা বা পাৰিতোষিক দিয়া, কোনো অনুষ্ঠানৰ শীৰ্ষ পদবীত অধিষ্ঠিত কৰা), অৰ্থনৈতিক সুবিধা আদি প্ৰলোভনৰ দ্বাৰা ধৰ্মৰ ক্ষেত্ৰত উদাৰ লোকসকলৰ বহুতকে তেওঁলোকৰ ফলীয়া কৰিবলৈ সক্ষম হয় ।  বৰ্তমানৰ প্ৰেক্ষাপটত অসমৰ সমাজখনক উগ্ৰ হিন্দুসকলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত উমেশ গোস্বামীৰ দৰে লেখাবোৰে কিছু হ’লেও অৰিহণা যোগাব বুলি আমাৰ ধাৰণা । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৬ নৱেম্বৰ ২০২০]

Friday 23 October 2020

‘দ্বিজাতি-তত্ত্ব কাৰ সৃষ্টি’ প্ৰসংগত

যোৱা ১৫ অক্টোবৰত দেবেন তামুলীৰ ‘দ্বিজাতি-তত্ত্ব কাৰ সৃষ্টি’ শীৰ্ষক লেখাটো পঢ়িলোঁ ।  মহম্মদ আলি জিন্নাকে ধৰি একাংশ মুছলমান নেতাই ভাৰতত দ্বিজাতি তত্ত্ব সৃষ্টি কৰিছিল বুলি হিন্দুত্বক সমৰ্থন জনাই অহা ৰাজনৈতিক দল আৰু সংগঠনবোৰে প্ৰচাৰ চলাই আহিছে । লেখক দেবেন তামুলীয়ে ঠিকেই লিখিছে যে আচলতে হিন্দু ধৰ্মালম্বী কেইগৰাকীমান ধৰ্মীয় জাতীয়তাবাদী নেতাইহে ভাৰতত দ্বিজাতি তত্ত্ব সৃষ্টি কৰিছিল । প্ৰতিষ্ঠাৰ সময়ত ধৰ্মনিৰপেক্ষ মনোভাৱেৰে ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব বহন কৰিছিল ।  কিন্তু, কম সময়ৰ ভিতৰতে সংগঠনটোৰ কাৰ্যপন্থাবোৰত হিন্দু ধৰ্মৰ ধ্যান-ধাৰণা সোমাই পৰিছিল ।  বিশেষকৈ বাল গংগাধৰ তিলকৰ গণেশ পূজা, শিৱাজী উৎসৱ আৰু ঋষি অৰবিন্দৰ আৰ্যীয়কৰণ ভাৰতৰ উপৰি আন কিছুমান নেতাৰ ৰামৰাজ্যৰ ধাৰণা, হিন্দু ধৰ্মীয় পদ্ধতিত শপত গ্ৰহণ কৰা, গংগাজলৰ ব্যৱহাৰ আদি হিন্দু ধৰ্মীয় ধ্যান-ধাৰণা আৰু বিশ্বাসে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভিতৰচ’ৰাত বাৰুকৈয়ে প্ৰৱেশ কৰিছিল ।  ১৯০৫-০৯ চনৰ সময়ছোৱাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভিতৰচ’ৰাত হিন্দু ধৰ্মীয় ধ্যান-ধাৰণাই চৰম পৰ্যায়ত উপনিত হৈছিল । সেই সময়ছোৱাত ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰিৱেশক হিন্দু ধৰ্মৰ পুনৰ উদ্ধাৰ কৰা আন্দোলনলৈ ৰূপান্তৰ কৰাৰ উপক্ৰম হৈছিল ।  সেই সময়ৰ একাংশ ইছলাম ধৰ্মালম্বী নেতাই ধৰি লৈছিল যে ভাৰতৰ স্বাধীনতা আন্দোলন মানে হ’ল- ‘ভাৰতীয় ৰাজনীতিত হিন্দুৰ প্ৰভুত্ব’ (এই সম্পৰ্কে অধিক জানিবৰ বাবে আগ্ৰহী পাঠকে Bipan Chandra Communalism in Modern India গ্ৰন্থখন চাব পাৰে) । 

ব্যতিক্ৰমৰ বাহিৰে সকলো ক্ৰিয়াৰ প্ৰতিক্ৰিয়া থাকে । ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত চলা স্বাধীনতা আন্দোলনৰ সৈতে জড়িত প্ৰস্তাৱ আৰু কাৰ্যসূচীবোৰত হিন্দু ধৰ্মীয় ধ্যান-ধাৰণাই প্ৰাধান্য লাভ কৰাৰ পাছত একাংশ মুছলমান নেতাই মুছলমানৰ স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্যে ইছলাম ধৰ্মৰ ভিত্তিত কেইবাটাও সংগঠনৰ জন্ম দিছিল । উদাহৰণস্বৰূপে, ১৯০৬ চনৰ ৩০ ডিছেম্বৰত ব্ৰিটিছৰ সক্ৰিয় পৃষ্ঠপোষকতাৰ সদৌ ভাৰত মুছলিম লীগ গঠন কৰা হৈছিল, যিয়ে পিছলৈ দ্বিজাতি তত্ত্বক সাৰ-পানী দি মুছলমানৰ বাবে সুকীয় ৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল । সেইদৰে, সাম্প্ৰদায়িক মনোভাৱাপন্ন হিন্দুসকলে দেশখনৰ হিন্দুসকলক একগোট কৰাৰ উদ্দেশ্যে ১৯২৫ চনত 'ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ' গঠন কৰাৰ পিছত ১৯২৬ চনত একাংশ মুছলমান নেতাই 'তবলীগি' আৰু 'তনজীম' নামৰ দুটা সংগঠনৰ জন্ম দিছিল । এই সংগঠনবোৰে হিন্দু আৰু মুছলমানৰ মাজত হিংসা আৰু সন্দেহৰ মাত্ৰা বঢ়াইছিল আৰু ইয়াৰ ফলস্বৰূপে সঘনে সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছিল । উল্লেখ্য, ১৯২৩-২৬ চনৰ সময়ছোৱাত ভাৰতত হিন্দু আৰু মুছলমানৰ মাজত বাসত্তৰটা ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছিল ।

২০২১ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনত ভোটাৰৰ মন জয় কৰাৰ উদ্দেশ্যে হিন্দুত্বৰ আদৰ্শত বিশ্বাসী সৰ্বভাৰতীয় ৰাজনৈতিক দলটোৱে অসমৰ ৰাজনীতিত সভ্যতাৰ যুঁজৰ প্ৰসংগ আনিছে ।  ধৰা হ’ল, এই প্ৰসংগক ভিত্তি কৰি ইছলাম ধৰ্মৰ ভিত্তিত গঠিত সংগঠনবোৰে ৰাজহুৱাকৈ প্ৰস্তাৱ গ্ৰহণ কৰিলে যে অসমৰ হিন্দুসকলৰ সৈতে একেখন ৰাজ্যত একেলগে থাকিবলৈ মুছলমানসকলৰ অসুবিধা হৈছে আৰু তেওঁলোকে সুকীয়া ৰাজ্য গঠন কৰিবলৈ সক্ষম হ’ল ।  ধৰ্মৰ ভিত্তিত সুকীয়া ৰাজ্য গঠন প্ৰসংগত যিসকলে প্ৰথমে অসমৰ ৰাজনীতিত সভ্যতাৰ যুঁজৰ প্ৰসংগ আনিছিল ইতিহাসে তেওঁলোককে মূল দোষী হিচাপে চিহ্নিত নকৰিবনে ?

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৩ অক্টোবৰ ২০২০]

Saturday 10 October 2020

ড° প্ৰফুল্ল মহন্তৰ এখন মননশীল গ্ৰন্থ

 ঔপনিৱেশিক কালত অসমীয়া সাহিত্যৰ উত্তৰণৰ ভিত্তি কি আছিল ? আধুনিক শিক্ষাৰ প্ৰসাৰ আৰু অসমৰ অভিজাত শ্ৰেণীৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছে ? বাংলা ভাষাই অসমীয়া সাহিত্যৰ বিকাশত কেনেধৰণৰ প্ৰভাৱ পেলাইছিল ? ব্ৰিটিছ পুঁজিবাদী অৰ্থব্যৱস্থাৰ শোষণে আধুনিক অসমীয়া সাহিত্যত প্ৰভাৱ পেলাইছিল নেকি ? অসমৰ বৌদ্ধিক শ্ৰেণীৰ মাজত এইবোৰ প্ৰশ্নই প্ৰায়ে আমনি কৰি থাকে ।  অসমৰ বিশিষ্ট সমাজবিজ্ঞানী ড° প্ৰফুল্ল মহন্তই শেহতীয়াকৈ এই প্ৰশ্নবোৰৰ উত্তৰ হিচাপে আঠটা প্ৰবন্ধ সন্নিৱিষ্ট কৰি ‘আধুনিক অসমীয়া সাহিত্য: সামাজিক-বৌদ্ধিক পটভূমি আৰু অন্যান্য’ শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে ।  চলিত বৰ্ষৰ মাৰ্চ মাহত প্ৰকাশিত ড° মহন্তৰ গ্ৰন্থখনত উল্লিখিত প্ৰশ্নবোৰৰ উপৰি অসমীয়া জাতিৰ কাণ্ডাৰী পুৰুষ শংকৰদেৱৰ সাংস্কৃতিক আন্দোলন, অসমৰ ৰেনেছাঁসুলভ ব্যক্তিত্ব জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কৃতি আৰু কৃতিত্বৰ  সুন্দৰ বিশ্লেষণ আগবঢ়োৱা হৈছে । ড° মহন্তই দীৰ্ঘদিন ধৰি বড়ো জনগোষ্ঠীৰ কাণ্ডাৰীসকলক চিনাকি কৰি দিবলৈ চেষ্টা চলাই আহিছে । এই গ্ৰন্থখনো ইয়াৰ ব্যতিক্ৰম নহয় ।  বড়ো জনগোষ্ঠীৰ উত্তৰণত কালীচৰণ ব্ৰক্ষ্মৰ  অৱদান সম্পৰ্কে   ড° মহন্তই গ্ৰন্থখনৰ এটা প্ৰবন্ধত সবিস্তাৰে আলোচনা কৰিছে । গ্ৰন্থখনৰ আন এক উল্লেখযোগ্য সংযোজন হ’ল-অসমীয়া জাতিৰ উত্তৰণত আহোমসকলৰ অৱদান ।  

            ড° মহন্তৰ এই গ্ৰন্থখনে নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত অসমৰ বৌদ্ধিক জগতত নতুনত্ব আনি দিছে যদিও গ্ৰন্থখনে পুনৰাবৃতৰ পৰা মুক্ত হ’ব পৰা নাই । উদাহৰণস্বৰূপে-‘অসমীয়া মধ্যবিত্ত শ্ৰেণী’ শীৰ্ষক অধ্যায়টো । এই অধ্যায়টো লেখকৰ পূৰ্বে প্ৰকাশিত ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’ গ্ৰন্থখনৰ সংক্ষিপ্ত ৰূপ । কোৱা বাহুল্য যে উল্লিখিত গ্ৰন্থখন অধ্যয়ন কৰা পাঠকসকলক এই অধ্যায়টোৱে আমনি কৰাৰ সম্ভাৱনাই অধিক । অৱশ্যে, ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’ গ্ৰন্থখন অধ্যয়ন নকৰা পাঠকসকলে এই গ্ৰন্থখনৰ এই অধ্যায়টোৰ যোগেদি অসমীয়া সাহিত্য আৰু সমাজ জীৱনত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ অৰিহণা আৰু সীমাবদ্ধতা সম্পৰ্কে কিছু ধাৰণা কৰিব পাৰিব ।  

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১০ অক্টোবৰ ২০২০, পৃষ্ঠা: ৫]

Monday 28 September 2020

গান্ধীৰ জাতীয়তাবাদৰ ধাৰণা

        ভাৰতৰ  স্বাধীনতা আন্দোলনৰ সময়ত মতাদৰ্শৰ পাৰ্থক্যৰ ভিত্তিত উপ-মহাদেশখনত জাতীয়তাবাদ সম্পৰ্কে  বিভিন্ন ধাৰণা গঢ়ি উঠিছিল ।  আনকি একে সংগঠনৰ নেতৃত্ব বহন কৰা নেতাসকলৰ মাজতে ভাৰতৰ জাতীয়তাবাদ সম্পৰ্কত পৃথক ধাৰণা গঢ়ি উঠিছিল । ভাৰতীয় জাতীয়তাবাদ সম্পৰ্কত মহাদেৱ গোবিন্দ ৰানাডে আৰু সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰাৰ বিপৰীতে লালা ৰাজপট ৰায়, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল, শ্ৰী অৰবিন্দ, মৌলানা হুছেইন আহমদ মাদানি আৰু ইকবালে ধৰ্মকেন্দ্ৰিক জাতীয়তাবাদৰ  পোষকতা কৰিছিল । কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, সৰোজনী নাইডু আৰু প্ৰফুল্ল চন্দ্ৰ ৰায় বিশ্বজনীন (Cosmopolitan) জাতীয়তাবাদৰ সমৰ্থক আছিল ।  কোৱা বাহুল্য মাথো যে নেতাজী সুভাষ চন্দ্ৰ বসু আৰু ভগৎ সিঙৰ জাতীয়তাবাদৰ ধাৰণা বিপ্লৱৰ ওপৰত প্ৰতিষ্ঠিত আছিল । এয়া কেইটামান উদাহৰণ মাত্ৰ ।  

মহাত্মা গান্ধীৰ জাতীয়তাবাদৰ ধাৰণা কিছু সুকীয়া আছিল ।  স্বাভাৱিকতে মহাত্মা গান্ধীৰ জাতীয়তাবাদৰ ধাৰণা সত্য আৰু অহিংসাৰ ওপৰত প্ৰতিষ্ঠিত আছিল ।  কাৰণ, সত্য আৰু অহিংসাক মূলমন্ত্ৰ হিচাপে লৈ মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব বহন কৰিছিল ।  মহাত্মা গান্ধীয়ে  ১৯২৫ চনৰ ২৮ আগষ্টত কলিকতাৰ (এতিয়াৰ কলকাতা) মেকানো ক্লাৱত (Meccano Club)  প্ৰদান কৰা ভাষণটোত তেওঁৰ জাতীয়তাবাদৰ ধাৰণা প্ৰকাশ পায় । ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰিছিল যে ভাৰতে স্বাধীনতা লাভ কৰিবলৈ হ’লে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভাৰত-বিৰোধী আইন আৰু নীতিবোৰৰ বিৰূদ্ধে ভাৰতবাসীয়ে থিয় দিবই লাগিব ।  কিন্তু, ইয়াৰ অৰ্থ এইটো নহয় যে ভাৰতবাসীয়ে ব্ৰিটিছক ঘৃণা কৰিব লাগিব । ব্ৰিটিছৰ বিৰূদ্ধে গ্ৰহণ কৰা অসহযোগ আন্দোলন বা সত্যাগ্ৰহত যাতে ব্ৰিটিছৰ প্ৰতি ঘৃণাৰ মনোভাৱ প্ৰকাশ নাপায় তাৰ প্ৰতি তেওঁ সদায় সতৰ্ক হৈ আছিল ।  গান্ধীজীয়ে এইটোও জানিছিল যে তেওঁৰ এই মনোভাৱক বহু অসহযোগ আন্দোলনকাৰী আৰু সত্যাগ্ৰহীয়ে সহ্য কৰিব নোৱাৰিব ।  তেওঁলোকক উদ্দেশ্যি তেওঁ কৈছিল যে যিসকলে ব্ৰিটিছৰ প্ৰতি ঘৃণাৰ মনোভাৱ লৈ অসহযোগ আন্দোলন বা সত্যাগ্ৰহত যোগ দিছে, তেওঁলোক প্ৰকৃত অসহযোগ আন্দোলনকাৰী বা সত্যাগ্ৰহী নহয় ।  তেওঁৰ মতে, প্ৰকৃত অসহযোগ আন্দোলনকাৰী বা সত্যাগ্ৰহীয়ে বেয়া কামকহে ঘৃণা কৰে, বেয়া কাম কৰা লোকসকলক ঘৃণা নকৰে । আন কথাত, প্ৰকৃত অসহযোগ আন্দোলনকাৰী বা সত্যাগ্ৰহীয়ে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভাৰত-বিৰোধী আইন আৰু নীতিবোৰকহে ঘৃণা কৰে, ব্ৰিটিছ জাতিটোক ঘৃণা নকৰে ।   তেওঁ কৈছিল যে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভাৰত-বিৰোধী আইন আৰু নীতিবোৰৰ বিৰূদ্ধে থিয় দিয়া প্ৰতিগৰাকী ব্যক্তিয়েই জাতীয়তাবাদী । কিন্তু, জাতীয়তাবাদী হ’বৰ বাবে আন জাতিক ঘৃণা কৰাৰ প্ৰয়োজন নাই ।  জাতীয়তাবাদৰ নামত কোনো এটা জাতিক কৰা ঘৃণাই জাতীয়তাবাদৰ প্ৰকৃত সত্তাটোকে দুৰ্বল কৰি পেলাব । নিজ জাতিৰ ভিত্তিত জাতীয়তাবাদ গঢ়ি তুলিবলৈ হ’লে আন জাতিক শোষণ কৰিব বা তললৈ নমাই দিব লাগিব- এনেধৰণৰ জাতীয়তাবাদ মহাত্মা গান্ধীয়ে বিচৰা নাছিল ।  মুঠ কথা, গান্ধীজীৰ জাতীয়তাবাদৰ ধাৰণাত ঘৃণাৰ কোনো স্থান নাছিল ।

দুৰ্ভাগ্যৰ কথা যে যোৱা কেইবছৰমান ধৰি ভাৰতত মহাত্মা গান্ধীৰ জাতীয়তাবাদৰ ধাৰণাটোৰ সম্পূৰ্ণ বিপৰীত ধাৰণাক ভাৰতীয় জাতীয়তাবাদ হিচাপে দ্ৰুতগতিত প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস চলাই থকা হৈছে, যিটো দেশখনৰ একতাৰ বাবে মুঠেই গ্ৰহণযোগ্য নহয় ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৮ ছেপ্টেম্বৰ ২০২০]

Thursday 17 September 2020

প্ৰসংগ: ভোটযু্দ্ধ

        ‘নিয়মীয়া বাৰ্তা’ৰ ‘প্ৰথম কলম’ত ১১ ছেপ্টেম্বৰত হোমেন বৰগোহাঞিৰ ‘ভোটযুদ্ধ’ শীৰ্ষক সময়োপযোগী তথা চিন্তাশীল লেখাটো পঢ়ি কিছু মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ ।  নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে ভোটযুদ্ধত অৱতীৰ্ণ হোৱা ৰাজনৈতিক নেতাসকলৰ আচাৰ-ব্যৱহাৰ আৰু মুখেদি ওলোৱা কথাবোৰৰ ওপৰত জনসাধাৰণৰ তীক্ষ্ণ দৃষ্টি থাকে ।  বিগত নিৰ্বাচনবোৰত দেখি আহিছোঁ যে যিমানেই ভোট গ্ৰহণৰ দিন ওচৰ চাপি আহে একাংশ ৰাজনৈতিক নেতাৰ আচাৰ-ব্যৱহাৰ আৰু মুখেদি ওলোৱা কথাবোৰ সিমানেই নিম্ন মানৰ হ’বলৈ ধৰে । অসম বিধান সভাৰ আগন্তুক নিৰ্বাচন অহা বছৰৰ এপ্ৰিল মাহত অনুষ্ঠিত হ’ব বুলি ধৰি ল’লে ভোটযুদ্ধৰ বাবে এতিয়াও ছমাহ সময় আছে । এই সময়ত ৰাজনৈতিক দলবোৰৰ শীৰ্ষস্থানীয় নেতাসকলৰ আচাৰ-ব্যৱহাৰ আৰু মুখেদি ওলোৱা কথাবোৰৰ মান উন্নত নোহোৱাটো অতি দুৰ্ভাগ্যজনক ।  নিৰ্বাচনৰ ছমাহ আগতে যদি তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু মুখেদি ওলোৱা কথাবোৰ ইমান নিম্ন মানৰ হয়, নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনকেইটাত কিমান নিম্ন মানৰ হ’ব, সেয়া বহলাই কোৱাৰ প্ৰয়োজন নাই । 
        উন্নত মানৰ বৌদ্ধিক আৰু সাংস্কৃতিক চিন্তাধাৰা প্ৰকাশ পোৱা কথা মুখেদি ওলাবলৈ হ’লে পৰ্যাপ্ত অধ্যয়নৰ বিকল্প নাই । ইয়াৰ অৰ্থ এইটো নহয় যে আমাৰ ৰাজ্যৰ শীৰ্ষস্থানীয় ৰাজনৈতিক নেতাসকলে পৰ্যাপ্ত অধ্যয়ন নকৰে বা কৰা নাই ।  কিন্তু, ৰাজনৈতিক নেতা এগৰাকীৰ সোঁৱে-বাওঁৱে থকা অধ্যয়নহীন পালিনেতা, নিৰ্বাচনী সভাবোৰত উপস্থিত থকা জনতাৰ উত্তেজিত সঁহাৰি, সভাৰ স্থান আৰু সময় অনুসৰি সংশ্লিষ্ট নেতাগৰাকী উত্তেজিত হোৱাৰ ফলত কেতিয়াবা তেওঁ কৰা পৰ্যাপ্ত অধ্যয়নে কাম নিদিবও পাৰে ।  আমি ভাবোঁ, সেই সময়ত তেওঁলোকৰ উপদেষ্টাসকলৰ গধুৰ দায়িত্ব থাকে (উপদেষ্টাসকলে নেতাসকলতকৈ বেছি অধ্যয়ন কৰে বুলি ধৰি লোৱা হৈছে) ।  তেওঁলোকৰ নেতাগৰাকীয়ে যাতে অসংগত, অসাংস্কৃতিক আচৰণ নকৰে বা তেওঁৰ মুখেদি ওলোৱা কথাবোৰত বৌদ্ধিক দৈন্যতা প্ৰকাশ নাপায়, সেয়া উপদেষ্টাসকলে নেতাগৰাকীক সচেতন কৰি দিব লাগে ।  মনত ৰখা উচিত যে নিম্ন মানৰ আচাৰ-ব্যৱহাৰ আৰু কথা-বতৰাৰ দ্বাৰা ৰাজনৈতিক নেতাসকলে ভোটযুদ্ধত অৱতীৰ্ণ হৈ সহজে জনপ্ৰিয়তা লাভ কৰিব পাৰে । কিন্তু, সেই জনপ্ৰিয়তা অতি কম সময়ৰ ভিতৰতে নোহোৱা হৈ যায় ।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ৭ ছেপ্টেম্বৰ ২০২০]


Tuesday 18 August 2020

এণ্টি-ইণ্টেলেকচুৱেলিজ্ম সমাজৰ বৌদ্ধিক স্খলন

 

        ‘আমাৰ অসম’ত যোৱা ১৪ আগষ্টত প্ৰকাশিত আশ্বিক জামানৰ ‘এণ্টি-ইণ্টেলেকচুৱেলিজম সমাজৰ বৌদ্ধিক স্খলন’ শীৰ্ষক লেখাটো পঢ়িলোঁ ।  লেখকে ঠিকেই কৈছে যে যোৱা দুটা দশকত বিশ্বত তথ্য প্ৰযুক্তিৰ বিপ্লৱ ঘটাৰ ফলত তথ্যৰ প্ৰয়োভৰ ঘটিছে আৰু সহজলভ্যও হৈছে ।  কিন্তু, তথ্যৰ প্ৰয়োভৰ আৰু সহজলভ্যতাই যিমান উপকাৰ কৰিছে, সিমান সমস্যাও সৃষ্টি কৰিছে । তথ্যৰ সাগৰত শুদ্ধ তথ্য বিচাৰি উলিওৱাটো এটা জটিল সমস্যা হৈ পৰিছে ।  তথ্য এটাৰ শুদ্ধতা নিৰ্ধাৰণৰ বাবে কমেও তিনিটা উৎসৰ সৈতে মিলাই চাব লাগে । বিভিন্ন কাৰণত বহুতে সেইটো নকৰে ।  ন্যস্তস্বাৰ্থৰ উদ্দেশ্যে একাংশই ভুল তথ্যকে সমাজত বিলাই দিয়ে আৰু তাৰপৰাই সমাজত বৌদ্ধিক স্খলন আৰম্ভ হয় ।  তথ্যখিনি শুদ্ধ হ’লেও মাত্ৰ দুশাৰীমান ব্যৱহাৰ কৰি কোনো এটা বিষয়ৰ ওপৰত সিদ্ধান্ত প্ৰকাশ কৰাতো আজিকালি সাধাৰণ কথা হৈ পৰিছে ।  এয়া তথ্য সম্পৰ্কীয় আন এক জটিল সমস্যা ।  তুলনামূলকভাৱে কম অধ্যয়ন কৰা ব্যক্তিসকলৰ কথা বাদেই দিলোঁ, নিজৰ আদৰ্শটোৰ প্ৰতি মানুহৰ সমৰ্থন বৃদ্ধি কৰাৰ উদ্দেশ্যে বহু ডক্টৰেট ডিগ্ৰীধাৰী ব্যক্তিও এই কামটো কৰি থকা পৰিলক্ষিত হৈছে, যিসকলক শুদ্ধ আৰু সম্পূৰ্ণ তথ্য সম্পৰ্কত কেতিয়াও আপোচ নকৰে বুলি ধাৰণা কৰা হয় ।  শুদ্ধ আৰু সম্পূৰ্ণ তথ্য লাভ কৰাৰ পাছতো একাংশই বস্তুনিষ্ঠ বিশ্লেষণৰ পৰিৱৰ্তে নিজৰ আদৰ্শৰ লগত খাব খোৱাকৈ বিশ্লেষণ কৰাৰ প্ৰসংগতো আছেই । লেখক জামানে উল্লেখ কৰা তথ্য সম্পৰ্কীয় আটাইতকৈ ভয়ংকৰ সমস্যাটো হ’ল-তথ্যৰ সৃষ্টি । অশুদ্ধ তথ্য বা তথ্যৰ দুশাৰী ব্যৱহাৰ কৰি বিষয় এটাৰ ওপৰত সিদ্ধান্ত প্ৰকাশ কৰিলে, আজি নহয় কাইলৈ শুদ্ধ কথাটো ওলায় পৰাৰ বহু সম্ভাৱনা আছে । কিন্তু, সৃষ্টি কৰা তথ্যৰ ক্ষেত্ৰত সেই সম্ভাৱনা বহুত কম ।  ন্যস্তস্বাৰ্থৰ বাবে সৃষ্টি কৰা তথ্যই চিৰকালৰ বাবে বৌদ্ধিক স্খলনত অৰিহণা যোগায় থাকিব ।

            প্ৰশ্ন হ’ল, তথ্য সম্পৰ্কীয় এই সমস্যাবোৰৰ সমাধান আছে নে ? আমি যিকোনো এটা সামগ্ৰী বা সেৱা কিনাৰ আগতে সামগ্ৰী বা সেৱাটোৰ বিষয়ে ভালদৰে জানিবলৈ চেষ্টা কৰোঁ ।  কিনিব খোজা সামগ্ৰী বা সেৱাটোক আন সামগ্ৰী বা সেৱাৰ সৈতে তুলনা কৰোঁ । ব্ৰেণ্ডেড সামগ্ৰী বা সেৱাৰ ক্ষেত্ৰত সংশ্লিষ্ট সামগ্ৰী বা সেৱাটো বিক্ৰি কৰিবলৈ বিক্ৰেতাজন স্বীকৃতিপ্ৰাপ্ত হয় নে নহয়, সেয়া জানিবলৈ যত্ন কৰোঁ । তাৰ পিছতহে সামগ্ৰী বা সেৱাটো কিনি ব্যৱহাৰ কৰোঁ (ব্যতিক্ৰমৰ কথা সুকীয়া, যেনে- কেতিয়াবা নৈতিক কাৰণতো কিছুমান সামগ্ৰী বা সেৱা ক্ৰয় কৰিবলগীয়া হয়) ।  তথ্য এটা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো প্ৰতিজন ব্যক্তিয়ে এই নীতিটো প্ৰয়োগ কৰিলে, তথ্য সম্পৰ্কীয় এই সমস্যাবোৰ সমাধান হ’ব আৰু বৌদ্ধিক স্খলনৰ পৰা কিছু পৰিমাণে হ’লেও সমাজখন ৰক্ষা পৰিব ।  

         [ৰঙা অংশ মূল চিঠিখনত আছিল । সম্পাদকে সম্পাদনা কৰি প্ৰকাশ কৰিছে ]

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৯ আগষ্ট ২০২০]

Friday 14 August 2020

ছাত্ৰ-ছাত্ৰীৰ উদ্বিগ্নতা হ্ৰাস কৰাৰ এক সুন্দৰ উপায়

 

      মহামাৰীৰ সময়ত কম-বেছি পৰিমাণে সকলোৰে উদ্বিগ্নতা বাঢ়ে । ছাত্ৰ-ছাত্ৰীসকলেও ইয়াৰ ব্যতিক্ৰম নহয় ।  বিভিন্ন গৱেষকৰ অধ্যয়নৰ পৰা এই কথা প্ৰকাশ পাইছে যে ক’ৰোনা মহামাৰীৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ উদ্বিগ্নতা ব্যাপকভাবে বৃদ্ধি পাইছে । গ্ৰিটচেনকো আৰু তেওঁৰ সংগীসকলে  Belarusian Universityৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত এটা অধ্যয়ন চলাই পাইছে যে যিসকল ছাত্ৰ-ছাত্ৰী কোৱাৰিণ্টীন কেন্দ্ৰ বা আত্ম-একাকীকৰণত  (Self-isolation) আছিল তেওঁলোকৰ উদ্বিগ্নতা আন ছাত্ৰ-ছাত্ৰীসকলৰ তুলনাত বেছি ।  আমাৰ দেশতো ক’ৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে তলাবন্ধ ঘোষণা কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ উদ্বিগ্নতা বৃদ্ধি পোৱাৰ তথ্য পোৱা গৈছে ।  

ছাত্ৰ-ছাত্ৰীসকলৰ উদ্বিগ্নতাক লৈ আমি শিক্ষকসকল স্বাভাৱিকতে চিন্তিত হৈ পৰোঁ । সিহঁতৰ উদ্বিগ্নতা কেনেদৰে হ্ৰাস কৰিব পাৰি, সেই বিষয়ে চিন্তা-চৰ্চা কৰি আমি এটা সৰু সম্পৰীক্ষা কৰিছিলোঁ ।  এপ্ৰিল মাহটোত অনলাইন ক্লাছবোৰ চলি থকাৰ বাবে ছাত্ৰীসকলৰ উদ্বিগ্নতা কিছু কম আছিল । কিন্তু, নিৰ্ধাৰিত পাঠ্যক্ৰম পঢ়াই শেষ কৰাৰ পাছত পৰীক্ষাবোৰ অনুষ্ঠিত নোহোৱাৰ ফলত সিহঁতৰ উদ্বিগ্নতা বৃদ্ধি পাবলৈ ধৰিলে । কোনো সন্দেহ নাই যে নিজৰ মনৰ কথাখিনি আনৰ আগত প্ৰকাশ কৰিব পাৰিলে উদ্বিগ্নতা হ্ৰাস পায় । নিজৰ মনৰ কথাখিনি আনৰ আগত খোলাকৈ ক’বলৈ সুবিধা দিয়াৰ অনলাইন ব্যৱস্থা এটা আমি কৰিছিলোঁ । আমাৰ সম্পৰীক্ষাটোত গোলাঘাটৰ ‘হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়’ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰীসকলক সামৰি লোৱা হৈছিল  (মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ এগৰাকী শিক্ষক হিচাপে বিভাগটোৰ ছাত্ৰীসকলক সামৰি ল’বলৈ আমাৰ সুবিধা হৈছিল) ।  প্ৰতিদিনে সন্ধিয়া ৭ বজাত Google Meet  ছাত্ৰীসকলক অনলাইনত অহাৰ ব্যৱস্থা কৰা হৈছিল (Google Meet ত এঘণ্টাৰ বাবে বিনামূলীয়াকৈ অনলাইনত অহাৰ সুবিধা আছে) । প্ৰতিদিনে বিভাগটোৰ প্ৰতিটো ষান্মাসিকৰে এগৰাকীকৈ ছাত্ৰীক নিজৰ কথাখিনি ক’বলৈ সুবিধা দিয়া হৈছিল ।  কোন কেইগৰাকী ছাত্ৰীয়ে কোনদিনা  নিজৰ মনৰ কথাখিনি ক’ব, সেয়া এদিন আগতে বিভাগৰ  ৱাটছ্এপ গ্ৰুপত সিহঁতৰ ফটোসহ একোখন ই-পষ্টাৰ বনাই জনাই দিয়া হৈছিল ।  অৱশ্যে, কেইবাগৰাকী ছাত্ৰীৰ নেটৱৰ্কৰ সমস্যা হৈছিল  (Google Meet ৰ বাবে নেটৱৰ্ক ভাল হ’ব লাগে) ।  সিহঁতেও যাতে নিজৰ মনৰ কথাখিনি সহপাঠীসকলক জনাব পাৰে তাৰ বাবে আমি সিহঁতলৈ ফোন কৰিছিলোঁ । ফোনটো আমাৰ হ’ম থিয়েটাৰটোত সংযোগ কৰি সিহঁতৰ কথাখিনি Google Meet ত সংযোগ হৈ থকা সকলো ছাত্ৰীয়ে শুনিব পৰাৰ ব্যৱস্থা কৰিছিলোঁ ।  অনুষ্ঠানটোৰ মাজে মাজে আমাৰ বিভাগৰ শিক্ষকসকলে তলাবন্ধৰ সময়ত নিজৰ সময়খিনি কেনেদৰে পাৰ কৰি আছে, ক’ৰোনা মহামাৰীৰ পৰিৱেশটোক তেওঁলোকে কেনেদৰে লৈছে আদি বিভিন্ন ইতিবাচক কথাৰে সিহঁতক মানসিক সাহস দি থাকিবলৈ চেষ্টা কৰা হৈছিল ।  তাৰ মাজতে এদিন ইংলিছ এণ্ড ফৰেইন লেংগুৱেজ ইউনিভাৰ্ছিটিৰ শ্বিলং চৌহদৰ জাৰ্নেলিজিম এণ্ড মাচ্ কমউনিকেশ্বেনৰ সহকাৰী অধ্যাপক ড° অলংকাৰ কৌশিকক আমাৰ অনুষ্ঠানটোলৈ অতিথি  হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল ।  ড° কৌশিকে  ‘ভাইৰাছৰ সৈতে সহবাস’ সম্পৰ্কে এক সুন্দৰ বক্তৃতা প্ৰদান কৰি ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰিছিল ।  

কেইবাদিন ধৰি চলা অনলাইন মত-বিনিময় অনুষ্ঠানটোৰ শেষত অনুষ্ঠানটোৱে সিহঁতৰ উদ্বিগ্নতা হ্ৰাস কৰা বা নকৰা সম্পৰ্কত জানিবৰ বাবে Google Form ৰ যোগেদি মতামত বিচৰা হৈছিল ।  ৮১ শতাংশ ছাত্ৰীয়ে নিজৰ উদ্বিগ্নতা অনুষ্ঠানটোত জনোৱা বুলি মতামত দিছে ।  ১৩ শতাংশ ছাত্ৰীয়ে অনুষ্ঠানটোত নিজৰ উদ্বিগ্নতা জনোৱা নাই আৰু ৬ শতাংশই জনাইছে নে নাই সেই সম্পৰ্কে নিশ্চিত নহয় বুলি মতামত দিছে ।  অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ পাছত ৯১ শতাংশ ছাত্ৰীৰে নিজৰ মনটো মুকলি লাগিছে আৰু ৩ শতাংশই মুকলি লগা নাই আৰু ৬ শতাংশই মুকলি লগা  বা নলগাৰ সম্পৰ্কত নিশ্চিত নহয় বুলি মতামত দিছে । ভৱিষ্যতেও এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিব লাগে বুলি আটাইকেইগৰাকীয়ে ছাত্ৰীয়ে মতামত দিছে । আমাৰ এই সৰু সম্পৰীক্ষাটোৰ ভিত্তিত এই কথা ক’ব পাৰি যে মহামাৰী তথা তলাবন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ উদ্বিগ্নতা হ্ৰাস কৰাৰ ক্ষেত্ৰত অনলাইন মত-বিনিময় অনুষ্ঠান এক সুন্দৰ উপায় হিচাপে বিবেচিত হৈছে । 

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৫ আগষ্ট, ২০২০]

Monday 10 August 2020

মালিকক অসমবিৰোধী সজাবলৈ ষড়যন্ত্ৰ

 

বিধায়ক শিলাদিত্য দেৱে সু-সাহিত্যিক চৈয়দ আব্দুল মালিকক ‘বৌদ্ধিক জেহাদী’ আখ্যা দিয়া বিষয়টোৱে অসমৰ বহু লোকক স্তম্ভিত কৰি তুলিছে ।  আচলতে, অসমৰ একশ্ৰেণীৰ মানুহে প্ৰতিষ্ঠিত সাহিত্যিকজনক অসম বিৰোধী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দীৰ্ঘদিন ধৰি নিৰবিছিন্নভাবে ষড়যন্ত্ৰ চলাই আছে ।  নিজকে হিন্দুত্ববাদৰ আগশাৰীৰ সৈনিক হিচাপে হিন্দুত্ববাদী নেতাৰ আকৰ্ষণলৈ অহাৰ  আশাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীও এই ষড়ষন্ত্ৰটোত নামি পৰিছে ।  সামাজিক মাধ্যমসমূহত সক্ৰিয় হৈ থকা প্ৰতিজন ব্যক্তিয়ে ইয়াৰ উমান পাইছে ।  ইয়াৰ প্ৰমাণ আমি নিজেও পাইছোঁ ।  যোৱা ৫ মে’ত আমাৰ অসম’ত চৈয়দ আব্দুল মালিকৰ কবিতাত মোগল বন্দনা (?)” শীৰ্ষক আমাৰ লেখা এটা প্ৰকাশ পাইছিল । লেখাটোৰ প্ৰসংগত আমালৈ কেইবাটাও ফোন আহিছিল । বেছিভাগেই আমাৰ দৃষ্টিভংগীক সমৰ্থন কৰিছিল । কিন্তু, দুজনমানে আমাক বুজাবলৈ চেষ্টা কৰিছিল যে চৈয়দ আব্দুল মালিকে সাহিত্যক মাধ্যম হিচাপে লৈ অসমত মুছলমানৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ অহৰহ চেষ্টা চলাইছিল ।  আমাৰ ধাৰণাত, এই ষড়যন্ত্ৰটোত বিধায়ক শিলাদিত্য দেৱে এগৰাকী আশশাৰীৰ সেনাপতি হিচাপে নতুনকৈ যোগ দিছে ।  

[প্ৰকাশিত, ‘আমাৰ অসম’, ১১ আগষ্ট ২০২০]

Tuesday 30 June 2020

শিক্ষাৰ পৰিৱেশ গুৱাহাটীকেন্দ্ৰিক হৈ থকা নাই


কটনৰ গৰিমা অক্ষুণ্ণ থকা বা নথকা সম্পৰ্কীয় আলোচনা প্ৰতিবছৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ সময়ত বেছিকৈ চলে ।  ইয়াৰ কাৰণ হ’ল- যোৱা কেইবছৰমান ধৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম দহটা স্থানত কটনৰ কম সংখ্যক শিক্ষাৰ্থীয়েহে স্থান লাভ কৰিছে বা কেতিয়াবা স্থান লাভেই কৰিব পৰা নাই  ।  ইয়াৰ ওপৰত ভিত্তি কৰি একাংশই মতামত দিয়ে যে কটনে গৰিমা অক্ষুণ্ণ ৰাখিব পৰা নাই । কিন্তু, কেৱল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ ভিত্তিতে কটনৰ গৰিমা জোখা সম্ভৱনে (প্ৰশ্নটো আন শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতো প্ৰযোজ্য) ? কটনত পঢ়ি প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ বহু ল’ৰা-ছোৱালীয়ে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰি আহিছে ।  কেৱল সেয়াই নহয় ।  কটনত পঢ়ি অহা ল’ৰা-ছোৱালীয়ে আজিও তেওঁলোকৰ অগ্ৰজসকলৰ দৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত একো একোজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে ।    
তথাকথিত সমালোচকসকলে কোৱাৰ দৰে ধৰি লোৱা হ’লে যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলেই শিক্ষানুষ্ঠান এখনৰ গৰিমা জোখাৰ একমাত্ৰ ভিত্তি ।  প্ৰশ্ন হ’ল- প্ৰথম দহটা স্থানত স্থান লাভ কৰিলেহে শিক্ষানুষ্ঠান এখনৰ গৰিমা অক্ষুণ্ণ থাকে নেকি ?  কটনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অধ্যয়ন কৰিলে দেখা যায় যে শিক্ষানুষ্ঠানখনৰ বেছিভাগ শিক্ষাৰ্থীয়ে ভাল নম্বৰ (৭০ শতাংশতকৈ বেছি) লাভ কৰিবলৈ সক্ষম হৈছে ।  মনকৰিবলগীয়া যে ভাৰতবৰ্ষত শিক্ষা খণ্ডটোকো ব্যক্তিগতকৰণ ব্যৱস্থাত সামৰি লোৱাৰ পাছত অসমৰ বিভিন্ন অঞ্চলত ব্যক্তিগত খণ্ডৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় গঢ়ি উঠিছে, যিবোৰৰ মূল উদ্দেশ্যই হ’ল- শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বেছি নম্বৰ পাবলৈ সাজু কৰি তোলা (ভাল হৈছে নে বেয়া হৈছে, সেয়া আন এক বিষয়) । সেয়েহে বহু অভিভাৱকে সেইবোৰ শিক্ষানুষ্ঠানতে নিজৰ ল’ৰা-ছোৱালীক পঢ়ুৱায় ।  আচলতে, যোৱা দুটা দশক ধৰি অসমত উচ্চতৰ মাধ্যমিক পৰ্যায়ত শিক্ষা গ্ৰহণৰ পৰিৱেশ কটনকেন্দ্ৰিকতো নহয়েই, গুৱাহাটীকেন্দ্ৰিকো হৈ থকা নাই ।  তদুপৰি, প্ৰায় একে সংখ্যক শিক্ষক আৰু আন্ত:গাঁঠনিকে লৈ কটনৰ বিদ্যায়তনিক পৰিসৰ বৃদ্ধি কৰা হৈছে । যেনে- শিক্ষানুষ্ঠানখনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কেইবা বছৰ আগৰেপৰাই প্ৰতিটো বিভাগতে স্নাতকোত্তৰ পৰ্যায়ৰ শ্ৰেণী চলাই থকা হৈছে আৰু বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ পাছত শিক্ষকসকলৰ গৱেষণামূলক কামৰ দায়িত্ব বৃদ্ধি পাইছে, যাৰ ফলত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীক অতিৰিক্ত সময় দিবলৈ তেওঁলোকৰ সময়ৰ অভাৱ হৈছে ।  প্ৰয়োজন অনুসৰি শিক্ষকৰ সংখ্যা আৰু আন্ত:গাঁঠনিৰ পৰিসৰ বৃদ্ধি নকৰাকৈ কটনৰ বিদ্যায়তনিক পৰিসৰ বৃদ্ধি কৰা সত্ত্বেও উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বেছিভাগ শিক্ষাৰ্থীয়ে ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা মানে শিক্ষানুষ্ঠানখনে গৰিমা অক্ষুণ্ণ  ৰাখিব পৰাটোকে সূচাইছে ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ০১ জুলাই ২০২০]


Thursday 18 June 2020

বৰ্ণবৈষম্যৰ আঁৰৰ ‘বিজ্ঞান’


তাত্ত্বিকভাবে বিশ্লেষণ কৰে বাবে দেৱাঞ্জন বৰঠাকুৰৰ লেখাবোৰে আমাক চিন্তাৰ খোৰাক দিয়ে । ‘আমাৰ অসম’ত যোৱা ১৪ জুনত প্ৰকাশিত বৰঠাকুৰৰ “বৰ্ণবৈষম্যৰ আঁৰৰ ‘বিজ্ঞান’” শীৰ্ষক লেখাটোও ইয়াৰ ব্যতিক্ৰম নহয় । বৰঠাকুৰৰ লেখাটোৰপৰা এইটো স্পষ্ট হৈছে যে যদিও বৰ্ণবৈষম্য এক সামাজিক ব্যাধি, ইয়াৰ আঁৰত ‘বিজ্ঞান’ আছে ।  গতিকে, আমি এই সিদ্ধান্তত আহিব পাৰোঁ যে বিজ্ঞান’ আছে বাবেই প্ৰতিজন ব্যক্তিৰ মন-মগজুত বৰ্ণবৈষম্য বিৰাজমান আৰু এই কাৰণতে সমাজৰপৰা বৰ্ণবৈষম্য নিৰ্মূল কৰা সম্ভৱ নহয় (সম্ভৱ হ’ব, যদিহে বৰঠাকুৰে আশা কৰাৰ দৰে বিশেষধৰণৰ মেডিটেশ্বন, যেনে-‘লিভিং কাইণ্ডনেছ মেডিটেশ্বন’ আদিয়ে আমাৰ মন-মগজুৰ বৈষম্যবোৰ আঁতৰোৱাত বিশেষ ভূমিকা ল’ব পাৰে) । আমি ভাৱোঁ, বৰ্ণবৈষম্যৰ আঁৰত ‘বিজ্ঞান’ থাকিলেও সামাজিক, ৰাজনৈতিক, ধৰ্মীয়, অৰ্থনৈতিক আদি উপাদানবোৰে ইয়াৰ বিস্তৃতি (Spread) আৰু তীব্ৰতা (Intensity)ওপৰত তাৎপৰ্যপূৰ্ণভাবে প্ৰভাৱ পেলায় ।  এই উপাদানবোৰে বৰ্ণবৈষম্যৰ বিস্তৃতি আৰু তীব্ৰতাৰ ওপৰত কিমান প্ৰভাৱ পেলায়, সেয়া নিৰ্ভৰ কৰে এই উপাদানবোৰৰ সৈতে জড়িত নেতৃস্থানীয় লোকসকলৰ আদৰ্শ, তেওঁলোকে সৃষ্টি কৰা পৰিৱেশ আৰু সেই পৰিৱেশৰ প্ৰতি সৰ্বসাধাৰণে জনোৱা সঁহাৰিৰ ওপৰত ।  
ৰবাৰ্ট চেপলস্কিৰ উক্তিৰে বৰঠাকুৰে ঠিকে কৈছে যে আজিৰ বন্ধু কাইলৈৰ শত্ৰু হ’ব পাৰে আৰু কোনো বিশেষ মতবাদ, ঈশ্বৰ বা দলৰ প্ৰতি থকা অনুগত্যই ইয়াৰ বাবে দায়ী হ’ব পাৰে । ইয়াৰ প্ৰমাণ বিচাৰি বেছিদূৰ যাবই নালাগে । কেইবা দশক ধৰি নেতৃত্ব দি থকা ৰাজনৈতিক আৰু সাংস্কৃতিক মতাদৰ্শক ৰাতিটোৰ ভিতৰতে সলনি কৰি পূৰ্বৰ মতাদৰ্শৰ প্ৰতি বিদ্বেষৰ পৰিৱেশ সৃষ্টি কৰা বহু নেতৃস্থানীয় ব্যক্তিৰ উদাহৰণ আমাৰ ভাৰতবৰ্ষতে আছে ।  বৰ্ণবৈষম্য নিৰ্মূল কৰিবলৈ সক্ষম হোৱা মেডিটেশ্বন ভৱিষ্যতে আৱিস্কাৰ হ’ব নে নাই সেয়া সময়তহে গম পোৱা যাব । কিন্তু, এইটো ঠিক যে আমাৰ সমাজত যেনেদৰে বৰ্ণবৈষম্যৰ বিস্তৃতি আৰু তীব্ৰতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা মানসিকতাৰ ব্যক্তি আছে, তেনেদৰে হ্ৰাস কৰিবলৈ চেষ্টা কৰা মানসিকতাৰ ব্যক্তিও আছে ।  গতিকে, মেডিটেশ্বনৰ আৱিস্কাৰ অবিহনেও বৰ্ণবৈষম্যৰ বিস্তৃতি আৰু তীব্ৰতা হ্ৰাস কৰিব পৰাৰ সম্ভাৱনা নিশ্চয় আছে ।   

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৯ জুন ২০২০]

বাঘজানৰ তৈলখাদৰ জুই আৰু কেইটামান প্ৰশ্ন


তিনিচুকীয়া জিলাৰ বাঘজানৰ তৈলখাদত জুই লগা ঘটনাই অসমত তোলপাৰ লগাইছে । ‘নিয়মীয়া বাৰ্তা’ত প্ৰকাশ পোৱা বাতৰি অনুসৰি (১০ জুন ২০২০), নিমিষতে ১৫ টা বাসগৃহ জুইত জাহ গ’ল আৰু অঞ্চলটোৰ গঞাই আতংকিত হৈ ঘৰবাৰী এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিবলগীয়া হ’ল । অভিযোগ উঠিছে যে সুদীৰ্ঘ ১৪ দিন ধৰি তৈলখাদটোৰ পৰা অহৰ্নিশে গেছ নিৰ্গত হৈ থকাৰ পাছতো চৰকাৰ, প্ৰশাসন বা অইল ইণ্ডিয়া কৰ্তৃপক্ষই কোনো ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে এনে এক ভয়ংকৰ পৰিস্থিতিৰ সম্মুখীন হ’বলগীয়া হ’ল ।  ঘটনাটোৰ সম্পৰ্কত আমাৰ মনলৈ কেইটামান প্ৰশ্ন আহিছে ।  
(১) ‘পৰিৱেশ (সুৰক্ষা) আইন, ১৯৮৬’ অনুসৰি, মানৱসৃষ্ট প্ৰতিটো বৃহৎ প্ৰকল্প এটাক কাৰ্যকৰী ৰূপ দিয়াৰ আগতে ১৯৯৪ চনৰ পৰা ভাৰত চৰকাৰে পৰিৱেশ প্ৰভাৱ নিৰূপণ (Environmental Impact Assessment) ব্যৱস্থা বাধ্যতামূলক কৰিছে । বাঘজানৰ তৈলখাদৰ ক্ষেত্ৰত পৰিৱেশ প্ৰভাৱ নিৰূপণ কৰা হৈছিল নে ? (২) যদি পৰিৱেশ প্ৰভাৱ নিৰূপণ কৰা হৈছিল, যিবিলাক চৰ্ত বান্ধি দিয়া হৈছিল সেইবোৰ পালন কৰি খাদটোৰ পৰা তেল আহৰণ কৰি থকা হৈছিল নে ? (৩) তৈলখাদটোৰ পৰা কিমান ব্যাসাৰ্ধৰ বাহিৰত মানুহে বসতি কৰিব পাৰিব সেই সম্পৰ্কে স্পষ্ট নিয়মাৱলী আছিল নে ?  (৪) তেল আহৰণত ব্যৱহাৰ কৰা মেচিনবোৰ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থকা হৈছিল নে ?  (৫) তৈলখাদটোৰ ওচৰৰ জৈৱ-বৈচিত্ৰ সম্পৰ্কত অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষই বিকল্প চিন্তা কৰিছিল নে ? 
যিসময়ত সমগ্ৰ পৃথিৱীতে প্ৰাকৃতিকভাবে সৃষ্ট দুৰ্ঘটনাবোৰক (যেনে-ভূমিকম্প, বজ্ৰপাত, ঘুৰ্ণীবতাহ আদি) নিয়ন্ত্ৰণ কৰিবলৈ বিজ্ঞানীসকলে চেষ্টা চলাই আছে তেনেসময়ত মানৱসৃষ্ট প্ৰকল্প এটাক সুচাৰুৰূপে পৰিচালনা কৰি নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক । 

['নিয়মীয়া বাৰ্তা', ১৬ জুন ২০২০]

Friday 12 June 2020

বিদ্যালয় বন্ধ: ব্যৰ্থ চৰকাৰী আচঁনি



এইবাৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শূন্য ফলাফল দেখুওৱা মুঠ সোতৰখন চৰকাৰী বিদ্যালয় চৰকাৰে বন্ধ কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত এসময়ৰ ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ নামো আছে । অসমৰ একাংশ চৰকাৰী বিদ্যালয়ৰ আজিৰ পয়ালগা অৱস্থা একেদিনে সৃষ্টি হোৱা নাই । ১৯৯১ চনৰ নতুন অৰ্থনৈতিক নীতি অনুসৰি, শিক্ষা ব্যৱস্থাটোকো ব্যক্তিগতকৰণ ব্যৱস্থাত সামৰি লোৱাৰপৰাই চৰকাৰী বিদ্যালয়বোৰ প্ৰত্যাহ্বানৰ সম্মুখিন হৈ আহিছে ।  যিবোৰ বিদ্যালয়ৰ পৰিচালনা সমিতি, বিদ্যালয়খনৰ ওচৰৰ সচেতন ব্যক্তি আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে আৰম্ভণিৰপৰাই এই প্ৰত্যাহ্বান মোকাবিলা কৰি আহিছে সেইবোৰ বিদ্যালয়ে আগৰ দৰেই জিলিকি থাকিবলৈ সক্ষম হৈছে ।  ৰাজ্যখনত বহু বছৰ ধৰি শিক্ষক নিযুক্তি বন্ধ হৈ থকাৰ ফলত বিদ্যালয়বোৰে নতুন নীতিৰ প্ৰত্যাহ্বানৰ সৈতে মোকামিলা কৰাত সমস্যাই দেখা দিছিল ।  টেট শিক্ষকৰ নিযুক্তিয়ে সেই সমস্যাৰ ওৰ পেলাইছিল ।  কিন্তু যিবোৰ বিদ্যালয়ে আৰম্ভণিৰেপৰাই চৰকাৰে গ্ৰহণ কৰা নতুন নীতিৰ প্ৰত্যাহ্বান গ্ৰহণ নকৰিলে সেইবোৰ বিদ্যালয়ত টেট শিক্ষকৰ নিযুক্তিও কাম নিদিলে । সেইবোৰ বিদ্যালয়ত ল’ৰা-ছোৱালীৰ নামভৰ্তি ক্ৰমান্বয়ে কমি আহিল ।  চৰকাৰে প্ৰদান কৰা বিনামূলীয়া কিতাপ, ইউনিফম, মধ্যাহ্ন ভোজন আদিয়ে অভিভাৱকক আকৰ্ষণ কৰিব নোৱাৰিলে ।  

[প্ৰকাশিত, ‘আমাৰ অসম’, ১২ জুন ২০২০]

Monday 4 May 2020

চৈয়দ আব্দুল মালিকৰ কবিতাত মোগল বন্দনা (?)


কৰ’না ভাইৰাছৰ বিৰূদ্ধে সমগ্ৰ মানৱজাতিয়ে যুঁজ দি থকাৰ সময়তে যোৱা কেইদিনমান ধৰি অসমত অসমৰ প্ৰথিতযশা সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ শীৰ্ষক বিখ্যাত কবিতাটোৰ কিছু অংশ উল্লেখ কৰি সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।  অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ এগৰাকী অধ্যাপিকাই তেওঁৰ ফেচবুক একাউন্টৰ জৰিয়তে সাহিত্যিকগৰাকীৰ চিন্তাধাৰা সম্পৰ্কত সন্দেহজনক মন্তব্য প্ৰকাশ কৰি এই বিতৰ্কৰ সূচনা কৰিছে।  বিষয়টোৱে ইতিমধ্যে ‘The Wire’ ৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গণ মাধ্যমত প্ৰকাশ পোৱাৰ সমান্তৰালকৈ আইনী প্ৰক্ৰিয়াতো সোমাই পৰিছে।  সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ মহানগৰ জিলা সমিতিয়ে অধ্যাপিকাগৰাকীৰ বিৰূদ্ধে হাতীগাঁও থানাত আৰু  বাবুল আলী হাজৰিকা নামৰ লোক এজনে দেৰগাঁও থানাত এজাহাৰ দিয়াৰ খবৰ সংবাদ মাধ্যমসমূহত  প্ৰকাশ পাইছে। যিহেতু বিষয়টো আইনী প্ৰক্ৰিয়াত সোমাই পৰিছে, সেয়েহে  অধ্যাপিকাগৰাকী দোষী নে নিৰ্দোষী সেয়া আদালতৰ ৰায়ৰ পাছতহে গম পোৱা যাব।
  অধ্যাপিকাগৰাকীয়ে তেওঁৰ ফেচবুক একাউন্টত কেনেদৰে বিষয়টো উত্থাপন কৰিছে সেয়া উল্লেখ কৰি লোৱা যাওক।  চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ শীৰ্ষক কবিতাটোৰ প্ৰথম তিনিটা স্তৱক আপলোড কৰি অধ্যাপিকাগৰাকীয়ে লিখিছে, #অতি জৰুৰী #চৈয়দ আব্দুল মালিক ডাঙৰীয়াৰ #মোগল বন্দনাৰ এই কবিতাটোৰ অংশ টোৰ কোনোবাই প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব পাৰিবনে ? অতি জৰুৰী, এবাৰ পঢ়ক (আইনী প্ৰক্ৰিয়াত সোমাই পৰাৰ পাছত অধ্যাপিকাগৰাকীয়ে তেওঁৰ ফেচবুক ৱালৰপৰা এই পোষ্টটো মচি দিছে বুলি খবৰ পোৱা গৈছে)।  অধ্যাপিকাগৰাকীয়ে উল্লেখ কৰা চৈয়দ আব্দুল মালিকৰ কবিতাটোৰ নিৰ্দিষ্ট অংশটোত কবিয়ে কি ক’ব বিচাৰিছে সেই বিষয়ে আমি ব্যাখ্যা কৰিব বিচৰা নাই। খোলাকৈ ক’বলৈ গ’লে, শুদ্ধ ৰূপত ব্যাখ্যা কৰিবপৰা পৰ্যায়ৰ প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা আমাৰ নাই।  ধৰি লোৱা হ’ল যে অধ্যাপিকাগৰাকীয়ে তেওঁৰ প্ৰশ্নটোত উল্লেখ কৰাৰ  দৰে সাহিত্যিক চৈয়দ আব্দুল মালিকে কবিতাটোৰ এই অংশটোত মোগল বন্দনা কৰিছে।  কিন্তু, এই কবিতাটোৰ এই অংশটোৱে চৈয়দ আব্দুল মালিকৰ চিন্তাধাৰাৰ একমাত্ৰ পৰিচয়নে?  অধ্যাপিকাগৰাকীয়ে “অতি জৰুৰী, এবাৰ পঢ়ক” বুলি উল্লেখ কৰা চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ শীৰ্ষক কবিতাটোৰ এই অংশটোৰ উপৰি সাহিত্যিকগৰাকীয়ে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানখিনি “অতি জৰুৰী, এবাৰ পঢ়ক” বিধৰ নহয় নেকি? ব্যতিক্ৰমীসকলৰ বাহিৰে, সাহিত্যিকৰ বয়স তথা দেশৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পৰিস্থিতি সাপেক্ষে একেগৰাকী সাহিত্যিকৰে চিন্তাধাৰা আৰু সৃষ্টিৰ পৰিৱৰ্তন ঘটি থাকিব পাৰে।  এয়া তেনেই স্বাভাৱিক কথা।  এগৰাকী সাহিত্যিকৰ এটা কবিতাৰ মাত্ৰ কেইটামান শাৰী উল্লেখ কৰি প্ৰশ্ন উত্থাপন কৰিলে কেৱল সাহিত্যিকগৰাকীক হেয় প্ৰতিপন্ন কৰাৰ অপচেষ্টাই প্ৰকাশ নাপায়, যিজনে প্ৰশ্ন উত্থাপন কৰে তেওঁৰ চিন্তাধাৰা আৰু বিচাৰ-বুদ্ধিৰ অপৰিপক্কতাও স্পষ্ট ৰূপত প্ৰকাশ পায় (প্ৰকাশভংগীৰ প্ৰসংগতো আছেই) । এই কথাখিনি কেৱল চৈয়দ আব্দুল মালিকৰ সাহিত্য কৰ্ম বুলিয়েই নহয়, যিকোনো সাহিত্যিকৰ সাহিত্য কৰ্মৰ কিছু অংশ অধ্যয়ন কৰি নিৰ্দিষ্ট দুটামান বাক্য/শাৰী উল্লেখ কৰি সন্দেহজনক মন্তব্য আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিৰ ক্ষেত্ৰতে প্ৰযোজ্য।  অৱশ্যে, সমাজত ইতিবাচক প্ৰভাৱ পেলাব পৰা বাক্য/শাৰীৰ কথা সুকীয়া। 
মহাবিদ্যালয়ৰ শিক্ষক হিচাপে আমি বহু সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ প্ৰত্যক্ষ সম্পৰ্কলৈ আহিবলৈ সুবিধা পাওঁ । আগতকৈ কিছু কমিছে যদিও সমাজৰ বহু সংখ্যক মানুহে আজিও মহাবিদ্যালয়ৰ শিক্ষকসকলক সন্মানৰ চকুৰে চায়।  সেয়েহে মহাবিদ্যালয়ৰ শিক্ষকসকলে আগবঢ়োৱা মন্তব্যবিলাকক বহু মানুহে একে আষাৰে অৱজ্ঞা নকৰে বা কৰিব নিবিচাৰে।  আন প্ৰদেশৰ মহাবিদ্যালয়ৰ শিক্ষকসকলৰ কথা নাজানো, ব্যতিক্ৰমীসকলৰ বাহিৰে অসমৰ মহাবিদ্যালয়ৰ শিক্ষকসকলে সমাজখনক বিশৃংখল কৰিব পৰা বিধৰ মন্তব্য সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ উদাহৰণ কম বুলি ক’লেও বঢ়াই কোৱা নহয়।  অসমৰ মহাবিদ্যালয়ৰ শিক্ষকসকল এই বিষয়ে সচেতন যে এটা পূৰ্বধাৰণা লৈ বস্তুনিষ্ঠহীনভাবে অধ্যয়ন কৰি ৰাজহুৱাভাবে প্ৰকাশ কৰা মন্তব্যই কেতিয়াবা আনৰ মনত আঘাত দিব পাৰে ।  পুনৰ ধৰি লোৱা হ’ল যে চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ কবিতাটোৰ এই অংশটোত মোগল বন্দনাৰ সুন্দৰ নিদৰ্শন প্ৰতিফলিত হৈছে। কিন্তু, এনেধৰণৰ বিষয় উত্থাপন কৰা এয়া জানো উচিত সময়? যি সময়ত সমগ্ৰ মানৱজাতি এক ভয়ানক ভাইৰাছে সৃষ্টি কৰা মহামাৰীৰপৰা হাত সাৰিবলৈ নেৰানেপেৰা চেষ্টা চলাইছে, যি সময়ত সাম্প্ৰদায়িকতাৰ গোন্ধ নথকা মন্তব্যবোৰকো সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা চলোৱাৰ পৰিৱেশ সৃষ্টি হৈছে, যি সময়ত ভাৰতৰ প্ৰধান মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডীয়ে সকলোৱে একগোট হৈ কৰ’নাৰ বিৰূদ্ধে যুঁজিবলৈ আহ্বান জনাইছে, যি সময়ত অসমৰ স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সমাজত নেতিবাচক খবৰ প্ৰচাৰ নকৰিবলৈ সংবাদ মাধ্যমক অনুৰোধ জনাইছে, তেনে সময়ত মহাবিদ্যালয়ৰ দৰে উচ্চ শিক্ষানুষ্ঠানৰ অধ্যাপিকা, দেশপ্ৰেমী ব্যক্তি তথা দায়িত্বশীল নাগৰিকে সামাজিক মাধ্যমত এনেধৰণৰ মন্তব্য প্ৰকাশ কৰা নিশ্চয় উচিত হোৱা নাই।
কোনো সন্দেহ নাই যে সাহিত্যিক এগৰাকীৰ সাহিত্য কৰ্মবোৰত সাহিত্যিকগৰাকী কোন আদৰ্শত বিশ্বাসী আৰু তেওঁৰ চিন্তাধাৰা কেনেকুৱা সেয়া কেতিয়াবা প্ৰত্যক্ষ আৰু কেতিয়াবা পৰোক্ষভাবে প্ৰকাশ পায়।  সুস্থ সমালোচনাৰ দ্বাৰা সাহিত্যিক এগৰাকীৰ কৰ্ম, তেওঁৰ চিন্তাধাৰা, বিচাৰ-বুদ্ধি আদি খোলোচা কৰি দিয়া এখন সুস্থ গণতান্ত্ৰিক সমাজৰ বাবে অতি আৱশ্যক।  অন্যথা, সমাজৰ এটা ফালহে প্ৰকাশ পাই থাকিব, যিটো দীৰ্ঘকালত বিপদজনক হোৱাৰ সম্ভাৱনাই অধিক। বিদ্যায়তনিক দৃষ্টিকোণেৰে সাহিত্যিকসকলক গঠনমূলকভাবে সামালোচনা কৰি নিজৰ জ্ঞানৰ পৰিধি প্ৰকাশ কৰাৰ বাবে মহাবিদ্যালয়ৰ শিক্ষকসকলৰ সুন্দৰ পৰিৱেশ আৰু উপযুক্ত মঞ্চৰ অভাৱ নাই। তাকে নকৰি  জন্মসূত্ৰে এটা বিশেষ সংগঠিত ধৰ্মৰ অন্তৰ্গত সাহিত্যকসকলৰ সাহিত্য কৰ্মৰ বিশেষ কেইটামান বাক্য/শাৰী তুলি দি সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰিলে, প্ৰকাশ কৰাজনৰ উদ্দেশ্য সৎ হ’লেও তেওঁ নিজৰ সস্তীয়া জনপ্ৰিয়তা বৃদ্ধিৰ স্বাৰ্থতে তেনে কৰিছে বুলি সন্দেহ কৰাৰ থল থাকি যায়। 

[প্ৰকাশিত, ‘আমাৰ অসম’, ৫ মে’ ২০২০, পৃষ্ঠা: ৫ ]

Thursday 9 April 2020

ক’ভিড-১৯ আৰু সাম্প্ৰদায়িক ভাইৰাছ


প্ৰতিদিনে ক’ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা ক্ৰমাত বৃদ্ধি হৈ গৈ আছে। ৩ এপ্ৰিলৰ নিশা পৰ্যন্ত পৃথিৱীত ১০,৫৬,৭৭৭ জন আৰু ভাৰতত ২,৫৯১ জন লোক ক’ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হৈছে।  অসমত যোৱা ৩ এপ্ৰিলৰ মাজৰাতি পৰ্যন্ত ২৩ লোকৰ গাত এই মাৰাত্মক ভাইৰাছবিধৰ অৱস্থিতি পোৱা গৈছে।  বহলাই কোৱাৰ দৰকাৰ নাই যে কম-বেছি পৰিমাণে প্ৰতিগৰাকী লোকে কিবা নহয় কিবা এটা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ থাকে। ইয়াৰে কিছুমান ভাইৰাছৰ বিৰূদ্ধে যুঁজিব পৰাকৈ প্ৰতিষেধক আছে বাবে ভাইৰাছবিধে ৰোগ সৃষ্টি কৰিব নোৱাৰে।  আন কিছুমান ভাইৰাছৰ বিৰূদ্ধে যুঁজিব পৰাকৈ প্ৰতিষেধক নাই যদিও সেইবোৰ ভাইৰাছে সৃষ্টি কৰা ৰোগক মহামাৰী বুলি ক’ব নোৱাৰি, যদিহে সেইবোৰ ভাইৰাছ এজনৰপৰা আন এজনৰ দেহলৈ সহজে সংক্ৰমিত নহয় বা সংক্ৰমিত হ’লেও আক্ৰমণ কৰিব নোৱাৰে।  কিন্তু, ক’ভিড-১৯ৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাটো হ’লইয়াৰ বিৰূদ্ধে যুঁজিব পৰাকৈ এতিয়ালৈকে কোনো প্ৰতিষেধক আৱিস্কাৰ হোৱা নাই (আৱিস্কাৰ হৈছে বুলি কোনেও দাবী কৰা নাই) আৰু এই ভাইৰাছবিধ এজনৰপৰা আন এজনৰ দেহলৈ সহজে সংক্ৰমিত হয়।  ভাইৰাছবিধৰ দ্বাৰা দ্ৰুতগতিত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যাৰ ভিত্তিত ইয়াক মহামাৰী হিচাপে চিহ্নিত কৰা হৈছে। ভাইৰাছবিধৰ আক্ৰমণৰ ফলত ৩ এপ্ৰিলৰ নিশা পৰ্যন্ত সমগ্ৰ পৃথিৱীত ৫৬,১৩২ জন আৰু ভাৰতত ৭২ জন লোকৰ মৃত্যু হৈছে।
অসমত যোৱা ৩১ মাৰ্চত আবেলি এজন ৫২ বছৰ বয়সীয়া মানুহৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰাৰ পাছত ৰাজ্যখনৰ বহুসংখ্যক লোক আন এক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা পৰিলক্ষিত হ’ল। সেয়া হ’ল--সাম্প্ৰদায়িক বিষবাষ্পৰ ভাইৰাছ (?)।  ১ এপ্ৰিলৰ দিনটোত এইবিধ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকসকলৰ আচৰণ তুংগত উঠিছিল। ইয়াৰ কাৰণ হ’ল- ১ এপ্ৰিললৈকে অসমত মুঠ ১৬জন লোকৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি পোৱা গৈছিল আৰু আটাইকেইজনৰ এটা উমৈহতীয়া বৈশিষ্ট্য আছিল, তেওঁলোক দিল্লীৰ নিজামুদ্দিনৰ এটা মছজিদত আয়োজিত মুছলমানসকলৰ ধৰ্মীয় অনুষ্ঠান তবলিগী জামাতত অংশগ্ৰহণ কৰিছিল বা অংশগ্ৰহণ কৰা লোকৰ সংগত পৰিছিল। দেশখনৰ আন দুখনমান ৰাজ্যতো সেই অনুষ্ঠানলৈ যোৱা লোকৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰাৰ পাছত হিন্দু ধৰ্মীয় সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা  লোকসকলে সমগ্ৰ দেশতে তলপাৰ লগালে। পৰিৱেশ এনেকুৱা কৰি পেলালে যে মুছলমানসকলেহে ভাৰতত ক’ভিড-১৯ বিয়পালে। কেইদিনমান আগতে কণ্ঠশিল্লী কনিকা কাপুৰ আৰু তেওঁৰ সংগলৈ অহা কেইজনমান লোকৰ দেহত ভাইৰাছবিধৰ অৱস্থিতি ধৰা পোৱাৰ সময়ত এনে পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল।  যোৱা ২ আৰু ৩ এপ্ৰিলত সাম্প্ৰদায়িক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত  হোৱা লোকৰ কাৰ্যকলাপ অধিক বৃদ্ধি পালে যেতিয়া তেলেংগানাৰ হিন্দু ধৰ্মালম্বী দুজন বিধায়কে কেইবাজনো মানুহ লগত লৈ মন্দিৰ এটাত ৰাম নৱমী উৎসৱ পালন কৰিলে। কাৰণ, এইবাৰ ইছলাম ধৰ্মীয় সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলে হিন্দু ধৰ্মীয় সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলক প্ৰতি-আক্ৰমণ কৰিবলৈ ধৰিলে।  অৱশ্যে, ইয়াৰ কেইদিনমান আগতে দেশখনত ক’ভিড-১৯ৰ পৰিস্থিতিয়ে শংকিত কৰি থকাৰ সময়তে উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কেইবাজনো মানুহ লগত লৈ মন্দিৰ এটাত পূজা আগবঢ়োৱাক লৈ একাংশ ইছলাম ধৰ্মীয় সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছিল।  এই ঘটনাবোৰৰ সৈতে ৰাজনৈতিক অংক আছে নে নাই, সেয়া আন এক বিষয় (ক’ভিড-১৯ৰ পৰিস্থিতিটো স্থিমিত হোৱাৰ পিছত সকলো স্পষ্ট হৈ পৰিব) আৰু বৰ্তমান পৰিস্থিতিত সেইবোৰ বিশ্লেষণ কৰা উচিতো নহয়।  সুখৰ কথা যে ক’ভিড-১৯ৰ ভিত্তিত বৰ্তমানলৈকে হিন্দু আৰু ইছলাম ধৰ্মৰ বাহিৰে আন ধৰ্মীয় সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰাৰ খবৰ প্ৰকাশ পোৱা নাই।  
সাম্প্ৰদায়িক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকসকলক বহলকৈ দুইধৰণে ভাগ কৰিব পাৰি—ধৰ্মীয় আদৰ্শৰ বাবে আৰু সুবিধাৰ আশাত সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত লোক।  যিকোনো সংগঠিত ধৰ্মৰে এনে একাংশ লোক থাকে যিসকলে নিজে অন্তৰ্গত ধৰ্মটোক পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ ধৰ্ম বুলি ধৰি লৈ আন সংগঠিত ধৰ্মবোৰক হীন বুলি ধৰি লয়।  এইসকলেই হ’ল ধৰ্মীয় আদৰ্শৰ বাবে সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোক। ভাৰতৰ দৰে কেইবাটাও সংগঠিত ধৰ্মৰ লোক বসবাস কৰা দেশত এইবিধ সাম্প্ৰদায়িক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা তেতিয়া বৃদ্ধি পায়, যেতিয়া দেশখনৰ কোনো এটা সংগঠিত ধৰ্মৰ ধৰ্মীয় কাৰ্যকলাপৰ তীব্ৰতা বৃদ্ধি হয়। কাৰণ, আন ধৰ্মীয় সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলে ধৰি লয় যে সেই নিৰ্দিষ্ট ধৰ্মটোৰ ধৰ্মীয় কাৰ্যকলাপৰ তীব্ৰতা বৃদ্ধি হৈছে মানে ধৰ্মটোৰ শক্তি (?) বৃদ্ধি হৈছে। গতিকে, আন ধৰ্মৰ ধৰ্মীয় সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলেও তীব্ৰগতিত নিজ নিজ ধৰ্মবোৰৰ ধৰ্মীয় কাৰ্যকলাপ বৃদ্ধি কৰিবলৈ চেষ্টা চলায়।  এইবিধ সাম্প্ৰদায়িক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকসকলে তেওঁলোকৰ নিজৰ ধৰ্মটোক শক্তিশালী কৰাৰ মানসেৰে জানিয়ে হওক বা নাজানিয়েই হওক, আনকো তেওঁলোকৰ দৰে সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হ’বলৈ উৎসাহ যোগাই থাকে। সাধাৰণতে, তুলনামূলকভাবে কম আনুষ্ঠানিক শিক্ষা লাভ কৰা আৰু উচ্চ পৰ্যায়ৰ আনুষ্ঠানিক শিক্ষা আছে অথচ বিচাৰ-বিবেচনা নকৰা লোকসকল এইবিধ সাম্প্ৰদায়িক ভাইৰাছৰ দ্বাৰা সহজে আক্ৰান্ত হয়। এইবিধ সাম্প্ৰদায়িক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকসকলে নিজৰ বিচাৰ-বিবেচনা পৰিপক্ক হোৱাৰ পিছত ভাইৰাছবিধ যে সমাজ আৰু দেশৰ বাবে মাৰাত্মক সেয়া গম পায় যদিও আৰোগ্য হোৱাৰ বাট বিচাৰি নাপায়। কাৰণ, ইতিমধ্যে তেওঁলোকক ভাইৰাছবিধে আৰোগ্য হ’ব নোৱাৰাকৈ আক্ৰান্ত কৰি পেলায়। এইবিধ সাম্প্ৰদায়িক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকসকলৰ মাজত ৰাজনৈতিক আৰু অৰ্থনৈতিক ধ্যান-ধাৰণাতকৈ ধৰ্মীয় ধ্যান-ধাৰণাই অধিক স্থান পায়। আনহাতে, সুবিধাৰ আশাত সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলে প্ৰথমবিধ সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলক আহিলা হিচাপে ব্যৱহাৰ কৰি নিজৰ ৰাজনৈতিক, অৰ্থনেতিক আৰু সামাজিক ক্ষমতা তথা প্ৰভাৱ অক্ষুন্ন ৰাখিবলৈ বা বৃদ্ধি কৰিবলৈ চেষ্টা চলায়।  প্ৰথমবিধ সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলক আৰ্থিক আৰু অন্যান্য সুবিধা প্ৰদান কৰি তেওঁলোকে নিজৰ ৰাজনৈতিক জীৱনৰ বাট সুগম আৰু শক্তিশালী কৰি তোলে।  
মন কৰিবলগীয়া যে সাধাৰণ পৰিস্থিতিত যিকসকল লোক তুলনামূলকভাবে কম সাম্প্ৰদায়িক, জটিল সন্ধিক্ষণত তেওঁলোকে নিজৰ স্থিতিৰ পৰিৱৰ্তন কৰি সাম্প্ৰদায়িক শক্তিক সমৰ্থন জনালে, সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি হয়। জটিল সন্ধিক্ষণত তেওঁলোকে সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলৰ সংগত পৰে আৰু ইচ্ছাকৃতভাবে বা ক’ব নোৱাৰাকৈয়ে সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হয় বা হ’বলৈ বাধ্য হয়। তেওঁলোকৰ বেছিভাগেই সুবিধাৰ আশাত সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলৰ ভাগটোত অন্তৰ্ভূক্ত হয়। জটিল সন্ধিক্ষণত ভাৰতৰ প্ৰেক্ষাপটত সাম্প্ৰদায়িক শক্তিৰ প্ৰাদুৰ্ভাৱ অধ্যয়ন কৰিলে দেখা যায় যে তুলনামূলকভাবে কম সাম্প্ৰদায়িক লোকসকলে প্ৰতিটো জটিল সন্ধিক্ষণতে ইতিমধ্যে সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হৈ থকা লোকসকলৰ ফালে ঢাল খাইছে। উদাহৰণস্বৰূপে, সমগ্ৰ বিশ্বতে দেখা দিয়া অৰ্থনৈতিক মন্দাৱস্থাৰ সময়্ছোৱাত (১৯২৯-৩০) আৰু তাৰ পিছৰ সময়ছোৱাত ভাৰতৰ মধ্যবিত্ত আৰু পুঁজিপতিসকলে নিজে অন্তৰ্গত ধৰ্মটোৰ সৈতে জড়িত সাম্প্ৰদায়িক শক্তিবিলাকক সমৰ্থন কৰিছিল। শিক্ষা আৰু স্বাস্থ্যৰ সৈতে জড়িত তুলনামূলকভাবে কম সাম্প্ৰদায়িক লোকসকলেও একে নীতিকে অৱলম্বন কৰিছিল (আগ্ৰহী পাঠকে Bipan Chandra ‘Communalism in Modern India’ গ্ৰন্থখনৰ দুই নম্বৰ অধ্যায়টো চাব পাৰে)।  এনে পৰিৱেশ দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো  দেখা গৈছিল । অসমৰ প্ৰেক্ষাপটত ১৯৫০ চনৰ বৰভূঁইকপৰ পিছত আৰু ছয় বছৰীয়া অসম আন্দোলনৰ সময়ছোৱাত পূৰ্বতে ধৰ্ম-নিৰপেক্ষ আদৰ্শত বিশ্বাসী বহু লোক সাম্প্ৰদায়িক শক্তিৰ ফালে ঢাল খাইছিল।
মুঠ কথা, সমগ্ৰ পৃথিৱীতে ক’ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধিয়ে এক জটিল সন্ধিক্ষণৰ সৃষ্টি কৰিছে।  এই জটিল সন্ধিক্ষণৰ সমান্তৰালকৈ (আন জটিল সন্ধিক্ষণত দেখা দিয়াৰ দৰে) ভাৰতত সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰৱণতা দেখা গৈছে।  মনত ৰাখিব লাগিব যে ক’ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ থাকিলে, ক’ভিড-১৯ৰ সৈতে জড়িত সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সৃষ্টি কৰিব।  ভাৰত মাতৃৰ (লগতে পৃথিৱীৰ) লোকসকলক বচাবৰ বাবে বৰ্তমানলৈকে ক’ভিড-১৯ আৰু সাম্প্ৰদায়িক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত নোহোৱা লোকসকল যাতে আগন্তুক দিনত দুয়োবিধ ভাইৰাছৰ কোনো এবিধতে আক্ৰান্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। যিসকল লোক ইতিমধ্যে দুয়োবিধতে বা যিকোনো এবিধত আক্ৰান্ত হৈছে (যি কাৰণতে নহওক)  তেওঁলোকক আৰোগ্য কৰি তুলিবলৈ চেষ্টা কৰিব লাগিব।

[প্ৰকাশিত, ‘আমাৰ অসম’, ১০ এপ্ৰিল ২০২০, পৃষ্ঠা: ৫]

Wednesday 1 April 2020

ক’ভিড-১৯, লকডাউন আৰু আৰক্ষী-জনসাধাৰণৰ সম্পৰ্ক


ক’ভিড-১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ কেইবাখনো দেশে লকডাউন ঘোষণা কৰিছে। ভাৰত চৰকাৰেওে যোৱা ২৪ তাৰিখৰ ৰাতি ১২ বজাৰপৰা কাৰ্যকৰী হোৱাকৈ অহা ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰিছে।  অৱশ্যে, অসম চৰকাৰে ২৪ তাৰিখৰ সন্ধিয়া ৬ বজাৰ পৰাই কাৰ্যকৰী হোৱাকৈ অসমত লকডাউন ঘোষণা কৰিছে। লকডাউনৰ উদ্দেশ্যে হ’ল, যাতে সিমান পাৰি সিমান কম সংখ্যক মানুহৰ গালৈ এই ভাইৰাছবিধ সংক্ৰমিত হয় ।  যিহেতু এই ভাইৰাছবিধ মানু্হৰ পৰা মানুহলৈ যায়, সেয়েহে মানুহবোৰ যাতে ইজনৰ পৰা সিজনৰ সংস্পৰ্শলৈ নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব (আচলতে শাৰীৰিক দূৰত্ব) বজাই ৰাখিবলৈ চৰকাৰৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে।  লকডাউন এশ শতাংশ কাৰ্যকৰী কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনসমূহক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।
দুখৰ বিষয় যে আমাৰ দেশৰ বহুসংখ্যক মানুহে (বিশেষকৈ, নিৰক্ষৰ আৰু অশিক্ষিত) এতিয়ালৈকে ক’ভিড-১৯ৰ ভয়াবহতা উপলব্দি কৰিব পৰা নাই বা উপলব্দি কৰিবলৈ চেষ্টা কৰা নাই। বহুতে ভাবিছে যে এইবিধ বেমাৰো আন ভাইৰেল বেমাৰৰ দৰে একে। ভাইৰাছবিধে আক্ৰমণ কৰিলেও কেইদিনমানৰ পিছত নিজে নিজে ভাল হৈ যাব। অৱশ্যে, এই কথাষাৰ একেবাৰে মিছাও নহয়। চিকিৎসকসকলে জনোৱা মতে যিবোৰ মানু্হৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰিবপৰা ক্ষমতা বেছি সেইবোৰ মানুহৰ শৰীৰত কৰ’না ভাইৰাছে আক্ৰমণ কৰিলেও মানুহজন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা নাই বা আক্ৰান্ত হ’লেও কিছুদিনৰ পিছত আৰোগ্য হৈ যাব পাৰে।  কিন্তু, সমস্যাটো হ’ল, ৰোগবিধত আক্ৰান্ত নোহোৱা মানুহৰপৰা আন মানুহৰ গালৈ ভাইৰাছবিধ বিয়পি যায় আৰু তুলনামূলকভাবে কম ৰোগ প্ৰতিৰোধ ক্ষমতা থকা মানুহৰ গালৈ গ’লে ভাইৰাছবিধৰ দ্বাৰা মানুহজন সহজে আক্ৰান্ত হয়।  মুঠতে এই ভাইৰাছবিধৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় হৈছে নিজকে আন মানুহৰপৰা নিলগত ৰখা।  এই কথাটোকে বহুতে বুজিব পৰা নাই বা বুজিবলৈ চেষ্টা কৰা নাই।  
ক’ভিড-১৯ৰ ভয়াবহতা সম্পৰ্কে ভালদৰে বুজাই নাই বা বুজিবলৈ চেষ্টা কৰাই নাই, তেনে সময়তে  মানুহবোৰে লকডাউনৰ দৰে আন এক নতুন পৰিস্থিতিৰ সম্মুখিন হ’ল।  বহু মানুহে লকডাউন মানে কি, সেয়া বুজি নোপোৱাকৈয়ে লকডাউন ভংগ কৰা দেখা গ’ল।  অৱশ্যে, দেশখনৰ এশ ত্ৰিছ কৌটি মানুহৰ প্ৰতিজন মানুহে লকডাউনৰ অৰ্থ বুজি নোপোৱা বা বুজিবলৈ চেষ্টা নকৰাটো একো অস্বাভাৱিকো নহয়। ক’ভিড-১৯ আৰু লকডাউন বুজি পোৱাসকলৰো বহুতে লকডাউনৰ বাবে সাজু হোৱা নাছিল। লকডাউন অমান্য কৰাৰ অপৰাধত দেশখনৰ বহু অঞ্চলত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীসকলে লাঠিচাৰ্জ কৰি বা আন শাৰীৰিক শাস্তি প্ৰদানেৰে লকডাউন এশ শতাংশ কাৰ্যকৰী কৰিবলৈ চেষ্টা চলালে। লাঠিচাৰ্জ বা আন শাৰীৰিক শাস্তিৰ ভিডিঅ’বিলাক  সামাজিক মাধ্যমসমূহত প্ৰচাৰ হোৱাৰ পাছত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীসকলক সমালোচনা কৰাৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ’ল (কিছুমান অঞ্চলত এবাৰ কৰা ভুলৰ বাবে একেজন মানুহকে দুই-তিনিজন আৰক্ষীয়ে লাঠিৰে কোবোৱা দেখা গৈছে)।  কেইটামান ভিডিঅ’ত জনসাধাৰণে আৰক্ষীকো আক্ৰমণ কৰা দেখা গ’ল। মুঠতে, সমস্যাটো এতিয়া কেৱল ক’ভিড-১৯ আৰু লকডাউন হৈ থকা নাই । অৱশ্যে, ইয়াৰ মাজতে অসমৰ কিছুমান জিলাৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে লকডাউন অমান্য কৰা লোকসকলক ভাইৰাছবিধৰ ভয়াবহতা সম্পৰ্কে সুন্দৰভাবে বুজোৱাৰ লগতে ৰাজপথত ওলোৱা মানুহবোৰক চাবোনেৰে হাত ধুবলৈ দি মাস্ক বিতৰণ কৰাৰ দৰে ইতিবাচক পৰিৱেশো সৃষ্টি হৈছে। লকডাউনৰ দুদিন পিছতে আন এক পৰিস্থিতিয়ে সকলোকে আচৰিত কৰি তুলিলে। সেয়া হ’ল- লকডাউনৰ সৈতে জনসাধৰণে নিজকে সমাযোজন কৰিবলৈ সক্ষম হোৱাই নাছিল, তেনে সময়তে গেলামাল দোকান আৰু ফাৰ্মাচীৰ উপৰি শাক-পাচলি, মাছ আৰু মাংসৰ দোকান খুলিব পাৰিব বুলি কোৱা হ’ল। ফলত যোৱা ২৭ মাৰ্চত ৰাজ্যখনৰ বহু জিলাৰ বজাৰসমূহত জনসমাগম হোৱা দেখা গ’ল।
প্ৰশ্নটো হ’ল, লকডাউন শেষ হোৱাৰ পাছত ক’ভিড-১৯ৰ সংক্ৰমণ নোহোৱা হৈ যাব নেকি? আচলতে লকডাউনৰ সময়ছোৱা হ’ল- কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা আৰু ভাইৰাছবিধক কঢ়িয়াই লৈ ফুৰা আটাইবোৰ মানুহক চিনাক্ত কৰাৰ উপযুক্ত সময়।  লকডাউনৰ সময়ছোৱাত যদি কৰ’না ভাইৰাছত আক্ৰান্ত বা ভাইৰাছবিধ কঢ়িয়াই লৈ ফুৰা এজন মানুহো চিনাক্ত নকৰাকৈ থাকি যায়, তেন্তে লকডাউনৰ পাছত ভাইৰাছবিধৰ সংক্ৰমণ নোহোৱা হৈ যাব বুলি ভবাটো শুদ্ধ নহয়।  
আমি ভাবোঁ, চৰকাৰে লকডাউনৰ সৈতে জনসাধাৰণক সামাযোজন কৰাবলৈ চেষ্টা কৰা উচিত। জনসাধাৰণেও নিজকে লকডাউনৰ সৈতে সমাযোজন কৰিবলৈ চেষ্টা কৰা উচিত। তাৰ সমান্তৰালকৈ চৰকাৰে ক’ভিড-১৯ৰ ভয়াবহতা সম্পৰ্কেও জনসাধাৰণক সজাগ কৰি থকাৰ লগতে এশ শতাংশ ফলৱতী হ’ব পৰাকৈ ভাইৰাছবিধত আক্ৰান্ত হোৱা আৰু কঢ়িয়াই লৈ ফুৰা মানুহবোৰক চিনাক্ত কৰা উচিত।  তদুপৰি, ক’ভিড-১৯ৰ সৈতে সংগতি ৰাখি ঘোষণা কৰা লকডাউনে যাতে আৰক্ষী আৰু জনসাধাৰণৰ মাজত সংঘাতৰ সৃষ্টি নকৰে, তাৰ প্ৰতিও সচেতনা হোৱা উচিত ।  

[প্ৰবন্ধটো বৰপেটাৰ পাঠশালাৰ ড° ত্ৰিদিৱ শৰ্মাৰ সৈতে যুটীয়াভাবে লিখা হৈছে ।]

[‘আমাৰ অসম’, ০২ এপ্ৰিল ২০২০, পৃষ্ঠা: ০৫]

Thursday 26 March 2020

‘ৰঞ্জন গগৈ: সন্দেহবোৰ সঁচা নেকি’ সন্দৰ্ভত


     ২০ মাৰ্চৰ 'আমাৰ অসম'ৰ সম্পাদকীয়টো পঢ়ি দুষাৰ মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰা বিষয়টোক বহুতে সহজভাবে ল'ব পৰা নাই। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ আগৰ ৰঞ্জন গগৈ আৰু মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰা ৰঞ্জন গগৈৰ মাজত তাৎপৰ্যপূৰ্ণ পাৰ্থক্য পৰিলক্ষিত হৈছে। মুখ্য ন্যায়াধীশ হৈ থকাৰ সময়ত ৰঞ্জন গগৈয়ে এটা বিশেষ ৰাজনৈতিক আদৰ্শৰ ফালে ঢাল খোৱা যে লাগিছিল যদিও সেয়া স্পষ্টকৈ প্ৰকাশ কৰিব পৰা অৱস্থাত নাছিল। কিন্তু, অৱসৰ গ্ৰহণ ৰজাৰ চাৰিমাহ পিছতে ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ পাছত সেয়া স্পষ্ট হৈ পৰিল। 
      ১৯ মাৰ্চত ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ পাছত সেইদিনাই ইণ্ডিয়া টুডে নামৰ টিভি চেনেলত তেওঁ এটা সাক্ষাৎকাৰ দিছিল। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ কিয় সাংসদ হ’বলৈ ইচ্ছা প্ৰকাশ  কৰিলে বুলি সাংবাদিকে প্ৰশ্ন কৰাত,  ‘হ’ব নোৱাৰে বুলি কি কথা আছে’ বুলি শ্ৰীযুত গগৈয়ে উত্তৰ দিছে।  আমি ভাবোঁ, সুদীৰ্ঘকাল আইনৰ সৈতে জড়িত হৈ থকাৰ ফলতে তেওঁ আইনৰ সুৰতে  উত্তৰ দিছে।  উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এগৰাকীক সাধাৰণ নাগৰিকে যে কেৱল আইনৰ দৃষ্টিৰে নাচায় সেয়া শ্ৰীযুত গগৈয়ে অৱজ্ঞা কৰিছে।  আমি নাভাবোঁ যে এই সিদ্ধান্তটো লোৱাৰ সময়ত তেওঁ নৈতিকতাৰ বিষয়টো এবাৰো ভাবি চোৱা নাছিল। কাৰণ, সাংসদ হিচাপে শপত গ্ৰহণ কৰাৰ সময়ত বিৰোধী দলৰ পৰা নিৰ্বাচিত সাংসদসকলে যে তেওঁৰ এই সিদ্ধান্তটোক সহজভাবে গ্ৰহণ নকৰিব সেয়া তেওঁ আগতীয়াকৈ প্ৰস্তুত হৈ আছিল বুলি জনাইছে।
          ২০ মাৰ্চৰ পুৱা ৰিপাব্লিক নামৰ টিভি চেনেলটোত দিয়া সাক্ষাৎকাৰত শ্ৰীযুত গগৈয়ে এটা কথা বাৰে বাৰে কৈছে যে দেশ সেৱাৰ বাবে ৰাষ্ট্ৰপতিয়ে তেওঁক মনোনীত কৰা প্ৰস্তাৱটোক তেওঁ নাকচ কৰিব নোৱাৰে।  আমি ভাবোঁ,  তেওঁ যিটো পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছে, তাৰ তুলনাত সেই প্ৰস্তাৱটোক নাকচ কৰিব নোৱাৰাৰ কোনো কথাই নাছিল।  প্ৰস্তাৱটোক নাকচ কৰিলে তেওঁৰ সন্মান বৃদ্ধি পোৱাৰ সম্ভাৱনাহে বেছি আছিল।  প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পাছত সম্পাদকীয়টোত কোৱাৰ দৰে তেওঁ কলংকিতৰ শাৰীলৈহে অৱনমিত হ’ল ।


[প্ৰকাশিত, ‘আমাৰ অসম’, ২৬ মাৰ্চ ২০২০]

Sunday 15 March 2020

জটিল ৰাজনৈতিক সন্ধিক্ষণত অসমৰ জনজাতীয় নেতৃত্বৰ স্থিতি


    ভাৰতবৰ্ষৰ জনসাধাৰণে বিভিন্ন কাৰণত বিভিন্ন জটিল ৰাজনৈতিক সন্ধিক্ষণৰ অভিজ্ঞতা লাভ কৰি আহিছে দেশখনৰ উত্তৰ-পূৱ দিশত অৱস্থিত অসমৰ জনসাধাৰণে সৰ্বভাৰতীয় পৰ্যায়ৰ জটিল ৰাজনৈতিক সন্ধিক্ষণৰ উপৰি কিছুমান বিশেষ কাৰণত বিশেষ জটিল ৰাজনৈতিক সন্ধিক্ষণ পাৰ কৰি আহিছে।  কাৰণ যিয়েই নহওক, জটিল ৰাজনৈতিক সন্ধিক্ষণত দেশ, অঞ্চল বা ৰাজ্য এখনৰ প্ৰতিটো ৰাজনৈতিক দল, জাতীয় তথা জনগোষ্ঠীয় সংগঠনে সেই জটিল সন্ধিক্ষণৰ বিষয়বোৰত প্ৰত্যক্ষ বা পৰোক্ষভাবে জড়িত হৈ পৰে।  এই লেখাটোত ভাৰত তথা অসমত বিভিন্ন কাৰণত সৃষ্টি হোৱা জটিল ৰাজনৈতিক সন্ধিক্ষণত অসমৰ জনজাতীয় নেতৃত্বই কেনেধৰণৰ স্থিতি গ্ৰহণ কৰি আহিছে সেই বিষয়ে আলোচনা কৰা হৈছে।  
     এইখিনিতে এই লেখাটোত জনজাতি মানে কি আৰু জনজাতীয় নেতৃত্ব বুলিলে কাক বুজোৱা হৈছে সেয়া স্পষ্ট কৰি থোৱা ভাল হ’ব। জনজাতিৰ ধাৰণাটো বুজাবলৈ দুটা সময়ছোৱাৰ বাবে দুই ধৰণৰ সংজ্ঞা ঠিক কৰি লোৱা হৈছে।  এহাতে, প্ৰাক-স্বাধীনতাৰ সময়ত সেইবোৰ জনগোষ্ঠীক জনজাতি হিচাপে ধৰা হৈছে যিবোৰক ভাৰত তথা অসমৰ মূলসূঁতিৰ জনগোষ্ঠীবোৰে তেওঁলোকৰপৰা পৃথক বুলি ধাৰণা কৰিছিল আৰু একেসময়তে যিবোৰ জনগোষ্ঠীয়ে মূলসূঁতিৰ জনগোষ্ঠীবোৰৰপৰা নিজকে পৃথক জনগোষ্ঠী হিচাপে চিনাকি দিব বিচাৰিছিল।  আনহাতে, স্বাধীনত্তোৰ কালত ভাৰতীয় সংবিধানৰ ৩৪২ নম্বৰ অনুচ্ছেদ অনুসৰি যিবোৰ জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে সন্নিৱিষ্ট কৰা হৈছে তেওঁলোককে জনজাতি বুলি কোৱা হৈছে। জনজাতীয় নেতৃত্ব বোলোতে জনজাতীয় মূলৰ ব্যক্তিয়ে জনজাতিৰ নামত গঠিত ৰাজনৈতিক দল বা সংগঠনৰ (উগ্ৰপন্থী সংগঠন নহয়) নেতৃত্ব বহন কৰা লোকসকলক বুজোৱা হৈছে।  জনজাতীয় মূলৰ ব্যক্তি, অথচ ভাৰতৰ বা অসমৰ মূলসূঁতিৰ ৰাজনৈতিক দল বা সংগঠনৰ নেতৃত্ব বহন কৰিছে, তেওঁলোকক জনজাতীয় নেতৃত্বৰ শাৰীত ধৰা হোৱা নাই।
     আহোমসকল অহাৰ আগতে আজিৰ অসমৰ ভূখণ্ডত সৰু সৰু ৰাজ্য আছিল আৰু সেইবোৰ ৰাজ্যক জনজাতীয় মূলৰ ৰজাসকলে শাসন কৰি আছিল।  আহোমসকলে সেই সৰু সৰু ৰাজ্যৰ ৰজাবোৰক যুদ্ধত পৰাস্ত কৰি বা যুদ্ধৰ আগতে সন্ধি স্থাপন কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।  ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰি তাৰিখৰ  ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ব্ৰিটিছসকলে আহোম ৰাজ্য অধিকাৰ কৰি লোৱাৰ পাছত ১৮৫৭ চনত ব্ৰিটিছৰ বিৰূদ্ধে যি বিদ্ৰোহৰ সূত্ৰপাত হৈছিল সেই সময়ত জনজাতীয় মূলৰ লোকৰ  দ্বাৰা গঠিত কোনো প্ৰতিষ্ঠিত সংগঠন নাছিল।  গতিকে, ১৮৫৭ চনৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত অসমত জনজাতীয় নেতৃত্ব বুলিবলৈ কোনো জনজাতীয় নেতা নাছিল।  ব্ৰিটিছে অসমখন অধিকাৰ কৰাৰ পাছত চৰকাৰী চাকৰি তথা আন সা-সুবিধাবোৰ বাঙালীসকলৰ পিছতে অসমৰ উচ্চবৰ্ণৰ লোকসকলৰ মাজতে সীমাবদ্ধ আছিল।  যাৰ ফলত জনজাতীয় লোক আৰু উচ্চ বৰ্ণৰ দ্বাৰা পৰিচালিত অসমীয়া মধ্যশ্ৰেণীৰ লোকসকলৰ মাজত ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক ব্যৱধান বৃদ্ধি পাইছিল।  লাহে লাহে ব্ৰিটিছৰ অৰ্ধ-সামৰিক বাহিনীবোৰত জনজাতীয় মূলৰ লোকৰ যোগদান আৰম্ভ হ’বলৈ ধৰে আৰু তেওঁলোকৰ অনুন্নত অৱস্থাৰ প্ৰতি তেওঁলোক সজাগ হ’বলৈ ধৰে। তেওঁলোকে নিজে অন্তৰ্ভূক্ত হোৱা জনজাতিবোৰৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিংশ শতিকাৰ প্ৰথম দশকৰ পাছৰে পৰাই জনজাতীয় সংগঠনবোৰ গঠন কৰিবলৈ ধৰে।  সেইবোৰৰ ভিতৰত সদৌ অসম কছাৰী সন্মিলনী, বড়ো ছাত্ৰ সন্থা,  মিৰি সন্মিলনী, ৰাভা সন্মিলনী, লালুং সন্মিলনী আদি অন্যতম। সেই সময়ছোৱাৰ শেষৰ ফালে অসমৰ গোৱালপাৰা জিলাখন বংগদেশৰ সৈতে চামিল কৰি (‘গোৱালপাৰা জিলা জমিদাৰ এছ’চিয়েচনে’ দাবী জনাই আহিছিল) জিলাখনৰ বিদ্যালয়সমূহত বাংলা ভাষাৰ মাধ্যমত শিক্ষা প্ৰদান কৰাৰ এক জটিল সন্ধিক্ষণ আহি পৰিছিল।  অসমৰ সেই জটিল ৰাজনৈতিক সন্ধিক্ষণত ৰাজ্যখনৰ জনজাতীয় নেতৃত্বই সেই দাবীৰ তীব্ৰ বিৰোধিতা কৰিছিল।  ১৯১৬ চনত বড়ো জনজাতিৰ ধৰ্মীয় নেতা কালিচৰণ ব্ৰক্ষ্মই গোৱালপাৰা জিলাৰ বিদ্যালয়সমূহত বাংলা ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষা প্ৰৱৰ্তনৰ বাবে দাবী জনাই সেই সময়ৰ ছীফ কমিছনাৰৰ ওচৰত আবেদন জনাইছিল। সেই আবেদনখনৰ ভিত্তিতে তদন্তৰ অন্তত চৰকাৰে ১৯১৭ চনৰ পৰা জিলাখনৰ বিদ্যালয়সমূহত অসমীয়া ভাষা প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছিল
স্ব-শাসন লাভৰ উদ্দেশ্যে মহাত্মা গান্ধীয়ে ১৯২০ চনৰ ১ আগষ্ট তাৰিখে ঘোষণা কৰা ‘অসহযোগ আন্দোলন’ ভাৰতৰ বাবে এটা উল্লেখযোগ্য জটিল ৰাজনৈতিক সন্ধিক্ষণ আছিল।  ‘ভাৰত চৰকাৰ আইন, ১৯১৯’ৰ আধাৰত  জনজাতিসকলে পাবলগীয়া সীমিত ৰাজনৈতিক অধিকাৰৰ পৰাও বঞ্চিত হৈছিল। ইয়াৰ মূল বাধা ভাৰতীয় জাতীয় কংগ্ৰেছে আছিল বুলি অসমৰ জনজাতীয় নেতৃত্বই ভাবিছিল।  সেয়েহে ‘অসহযোগ আন্দোলন’ৰ দৰে গুৰুত্বপূৰ্ণ ৰাজনৈতিক সন্ধিক্ষণতো জনজাতীয় নেতৃত্বই আন্দোলনটোত যোগদান কৰা নাছিল। ভাৰতৰ শাসন ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে ছাৰ জন ছাইমনৰ নেতৃত্বত ১৯২৭ চনত  এখন আয়োগ গঠন কৰিছিল, যাক ছাইমন কমিছন হিচাপে জনা যায়।  সাতজনীয়া সদস্যৰে গঠিত আয়োগে ১৯২৮ চনৰ ১৪ ছেপ্টেম্বৰত ভাৰতত উপস্থিত হৈ দেশখনৰ বিভিন্ন প্ৰদেশলৈ  গৈ সাক্ষ্য গ্ৰহণ কৰিছিল। দেশৰ সেই জটিল ৰাজনৈতিক  সন্ধিক্ষণত ভাৰতীয় জাতীয় কংগ্ৰেছে ছাইমন কমিছনক বৰ্জন কৰিছিল। আনকি কমিছনে শ্বিলঙত উপস্থিত হোৱাৰ দিনটোত অসম প্ৰদেশ কংগ্ৰেছে হৰতাল পালন কৰিছিল।  অসমৰ জনজাতীয় নেতৃত্বই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সেই স্থিতিৰ বিপৰীতে গৈ ছাইমন  কমিছনক স্মাৰক পত্ৰ প্ৰদান কৰিছিল আৰু প্ৰয়োজনীয় সাক্ষ্যও দিছিল।  জনজাতীয় নেতৃত্বই অনুভৱ কৰিছিল যে অসমৰ জনজাতিসকলক ৰাজনৈতিক অধিকাৰ প্ৰদানৰ  ক্ষেত্ৰত ভাৰতীয় জাতীয় কংগ্ৰেছে একো কৰা নাছিল।  সেয়েহে ছাইমন কমিছনৰ যোগেদি তেওঁলোকে ব্ৰিটিছ চৰকাৰৰপৰা সুকীয়া ৰাজনৈতিক অধিকাৰ দাবী কৰিছিল
    প্ৰথম অৱস্থাত জনজাতীয় সংগঠনবিলাক জনজাতিৰ ভিত্তিত সুকীয়াকৈ গঢ়ি উঠিছিল আৰু নিজৰ নিজৰ জনজাতিৰ অভাৱ-অভিযোগ, সমাজ সংস্কাৰ, শিক্ষাৰ বিস্তাৰ আদি কামতে সেই সংগঠনবোৰ ব্যস্ত আছিল। সময়ৰ লগে লগে প্ৰতিটো  জনজাতীয় সংগঠনৰ এচাম শিক্ষিত লোকে অনুভৱ কৰিলে যে জনজাতীয় সংগঠনবিলাক একগোট হোৱাৰ সময় আহি পৰিছে। সেয়েহে ১৯৩৩ চনৰ ১৭ এপ্ৰিলত নগাঁওৰ ৰহাত জনজাতিবোৰৰ এক উমৈহতীয়া অভিৱৰ্তন বহে আৰু তাতে জনজাতিবোৰৰ উমৈহতীয়া সংগঠন ‘আছাম বেকৱাৰ্ড প্লেইনছ ট্ৰাইবেল লীগ’ (Assam Backward Tribal League, পিছলৈ ট্ৰাইবেল লীগ হিচাপে জনপ্ৰিয় হয় )  গঠন কৰা হৈছিল জনজাতিসকলৰ স্বাৰ্থ ৰক্ষা কৰাৰ লগতে ভাৰত আৰু অসমৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত এই সংগঠনটোৰ নেতৃত্বই দেশে স্বাধীনতা লাভ কৰা সময়লৈকে পৰিস্থিতি সাপেক্ষে গুৰুত্বপূৰ্ণ স্থিতি গ্ৰহণ কৰি আহিছিল।  এই সময়ছোৱাত প্ৰথমে দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰসংগ আহি পৰে।  ১৯৩৯ চনৰ ১ ছেপ্টেম্বৰত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল।  দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছ চৰকাৰক সহযোগ কৰা বা নকৰা সম্পৰ্কত ভাৰতীয় জাতীয় কংগ্ৰেছ দ্বিধাগ্ৰস্ত হৈ আছিল। কিন্তু, ১৯৩৯ চনৰ ৩ ছেপ্তেম্বৰত যেতিয়া গ্ৰেট ব্ৰিটৈইনে জাৰ্মানীৰ ওপৰত যুদ্ধ ঘোষণা কৰিলে তেতিয়া সকলো কমনৱেলথ সদস্যকো তাকে কৰিবলৈ আবেদন কৰা হৈছিল।  যুদ্ধ ঘোষণা সম্পৰ্কত ভাৰতৰ ভাইচৰয়ে কেন্দ্ৰীয় সংসদৰ সৈতে আনুষ্ঠানিক আলোচনা কৰা নাছিল। ভাৰতক অসৌজন্যমূলকভাবে যুদ্ধলৈ টানি অনাত কংগ্ৰেছ ক্ষুব্ধ হৈ পৰিছিল  সেয়েহে কংগ্ৰেছে ‘ভাৰত চৰকাৰ আইন, ১৯৩৫’ ৰ আধাৰত লাভ কৰা প্ৰাদেশিক শাসনৰ সুযোগ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।অৰ্থাত, দ্বিতীয় বিশ্বযুদ্ধত ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছ চৰকাৰক সহযোগ নকৰাৰ সিদ্ধান্ত লৈছিল।   এই পৰিপ্ৰেক্ষিতত অসমত গোপীনাথ বৰদলৈৰ প্ৰথমখন চৰকাৰৰ (চৰকাৰখন ২০ ছেপ্টেম্বৰ ১৯৩৮ চনত গঠন কৰা হৈছিল) আটাইকেইজন সদস্যই ১৯৩৯ চনৰ ১৭ নৱেম্বৰত পদত্যাগ কৰিছিল আৰু পিছদিনাই (অৰ্থাত ১৮ নৱেম্বৰত) মুছলিম লীগৰ নেতা ছৈয়দ সাদ্উল্লাই চৰকাৰ গঠন কৰিছিল চৰকাৰ গঠন কৰিয়েই ছৈয়দ সাদ্উল্লাই ট্ৰাইবেল লীগৰ ওচৰ চাপিছিল (১৯৩৮ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে চৰকাৰ গঠন কৰাৰ সময়ত ছৈয়দ সাদ্উল্লাই প্ৰথমবাৰ ট্ৰাইবেল লীগৰ ওচৰ চাপিছিল আৰু লীগে সাদ্উল্লাক সমৰ্থন জনাইছিল)।  ছৈয়দ সাদ্উল্লা আৰু ট্ৰাইবেল লীগৰ মাজত হোৱা বুজাবুজি চুক্তিৰ ভিত্তিত লীগে ছৈয়দ সাদ্উল্লাক সমৰ্থন জনাইছিল  ট্ৰাইবেল লীগৰ  যুক্তি আছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছে বিশ্বযুদ্ধত সহযোগ কৰা বা নকৰাৰ প্ৰসংগই ব্ৰিটিছ চৰকাৰক কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। কিন্তু, ছৈয়দ সাদ্উল্লাৰ চৰকাৰত যোগ দি ট্ৰাইবেল লীগে ব্ৰিটিছক সহযোগ কৰিলে লীগে কিছু হ’লেও চৰকাৰৰপৰা ৰাজনৈতিক সুবিধা আদায় কৰিব পাৰিব। আচলতে, সেই সময়ত ট্ৰাইবেল লীগৰ এটা নীতিয়ে আছিল যে যিখন চৰকাৰে জনজাতিসকলৰ শিক্ষা আৰু আৰ্থিক অৱস্থাৰ উন্নতিৰ কাৰণে কাম কৰে আৰু ট্ৰাইবেল লীগৰ স্বাৰ্থৰ বিৰূদ্ধে নাযায় সেইখন চৰকাৰকে সমৰ্থন কৰিব।  ট্ৰাইবেল লীগৰ মতে, অতি দূৰৰ এটা আদৰ্শ আগত লৈ চলি থকা চৰকাৰৰ বিৰূদ্ধে আন্দোলন কৰি তেওঁলোকে তেওঁলোকৰ পিছপৰি থকা অৱস্থা দূৰ কৰিবৰ বাবে চলিত চৰকাৰে প্ৰদান কৰা সুবিধাবিলাক হেৰুৱাই আগৰ দৰে পিছপৰি থাকিব নিবিচাৰে।  সেই একে নীতিৰ আধাৰতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ উদ্যোগত ১৯৪২ চনৰ ৪ আগষ্টত ঘোষণা কৰা ‘ভাৰত ত্যাগ আন্দোলন’তো ট্ৰাইবেল লীগে  যোগদান কৰা নাছিল আৰু আনফালে আন্দোলনটোৰ বিৰোধিতাও কৰা নাছিল
পূৰ্ববংগৰপৰা অসমলৈ  ঘটা প্ৰব্ৰজন অসমৰ কাৰণে এটা জটিল ৰাজনৈতিক সন্ধিক্ষণ আছিল (প্ৰব্ৰজনৰ সমস্যা আজিও আছে, কিন্তু সমস্যাটোৰ ৰূপৰ পৰিবৰ্তন হৈছে)।  মুছলিম লীগৰ এটা পৰিকল্পনা আছিল যে পূৰ্ববংগৰপৰা অসমলৈ মুছলমান সম্প্ৰদায়ৰ লোক বেছিকৈ আনিব পাৰিলে অসমখনকো মুছলমান প্ৰধান প্ৰদেশ হিচাপে গঢ়ি তুলিব পৰা যাব  আৰু সংগঠনটোৱে দাবী কৰি অহা পৃথক মুছলমান ৰাষ্ট্ৰখনত অসমক সামৰি ল’ব পৰা যাব।  মুছলিম লীগৰ নেতা মৌলানা হামিদ ভাছানীয়েতো অসমত ১৯২০ চনৰপৰা প্ৰচলিত ‘লাইন প্ৰথা’ৰ বিলুপ্তিকৰণৰ বাবে সঘনাই দাবী কৰি আহিছিল।  এই প্ৰথাৰ জৰিয়তে চৰকাৰে জনজাতীয় লোকসকলৰ বাবে ভূমি সংৰক্ষণ কৰা পদ্ধতিটোৰ তেওঁ ঘোৰ বিৰোধী আছিল১০   ট্ৰাইবেল লীগৰ সৈতে লগলাগি চৰকাৰ গঠন কৰাৰ বাবে ছৈয়দ সাদ্উল্লাই মুছলিম লীগৰ পৰিকল্পনাত  প্ৰত্যক্ষভাবে সহযোগ কৰিব পৰা নাছিল। সেয়েহে তেওঁ চৰকাৰী সিদ্ধান্ত গ্ৰহণেৰে মুছলিম লীগৰ পৰিকল্পনাত সহযোগ কৰিবলৈ চেষ্টা কৰিছিল।  উদাহৰণস্বৰূপে,  ‘অধিক শস্য উৎপাদন’ (Grow more food) শ্ল’গানেৰে তেওঁ পূৰ্ববংগৰপৰা প্ৰব্ৰজন কৰা লোকসকলক সুৰক্ষা দিয়াৰ  বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল১১ ‘অধিক শস্য উৎপাদন’ শ্ল’গানৰ ভিত্তি গ্ৰহণ কৰা  সিদ্ধান্ত অনুসৰি, অসমত শস্যৰ উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যখনলৈ প্ৰব্ৰজন ঘটা মুছলমান সম্প্ৰদায়ৰ লোকসকলক সংস্থাপনৰ বাবে যোগ্য সকলো ভূমিতে প্ৰত্যক্ষভাবে সংস্থাপন দিয়া হ’ব। এই জটিল ৰাজনৈতিক সন্ধিক্ষণত ট্ৰাইবেল লীগে সাদ্উল্লাৰ প্ৰতি বিষোদগাৰ হৈ পৰিছিল।  ১৯৪৪ চনৰ ২০ এপ্ৰিলত মংগলদৈত অনুষ্ঠিত হোৱা ট্ৰাইবেল লীগৰ অধিৱেশনত অসম উপত্যকাত বহিৰাগতৰ প্ৰব্ৰজন বন্ধ কৰাৰ লগতে খিলঞ্জীয়াক সুৰক্ষিত কৰিবৰ বাবে বহিৰাগতক উচ্ছেদ কৰিবলৈ মঞ্চৰ পৰাই লীগৰ নেতাসকলে দাবী উত্থাপন কৰিছিল।  কেৱল ট্ৰাইবেল লীগৰ নেতৃত্বইহে যে প্ৰব্ৰজনৰ সমস্যাটোৰ ওপৰত ছৈয়দ সাদ্উল্লাৰ প্ৰতি বিষোদগাৰ হৈ পৰিছিল তেনে নহয় ।  ১৯৪৫ চনৰ ৪ আৰু ৫ মে’ত শিৱসাগৰৰ দিহিংমুখত ট্ৰাইবেল লীগৰ ভাতৃ সংগঠন ‘কছাৰী সন্মীলনী’ৰ ত্ৰয়োদশ অধিৱেশন বহিছিল, য’ত সংগঠনটোৰ নেতৃত্বই ছৈয়দ সাদ্উল্লাৰ প্ৰতি যে কোনো সহানুভূতি নাই সেয়া প্ৰকাশ কৰিছিল১২  
ব্ৰিটিছ চৰকাৰে ভাৰতীয় নেতৃত্বক শাসনভাৰ অৰ্পণ কৰাৰ উদ্দেশ্যে কেবিনেট মিছনে যিবোৰ প্ৰস্তাৱ লৈ আহিছিল, সেয়া অসমৰ বাবে এক জটিল ৰাজনৈতিক সন্ধিক্ষণ আছিল।  কেবিনেট মিছনৰ মূল প্ৰস্তাৱসমূহৰ ভিতৰত এটা প্ৰস্তাৱ আছিল যে ভাৰতৰ প্ৰদেশসমূক A, B আৰু  C তিনিটা শাখাত ভাগ কৰা হ’ব।  C শাখাত বংগ আৰু অসমক সামৰি লোৱা হৈছিল।  মুছলিম লীগে এই প্ৰস্তাৱক সমৰ্থন দিছিল আৰু C শাখাৰ প্ৰদেশসমূক লৈ এখন মুছলমান প্ৰধান ৰাষ্ট্ৰ গঠনৰ পোষকতা কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশৰ হৈ গোপীনাথ বৰদলৈয়ে অসমক  C শাখাত অন্তৰ্ভূক্ত কৰা প্ৰস্তাৱটোৰ তীব্ৰ বিৰোধিতা কৰিছিল।  আনহাতে ছৈয়দ সাদ্উল্লাই জনজাতীয় অঞ্চলক বাদ দি অসম এখন মুছলমান প্ৰধান প্ৰদেশ বুলি মিছনক জনাইছিল১৩ অসমক C শাখাত অন্তৰ্ভূক্ত কৰা প্ৰস্তাৱক লৈ ইতিমধ্যে আন্দোলন আৰম্ভ হৈছিল।  সেই সময়ত কংগ্ৰেছৰ সৈতে ট্ৰাইবেল লীগৰ ৰাজনৈতিক সম্পৰ্ক ভাল নাছিল যদিও ট্ৰাইবলে লীগে সৰ্বশক্তিৰে আন্দোলনত যোগদান কৰিছিল।  সেই আন্দোলনৰ বাবে ট্ৰাইবেল লীগৰ নেতৃত্বই দীৰ্ঘদিন ধৰি দাবী কৰি অহা সুকীয়া নিৰ্বাচকমণ্ডলীৰ (Separate Electorate) দৰে মৌলিক বিষয়টোকো পৰিত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল১৪ স্বাধীনতাৰ পাছত ট্ৰাইবেল লীগৰ মূল নেতাসকল মূলসূঁতিৰ ৰাজনীতিৰ সৈতে একাকাৰ হোৱাৰ পাছত সংগঠনটোক অৰাজনৈতিক সংগঠনলৈ ৰূপান্তৰ কৰাৰ লাগে লগে ভাৰত বা অসমৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত ট্ৰাইবেল লীগৰ নেতৃত্বৰ স্থিতিৰো যতি পৰে।
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ কিছু বছৰৰ পাছত দেশখনত ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল।  অসমীয়া ভাষাৰ ভিত্তিত অসম ৰাজ্যখন গঠন হৈছে বুলি পতিয়ন নিয়াবলৈ অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰয়োগ কৰিবলৈ অসমীয়া জাতীয়তাবাদী শিবিৰে আন্দোলন কৰিছিল। এইটো আছিল অসমৰ বাবে আন এক জটিল ৰাজনৈতিক সন্ধিক্ষণ। আন্দোলনটোৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই অসমত অসমীয়া ভাষাক বাধ্যতামূলকভাবে প্ৰয়োগ কৰিবৰ বাবে অসম চৰকাৰে ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’ নামৰ বিল এখন প্ৰস্তুত কৰিছিল। চৰকাৰী ভাষা সম্পৰ্কে অসম কংগ্ৰেছ সমিটিয়ে আগবঢ়োৱা প্ৰস্তাৱটোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ ১৯৬০ চনৰ ২৮ এপ্ৰিলত অসমৰ পাহাৰীয়া জিলাৰ নেতাসকল মেঘালয়ৰ তুৰাত মিলিত হৈছিল, ইয়াক All Parties Hill Leaders Conference (APHLC) হিচাপে জনা যায়।  APHLCএ কংগ্ৰেছৰ সেই সিদ্ধান্তৰ বিৰূদ্ধে প্ৰতিবাদ জনাইছিল১৫। মিকিৰ পাহাৰ স্বায়ত্বশাসিত জিলাৰ জনজাতীয় নেতৃত্বৰ বাহিৰে অসমৰ আটাইবোৰ স্বায়ত্বশাসিত জিলাৰ জনজাতীয় নেতৃত্বই বিলখনৰ ঘোৰ বিৰোধিতা কৰিছিল১৬। যিহেতু ভৈয়ামৰ জনজাতীয় নেতাসকল ইতিমধ্যে অসমৰ মূলসূঁতিৰ ৰাজনীতিৰ সৈতে চামিল হৈছিল, সেয়েহে সেই জটিল ৰাজনৈতিক সন্ধিক্ষণত তেওঁলোকৰ স্থিতিৰ প্ৰাসংগিকতা নাছিল।  জনাই থোৱা ভাল হ’ব যে কাছাৰৰ বাঙলী আৰু পাহাৰৰ জনজাতীয় নেতৃত্বৰ আপত্তি সত্বেও ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’ বিলখনে ১৯৬০ চনৰ ১৭ ডিছেম্বৰ তাৰিখে ৰাজ্যপালৰ অনুমোদন পাইছিল১৭
     ১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈ চলা ‘বহিৰাগত খেদা (নে বিদেশী খেদা?) আন্দোলন’ অসমৰ বাবে আন এক জটিল ৰাজনৈতিক সন্ধিক্ষণ আছিল, যাক আজি ছবছৰীয়া ‘অসম আন্দোলন’ হিচাপে জনা যায়।  ‘অসম আন্দোলন’ আৰম্ভ হোৱাৰ আগৰে পৰাই অসমৰ জনজাতীয় নেতৃত্বই অসমলৈ অবৈধ অনুপ্ৰৱেশৰ সমস্যাটোৰ বিৰূদ্ধে স্থিতি গ্ৰহণ কৰি আহিছিল। অসমলৈ অবৈধ অনু্প্ৰৱেশ ঘটা সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি দেশৰ আইনৰ মাধ্যমত সমস্যাটোৰ আশু আৰু কাৰ্যকৰী সমাধান কৰিব লাগে বুলি Plain Tribals Council of Assam ( চমুকৈ, PTCA) য়ে দাবী কৰিছিল  কেৱলে সিমানেই নহয়, ভাৱিষ্যতে যাতে ৰাজ্যখনলৈ অবৈধ অনুপ্ৰৱেশ ঘটিব নোৱাৰে তাৰ বাবে ভাৰতৰ সংবিধানৰ আধাৰত বিশেষ মৰ্যাদা দিব লাগে বুলি PTCAয়ে দাবী কৰিছিল অৱশ্যে, তেওঁলোকে আন্দোলনটোত নৈতিক সমৰ্থনহে দিছিল। সক্ৰিয়ভাবে অংশগ্ৰহণ কৰা নাছিল।  ইয়াৰ কাৰণ হ’ল, ১৯৬৭ চনৰপৰা অসমৰ মূলসূঁতিৰ নেতৃত্ব আৰু জনজাতীয় নেতৃত্বৰ মাজত ৰাজনৈতিক বিষয়ত বৃহৎ পাৰ্থক্য গঢ়ি উঠিছিল।  দুটা উদাহৰণ দিয়া যাওক।  ১৯৬৭ চনৰ ১৩ জানুৱাৰি তাৰিখে অসমৰ জনজাতিসকলৰ  ৰাজনৈতিক সুৰক্ষাৰ উদ্দেশ্যে  সেই সময়ৰ ভাৰতৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ঘোষণা কৰা Federal Plan ৰ বিৰূদ্ধে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাকে ধৰি অসমৰ মূলসূঁতিৰ নেতৃত্বই আন্দোলন কৰিছিল। যাৰ ফলত চৰকাৰে Federal Plan বাতিল কৰিবলৈ বাধ্য হৈছিল১৮। জনজাতিসকলৰ সামগ্ৰিক সুৰক্ষাৰ বাবে অসমত ‘জনজাতি অনুসূচিত এলেকা’ সৃষ্টি কৰা Delimitation of Constituency Act, 1962 অনুযায়ী সমষ্টিবোৰ পুনৰ গঠন কৰাৰ দাবীত ১৯৬৭ আৰু ১৯৬৮ চনৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন বৰ্জনৰ বাবে ১৯৬৮ চনৰ ২২ মে’ত PTCA য়ে শান্তিপূৰ্ণ আন্দোলন কৰিছিল।  কিন্তু, ১৪৪ ধাৰা ভংগৰ অপৰাধত আৰক্ষীয়ে আন্দোলনকাৰীৰ ওপৰত গুলীচালনা কৰিছিল। যাৰ ফলত কেইবাগৰাকী আন্দোলনকাৰী আহত হৈছিল১৯  ইমান ডাঙৰ ঘটনা এটা ঘটি যোৱাৰ পাছতো অসমৰ মূলসূঁতিৰ দল বা সংগঠনৰ নেতৃত্বই প্ৰশাসনৰ বিৰূদ্ধে মাত মতা নাছিল।  অসমৰ জনজাতীয় নেতৃত্বই পুনৰ এবাৰ বুজি উঠিছিল যে অসমৰ মূলসূঁতিৰ দল বা সংগঠনৰ নেতৃত্বই জনজাতিসকলৰ মৰ্মবেদনা বুজিবলৈ অলপো চেষ্টা নকৰে।  সেয়েহে, ৰাজনৈতিক ক্ষেত্ৰত স্ব-নিয়ন্ত্ৰণৰ উদ্দেশ্যে অসমৰ জনজাতীয় নেতৃত্বই ১৯৭২ চনৰ ২ ডিছেম্বৰত সংবাদমেল পাতি ‘উদয়াচল’ নামেৰে এখন কেন্দ্ৰীয়শাসিত ৰাজ্য গঠনৰ দাবী উত্থাপন কৰিছিল।  
ভাৰতী জনতা দল নেতৃত্বৰ চৰকাৰে ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬’খন সংসদত উত্থাপন কৰা- সমগ্ৰ ভাৰতৰ লগতে অসমৰ ৰাজনৈতিক ইতিহাসত আন এক অতি জটিল ৰাজনৈতিক সন্ধিক্ষণ হিচাপে চিহ্নিত হৈছে। ভাৰতীয় জনতা দল আৰু দলটোৰ সৈতে একে আদৰ্শত বিশ্বাসী সংগঠনৰ  বাহিৰে অসমৰ আটাইবোৰ দল আৰু সংগঠনে বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে।  মনকৰিবলগীয়া যে অসমৰ ৰাজনীতিত যোৱা দুটা দশক ধৰি অসমৰ জনজাতীয় নেতৃত্বই দুই ধৰণে জড়িত হৈ আছে- (১) অঞ্চল এটাত সংখ্যাগৰিষ্ঠ থকা এটা নিৰ্দিষ্ট জনজাতিৰ নামেৰে দলীয় ৰাজনীতিত যোগদান কৰি, আৰু (২) নিজ নিজ জনজাতীয় সংগঠনৰ নেতৃত্বৰে প্ৰভাৱ গোষ্ঠী হিচাপে।  নিজ জনজাতি সম্পৰ্কীয় আভ্যন্তৰীণ বিষয়বোৰত দুয়োপ্ৰকাৰ ৰাজনৈতিক শক্তিৰ মাজত কিছু মতানৈক্য থাকে। কিন্তু, ভাৰত বা অসমৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত দুয়োপ্ৰকাৰ জনজাতীয় ৰাজনৈতিক শক্তিৰ মাজত পাৰ্থক্য নাথাকে।  জনজাতিৰ নামেৰে  দলীয় ৰাজনীতিত সোমাই পৰা জনজাতীয় নেতৃত্ব বৰ্তমানৰ মিত্ৰজোঁট চৰকাৰখনৰ একো একোটা অংশ হৈ আছে।  কিছুমানে নিজ জনজাতিৰ নামত প্ৰাৰ্থী থিয় কৰাইছে যদিও ৰাষ্ট্ৰীয় দলটোৰে প্ৰতীক ব্যৱহাৰ কৰি বিধান সভালৈ নিৰ্বাচিত হৈছে।  প্ৰথমবাৰ  বিধেয়কখন (গৃহ মন্ত্ৰী ৰাজনাথ সিঙে) লোকসভাত গৃহীত কৰাই ৰাজ্যসভাত উত্থাপন কৰিবলৈ সাজু কৰাৰ সময়ত ‘বড়োলেণ্ড পিপুলছ ফ্ৰ’ন্ট’ৰ হৈ অসমৰপৰা নিৰ্বাচিত সাংসদ বিশ্বজিত দৈমাৰীয়ে তীব্ৰ বিৰোধিতা কৰিছিল।  কিন্তু, ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত অঞ্চলসমূহত প্ৰস্তাৱিত আইনখন প্ৰয়োগ কৰা নহ’ব বুলি আইনখনৰ ২০১৯ চনৰ সংস্কৰণত  স্পষ্টিকৰণ পোৱাৰ পিছত (নতুন গৃহ মন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰা) ‘বড়োলেণ্ড পিপুলছ ফ্ৰ’ন্ট’ৰ সাংসদজনে  বিধেয়কখনৰ বিৰূদ্ধে মাত মতা দেখা নগ’ল  (যিখন এতিয়া আইনত পৰিণত হৈছে)। বড়ো জনজাতিৰ প্ৰভাৱগোষ্ঠী হিচাপে থকা ৰাজনৈতিক শক্তিবোৰে বিধেয়কখনৰ বিৰোধিতা কৰা আন্দোলনটোত নৈতিক সমৰ্থন দিয়া বুলি জনাইছে।  অৱশ্যে, ৰাজপথত নামি সক্ৰিয় আন্দোলনত যোগদান কৰাৰ পৰা বিৰত আছে২০। ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত নোহোৱা নামনি অসমৰ আন জনজাতীয় নেতাসকলেও একে নীতিকে মানি চলিছে।  এই জটিল ৰাজনৈতিক সন্ধিক্ষণত অসমৰ জনজাতীয় নেতৃত্বই আইনখনৰ বিৰূদ্ধে সক্ৰিয়ভাবে আন্দোলনত যোগদান নকৰাৰ কাৰণবোৰ এনেধৰণৰ- (১) পূৰ্বতে মূলসূঁতিৰ অসমীয়াৰ নেতৃত্বত চলা আন্দোলনবোৰত  জনজাতীয় নেতৃত্বই যোগদান কৰাৰ পাছতো জনজাতিসকলৰ বিৰূদ্ধে সেই নেতাসকলে যি পদক্ষেপ গ্ৰহণ কৰিছিল, বৰ্তমানৰ আন্দোলনকাৰী নেতাসকলে তেনে নকৰিব বুলি জনজাতীয় নেতৃত্বই বিশ্বাসত ল’ব পৰা নাই, (২) জনজাতীয় ৰাজনৈতিক শক্তিবোৰে ভাৰতীয় জনতা দলৰ সৈতে লগলাগি গঠন কৰা মিত্ৰজোঁটৰ চৰকাৰখনে তেওঁলোকক এতিয়ালৈকে যিখিনি ৰাজনেতিক আৰু অৰ্থনৈতিক সা-সুবিধা প্ৰদান কৰিছে আৰু ভৱিষ্যতে প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে, সেইখন চৰকাৰৰ বিৰূদ্ধে আন্দোলন কৰি তেওঁলোকে চৰকাৰখনৰ প্ৰতি অকৃতজ্ঞ হ’ব বিচৰা নাই আৰু ভৱিষ্যতে যিখিনি পাম বুলি আশা কৰিছে সেইখিনিক হেৰুৱাব বিচৰা নাই, (৩) দীঘলীয়া সংগ্ৰামৰ পাছত ৰাজনৈতিক দিশত যোৱা কেইবছৰমানৰ পৰাহে অসমৰ জনজাতিপ্ৰধান অঞ্চলবোৰত সুস্থিৰতা  আহি পৰিছে।  সেয়েহে,  চলিত চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদ কৰি জনজাতীয় নেতৃত্বই সেই সুস্থিৰতাৰ ওপৰত আঘাত কৰিব বিচৰা নাই, (৪) দীঘলীয়া অভিজ্ঞতাৰপৰা জনজাতীয় নেতৃত্বই শিকিছে যে চৰকাৰ বিৰোধী আন্দোলনবিলাক কৰাৰ সময়ত মূলসূঁতিৰ অসমীয়া আন্দোলনকাৰী নেতৃত্বই অসমৰ জনজাতীয় নেতৃত্বক সমান বুলি নাভাবি সদায় ‘সৰু ভাই’ৰ দৰে চিনাকি দিব বিচাৰে, যিটো তেওঁলোকে ভাল নাপায়, (৫) অসমৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত, বিশেষকৈ ‘বিদেশী খেদা’ বিষয়টোক লৈ ইতিমধ্যে যিবোৰ সংগঠনে আন্দোলন কৰিছিল, সেইবোৰ সংগঠনৰ বেছিভাগ নেতাই পিছৰ পৰ্যায়ত দলীয় ৰাজনীতিত যোগদান কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দি আহিছে।  কিন্তু, তেওঁলোকে সেই সমস্যাটোৰ স্থায়ী সমাধানৰ পৰিৱৰ্তে সমস্যাটোক জটিলৰ পৰা জটিলতৰ কৰাহে দেখা গৈছে।  এইবাৰৰ আন্দোলনকাৰীসকলো  যে একে নাৱৰে যাত্ৰী নহ’ব, সেয়া জনজাতীয় নেতৃত্বই বিশ্বাসত ল’ব পৰা নাই , (৬) শেষত, জনজাতীয় নেতৃত্বই লক্ষ্য কৰিছে যে আইনখন বিৰোধিতা কৰাৰ সময়ত কেৱল অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি ৰক্ষাৰ  ওপৰতহে গুৰুত্ব দিছে,  জনজাতীয় লোকসকলৰ ভাষা, সাহিত্য আৰু সংস্কৃতি ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই২১। ভাৰত তথা অসমৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত অসমৰ জনজাতীয় নেতৃত্বই কেতিয়াবা মূলসূঁতিৰ নেতৃত্বৰ বিৰূদ্ধে, কেতিয়াবা সপক্ষে আৰু কেতিয়াবা নিৰপেক্ষ স্থিতি গ্ৰহণ কৰি আহিছে।  যিহেতু জনজাতীয় ৰাজনৈতিক সংগঠন বা দলবিলাক জনজাতিসকলৰ নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে গঠন কৰা হৈছে, সেয়েহে ভাৰত তথা অসমৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত জনজাতীয় নেতৃত্বই জনজাতিসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিহে স্থিতি গ্ৰহণ কৰি আহিছে।    
সূত্ৰ-নিৰ্দেশ


দাস, মুনীন্দ্ৰ (২০১৮): “বড়োৰ উত্তৰণৰ ইতিহাস : সমস্যা, সংগ্ৰাম, প্ৰাপ্তি”, (গুৱাহাটী, ডিব্ৰুগড়: বনলতা), পৃষ্ঠা: ১০৩ আৰু ১০৪।
দাস, মুনীন্দ্ৰ (২০১৮): পূৰ্বোল্লিখিত,পৃষ্ঠা: ৮৯, ১০২, ১০৬ আৰু ১৩৬।  
দেউৰী, ইন্দিবৰ (২০০১): “জনগোষ্ঠীয় সমস্যা: অতীত, বৰ্তমান ভৱিষ্যৎ”, দ্বিতীয় সংস্কৰণ, (গুৱাহাটী: বান্ধৱ), পৃষ্ঠা: ৫।  উল্লেখ কৰা ভাল হ’ব যে অসমৰ ভৈয়ামৰ জনজাতীয় নেতাসকলে একগোট হোৱাৰ পাছত পাহাৰৰ জনজাতীয় নেতাসকলকো একগোট কৰাৰ উদ্দেশ্যে ১৯৩৫ চনত কোকৰাঝাৰত ৰূপনাথ ব্ৰক্ষ্মৰ নেতৃত্বত অল আছাম ট্ৰাইবেল ৰেচেছ ফেডাৰেচন (All Assam Tribal Races Federation) নামৰ এটা সংগঠনৰ জন্ম দিয়া হৈছিল।  কিন্তু পাহাৰীয়া জনজাতীয় নেতাসকলৰ আগ্ৰহৰ অভাৱৰ বাবে সেই সংগঠনটো আগবাঢ়িব নোৱাৰিলে (মুনীন্দ্ৰ দাসৰ পূৰ্বোল্লিখিত গ্ৰন্থ, পৃষ্ঠা: ১০৭ আৰু ১০৮)।  
আজাদ, মৌলানা আব্দুল কালাম (২০১৬): “ভাৰতৰ স্বাধীনতা লাভ”, মূল “India Wins Freedom’গ্ৰন্থখনৰ  আবু নাছাৰ চাঈদ আহমেদে কৰা অসমীয়া অনুবাদ, (ৱাৰ্ডউইভছ ইণ্ডিয়া), পৃষ্ঠা: ৩৯ আৰু ৪০ ।
দাস, মুনীন্দ্ৰ (২০১৮): পূৰ্বোল্লিখিত,পৃষ্ঠা: ১১৬।
সভাপণ্ডিত, ৰণজিৎ (২০১৪): “ছৈয়দ সাদুউল্লাৰ পৰা গোপীনাথ বৰদলৈলৈ: ১৯৩৭-৫০ অসমৰ ৰাজনৈতিক ইতিহাস”, (গুৱাহাটী : অসম পালিচিং কোম্পানী), পৃষ্ঠা: ৪৯ আৰু ৫৫।
Political History of Assam, Vol. 3, 2008, Third Edition, (Guwahati: Assam Publication Board), Page: 313.
দাস, মুনীন্দ্ৰ (২০১৮): পূৰ্বোল্লিখিত,পৃষ্ঠা: ১১৬।
দেউৰী, ইন্দিবৰ (২০০১): পূৰ্বোল্লিখিত,পৃষ্ঠা: ৫ আৰু ৬।
১০শৰ্মা, দেৱব্ৰত (২০১৩): “ইচলাম, জাতীয়তাবাদ আৰু সমাজবাদ”, দ্বিতীয় প্ৰকাশ, (একলব্য প্ৰকাশন), পৃষ্ঠা: ৪০, ৪১।
১১Guha, Amalendu (2014): Planter Raj to Swaraj: Freedom Struggle & Electoral Politics in Assam, Third Edition, (Tulika Books), Page: 229.
১২Political History of Assam, Vol. 3, 2008, Third Edition, (Guwahati: Assam Publication Board), Page: 316.
১৩সভাপণ্ডিত, ৰণজিৎ (২০১৪): পূৰ্বোল্লিখিত, পৃষ্ঠা: ১২০ আৰু ১২২।   
১৪দাস, মুনীন্দ্ৰ (২০১৮): পূৰ্বোল্লিখিত, পৃষ্ঠা: ১৫০।   
১৫দাস, মুনীন্দ্ৰ (২০১৪): “পৃথক ৰাজ্যৰ দাবী আৰু জনগোষ্ঠীয় আন্দোলন”, (গুৱাহাটী: অসম বুক ট্ৰাষ্ট), পৃষ্ঠা: ৪৬।   
১৬ইন্টাৰনেটৰ তথ্য: ১৭ জুন ২০১৮ তাৰিখে ডাউনলোড কৰা হৈছে, উপলব্ধ: http://shodhganga.
১৭Basid, Habib Fazlul (2016): “The Assamese Language Issue: An Analysis from Historical Perspective”, International Journal of Humanities and Social Sciences, Vol. 6, No. 2, Pp. 125-133.  
১৮দাস, মুনীন্দ্ৰ (২০১৮): পূৰ্বোল্লিখিত, পৃষ্ঠা: ২৭২, ২৭১ আৰু ২৯১।
১৯দেউৰী, ইন্দিবৰ (২০০১): পূৰ্বোল্লিখিত,পৃষ্ঠা: ১০ আৰু ১১।
২০নিখিল বড়ো ছাত্ৰ সংস্থাৰ সভাপতি প্ৰমোদ বড়োৰ ভাষণ, ইন্টাৰনেটৰ তথ্য, ২ জানুৱাৰি ২০২০ তাৰিখে ডাউনলোড কৰা হৈছে, ভাষণটো https://www.youtube.com/watch?v=F5lePcl5puI ত উপলব্ধ।
২১নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ ক্ৰমে সপ্তদশ আৰু দশম দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত (১১ জানুৱাৰি ২০২০) সভাপতি ৰমেন সিং ৰাভাই দিয়া সভাপতিৰ অভিভাষণত শেষৰ বিষয়টো স্পষ্টভাবে প্ৰকাশ পাইছে।  



[প্ৰকাশিত, 'প্ৰান্তিক', ১৬-৩১ মাৰ্চ ২০২০, পৃষ্ঠা: ১৭-২০]