Monday 28 September 2020

গান্ধীৰ জাতীয়তাবাদৰ ধাৰণা

        ভাৰতৰ  স্বাধীনতা আন্দোলনৰ সময়ত মতাদৰ্শৰ পাৰ্থক্যৰ ভিত্তিত উপ-মহাদেশখনত জাতীয়তাবাদ সম্পৰ্কে  বিভিন্ন ধাৰণা গঢ়ি উঠিছিল ।  আনকি একে সংগঠনৰ নেতৃত্ব বহন কৰা নেতাসকলৰ মাজতে ভাৰতৰ জাতীয়তাবাদ সম্পৰ্কত পৃথক ধাৰণা গঢ়ি উঠিছিল । ভাৰতীয় জাতীয়তাবাদ সম্পৰ্কত মহাদেৱ গোবিন্দ ৰানাডে আৰু সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰাৰ বিপৰীতে লালা ৰাজপট ৰায়, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল, শ্ৰী অৰবিন্দ, মৌলানা হুছেইন আহমদ মাদানি আৰু ইকবালে ধৰ্মকেন্দ্ৰিক জাতীয়তাবাদৰ  পোষকতা কৰিছিল । কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, সৰোজনী নাইডু আৰু প্ৰফুল্ল চন্দ্ৰ ৰায় বিশ্বজনীন (Cosmopolitan) জাতীয়তাবাদৰ সমৰ্থক আছিল ।  কোৱা বাহুল্য মাথো যে নেতাজী সুভাষ চন্দ্ৰ বসু আৰু ভগৎ সিঙৰ জাতীয়তাবাদৰ ধাৰণা বিপ্লৱৰ ওপৰত প্ৰতিষ্ঠিত আছিল । এয়া কেইটামান উদাহৰণ মাত্ৰ ।  

মহাত্মা গান্ধীৰ জাতীয়তাবাদৰ ধাৰণা কিছু সুকীয়া আছিল ।  স্বাভাৱিকতে মহাত্মা গান্ধীৰ জাতীয়তাবাদৰ ধাৰণা সত্য আৰু অহিংসাৰ ওপৰত প্ৰতিষ্ঠিত আছিল ।  কাৰণ, সত্য আৰু অহিংসাক মূলমন্ত্ৰ হিচাপে লৈ মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব বহন কৰিছিল ।  মহাত্মা গান্ধীয়ে  ১৯২৫ চনৰ ২৮ আগষ্টত কলিকতাৰ (এতিয়াৰ কলকাতা) মেকানো ক্লাৱত (Meccano Club)  প্ৰদান কৰা ভাষণটোত তেওঁৰ জাতীয়তাবাদৰ ধাৰণা প্ৰকাশ পায় । ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰিছিল যে ভাৰতে স্বাধীনতা লাভ কৰিবলৈ হ’লে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভাৰত-বিৰোধী আইন আৰু নীতিবোৰৰ বিৰূদ্ধে ভাৰতবাসীয়ে থিয় দিবই লাগিব ।  কিন্তু, ইয়াৰ অৰ্থ এইটো নহয় যে ভাৰতবাসীয়ে ব্ৰিটিছক ঘৃণা কৰিব লাগিব । ব্ৰিটিছৰ বিৰূদ্ধে গ্ৰহণ কৰা অসহযোগ আন্দোলন বা সত্যাগ্ৰহত যাতে ব্ৰিটিছৰ প্ৰতি ঘৃণাৰ মনোভাৱ প্ৰকাশ নাপায় তাৰ প্ৰতি তেওঁ সদায় সতৰ্ক হৈ আছিল ।  গান্ধীজীয়ে এইটোও জানিছিল যে তেওঁৰ এই মনোভাৱক বহু অসহযোগ আন্দোলনকাৰী আৰু সত্যাগ্ৰহীয়ে সহ্য কৰিব নোৱাৰিব ।  তেওঁলোকক উদ্দেশ্যি তেওঁ কৈছিল যে যিসকলে ব্ৰিটিছৰ প্ৰতি ঘৃণাৰ মনোভাৱ লৈ অসহযোগ আন্দোলন বা সত্যাগ্ৰহত যোগ দিছে, তেওঁলোক প্ৰকৃত অসহযোগ আন্দোলনকাৰী বা সত্যাগ্ৰহী নহয় ।  তেওঁৰ মতে, প্ৰকৃত অসহযোগ আন্দোলনকাৰী বা সত্যাগ্ৰহীয়ে বেয়া কামকহে ঘৃণা কৰে, বেয়া কাম কৰা লোকসকলক ঘৃণা নকৰে । আন কথাত, প্ৰকৃত অসহযোগ আন্দোলনকাৰী বা সত্যাগ্ৰহীয়ে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভাৰত-বিৰোধী আইন আৰু নীতিবোৰকহে ঘৃণা কৰে, ব্ৰিটিছ জাতিটোক ঘৃণা নকৰে ।   তেওঁ কৈছিল যে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভাৰত-বিৰোধী আইন আৰু নীতিবোৰৰ বিৰূদ্ধে থিয় দিয়া প্ৰতিগৰাকী ব্যক্তিয়েই জাতীয়তাবাদী । কিন্তু, জাতীয়তাবাদী হ’বৰ বাবে আন জাতিক ঘৃণা কৰাৰ প্ৰয়োজন নাই ।  জাতীয়তাবাদৰ নামত কোনো এটা জাতিক কৰা ঘৃণাই জাতীয়তাবাদৰ প্ৰকৃত সত্তাটোকে দুৰ্বল কৰি পেলাব । নিজ জাতিৰ ভিত্তিত জাতীয়তাবাদ গঢ়ি তুলিবলৈ হ’লে আন জাতিক শোষণ কৰিব বা তললৈ নমাই দিব লাগিব- এনেধৰণৰ জাতীয়তাবাদ মহাত্মা গান্ধীয়ে বিচৰা নাছিল ।  মুঠ কথা, গান্ধীজীৰ জাতীয়তাবাদৰ ধাৰণাত ঘৃণাৰ কোনো স্থান নাছিল ।

দুৰ্ভাগ্যৰ কথা যে যোৱা কেইবছৰমান ধৰি ভাৰতত মহাত্মা গান্ধীৰ জাতীয়তাবাদৰ ধাৰণাটোৰ সম্পূৰ্ণ বিপৰীত ধাৰণাক ভাৰতীয় জাতীয়তাবাদ হিচাপে দ্ৰুতগতিত প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস চলাই থকা হৈছে, যিটো দেশখনৰ একতাৰ বাবে মুঠেই গ্ৰহণযোগ্য নহয় ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৮ ছেপ্টেম্বৰ ২০২০]

Thursday 17 September 2020

প্ৰসংগ: ভোটযু্দ্ধ

        ‘নিয়মীয়া বাৰ্তা’ৰ ‘প্ৰথম কলম’ত ১১ ছেপ্টেম্বৰত হোমেন বৰগোহাঞিৰ ‘ভোটযুদ্ধ’ শীৰ্ষক সময়োপযোগী তথা চিন্তাশীল লেখাটো পঢ়ি কিছু মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ ।  নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে ভোটযুদ্ধত অৱতীৰ্ণ হোৱা ৰাজনৈতিক নেতাসকলৰ আচাৰ-ব্যৱহাৰ আৰু মুখেদি ওলোৱা কথাবোৰৰ ওপৰত জনসাধাৰণৰ তীক্ষ্ণ দৃষ্টি থাকে ।  বিগত নিৰ্বাচনবোৰত দেখি আহিছোঁ যে যিমানেই ভোট গ্ৰহণৰ দিন ওচৰ চাপি আহে একাংশ ৰাজনৈতিক নেতাৰ আচাৰ-ব্যৱহাৰ আৰু মুখেদি ওলোৱা কথাবোৰ সিমানেই নিম্ন মানৰ হ’বলৈ ধৰে । অসম বিধান সভাৰ আগন্তুক নিৰ্বাচন অহা বছৰৰ এপ্ৰিল মাহত অনুষ্ঠিত হ’ব বুলি ধৰি ল’লে ভোটযুদ্ধৰ বাবে এতিয়াও ছমাহ সময় আছে । এই সময়ত ৰাজনৈতিক দলবোৰৰ শীৰ্ষস্থানীয় নেতাসকলৰ আচাৰ-ব্যৱহাৰ আৰু মুখেদি ওলোৱা কথাবোৰৰ মান উন্নত নোহোৱাটো অতি দুৰ্ভাগ্যজনক ।  নিৰ্বাচনৰ ছমাহ আগতে যদি তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু মুখেদি ওলোৱা কথাবোৰ ইমান নিম্ন মানৰ হয়, নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনকেইটাত কিমান নিম্ন মানৰ হ’ব, সেয়া বহলাই কোৱাৰ প্ৰয়োজন নাই । 
        উন্নত মানৰ বৌদ্ধিক আৰু সাংস্কৃতিক চিন্তাধাৰা প্ৰকাশ পোৱা কথা মুখেদি ওলাবলৈ হ’লে পৰ্যাপ্ত অধ্যয়নৰ বিকল্প নাই । ইয়াৰ অৰ্থ এইটো নহয় যে আমাৰ ৰাজ্যৰ শীৰ্ষস্থানীয় ৰাজনৈতিক নেতাসকলে পৰ্যাপ্ত অধ্যয়ন নকৰে বা কৰা নাই ।  কিন্তু, ৰাজনৈতিক নেতা এগৰাকীৰ সোঁৱে-বাওঁৱে থকা অধ্যয়নহীন পালিনেতা, নিৰ্বাচনী সভাবোৰত উপস্থিত থকা জনতাৰ উত্তেজিত সঁহাৰি, সভাৰ স্থান আৰু সময় অনুসৰি সংশ্লিষ্ট নেতাগৰাকী উত্তেজিত হোৱাৰ ফলত কেতিয়াবা তেওঁ কৰা পৰ্যাপ্ত অধ্যয়নে কাম নিদিবও পাৰে ।  আমি ভাবোঁ, সেই সময়ত তেওঁলোকৰ উপদেষ্টাসকলৰ গধুৰ দায়িত্ব থাকে (উপদেষ্টাসকলে নেতাসকলতকৈ বেছি অধ্যয়ন কৰে বুলি ধৰি লোৱা হৈছে) ।  তেওঁলোকৰ নেতাগৰাকীয়ে যাতে অসংগত, অসাংস্কৃতিক আচৰণ নকৰে বা তেওঁৰ মুখেদি ওলোৱা কথাবোৰত বৌদ্ধিক দৈন্যতা প্ৰকাশ নাপায়, সেয়া উপদেষ্টাসকলে নেতাগৰাকীক সচেতন কৰি দিব লাগে ।  মনত ৰখা উচিত যে নিম্ন মানৰ আচাৰ-ব্যৱহাৰ আৰু কথা-বতৰাৰ দ্বাৰা ৰাজনৈতিক নেতাসকলে ভোটযুদ্ধত অৱতীৰ্ণ হৈ সহজে জনপ্ৰিয়তা লাভ কৰিব পাৰে । কিন্তু, সেই জনপ্ৰিয়তা অতি কম সময়ৰ ভিতৰতে নোহোৱা হৈ যায় ।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ৭ ছেপ্টেম্বৰ ২০২০]