পছন্দভিত্তিক শিক্ষা পদ্ধতিত
(Choice Based Credit System,
চমুকৈ CBCS) শিক্ষাৰ্থীসকলে
বিষয় আৰু পেপাৰ বাছনি কৰি অধ্যয়ন কৰিবলৈ সুবিধা লাভ কৰে । এই পদ্ধতিত শিক্ষাৰ্থীয়ে মুখ্য বিষয়, যিকোনো
শাখাৰ ঐচ্ছিক বিষয় আৰু দক্ষতাভিত্তিক বিষয় পছন্দ কৰি অধ্যয়ন কৰিবলৈ সুবিধা পায় ।
পৰম্পৰাগত শিক্ষা পদ্ধতিত থকা নম্বৰভিত্তিক ব্যৱস্থা উঠাই দি এই পদ্ধতিত প্ৰতিটো
ষান্মাসিকৰ প্ৰতিখন পেপাৰতে গ্ৰেড দিয়াৰ ব্যৱস্থা আছে । এই পদ্ধতি উদ্ভাৱন কৰা শিক্ষাবিদসকলে দাবী কৰে
যে পদ্ধতিটোৱে পৰম্পৰাগত শিক্ষা পদ্ধতিৰ তুলনাত কেইটামান বিশেষ সুবিধা প্ৰদান কৰে
। উদাহৰণস্বৰূপে-শিক্ষাৰ্থীয়ে তেওঁলোকৰ আগ্ৰহ অনুসৰি বিষয় আৰু শিক্ষক (সংশ্লিষ্ট
শিক্ষকে প্ৰস্তুত কৰা পেপাৰ বাছনিৰ যোগেদি) বাছনি কৰি পঢ়িব পৰে, বহুবিষয়ক শিক্ষা
লাভ কৰিব পাৰে, বাধ্যতামূলক পেপাৰকেইখনৰ উপৰি ইচ্ছা কৰিলে অতিৰিক্ত পেপাৰ লৈ
অতিৰিক্ত কৃতিত্ব আৰ্জন কৰিব পাৰে । কেৱল শিক্ষাৰ্থীৰ দৃষ্টিকোণৰ পৰাহে যে এই
পদ্ধতিটো সুবিধাজনক তেনে নহয় । শিক্ষকৰ বাবেও এই পদ্ধতিয়ে কিছুমান সুবিধা প্ৰদান
কৰে । উদাহৰণস্বৰূপে-পদ্ধতিটোত শিক্ষকে পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত নমনীয়তা
(flexibility) আৰু শিক্ষা-শিকন প্ৰক্ৰিয়া উন্নত কৰাৰ সুবিধা লাভ কৰে ।
তদুপৰি, পদ্ধতিটোৱে মূল্যায়নৰ বোজা হ্ৰাস কৰে ।
অসমৰ উচ্চ শিক্ষাৰ সৈতে
জড়িত অংশীদাৰ (Stakeholders)
আৰু সংগঠনবোৰৰ (যেনে-সদৌ অসম ছাত্ৰ সন্থা, অসম
কলেজ শিক্ষক সংস্থা) মাজত কেইবালানি আলোচনা হোৱাৰ পিছত ৰাজ্যখনৰ আটাইকেইখন
বিশ্ববিদ্যালয়ে স্নাতক পৰ্যায়ত পছন্দভিত্তিক শিক্ষা পদ্ধতি প্ৰৱৰ্তন কৰিছে । যোৱা তিনি বছৰৰ অভিজ্ঞতাৰ ভিত্তিত পদ্ধতিটোৰ
সম্পৰ্কত কেইটামান কথা উল্লেখ কৰিব বিচাৰিছো- (১) প্ৰয়োনজীয় সংখ্যক শিক্ষক আৰু
আন্ত:গাঁঠনিৰ অভাৱৰ বাবে মহাবিদ্যালয়সমূহে শিক্ষাৰ্থীক তেওঁলোকৰ পছন্দ অনুসৰি বিষয়
আগবঢ়াই দিব পৰা নাই, (২) মাত্ৰ এটা শাখা
থকাৰ বাবে বহু মহাবিদ্যালয়ে শিক্ষাৰ্থীক পছন্দৰ বিষয় আগবঢ়োৱাত ব্যৰ্থ হৈছে, (৩)
শিক্ষক আৰু আন্ত:গাঁঠনিৰ অভাৱৰ বাবে বহু মহাবিদ্যালয়ে অনা-সন্মান পাঠ্যক্ৰম (Non-Honours Course) পছন্দ কৰাৰ সুবিধা দিয়া নাই, বাধ্যতামূলকভাবে সন্মান (Honours) পাঠ্যক্ৰম পঢ়িবলৈ দিয়া হয়, (৪) দক্ষতাভিত্তিক বিষয়সমূহ
বাধ্যতামূলক কৰা হৈছে যদিও মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ (উচ্চ শিক্ষা সঞ্চালকালয়) আৰু
বিদ্যায়তনিক অনু্ষ্ঠানৰ (বিশ্ববিদ্যালয়) মাজত উপযুক্ত সমন্বয়ৰ অভাৱৰ বাবে
শিক্ষাৰ্থীয়ে আশা কৰা ধৰণে সেই বিষয়সমূহৰ পৰা লাভাম্বিত হ’ব পৰা নাই, (৫) বহু
শিক্ষক আৰু শিক্ষাৰ্থী এই পদ্ধতিটোৰ সম্পৰ্কত বৰ্তমানো ভালদৰে পৰিচিত হোৱা নাই
।
ভাৰতৰ নতুন ৰাষ্ট্ৰীয়
শিক্ষা নীতিৰ দৃষ্টিকোণেৰে পছন্দভিত্তিক শিক্ষা পদ্ধতিটো নি:সন্দেহে অতি প্ৰয়োজনীয় পদ্ধতি । স্নাতক
পৰ্যায়ত এই পদ্ধতিটোৰ সফল ৰূপায়নৰ বাবে মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় সংখ্যক শিক্ষক
আৰু আন্ত:গাঁঠনিৰ ব্যৱস্থা কৰিব লাগিব, মহাবিদ্যালয়সমূহত কলা শাখাৰ উপৰি বাণিজ্য
আৰু বিজ্ঞান শাখাৰ ব্যৱস্থা কৰিব লাগিব । এইখিনি ব্যৱস্থা কৰিব নোৱাৰিলে বাস্তৱত
‘পছন্দৰ সুবিধা নথকা পছন্দভিত্তিক শিক্ষা পদ্ধতি’হে প্ৰচলন হৈ থাকিব যিটো যোৱা কেইবছৰমান ধৰি চলি
আছে ।
[প্ৰকাশিত,
‘নিয়মীয়া বাৰ্তা’, ১৩ জুলাই ২০২২]