Wednesday 10 October 2018

সংবিধানৰ পৰা ৩৭৭ আৰু ৪৯৭ ধাৰা খাৰিজ আৰু ভাৰতীয় সমাজ


যোৱা ছেপ্টেম্বৰ মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দুখন খণ্ড বিচাৰপীঠে প্ৰাপ্তবয়স্ক লোকৰ যৌন স্বাধীনতা আৰু সম-অধিকাৰৰ ক্ষেত্ৰত দুটা উল্লেখযোগ্য ৰায় প্ৰদান কৰিলে। ভাৰতৰ সংবিধানৰ ৩৭৭ ধাৰা অনুসৰি সমকামিতাক এক অপৰাধ হিচাপে গণ্য কৰা হৈছিল। দেশখনৰ সৰ্বচ্চ ন্যয়ালয়ৰ এখন খণ্ড বিচাৰপীঠে যোৱা ৬ ছেপ্টেম্বৰত এই ধাৰাটোক অবৈধ হিচাপে ৰায় প্ৰদান কৰিলে। ৰায়টোত কোৱা হৈছে যে সময়ৰ পৰিবৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই ধাৰাটো খাৰিজ কৰাৰ প্ৰয়োজন হৈছে। ২৯ ছেপ্টেম্বৰত আন এখন খণ্ড বিচাৰপীঠে সংবিধানৰ ৪৯৭ ধাৰাটোক অসাংবিধানিক আখ্যা দিয়ে। ৰায়টোত কৈছে যে গিৰীয়েক ঘৈণীয়েকৰ মালিক নহয়। ভাৰতীয় পৰম্পৰাগত সমাজ ব্যৱস্থাৰ প্ৰতি দুয়োটা ৰায়েই বিপদগামী বুলি ইতিমধ্যে শাসকীয় ৰাজনৈতিক দলৰ বহু নেতাই মন্তব্য কৰিছে। তেওঁলোকৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰী অৰুণ জেটলিও আছে। সৰ্বচ্চ ন্যায়ালয়ৰ ৰায় দুটাত একমত হ’ব নোৱাৰাসকলৰ মতে এই দুটা ধাৰা খাৰিজ কৰাৰ ফলত ভাৰতীয় পৰম্পৰাগত সমাজখন বিশৃংখল হৈ পৰিব। ভাৰতীয় সমাজ আৰু পশ্চিমীয়া সমাজ ব্যৱস্থাৰ মাজত কোনো পাৰ্থক্য নাথাকিব।
পৃথিৱীৰ দেশসমূহে নিজ নিজ দেশৰ জনসাধাৰণক ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰ প্ৰদানৰ দিশে আগবাঢ়িছে। কোনো এখন দেশে নিজৰ দেশৰ জনসাধাৰণক ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰ প্ৰদান কৰা মানে প্ৰগতিশীলতাৰ দিশত সংশ্লিষ্ট দেশখনে আৰু এখোজ আগবাঢ়ি যোৱা। আন দেশৰ জনসাধাৰণে যদি ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰ উপভোগ কৰিব পাৰে, আমাৰ দেশৰ জনসাধাৰণক সেই অধিকাবোৰৰ পৰা বঞ্চিত কৰা হ’ব কিয়? ভাৰতক পৃথিৱীৰ আন দেশৰ সমানে প্ৰগতিশীল কৰি তুলিবলৈ হ’লে ভাৰতৰ জনসাধাৰণকো ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰ প্ৰদান কৰিব লাগিব। অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰতৰ জনসাধাৰণে কেতিয়াবাই ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰ লাভ কৰিলে (সেই ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰৰ সুযোগ গ্ৰহণ কৰিব পাৰিছে নে নাই সেয়া আন এক প্ৰসংগ)। সংগীত, নৃত্য, চিত্ৰকলা আদি দিশতো ভাৰতৰ জনসাধাৰণে ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰ লাভ কৰিছে। আনক আমনি নকৰাকৈ এজন ব্যক্তিয়ে কি গান শুনিব, কি নৃত্য কৰিব, কি খাব, কি পিন্ধিব-সেয়া সংশ্লিষ্ট ব্যক্তিজনৰ ব্যক্তিগত কথা। সেইদৰে যৌনতাৰ ক্ষেত্ৰত ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰ বিচৰা ব্যক্তিও ভাৰতবৰ্ষত আছে আৰু সৰ্বচ্চ ন্যায়ালয়ে তাকেই প্ৰদান কৰিছে।
উচ্চতম ন্যায়ালয়ে ৩৭৭ আৰু ৪৯৭ ধাৰা দুটা খাৰিজ কৰা মানে এইটো নহয় যে সকলো প্ৰাপ্তবয়স্ক ভাৰতীয়ই খাৰিজ কৰা ধাৰা দুটাৰ সুযোগ বাধ্যতামূলকভাবে গ্ৰহণ কৰিবই লাগিব। ভাৰতৰ সংবিধানৰ পৰা এই দুটা ধাৰা খাৰিজে এইটো ইংগিত দিলে যে ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰ সঠিকভাবে ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতৰ জনসাধাৰণ পৰিপক্ক হৈ উঠিছে।

[প্ৰকাশিত, ‘আমাৰ অসম’, ১১ অক্টোবৰ ২০১৮, পৃষ্ঠা: ১০]


[একেখন কাকততে যোৱা ২১ অক্টোবৰত জান্তি শইকীয়াই ‘সংবিধানৰ পৰা’ৰ স্থানত ‘ভাৰতীয় দণ্ডবিধি আইন’ৰ পৰা হ’ব লাগে বুলি আমাক শুধৰণি কৰি দিছে। তেখেতলৈ আমাৰ ধন্যবাদ থাকিল।]