Wednesday 27 February 2019

প্ৰসংগ: জাতীয়তাবাদ, হিন্দুত্ববাদ আৰু মানৱতাবাদ


যোৱা ১১ ফেব্ৰুৱাৰীত ‘আমাৰ অসমত’ত প্ৰকাশিত দেৱাঞ্জন বৰঠাকুৰৰ ‘থাক֭ৰেৰ জাতীয়তাবাদ, নাথুৰামৰ হিন্দুত্ববাদ নে গান্ধীৰ মানৱতাবাদ?’ শীৰ্ষক প্ৰবন্ধটো পঢ়ি দুষাৰ মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ। বৰঠাকুৰে কৈছে যে থাক֭ৰেৰ জাতীয়তাবাদ,  নাথুৰামৰ হিন্দুত্ববাদ আৰু গান্ধীৰ মানৱতাবাদৰ মাজত আমি বিভক্ত হৈ গৈছোঁ। আমি ভাবোঁ-সময়, পৰিস্থিতি আৰু অঞ্চল সাপেক্ষে উল্লিখিত ভাৱধাৰাবোৰত বিশ্বাসী নেতাসকলে আমাক বিভক্ত কৰিবলৈ চেষ্টা চলাই থাকে। অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে উল্লিখিত ভাৱধাৰাবোৰৰ প্ৰাসংগিকতা নাই। মহাৰাষ্ট্ৰৰ প্ৰেক্ষাপটত থাক֭ৰেৰ দৰে কঠোৰ জাতীয়তাবাদী নেতাৰ প্ৰয়োজন আছে। এইটো কথাও ঠিক যে বাল থাক֭ৰেৰ সময়ত মহাৰাষ্ট্ৰৰ জাতীয়তাবাদ আৰু তেখেতৰ পিছৰ মহাৰাষ্ট্ৰৰ জাতীয়তাবাদৰ তীব্ৰতা একে নহয়। তদুপৰি, দেশখনৰ আৰু আন ৰাজ্যৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক পৰিস্থিতিয়ে ৰাজ্যখনৰ জাতীয়তাবাদৰ তীব্ৰতাৰ ওপৰত প্ৰভাৱ পেলায় থাকে। অসমৰ দৰে ৰাজ্যত থাক֭ৰেৰ দৰে কঠোৰ জাতীয়তাবাদী নেতাৰ অভাৱ অনুভৱ কৰা নাযায়। তেনেধৰণৰ কঠোৰ জাতীয়তাবাদী নেতাক অসমৰ মানুহে সমৰ্থন জনাব বুলিও মনে নধৰে। সেইবুলি অসমৰ জাতীয় স্বাৰ্থৰ বাবে জাতীয়তাবাদৰ প্ৰয়োজন নাই বুলি একে আষাৰে উৰুৱাই দিব নোৱাৰি। অসমৰ বৰ্তমানৰ প্ৰেক্ষাপটত জাতীয়তাবাদৰ প্ৰাসংগিকতা বৃদ্ধিহে পাইছে। অৱশ্যে, বৰঠাকুৰৰ সৈতে আমি একমত যে জাতীয়তাবাদৰ বহি:প্ৰকাশ হিচাপে হাতত অস্ত্ৰ তুলি লোৱা বা হিংসাৰ আশ্ৰয় লোৱা উচিত নহয়।
আন কথা বাদ দিলে, ভাৰতৰ ৰাজ্যবোৰৰ জাতীয়তাবাদী ভাৱধাৰাৰ তীব্ৰতাৰ ওপৰত প্ৰভাৱ পেলোৱা মূল কাৰণ হ’ল- জোৰ কৰি হিন্দুত্ববাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ ভাৱধাৰা জাপি দিবলৈ চেষ্টা কৰা প্ৰৱণতাৰ প্ৰতিক্ৰিয়া। হিন্দুত্ববাদৰ তীব্ৰতা হ্ৰাস বা বৃদ্ধিৰ ওপৰতো জাতীয়তাবাদ তথা আঞ্চলিকতাবাদৰ প্ৰভাৱ নিহিত থাকে। অতিমাত্ৰা জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ প্ৰভাৱে হিন্দুত্ববাদী ভাৱধাৰাৰ তীব্ৰতা বৃদ্ধিত অৰিহণা যোগাই আহিছে। অতিমাত্ৰা জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদে ৰাষ্ট্ৰীয় একতাৰ প্ৰতি ভাবুকি আনিব পাৰে বুলি ৰাষ্ট্ৰীয়তাবাদীসকলে অনুভৱ কৰে আৰু একমাত্ৰ হিন্দুত্ববাদী ভাৱধাৰাৰ দ্বাৰাহে ৰাষ্ট্ৰীয় একতা অটুট থাকিব বুলি বিশ্বাস কৰে।
জাতীয়তাবাদৰ তীব্ৰতা বৃদ্ধিৰ বাবে থাক֭ৰেই কিশোৰসকলক ব্যৱহাৰ কৰিছিল বুলি এখন কিতাপৰ প্ৰসংগেৰে বৰঠাকুৰে উল্লেখ কৰিছে। হিন্দুত্ববাদী, আঞ্চলিকতাবাদী আৰু জোৰ কৰি জাপি দিব খোজা ৰাষ্ট্ৰীয়তাবাদীসকলেও তেওঁলোকৰ ভাৱধাৰাৰ তীব্ৰতা বৃদ্ধিৰ বাবে কম-বেছি পৰিমাণে কিশোৰসকলক ব্যৱহাৰ কৰি আহিছে। কঠোৰ জাতীয়তাবাদত বিশ্বাসী নেতা থাক֭ৰে বুলি নহয়, হিন্দুত্ববাদী, আঞ্চললিকতাবাদী আৰু জোৰ কৰি ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰা জাপি দিব খোজা কোনো এজন নেতাই তেওঁলোকে বিশ্বাস কৰা ভাৱধাৰাটোৰ তীব্ৰতা বৃদ্ধিৰ বাবে কিশোৰসকলক আহিলা হিচাপে ব্যৱহাৰ কৰা উচিত নহয়।
সমগ্ৰ পৃথিৱীতে এক নিৰ্দিষ্ট দিশবিহীন আৰু সাধাৰণীকৰণ কৰিব নোৱাৰা ধৰণৰ পৰিস্থিতি আহি পৰিছে। মানুহৰ মাজত বিশ্বাসযোগ্যতা আৰু নিৰ্ভৰযোগ্যতাৰ অভাৱ পৰিলক্ষিত হৈছে। বৰঠাকুৰৰ সৈতে একমত যে গান্ধীৰ মানৱতাবাদৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দ্বাৰাহে নতুন প্ৰজন্মক ধৰ্মীয় সংকীৰ্ণতাৰ পৰা আঁতৰাই ৰাখিব পৰা যাব। দুখৰ বিষয়টো হ’ল- মহাত্মা গান্ধীৰ মানৱতাবাদী ভাৱধাৰাও এই পৰিস্থিতিক উদ্ধাৰ কৰিব নোৱাৰা হৈ পৰিছে।
মূল কথাটো হ’ল-ভাৰতৰ দৰে গণতান্ত্ৰিক আৰু ধৰ্মনিৰেপেক্ষ ৰাষ্ট্ৰ এখনত ৰাষ্ট্ৰীয়তাবাদ, হিন্দুত্ববাদ, আঞ্চলিকতাবাদ, জাতীয়তাবাদ আদি সকলো ভাৱধাৰাৰে প্ৰাসংগিকতা আছে আৰু থাকিব। কিন্তু, সময় আৰু পৰিস্থিতি সাপেক্ষে যিকোনো এটা ভাৱধাৰাৰ তীব্ৰতাৰ হ্ৰাস বা বৃদ্ধিয়ে আন ভাৱধাৰাবোৰৰ তীব্ৰতাৰ ওপৰত প্ৰভাৱ পেলায় আৰু দেশখনত অস্থিৰতাৰ পৰিৱেশ সৃষ্টি কৰে। দেশখনৰ সামগ্ৰিক সুস্থিৰতাৰ স্বাৰ্থত বিভিন্ন ভাৱধাৰাত বিশ্বাসী লোকসকলে ইজনে সিজনক সন্মান জনাব জানিলে (বা শিকিলে) ভাৱধাৰাবোৰৰ দ্বাৰা অস্থিৰতাৰ পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা নাই। কোনো এটা ভাৱধাৰাৰে যাতে তীব্ৰতা বৃদ্ধি নাপায় তাৰ বাবে সকলোৱে সততে সাৱধান হৈ থকা উচিত।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৮ ফেব্ৰুৱাৰী, ২০১৯,পৃষ্ঠা: ৪]

Monday 18 February 2019

সত্ৰৰ মাটি বেদখল সম্পৰ্কে


যোৱা কেইটামান বছৰ ধৰি অসমৰ সত্ৰৰ মাটি বেদখল প্ৰসংগটোৱে এক বিশেষ গুৰুত্ব লাভ কৰিছে। অসমৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক সুৰক্ষাৰ প্ৰশ্নৰ সৈতে সত্ৰৰ মাটি বেদখলৰ প্ৰসংগ টানি অনা পৰিলক্ষিত হৈছে। এনে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে যে নিৰ্বাচনী যুদ্ধত এটা নিৰ্দিষ্ট ৰাজনৈতিক দলে জয়লাভ কৰি থাকিলেহে সত্ৰৰ মাটি বেদখল ৰোধ কৰিব পৰা যাব আৰু ইতিমধ্যে বেদখল হোৱা মাটিখিনি বেদখলমুক্ত কৰিব পাৰিব। এই লেখাটোত সত্ৰৰ মাটি বেদখলৰ সৈতে জড়িত কেইটামান প্ৰসংগ আলোচনা কৰা হৈছে।
শ্ৰীমন্ত শংকৰদেৱ যুৱমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ আলোচনী সম্পাদকে প্ৰকাশ কৰা তথ্য অনুসৰি অসমৰ প্ৰায় এহাজাৰ সৰু-বৰ সত্ৰৰ ভিতৰত বেদখল হোৱা সত্ৰৰ মুঠ মাটিৰ পৰিমাণ হ’ল ৮,১০১ বিঘা (নীলিম আকাশ কাশ্যপ, ‘কোনখন সত্ৰৰ কিমান মাটি বেদখল হৈছে?’, ‘নিয়মীয়া বাৰ্তা’, ১২/০২/২০১৯)। বেদখল নোহোৱা মাটিৰ পৰিমাণ বাদ দি, গৰাখহনীয়াত নি:চিহ্ন হোৱা আৰু বেদখল হোৱা মাটিৰ পৰিমাণৰ ভিত্তিত এইটো স্পষ্ট হৈ পৰিছে যে মাটি-বাৰীৰ ক্ষেত্ৰত সত্ৰসমূহ চকুত লগাকৈ ধনী আছিল। আমাৰ মনলৈ অহা এটা প্ৰশ্ন হ’ল-ইতিমধ্যে যিখিনি মাটি বেদখল হৈছে, বেদখল হোৱাৰ আগতে সেই মাটিখিনি কিবা কামত ব্যৱহাৰ কৰি থকা হৈছিল নেকি? আমাৰ মনলৈ এই প্ৰশ্নটো অহাৰ কাৰণ হ’ল-মাটিৰ গৰাকীয়ে নিজৰ মাটিখিনি উৎপাদনমূলক কামত ব্যৱহাৰ কৰি থাকিলে আনে বেদখল কৰাৰ সুযোগ পোৱাৰ সম্ভাৱনা তেনেই কম। মাটিখিনি উৎপাদনমূলক কামত ব্যৱহাৰ কৰি থাকিলে নিৰাপত্তাৰ প্ৰয়োজনত সংশ্লিষ্ট মাটিখিনিৰ চাৰিসীমা কটকটীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হয়।
ইতিমধ্যে যিকেইখন সত্ৰৰ মাটি বেদখল হৈছে, সেয়া নিশ্চয় এদিন বা এৰাতিৰ ভিতৰতে হোৱা নাই। এখন সত্ৰৰ সৈতে সংশ্লিষ্ট অঞ্চলটোৰ বহুত মানুহ জড়িত হৈ থাকে। সত্ৰ এখন পৰিচালনাৰ বাবে সত্ৰ পৰিচালনা সমিতি থকাৰ উপৰি অসম সত্ৰ মহাসভাৰ দৰে বৃহৎ আৰু শক্তিশালী সংগঠনও আছে। সত্ৰসমূহৰ মাটি বেদখল হ’বলৈ আৰম্ভ কৰাৰ সময়তেই এই সংগঠনসমূহে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলে বেদখলকাৰীয়ে সত্ৰৰ মাটি বেদখল কৰাৰ সাহস আৰু সুবিধা দুয়োটাই নাপালেহেঁতেন। ইমানদিনে প্ৰায় এহাজাৰ সত্ৰৰ ৮,১০১ বিঘা মাটি বেদখল হোৱা মানে কি বুজায়? সংশ্লিষ্ট সত্ৰৰ পৰিচালনা সমিতি বা অসম সত্ৰ মহাসভাৰ দৰে অনুষ্ঠানসমূহে সত্ৰৰ মাটি বেদখলৰ দৰে গুৰুত্বপূৰ্ণ দিশটোত নিশ্চয় উদাসীন হৈ আছিল।  
যিহেতু ইতিমধ্যে সত্ৰৰ মাটি বেদখল হৈয়ে গ’ল, সেয়েহে বেদখল হোৱা মাটিখিনি বেদখলমুক্ত কৰা জুৰুৰী হৈ পৰিছে। সংশ্লিষ্ট সত্ৰৰ পৰিচালনা সমিতিয়ে বেদখল হোৱা মাটিখিনি বেদখলমুক্ত কৰিব নোৱাৰিলে মাটিৰ উপযুক্ত কাগজ পত্ৰৰ সৈতে আদালতৰ দ্বাৰস্থ হোৱাৰ বাহিৰে অন্য উপায় নাই। উপযুক্ত প্ৰমাণৰ ভিত্তিত আদালতে বেদখলকাৰীসকলক উচ্ছেদ কৰিবলৈ ৰায় নিদিয়াৰ কোনো যুক্তি নাই। উচ্ছেদৰ ৰায় পোৱাৰ পাছত উচ্ছেদ কৰাৰ দায়িত্ব প্ৰশাসনৰ। উচ্ছেদৰ ৰায় পোৱাৰ পাছতো প্ৰশাসনে উচ্ছেদ নকৰিলেহে এক নিৰ্দিষ্ট ৰাজনৈতিক দলৰ দ্বাৰা গঠিত চৰকাৰে উচ্ছেদ কৰিব পাৰিব বুলি সিদ্ধান্তত আহিব পৰা যায়।
আন এক প্ৰসংগ হ’ল-যিখিনি মাটি বেদখল হোৱা নাই সেইখিনিও বেদখল হোৱাৰ সম্ভাৱনা আছে নেকি? যদি আছে, তেন্তে সংশ্লিষ্ট সত্ৰসমূহে মাটিখিনি উৎপাদনমূলক কামত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা উচিত। কিছু সময়ৰ বাবে ধৰি লোৱা হ’ল যে সত্ৰৰ সৈতে জড়িত ব্যক্তিসকল আধ্যাত্মিক চিন্তচৰ্চাত ব্যস্ত থাকে বাবে মাটি-বাৰী ব্যৱহাৰৰ ক্ষেত্ৰত আন ব্যক্তিসকলতকৈ তুলনামূলকভাৱে উদাসীন। সেইবুলি মাটিখিনি অব্যৱহৃত হৈ থাকিবলৈ দিয়াৰ যুক্তি বিচাৰি পোৱা টান। সত্ৰৰ সৈতে জড়িত স্থানীয় উদ্যোমী লোকক লীজত দি হ’লেও উৎপাদনমূলক কামত মাটিখিনি ব্যৱহাৰ কৰি থাকিলে সত্ৰৰ মাটি বেদখলকাৰীৰ গ্ৰাসত পৰাৰ কোনো সম্ভাৱনা নাই। এই ব্যৱস্থা গ্ৰহণেৰে সত্ৰসমূহে সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিকভাৱে জিলিকি থকাৰ উপৰি কিছু পৰিমাণে হ’লেও আৰ্থিকভাৱে উপকৃত হ’ব পাৰিব।  


[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৮ ফেব্ৰুৱাৰী, ২০১৯, পৃষ্ঠা: ৪]

Sunday 3 February 2019

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগত


শেহতীয়াকৈ অসমৰ ছয় জনগোষ্ঠী-মৰাণ, মটক, তাই-আহোম, চুতীয়া, কোচ֭-ৰাজবংশী আৰু চাহ-জনগোষ্ঠীৰ কেইবাটাও গোটক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদানৰ যো-জা চলিছে। এই ক্ষেত্ৰত এটা প্ৰধান সমস্যাই দেখা দিছে। সেয়া হ’ল-উল্লিখিত জনগোষ্ঠীসমূহক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰিলে ইতিমধ্যে অনুসূচিত জনজাতি হিচাপে স্বীকৃতি লাভ কৰা জনগোষ্ঠীসমূহ ক্ষতিগ্ৰস্ত হ’ব। স্বাভাৱিকতে সদৌ অসম জনজাতি সংঘৰ উপৰি হাগ্ৰামা মহিলাৰী নেতৃত্বৰ বিপিএফ দলে উল্লিখিত ছয় জনগোষ্ঠীক জনজাতিকৰণত আপত্তি দৰ্শাইছে। এই আপত্তি নিষ্পত্তি কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক লগত লৈ বিপিএফৰ নেতৃত্বৰ সৈতে এক আলোচনাত মিলিত হৈছে। এই আলোচনাৰ পৰা ইংগিত পোৱা গৈছে যে ইতিমধ্যে অনুসূচিত জনজাতি হিচাপে স্বীকৃতি লাভ কৰা জনগোষ্ঠীসমূহে তেওঁলোকে লাভ কৰি থকা সা-সুবিধাসমূহৰ পৰা বঞ্চিত নকৰাকৈ উল্লিখিত জনগোষ্ঠীসমূহক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰা হ’ব। ইতিমধ্যে অসমত অনুসূচিত জনজাতি (ভৈয়াম) আৰু অনুসূচিত জনজাতি (পাহাৰ)-এই দুটা ভাগত ভাগ কৰি মুঠ ২৩টা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰি সংৰক্ষণৰ জৰিয়তে তেওঁলোকক সা-সুবিধা প্ৰদান কৰি থকা হৈছে। এই দুটা ভাগৰ উপৰি ‘অনুসূচিত জনজাতি (অন্যান্য)’ হিচাপে আন এটা ভাগ সৃষ্টি কৰি অসমৰ উল্লিখিত ছয়টা জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰা হ’ব বুলি বাতৰি প্ৰকাশ পাইছে। এনেধৰণে ভাগ কৰাৰ ফলত ইতিমধ্যে অনুসূচিত জনজাতিৰ স্বীকৃতি লাভ কৰা জনগোষ্ঠীসমূহৰ সা-সুবিধাৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ নপৰিব বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰা হৈছে। এই সন্দৰ্ভত স্পষ্ট সমাধান সূত্ৰ উলিয়াবলৈ ড° হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপে লৈ ৰাজ্যিক পৰ্যায়ৰ এখন সমিটি গঠন কৰা হৈছে আৰু সমিটিখনৰ এখন সভাও অনুষ্ঠিত হৈ গৈছে।
উল্লিখিত জনগোষ্ঠীসমূহক ‘অনুসূচিত জনজাতি (অন্যান্য)’ হিচাপে স্বীকৃতি প্ৰদান কৰিলে অসমত অন্যান্য পিচপৰা শ্ৰেণী (অবিচি)ত তালিকাভূক্ত জনগোষ্ঠীৰ সংখ্যা হ্ৰাস পাব। কাৰণ, আজিৰ তাৰিখলৈকে উল্লিখিত ছয়টা জনগোষ্ঠী অন্যান্য পিচপৰা শ্ৰেণীত তালিকাভূক্ত হৈ আছে। ফলত, অসমৰ যিকেইটা জনগোষ্ঠী অন্যান্য পিচপৰা শ্ৰেণীত থাকি যাব সাংবিধানিক সংৰক্ষণৰ জৰিয়তে আগতকৈ তেওঁলোকৰ অধিক সংখ্যক লোকে সা-সুবিধা লাভ কৰিব (ধৰি লোৱা হৈছে যে অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে নিৰ্ধাৰিত সংৰক্ষণৰ অংশ একে আছে)। এনে পৰিস্থিতিত সংবিধানে প্ৰদান কৰা সমতাৰ অধিকাৰৰ ওপৰত প্ৰশ্ন অৱতাৰণা কৰিব পৰাৰ সুৰুঙা কিছু হ’লেও থাকি যাব। অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে অন্যান্য পিচপৰা শ্ৰেণীত থাকি যোৱা জনগোষ্ঠীসমূহৰ অধিক সংখ্যক লোকে সাংবিধানিক সংৰক্ষণৰ জৰিয়তে সা-সুবিধা লাভ কৰাৰ সম্ভাৱনাৰ প্ৰতি আমাৰ ঈৰ্ষা উপজিছে।
আন এক প্ৰাসংগিক প্ৰশ্ন হ'ল-উল্লিখিত আটাইকেইটা জনগোষ্ঠীয়ে ‘অনুসূচিত জনজাতি (অন্যান্য)’ৰ স্বীকৃতি গ্ৰহণ কৰিবলৈ সাজু আছেনে? কেইটামান জনগোষ্ঠীয়ে এনে স্বীকৃতি গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰতিবাদ কৰাৰ খবৰ সংবাদ মাধ্যমযোগে ইতিমধ্যে পোৱা গৈছে। এইটো সঁচা যে উল্লিখিত ছয়টা জনগোষ্ঠীয়ে অনুসূচিত জনজাতিৰ স্বীকৃতি লাভ কৰাৰ বাবে একেলগে আন্দোলন কৰি আহিছে যদিও আটাইকেইটা জনগোষ্ঠীৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক পৰিৱেশ একে নহয়। উল্লিখিত জনগোষ্ঠীসমূহক ‘অনুসূচিত জনজাতি (অন্যান্য)’ হিচাপে স্বীকৃতি প্ৰদান কৰিলে আটাইবোৰ জনগোষ্ঠীয়ে সমান সা-সুবিধা লাভ কৰিব বুলি দাবী কৰিব নোৱাৰি। একেসময়তে উল্লিখিত জনগোষ্ঠীসমূহৰ কেইটামান জনগোষ্ঠীয়ে ‘অনুসূচিত জনজাতি (অন্যান্য)’ হিচাপে স্বীকৃতি লাভ কৰিলে, প্ৰচলিত অনুসূচিত জনজাতি [মানে-অনুসূচিত জনজাতি (ভৈয়াম) আৰু অনুসূচিত জনজাতি (পাহাৰ)] ব্যৱস্থাতকৈ তেওঁলোক কিছু হ’লেও উচ্চ পৰ্যায়ৰ স্বীকৃতি লাভ কৰা বুলি অনুভৱ নকৰিব বুলিও ক’ব নোৱাৰি। কাৰণ, উল্লিখিত জনগোষ্ঠীসমূহৰ অন্তৰ্গত এশ শতাংশ মানুহেই নিজকে অনুসূচিত জনজাতি হিচাপে চিনাকি দিবলৈ সাজু আছে বুলি একে আষাৰে মতামত দিব নোৱাৰি।
আটাইতকৈ বেছি চিন্তা কৰিবলগীয়া বিষয়টো হ’ল-অসমৰ ৰাজ্যিক পৰ্যায়ৰ চৰকাৰী সা-সুবিধাৰ ক্ষেত্ৰত যেনিবা অনুসূচিত জনজাতি (ভৈয়াম), অনুসূচিত জনজাতি (পাহাৰ) আৰু ‘অনুসূচিত জনজাতি (অন্যান্য)’ হিচাপে ভাগ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ল; সৰ্বভাৰতীয় পৰ্যায়ৰ সা-সুবিধাৰ ক্ষেত্ৰতো একেধৰণৰ ভাগ কৰাৰ ব্যৱস্থা থাকিবনে? যদি সৰ্বভাৰতীয় পৰ্যায়ৰ সা-সুবিধাৰ ক্ষেত্ৰতো একেধৰণৰ ভাগ কৰাৰ ব্যৱস্থা কৰা হয়, ‘অনুসূচিত জনজাতি (অন্যান্য)’ ভাগটোত কেৱল উল্লিখিত ছয়টা জনগোষ্ঠীক তালিকাভুক্ত কৰা হ’ব নে ভাৰতৰ আন ৰাজ্যৰ আন জনগোষ্ঠীকো সেই তালিকাত অন্তৰ্ভূক্ত কৰা হ’ব? যদি এই তিনিধৰণৰ ভাগ কেৱল অসমৰ ৰাজ্যিক পৰ্যায়ৰ সা-সুবিধাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়, (যদি উল্লিখিত ছয় জনগোষ্ঠীক সামগ্ৰিকভাৱে অনুসূচিত জনজাতি হিচাপে ধৰা হয়), তেন্তে সৰ্বভাৰতীয় পৰ্যায়ৰ সা-সুবিধাৰ ক্ষেত্ৰত ২৩টা জনগোষ্ঠীক ইতিমধ্যে প্ৰদান কৰি অহা ন্যায়ৰ পৰা বঞ্চিত কৰা হ’ব।
পুনশ্চ: সৰ্বভাৰতীয় পৰ্যায়ৰ চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানসমূহত অনুসূচিত জাতিৰ বাবে ১৫ শতাংশ, অনুসূচিত জনজাতিৰ বাবে ৭.৫ শতাংশ আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে ২৭ শতাংশ সংৰক্ষণৰ ব্যৱস্থা আছে। অনুসূচিত জনজাতিৰ বাবে নিৰ্ধাৰিত অংশটোত পাহাৰ আৰু ভৈয়াম দুয়োবিধ অনুসূচিত জনজাতিকে সামৰি লোৱা হয়। ‘অনুসূচিত জনজাতি (অন্যান্য)’ত তালিকাভূক্ত জনগোষ্ঠীসমূহকো যে ৭.৫ শতাংশৰ ভিতৰতে সামৰি লোৱা হ’ব তাত কোনো সন্দেহ নাই।
  
[প্ৰকাশিত, ‘আমাৰ অসম’, ৪ ফেব্ৰুৱাৰী ২০১৯, পৃষ্ঠা: ৫]