Wednesday 14 November 2018

‘চৰ্দাৰ’ আৰু হিন্দুত্ব


‘আমাৰ অসম’ত ৩০ ছেপ্টেম্বৰত প্ৰশান্ত ৰাজগুৰুৰ ‘চৰ্দাৰ’ শীৰ্ষক প্ৰবন্ধটো পঢ়িলোঁ। আমাৰ এই লেখাটোৰ প্ৰসংগ হ’ল-যোৱা ১১ অক্টোবৰত প্ৰকাশিত শিৱজিত দত্তৰ “‘চৰ্দাৰ’ আৰু কিছু সংযোজন” শীৰ্ষক চিঠিখন। দত্তৰ চিঠিখনৰ মূল বিষয়বস্তু দুটা। প্ৰথমটো হ’ল-হিন্দুত্ববাদীসকলে লৌহমানৱ বল্লভভাই পেটেলক ‘হিন্দুত্ববাদী’ নেতা হিচাপে প্ৰতিষ্ঠা কৰাৰ নৈতিক অধিকাৰ আৰু আনটো হ’ল-পেটেলৰ প্ৰতিমূৰ্তি। এতিয়ালৈকে (আগলৈ ইয়াতকৈ ওখ প্ৰতিমূৰ্তি নিৰ্মাণ নকৰিব বুলি ক’ব নোৱাৰি) পৃথিৱীৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তিটোৰ প্ৰাংসগিকতা কিমান-সেয়া সময়েহে ক’ব। সদ্যহতে এই বিষয়ত আমি মতামত আগবঢ়োৱাৰ পৰা বিৰত থাকিলোঁ।
লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলক যে হিন্দুত্ববাদী নেতা হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰি-সেই সম্পৰ্কত পত্ৰলেখক দত্তই কেইবাটাও উপযুক্ত প্ৰমাণ দিছে। আচলতে, কোনো এজন বিখ্যাত ব্যক্তিৰ কৰ্মৰাজিত সামান্য পৰিমানে হিন্দুত্ববাদী বৈশিষ্ট্য চকুত পৰিলেই হিন্দুত্ববাদীসকলে সেই ব্যক্তিগৰাকীক হিন্দুত্ববাদী ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলায়। লৌহমানৱ চৰ্দাৰ পেটেলৰ ক্ষেত্ৰতো ইয়াৰ ব্যক্তিক্ৰম ঘটা নাই। আজিৰ প্ৰেক্ষাপটত এজন হিন্দুত্ববাদী নেতাৰ বৈশিষ্ট্য হ’ল-মুছলমানক চোকা ভাষাৰে সমালোচনা কৰিব পৰাৰ দক্ষতা আৰু ক্ষমতা, হকে-বিহকে পাকিস্তানক সমালোচনা কৰিব পৰাৰ মানসিকতা, গো-ৰক্ষাৰ বাবে জীৱন পৰ্যন্ত বলিদান দিব পৰাৰ সাহস, বৰ্ণবাদী মানসিকতা, জৱাহৰলাল নেহৰুক হেয় প্ৰতিপন্ন কৰিব পৰা যুক্তি বিচাৰি পোৱা, পুৱা-গধূলি (পাৰিলে যিকোনো সময়তে) ‘ভাৰত মাতা কী জয়’ ধ্বনি দিয়াৰ অভ্যাস গঢ়ি তোলা (লাগিলে অন্তৰত যিয়ে নাথাকক), দেশখনৰ বিভিন্ন স্থানত হিন্দু দেৱ-দেৱীৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ উঠিপৰি লাগিব পৰাৰ ধৈৰ্য আৰু সাহস ইত্যাদি। ভাৰতবৰ্ষৰ দৰে বিশাল তথা বিচিত্ৰ দেশ এখনৰ বিভিন্ন পৰিস্থিতিত চৰ্দাৰজীও উল্লিখিত দুই-এটা হিন্দুত্ববাদী বৈশিষ্ট্যৰ সৈতে নিশ্চয় সাঙৰ খাবলগীয়া হৈছিল। উদাৰহণস্বৰূপে-জৱাহৰলাল নেহৰুৰ বিৰোধিতা সত্ত্বেও চৰ্দাৰজীয়ে ৰাজেন্দ্ৰ প্ৰসাদৰ সৈতে লগলাগি পুনৰ নিৰ্মিত সোমনাথ মন্দিৰ উদ্বোধন কৰিবলৈ গৈছিল (আশিস রঞ্জন সেনগুপ্তৰ প্ৰবন্ধ ‘গো-মাংস ভক্ষণে পাপ!’, ‘অনীক’, জুন ২০১৮, পৃষ্ঠা: ১৯-২৫)। চৰ্দাৰজীক হিন্দুত্ববাদী মানসিকতাৰ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ হিন্দুবাদীসকলক ইয়াতকৈ আৰু কি উপযুক্ত প্ৰমাণ লাগে?
চৰ্দাৰজীক হিন্দুত্ববাদী নেতা হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰাসকলে তেখেতৰ কৰ্মৰাজিক ধৰ্মনিৰপেক্ষ দৃষ্টিকোণেৰে চোৱা নাই বা চোৱাৰ মানসিকতাও তেওঁলোকৰ নাই। অৱশ্যে, তেওঁলোকেও আমাক ভাবিব পাৰে যে আমি তেওঁলোকৰ দৃষ্টিকোণেৰে চৰ্দাৰজীক চোৱা নাই বা চোৱাৰ মানসিকতাও আমাৰ নাই। আমি ভাৱোঁ, চৰ্দাৰজীক ধৰ্মনিৰপেক্ষ দৃষ্টিকোণেৰে চালে তেখেতক ভাৰতবৰ্ষৰ ‘একতাৰ প্ৰতীক’ হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰাসংগিকতা অধিক শক্তিশালী হৈ উঠিব। কাৰণ, ভাৰতবৰ্ষৰ একতাৰ ক্ষেত্ৰত বলিষ্ঠ অৱদান আগবঢ়োৱা ব্যক্তি চৰ্দাৰজীৰ বাহিৰে দ্বিতীয় এজন নাই বুলি একে আষাৰে নুই কৰিব নোৱাৰি।  

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৫ নৱেম্বৰ ২০১৮, পৃষ্ঠা: ৪]

Wednesday 7 November 2018

‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ আৰু অসম কলেজ শিক্ষক সংস্থাৰ ৰহস্যজনক ভূমিকা সন্দৰ্ভত


    ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ (বিদ্যায়তনিক ক্ষেত্ৰত) মহাবিদ্যালয়সমূহত স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ (Choice Based Credit System, চমুকৈ CBCS) প্ৰৱৰ্তন নকৰা সম্পৰ্কত যোৱা ২৭ অক্টোবৰত ‘আমাৰ অসম’ত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ভূতত্ব বিভাগৰ সহকাৰী অধ্যাপক ড° ৰক্তিম ৰঞ্জন শইকীয়াই এটা প্ৰবন্ধৰ যোগেদি অসম কলেজ শিক্ষক সংস্থাৰ ভূমিকাক ৰহস্যজনক আৰু পলায়নবাদী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাইছে। ড° শইকীয়াই উল্লেখ কৰিছে যে দিল্লী বিশ্ববিদ্যালয়, উৎকল বিশ্ববিদ্যালয়, কলকাতা বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু বিদ্যায়তনিক দিশত স্বায়ত্বশাসন উপভোগ কৰিবলৈ সুবিধা লাভ কৰা জগন্নাথ বৰুৱা মহাবিদ্যালয়ত স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰৱৰ্তন কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়েও ২০১৮ চনৰ পৰা ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰৱৰ্তন কৰি অসমৰ শিক্ষা জগতত যুগান্তৰ অনাৰ সম্ভাৱনা থকা ব্যৱস্থাটোক অসম কলেজ শিক্ষক সংস্থাই অপ্ৰত্যশিতভাবে কলিতে মোহাৰি পেলালে বুলি ড° শইকীয়াই অভিযোগ কৰিছে।    
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহত স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰয়োগ নকৰাৰ ক্ষেত্ৰত অসম কলেজ শিক্ষক সংস্থাৰ ভূমিকাক ৰহস্যজনক আৰু পলায়বাদী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাই ড° শইকীয়াই কেৱল অসম কলেজ শিক্ষক সংস্থাকে নহয়, গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত প্ৰশ্ন তুলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষকো অপমান কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়খনৰ অধীনৰ মহাবিদ্যালয়সমূহত স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰৱৰ্তন নকৰা সম্পৰ্কত অসম কলেজ শিক্ষক সংস্থাৰ বিষয়ববীয়া আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত আলোচনাৰ মাধ্যমেৰে গণতান্ত্ৰিকভাবে সিদ্ধান্ত লোৱা হৈছে।    
অসম কলেজ শিক্ষক সংস্থাই উত্থাপন কৰা যুক্তিসমূহক ড° শইকীয়াই পলায়বাদী আৰু হাস্যকৰ আখ্যা দিছে। তেখেতৰ মতে অসম কলেজ শিক্ষক সংস্থাই আগবঢ়োৱা পথম যুক্তি-‘প্ৰয়োজনীয় আন্ত:গাঁঠনিৰ অভাৱ’ এখন পূৰণি ৰেকৰ্ডৰ লেখীয়া। ড° শইকীয়াৰ যুক্তি হ’ল-যিহেতু ৰাষ্ট্ৰীয় উচ্চতৰ (ড° শইকীয়াই ‘উচ্চ’ বুলি ভুলকৈ উল্লেখ কৰিছে) শিক্ষা অভিযান (Rashtriya Uchchatar Shiksha Abhiyan, চমুকৈ RUSA)ৰ মাধ্যমেৰে বহু মহাবিদ্যালয়ে দুই কৌটিকৈ টকা অনুদান লাভ কৰিছে, সেয়েহে মহাবিদ্যালয়সমূত আন্ত:গাঁঠনিৰ অভাৱ থাকিব নোৱাৰে। ড° শইকীয়াই যদি ক’লেহেঁতেন ‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ সকলোবোৰ মহাবিদ্যালয়ে RUSAৰ পৰা দুই কৌটি টকা অনুদান লাভ কৰিছে’, তেন্তে আমাৰ কোনো আপত্তি নাথাকিলেঁতেন। জানি থোৱা ভাল যে অসম চৰকাৰে ২০১৩ চনত প্ৰাদেশীকৰণ কৰা মহাবিদ্যালয়সমূহে উল্লিখিত দুই কৌটি টকা অনুদান লাভ কৰা নাই। তদুপৰি, উল্লিখিত দুই কৌটি টকা অনুদান লাভ কৰা সকলোবোৰ মহাবিদ্যালয়ৰ আন্ত:গাঁঠনি জগন্নাথ বৰুৱা মহাবিদ্যালয় বা কটন বিশ্ববিদ্যালয়ৰ সমান পৰ্যাপ্ত নহয়। অসম বিশ্ববিদ্যালয়ৰ অধীনৰ আটাইবোৰ মহাবিদ্যালয়ৰ আন্ত:গাঁঠনি পৰ্যাপ্ত নোহোৱা সত্ত্বেও স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰয়োগ কৰি ভাল কৰিছে নে বেয়া কৰিছে-সেই বিষয়ে মতামত দিবলৈ আৰু কেইবছৰমান বাদ চাব লাগিব। অৱশ্যে, ড° শইকীয়াই উল্লেখ কৰা অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ আন্ত:গাঁঠনি সম্পৰ্কে আমাৰ স্পষ্ট ধাৰণা নাই।
অসম কলেজ শিক্ষক সংস্থাই ‘শিক্ষকৰ অভাৱ’ হিচাপে যি যুক্তি আগবঢ়াইছে, ড° শইকীয়াই এই অভাৱক মানি লৈছে যদিও কৈছে যে ইয়াতকৈ ডাঙৰ অভাৱটো হৈছে ‘শিক্ষকসকলৰ অধ্যয়নৰ প্ৰতি অনীহা’। ‘শিক্ষকসকলৰ অধ্যয়নৰ প্ৰতি অনীহা’ উক্তিটোৱে এইটো বুজাইছে যে স্নাতক মহলাত ইতিমধ্যে ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰৱৰ্তন কৰা মহাবিদ্যালয়ৰ শিক্ষকসকলৰহে অধ্যয়নৰ প্ৰতি আগ্ৰহ আছে। বিভিন্ন কাৰণত মহাবিদ্যালয়ৰ দুই-এজন শিক্ষকৰ অধ্যয়নৰ প্ৰতি অনীহা থাকিব পাৰে। কেইজনমান শিক্ষকৰ ভিত্তিতে ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ৰ প্ৰচলন নথকা আটাইবোৰ মহাবিদ্যালয়ৰ শিক্ষকক সামৰি লৈ ড° শইকীয়াই কেনেদৰে সাধাৰণীকৰণ কৰিলে আমি বুজি নাপালোঁ।   
ড° শইকীয়াই উল্লেখ কৰিছে, দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ নামভৰ্তি বাছনি পৰীক্ষাৰ দ্বাৰা সম্পন্ন কৰে আৰু একেসময়তে প্ৰশ্ন কৰিছে যে সেই বিশ্ববিদ্যালয়সমূহৰ পৰীক্ষাসমূহত আমাৰ আওপূৰণি পাঠ্যক্ৰমত শিক্ষা লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে কেনেদৰে তিষ্ঠিব পাৰিব। এনেকুৱা নহয় যে ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ অনুসৰি অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীয়েহে দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়ে নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা বাছনি পৰীক্ষাবোৰত উত্তীৰ্ণ হ’ব পাৰিব। প্ৰচলিত ষান্মাসিক পদ্ধতিৰে স্নাতক ডিগ্ৰী লাভ কৰি ভাৰতৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ পৰ্যাপ্ত উদাহৰণ আছে। 
‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰৱৰ্তন কৰি ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃততে ‘পছন্দ’ৰ ব্যৱস্থা কৰিব নোৱাৰিলে ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’টোৰ কোনো অৰ্থ নাথাকে। The Economic Times ৰ এটা বাতৰি অনুসৰি (২১ আগষ্ট ২০১৫) দিল্লী বিশ্ববিদ্যালয়ৰ ৯৩ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে মতামত আগবঢ়াইছে যে ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ত ‘পছন্দ’ৰ কোনো ব্যৱস্থাই নাই। দিল্লী বিশ্ববিদ্যালয়ৰে এই অৱস্থা! আশাকৰোঁ, NAACৰ দ্বাৰা ভাল গ্ৰেড লাভৰ আশাত দৌৰা-দৌৰিকৈ ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰৱৰ্তন কৰি শিক্ষাত নতুনত্ব অনা বুলি দেখুওৱাবলৈ চেষ্টা চলোৱা অসমৰ স্বায়ত্বশাসিত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়বোৰৰ অৱস্থা দিল্লী বিশ্ববিদ্যালয়ৰ দৰে নহয়।   
নিজে অন্তৰ্ভূক্ত হোৱা বৃত্তি, জাতি, বৰ্ণ বা ধৰ্মৰ দোষ দেখিলে তাৰ বিৰুদ্ধে সবল যুক্তিৰে মতামত আগবঢ়োৱা পৰিবেশে নিশ্চিতভাবে এক সুষ্ঠ গণতান্ত্ৰিক ব্যৱস্থাৰ ইংগিত দিয়ে। কিন্তু, দুৰ্বল যুক্তিৰে সেয়া কৰিবলৈ প্ৰয়াস চলালে নিজে বিখ্যাত হোৱাৰ এটা গুপুত অভিপ্ৰায় নিহিত থাকে। কাৰণ, নিজে অন্তৰ্ভূক্ত হোৱা বৃত্তি, জাতি, বৰ্ণ বা ধৰ্মৰ বিৰূদ্ধে প্ৰচাৰ চলাই বিতৰ্ক সৃষ্টি কৰি কম দিনৰ ভিতৰতে বিখ্যাত হ’বলৈ প্ৰয়াস চলোৱা আজিকালি এটা সহজ উপায় হৈ পৰিছে।

[প্ৰকাশিত, ‘আমাৰ অসম’, ০৮ নৱেম্বৰ ২০১৮, পৃষ্ঠা: ৫]

Friday 2 November 2018

নাস্তিক আৰু সুখ


ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন সমিধান প্ৰসাৰণৰ (United Nations Sustainable Development Solutions Network) দ্বাৰা প্ৰকাশিত ২০১৮ চনৰ বিশ্ব সুখী প্ৰতিবেদন ( World Happiness Report)খন যোৱা ১৪ মাৰ্চত প্ৰকাশ পাইছে। প্ৰতিবেদনখনে ১৫৬খন দেশৰ সুখৰ সূচকাংক প্ৰকাশ কৰি এখন তালিকা প্ৰস্তুত কৰিছে। প্ৰতিবেদনখনৰ তালিকা অনুসৰি, ফিণ্ডলেণ্ড হ’ল বিশ্বৰ আটাইতকৈ সুখী দেশ। ন’ৰৱে, ডেনমাৰ্ক, আইচলেণ্ড আৰু ছুইডজালেণ্ড হ’ল ফিণ্ডলেণ্ডৰ পাছতে ক্ৰমে দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থান অধিকাৰ কৰা সুখী দেশ। দুৰ্ভাগ্যজনকভাবে সুখী দেশৰ তালিকাত ভাৰতৰ স্থান ১৩৩। ২০১৬ আৰু ২০১৭ চনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ভাৰতৰ স্থান আছিল ক্ৰমে ১১৮ আৰু ১২২। অৰ্থাত, যোৱা দুটা বছৰৰ তুলনাত ভাৰতৰ সুখৰ স্থান হ্ৰাস পাইছে।  
দেশ এখনৰ আয়ৰ পৰিমাণ (Level of Income), স্বাস্থ্যসন্মত দীৰ্ঘ জীৱন (Healthy Life Expectancy), সামাজিক অৱলম্বন (Social Support), স্বাধীনতা (Freedom), বিশ্বাস আৰু বদান্যতাৰ (Trust and Generosity) সৈতে সুখৰ শক্তিশালী ইতিবাচক সহ-সম্বব্ধ (Strong Positive Correlation) আছে। অৰ্থাত, উল্লিখিত চলকসমূহৰ মাত্ৰা বৃদ্ধি পালে মানুহৰ সুখৰ মাত্ৰাও বৃদ্ধি পায়। প্ৰতিবেদনখনত প্ৰকাশ পোৱা আটাইতকৈ আকৰ্ষণীয় ফলাফলটো হ’ল-ধৰ্মীয় বিশ্বাসত গুৰুত্ব দিয়া মানুহৰে ভৰ্তি দেশ আৰু সংশ্লিষ্ট দেখখনৰ সুখৰ সম্পৰ্ক বিপৰীতমুখী। অৰ্থাত, যিবোৰ দেশত ধৰ্মীয় বিশ্বাসত বেছি গুৰুত্ব প্ৰদান কৰা মানুহৰ সংখ্যা বেছি, সেইবোৰ দেশৰ সুখৰ মাত্ৰা কম বা যিবোৰ দেশত ধৰ্মীয় বিশ্বাসত অধিক গুৰুত্ব দিয়া মানুহৰ সংখ্যা কম, সেইবোৰ দেশৰ সুখৰ মাত্ৰা বেছি। WIN-Gallup International ২০১৪ ৰ তথ্য অনুসৰি, ফিনলেণ্ডৰ ১০ শতাংশ মানুহে নিজকে নাস্তিক হিচাপে চিনাকি দিছে। সেইদৰে ন’ৰৱে, ডেনমাৰ্ক, আইচলেণ্ড আৰু ছুইডজালেণ্ডৰ ক্ৰমে ৯ শতাংশ, ১২ শতাংশ, ১৪ শতাংশ আৰু ১২ শতাংশ মানুহে নিজকে নাস্তিক হিচাপে চিনাকি দিছে (ন’ৰৱেৰ তথ্য ২০১০ চনৰ আৰু বাকী দেশবোৰৰ তথ্য ২০১৪ চনৰ)। তদুপৰি, ধৰ্ম বিশ্বাসৰ ওপৰত গুৰুত্ব প্ৰদান নকৰা মানুহ অধিক থকা দেশবোৰ তুলনামূলকভাবে কম দুখীয়া হিচাপে পোৱা গৈছে। ধৰ্মীয় বিশ্বাস আৰু সুখৰ সম্পৰ্ক কিয় বিপৰীতমুখী হয়, ধৰ্মীয় বিশ্বাসৰ ওপৰত গুৰুত্ব প্ৰদান কৰা মানুহৰ সংখ্যা বেছি থকা দেশবোৰ তুনলামূলকভাবে কিয় অধিক দুখীয়া- সেয়া গৱেষণাৰ আকৰ্ষণীয় বিষয় হ’ব পাৰে।
ওপৰত উল্লেখ কৰা হৈছে যে ২০১৮ চনৰ বিশ্ব সুখী প্ৰতিবেদন অনুসৰি, সামগ্ৰিকভাবে সুখৰ তালিকাখনত ভাৰত দুখলাগা অৱস্থাত আছে। মন কৰিবলগীয়া যে নিজ নিজ ধৰ্মৰ ভিত্তিত ভগৱানৰ ওপৰত প্ৰৱল বিশ্বাস ৰাখি তেৰাৰ ওচৰত আত্মসমৰ্পণ কৰা মানুহৰ সংখ্যাই ভাৰতবৰ্ষত ভৰ্তি হৈ আছে। WIN-Gallup International ২০১৪ চনৰ তথ্য অনুসৰি ভাৰতত ৩ শতাংশতকৈ কম মানুহে নিজকে নাস্তিক হিচাপে চিনাকি দিছে। নাস্তিকতাৰ সৈতে যদি সুখৰ সম্পৰ্ক একমুখী হয়, তেন্তে দেশখনৰ নাস্তিকসকলক সাংবিধানিক সুৰক্ষা প্ৰদান কৰা আৱশ্যক। কিন্তু, ভাবিবলীয়া বিষয় যে ভাৰতৰ সংবিধানখনত নাস্তিকসকলৰ সমৰ্থনত কোনো স্পষ্ট অনুচ্ছেদ নাই। কোনো এজন ব্যক্তিয়ে নিজকে নাস্তিক হিচাপে চিনাকি দিলেও, জন্মগতভাবে তেওঁ যি ধৰ্মৰ অন্তৰ্গত তেওঁক সেই ধৰ্মৰে অন্তৰ্গত ব্যক্তি হিচাপে গণ্য কৰা হয়। আমি জনাত, ভাৰতৰ সংবিধানৰ ২৫ নম্বৰ অনুচ্ছেদত ‘Freedom of conscience’  ব্যৱস্থা ১৯৫০ চনৰ পৰাই আছে যদিও কোনো এখন আদালতেই নাস্তিকসকলক সমৰ্থন কৰাৰ প্ৰমাণ আজিলেকে নাই। যিহেতু ধৰ্মত বিশ্বাস কৰা বা নকৰা এক ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰৰ সৈতে সম্পৰ্ক থকা বিষয়, সেয়েহে ভাৰতীয় দণ্ডবিধি আইনৰ পৰা ৩৭৭ আৰু ৪৯৭ ধাৰা দুটা খাৰিজ কৰি যৌনতাৰ ক্ষেত্ৰত ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰ প্ৰদান কৰাৰ দৰে নাস্তিকসকলৰ বাবেও স্পষ্টভাবে সাংবিধানিক সুৰক্ষা ব্যৱস্থা থকা উচিত।

[প্ৰকাশিত, ‘আমাৰ অসম’, ০৩ নৱেম্বৰ ২০১৮, পৃষ্ঠা: ৪]