Monday 29 May 2017

প্ৰসংগ: ‘উন্নত শিক্ষা ধনিক শ্ৰেণীৰ বিশেষাধিকাৰ নহয়’

যোৱা ১৯ মে’ তাৰিখে ‘আমাৰ অসম’ কাকতত প্ৰকাশিত দেৱৰঞ্জন বৰঠাকুৰৰ ‘উন্নত শিক্ষা ধনিক শ্ৰেণীৰ বিশেষাধিকাৰ নহয়’ শীৰ্ষক লেখাটো পঢ়িলোঁ। বৰঠাকুৰে ঠিকেই চিনাক্ত কৰিছে যে বিলাসী ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰেও সামাজিক বৈষম্য অনাত গুৰুত্বপূৰ্ণ ভুমিকা লৈছে। অৱশ্যে, ব্যক্তিগত খণ্ডৰ শিক্ষা মানেই যে উন্নত শিক্ষা সেয়া এশ শতাংশ শুদ্ধ নহয়। ব্যতিক্ৰমক বাদ দি ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকৰ মূল উদ্দেশ্য ব্যৱসায় কৰা, যাৰ অভিপ্ৰায় মুনাফা আৰ্জন কৰা। ভাৰতৰ মানুহে এইবোৰ কথা নজনাও নহয়। চিন্তা কৰিবলগীয়া কথাটো হ’ল-‘অধিক খৰছ কৰিলেহে উন্নত তথা ভাল শিক্ষা পোৱা যায়’ বুলি যি ধাৰণা প্ৰচলিত হৈছে সেয়া ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। এই প্ৰৱণতা-কাৰোবাৰ বাবে অনুকৰণ, আন কাৰোবাৰ বাবে বাধ্যবাধকতা।  
বুৰঞ্জীয়ে ঢুকি পোৱা দিনৰে পৰা আমাৰ দেশৰ মানুহবিলাক সমূহীয়া (Collective) জীৱন ধাৰাৰ সৈতে সাঙৰ খাই আহিছে। এয়া হ’ল আমাৰ দেশৰ নিজস্ব ঠাঁচ (যাক ইংৰাজীত Collective Framework বুলি কোৱা হয়) এই ঠাঁচত অৰ্থনীতি, শিক্ষা আদিৰ দৰে বিষয়বোৰ তুলনামূলকভাবে ব্যক্তিগত ব্যৱস্থাতকৈ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ ব্যৱস্থাহে ভালকৈ খাপ খায়। কাৰণ, ব্যক্তিগত ঠাঁচ (Individual Framework), ব্যক্তিবাদী (Individualism)  ব্যৱস্থাৰ বাবেহে উপযোগী। শিক্ষাকে ধৰি অৰ্থনীতি, সংস্কৃতি আদি প্ৰায়বোৰ ক্ষেত্ৰতে আমাৰ দেশখন উভয় সংকট পৰিস্থিতিৰে গতি কৰিবলগীয়া হৈ আছে। দেশখনত নতুন অৰ্থনৈতিক নীতি প্ৰচলন কৰাৰ আগতে শিক্ষা ব্যৱস্থাটো ৰাষ্ট্ৰৰ হাতত আছিল (ব্যক্তিগত খণ্ড আছিল যদিও ৰাষ্ট্ৰীয় ব্যৱস্থাৰ ওপৰত প্ৰভাৱ পেলাব পৰা নাছিল)। কিন্তু পাছলৈ শিক্ষা ব্যৱস্থাটোত দ্ৰুতগতিত ব্যক্তিগত খণ্ড সোমাবলৈ ধৰিলে। ফলত শিক্ষাৰ ক্ষেত্ৰত আমাৰ দেশখনৰ জনসাধাৰণ উভয় সংকটত পৰিল। অৰ্থাৎ, আমাৰ সমস্যাটো হ’ল-আমি ব্যক্তিগত ঠাচটো গ্ৰহণ কৰিব বিচাৰোঁ, অথচ আমাৰ জীৱন ধাৰণৰ ভেটিটো সমূহীয়া হোৱাৰ বাবে এই নতুন ঠাঁচটোৰ সৈতে সম্পূৰ্ণকৈ খাপ খাব নোৱাৰোঁ। কাৰণ, এই নতুন ঠাঁচটোৰ সৈতে খাপ খাব পৰাকৈ ব্যক্তিবাদী জীৱনধাৰা সম্পৰ্কে আমি অভিজ্ঞ হৈ উঠিব পৰা নাই।
ব্যক্তিবাদী ভাবধাৰা প্ৰচলিত দেশবিলাকত ব্যক্তিগত খণ্ডই দুখীয়া শ্ৰেণীৰ ল’ৰা-ছোৱালীক বৰঠাকুৰে কোৱা ধৰণৰ ‘উন্নত’ শিক্ষা প্ৰদান কৰা দেখা যায় আমাৰ দেশতো কিছুমান ব্যক্তিগত প্ৰতিষ্ঠান বা ধৰ্মীয় সংগঠনে এনে পদক্ষেপ গ্ৰহণ কৰিছে (‘Trickle-down’ তত্ত্ব) যদিও বিশাল দেশখনৰ দুখীয়া শ্ৰেণীৰ সকলো ল’ৰা-ছোৱালীকে সামৰি ল’ব পৰাকৈ সাজু হৈ উঠা নাই। 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৯ মে’ ২০১৭]

Sunday 21 May 2017

বিত্তীয় সাক্ষৰতা সম্পৰ্কে

যোৱা ২০ মে’ তাৰিখে ‘নিয়মীয়া বাৰ্তা’ত ড° সুৰজিৎ কুমাৰ ভাগৱতীৰ ‘বিত্তীয় সাক্ষৰতা আৰু অসমৰ জনসাধাৰণ’ শীৰ্ষক প্ৰবন্ধটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। বিত্তীয় সাক্ষৰতা সম্পৰ্কে অসমত লিখামেলা খুব বেছি হোৱা নাই। ইমান এটা গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে লিখাৰ বাবে ড° ভাগৱতী নিশ্চিতভাবে ধন্যবাদৰ পাত্ৰ। ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ ফলাফল সামৰি লোৱাৰ ফলত প্ৰবন্ধৰ ওজন আৰু বৃদ্ধি পাইছে।
মন কৰিবলগীয়া যে সাধাৰণ অৰ্থৰ শিক্ষা আৰু সাধাৰণ অৰ্থৰ সাক্ষৰতাৰ মাজত পাৰ্থক্য আছে। মানে-সাধাৰণ অৰ্থত এজন ব্যক্তি সাক্ষৰ হ’লেই শিক্ষিত নহ’বও পাৰে বা শিক্ষিত ব্যক্তি এজন সাক্ষৰ নহ’বও পাৰে। কিন্তু, বিত্তীয় ক্ষেত্ৰত-বিত্তীয় শিক্ষা আৰু বিত্তীয় সাক্ষৰতাৰ মাজত তেনে পাৰ্থক্য নাই। অৰ্থাত, ড° ভাগৱতীয়ে বিত্তীয় সাক্ষৰতা মানে যি বুজাইছে, বিত্তীয় শিক্ষা মানেও তাকেই বুজায়।
দেশৰ বিত্তীয় ব্যৱস্থা কেনেদৰে চলে সেয়া গম নাপালেও, পৰিয়াল এটাৰ প্ৰতিজন প্ৰাপ্ত বয়স্ক সদস্যই পৰিয়ালটোৰ বিত্তীয় ব্যৱস্থা সম্পৰ্কে সচেতন হোৱা দৰকাৰ। কেৱল মহিলাসকলেহে বিত্তীয় ক্ষেত্ৰত সাক্ষৰ হ’লেই পৰিয়াল এটা বিত্তীয় দিশত আগবাঢ়ি যাব নোৱাৰে। পুৰুষ, মহিলা উভয়ৰে বিত্তীয় শিক্ষা থকা দৰকাৰ। প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰৰ লগে লগে বিত্ত সম্পৰ্কীয় ব্যৱসায়ো দ্ৰুতভাবে প্ৰসাৰ ঘটিবলৈ ধৰিছে। বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ এজেণ্টসকলে নিজৰ কথা কোৱাৰ কৌশলেৰে তেখেতে কাম কৰি থকা প্ৰতিষ্ঠানটোৰ সৈতে জড়িত কৰাবলৈ প্ৰয়াস চলাই থাকে। এনে পৰিস্থিতিত কোনবিলাক প্ৰতিষ্ঠান ভাল বা কোনবিলাক বেয়া-সেয়া বিচাৰ কৰা কঠিন হৈ পৰিছে। কৌশলেৰে ধন সৰকাই নিয়া প্ৰৱঞ্চকবোৰতো আছেই। মুঠ কথা, ধন উপাৰ্জন, সঞ্চয় আৰু ব্যয়ৰ ক্ষেত্ৰত প্ৰতিজন ব্যক্তিয়ে সঠিকভাবে অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
বিদ্যালয় বা মহাবিদ্যালয় বিলাকত মাজে সময়ে বিত্তীয় শিক্ষা সম্পৰ্কে কৰ্মশালা, আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰি ছাত্ৰাৱস্থাৰ পৰাই বিত্তীয় শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰিব পৰা যায়। এই ক্ষেত্ৰত, ‘ভাৰতৰ নিৰাপত্তা আৰু বিনিময় বৰ্ডে (Securities and Exchange Board of India, চমুকৈ SEBI)’ সহযোগিতা আগবঢ়ায়। যোৱা ২৮ জানুৱাৰি ২০১৭ তাৰিখে SEBI ৰ সহযোগত আমাৰ মহাবিদ্যালয়ত ‘বিত্তীয় শিক্ষা’ বিষয়ক এখন কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল। কৰ্মশালাখনৰ পাছত অংশগ্ৰহণকাৰীসকলৰ পৰা ভাল মতামত  (Feedback) পোৱা গৈছে।


[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ২২ মে’ ২০১৭, পৃষ্ঠা: ৪]

Thursday 18 May 2017

সামগ্ৰী আৰু সেৱা কৰ সম্পৰ্কে (২)

যোৱা ১৫ মে' তাৰিখে প্ৰকাশিত প্ৰবন্ধটোত ‘সামগ্ৰী আৰু সেৱা কৰ’ ব্যৱস্থাত  সামগ্ৰীৰ দাম কেনেকৈ কমিব সেয়া আলোচনা কৰা হৈছে। এই প্ৰবন্ধটোত এই কৰবিধৰ প্ৰশাসনীয় ব্যৱস্থা, সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ উপৰিও আন কি কি সুবিধা হ’ব আৰু সীমাবদ্ধতাসমূহ চমুকৈ আলোচনা কৰা হৈছে।
ইতিমধ্যে সামগ্ৰী আৰু সেৱা কৰৰ প্ৰশাসনীয় ব্যৱ্স্থা তৈয়াৰ কৰি লোৱা হৈছে। সেই অনুসৰি ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰে সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব। দুটা উপাংশেৰে সামগ্ৰী আৰু সেৱা কৰ কাৰ্যকৰী কৰিবলৈ থিৰাং কৰা হৈছে: কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ (Central Goods and Services Tax, চমুকৈ CGST) আৰু ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ (State Goods and Services Tax, চমুকৈ SGST)। কিছুমান সামগ্ৰীৰ ওপৰত কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ আৰোপ কৰি কেন্দ্ৰীয় চৰকাৰে কৰ সংগ্ৰহ কৰিব আৰু আন কিছুমান সামগ্ৰীৰ ওপৰত ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ আৰোপ কৰি ৰাজ্যিক চৰকাৰসমূহে কৰ সংগ্ৰহ কৰিব। যিটো উপাংশই সামগ্ৰী আৰু সেৱা কৰ আৰোপ কৰে, সেই উপাংশৰ ক্ষেত্ৰতহে উপাদান কৰ জমাৰ সুবিধাটো থাকিব। অৰ্থাত, কোনো এটা উপাংশই সামগ্ৰী আৰু সেৱা কৰ আৰোপ কৰাৰ পাছত কোনো কাৰণতে আনটো উপাংশই উপাদান কৰ জমাৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিব নোৱাৰিব। অৱশ্যে, আন্ত:ৰাজ্যিক বাণিজ্যৰ ক্ষেত্ৰত সংযুক্ত সামগ্ৰী আৰু সেৱা কৰ (Integrated Goods and Services Tax, চমুকৈ IGST) হিচাপে কৰ আৰোপ কৰা হ’ব। সংযুক্ত সামগ্ৰী আৰু সেৱা কৰৰ পৰিমান প্ৰায় কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ আৰু ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰৰ যোগফলৰ সমান হ’ব। কোনো এটা সামগ্ৰীৰ ৰপ্তানিকাৰী ৰাজ্যখনে ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰৰ উপাদান কৰ জমা সংযুক্ত সামগ্ৰী আৰু সেৱা কৰৰ হাৰত কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰ কৰিব লাগিব। সাধাৰণতে, আমদানীকাৰী ৰাজ্যখনে সংশ্লিষ্ট সামগ্ৰীবিধ আমদানী কৰাৰ সময়ত ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰৰ উপাদান কৰ দাবী কৰিব। এই পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে ৰপ্তানিকাৰী ৰাজ্যখনৰ পৰা সংযুক্ত সামগ্ৰী আৰু সেৱা কৰৰ হাৰত আদায় কৰা উপাদান কৰ জমাৰ পৰা আমদানীকাৰী ৰাজ্যখনলৈ ৰাজ্যখনে পাবলগা উপাদান কৰ জমাৰ সুবিধা হস্তান্তৰ কৰিব।
সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাত সামগ্ৰীবিধৰ গুণাগুণৰ কোনো সালসলনি নোহোৱাকৈ সামগ্ৰীৰ দাম কম হোৱাৰ ফলত নিশ্চিতভাবে উপভোক্তাসকল উপকৃত হ’ব। ইয়াৰ উপৰিও ঔদ্যোগিক, ব্যৱসায়িক, কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কাৰণেও কিছুমান গুৰুত্বপূৰ্ণ সুবিধা হ’ব। ভাৰতবৰ্ষত সামগ্ৰী আৰু সেৱা কৰ কাৰ্যকৰী কৰাৰ বাবে শক্তিশালী আৰু বহুলভাবে তথ্যপ্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰাৰ পোষকতা কৰা হৈছে। ইয়াৰ জৰিয়তে কৰদাতাসকলে অতি সহজ আৰু স্বচ্ছতাৰে কৰ পৰিশোধ, কৰ ৰিটাৰ্ণ, কৰ সম্পৰ্কীয় অভিযোগ আদি কৰিব পাৰিব। পৰোক্ষ কৰৰ এই আইনখন কাৰ্যকৰী হ’লে সমগ্ৰ ভাৰতবৰ্ষতে একে হাৰ আৰু একে গঠনৰ কৰ ব্যৱস্থা প্ৰৱৰ্তন হ’ব। ফলত দিবলগীয়া কৰ সম্পৰ্কে ব্যৱসায়ীসকলৰ নিশ্চিয়তা (Certainty) বৃদ্ধি পাব আৰু সমগ্ৰ ভাৰতবৰ্ষত ব্যৱসায় কৰাৰ সুবিধা বৃদ্ধি হ’ব। তথ্য প্ৰযুক্তিবিদ্যাৰ জৰিয়তে কৰ সম্পৰ্কীয় সমস্যাৰ সমাধান কৰাৰ কাৰণে আদান-প্ৰদানৰ ব্যয় হ্ৰাস (Transaction Cost) পাব আৰু তাৰ ফলত উৎপাদনকাৰীসকলে কম দামত সামগ্ৰী যোগান ধৰিব পাৰিব। সামগ্ৰীবিধৰ গুণাগুণৰ কোনো সালসলনি নকৰাকৈ কম দামত যোগান ধৰাৰ ফলত সামগ্ৰীবিধে প্ৰতিযোগিতাত সফল হ’ব পাৰিব। আন কথা একে থাকিলে, ভাৰতত নিৰ্মিত সামগ্ৰীয়ে সহজে বিদেশৰ বজাৰ দখল কৰিব পাৰিব। সমগ্ৰ ভাৰতবৰ্ষত একে হাৰৰ কৰ আৰু একে নীতি-নিয়মৰ কৰ ব্যৱস্থাৰ ফলত কৰ সম্পৰ্কীয় অভিযোগ, প্ৰতি-অভিযোগৰ কাৰবাৰ কম হ’ব। সামগ্ৰী আৰু সেৱা কৰ পৰিষদে (GST Council) সিদ্ধান্তত অহা মতে উৎপাদনকাৰীৰ পৰা উপভোক্তালৈ বৰ্তমান প্ৰচলিত হৈ থকা কেইবাটাও কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ, সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাত একেলগ কৰি কৰৰ ভিত্তি হ্ৰাস কৰা হ’ব। উদাহৰণস্বৰূপে, কেন্দ্ৰীয় পৰ্যায়ত-কেন্দ্ৰীয় আবকাৰী শুল্ক, অতিৰিক্ত আবকাৰী শুল্ক, সেৱা কৰ, অতিৰিক্ত আমদানি-ৰপ্তানি শুল্ক, বিশেষ অতিৰিক্ত আমদানী-ৰপ্তানি শুক্ল একেলগ কৰি এবিধ কৰলৈ ৰূপান্তৰিত কৰা হ’ব। সেইদৰে, ৰাজ্যিক পৰ্যায়ত-ৰাজ্যিক মূল্য সংযোজিত কৰ/বিক্ৰী কৰ, আমোদ কৰ, কেন্দ্ৰীয় বিক্ৰী কৰ (যিবিলাক কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰে, কিন্তু ৰাজ্যিক চৰকাৰে সংগ্ৰহ কৰে), প্ৰৱেশ কৰ, ক্ৰয় কৰ, বিলাস কৰ আৰু লটাৰী, জুৱা আদিৰ ওপৰত আৰোপ কৰা কৰ একেলগ কৰি এবিধ কৰ কৰা হ’ব। এনেদৰে কেইবাটাও কৰ একেলগ কৰি এবিধ কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ফলত বৰ্তমানৰ কৰ ব্যৱস্থাত থকা অস্বচ্ছতা সম্পৰ্কীয় সমস্যা আশাতীতভাবে হ্ৰাস পাব। ব্যাপকভাবে তথ্য-প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰাৰ ফলত সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাত কৰ সংগ্ৰহৰ ব্যয় কম হ’ব। গতিকে, দেশখনত কৰৰ দ্বাৰা সংগৃহিত নিগুট ৰাজহৰ পৰিমান আগতকৈ বৃদ্ধি পাব। 
সামগ্ৰী আৰু সেৱা কৰ বিধেয়কখন দুয়োখন সংসদতে গৃহীত হৈ ৰাষ্ট্ৰপতিয়ে অনুমতি প্ৰদান কৰাৰ পাছত আইনলৈ ৰূপান্তৰিত হৈছে যদিও সমালোচলসকলে বিধেয়কখনত কিছুমান ত্ৰুতি ধৰা পেলাইছে। প্ৰথমে, সামগ্ৰী আৰু সেৱা কৰ পৰিষদে এতিয়ালৈকে আগবঢ়োৱা পৰামৰ্শ অনুসৰি বৃহৎ সংখ্যক পেট্ৰল আৰু পেট্ৰলজাত সামগ্ৰী, সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাত অন্তৰ্ভূক্ত কৰা নহ’ব। ইফালে দেশৰ বৃহৎ সংখ্যক সামগ্ৰীৰ উৎপাদন পেট্ৰলজাত ইন্ধন ব্যৱহাৰ কৰিয়ে কৰা হয়। সৰল ভাষাত, পেট্ৰলজাত সামগ্ৰীসমূহৰ ওপৰত ‘কৰৰ ওপৰত কৰ’ আৰোপ কৰাৰ ব্যৱস্থাই অব্যাহত থাকিব। গতিকে, পেট্ৰলজাত ইন্ধন ব্যৱহাৰ কৰি উৎপাদন কৰা সামগ্ৰীসমূহৰ দামৰ কোনো পৰিবৰ্তন নোহোৱাৰ ফলত উপভোক্তাৰ ওপৰত আৰোপ কৰা কৰভাৰ (Tax Incidence) একেই থাকিব। দ্বিতীয়তে, কৰৰ ভিত্তিত ভাৰতত বিত্তীয় দিশত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যেৰে সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাৰে সমগ্ৰ ভাৰতবৰ্ষতে একে হাৰত কৰ আৰোপ কৰিব বিচৰা হৈছে। কিন্তু, কেৱল কৰৰ হাৰ সমান হ’লেই কৰৰ ভিত্তিত বিত্তীয় দিশত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা শক্তিশালী হৈ নুঠিবও পাৰে যদিহে ৰাজ্য বিশেষে উদ্যোগিক আৰু বাণিজ্যিক নীতিবিলাক বেলেগ বেলেগ হয়। উদ্যোগিক আৰু বাণিজ্যিক নীতিৰ বিভিন্নতাৰ ফলত আদান-প্ৰদান ব্যয়ৰ পৰিমানো ভিন ভিন হ’ব। তৃতীয়তে, সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ফলত যিবিলাক ৰাজ্য বিত্তীয়ভাবে লোকচানৰ সম্মুখিন হ’ব, সেই ক্ষতিপূৰণ পাচঁ বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে সম্পন্ন কৰাৰ কথা বিধেয়কখনত কোৱা হৈছে। কোনো ৰাজ্যই নিজেই প্ৰত্যক্ষভাবে সংগ্ৰহ কৰিব পৰা ৰাজহখিনি এই ব্যৱস্থা ফলত কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলৈ হাত পাতিবলগীয়া হোৱা পৰিস্থিতিয়ে সংশ্লিষ্ট ৰাজ্যখনৰ বিত্তীয় স্বাধীনতা কিছু হ’লেও হ্ৰাস পোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
মুঠ কথা, ভাৰতবৰ্ষত সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই সকলো শ্ৰেণীৰ মানুহক সমানে সন্তুষ্ট কৰিব নোৱাৰিব পাৰে। এটা কথা ঠিক যে প্ৰচলিত কৰ ব্যৱস্থাত যিমান মানুহ অসন্তুষ্ট হৈছে, সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাটো প্ৰৱৰ্তন কৰিব পাৰিলে অসন্তুষ্ট হোৱা মানুহৰ সংখ্যা তুলনামূলকভাবে কম হ’ব। কাৰণ, এইটো নিশ্চিত যে এই কৰ ব্যৱস্থা সঠিকভাবে প্ৰৱৰ্তন কৰিব পাৰিলে কৰ সম্পৰ্কীয় দক্ষতা বৃদ্ধি পাব আৰু দেশখনৰ কৰৰ পৰা সংগৃহিত ৰাজহৰ পৰিমান বৃদ্ধি পোৱাৰ লগতে অৰ্থনৈতিক উন্নয়নৰ হাৰ দ্ৰুতগতিত বাঢ়িব। তদুপৰি, সংযুক্ত সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাৰ ভিত্তিত উপাদান কৰ জমা ব্যৱস্থাৰ দ্বাৰা বিত্তীয় ক্ষেত্ৰত ভাৰতত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ইতিবাচক উত্তৰণ ঘটিব।


[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৬ মে' ২০১৭, পৃষ্ঠা: ৫]

সামগ্ৰী আৰু সেৱা কৰ সম্পৰ্কে

অসম  বিধানসভাৰ বিশেষ অধিবেশনত ‘সামগ্ৰী আৰু সেৱা কৰ বিধেয়ক-২০১৭’ গৃহীত হ’ল আৰু অসমত এই বৰ্ষৰে ১ জুলাইৰ পৰা এই কৰ ব্যৱস্থা কাৰ্যকৰী হোৱাটি নিশ্চিত হৈ পৰিল। সৰ্বভাৰতীয় পৰ্যায়ত যোৱা ৮ ছেপ্টেম্বৰ ২০১৬ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ‘সামগ্ৰী আৰু সেৱা কৰ বিধেয়ক’খনত [সাংবিধানিক নাম-‘সংবিধান(এশ বাইছ সংশোধনী)বিল, ২০১৪] অনুমতি প্ৰদান কৰিলে। ইয়াৰ আগতে ৬ মে’ ২০১৬ তাৰিখে বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছত ৰাজ্যসভালৈ পঠোৱা হৈছিল। কিছুমান সংশোধনী ঘটাই ৩ আগষ্ট ২০১৬ তাৰিখে ৰাজ্যসভাত বিধেয়কখন গৃহীত হৈছিল। সংশোধিত বিধেয়কখন ৮ আগষ্ট ২০১৬ তাৰিখে লোকসভাত গৃহীত হৈছিল আৰু বিধেয়কখনৰ গ্ৰহণযোগ্যতা সন্দৰ্ভত ৰাজ্য চৰকাৰসমূহৰ অভিমতৰ বাবে পঠোৱা হৈছিল। উল্লেখনীয় যে বিধেয়কখনৰ গ্ৰহণযোগ্যতাৰ সম্পৰ্কত অসম চৰকাৰেই প্ৰথমে অভিমত প্ৰকাশ কৰিছিল।
সামগ্ৰী আৰু সেৱা কৰ (Goods and Services Tax, চমুকৈ GST)  হ’ল এবিধ পৰোক্ষ কৰ। ই হ’ল সামগ্ৰী এটাৰ ওপৰত সামগ্ৰীবিধ উৎপাদন কৰাৰ পৰা উপভোক্তালৈ যোগান ধৰোতে আৰোপ কৰা একমাত্ৰ কৰ (Single Tax)। আমি জানো যে সামগ্ৰী এবিধ উপভোক্তাৰ হাতলৈ আহোতে কেইবাটাও পৰ্যায় অতিক্ৰম কৰি আহে। সামগ্ৰী আৰু সেৱা কৰে প্ৰতিটো পৰ্যায়ত সংযোজিত মূল্যৰ ওপৰতহে কৰ আৰোপ কৰে, প্ৰতিটো পৰ্যায়ত মূল্য সংযোজিত হোৱাৰ পাছত নিৰ্ধাৰিত মুঠ মুল্যৰ ওপৰত নহয়। অৰ্থাত, এই ব্যৱস্থাত সামগ্ৰীবিধ উৎপাদন কৰাৰ পৰা অতিক্ৰম হৈ অহা প্ৰতিটো পৰ্যায়তে উপাদান কৰ জমাৰ (Input Tax Credit) সুবিধা প্ৰদান কৰা হয়। তদুপৰি, প্ৰতিটো পৰ্যায়ত সংযোজিত মূল্যৰ ওপৰত সমান হাৰত কৰ আৰোপ কৰা হয়। মন কৰিবলগীয়া যে সদ্য প্ৰচলিত মূল্য সংযোজিত কৰৰ (Value Added Tax, চমুকৈ VAT) ক্ষেত্ৰত উপাদান কৰ জমাৰ সুবিধা নাই। প্ৰচলিত কৰ ব্যৱস্থাত ৰাজ্য অনুসৰি কৰ আইনৰ বিভিন্নতাৰ বাবে কৰৰ হাৰ বেলেগ বেলেগ হয়। সাধাৰণ ভাষাত, সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা প্ৰৱৰ্তন হ’লে ‘কৰৰ ওপৰত কৰ (Tax on Tax)’ আৰোপ কৰা ব্যৱস্থাৰ অৱসান ঘটিব। গতিকে, সামগ্ৰী আৰু সেৱা কৰ আৰোপ কৰা সামগ্ৰীৰ দাম, সামগ্ৰী আৰু সেৱা কৰ আৰোপ নকৰা সামগ্ৰীৰ দামতকৈ তুলনামূলকভাবে কম হ’ব।
এটা সৰু গাণিতিক উদাহৰণ দিয়া যাওক। ধৰা হ’ল, কোনো এটা কাপোৰ উৎপাদন প্ৰতিষ্ঠানে এটা চোলা উৎপাদন কৰিব বিচাৰিছে। চোলাটো উৎপাদন কৰিবলৈ উৎপাদনকাৰীজনক কিছুমান কেঁচা সামগ্ৰী, যেনে-সূতা, কাপোৰ চিলোৱা মেচিন, বুতাম আদিৰ প্ৰয়োজন হয়। ধৰা হ’ল, ২০০ টকাত চোলাটো সম্পূৰ্ণ হৈ গ’ল। উৎপাদনকাৰীয়ে লাভ আৰ্জনৰ বাবে চোলাটোৰ উৎপাদন ব্যয় ২০০ টকাৰ লগত কিছু মূল্য সংযোজন কৰিব। ধৰা হ’ল, তেখেতে ৬০ টকা মূল্য সংযোজন কৰিলে। গতিকে, উৎপাদন প্ৰতিষ্ঠানটোৰ মতে চোলাটোৰ মূল্য হ’ব ২০০+৬০=২৬০ টকা। ধৰা হ’ল, চৰকাৰে উৎপাদিত সামগ্ৰীৰ ওপৰত ১০% কৰ আৰোপ কৰে। তেন্তে, ২৬০ টকাৰ কৰ হ’ব ২৬ টকা। কিন্তু, যিহেতু উৎপাদনকাৰীয়ে চোলাটো উৎপাদন কৰাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিনাৰ সময়তে ১০% হাৰত কৰ প্ৰদান কৰিছ, গতিকে ২৬০ টকাৰ ওপৰত চৰকাৰে কৰ আৰোপ নকৰে। উৎপাদনকাৰীয়ে সংযোজিত কৰা ৬০ টকাৰ ওপৰতহে কৰ আৰোপ কৰিব। তেখেতে ১০% হাৰত ২০০ টকাৰ কৰ ২০ টকা উপাদান কৰ জমাৰ সুবিধা লাভ কৰিব। ফলত, চোলাটোৰ ক্ষেত্ৰত উৎপাদনকাৰীয়ে দিবলগীয়া কৰ হ’ব ৬ টকা (২৬-২০=৬ টকা)। আকৌ, ধৰা হ’ল চোলাটো পাইকাৰী ব্যৱসায়ীলৈ গ’ল। পাইকাৰী ব্যৱসায়ীজনে চোলাটো ২৬০ টকাত কিনি কিছু মূল্য সংযোজন কৰে। ধৰা হ’ল, পাইকাৰী ব্যৱসায়ীজনে ৪০ টকা মূল্য সংযোজন কৰিলে। গতিকে, চোলাটোৰ পাইকাৰী মূল্য ২৬০+৪০=৩০০ টকা হ’ল। ১০% হাৰত চৰকাৰক কৰ দিলে পাইকাৰী ব্যৱসায়ীজনে দিবলগীয়া কৰ হ’ব ৩০ টকা। কিন্তু, সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাত তেখেতে দিবলগীয়া কৰ হ’ব ৩০-২৬=৪ টকা। খুচুৰা ব্যৱসায়ীয়ে চোলাটো ৩০০ টকাত কিনি কিছু মূল্য সংযোজন কৰিব। ধৰা হ’ল, তেখেতে সংযোজিত কৰা মূল্য ২০ টকা। গতিকে, চোলাটোৰ মূল্য ৩২০ টকা হ’ল। ১০% হাৰত কৰ দিলে, দিবলগীয়া কৰৰ পৰিমান হ’ব ৩২ টকা। কিন্তু সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাত তেখেতে দিবলগীয়া কৰৰ পৰিমান হ’ব ৩২-৩০=২ টকা। দেখা গ’ল যে উৎপাদকাৰীয়ে চোলাটো উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী কিনাৰ পৰা খুচুৰা ব্যৱসায়ীলৈ সংযোজিত কৰা কৰৰ মুঠ মূল্য হ’ব ২০+৬+৪+২ বা ৩২ টকা।
সামগ্ৰী আৰু সেৱা কৰ নথকা ব্যৱস্থাত কি ঘটে, একেটা উদাহৰণেৰে চোৱা যাওক। ২০০ টকা ব্যয়ত চোলাটো প্ৰস্তুত হোৱাৰ পাছত উৎপাদনকাৰীয়ে ৬০ টকা মূল্য সংযোজিত কৰিলে তেখেতে চৰকাৰক ২৬০ টকাৰ ১০% হাৰত দিবলগীয়া কৰৰ পৰিমান হ’ল ২৬ টকা,  যিহেতু উৎপানকাৰীয়ে কেঁচা সামগ্ৰীৰ ওপৰত আৰোপ কৰা উপাদান কৰ জমাৰ (২০ টকা) সুবিধা লাভ নকৰে। সেইদৰে, পাইকাৰী ব্যৱসায়ীয়ে ২৬০ টকাৰ লগত ৪০ টকা মূল্য সংযোজিত কৰাৰ ফলত চোলাটোৰ মূল্য ৩০০ টকা হ’ল। পাইকাৰী ব্যৱসায়ীজনে ৩০০ টকাৰ ১০% হাৰত, ৩০ টকা কৰ চৰকাৰক দিব লাগিব। খুচুৰা পৰ্যায়ত, খুচুৰা ব্যৱসায়ীজনে ৩০০ টকাৰ লগত ২০ টকা মূল্য সংযোজিত কৰাত চোলাটোৰ মূল্য ৩২০ টকা হ’ল। গতিকে, ১০% হাৰত ৩২০ টকাৰ চৰকাৰক দিবলগীয়া কৰ ৩২ হ’ব। দেখা গ’ল যে ১০% হাৰত সামগ্ৰী আৰু সেৱা কৰ নথকা ব্যৱস্থাত কৰৰ মুঠ সংযোজিত মূল্য হ’ব ২০+২৬+৩০+৩২=১০৮ টকা। আন কথা একে থাকিলে, খুচুৰা দোকানত সামগ্ৰী আৰু সেৱা কৰ নথকা ব্যৱস্থাত চোলাটোৰ দাম হ’ব ৩২০+১০৮=৪২৮ টকা আৰু সামগ্ৰী আৰু সেৱা কৰ থকা ব্যৱস্থাত একেটা চোলাৰে দাম হ’ব ৩২০+৩২=৩৫২ টকা।
  
[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৫ মে' ২০১৭, পৃষ্ঠা: ৫]