Wednesday 4 May 2011

ৰাভাসকলে উত্থাপন কৰা ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ দাবী কিমান যুক্তিসংগত?

যোৱা ডেৰ দশক ধৰি অসমৰ ভূমিপুত্ৰ বুলি দাবী কৰা ৰাভা জনজাতিটোৰ তিনিটা সংগঠন নিখিল ৰাভা ছাত্ৰ সন্থা(চমুকৈ আৰছু),ষষ্ঠ অনুসূচী দাবী সমিতি আৰু নিখিল ৰাভা মহিলা পৰিষদে গোৱালপাৰা জিলাৰ জয়ৰামকুছীৰ পৰা কামৰূপ জিলাৰ ৰাণীলৈকে ৰাভা সংখ্যাগৰিষ্ঠ অঞ্চল(ৰাভা হাছং এলেকা বুলি জনা যায়) হিচাপে চিনাক্ত কৰি ৰাভাসকলক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰিব লাগে বুলি গণতান্ত্ৰিকভাৱে দাবী জনাই আহিছে। জনজাতিটোৰ আন সংগঠন যেনে-নিখিল ৰাভা জাতীয় পৰিষদ, নিখিল ৰাভা সাহিত্য সভা আদিও সংগঠন তিনিটাৰ আন্দোলনৰ প্রতি নৈতিক সমৰ্থন আগবঢ়াই আহিছে। কিন্তু, অঞ্চলটোৰ অ-ৰাভাসকলে ৰাভাসকলৰ এই দাবীৰ তীব্র বিৰোধীতা কৰি আহিছে। বিৰোধীতাৰ ফলস্বৰূপে মাজে মাজে হিংসাত্মক ঘটনাও সংঘটিত হৈ আহিছে। কেতিয়াবা ঘটনাই চুড়ান্ত ৰূপ লোৱাৰ ফলত ৰাভা, অ-ৰাভা দুয়ো ফৈদৰে বহুকেইজনৰ মৃত্যুও ঘটিছে। বিশেষকৈ কামৰূপ জিলাৰ বকো আৰু গোৱালপাৰা জিলাৰ মুছলমান প্রধান অঞ্চল-কৃঞ্চাইত  হিংসাত্মক ঘটনাৰ প্রকোপ অধিক হাৰত সংঘটিত হৈ আহিছে। শেহতীয়াকৈ অসমৰ গোৱালপাৰা জিলা আৰু মেঘালয়ৰ পূৱ গাৰোপাহাৰ জিলাৰ সীমান্তত ৰাভা আৰু গাৰো জনজাতি দুটাৰ মাজত ঘটা ভয়াৱহ ঘটনাৰ মূল কাৰণো আছিল-ৰাভাসকলৰ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ দাবী। এনে পৰিস্থিতিত মনলৈ অহা স্বাভাৱিক প্রশ্নবোৰ হ’ল-ৰাভাসকলক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰা উচিতনে? জনজাতিটোৱে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ দাবী উত্থাপন কৰাৰ প্রাসংগিকতা আছেনে?
    কোনো সন্দেহ নাই, সমগ্র অসমৰ লগতে ৰাভাসকলে ভাৰতীয় ষষ্ঠ অনুসূচীৰ দাবী উত্থাপন কৰা অঞ্চলটোতো অবাধ অবৈধ অনুপ্রৱেশকাৰীয়ে অঞ্চলটোৰ জনসংখ্যা গাঁথনিৰ ওপৰত চিন্তনীয়ভাৱে প্রভাৱ পেলাইছে। অবৈধ অনুপ্রৱেশকাৰী বোলোতে ১৯৭১ চনৰ পাছত অসমলৈ প্রব্রজন ঘটা সকলোবোৰ বিদেশীকে সামৰি লোৱা হৈছে যদিও অঞ্চলটোত অবৈধ বাংলাদেশীৰ অনুপ্রৱেশৰ প্রকোপেই যে বেছি তাত দ্বিমত নাই। মানৱীয় দৃষ্টিৰ ফালৰ পৰা অবৈধ বাংলাদেশীসকলেও মানুহ। তেওঁলোকৰো মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ আছে। যিখন দেশৰ জনসংখ্যাৰ ঘনত্ব প্রতি বৰ্গকিল’মিটাৰত ১,২০০ জনতকৈ অধিক সেইখন দেশৰ জনসংখ্যাই মৌলিক প্রয়োজনৰ তাড়নাত চুবুৰীয়া দেশখনত অবৈধভাৱে অনুপ্রৱেশ কৰাটোৱেই স্বভাৱিক। দেশখন অৰ্থনৈতিকভাৱে শক্তিশালী হ’লে কথাটো বেলেগ হ’লেহেঁতেন।। ভাৰতবৰ্ষৰ অৱস্থা যদি বাংলাদেশ আৰু বাংলাদেশৰ অৱস্থা ভাৰতবৰ্ষৰ দৰে হ’লেহেঁতেন পৰিস্থিতি সম্পূৰ্ণ ওলোটা হ’লেহেঁতেন। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অবৈধ বাংলাদেশীয়ে অসমৰ খিলঞ্জীয়া লোকসকলক সংখ্যালঘিষ্ঠ কৰক আৰু নিজৰ ভূমিতে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হওক। গতিকে, অঞ্চলটোৰ প্রতিজন অবৈধ অনুপ্রৱেশকাৰীক চিনাক্ত কৰি তেওঁলোকক অসমৰ পৰা বহিস্কাৰ কৰা আৰু নতুন অবৈধ অনুপ্রৱেশ ৰোধ কৰা অতি আৱশ্যক। সাধাৰণতে এই কাৰ্য শাসনাধীষ্ঠ ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰৰ সহযোগত সম্পন্ন কৰা উচিত। কিন্তু দুখৰ বিষয় হ’ল দুয়োখন চৰকাৰে তাকে নকৰি ওলোটা ভোট বেংকৰ ৰাজনীতি কৰি অবৈধ অনুপ্রৱেশ বৃদ্ধিতহে অৰিহনা যোগাই আহিছে। বিৰোধী পক্ষৰ ভূমিকাও তথৈবচ। দলীয় বিভাজনৰ ৰাজনীতিয়ে অসমৰ বিৰোধী দলটোক কোঙা কৰি পেলাইছে। বিদেশী বহিস্কাৰৰ প্রসংগত ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই (চমুকৈ আছু) মাত মাতি আহিছে যদিও ফলপ্রসু ভুমিকা গ্রহণ কৰিব পৰা নাই। ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ কাৰ্যসূচী সম্পূৰ্ণ কৰিবলৈ চৰকাৰক সৈমান কৰাব নোৱাৰাটোয়ে তাৰে প্রমাণ দিছে। এইফালৰ পৰা চালে ৰাভা সংখ্যাগৰিষ্ঠ অঞ্চলটোক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ সম্পূৰ্ণ যুক্তি আছে। প্রচাৰ মাধ্যমসমূহে বিষয়টোক কেন্দ্রবিন্দুলৈ নানিলেও এইটো সত্য যে যোৱা কেইবছৰ ধৰি আৰছুৱে অবৈধ অনুপ্রৱেশকাৰীয়ে কৰা অসমৰ ভূমিত বেদখল উৎখাত কৰাত ফলপ্রসু ভূমিকা পালন কৰি আহিছে। যিবোৰ অঞ্চলত আৰছুৰ আঞ্চলিক সমিতিসমূহ সক্ৰিয় তেনে অঞ্চলবোৰত অবৈধ অনুপ্রৱেশকাৰীয়ে অসমৰ মাটিত বেদখল কৰিব পৰা নাই। অৱশ্যে ৰাভাসংখ্যালঘিষ্ঠ অঞ্চল, বিশেষকৈ মুছলমান প্রধান অঞ্চলবোৰত অবৈধ অনুপ্রৱেশকাৰীৰ বেদখল অব্যাহত আছে। ৰাভাসকলক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰিলে অন্ত:ত ৰাভাসকলৰ প্রস্তাৱিত ষষ্ঠ অনুসূচীৰ অঞ্চলটোত নিসন্দেহে অবৈধ অনুপ্রৱেশ বন্ধ হ’ব আৰু যিখিনি আছে তেওঁলোককো বহিস্কাৰ কৰিব পৰাৰ সোল অনাই সম্ভাৱনা আছে। এই প্রসংগত অঞ্চলটোৰ আছু গোট সমূহৰ উপৰিও বড়ো, হাজং আৰু নেপালী জনজাতিৰ বিভিন্ন সংগঠনসমূহৰো ৰাভাসকলৰ ষষ্ঠ অনুসূচীৰ দাবীৰ প্রতি নৈতিক সমৰ্থন আছে। অৱশ্যে সংগঠনসমূহে ষষ্ঠ অনুসূচীৰ অধিকাৰসমূহ অঞ্চলটোত বসবাস কৰা সকলো জাতি-জনজাতিৰ বাবে সমান হোৱাটো বিচাৰে।
    ৰাভাসকল অসমৰ ২৩টা পিছপৰা জনজাতিসকলৰ ভিতৰত এটা। দেশে স্বাধীনতা লাভ কৰাৰ ৬৩ বছৰৰ পাছতো জনজাতিটোৰ সৰ্বাংগীন উন্নতি নোহোৱা অৱস্থাই গতানুগতিক প্রশাসন ব্যৱস্থাৰ বিফলতাকে সূচায়। সমগ্র দেশৰ বাবে উন্নয়নৰ হেতু প্রণয়ন কৰা একে নীতি-নিয়ম, কিছুমান জনজাতিৰ বাবে উপযুক্ত নহ’বও পাৰে। বিভিন্ন জনজাতিৰ বুৰঞ্ছী, সমাজ ব্যৱস্থা, পৰম্পৰাগত শাসন ব্যৱস্থা, জীৱন-ধাৰণ প্রণালী, দৈনন্দিন প্রয়োজনীয়তা, মানসিকতা, সামাজিক মূলধন আদিৰ বৈচিত্ৰতা থাকে। সেয়েহে জনজাতি এটাৰ সৰ্বাংগীন উন্নতিৰ বাবে স্ব-শাসনৰ প্রয়োজনীয়তা আহি পৰে। কোনো এটা জনজাতিৰ অনুন্নয়নৰ কেৰোণবোৰ সংশ্লিষ্ট জনজাতিটোৰ আত্ম উপলব্ধিৰ বাহিৰে কোনো বাহিৰা শক্তিয়ে সম্পূৰ্ণৰূপে উপলব্ধি কৰিব নোৱাৰে। স্ব-শাসনে জনজাতি এটাক স্বাধীনতা প্রদান কৰে। স্বাধীনভাৱে কাম কৰিবলৈ পোৱাৰ মানসিকতাই উন্নয়নমূলক কামবোৰ নিখুঁটকৈ কৰাত সহায় কৰে।
    ৰাভাসকলে যিটো অঞ্চলৰ মানুহখিনিৰ বাবে তেওঁলোকক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছে সামগ্রিক দৃষ্টিত অঞ্চলটো সকলো ফালৰ পৰাই পিছপৰা। মানুহবিলাকৰ প্রধান জীৱিকা কৃষি যদিও কৃষিৰ উৎপানশীলতা আশা কৰা ধৰণৰ নহয়। অঞ্চলটোৰ খেতিয়কসকলৰ বৈজ্ঞানিক ভিত্তিত খেতি কৰিবলৈ উপযুক্ত সা-সুবিধাৰ অভাৱ বাৰুকৈয়ে উপলব্ধি কৰা যায়। অঞ্চলটোৰ কেৱল শিংৰা আৰু দেওশীলা নদীৰ ওপৰতহে ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থা আছে যদিও সেয়া চহিদা অনুপাতে যোগান ধৰিব পৰা বিধৰ নহয়। আনহাতে কলচি, দূধনৈ, কৃঞ্চাই, বলবলা আৰু জিনাৰী নদীৰ ওপৰত  ক্ষুদ্ৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা প্রৱল সম্ভাৱনা আছে যদিও চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি নাই। অঞ্চলটোৰ কৃষিভূমিসমূহ বছৰটোৰ সাত/আঠমাহেই অব্যৱহৃত হৈ থাকে। এক কথাত, উপযুক্ত সা-সুবিধাৰ যোগান ধৰিব পাৰিলে অঞ্চলটোৰ কৃষি উৎপাদন বৃদ্ধিৰ সম্ভাৱনা পুৰামাত্ৰেই আছে। সেইদৰে, এছিয়াৰ সৰ্ববৃহৎ দৰংগিৰিৰ কলৰ বজাৰখনৰ প্রসাৰ আৰু উন্নয়নৰ বাবে ৰাজ্যিক চৰকাৰৰ কোনো আগ্রহ নাই। ব্যৱসায়ীসকলে এতিয়াও বাঁহৰ বেৰ দি কল সংৰক্ষণ কৰিব লগা হৈছে। উৎদ্যোগ, জনস্বাস্থ্য, ৰাস্তাঘাট, শিক্ষা, পৰ্যটন আদি খণ্ডবোৰৰ অনুন্নয়নৰ প্রসংগতো আছেই। প্রস্তাৱিত অঞ্চলটোৰ ৰাভাসকলক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰিলে জিলা তথা আঞ্চলিক পৰিষদৰ উন্নয়নমূলক কাৰ্যসূচী যোগে অঞ্চলটোৰ সামগ্রিক উন্নয়ন সম্ভৱ কৰিব পৰাৰ আশাতীত সম্ভাৱনা  আছে।
    অঞ্চলটোৰ সমূহীয়া সম্পত্তি যেনে নদী, পাহাৰ, শিল, বনাঞ্চল (অৱশ্যে সংৰক্ষিত বনাঞ্চলসমূহ ষষ্ঠ অনুসূচীৰ ক্ষমতাৰ তালিকাত নাই) আদিৰ বহনক্ষম ব্যৱহাৰ আৰু সংৰক্ষণৰ বাবে স্থানীয় লোকসকলৰ হাতত অৰ্পণ কৰাৰ বাহিৰে আন উপায় নাই। সমূহীয়া সম্পত্তি অধিকাৰ সম্পৰ্কীয় আধুনিক তত্ত্বসমূহেও ইয়াকে সমৰ্থন কৰে। ৰাভা জনজাতিৰ তথা অ-ৰাভাসকলোৰো বেছিভাগ দুখীয়া পৰিয়ালৰ জীৱিকা-খৰিকটা, কাঠকয়লা বিক্ৰী, নদীত মাছধৰা, বালি উঠোৱা আদি অঞ্চলটোৰ সমূহীয়া সম্পত্তিবোৰৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে তেওঁলোক এনে সম্পত্তিবোৰৰ বহনক্ষম ব্যৱহাৰৰ ক্ষেত্ৰত সদা সচেতন। কিন্তু, যোৱা দুটা দশক ধৰি দেখা গৈছে যে অঞ্চলটোৰ চৰকাৰী কৰ্মচাৰী বা মন্ত্রী-বিধায়কৰ সহযোগত স্থানীয় পূঁজিপতিসকলে ব্যাপক হাৰত অঞ্চলটোৰ সমূহীয়া সম্পত্তিবোৰ আহৰণ কৰাৰ ফলত সম্পত্তিবোৰ নি:শেষ হৈ যোৱাৰ উপক্ৰম হৈছে। প্রসংগক্ৰমে, আলফা সদস্যৰ প্রথম আৰু দ্বিতীয় পৰ্যায়ৰ আত্মসমৰ্পণৰ ছবিখন দাঙি ধৰিব পাৰি। অঞ্চলটোৰ বনাঞ্চল ধ্বংসৰ হাৰ সেই সময়তেই (১৯৯২-১৯৯৮) আটাইতকৈ বেছি আছিল। অৱস্থা এনেকুৱা আছিল যে ছালফা সদস্যৰ কাঠভৰ্তি ট্রাক বুলিলে বাধাহীনভাৱে ফৰেষ্ট গেটবোৰ পাৰ কৰিব পাৰিছিল। আমোদজনক কথাটো হ’ল সেই ছেগতে অঞ্চলটোৰ অৰ্থনৈতিকভাৱে শক্তিশালী বহুকেইজন অ-ছালফাও এই লাভজনক ব্যৱসায়টোত মনোনিৱেশ কৰিছিল আৰু কেইজনমানৰ এই ব্যৱসায় এতিয়াও অব্যাহত আছে (১ ডিচেম্বৰ ২০১০ তাৰিখৰ আমাৰ অসম কাকতখনৰ প্রথম পৃষ্ঠাত প্রকাশিত বাতৰিটো চাব পাৰে)। ফলস্বৰূপে, এসময়ত ৰাজ্যৰ ভিতৰতে আটাইতকৈ বেছি শালগছ থকা গোৱালপাৰা জিলাখনৰ বনাঞ্চলৰ বৰ্তমান অৱস্থা পুতৌজনক। প্রস্তাৱিত অঞ্চলটোৰ কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্ত অঞ্চলৰ এসময়ৰ বিশাল বনাঞ্চল তথা শিংৰা-বকো বনাঞ্চলৰ বিশালতাৰ ছবিখন এতিয়া বনবিভাগৰ কাগজ পত্রতহে আছেগৈ। সেইদৰে, চৰকাৰে বিবেচনাহীনভাৱে অনুজ্ঞাপত্র প্রদান কৰাৰ ফলত অঞ্চলটোৰ ঠায়ে ঠায়ে গঢ়ি উঠা শিলৰ কুৱেৰিসমূহে ব্যাপক হাৰত শিলবোৰ আহৰণ কৰাত শিলাময় পাহাৰবোৰৰ অৱস্থা দুখলগা কৰি তুলিছে।
    পিছে ৰাভা সংগঠন তিনিটাই প্রস্তাৱিত অঞ্চলটোক ৰাভা সংখ্যাগৰিষ্ঠ অঞ্চল হিচাপে চিনাক্ত কৰি ৰাভাসকলে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত সন্নিৱিষ্ট অধিকাৰসমূহ লাভ কৰাটো যিমান সহজ বুলি ভাৱিছে, সেয়া ইমান সহজ কথা নহয়। এই ক্ষেত্ৰত প্রথমে ভাৰতীয় সংবিধানত সন্নিৱিষ্ট ন্যায় আৰু সমতাৰ প্রসংগ আহি পৰে। ভাৰতীয় সংবিধানখনৰ প্রস্তাৱনাটোৰ উপৰিও ১৪ নম্বৰ অনুচ্ছেদত দেশৰ সকলো নাগৰিককে সমান সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় আৰু সমতা প্রদানৰ কথা কোৱা হৈছে। গতিকে, প্রস্তাৱিত অঞ্চলটোৰ ৰাভাসকলৰ উন্নতিৰ বাবে তেওঁলোকক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰা মানে অঞ্চলটোৰ অ-ৰাভাসকলৰ ন্যায় তথা সমতাৰ প্রশ্ন আহি পৰে। ৰাভা জনজাতিটোৰ ষষ্ঠ অনুসূচী দাবীদাৰ সংগঠন তিনিটাই যিমানেই আশ্বাস নিদিওক কিয়, প্রস্তাৱটো গৃহিত হ’লে অঞ্চলটোৰ অ-ৰাভাসকল যে তেওঁলোকৰ অধিকাৰৰ পৰা কিছু পৰিমাণে হ’লেও সমতাৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব তাত সন্দেহ নাই। গতিকে, এইটো ষ্পষ্ট যে অঞ্চলটোৰ অ-ৰাভাসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাভাসকলক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ কোনো যুক্তি থাকিব নোৱাৰে।
    অঞ্চলটোৰ ৰাভাসকলক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ আগেয়ে অঞ্চলটোৰ অ-ৰাভাসকলৰ সন্মতি থকাটো অতি গুৰুত্বপূৰ্ণ। মাজে মাজে ৰাভা আৰু অ-ৰাভাসকলৰ মাজত সংঘটিত অপ্রীতিকৰ ঘটনাবোৰে ষ্পষ্ট কৰিছে যে অঞ্চলটোৰ অ-ৰাভাসকলৰ ৰাভাসকলৰ দাবীৰ প্রতি সমৰ্থন নাই। এই প্রসংগত অঞ্চলটোৰ অ-ৰাভাসকলৰ উপৰিও নিজ জনজাতিৰ আটাইবোৰ মানুহে সংগঠন তিনিটাৰ দাবীটোৰ প্রতি সমৰ্থন জনাইছেনে, সেয়াও বিচাৰ কৰিবলগীয় বিষয়। ৰাভা সংগঠন তিনিটাই এইটো অনুসন্ধান কৰা দৰকাৰ যে অঞ্চলটোৰ সামাজিক ৰাভা সংগঠনবোৰে তথা সৰ্বসাধাৰণ ৰাভা ৰাইজে দাবীটোৰ বাবে তেওঁলোকক কিমান বিশ্বাসত লৈছে। সততে মন্ত্রী-বিধায়কসকলক অকৰ্মন্য, দুৰ্নীতি পৰায়ণ, স্বাৰ্থপৰ বুলি সমালোচনা কৰি অহা ৰাভা সংগঠন তিনিটাই, ষষ্ঠ অনুসূচী পালে সাধাৰণ নিৰ্বাচনৰ (অৱশ্যে চাৰিজন সদস্যক ৰাজ্যপালে মনোনীত কৰে) দ্বাৰা গঠিত জিলা পৰিষদৰ সদস্যসকলও যে একেখন নাৱৰে যাত্ৰী নহ’ব সেয়া ডাঠি ক’ব নোৱাৰি। ১৯৯৫ চনৰ পৰা কাৰ্যকৰী হোৱা ‘ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ’খনৰ অভিজ্ঞতাই দেখুৱাইছে যে বিভিন্ন সময়ত পৰিষদখনৰ পদমৰ্যাদাৰ বাবে সদস্যসকলৰ মাজত খোৱা-কামোৰা লাগিয়েই থাকে। এনে পৰিস্থিতিত সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে ভাৱিবলৈ তেওঁলোকৰ সময় ক’ত?
    এইখিনিতে আৰু এটা প্রশ্ন আহি পৰে। সেয়া হ’ল-ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত যিমানবোৰ সা-সুবিধা আৰু ক্ষমতা সন্নিৱিষ্ট আছে সেইবোৰ সুকলমে কাৰ্যকৰী কৰিব পৰাকৈ ৰাভা জনজাতিটোৱে আজিৰ তাৰিখত সাজু হৈ উঠিব পাৰিছেনে? অন্যথা, চুঙাতকৈ সোপাহে দীঘল হোৱাৰ সম্ভাৱনাই অধিক। অপ্রিয় হ’লেও সত্য যে প্রস্তাৱটো গৃহিত হ’লে জিলা তথা আঞ্চলিক পৰিষদৰ সদস্যসকলৰ গৰিষ্ঠ সংখ্যকেই ৰাভা সংগঠন তিনিটাৰ অনুগ্রহ লাভ কৰা সদস্যৰে ঠাহ খাই পৰিব। আৰছুৰ কাৰ্যকৰী সমিতিৰ বৰমূৰীয়াসকলৰ বেছিভাগৰে শিক্ষাগত অৰ্হতা খুউব বেছি স্নাতক ডিগ্রী। সাধাৰণ সদস্যসকলৰ বহুতৰে সাধাৰণ স্নাতক ডিগ্রীটোও নাই। তেওঁলোকে ষষ্ঠ অনুসূচী দাবী কাৰ্যসূচীত দেহে কেহে লাগি থকাৰ মূল উদ্দেশ্য হ’ল ৰাভাসকলে ষষ্ঠ অনুসূচী পালে তেওঁলোকৰ ৰোজগাৰৰ ব্যৱস্থা হৈ যাব। কেনেধৰণৰ ৰোজগাৰৰ ব্যৱস্থা হ’ব সেয়া আৰু এটা প্রশ্ন। বহুদিনীয়া অপেক্ষাৰ অন্তত প্রাপ্ত ৰোজগাৰটোৱে তেওঁলোকক সন্তুষ্ট কৰিব পাৰিবনে? তেওঁলোকে উচ্চ পৰ্যায়ৰ চৰকাৰী চাকৰিৰ বাবেও উপযুক্ত নহ’ব। কাৰণ, চৰকাৰী বিধি অনুসৰি সেই পৰ্যায়ৰ পদবোৰ ভাৰতীয় প্রশাসনিক সেৱা বা অসম প্রশাসনিক সেৱাৰ বিষয়াৰেহে পূৰণ কৰা হ’ব। 
    ৰাভাসকলৰ প্রস্তাৱটো গৃহিত হ’লে অঞ্চলটোৰ মানহবিলাকৰ মাজত নিহিত থকা সামাজিক মূলধন, যেনে-সামাজিক ন্যায়, পৰস্পৰৰ মাজত থকা বিশ্বাস, একতাৰ এনাজৰী ইত্যাদিৰ ওপৰতো কু-প্রভাৱ পেলোৱাৰ প্রৱল সম্ভাৱনা আছে। শেহতীয়াকৈ সংঘটিত ভয়ানক গাৰো-ৰাভা গোষ্ঠী সংঘৰ্ষ আৰু মাজে মাজে অঞ্চলটোৰ ৰাভা, অ-ৰাভাৰ মাজত ঘটি থকা অপ্রীতিকৰ ঘটনাবোৰে ইয়াৰে ইংগিত দিছে।  
    প্রস্তাৱটোৰ গ্রহণযোগ্যতা সম্পৰ্কে সম্মূখীন হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ যুক্তিটো হ’ল-অসমৰ ভূখণ্ডৰ অস্তিত্ব। জনজাতিটোৱে ষষ্ঠ অনুসূচী লাভ কৰাৰ পাছত সুকীয়া ‘ৰাভালেণ্ড’ গঠনৰ বাবে যে দাবী উত্থাপন কৰিব সেয়া ধুৰূপ, যেনেদৰে বড়োসকলে সুকীয়া ‘বড়োলেণ্ড’ গঠনৰ বাবে আন্দোলন অব্যাহত ৰাখিছে। আগতে উল্লেখ কৰি আহিছো যে বড়ো আৰু ৰাভা জনজাতিক সামৰি বৰ্তমান অসমত ২৩টা জনজাতি আছে। আটাইকেইটা জনজাতিয়ে নিবিচাৰিলেও আঠটা মুখ্য জনজাতিয়ে সুকীয়া ‘লেণ্ড’ বিচাৰি সফল হ’ব পাৰিলে (সময়ৰ গতিত ৰাজনীতিৰ কুটিল পাকচক্ৰত পৰি সফল নহ’ব বুলি ক’ব নোৱাৰি) অসমৰ ভূখণ্ড কিমান থাকিবগৈ?
    মুঠ কথা, জনজাতিটো যদি সঁচায়ে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ বাবে উপযুক্ত হৈ উঠিছে তেনেহ’লে ৰাভা সংগঠন তিনিটাই ইতিমধ্যে অসম বিধান সভাত অগ্রাহ্য হোৱা খচৰা বিধেয়কখনৰ সালসললি ঘটাই পুনৰ উত্থাপন কৰা উচিত। কিন্তু সাৱধান হোৱা উচিত যাতে খচৰাখনক লৈ ৰাজনৈতিক দলবোৰে ৰাজনীতি কৰাৰ সুবিধা নাপায়। চৰকাৰেও খচৰাখনৰ উপযুক্ততা বিচাৰ কৰি গ্রহণযোগ্য হ’লে গ্রহণ কৰিব লাগে আৰু অগ্রাহ্য কৰিলে অগ্রাহ্যৰ কাৰণবোৰ ষ্পষ্টভাৱে দাঙি ধৰা উচিত। অগ্রাহ্যৰ কাৰণবোৰ যুক্তিসংগত হ’লে ৰাভা সংগঠন তিনিটাই সহনশীলতা বজাই ৰাখি কেনেকৈ উপযুক্ত কৰি তুলিব পাৰি তাৰ কৌশল উদ্ভাৱনত মন দিয়াটোৱে বুধিয়কৰ কাম হ’ব।

Tuesday 3 May 2011

অপশাসন: ইয়াৰ কাৰণ আৰু পৰিবৰ্তনৰ আশা-নিৰাশা


আমাৰ দেশখনত যে ভাৱিব নোৱাৰাকৈ অপশাসনে বিৰাজ কৰি আছে তাত কৰো দ্বিমত নাই আনকি অপশাসনত লিপ্ত শাসকসকলেও এই সত্যক নুই কৰিব নোৱাৰে আমাৰ লেখাটোৰ উদ্দেশ্য হ’ল: সম্প্রতি দেশখনত বিৰাজ কৰা অপশাসনৰ স্বৰূপ কেনেকুৱা? ৰাম, কৃষ্ণ তথা মহাত্মা  গান্ধীৰ দেশখনত অপশাসনে গা কৰি উঠিল কিয়?  আজিৰ তাৰিখত অপশাসনৰ পৰা পৰিত্ৰাণ পোৱাৰ কিবা উপায় আছেনে?  আমাৰ আলোচনাটো সৰ্বভাৰতীয় পৰ্যায়ৰকৈ যুগুত কৰা হৈছে যদিও প্রসংগক্ৰমে অসমৰ ৰাজ্যিক পৰ্যায়ৰ অপশাসনৰ ছবিখনকো দাঙি ধৰা হৈছে কাৰণ, অপশাসনত অসমো সৰ্বভাৰতীয় পৰ্যায়তকৈ কোনো গুণে কম নহয়
          এতিয়া, আমাৰ প্রথম প্রশ্নটোলৈ অহা যাওক আমি একবিংশ শতিকাৰ মানুহ। অৱশ্যে, একবিংশ শতিকাত আমি যিবোৰ অপশাসনৰ সৈতে পৰিচিত সেয়া বিগত শতিকা বা তাৰ আগৰ শতিকাৰো গুৰুত্বপূৰ্ণ প্রভাৱ আছে দেশখনক উন্নতিৰ শীৰ্ষত উপনিত কৰিবলৈ আমি গণতান্ত্ৰিক পদ্ধতিৰে ভোটাধীকাৰ সাব্যস্ত কৰি আমাৰ মাজৰ পৰাই আমাৰ প্রতিনিধি হিচাপে নিৰ্বাচন কৰি পঠাও গাদীটো লাভ কৰাৰ পিছত তেওঁলোকে কি কৰেগৈ? প্রথমে নিজৰ পেটটো মোটা কৰি লয় তাৰ পিছত পত্নীৰ হিচাপ বহীৰ (Pass Book) জমাৰ ঘৰৰ অংকটো মোটা কৰে ৰা ছোৱালীৰ ভৱিষ্যতৰ কথাতো আছেই সিহঁতৰ ইচ্ছা থাকক বা নাথাকক বিদেশতহে পঢ়িবলৈ পঠাব তাৰ পিছত আহে অঙহী-বঙহী বন্ধু-বান্ধৱীৰ সন্মান (?) ৰক্ষাৰ দ্বায়িত্ব চাৰিবছৰ এইবোৰক সন্তুষ্ট কৰোতে গুচি যায় পৰিয়াল কেন্দ্ৰীক নামাকৰণৰ ৰাজনীতিৰ প্রসংগতো আছেই। অৱশ্যে আধাৰশীলা স্থাপন, বিভিন্ন জ্যোতি আদিৰে মাজে সময়ে কাৰ্যকালৰ পঞ্চমটো বছৰত মনত পেলাব পৰাকৈ আভুৱা ভাঁৰি থাকে আমিতো মাটিৰেই মানুহ। এখন কম্বলকে দুফাল কৰি দুটা পৰিয়ালক ভগাই দিলেই বা এসাজ মাছে-মাংসই বৰভোজ খাব পালেই , ভোটটো তেখেতকেই দিমে এতিয়াও সৎ জনপ্রতিনিধি আছে যদিও তেওঁলোক সংখ্যালঘু শ্রেণীত পৰি একো মাত মাতিব নোৱাৰে, যিহেতু গণতন্ত্রত সংখ্যাগৰিষ্ঠ নীতি মতেহে শাসন চলে সুযোগ সন্ধানী বিৰোধী দলবোৰৰ ভুমিকাও সন্দেহৰ বাহিৰত নহয় সেয়েহে কোৱা হয়, ৰাজনীতিত কোনো স্থায়ী শত্ৰুও নাই, মিত্ৰও নাই।
          দুৰ্নীতিৰ প্রসংগটো নানিলে আমাৰ প্রথম প্রশ্নটোৰ উত্তৰ আধৰুৱা  ২০১০ চনৰ অক্টোবৰ মাহত দিল্লীত অনুষ্ঠিত কমনৱেলথ গেমছৰ আয়োজক সমিতিৰ সভাপতিজনৰ দুৰ্নীতিৰ খবৰ কোনে পোৱা নাই? প্রিয় পাঠক, আপোনালোক হয়তো জ্ঞাত যে খেলখন আয়োজন কৰোতে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগৰ উন্নয়নৰ বাবে সাঁচতীয়া ধন খৰচ কৰা হৈছিল তাৰ ভিতৰত জনজাতি উন্নয়ন পূঁজিৰ ধনো আছিল শেহতীয়াকৈ পোহৰলৈ অহা টেলিকম বিভাগৰ মন্ত্ৰী এ ৰাজাৰ দুৰ্নীতিৰ কথা কোনে নাজানে? উইকিপিডিয়াই উদঙাই দিয়া বিদেশী বেংকত অবৈধভাৱে ধন জমা ৰখা মহাৰজা-মহাৰাণীৰ কথা নক’লোৱেইবা! মুঠৰ ওপৰত, আমাৰ দেশত ৰক্ষকেই যে ভক্ষক হৈ পৰিছে তাত কোনো সন্দেহ নাই এয়া , সৰ্বভাৰতীয় পৰ্যায়ৰ অপশাসনৰ স্বৰূপ
এই ক্ষেত্রত অসমত কি ঘটিছে? দুৰ্নীতিৰ ক্ষেত্ৰখনত অসমৰ মানুহবোৰ আৰু ঢাপ ওপৰত আছে Transparency International India আৰু Centre for Media Study যুটীয়াভাৱে ১১টা গুৰুত্বপূৰ্ণ সেৱাৰ ওপৰত চলোৱা সমীক্ষাৰ India Corruption Study 2007 তথ্যমতে অসম দেশখনৰ ভিতৰতে আটাইতকৈ বেছি দুৰ্নীতিগ্রস্থ ৰাজ্য অসমৰ পাছতে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে বিহাৰ, জম্মু আৰু কাশ্মীৰ আৰু উত্তৰ প্রদেশ (অৱশ্যে, শেহতীয়াকৈ বিহাৰত নিতিশ কুমাৰৰ চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে আইন প্রণয়ন কৰিবলৈ সক্ষম হৈছে।) চৰকাৰী কাম-কাজৰ বাবে কাৰ্যালয়লৈ যোৱা ব্যক্তি মাত্ৰেই যে পিছ দুৱাৰৰ অভিজ্ঞতা লাভ কৰিছে তাত সন্দেহ নাই কোনো ৰজা/ৰাণীৰ অঙহী-বঙহী নহলে বিভাগীয় কৰ্মচাৰীজনকভিটামিন-এম’ (Money) নিদিয়াকৈ তেখেতৰ পৰা সেৱা (?) আদায় কৰিবলৈ আপোনাৰ সাধ্য নাই
          প্রশ্ন হ’ল, বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ এখনত এনে অপশাসন ঘটিবলৈ পালে কিয় ? উত্তৰবোৰ অতি সৰল ভোগবাদে মানুহক বিবেকহীন কৰি তুলিছে ভোগবাদ আৰু ব্যক্তিগত স্বাৰ্থৰ মাজত এক সু-সম্পৰ্ক আছে। মানুহৰ আটাইতকৈ ভয়ানক বেমাৰবিধ -আনৰ সৈতে তুলনা কৰা আৰু চকুৰ কূটা স্বভাৱ এটা সৰু উদাহৰণ-তেখেত যদি গাড়ী কিনিছে মই কিয় নোৱাৰিম? ভোগবাদৰ দৌৰত সামগ্রিক উন্নয়নৰ প্রসংগ কোনোবা লংকাত থাকেগৈ
অসমৰ সাধাৰণ মানুহবোৰে এতিয়াও মধ্যযুগৰ কু-সংস্কাৰবোৰক লৈয়ে ব্যস্ত। তেওঁলোকক বুজাব কোনে যে তেওঁলোকে সন্দেহ কৰি থকা বা ইতিমধ্যে হত্যা কৰা গাঁৱবোৰৰ ডাইনীবোৰতকৈ আৰু অধিক ভয়ানক ডাইনীয়ে আমাক গো-গ্রাসে গিলি আছে-যাক আমি বিশ্বায়ন (Globalization) বুলি কওঁ। বিশ্বায়নে আমাক আৰু বেছি ভোগবাদী কৰি তুলিছে এইবিধ ডাইনীৰ ফলত দুখীয়া মানুহখিনি অস্থিত্বৰ সংটকত পৰিছ এইবিধ ডাইনীৰ আক্ৰমণত চৰকাৰ গঠনৰ বাবে গঠন কৰা ৰাজনৈতিক দলবোৰো সাৰি যাব পৰা নাই বিভিন্ন সময়ত দেশৰ চৰকাৰী নীতি-নিয়মবোৰ বিভিন্ন কোম্পানীবোৰৰ সপক্ষে প্রণয়ন কৰাটোৱে তাকে সূচায় শুনিবলৈ অশুৱলা যদিও এইটো সত্য যে দেশী-বিদেশী বৃহৎ কোম্পানীবোৰৰ ওচৰত আমাৰ দেশৰ ৰাজনৈতিক দলবোৰ একপ্রকাৰ বিক্রী হৈ গৈছে উদাহৰণস্বৰূপে-বৃহৎ নদীবান্ধবোৰৰ কথা পাৰি নদীবান্ধ এটা কাৰ্যকাৰী লে সংশ্লিষ্ট অঞ্চলটোৰ লাখ লাখ খিলঞ্জীয়া লোক স্থানান্তৰিত লাগে পৰিয়াল এটাৰ স্থানান্তৰ মানে কেৱল থকা ঘৰটোৰ স্থানান্তৰ কৰা নুবুজায় থকা ঘৰটোৰ লগতে পৰিয়ালটোক থলুৱা সংস্কৃতি, থলুৱা বুৰঞ্জী, বৃত্তি, থলুৱা সামাজিক মূলধন ইত্যাদিৰ পৰাও স্থানান্তৰ কৰা হয় বৃহৎ নদীবান্ধ সম্পৰ্কে চৰকাৰে আটাইতকৈ বেছি গুৰুত্ব দিবলগীয়া দিশটো খিলঞ্জীয়া লোকসকলৰ সন্মতি (Consent) কিন্তু বাস্তৱ ক্ষেত্ৰত সন্মতিৰ পৰিবৰ্তে শক্তি প্রয়োগ বা দাবী-দমকিৰে লেও নদীবান্ধসমূহ কাৰ্যকৰী কৰি থকা দেখা হৈছে ১৯৬১ চনত হিমাচল প্রদেশৰ পোংগ বান্ধ (Pong Dam) ফলৱতী কৰাৰ কাৰণে মোৰাৰজী দেচাইয়ে এখন ৰাজহুৱা সভাত খিলঞ্জীয়া লোকসকলক এনেদৰে ধমকি দিছিল, “We will request you to move from your houses after the dam comes up. If you move it will be good. Otherwise we shall release the waters and drawn you all.” (Arundhati Roy, ‘The Algebra of Infinite Justice’, Penguin Books, 2002, Revised & Updated, Page: 47) এয়াই বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশখনৰ প্রকৃত স্বৰূপ জনসাধাৰণেই ৰজা পাতি দিয়ে আৰু সেই ৰজাই জনসাধাৰণক দাবী-ধমকি দিয়ে লাভবান হয়-বান্ধবোৰৰ ঠিকা লোৱা বৃহৎ কোম্পানীবোৰ, দেশী-বিদেশী পূঁজিপতিসকল
ইমানদূৰ যাবই নালাগে গাঁও পঞ্চায়তবোৰৰ নিৰ্বাচনৰ সময়ত নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্রাৰ্থীবোৰে সংশ্লিষ্ট অঞ্চলটোৰ অৰ্থনৈতিকভাৱে ক্ষমতাশালী লোকসকলৰ সৈতে  হাত মিলায় নিৰ্বাচনৰ পিছত  নেতা-নেত্ৰীবোৰে প্রথমে তেওঁলোকৰ ধাৰবোৰ পৰিশোধ কৰাৰ বাবে বিভিন্ন অসৎ উপায় অবলম্বন কৰে যেনে-বেইমানী কৰি হ’লেও ঠিকাবোৰ তেওঁলোককে দিয়ে নিবিদাবোৰ দিব লাগে বাবেহে দিয়ে। মাজে সময়ে জনসাধাৰণৰ উন্নয়নৰ বাবে পঞ্চায়তবোৰলৈ অহা ধন-সম্পত্তিবোৰ চুৰি হোৱাৰ অন্তৰালতো এইবোৰেই চুৰবোৰ ধৰা পৰিলেও শাস্তি নাপায় আইনৰ বিভিন্ন সুৰুঙাৰে তেওঁলোক সাৰি যায় আচলতে গোটেই প্রক্রিয়াটোত বিয়াগোম চোৰবোৰ জড়িত থাকে কিন্তু আপোনাৰ মোৰ দৰে সাধাৰণ মানুহে সাধাৰণ ভুল এটা কৰিলেও আইনবিহিত শাস্তিৰ সম্মুখীন লাগে সেইফালৰ পৰা এওঁলোকেও ডাইনীৰ শ্রেণীতে পৰে পাৰ্থক্য -গাঁৱৰ ডাইনীবোৰে মানুহক মন্ত্রৰ দ্বাৰা খায়, আনহাতে এইবোৰ ডাইনীয়ে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে যোগান ধৰা টকা-পইচা, ধান-চাউলবোৰ খায়
এই অপশাসনৰ পৰা উদ্ধাৰ পোৱাৰ কিবা উপায় আছেন? ইতিহাসে বাট দেখুৱাই গৈছে, গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন চলাই বিপথে পৰিচালিত দেশ এখনক ৰক্ষা কৰিব পৰা যায় আমাৰ দেশৰ প্রসিদ্ধ সমাজকৰ্মী আন্না হাজাৰে আৰু যোগগুৰু ৰামদেৱে সেই পদ্ধতিকে অৱলম্বন কৰি দেশ উদ্ধাৰৰ কথা চিন্তা কৰি লক্ষ্যত উপনিত হ’বলৈ চেষ্টা অব্যাহত ৰাখিছে আন্না হাজাৰে ১৯৬৫ চনৰ পৰাই দেশখনত চলা অপশাসনৰ বিৰুদ্ধে মাত মাতি আহিছে শেহতীয়াকৈ লোকপাল বিলখনত অৰাজনৈতিক ব্যক্তিৰ অন্তৰ্ভূক্তিৰ দাবীত তিনিদিন অনশনত বহা হাজাৰে চাহাবে দেশখনৰ বৃহৎ সংখ্যক মানুহৰ সমৰ্থন আদায় কৰিব পাৰিছে।বাবা ৰামদেৱে তেখেতৰ প্রধান কৰ্তব্য যোগ শিক্ষা প্রদানৰ উপৰিও ভাৰত স্বভিমান যাত্ৰা যোগে দেশখনত চলি থকা দুৰ্নীতি, পৰিয়াল কেন্দ্ৰীক ৰাজনীতি আৰু ভ্রস্তাচাৰৰ বিৰুদ্ধে ব্যাপক জনমত গঠন কৰিবলৈ সক্ষম হৈছে অসমতো কৃষক মুক্তি সংগ্রাম মঞ্চৰ সাধাৰণ সম্পাদক অখিল গগৈয়ে অসমত চলি থকা দুৰ্নীতিৰ ছবিখন উদঙাই দি অপশাসনৰ বিৰুদ্ধে অবিৰতভাৱে আন্দোলন চলাই আহিছে অখিল গগৈক সমৰ্থন কৰা অসমীয়া মানুহৰ সংখ্যাও তাকৰ নহয়
এই তিনিগৰাকী নেতাক সমৰ্থন কৰা কাৰ্যই প্রমাণ কৰে যে দেশখনত মুষ্টিমেয় মানুহ কেইজনমানৰ দ্বাৰাহে অপশাসন চলি আছে আৰু সৎ তথা সত্য নীতি-নিয়মক আদৰ্শ হিচাপে লোৱা মানুহৰ এতিয়াও অভাৱ হোৱা নাই তেওঁলোকৰ সংগ্রামৰ পথগত কিছু পাৰ্থক্য আছে যদিও লক্ষ্য একেটাই : দেশখনত চলি থকা অপশাসনৰ অৱসান হওক আৰু সংসদত সৎ আৰু নিস্বাৰ্থ সাংসদৰ সংখ্যা বৃদ্ধি পাওক দেশখনৰ বৃহৎ সংখ্যক জনসাধাৰণেও তেওঁলোকেই পৰিবৰ্তন আনিব পাৰিব বুলি আশা কৰি আছে
আমাৰ মনলৈ অহা চিন্তাবোৰ হ’ল, দেশখনৰ দ্বিতীয় স্বাধীনতা আন্দোলন হিচাপে খ্যাত আন্দোলনটোৰ গুৰি ধৰোঁতা এই নেতা তিনিগৰাকীক সকলো শ্রেণীৰ জনগণে সঁচায়ে সমৰ্থন জনাইছে, নে অৱসৰ বিনোদনৰ আহিলা হিচাপে লৈছে? সুবিধা পালেই ভোগ বৃদ্ধি কৰিব বিচৰা দেশখনৰ মধ্যবিত্ত শ্রেণীটোৱে তেওঁলোকৰ আদৰ্শক আন্তৰিকভাৱে সমৰ্থন জনাইছে বুলি আমাৰ মনে নধৰে দ্বিতীয়তে, তেওঁলোকৰ আন্দোলনত সক্ৰীয়ভাৱে অংশগ্রহণ কৰা কিছুমান লোক প্রত্যক্ষভাৱে অপশাসনত লিপ্ত থকা শাসক বা পৰোক্ষভাৱে লিপ্ত বহুজাতিক কোম্পনীবোৰৰ সৈতে মিলামিছা নকৰে বুলি দি ক’ব নোৱাৰি উদাহৰণস্বৰুপে-আন্না হাজাৰেৰ সৈতে একে মতত বিশ্বাসী কিৰণ বেদী নামৰ সুবিধাবাদী সমাজকৰ্মীজনে বহুজাতিক কোম্পানীৰ ডিটাৰজেন্ট পাউদাৰৰ বিজ্ঞাপন কৰে বাবা ৰামদেৱ আৰু অখিল গগৈৰ সোঁৱে-বাওঁৱেও যে দুই-এজন সুবিধাবাদী লোক আছে তাত সন্দেহ নাই শেষত, তেওঁলোকৰ প্রতি থকা জনসাধাৰণৰ আস্থা একেদৰে অব্যাহত থাকিবনে, সেয়াও এক গুৰুত্বপূৰ্ণ প্রশ্ন তেওঁলোকৰ প্রতি থকা আস্থা নিৰ্ভৰ কৰিব তেওঁলোকৰ চৰিত্ৰ আৰু কাৰ্যৰ ফলাফলৰ ওপৰত আগেয়ে উল্লেখ কৰিছোঁ যে আন্না হাজাৰে ১৯৬৫ চনৰ পৰাই দেশখনত চলা অপশাসনৰ বিৰুদ্ধে মাত মাতি আহিছে তেখেতৰ চৰিত্ৰ সম্পৰ্কত কোনো সন্দেহ নাই অন্যথা, আজিলৈকে তেখেতৰ আন্দোলন সক্ৰীয় হৈ নাথাকিলেহেঁতেন কিন্তু, আশা কৰা ধৰণে তেখেতে ফলাফল দেখুৱাব পাৰিছেনেআস্থা সম্পৰ্কত বাবা ৰামদেৱৰ সমস্যা হ’ল, যোগগুৰু হিচাপে তেখেতে দেশখনৰ লগতে সমগ্র পৃথিৱীৰ মানুহৰ পৰা যি আস্থা লাভ কৰিব পাৰিছে, ৰাজনৈতিক গুৰু হিচাপে দেশখনৰ জনসাধাৰণৰ পৰা সমানে আস্থা লাভ কৰিব পাৰিবনে ? অখিল গগৈৰ ক্ষেত্ৰতো একেই কথা আজিৰ তাৰিখলৈকে অসমৰ এই যুৱ নেতা গৰাকীৰ চৰিত্ৰ আৰু দুসাহসী কাৰ্যপ্রণালীৰ ওপৰত দুৰ্নীতিগ্রস্থ আৰু অপশাসনত জড়িত লোকসকলৰ বাহিৰে কোনোৱেই সন্দেহৰ চকুৰে চোৱা নাই। অসমৰ জনসাধাৰণে তেতিয়ালৈকে তেখেতক সমৰ্থন আগবঢ়াব যেতিয়ালৈকে তেখেতে ৰাজনৈতিক দলত নোসোমোৱাকৈ থাকিব অৱশ্যে, তেখেতে যাতে তেনে কাৰ্যত লিপ্ত নহয় তাৰ বাবে অসমৰ জনসাধাৰণেও মাজে সময়ে তেখেতক সজাগ কৰি থাকিব লাগিব।