Friday 23 October 2020

‘দ্বিজাতি-তত্ত্ব কাৰ সৃষ্টি’ প্ৰসংগত

যোৱা ১৫ অক্টোবৰত দেবেন তামুলীৰ ‘দ্বিজাতি-তত্ত্ব কাৰ সৃষ্টি’ শীৰ্ষক লেখাটো পঢ়িলোঁ ।  মহম্মদ আলি জিন্নাকে ধৰি একাংশ মুছলমান নেতাই ভাৰতত দ্বিজাতি তত্ত্ব সৃষ্টি কৰিছিল বুলি হিন্দুত্বক সমৰ্থন জনাই অহা ৰাজনৈতিক দল আৰু সংগঠনবোৰে প্ৰচাৰ চলাই আহিছে । লেখক দেবেন তামুলীয়ে ঠিকেই লিখিছে যে আচলতে হিন্দু ধৰ্মালম্বী কেইগৰাকীমান ধৰ্মীয় জাতীয়তাবাদী নেতাইহে ভাৰতত দ্বিজাতি তত্ত্ব সৃষ্টি কৰিছিল । প্ৰতিষ্ঠাৰ সময়ত ধৰ্মনিৰপেক্ষ মনোভাৱেৰে ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব বহন কৰিছিল ।  কিন্তু, কম সময়ৰ ভিতৰতে সংগঠনটোৰ কাৰ্যপন্থাবোৰত হিন্দু ধৰ্মৰ ধ্যান-ধাৰণা সোমাই পৰিছিল ।  বিশেষকৈ বাল গংগাধৰ তিলকৰ গণেশ পূজা, শিৱাজী উৎসৱ আৰু ঋষি অৰবিন্দৰ আৰ্যীয়কৰণ ভাৰতৰ উপৰি আন কিছুমান নেতাৰ ৰামৰাজ্যৰ ধাৰণা, হিন্দু ধৰ্মীয় পদ্ধতিত শপত গ্ৰহণ কৰা, গংগাজলৰ ব্যৱহাৰ আদি হিন্দু ধৰ্মীয় ধ্যান-ধাৰণা আৰু বিশ্বাসে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভিতৰচ’ৰাত বাৰুকৈয়ে প্ৰৱেশ কৰিছিল ।  ১৯০৫-০৯ চনৰ সময়ছোৱাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভিতৰচ’ৰাত হিন্দু ধৰ্মীয় ধ্যান-ধাৰণাই চৰম পৰ্যায়ত উপনিত হৈছিল । সেই সময়ছোৱাত ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰিৱেশক হিন্দু ধৰ্মৰ পুনৰ উদ্ধাৰ কৰা আন্দোলনলৈ ৰূপান্তৰ কৰাৰ উপক্ৰম হৈছিল ।  সেই সময়ৰ একাংশ ইছলাম ধৰ্মালম্বী নেতাই ধৰি লৈছিল যে ভাৰতৰ স্বাধীনতা আন্দোলন মানে হ’ল- ‘ভাৰতীয় ৰাজনীতিত হিন্দুৰ প্ৰভুত্ব’ (এই সম্পৰ্কে অধিক জানিবৰ বাবে আগ্ৰহী পাঠকে Bipan Chandra Communalism in Modern India গ্ৰন্থখন চাব পাৰে) । 

ব্যতিক্ৰমৰ বাহিৰে সকলো ক্ৰিয়াৰ প্ৰতিক্ৰিয়া থাকে । ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত চলা স্বাধীনতা আন্দোলনৰ সৈতে জড়িত প্ৰস্তাৱ আৰু কাৰ্যসূচীবোৰত হিন্দু ধৰ্মীয় ধ্যান-ধাৰণাই প্ৰাধান্য লাভ কৰাৰ পাছত একাংশ মুছলমান নেতাই মুছলমানৰ স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্যে ইছলাম ধৰ্মৰ ভিত্তিত কেইবাটাও সংগঠনৰ জন্ম দিছিল । উদাহৰণস্বৰূপে, ১৯০৬ চনৰ ৩০ ডিছেম্বৰত ব্ৰিটিছৰ সক্ৰিয় পৃষ্ঠপোষকতাৰ সদৌ ভাৰত মুছলিম লীগ গঠন কৰা হৈছিল, যিয়ে পিছলৈ দ্বিজাতি তত্ত্বক সাৰ-পানী দি মুছলমানৰ বাবে সুকীয় ৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল । সেইদৰে, সাম্প্ৰদায়িক মনোভাৱাপন্ন হিন্দুসকলে দেশখনৰ হিন্দুসকলক একগোট কৰাৰ উদ্দেশ্যে ১৯২৫ চনত 'ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ' গঠন কৰাৰ পিছত ১৯২৬ চনত একাংশ মুছলমান নেতাই 'তবলীগি' আৰু 'তনজীম' নামৰ দুটা সংগঠনৰ জন্ম দিছিল । এই সংগঠনবোৰে হিন্দু আৰু মুছলমানৰ মাজত হিংসা আৰু সন্দেহৰ মাত্ৰা বঢ়াইছিল আৰু ইয়াৰ ফলস্বৰূপে সঘনে সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছিল । উল্লেখ্য, ১৯২৩-২৬ চনৰ সময়ছোৱাত ভাৰতত হিন্দু আৰু মুছলমানৰ মাজত বাসত্তৰটা ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছিল ।

২০২১ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনত ভোটাৰৰ মন জয় কৰাৰ উদ্দেশ্যে হিন্দুত্বৰ আদৰ্শত বিশ্বাসী সৰ্বভাৰতীয় ৰাজনৈতিক দলটোৱে অসমৰ ৰাজনীতিত সভ্যতাৰ যুঁজৰ প্ৰসংগ আনিছে ।  ধৰা হ’ল, এই প্ৰসংগক ভিত্তি কৰি ইছলাম ধৰ্মৰ ভিত্তিত গঠিত সংগঠনবোৰে ৰাজহুৱাকৈ প্ৰস্তাৱ গ্ৰহণ কৰিলে যে অসমৰ হিন্দুসকলৰ সৈতে একেখন ৰাজ্যত একেলগে থাকিবলৈ মুছলমানসকলৰ অসুবিধা হৈছে আৰু তেওঁলোকে সুকীয়া ৰাজ্য গঠন কৰিবলৈ সক্ষম হ’ল ।  ধৰ্মৰ ভিত্তিত সুকীয়া ৰাজ্য গঠন প্ৰসংগত যিসকলে প্ৰথমে অসমৰ ৰাজনীতিত সভ্যতাৰ যুঁজৰ প্ৰসংগ আনিছিল ইতিহাসে তেওঁলোককে মূল দোষী হিচাপে চিহ্নিত নকৰিবনে ?

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৩ অক্টোবৰ ২০২০]

Saturday 10 October 2020

ড° প্ৰফুল্ল মহন্তৰ এখন মননশীল গ্ৰন্থ

 ঔপনিৱেশিক কালত অসমীয়া সাহিত্যৰ উত্তৰণৰ ভিত্তি কি আছিল ? আধুনিক শিক্ষাৰ প্ৰসাৰ আৰু অসমৰ অভিজাত শ্ৰেণীৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছে ? বাংলা ভাষাই অসমীয়া সাহিত্যৰ বিকাশত কেনেধৰণৰ প্ৰভাৱ পেলাইছিল ? ব্ৰিটিছ পুঁজিবাদী অৰ্থব্যৱস্থাৰ শোষণে আধুনিক অসমীয়া সাহিত্যত প্ৰভাৱ পেলাইছিল নেকি ? অসমৰ বৌদ্ধিক শ্ৰেণীৰ মাজত এইবোৰ প্ৰশ্নই প্ৰায়ে আমনি কৰি থাকে ।  অসমৰ বিশিষ্ট সমাজবিজ্ঞানী ড° প্ৰফুল্ল মহন্তই শেহতীয়াকৈ এই প্ৰশ্নবোৰৰ উত্তৰ হিচাপে আঠটা প্ৰবন্ধ সন্নিৱিষ্ট কৰি ‘আধুনিক অসমীয়া সাহিত্য: সামাজিক-বৌদ্ধিক পটভূমি আৰু অন্যান্য’ শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে ।  চলিত বৰ্ষৰ মাৰ্চ মাহত প্ৰকাশিত ড° মহন্তৰ গ্ৰন্থখনত উল্লিখিত প্ৰশ্নবোৰৰ উপৰি অসমীয়া জাতিৰ কাণ্ডাৰী পুৰুষ শংকৰদেৱৰ সাংস্কৃতিক আন্দোলন, অসমৰ ৰেনেছাঁসুলভ ব্যক্তিত্ব জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কৃতি আৰু কৃতিত্বৰ  সুন্দৰ বিশ্লেষণ আগবঢ়োৱা হৈছে । ড° মহন্তই দীৰ্ঘদিন ধৰি বড়ো জনগোষ্ঠীৰ কাণ্ডাৰীসকলক চিনাকি কৰি দিবলৈ চেষ্টা চলাই আহিছে । এই গ্ৰন্থখনো ইয়াৰ ব্যতিক্ৰম নহয় ।  বড়ো জনগোষ্ঠীৰ উত্তৰণত কালীচৰণ ব্ৰক্ষ্মৰ  অৱদান সম্পৰ্কে   ড° মহন্তই গ্ৰন্থখনৰ এটা প্ৰবন্ধত সবিস্তাৰে আলোচনা কৰিছে । গ্ৰন্থখনৰ আন এক উল্লেখযোগ্য সংযোজন হ’ল-অসমীয়া জাতিৰ উত্তৰণত আহোমসকলৰ অৱদান ।  

            ড° মহন্তৰ এই গ্ৰন্থখনে নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত অসমৰ বৌদ্ধিক জগতত নতুনত্ব আনি দিছে যদিও গ্ৰন্থখনে পুনৰাবৃতৰ পৰা মুক্ত হ’ব পৰা নাই । উদাহৰণস্বৰূপে-‘অসমীয়া মধ্যবিত্ত শ্ৰেণী’ শীৰ্ষক অধ্যায়টো । এই অধ্যায়টো লেখকৰ পূৰ্বে প্ৰকাশিত ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’ গ্ৰন্থখনৰ সংক্ষিপ্ত ৰূপ । কোৱা বাহুল্য যে উল্লিখিত গ্ৰন্থখন অধ্যয়ন কৰা পাঠকসকলক এই অধ্যায়টোৱে আমনি কৰাৰ সম্ভাৱনাই অধিক । অৱশ্যে, ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’ গ্ৰন্থখন অধ্যয়ন নকৰা পাঠকসকলে এই গ্ৰন্থখনৰ এই অধ্যায়টোৰ যোগেদি অসমীয়া সাহিত্য আৰু সমাজ জীৱনত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ অৰিহণা আৰু সীমাবদ্ধতা সম্পৰ্কে কিছু ধাৰণা কৰিব পাৰিব ।  

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১০ অক্টোবৰ ২০২০, পৃষ্ঠা: ৫]