Tuesday 15 December 2020

‘অৰ্থনৈতিক জাতীয়তাবাদ’ সন্দৰ্ভত

 

         ‘আমাৰ অসম’ত যোৱা ১০ ডিচেম্বৰত প্ৰকাশিত ‘অৰ্থনৈতিক জাতীয়তাবাদ’ শীৰ্ষক সম্পাদকীয়টো পঢ়িলোঁ ।  অসমৰ জাতীয়তাবাদী সংগঠনবোৰ ৰাজনৈতিক ক্ষমতাৰ প্ৰতি যিমান সজাগ-সচেতন অৰ্থনৈতিক জাতীয়তাবাদৰ প্ৰতি সিমান সজাগনে বুলি সম্পাদকীয়টোত সঠিক প্ৰশ্নই উত্থাপন কৰিছে । আমাৰ ধাৰণাত এই প্ৰশ্নটোৰ উত্তৰ ঋণাত্মক । জাতীয়তাবাদী সংগঠনবোৰৰ সৈতে জড়িত বুদ্ধিজীৱীসকলে অৰ্থনৈতিক জাতীয়তাবাদ গঢ়ি তুলিব পৰাকৈ সংগঠনবোৰক উপযু্ক্ত তথা বাস্তৱিক নীতি প্ৰস্তুত কৰি দিব নোৱাৰাৰ ফলতে ৰাজ্যখনত অৰ্থনৈতিক জাতীয়তাবাদৰ প্ৰতি সন্তোষজনক সজাগতা গঢ়ি উঠা নাই । এক মিনিটৰ বাবে ধৰি লোৱা হ’ল যে সংগঠনবোৰৰ সৈতে জড়িত বুদ্ধিজীৱীসকলে জাতীয়তাবাদী সংগঠনবোৰক অৰ্থনৈতিক জাতীয়তাবাদ গঢ়ি তুলিব পৰাকৈ উপযুক্ত নীতি প্ৰস্তুত কৰি দিছে । কিন্তু, ৰাজ্যখনৰ জাতীয়তাবাদী সংগঠনবোৰে সেই নীতিবোৰক জনসাধাৰণৰ মাজলৈ কিমান আগ্ৰহেৰে আগবঢ়াই নিবলৈ চেষ্টা কৰে, সেয়াও সন্দেহৰ বাহিৰত নহয় । অসমৰ সৈতে সংগতি থকা এটা নতুন ৰাজনৈতিক বিচাৰ্য বিষয় (Political Issue) অহাৰ লগে লগে জাতীয়তাবাদী সংগঠনবোৰে অৰ্থনৈতিক জাতীয়তাবাদৰ সৈতে জড়িত বিচাৰ্য বিষয়বোৰৰ প্ৰতি কম গুৰুত্ব দিবলৈ ধৰে ।

            ২০২০ চনত অসমত কেইবাটাও আঞ্চলিক ৰাজনৈতিক দলৰ আৱিৰ্ভাৱ হৈছে । ২০২১ চনৰ এপ্ৰিলত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ধৰি ল’লে নিৰ্বাচনটোৰ বাবে মাত্ৰ তিনিমাহ আছে । নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলবোৰৰ অৰ্থনৈতিক নীতি কি হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।  মন কৰিবলগীয়া যে পশ্চিমীয়া ৰাষ্ট্ৰৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰাৰ ফলত ভাৰতৰ দৰে বিশ্বৰ সৰহ সংখ্যক উন্নয়নশীল ৰাষ্ট্ৰৰে অৰ্থনৈতিক কামকাজত ৰাষ্ট্ৰৰ হস্তক্ষেপ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে  । এক কথাত, সাম্ৰাজ্যবাদী (Imperialism) শক্তিৰ ওচৰত উন্নয়নশীল দেশবোৰে নিজকে ‘আত্মসমৰ্পণ’ কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে । সেয়েহে ভাৰতৰ তথাকথিত জাতীয়তাবাদী শক্তিবোৰে নিজৰ জাতীয়তাবাদী পৰম্পৰা (?) জনমানসত বৰ্তাই ৰখাৰ খাতিৰত অৰ্থনৈতিক জাতীয়তাবাদৰ পৰা ‘পলায়ন’ কৰি সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় দিশত অধিক আগ্ৰাসী হ’বলৈ ধৰিছে । তথাকথিত ভাৰতীয় জাতীয়তাবাদী শক্তিবোৰে সাম্ৰাজ্যবাদী শক্তিৰ বিৰুদ্ধে থিয় দিব পৰাকৈ জাতীয়তাবাদৰ অনুশীলন নকৰাৰ ফলতে সেই শক্তিবোৰে অৰ্থনৈতিক জাতীয়তাবাদৰ ক্ষেত্ৰত ‘পলায়নবাদী নীতি’ গ্ৰহণ কৰি উল্লিখিত দিশত অধিক আগ্ৰাসী হৈ সমাজত বিভাজন আনিবলৈ চেষ্টা চলাই আছে ( এই সম্পৰ্কে অধিক জানিবৰ বাবে আগ্ৰহী পাঠকে Aijaz Ahmad On Communalism and Globalization” নামৰ গ্ৰন্থখনৰ ‘Globalization and Culture’ শীৰ্ষক প্ৰবন্ধটো চাব পাৰে) ।

            সি যি কি নহওক, সাম্ৰাজ্যবাদী শক্তিৰ ওচৰত 'আত্মসমৰ্পণ' নকৰাকৈ অৰ্থনৈতিক জাতীয়তাবাদ গঢ়ি তুলিবলৈ হ'লে অসমৰ আঞ্চলিক ৰাজনৈতিক দল বা সংগঠনবোৰে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী নীতি প্ৰস্তুত কৰি কেনেদৰে কাৰ্যকৰী ৰূপ দিব বিচাৰিছে, সেই সম্পৰ্কে জনসাধাৰণৰ ওচৰত উপযুক্তভাবে দাঙি ধৰা উচিত । অন্যথা, তথাকথিত ভাৰতীয় জাতীয়তাবাদৰ দৰে অসমৰ জাতীয়তাবাদো কেৱল ৰাজনৈতিক আৰু সাংস্কৃতিক জাতীয়তাবাদতে আৱদ্ধ থাকি অৰ্থনৈতিক জাতীয়তাবাদৰ পৰা অতি কম সময়ৰ ভিতৰতে 'পলায়ন' কৰিবলৈ বাধ্য হৈ পৰিব । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৫ ডিচেম্বৰ ২০২০]