Saturday 22 April 2023

‘অঁকৰা নগা’

         অসমৰ বাপতি-সাহোন ৰঙালী বিহুক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে যোৱা ১৩ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাইত অয়োজন কৰা বৃহৎ অনুষ্ঠানটোত ৰঞ্জিত গগৈ নামৰ বিহুৱাগৰাকীয়ে গোৱা বিহুগীতটোত থকা ‘অঁকৰা নগা’ৰ ‘অঁকৰা’ শব্দটোক লৈ ‘অল আসাম নাগা ৱেলফেয়াৰ ছ’ছাইটি’ নামৰ সংগঠটোৱে সংবাদমেল যোগে আপত্তি দৰ্শাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।  সংগঠনটোৱে জনোৱা মতে, অসমত বসবাস কৰি থকা নগাসকলৰ উপৰি অসমৰ বাহিৰৰ নগাসকলেও অপমান অনুভৱ কৰিছে ।  বিহুৱা ৰঞ্জিত গগৈয়ে নগা জনগোষ্ঠীটোৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিব, অন্যথা আইনী ব্যৱস্থা হাতত লোৱা হ’ব বুলি সংগঠনটোৱে জনাইছে ।  মনকৰিবলগীয়া যে  ৰঞ্জিত গগৈয়ে বিহুগীতটো পৰিবেশন কৰি থকাৰ সময়ত একেখন মঞ্চতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী শ্ৰীযুত বিমল বৰাও বিহুৱাগৰাকীক সহযোগ কৰি আছিল ।  কিছুমান জনগোষ্ঠীয়ে নিজৰ জনগোষ্ঠীটোক উচ্চ পৰ্যায়ৰ জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে তেওঁলোকৰ তুলনাত আন কিছুমান জনগোষ্ঠী সামাজিক আৰু সাংস্কৃতিকভাবে নিম্ন পৰ্যায়ৰ বুলি দেখুৱাব  খোজে । এসময়ত তথাকথিত অসমীয়াসকলে তেওঁলোকৰ তুলনাত নগা জনগোষ্ঠীকে ধৰি অসমৰ জনজাতিসকল সামাজিক আৰু সাংস্কৃতিভাবে নিম্ন পৰ্যায়ৰ বুলি ভাবিছিল ।  সম্ভৱ:ত তেনে সময়তে নগা জনগোষ্ঠীৰ নাম সামৰি এনেধৰণৰ বিহুগীত গোৱা হৈছিল ।  কিন্তু, সময় আৰু পৰিস্থিতি একে নাথাকে ।  প্ৰতিটো জনগোষ্ঠীৰে কিছুমান সুকীয়া পৰিচয় থাকে ।  সেই সুকীয় পৰিচয়ক লৈ নিজৰ মাজত সংশ্লিষ্ট জনগোষ্ঠীটোৱে গৌৰৱ অনুভৱ কৰে । সংশ্লিষ্ট জনগোষ্ঠীটোৰ বাহিৰৰ সমাজে সেই সুকীয়া পৰিচয়ক সন্মান প্ৰদৰ্শন আৰু স্বীকৃতি প্ৰদান কৰাতো প্ৰতিটো জনগোষ্ঠীয়ে কামনা কৰে ।  তদুপৰি, তেওঁলোকে আন জনগোষ্ঠীৰ সমানেই মৰ্যাদা বিচাৰে । 

[প্ৰকাশিত,  'আমাৰ অসম', ২১  এপ্ৰিল ২০২৩,পৃষ্ঠা: ৬]