Tuesday 24 September 2019

টীয়কৰ ঘটনাৰ আঁত ধৰি


যোৱা ৩১ আগষ্টত যোৰহাট জিলাৰ টীয়কৰ টাটা চাহ বাগিচা চিকিৎসালয়খনত চিকিৎসক উপস্থিত নথকাৰ ফলত ৰোগী এগৰাকীৰ মৃত্যু ঘটাত উন্মাদ লোকৰ ৰোষত পৰি ডা: দেৱেন দত্ত নামৰ চিকিৎসজনে মৃত্যুক সাৱটি ল’বলগীয়া হ’ল। উন্মাদ লোকৰ ৰোষত পৰি মৃত্যুক সাৱটি ল’বলগীয়া হোৱাৰ দৰে হৃদয় বিদাৰক ঘটনা অসমত এয়াই প্ৰথম নহয়। ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত একাংশ উন্মাদ লোকে অভিজিত বৰা আৰু নিলোৎপল দাসক কৰা হ্ত্যা আজিও এক জীয়া ছবি হৈ আছে। 
ডা: দেৱেন দত্ত মানৱ দৰদী হ’বই লাগিব। কেৱল টকাৰ বাবে চাকৰি কৰা হ’লে কোনো এখন চহৰত থাকি ক্লিনিক এখন খুলিয়ে তেওঁ বহু টকা ঘটিব পাৰিলেহেঁতেন। আচলতে তেওঁক কেৱল চিকিৎসক বুলি ভাবি হত্যা কৰা হ’ল। চিকিৎসক এজনো যে মানুহ সেয়া এবাৰো ভাবি চোৱা নহ’ল। সেই দিনটোৰ আগতে তেওঁ যিমানেই ভাল চিকিৎসা প্ৰদান নকৰক কিয়, সেয়া উন্মাদ লোককেইজনৰ মগজুয়ে কাম নিদিলে।
গাঁৱলীয়া দুখীয়া মানুহে ৰোগীক কেতিয়া চিকিৎসালয়লৈ আনে? প্ৰয়োজনীয় ধনৰ অভাৱত গাঁৱলীয়া দুখীয়া মানুহে ধৰি লয় যে দুদিনমানৰ পাছত ৰোগীজন নিজে নিজে সুস্থ হৈ যাব। দুদিনমানৰ পাছতো সুস্থ নহ’লে ৰোগীক কবিৰাজৰ ওচৰলৈ নিয়ে বা কবিৰাজক ঘৰলৈ মাতে। ৰোগ নিৰাময় কৰাতো দূৰৰে কথা, বহু কবিৰাজে ৰোগটোকে চিনাক্ত কৰিব নোৱাৰাৰ পাছতো কেৱল টকা আৰু সন্মান ৰক্ষাৰ স্বাৰ্থত মন্ত্ৰ মতা পানী, তাবিজ, নিজে তৈয়াৰ কৰা ঔষধ (আমাৰ গাঁৱৰ এজন কবিৰাজে ফাৰ্মাচীৰ পৰা ঔষধ কিনি আনি আকৃতিৰ কিছু পৰিবৰ্তন কৰি ৰোগীবোৰক দিছিল) আদিৰে চিকিৎসা চলাই থাকে। ঘটনাক্ৰমে কেতিয়াবা ৰোগী সুস্থ হৈ উঠে। কিন্তু সৰহ সংখ্যকৰ ক্ষেত্ৰতে ওলোটাটো ঘটে। ৰোগীৰ অৱস্থা বেয়াৰ পৰা আৰু বেয়াৰ ফাললৈ গতি কৰে। জটিল অৱস্থাত কৰিবাজে আৰোগ্য কৰিব নোৱাৰাৰ কথা প্ৰকাশ কৰে। তেতিয়াহে ৰোগীক চিকিৎসাললৈ নিয়ে, যিটো সময়ত উন্নত চিকিৎসাৰ প্ৰয়োজন হয়। সকলোবোৰ গ্ৰাম্য চিকিৎসালয়ত উন্নত চিকিৎসাৰ সুবিধা নাথাকে। চহৰত অৱস্থিত ব্যক্তিগত চিকিৎসালয়বোৰত উন্নত চিকিৎসাৰ সুবিধা থাকে। দুখীয়া লোকসকলে জানে যে সেয়া বহু খৰচী কাৰবাৰ। আচলতে সকলো জনাৰ পাছতো সামৰ্থ্যৰ অভাৱে তেওঁলোকৰ মনত নৈৰাশ্যই আমনি কৰি থাকে। নৈৰাশ্যক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোক উন্মাদ হৈ পৰে। যাৰ ফলত কৰ্তব্যত গাফিলতি কৰাৰ অজুহাতত ডা: দেৱেন দত্তৰ দৰে চিকিৎসকে উন্মাদ লোকৰ ৰোষত পৰি মৃত্যুক সাৱটি ল’বলগীয়া হয়।

[প্ৰকাশিত, 'আমাৰ অসম', ২৪ ছেপ্টেম্বৰ ২০১৯, পৃষ্ঠা: ৪]