Saturday 28 January 2023

নতুন দৃষ্টিৰে ইতিহাস অধ্যয়ন

        যোৱা কেইবছৰমান ধৰি অসমত নতুন দৃষ্টিৰে ইতিহাস অধ্যয়নৰ পৰিৱেশ গঢ়ি তুলিবলৈ প্ৰয়াস চলাই থকা হৈছে  । শাসনাধীষ্ঠ ৰাজনৈতিক দলৰ নেতাসকলে তেওঁলোকৰ সহযোগী বুদ্ধিজীৱী, সংগঠন আৰু একাংশ সংবাদ মাধ্যমৰ যোগেদি নতুন দৃষ্টিৰে অসমৰ ইতিহাস প্ৰণয়ন আৰু অধ্যয়ন কৰিবলৈ আহ্বান জনাই আহিছে । অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ো নতুন দৃষ্টিৰে অসমৰ ইতিহাস অধ্যয়নৰ বাবে নতুন প্ৰজন্মক আহ্বান জনাইছে । নতুন দৃষ্টিৰ ইতিহাস অধ্যয়ন কেনেধৰণৰ হ’ব সেয়া শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হোৱা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এখন সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ইংগিত দিছে । উদাহৰণ হিচাপে তেওঁ কৈছে যে মোগলৰ বিৰূদ্ধে লাচিত বৰফুকনে নেতৃত্ব দিয়া শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকা নামৰ কোনো যোদ্ধা নাছিল । ৰাজ্যখনৰ হিন্দু আৰু মুছলমানৰ মাজত সমন্বয় সৃষ্টিৰ উদ্দেশ্যে জনশ্ৰুতিৰ আধাৰত অসমৰ একাংশ বুদ্ধিজীৱীয়ে বাঘ হাজৰিকা নামৰ এজন যোদ্ধাক অসমৰ ইতিহাসত স্থান দি আহিছে । তেওঁৰ আৰু কৈছে যে যদি শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকা নামৰ মুছলমান সম্প্ৰদায়ৰ অন্তৰ্গত কোনোবা যোদ্ধা আছিল, সেইখন যুদ্ধত অসমৰ জনজাতীয় লোকৰ যোদ্ধাও আছিল ।  সি যি কি নহওক, নিশ্চিতভাবে নতুন দৃষ্টিৰে অসমৰ ইতিহাস অধ্যয়নৰ প্ৰয়োজন আছে । অসমৰ বাহিৰত কেতিয়াবাই নতুন দৃষ্টিৰে ইতিহাস অধ্যয়নৰ পৰিৱেশ গঢ়ি উঠিছে । কিন্তু, নতুন দৃষ্টিৰে অসমৰ ইতিহাস অধ্যয়ন কৰাৰ সময়ত কেইটামান কথা মন কৰিব লাগিব ।  

অসমৰ ইতিহাস চৰ্চাৰ ইতিহাস অধ্যয়ন কৰিলে আমি পাওঁ যে অসম সম্পৰ্কীয় ইতিহাসত বহু ঐতিহাসিকে পৌৰাণিক কাহিনী আৰু ৰূপকথাবোৰকো ইতিহাসৰ সমল হিচাপে ব্যৱহাৰ কৰিছে । পৌৰাণিক কাহিনী আৰু ৰূপকথাবোৰক ইতিহাসৰ সমল হিচাপে ব্যৱহাৰ কৰা ঐতিহাসিকসকলে অসমৰ ৰজাসকলক পৌৰাণিক কাহিনীৰ কিছুমান চৰিত্ৰৰ সৈতে সম্পৰ্ক থকা বুলি প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰি আহিছে । অসমখনক অতীতৰে পৰা ভাৰতৰ এটা অবিচ্ছেদ্য অংগ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ঐতিহাসিকসকলে অসমৰ ইতিহাস হিচাপে দাবী কৰা গ্ৰন্থবিলাকত মহাভাৰত, ৰামায়ণ, পুৰাণ  আদিৰ প্ৰসংগ আনি ইতিহাস প্ৰণয়ন কৰিছে ।  অসমৰ বহু ঐতিহাসিকে ইতিহাস চৰ্চাৰ সমল হিচাপে ব্যৱহাৰ কৰা হিতেশ্বৰ বৰবৰুৱাৰ ‘আহোমৰ দিন’ গ্ৰন্থখনত আহোম ৰজা চুকাফাক স্বৰ্গৰ ৰজা ইন্দ্ৰৰ বংশধৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে । পদ্মেশ্বৰ নাওবৈছা ফুকনৰ ‘অসম বুৰঞ্জী’খনতো দেওধাই ভাষাত লিখা থকাৰ দৰে অসমৰ ৰজা-মন্ত্ৰীসকলৰ বংশধৰ পৌৰাণিক কাহিনীবোৰত উল্লেখ থকা চন্দ্ৰ, সূৰ্য, ইন্দ্ৰ, বৃহস্পতি, শুক্ৰ হিচাপে ৰখা হৈছে ।  সূৰ্য্যকুমাৰ ভূঞাই লিখা ‘কামৰূপৰ বুৰঞ্জী’ৰ প্ৰথম অধ্যায়টোত কামৰূপৰ ৰজাসকলৰ পূৰ্বপুৰুষক পৌৰাণিক কাহিনীৰ সৈতে জড়িত কৰা হৈছে । এয়া কেইটামান উদাহৰণ মাত্ৰ । নতুন দৃষ্টিৰে অসমৰ ইতিহাস অধ্যয়ন কৰাৰ সময়ত এই কথা মনত ৰাখিব লাগিব যে পৌৰাণিক কাহিনী আৰু ৰূপকথাবোৰ ইতিহাসৰ সমল হ’ব নোৱাৰে ।  

        ঐতিহাসিক এজনে যি সময়ৰ ইতিহাস প্ৰণয়ন কৰে, তেওঁ সেই সময়ৰ বাতৰি কাকত বা আন সংবাদ মাধ্যমত প্ৰকাশিত তথ্যবোৰৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে । সেই সংবাদ মাধ্যসমূহে সেই সময়ৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থাকে । স্বাভাৱিকতে, তেনে ইতিহাস নিৰপেক্ষ আৰু বস্তুগত নহয় ।  অসমৰ ইতিহাস প্ৰণয়নৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম হোৱা নাই । উদাহৰণস্বৰূপে, Political History of Assam, Vol. 3’ত জনজাতীয় সংগঠনসমূহৰ বিষয়ে ইতিহাস প্ৰণয়ন কৰাৰ ক্ষেত্ৰত যিবোৰ উৎসৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছে সেইবোৰ সেই সময়ৰ (যোৱা শতিকাৰ তিনি, চাৰি দশকৰ) বাতৰি কাকতত প্ৰকাশিত । সেই সময়ৰ বাতৰি কাকতবোৰ প্ৰাদেশিক কংগ্ৰেছ দলৰ পক্ষপাতিত্বৰ পৰা মু্ক্ত নাছিল । ট্ৰাইবেল লীগৰ নিজা দৃষ্টিভংগী থকা প্ৰচাৰ পত্ৰিকা, পুস্তিকা, অধিৱেশনৰ প্ৰস্তাৱ তথা কাৰ্যবিৱৰণী, ‘নায়ক’ আলোচনী আদি মূল উৎসৰ পৰা তথ্য সংগ্ৰহ নকৰাকৈ ‘ব্যাপক ইতিহাস’ প্ৰণয়ন কৰা হৈছে (ইন্দিবৰ দেউৰীৰ গ্ৰন্থ ‘জনগোষ্ঠীয় সমস্যা: অতীত বৰ্তমান ভৱিষ্যৎ’, ২০১৫, পৃষ্ঠা: ৪০, ৪১) । গতিকে, ঐতিহাসিক এজনে তেওঁ যি সময়ৰ ইতিহাস প্ৰণয়ন কৰিছে সেই সময়ৰ আটাইবোৰ উৎসৰ ভিত্তিত প্ৰণয়ন কৰিছে নে নাই, সেয়া নতুন দৃষ্টিৰে ইতিহাস অধ্যয়ন কৰাৰ সময়ত মন কৰিব লাগিব ।   

বহু ঐতিহাসকে পূৰ্ব সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি ইতিহাসৰ তথ্যসমূহক ব্যৱহাৰ কৰে ।  ঐতিহাসিকজনে ইতিহাস প্ৰণয়নৰ সময়ত তেওঁ নিজে অন্তৰ্ভূক্ত হোৱা সম্প্ৰদায়, ধৰ্ম, গোষ্ঠী, অঞ্চলৰ সৈতে জড়িত তথ্যসমূহক তেওঁৰ পূৰ্ব সিদ্ধান্তৰ ভিত্তিত অগ্ৰাধিকাৰ দিয়ে । আন কথাত, ঐতিহাসিকজনে অন্তৰ্ভূক্ত হোৱা সম্প্ৰদায়, ধৰ্ম, গোষ্ঠীৰ, অঞ্চল আদিয়ে ইতিহাস প্ৰণয়নত প্ৰভাৱ পেলায় ।  এই প্ৰভাৱৰ দ্বাৰা প্ৰভাৱিত ঐতিহাসিকসকলে দুটা উদ্দেশ্য আগত ৰাখি ইতিহাস চৰ্চা কৰে -(১) নিজে অন্তৰ্ভূক্ত হোৱা সম্প্ৰদায়, ধৰ্ম বা জনগোষ্ঠীটোক মহিমামণ্ডিত কৰা, (২) নিজে অন্তৰ্ভূক্ত হোৱা সম্প্ৰদায়, ধৰ্ম বা গোষ্ঠীৰ অনগ্ৰসৰতাৰ বাবে আন সম্প্ৰদায় বা জনগোষ্ঠীক দোষাৰোপ কৰা ।  গতিকে, নতুন দৃষ্টিৰে ইতিহাস অধ্যয়ন কৰাৰ সময়ত মন কৰিব লাগিব যে যিগৰাকী ঐতিহাসিকে প্ৰণয়ন কৰা ইতিহাস অধ্যয়ন কৰিবলৈ লোৱা হৈছে, তেওঁ পূৰ্ব সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি ইতিহাস প্ৰণয়ন কৰিছে নেকি  ।

    ‘ইতিহাস কি’ সেই সম্পৰ্কে ই এইছ কাৰ (E H Carr) নামৰ চিন্তাবিদজনে এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে । তেওঁ কৈছে যে ব্যক্তি হিচাপে ঐতিহাসিকজনো ইতিহাস আৰু সমাজৰ এটা অংশ ।  গতিকে, ইতিহাস অধ্যয়ন কৰাৰ আগতে ঐতিহাসিকজনৰ ইতিহাস আৰু সামাজিক পৰিৱেশ অধ্যয়ন কৰিব ল’ব লাগে ।  চিন্তাবিদ কাৰৰ মন্তব্যৰ আঁত ধৰি ক’ব পাৰি যে নতুন দৃষ্টিৰে ইতিহাস অধ্যয়ন কৰাৰ আগতে কোনে, কি প্ৰসংগত নতুন দৃষ্টিৰে ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে তেওঁলোকৰ ইতিহাস আৰু সামাজিক পৰিৱেশ সম্পৰ্কে অধ্যয়ন কৰি ল’ব লাগিব ।  অন্যথা, নতুন দৃষ্টিৰে ইতিহাস অধ্যয়ন কৰা ব্যক্তিজন বৌদ্ধিক দিশত বিপথে পৰিচালিত হ’ব ।    

[প্ৰকাশিত, 'আমাৰ অসম', ২৯ জানুৱাৰী ২০২৩]