যোৱা ১২ এপ্ৰিলৰ ‘আমাৰ অসম’ৰ সম্পাদকীয়টো পঢ়িলোঁ । সম্পাদকীয়টোৰ পৰা এটা কথা স্পষ্ট হৈছে যে প্ৰকৃত
নীতিৰ পৰিপন্থী কাৰ্যকলাপ ভাৰতীয় ৰাজনীতিৰ এটা ৰাজনৈতিক সংস্কৃতি । ৰামায়ণ, মহাভাৰতৰ দৰে ভাৰতৰ পৌৰাণিক কাহিনীবোৰো
ইয়াৰ ব্যতিক্ৰম নহয় । অৱশ্যে, পৌৰাণিক কাহিনীবোৰত উল্লেখ থকা বা দেশখনৰ তাহানিৰ
ৰাজনীতিৰ প্ৰকৃত নীতিৰ পৰিপন্থী কাৰ্যকলাপবিলাকৰ উদ্দেশ্য আৰু বৰ্তমানৰ ৰাজনীতিত
ঘটি থকা তেনে কাৰ্যকলাপবোৰৰ উদ্দেশ্য একে নহয় । পৌৰাণিক কাহিনী বা তাহানিৰ
ৰাজনীতিৰ প্ৰকৃত নীতিৰ পৰিপন্থী কাৰ্যকলাপবোৰৰ মূল উদ্দেশ্য আছিল সমাজখনত ধৰ্ম আৰু ন্যায় প্ৰতিষ্ঠা কৰা । কিন্তু, বৰ্তমানৰ
ৰাজনীতিকসকলৰ এনে কাৰ্যকলাপবোৰৰ মূল
উদ্দেশ্য হ’ল-ক্ষমতা আহৰণ কৰা ।
বৰ্তমান ভাৰতৰ ৰাজনীতিত দেখি থকা প্ৰকৃত নীতিৰ পৰিপন্থী কাৰ্যকলাপবোৰৰ সঘনে ঘটি থকা এটা কাৰ্যকলাপ হ’ল -ঘোঁৰা কিনা-বেচাৰ ৰাজনীতি । আদৰ্শ আৰু সততাৰ ৰাজনীতি দেখি অহা লোকসকলৰ বাবে একাংশ ৰাজনীতিকৰ বৰ্তমানৰ এই কাৰ্যকলাপ অসহনীয়ই নহয়, কল্পনাৰো বাহিৰত । দুৰ্ভাগ্যৰ কথাটো হ’ল- যিসকল ৰাজনীতিক এই কাৰ্যকলাপত জড়িত তেওঁলোকে সততা আৰু আদৰ্শৰ ৰাজনীতিত বিশ্বাসী লোকসকলক হয় অৱজ্ঞা কৰে নাইবা অৱজ্ঞা কৰিবলৈ বাধ্য হৈ পৰে । আমাৰ বোধেৰে একাংশ ৰাজনীতিকে বাধ্যত পৰিয়েই বিক্ৰী হৈ যায় । ইয়াৰ মূল কাৰণ তিনিটা । প্ৰথম, ৰাজনীতিক এজনে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হয় । নিৰ্বাচনত জয়ী হোৱাৰ পিছত পৰৱৰ্তী পাঁচ বছৰত বিধায়ক হিচাপে লাভ কৰা দৰমহাৰে তেওঁ সেইখিনি ধন ঘূৰাই পোৱাৰ সম্ভাৱনা তেনেই কম । বিক্ৰী হোৱাৰ বিনিময়ত নিৰ্বাচনত ব্যয় হোৱা ধনখিনি ঘূৰাই পোৱাৰ উপৰি তেওঁৰ সাত পুৰুষে অৰ্থনৈতিক নিৰাপত্তা লাভ কৰিলে তুলনামূলকভাবে কম শিক্ষিত বিধায়কসকলে বিক্ৰী হৈ যোৱাৰ সম্ভাৱনাই অধিক । দ্বিতীয়, চৰকাৰ গঠন কৰা ৰাজনৈতিক দলটোত থকা বিধায়ক এজনৰ ৰাজনৈতিক ক্ষমতা, চৰকাৰ গঠন নকৰা বা বিৰোধী ৰাজনৈতিক দলত থকা বিধায়ক এজনতকৈ অধিক হয় । ৰাজনৈতিক ক্ষমতালোভী ৰাজনীতিকে এই সুবিধা এৰি নিদিয়াটোৱেই স্বাভাৱিক । তৃতীয়, বিধায়ক হোৱাৰ আগতে দুৰ্নীতিত জড়িত ৰাজনীতিক এজনে দুৰ্নীতি সম্পৰ্কীয় অনুসন্ধানৰ পৰা হাত সৰাৰ উপায় হিচাপে একাংশ বিধায়কে ঘোঁৰা হ’বলৈ বাধ্য হৈ পৰে ।
নিৰ্বাচনত জয়ী হোৱাৰ পিছত ৰাজনীতিক এজনে বিক্ৰী হৈ যোৱাৰ ক্ষেত্ৰত ভোটাৰসকলৰো অৱদান আছে । ভাৰতত এনে একাংশ ভোটাৰ আছে যিসকলে নিৰ্বাচনৰ সময়ত ৰাজনীতিকসকলৰ পৰা ধনৰ বিনিময়ত ভোটদান কৰাৰ পৰিৱেশ সৃষ্টি কৰিছে । সমষ্টি এটাৰ এজন প্ৰাৰ্থীয়ে কোনো এটা অঞ্চলত ভোটাৰক ধনৰ বিনিময়ত ভোট লাভৰ চেষ্টা চলালে সংশ্লিষ্ট সমষ্টিটোৰ বাকী প্ৰাৰ্থীসকলেও একে নীতিকে অৱলম্বন কৰিবলৈ বাধ্য হৈ পৰে । ইয়াৰ অৰ্থ এইটো নহয় যে ভাৰতত আদৰ্শ আৰু সততাৰ ৰাজনীতিৰ বিলুপ্তি ঘটিছে । ব্যতিক্ৰমৰ বাহিৰে প্ৰতিটো নিৰ্বাচনতে প্ৰতিটো সমষ্টিতে আদৰ্শ আৰু সততাৰ ৰাজনীতি কৰা প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হয় । আন কাৰণবোৰৰ উপৰি ধনৰ বিনিময়ত ভোট দিয়া ভোটাৰৰ সংখ্যা বেছি হয় বাবেহে তেনে প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়ী হ'ব নোৱাৰে ।
[প্ৰকাশিত, ‘আমাৰ অসম’, ২৩ এপ্ৰিল ২০২১]