Thursday 9 April 2020

ক’ভিড-১৯ আৰু সাম্প্ৰদায়িক ভাইৰাছ


প্ৰতিদিনে ক’ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা ক্ৰমাত বৃদ্ধি হৈ গৈ আছে। ৩ এপ্ৰিলৰ নিশা পৰ্যন্ত পৃথিৱীত ১০,৫৬,৭৭৭ জন আৰু ভাৰতত ২,৫৯১ জন লোক ক’ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হৈছে।  অসমত যোৱা ৩ এপ্ৰিলৰ মাজৰাতি পৰ্যন্ত ২৩ লোকৰ গাত এই মাৰাত্মক ভাইৰাছবিধৰ অৱস্থিতি পোৱা গৈছে।  বহলাই কোৱাৰ দৰকাৰ নাই যে কম-বেছি পৰিমাণে প্ৰতিগৰাকী লোকে কিবা নহয় কিবা এটা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ থাকে। ইয়াৰে কিছুমান ভাইৰাছৰ বিৰূদ্ধে যুঁজিব পৰাকৈ প্ৰতিষেধক আছে বাবে ভাইৰাছবিধে ৰোগ সৃষ্টি কৰিব নোৱাৰে।  আন কিছুমান ভাইৰাছৰ বিৰূদ্ধে যুঁজিব পৰাকৈ প্ৰতিষেধক নাই যদিও সেইবোৰ ভাইৰাছে সৃষ্টি কৰা ৰোগক মহামাৰী বুলি ক’ব নোৱাৰি, যদিহে সেইবোৰ ভাইৰাছ এজনৰপৰা আন এজনৰ দেহলৈ সহজে সংক্ৰমিত নহয় বা সংক্ৰমিত হ’লেও আক্ৰমণ কৰিব নোৱাৰে।  কিন্তু, ক’ভিড-১৯ৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাটো হ’লইয়াৰ বিৰূদ্ধে যুঁজিব পৰাকৈ এতিয়ালৈকে কোনো প্ৰতিষেধক আৱিস্কাৰ হোৱা নাই (আৱিস্কাৰ হৈছে বুলি কোনেও দাবী কৰা নাই) আৰু এই ভাইৰাছবিধ এজনৰপৰা আন এজনৰ দেহলৈ সহজে সংক্ৰমিত হয়।  ভাইৰাছবিধৰ দ্বাৰা দ্ৰুতগতিত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যাৰ ভিত্তিত ইয়াক মহামাৰী হিচাপে চিহ্নিত কৰা হৈছে। ভাইৰাছবিধৰ আক্ৰমণৰ ফলত ৩ এপ্ৰিলৰ নিশা পৰ্যন্ত সমগ্ৰ পৃথিৱীত ৫৬,১৩২ জন আৰু ভাৰতত ৭২ জন লোকৰ মৃত্যু হৈছে।
অসমত যোৱা ৩১ মাৰ্চত আবেলি এজন ৫২ বছৰ বয়সীয়া মানুহৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰাৰ পাছত ৰাজ্যখনৰ বহুসংখ্যক লোক আন এক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা পৰিলক্ষিত হ’ল। সেয়া হ’ল--সাম্প্ৰদায়িক বিষবাষ্পৰ ভাইৰাছ (?)।  ১ এপ্ৰিলৰ দিনটোত এইবিধ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকসকলৰ আচৰণ তুংগত উঠিছিল। ইয়াৰ কাৰণ হ’ল- ১ এপ্ৰিললৈকে অসমত মুঠ ১৬জন লোকৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি পোৱা গৈছিল আৰু আটাইকেইজনৰ এটা উমৈহতীয়া বৈশিষ্ট্য আছিল, তেওঁলোক দিল্লীৰ নিজামুদ্দিনৰ এটা মছজিদত আয়োজিত মুছলমানসকলৰ ধৰ্মীয় অনুষ্ঠান তবলিগী জামাতত অংশগ্ৰহণ কৰিছিল বা অংশগ্ৰহণ কৰা লোকৰ সংগত পৰিছিল। দেশখনৰ আন দুখনমান ৰাজ্যতো সেই অনুষ্ঠানলৈ যোৱা লোকৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰাৰ পাছত হিন্দু ধৰ্মীয় সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা  লোকসকলে সমগ্ৰ দেশতে তলপাৰ লগালে। পৰিৱেশ এনেকুৱা কৰি পেলালে যে মুছলমানসকলেহে ভাৰতত ক’ভিড-১৯ বিয়পালে। কেইদিনমান আগতে কণ্ঠশিল্লী কনিকা কাপুৰ আৰু তেওঁৰ সংগলৈ অহা কেইজনমান লোকৰ দেহত ভাইৰাছবিধৰ অৱস্থিতি ধৰা পোৱাৰ সময়ত এনে পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল।  যোৱা ২ আৰু ৩ এপ্ৰিলত সাম্প্ৰদায়িক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত  হোৱা লোকৰ কাৰ্যকলাপ অধিক বৃদ্ধি পালে যেতিয়া তেলেংগানাৰ হিন্দু ধৰ্মালম্বী দুজন বিধায়কে কেইবাজনো মানুহ লগত লৈ মন্দিৰ এটাত ৰাম নৱমী উৎসৱ পালন কৰিলে। কাৰণ, এইবাৰ ইছলাম ধৰ্মীয় সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলে হিন্দু ধৰ্মীয় সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলক প্ৰতি-আক্ৰমণ কৰিবলৈ ধৰিলে।  অৱশ্যে, ইয়াৰ কেইদিনমান আগতে দেশখনত ক’ভিড-১৯ৰ পৰিস্থিতিয়ে শংকিত কৰি থকাৰ সময়তে উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কেইবাজনো মানুহ লগত লৈ মন্দিৰ এটাত পূজা আগবঢ়োৱাক লৈ একাংশ ইছলাম ধৰ্মীয় সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছিল।  এই ঘটনাবোৰৰ সৈতে ৰাজনৈতিক অংক আছে নে নাই, সেয়া আন এক বিষয় (ক’ভিড-১৯ৰ পৰিস্থিতিটো স্থিমিত হোৱাৰ পিছত সকলো স্পষ্ট হৈ পৰিব) আৰু বৰ্তমান পৰিস্থিতিত সেইবোৰ বিশ্লেষণ কৰা উচিতো নহয়।  সুখৰ কথা যে ক’ভিড-১৯ৰ ভিত্তিত বৰ্তমানলৈকে হিন্দু আৰু ইছলাম ধৰ্মৰ বাহিৰে আন ধৰ্মীয় সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰাৰ খবৰ প্ৰকাশ পোৱা নাই।  
সাম্প্ৰদায়িক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকসকলক বহলকৈ দুইধৰণে ভাগ কৰিব পাৰি—ধৰ্মীয় আদৰ্শৰ বাবে আৰু সুবিধাৰ আশাত সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত লোক।  যিকোনো সংগঠিত ধৰ্মৰে এনে একাংশ লোক থাকে যিসকলে নিজে অন্তৰ্গত ধৰ্মটোক পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ ধৰ্ম বুলি ধৰি লৈ আন সংগঠিত ধৰ্মবোৰক হীন বুলি ধৰি লয়।  এইসকলেই হ’ল ধৰ্মীয় আদৰ্শৰ বাবে সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোক। ভাৰতৰ দৰে কেইবাটাও সংগঠিত ধৰ্মৰ লোক বসবাস কৰা দেশত এইবিধ সাম্প্ৰদায়িক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা তেতিয়া বৃদ্ধি পায়, যেতিয়া দেশখনৰ কোনো এটা সংগঠিত ধৰ্মৰ ধৰ্মীয় কাৰ্যকলাপৰ তীব্ৰতা বৃদ্ধি হয়। কাৰণ, আন ধৰ্মীয় সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলে ধৰি লয় যে সেই নিৰ্দিষ্ট ধৰ্মটোৰ ধৰ্মীয় কাৰ্যকলাপৰ তীব্ৰতা বৃদ্ধি হৈছে মানে ধৰ্মটোৰ শক্তি (?) বৃদ্ধি হৈছে। গতিকে, আন ধৰ্মৰ ধৰ্মীয় সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলেও তীব্ৰগতিত নিজ নিজ ধৰ্মবোৰৰ ধৰ্মীয় কাৰ্যকলাপ বৃদ্ধি কৰিবলৈ চেষ্টা চলায়।  এইবিধ সাম্প্ৰদায়িক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকসকলে তেওঁলোকৰ নিজৰ ধৰ্মটোক শক্তিশালী কৰাৰ মানসেৰে জানিয়ে হওক বা নাজানিয়েই হওক, আনকো তেওঁলোকৰ দৰে সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হ’বলৈ উৎসাহ যোগাই থাকে। সাধাৰণতে, তুলনামূলকভাবে কম আনুষ্ঠানিক শিক্ষা লাভ কৰা আৰু উচ্চ পৰ্যায়ৰ আনুষ্ঠানিক শিক্ষা আছে অথচ বিচাৰ-বিবেচনা নকৰা লোকসকল এইবিধ সাম্প্ৰদায়িক ভাইৰাছৰ দ্বাৰা সহজে আক্ৰান্ত হয়। এইবিধ সাম্প্ৰদায়িক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকসকলে নিজৰ বিচাৰ-বিবেচনা পৰিপক্ক হোৱাৰ পিছত ভাইৰাছবিধ যে সমাজ আৰু দেশৰ বাবে মাৰাত্মক সেয়া গম পায় যদিও আৰোগ্য হোৱাৰ বাট বিচাৰি নাপায়। কাৰণ, ইতিমধ্যে তেওঁলোকক ভাইৰাছবিধে আৰোগ্য হ’ব নোৱাৰাকৈ আক্ৰান্ত কৰি পেলায়। এইবিধ সাম্প্ৰদায়িক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকসকলৰ মাজত ৰাজনৈতিক আৰু অৰ্থনৈতিক ধ্যান-ধাৰণাতকৈ ধৰ্মীয় ধ্যান-ধাৰণাই অধিক স্থান পায়। আনহাতে, সুবিধাৰ আশাত সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলে প্ৰথমবিধ সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলক আহিলা হিচাপে ব্যৱহাৰ কৰি নিজৰ ৰাজনৈতিক, অৰ্থনেতিক আৰু সামাজিক ক্ষমতা তথা প্ৰভাৱ অক্ষুন্ন ৰাখিবলৈ বা বৃদ্ধি কৰিবলৈ চেষ্টা চলায়।  প্ৰথমবিধ সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলক আৰ্থিক আৰু অন্যান্য সুবিধা প্ৰদান কৰি তেওঁলোকে নিজৰ ৰাজনৈতিক জীৱনৰ বাট সুগম আৰু শক্তিশালী কৰি তোলে।  
মন কৰিবলগীয়া যে সাধাৰণ পৰিস্থিতিত যিকসকল লোক তুলনামূলকভাবে কম সাম্প্ৰদায়িক, জটিল সন্ধিক্ষণত তেওঁলোকে নিজৰ স্থিতিৰ পৰিৱৰ্তন কৰি সাম্প্ৰদায়িক শক্তিক সমৰ্থন জনালে, সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি হয়। জটিল সন্ধিক্ষণত তেওঁলোকে সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলৰ সংগত পৰে আৰু ইচ্ছাকৃতভাবে বা ক’ব নোৱাৰাকৈয়ে সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হয় বা হ’বলৈ বাধ্য হয়। তেওঁলোকৰ বেছিভাগেই সুবিধাৰ আশাত সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলৰ ভাগটোত অন্তৰ্ভূক্ত হয়। জটিল সন্ধিক্ষণত ভাৰতৰ প্ৰেক্ষাপটত সাম্প্ৰদায়িক শক্তিৰ প্ৰাদুৰ্ভাৱ অধ্যয়ন কৰিলে দেখা যায় যে তুলনামূলকভাবে কম সাম্প্ৰদায়িক লোকসকলে প্ৰতিটো জটিল সন্ধিক্ষণতে ইতিমধ্যে সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হৈ থকা লোকসকলৰ ফালে ঢাল খাইছে। উদাহৰণস্বৰূপে, সমগ্ৰ বিশ্বতে দেখা দিয়া অৰ্থনৈতিক মন্দাৱস্থাৰ সময়্ছোৱাত (১৯২৯-৩০) আৰু তাৰ পিছৰ সময়ছোৱাত ভাৰতৰ মধ্যবিত্ত আৰু পুঁজিপতিসকলে নিজে অন্তৰ্গত ধৰ্মটোৰ সৈতে জড়িত সাম্প্ৰদায়িক শক্তিবিলাকক সমৰ্থন কৰিছিল। শিক্ষা আৰু স্বাস্থ্যৰ সৈতে জড়িত তুলনামূলকভাবে কম সাম্প্ৰদায়িক লোকসকলেও একে নীতিকে অৱলম্বন কৰিছিল (আগ্ৰহী পাঠকে Bipan Chandra ‘Communalism in Modern India’ গ্ৰন্থখনৰ দুই নম্বৰ অধ্যায়টো চাব পাৰে)।  এনে পৰিৱেশ দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো  দেখা গৈছিল । অসমৰ প্ৰেক্ষাপটত ১৯৫০ চনৰ বৰভূঁইকপৰ পিছত আৰু ছয় বছৰীয়া অসম আন্দোলনৰ সময়ছোৱাত পূৰ্বতে ধৰ্ম-নিৰপেক্ষ আদৰ্শত বিশ্বাসী বহু লোক সাম্প্ৰদায়িক শক্তিৰ ফালে ঢাল খাইছিল।
মুঠ কথা, সমগ্ৰ পৃথিৱীতে ক’ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধিয়ে এক জটিল সন্ধিক্ষণৰ সৃষ্টি কৰিছে।  এই জটিল সন্ধিক্ষণৰ সমান্তৰালকৈ (আন জটিল সন্ধিক্ষণত দেখা দিয়াৰ দৰে) ভাৰতত সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰৱণতা দেখা গৈছে।  মনত ৰাখিব লাগিব যে ক’ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ সাম্প্ৰদায়িক ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ থাকিলে, ক’ভিড-১৯ৰ সৈতে জড়িত সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সৃষ্টি কৰিব।  ভাৰত মাতৃৰ (লগতে পৃথিৱীৰ) লোকসকলক বচাবৰ বাবে বৰ্তমানলৈকে ক’ভিড-১৯ আৰু সাম্প্ৰদায়িক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত নোহোৱা লোকসকল যাতে আগন্তুক দিনত দুয়োবিধ ভাইৰাছৰ কোনো এবিধতে আক্ৰান্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। যিসকল লোক ইতিমধ্যে দুয়োবিধতে বা যিকোনো এবিধত আক্ৰান্ত হৈছে (যি কাৰণতে নহওক)  তেওঁলোকক আৰোগ্য কৰি তুলিবলৈ চেষ্টা কৰিব লাগিব।

[প্ৰকাশিত, ‘আমাৰ অসম’, ১০ এপ্ৰিল ২০২০, পৃষ্ঠা: ৫]

Wednesday 1 April 2020

ক’ভিড-১৯, লকডাউন আৰু আৰক্ষী-জনসাধাৰণৰ সম্পৰ্ক


ক’ভিড-১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ কেইবাখনো দেশে লকডাউন ঘোষণা কৰিছে। ভাৰত চৰকাৰেওে যোৱা ২৪ তাৰিখৰ ৰাতি ১২ বজাৰপৰা কাৰ্যকৰী হোৱাকৈ অহা ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰিছে।  অৱশ্যে, অসম চৰকাৰে ২৪ তাৰিখৰ সন্ধিয়া ৬ বজাৰ পৰাই কাৰ্যকৰী হোৱাকৈ অসমত লকডাউন ঘোষণা কৰিছে। লকডাউনৰ উদ্দেশ্যে হ’ল, যাতে সিমান পাৰি সিমান কম সংখ্যক মানুহৰ গালৈ এই ভাইৰাছবিধ সংক্ৰমিত হয় ।  যিহেতু এই ভাইৰাছবিধ মানু্হৰ পৰা মানুহলৈ যায়, সেয়েহে মানুহবোৰ যাতে ইজনৰ পৰা সিজনৰ সংস্পৰ্শলৈ নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব (আচলতে শাৰীৰিক দূৰত্ব) বজাই ৰাখিবলৈ চৰকাৰৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে।  লকডাউন এশ শতাংশ কাৰ্যকৰী কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনসমূহক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।
দুখৰ বিষয় যে আমাৰ দেশৰ বহুসংখ্যক মানুহে (বিশেষকৈ, নিৰক্ষৰ আৰু অশিক্ষিত) এতিয়ালৈকে ক’ভিড-১৯ৰ ভয়াবহতা উপলব্দি কৰিব পৰা নাই বা উপলব্দি কৰিবলৈ চেষ্টা কৰা নাই। বহুতে ভাবিছে যে এইবিধ বেমাৰো আন ভাইৰেল বেমাৰৰ দৰে একে। ভাইৰাছবিধে আক্ৰমণ কৰিলেও কেইদিনমানৰ পিছত নিজে নিজে ভাল হৈ যাব। অৱশ্যে, এই কথাষাৰ একেবাৰে মিছাও নহয়। চিকিৎসকসকলে জনোৱা মতে যিবোৰ মানু্হৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰিবপৰা ক্ষমতা বেছি সেইবোৰ মানুহৰ শৰীৰত কৰ’না ভাইৰাছে আক্ৰমণ কৰিলেও মানুহজন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা নাই বা আক্ৰান্ত হ’লেও কিছুদিনৰ পিছত আৰোগ্য হৈ যাব পাৰে।  কিন্তু, সমস্যাটো হ’ল, ৰোগবিধত আক্ৰান্ত নোহোৱা মানুহৰপৰা আন মানুহৰ গালৈ ভাইৰাছবিধ বিয়পি যায় আৰু তুলনামূলকভাবে কম ৰোগ প্ৰতিৰোধ ক্ষমতা থকা মানুহৰ গালৈ গ’লে ভাইৰাছবিধৰ দ্বাৰা মানুহজন সহজে আক্ৰান্ত হয়।  মুঠতে এই ভাইৰাছবিধৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় হৈছে নিজকে আন মানুহৰপৰা নিলগত ৰখা।  এই কথাটোকে বহুতে বুজিব পৰা নাই বা বুজিবলৈ চেষ্টা কৰা নাই।  
ক’ভিড-১৯ৰ ভয়াবহতা সম্পৰ্কে ভালদৰে বুজাই নাই বা বুজিবলৈ চেষ্টা কৰাই নাই, তেনে সময়তে  মানুহবোৰে লকডাউনৰ দৰে আন এক নতুন পৰিস্থিতিৰ সম্মুখিন হ’ল।  বহু মানুহে লকডাউন মানে কি, সেয়া বুজি নোপোৱাকৈয়ে লকডাউন ভংগ কৰা দেখা গ’ল।  অৱশ্যে, দেশখনৰ এশ ত্ৰিছ কৌটি মানুহৰ প্ৰতিজন মানুহে লকডাউনৰ অৰ্থ বুজি নোপোৱা বা বুজিবলৈ চেষ্টা নকৰাটো একো অস্বাভাৱিকো নহয়। ক’ভিড-১৯ আৰু লকডাউন বুজি পোৱাসকলৰো বহুতে লকডাউনৰ বাবে সাজু হোৱা নাছিল। লকডাউন অমান্য কৰাৰ অপৰাধত দেশখনৰ বহু অঞ্চলত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীসকলে লাঠিচাৰ্জ কৰি বা আন শাৰীৰিক শাস্তি প্ৰদানেৰে লকডাউন এশ শতাংশ কাৰ্যকৰী কৰিবলৈ চেষ্টা চলালে। লাঠিচাৰ্জ বা আন শাৰীৰিক শাস্তিৰ ভিডিঅ’বিলাক  সামাজিক মাধ্যমসমূহত প্ৰচাৰ হোৱাৰ পাছত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীসকলক সমালোচনা কৰাৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ’ল (কিছুমান অঞ্চলত এবাৰ কৰা ভুলৰ বাবে একেজন মানুহকে দুই-তিনিজন আৰক্ষীয়ে লাঠিৰে কোবোৱা দেখা গৈছে)।  কেইটামান ভিডিঅ’ত জনসাধাৰণে আৰক্ষীকো আক্ৰমণ কৰা দেখা গ’ল। মুঠতে, সমস্যাটো এতিয়া কেৱল ক’ভিড-১৯ আৰু লকডাউন হৈ থকা নাই । অৱশ্যে, ইয়াৰ মাজতে অসমৰ কিছুমান জিলাৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে লকডাউন অমান্য কৰা লোকসকলক ভাইৰাছবিধৰ ভয়াবহতা সম্পৰ্কে সুন্দৰভাবে বুজোৱাৰ লগতে ৰাজপথত ওলোৱা মানুহবোৰক চাবোনেৰে হাত ধুবলৈ দি মাস্ক বিতৰণ কৰাৰ দৰে ইতিবাচক পৰিৱেশো সৃষ্টি হৈছে। লকডাউনৰ দুদিন পিছতে আন এক পৰিস্থিতিয়ে সকলোকে আচৰিত কৰি তুলিলে। সেয়া হ’ল- লকডাউনৰ সৈতে জনসাধৰণে নিজকে সমাযোজন কৰিবলৈ সক্ষম হোৱাই নাছিল, তেনে সময়তে গেলামাল দোকান আৰু ফাৰ্মাচীৰ উপৰি শাক-পাচলি, মাছ আৰু মাংসৰ দোকান খুলিব পাৰিব বুলি কোৱা হ’ল। ফলত যোৱা ২৭ মাৰ্চত ৰাজ্যখনৰ বহু জিলাৰ বজাৰসমূহত জনসমাগম হোৱা দেখা গ’ল।
প্ৰশ্নটো হ’ল, লকডাউন শেষ হোৱাৰ পাছত ক’ভিড-১৯ৰ সংক্ৰমণ নোহোৱা হৈ যাব নেকি? আচলতে লকডাউনৰ সময়ছোৱা হ’ল- কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা আৰু ভাইৰাছবিধক কঢ়িয়াই লৈ ফুৰা আটাইবোৰ মানুহক চিনাক্ত কৰাৰ উপযুক্ত সময়।  লকডাউনৰ সময়ছোৱাত যদি কৰ’না ভাইৰাছত আক্ৰান্ত বা ভাইৰাছবিধ কঢ়িয়াই লৈ ফুৰা এজন মানুহো চিনাক্ত নকৰাকৈ থাকি যায়, তেন্তে লকডাউনৰ পাছত ভাইৰাছবিধৰ সংক্ৰমণ নোহোৱা হৈ যাব বুলি ভবাটো শুদ্ধ নহয়।  
আমি ভাবোঁ, চৰকাৰে লকডাউনৰ সৈতে জনসাধাৰণক সামাযোজন কৰাবলৈ চেষ্টা কৰা উচিত। জনসাধাৰণেও নিজকে লকডাউনৰ সৈতে সমাযোজন কৰিবলৈ চেষ্টা কৰা উচিত। তাৰ সমান্তৰালকৈ চৰকাৰে ক’ভিড-১৯ৰ ভয়াবহতা সম্পৰ্কেও জনসাধাৰণক সজাগ কৰি থকাৰ লগতে এশ শতাংশ ফলৱতী হ’ব পৰাকৈ ভাইৰাছবিধত আক্ৰান্ত হোৱা আৰু কঢ়িয়াই লৈ ফুৰা মানুহবোৰক চিনাক্ত কৰা উচিত।  তদুপৰি, ক’ভিড-১৯ৰ সৈতে সংগতি ৰাখি ঘোষণা কৰা লকডাউনে যাতে আৰক্ষী আৰু জনসাধাৰণৰ মাজত সংঘাতৰ সৃষ্টি নকৰে, তাৰ প্ৰতিও সচেতনা হোৱা উচিত ।  

[প্ৰবন্ধটো বৰপেটাৰ পাঠশালাৰ ড° ত্ৰিদিৱ শৰ্মাৰ সৈতে যুটীয়াভাবে লিখা হৈছে ।]

[‘আমাৰ অসম’, ০২ এপ্ৰিল ২০২০, পৃষ্ঠা: ০৫]