ঊনপঞ্চাছ
দিনৰ বাবে দিল্লীৰ মুখ্য মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ পদত্যাগ কৰাৰ পাছত চৰকাৰী কাম
কৰাৰ চমু অভিজ্ঞতা সম্পৰ্কে সাংবাদিকে প্ৰশ্ন কৰাত অৰবিন্দ কেজৰিৱালে ‘সৰ্বসাধাৰণৰ
উন্নয়নৰ বাবে কাম কৰিবলৈ পইচাৰ অভাৱ নাই’ বুলি এটা তাৎপৰ্যপূৰ্ণ মন্তৱ্য আগবঢ়াইছিল।
কেজৰিৱালে কিয় দিল্লীৰ মুখ্য মন্ত্ৰীৰ আসনখন এৰিলে সেয়া আন এটা বিষয়। শিক্ষিত তথা
সচেনত নাগৰিক মাত্ৰেই জ্ঞাত যে সাংবিধানিক নীতি-নিৰ্দেশনা অনুসৰি বিত্ত আয়োগ আৰু
পৰিকল্পনা আয়োগৰ মাধ্যমেৰে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিয়মীয়াকৈ বিভিন্ন
পথেৰে ধনৰ যোগান ধৰি থাকে। তদুপৰি ৰাজ্য চৰকাৰ তথা স্থানীয়
চৰকাৰসমূহে নিজাকৈ ৰাজহ সংগ্ৰহ কৰি ব্যয় কৰাৰ ক্ষমতা লাভ কৰে।
ভাৰতৰ
সংবিধানত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় চৰকাৰসমূহৰ ৰাজহ সংগ্ৰহ আৰু
ব্যয়ৰ ক্ষমতা সম্পৰ্কে কিছুমান দফা সন্নিৱিষ্ট আছে। সংবিধানখনৰ 280 (3) (a)
অনুচ্ছেদ অনুসৰি বিত্ত
আয়োগৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৰাজহ সংগ্ৰহ কৰিব পাৰে আৰু বিত্ত আয়োগৰ
পৰামৰ্শ অনুসৰিয়েই ৰাজ্য চৰকাৰসমূহলৈ ধন আৱণ্টন দিব লাগে। সংবিধানৰ 275 অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য
চৰকাৰসমূহলৈ সাহাৰ্য প্ৰদান কৰিব পাৰে। যিকোনো ৰাজহুৱা উদ্দেশ্যৰ বাবে সাহাৰ্য (Grants
for any public purpose) প্ৰদান
কৰিব পৰাকৈ ভাৰতৰ সংবিধানৰ 282 অনুচ্ছেদ
অনুসৰি ব্যৱস্থা আছে। সাধাৰণতে কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ 275 অনুচ্ছেদ অনুসৰি ব্যয় কৰিবলৈ পোৱা ধন পৰিকল্পনাযোগে
বিভিন্ন আঁচনি যুগুত কৰাৰ সুবিধা গ্ৰহণ কৰি ব্যয় কৰে। সংবিধানৰ 280 আৰু 275 অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় চৰকাৰে
২০১৩-১৪ বাজেট
বৰ্ষত মুঠ ৫,৮৭,০৮২ কৌটি টকা নিৰ্ধাৰণ কৰিছে। একে বাজেট বৰ্ষতে সংবিধানৰ 282
অনুচ্ছেদ অনুসৰি মুঠ
৫,৫৫,৩২২ কৌটি টকা নিৰ্ধাৰণ কৰিছে। ভাৰতৰ সংবিধানে প্ৰদান কৰা ৰাজহ সংগ্ৰহ কৰিব
পৰা ক্ষমতাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে দেশৰ বাহিৰৰ পৰা ঋণ আৰু সাহাৰ্য গ্ৰহণ কৰে। এই
আটাইবোৰ উৎসৰ ধনৰাশি কিছুমান বিশেষ পথেৰে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে ব্যয় কৰে। ধৰি
লোৱা হয় যে উল্লিখিত উৎসসমূহৰ পৰা সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে অহাৰ পথত নিৰ্ধাৰিত ধনৰাশিৰ
কোনো হেৰফেৰ নহয়। অৱশ্যে, বাস্তৱত কি হৈ আছে সেয়া আলোচনা কৰা এই লেখাটোৰ উদ্দেশ্য
নহয়।
এইখিনিতে
স্পষ্ট কৰি থোৱা ভাল হ’ব যে আমাৰ লেখাটোত কেৱল ৰাজহুৱা ধনৰ উন্নয়ন ব্যয় (Developmental
Expenditure) শিতানৰ ধন কেনেকৈ সৰ্বসাধাৰণৰ
উন্নয়নৰ বাবে আহে সেই সম্পৰ্কেহে আলোচনা কৰা হৈছে। ৰাজহুৱা ধন ব্যয়ৰ আনটো শিতান:
অনা-উন্নয়ন ব্যয়ৰ
(Non-Developmental Expenditure)
ধন কেনেদৰে ব্যয় কৰা হয় সেই সম্পৰ্কে ইয়াত সামৰি লোৱা হোৱা নাই।
এতিয়া,
ৰাজ্য চৰকাৰৰ উন্নয়ন শিতানৰ ধন কেনেকৈ সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে চোৱা যাওক। ভাৰতৰ
সংবিধানৰ 243 (I) অনুচ্ছেদ
অনুসৰি ৰাজ্যিক বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰসমূহে ৰাজহ সংগ্ৰহ কৰিব
পাৰে আৰু ৰাজ্যিক বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰিয়েই সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে ব্যয়
কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ যোগান ধৰা ধন (সংবিধানৰ 275 অনুচ্ছেদ অনুসৰি) আৰু সংবিধানৰ 243
(I) অনুচ্ছেদ অনুসৰি
সংগ্ৰহ কৰা ধন ৰাজ্য চৰকাৰৰ ৰাজ্যিক সংযুক্ত তহবিল (State Consolidated
Funds) আকাৰে ৰাজহৰ ঘৰত
সোমায়। এই দুটা উৎসৰ উপৰিও ৰাজ্য চৰকাৰসমূহলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা অতিৰিক্ত
সাহাৰ্যৰ ধন (Additional Central Assistance) আৰু কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত প্ৰৱৰ্তন
কৰা আচঁনিবোৰৰ (Centrally Sponsored Schemes, সংবিধানৰ 275 অনুচ্ছেদ অনুসৰি) ধনৰ এটা অংশই ৰাজ্যিক
সংযুক্ত তহবিলৰ আকাৰ বৃদ্ধি কৰে। ২০১৪-১৫ বিত্ত বৰ্ষত অসমৰ ৰাজ্যিক সংযুক্ত তহবিলৰ
পৰিমাণ ৫৭,৩১১.৩৯
কৌটি টকা বুলি বাজেট ভাষণত প্ৰকাশ পাইছে। ৰাজ্যিক সংযুক্ত তহবিলৰ ধন জিলা
পঞ্চায়তৰ মাধ্যমেৰে আঞ্চলিক পঞ্চায়তৰ যোগেদি গাঁৱ পঞ্চায়তহৈ সৰ্বসাধাৰণৰ উন্নয়নৰ
বাবে আহে। অৱশ্যে, ৰাজ্যিক সংযুক্ত তহবিলৰ ধন অকল এই প্ৰক্ৰিয়াৰেহে যে সৰ্বসাধাৰণৰ
উন্নয়নৰ বাবে আহে তেনে নহয়। এই ধন ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ
কাৰ্যালয়ৰ মাধ্যমেৰে জিলা কাৰ্যালয়ৰ যোগেদি খণ্ড উন্নয়নৰ কাৰ্যালয় হৈয়ো
সৰ্বসাধাৰণলৈ আহে।
কেন্দ্ৰীয়
চৰকাৰে সময়ে সময়ে বিভিন্ন ধৰণৰ আচঁনি যুগুত কৰি সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰে।
আচঁনিবোৰৰ বাবে ধাৰ্য কৰা ধনৰ এটা অংশ ৰাজ্য চৰকাৰসমূহৰ সংযুক্ত তহবিলত জমা হয়
বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। আচঁনিবোৰৰ বাবে আৱণ্টিত ধনৰ দ্বিতীয় অংশ ৰাজ্য
চৰকাৰৰ তহবিলত জমা নহৈ প্ৰত্যক্ষভাবে জিলা পঞ্চায়তৰ মাধ্যমেৰে আঞ্চলিক পঞ্চায়তৰ
যোগেদি গাঁৱ পঞ্চায়তহৈ সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে। আচঁনিবোৰৰ বাবে নিৰ্ধাৰিত ধনৰ
তৃতীয় অংশ ৰাজ্য চৰকাৰৰ তহবিলত জমা নহৈ ৰাজ্যিক পৰ্যায়ৰ সমান্তৰাল গোট
(যেনে-ৰাজ্যিক গ্ৰাম্য উন্নয়ন এজেঞ্চি)ৰ মাধ্যমেৰে জিলা পৰ্যায়ৰ সমান্তৰাল গোট
(যেনে-জিলা গ্ৰাম্য উন্নয়ন এজেঞ্চি)যোগে খণ্ড উন্নয়ন পৰ্যায়ৰ সমান্তৰাল গোট
(যেনে-খণ্ড গ্ৰাম্য উন্নয়ন এজেঞ্চি)হৈ ব্যৱহাৰিক গোট (যেনে-আত্ম সহায়ক গোট)ৰ
দ্বাৰা সৰ্বসাধাৰণলৈ আহে।
তালিকা
১: কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা কেইটামান উল্লেখযোগ্য আঁচনিৰ
বাবে
নিৰ্ধাৰিত ধন(কৌটি টকাত)
আঁচনিৰ
নাম
|
২০০৯-১০
বিত্ত বৰ্ষ
|
২০১০-১১
বিত্ত
বৰ্ষ
|
২০১৩-১৪
বিত্ত
বৰ্ষ
|
ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত
আঁচনি
|
৩৭,৭৭৯
|
৪০,১০০
|
৩৩,০০০
|
সৰ্বশিক্ষা অভিযান আৰু সম্পৰ্কীয়
কাৰ্যসূচী
|
১৩,৫২৫
|
১৪,৪৩৩
|
২৭,২৫৮
|
প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা
|
৮,৬০৯
|
১০,৮৮৬
|
২১,৭০০
|
ইন্দিৰা আবাস যোজনা
|
৭,৯১৩
|
৮,৯৯৬
|
১৫,১৮৪
|
ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান
|
৭,৭৬৭
|
১৩,৮৩৬
|
-----
|
দ্ৰুত গ্ৰাম্য পানী যোগান আঁচনি
|
৫,৮০০
|
৮,১০০
|
-----
|
স্বৰ্ণজয়ন্তী গ্ৰাম্য স্ব-ৰোজগাৰ
যোজনা
|
২,০৭৫
|
২,৬৮৩
|
-----
|
উৎস:
Union Budget Speech, 2009-10, 2010-11 & 2013-14.
কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা সাহাৰ্য আৰু নিজস্ব উৎসৰ পৰা সংগঠিত
ধনেৰে ভাৰতৰ সংবিধানৰ 243 (G) অনুচ্ছেদ
অনুসৰি ৰাজ্য চৰকাৰসমূহে সংশ্লিষ্ট ৰাজ্যখনৰ সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে কিছুমান
অভিলাষী আঁচনি যুগুত কৰি ব্যয় কৰিব পাৰে। ৰাজ্য চৰকাৰসমূহে, আঁচনিবোৰৰ বাবে
নিৰ্ধাৰিত ধনৰাশিৰ এটা অংশ জিলা পঞ্চায়তৰ মাধ্যমেৰে আঞ্চলিক পঞ্চায়তৰ যোগেদি গাঁৱ
পঞ্চায়তৰ দ্বাৰা সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰে। দ্বিতীয় অংশ জিলা পৰ্যায়ৰ
সমান্তৰাল গোটৰ মাধ্যমেৰে খণ্ড উন্নয়ন পৰ্যায়ৰ সমান্তৰাল গোটযোগে ব্যৱহাৰিক গোটহৈ
সৰ্বসাধাৰণলৈ আহে। কেন্দ্ৰীয় বিত্ত আয়োগৰ ১৩ সংখ্যক পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয়
চৰকাৰৰ পৰা অসম চৰকাৰে ২০১২-১৩ বিত্ত বৰ্ষত মুঠ ১০৫৩.৯৬ কৌটি টকা সাহাৰ্য লাভ কৰিছে।
কেন্দ্ৰীয়
চৰকাৰৰ কিছুমান নিজা ৰাজহুৱা খণ্ডৰ উদ্যোগ আছে। সেইদৰে ৰাজ্য চৰকাৰৰো কিছুমান নিজা
ৰাজহুৱা খণ্ডৰ উদ্যোগ আছে। কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ লাভৰ এটা অংশ
ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগলৈ আহে। আনটো অংশ ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগলৈ
আহে। ৰাজ্য চৰকাৰৰ
বিভিন্ন বিভাগলৈ অহা ধনৰ এটা অংশ জিলা কাৰ্যালয়ৰ যোগেদি খণ্ড উন্নয়নৰ কাৰ্যালয়হৈ সৰ্বসাধাৰণলৈ
আহে। আনটো অংশ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ মাধ্যমেৰে ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগহৈ
আহে। কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা
ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগলৈ অহা ধনেৰে ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ
উদ্যোগবোৰে বিনিযোগ কৰি আৰ্জন কৰা লাভৰ এটা অংশ প্ৰত্যক্ষভাবে সৰ্বসাধাৰণৰ উন্নয়নৰ
বাবে আহে আৰু আনটো অংশ ব্যৱহাৰিক গোটহৈ সৰ্বসাধাৰণলৈ আহে।
কিছুমান
প্ৰকল্পৰ বাবে ভাৰতৰ বাহিৰৰ পৰা বহুপাক্ষিক আৰু দ্বিপাক্ষিকভাবে দেশখনলৈ ঋণ আৰু সাহাৰ্য
আহে। ইয়াৰে এটা অংশ কেন্দ্ৰীয় আচঁনিবোৰৰ বাবে সংগঠিত কৰা ৰাজহৰ ঘৰত সোমায়। দ্বিতীয়
অংশটো কেন্দ্ৰীয় চৰকাৰৰ নিজৰ ৰাজহুৱা খণ্ডৰ উদ্যোগলৈ আহে। তৃতীয় অংশটো যিবিলাক ৰাজ্যত
বাহিৰৰ উৎসৰ সাহাৰ্যৰে প্ৰকল্প চলাই থকা হৈছে, সেই ৰাজ্যবোৰলৈ আহে আৰু শেষৰ অংশটো
জিলা পৰ্যায়ৰ সমান্তৰাল গোটবোৰলৈ আহে। এই চাৰিওটা অংশৰ ধনৰাশি ইতিমধ্যে উল্লেখ কৰা
পথেৰে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে।
তালিকা
২: ভাৰতলৈ ঋণ আৰু সাহাৰ্য প্ৰদান কৰা কেইটামান বহুপাক্ষিক দাতা, কৌটি টকাত (বন্ধনিত
ঋণ/সাহাৰ্য শতাংশ হিচাপত)
দাতা
|
২০০১-০২
|
২০০৩-০৪
|
২০০৬-০৭
|
বিশ্ব বেংক (IDA)
|
৪,৮৭০.99 (৯৯.৫৩/০.৪৭)
|
৪,১৭৮.২৭ (৯৯.৩৭/০.৬৩)
|
৪,৩০৬.৩৮ (৯৯.৬৫/০.৩৫)
|
বিশ্ব বেংক(IBRD)
|
৩,৩৭৫.৮২ (৯৫.৮২/৪.১৮)
|
৪,০৮৭.৪২ (৯৮.৬৭/১.৩২)
|
৪,৪৩৮.৬৪ (৯৯.৬৬/০.৩৪)
|
এছিয়া উন্নয়ন বেংক (ADB)
|
২,১৪৫.১১
(১০০/০)
|
২,৭৪৪.৯৭
(১০০/০)
|
৪,০৬০.৩১ (৯৭.৩৭/২.৬৩)
|
মুঠ বহুপাক্ষিক ঋণ আৰু সাহাৰ্য
|
১০,৫৪০.৮০ (৯৭.৮০/২.২০)
|
১১,১৩৭.৬৩ (৯৮.৬৫/১.৩৫)
|
১৩,২২১.০৮ (৯৬.১৬/৩.৮৪)
|
উৎস: Government of India, Ministry of Finance, Department
of External Affairs March 2008.
বি. দ্ৰ.: উল্লিখিত দাতা
তিনিটাৰ উপৰিও আন কিছুমান দাতাই ভাৰতলৈ ঋণ আৰু সাহাৰ্য আগবঢ়ায়। গতিকে,
মুঠ বহুপাক্ষিক ঋণ আৰু সাহাৰ্যৰ পৰিমান
উল্লিখিত দাতা তিনিটাৰ মুঠতকৈ বেছি।
নিজৰ
সমষ্টি উন্নয়নৰ বাবে সাংসদসকলৰ বাবে নিৰ্ধাৰিত সাংসদ পূঁজি থাকে (সংবিধানৰ 282
অনুচ্ছেদ অনুসৰি)। সাংসদসকলৰ
এই ধনৰ পৰিমাণ আৰম্ভনিতে বছৰি এক কৌটি টকা আছিল আৰু এই পৰিমাণ বৃদ্ধি হৈ বৰ্তমান বছৰি
পাঁচ কৌটি টকা হৈছে। এই ধনৰাশি নিৰ্ধাৰিত
সময়ছোৱাৰ ভিতৰত ব্যয় কৰিব পৰাকৈ সাংসদসকলৰ স্বাধীনতা থাকে। ইয়াৰে এটা অংশ
সাংসদসকলে ৰাজ্য চৰকাৰৰ বিভাগসমূহলৈ আৱণ্টন দিয়ে। এই অংশ জিলা কাৰ্যালয়ৰ মাধ্যমেৰে
খণ্ড উন্নয়নৰ কাৰ্যালয়যোগে সৰ্বসাধাৰণলৈ আহে। দ্বিতীয় অংশ প্ৰত্যক্ষভাবে খণ্ড
উন্নয়নৰ কাৰ্যালয়যোগে সৰ্বসাধাৰণলৈ আহে। সাংসদ পূঁজিৰ তৃতীয় অংশ সাংসদসকলে ৰাজ্য
চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহলৈ অনুমোদন দিয়ে। এই ধনৰাশিৰ বিনিয়োগেৰে আৰ্জন কৰা
লাভৰ এটা অংশ প্ৰত্যক্ষভাবে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে আৰু আনটো অংশ ব্যৱহাৰিক
গোটহৈ সৰ্বসাধাৰণলৈ আহে। সাংসদ পূঁজিৰ চতুৰ্থ অংশ ব্যৱহাৰিক গোটৰ মাধ্যমেৰে সৰ্বসাধাৰণলৈ
আহে। সাংসদসকলে তেওঁলোকৰ সাংসদ পূঁজিৰ বাকী অংশ প্ৰত্যক্ষভাবে সৰ্বসাধাৰণৰ উন্নয়নৰ
বাবে অনুমোদন কৰে।
নিজৰ
সমষ্টি উন্নয়নৰ বাবে যেনেদৰে সাংসদসকলৰ বাবে নিৰ্ধাৰিত সাংসদ পূঁজি থাকে, নিজৰ
বিধানসভা সমষ্টিৰ উন্নয়নৰ বাবে ৰাজ্যৰ বিধানসভাৰ সদস্যসকলৰ (বিধায়ক) বাবেও নিৰ্ধাৰিত
পূঁজি থাকে। ৰাজ্যৰ ৰাজ্যিক সংযুক্ত তহবিলৰ এটা অংশ বিধায়কসকলৰ বাবে নিৰ্ধাৰণ কৰা
থাকে। অসমত ১৯৯৪-৯৫ বিত্ত বৰ্ষত ‘MLA Development Scheme’ সূচনা কৰা হয়। আৰম্ভনিতে বিধায়কসকলৰ নিজৰ
সমষ্টি উন্নয়নৰ বাবে নিৰ্ধাৰিত পূঁজি বছৰি পাঁচ লাখ টকা আছিল আৰু এই পৰিমাণ বৃদ্ধি
হৈ ২০১২-১৩ বিত্ত বৰ্ষলৈকে বছৰি চল্লিছ লাখ আছিল। ২০১৩-১৪ বিত্ত বৰ্ষৰ পৰা এই পৰিমাণ
বছৰি এক কৌটি টকালৈ বৃদ্ধি কৰা হয়। বিধায়কসকলে তেওঁলোকৰ পূঁজিৰ এটা অংশ খণ্ড
উন্নয়ন কাৰ্যালয়ৰ মাধ্যমেৰে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে ব্যয় কৰে। দ্বিতীয় অংশ
ব্যৱহাৰিক গোটৰ মাধ্যমেৰে আৰু বাকী অংশ প্ৰত্যক্ষভাবে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে
ব্যয় কৰে। কিমান অংশ খণ্ড উন্নয়নৰ কাৰ্যালয়যোগে, কিমান অংশ ব্যৱহাৰিক গোটযোগে আৰু
কিমান অংশ প্ৰত্যক্ষভাবে সৰ্বসাধাৰণৰ বাবে ব্যয় কৰিব, সেয়া সংশ্লিষ্ট বিধানসভা সমষ্টিটোৰ
বিধায়কজনৰ ওপৰত নিৰ্ভৰ কৰে।
ভাৰতৰ
সংবিধানৰ 243 (H) অনুচ্ছেদ
অনুসৰি স্থানীয় চৰকাৰসমূহৰ (পঞ্চায়ত বা সমপৰ্যায়ৰ) নিজাকৈ কিছুমান ৰাজহ সংগ্ৰহ
কৰিব পৰা ক্ষমতা আছে। যেনে-ভূমি আয়ৰ ওপৰত কৰ, বৃত্তি কৰ, জীৱ-জন্তু আৰু বাহনৰ ওপৰত
কৰ, থিয়েটাৰ কৰ ইত্যাদি। এই চৰকাৰসমূহে নিজৰ ক্ষমতা প্ৰয়োগ কৰি সংশ্লিষ্ট অঞ্চলটোৰ
সৰ্বসাধাৰণৰ উন্নয়ন হকে কাম কৰে।
মুঠ
কথা, সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে ভাৰতৰ সংবিধানে ৰাজহুৱা ধন আৱণ্টনৰ অৰ্থে
সৰ্বতোপ্ৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু সেই ধনৰাশি সৰ্বসাধাৰণে পাব পৰাকৈ
যিবোৰ ব্যৱস্থা ৰখা হৈছে-স্বচ্ছ প্ৰশাসন আৰু দেশৰ উন্নয়নৰ হকে কাম কৰাৰ মানসিকতা
অবিহনে আৱণ্টিত ধন কোনো হেৰফেৰ নোহোৱাকৈ ৰূপায়ন কৰা সম্ভৱ নহয়।
সহায়ক তথ্যসূত্ৰ
১। অসমৰ বাজেট ভাষণ, ১৯৯৪-৯৫ বিত্ত
বৰ্ষৰ পৰা ২০১৪-১৫ বিত্ত বৰ্ষলৈ।
২। Union Budget Speech, 2009-10, 2010-11 &
2013-14.
৩। Government of India, (2008): “Position Paper on External
Assistance Received by India”, Ministry of Finance, Department of
Economic Affairs, March.
৪। Finance Commission Reports, 9th-13th
Finance Commission.
৫। Mankar, V G & L Suseela
Sarma (2001): Public Finance: Theory & Practice (Himalaya Publishing
House: Delhi),
5th Revised Edition.
৬। Rao, M
G et al (2011): “Fiscal Decentralization to Rural Local Governments in India:
Selected Issues and Reform Options”, National Institute of Public Finance
and Policy, (New Delhi), May.
[প্ৰকাশিত, ‘প্ৰান্তিক’, ১৬-৩১
জানুৱাৰি, ২০১৫]