কৰ’না ভাইৰাছৰ বিৰূদ্ধে সমগ্ৰ মানৱজাতিয়ে যুঁজ দি থকাৰ
সময়তে যোৱা কেইদিনমান ধৰি অসমত অসমৰ প্ৰথিতযশা সাহিত্যিক, অসম সাহিত্য সভাৰ
প্ৰাক্তন সভাপতি চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ শীৰ্ষক বিখ্যাত কবিতাটোৰ কিছু অংশ
উল্লেখ কৰি সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ এগৰাকী
অধ্যাপিকাই তেওঁৰ ফেচবুক একাউন্টৰ জৰিয়তে সাহিত্যিকগৰাকীৰ চিন্তাধাৰা সম্পৰ্কত
সন্দেহজনক মন্তব্য প্ৰকাশ কৰি এই বিতৰ্কৰ সূচনা কৰিছে। বিষয়টোৱে ইতিমধ্যে ‘The Wire’ ৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গণ মাধ্যমত প্ৰকাশ পোৱাৰ
সমান্তৰালকৈ আইনী প্ৰক্ৰিয়াতো সোমাই পৰিছে। সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ মহানগৰ
জিলা সমিতিয়ে অধ্যাপিকাগৰাকীৰ বিৰূদ্ধে হাতীগাঁও থানাত
আৰু বাবুল আলী হাজৰিকা নামৰ লোক এজনে দেৰগাঁও
থানাত এজাহাৰ দিয়াৰ খবৰ সংবাদ মাধ্যমসমূহত প্ৰকাশ পাইছে। যিহেতু বিষয়টো আইনী প্ৰক্ৰিয়াত
সোমাই পৰিছে, সেয়েহে অধ্যাপিকাগৰাকী দোষী নে
নিৰ্দোষী সেয়া আদালতৰ ৰায়ৰ পাছতহে গম পোৱা যাব।
অধ্যাপিকাগৰাকীয়ে তেওঁৰ ফেচবুক একাউন্টত কেনেদৰে বিষয়টো উত্থাপন কৰিছে সেয়া উল্লেখ কৰি লোৱা যাওক। চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ শীৰ্ষক কবিতাটোৰ প্ৰথম তিনিটা স্তৱক আপলোড কৰি অধ্যাপিকাগৰাকীয়ে লিখিছে, “#অতি জৰুৰী #চৈয়দ আব্দুল মালিক ডাঙৰীয়াৰ #মোগল বন্দনাৰ এই কবিতাটোৰ অংশ টোৰ কোনোবাই প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব পাৰিবনে ? অতি জৰুৰী, এবাৰ পঢ়ক ” (আইনী প্ৰক্ৰিয়াত সোমাই পৰাৰ পাছত অধ্যাপিকাগৰাকীয়ে তেওঁৰ ফেচবুক ৱালৰপৰা এই পোষ্টটো মচি দিছে বুলি খবৰ পোৱা গৈছে)। অধ্যাপিকাগৰাকীয়ে উল্লেখ কৰা চৈয়দ আব্দুল মালিকৰ কবিতাটোৰ নিৰ্দিষ্ট অংশটোত কবিয়ে কি ক’ব বিচাৰিছে সেই বিষয়ে আমি ব্যাখ্যা কৰিব বিচৰা নাই। খোলাকৈ ক’বলৈ গ’লে, শুদ্ধ ৰূপত ব্যাখ্যা কৰিবপৰা পৰ্যায়ৰ প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা আমাৰ নাই। ধৰি লোৱা হ’ল যে অধ্যাপিকাগৰাকীয়ে তেওঁৰ প্ৰশ্নটোত উল্লেখ কৰাৰ দৰে সাহিত্যিক চৈয়দ আব্দুল মালিকে কবিতাটোৰ এই অংশটোত মোগল বন্দনা কৰিছে। কিন্তু, এই কবিতাটোৰ এই অংশটোৱে চৈয়দ আব্দুল মালিকৰ চিন্তাধাৰাৰ একমাত্ৰ পৰিচয়নে? অধ্যাপিকাগৰাকীয়ে “অতি জৰুৰী, এবাৰ পঢ়ক” বুলি উল্লেখ কৰা চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ শীৰ্ষক কবিতাটোৰ এই অংশটোৰ উপৰি সাহিত্যিকগৰাকীয়ে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানখিনি “অতি জৰুৰী, এবাৰ পঢ়ক” বিধৰ নহয় নেকি? ব্যতিক্ৰমীসকলৰ বাহিৰে, সাহিত্যিকৰ বয়স তথা দেশৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পৰিস্থিতি সাপেক্ষে একেগৰাকী সাহিত্যিকৰে চিন্তাধাৰা আৰু সৃষ্টিৰ পৰিৱৰ্তন ঘটি থাকিব পাৰে। এয়া তেনেই স্বাভাৱিক কথা। এগৰাকী সাহিত্যিকৰ এটা কবিতাৰ মাত্ৰ কেইটামান শাৰী উল্লেখ কৰি প্ৰশ্ন উত্থাপন কৰিলে কেৱল সাহিত্যিকগৰাকীক হেয় প্ৰতিপন্ন কৰাৰ অপচেষ্টাই প্ৰকাশ নাপায়, যিজনে প্ৰশ্ন উত্থাপন কৰে তেওঁৰ চিন্তাধাৰা আৰু বিচাৰ-বুদ্ধিৰ অপৰিপক্কতাও স্পষ্ট ৰূপত প্ৰকাশ পায় (প্ৰকাশভংগীৰ প্ৰসংগতো আছেই) । এই কথাখিনি কেৱল চৈয়দ আব্দুল মালিকৰ সাহিত্য কৰ্ম বুলিয়েই নহয়, যিকোনো সাহিত্যিকৰ সাহিত্য কৰ্মৰ কিছু অংশ অধ্যয়ন কৰি নিৰ্দিষ্ট দুটামান বাক্য/শাৰী উল্লেখ কৰি সন্দেহজনক মন্তব্য আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিৰ ক্ষেত্ৰতে প্ৰযোজ্য। অৱশ্যে, সমাজত ইতিবাচক প্ৰভাৱ পেলাব পৰা বাক্য/শাৰীৰ কথা সুকীয়া।

মহাবিদ্যালয়ৰ শিক্ষক হিচাপে আমি বহু সংখ্যক ছাত্ৰ-ছাত্ৰী
আৰু অভিভাৱকৰ প্ৰত্যক্ষ সম্পৰ্কলৈ আহিবলৈ সুবিধা পাওঁ । আগতকৈ কিছু কমিছে যদিও
সমাজৰ বহু সংখ্যক মানুহে আজিও মহাবিদ্যালয়ৰ শিক্ষকসকলক সন্মানৰ চকুৰে চায়। সেয়েহে মহাবিদ্যালয়ৰ শিক্ষকসকলে আগবঢ়োৱা মন্তব্যবিলাকক
বহু মানুহে একে আষাৰে অৱজ্ঞা নকৰে বা কৰিব নিবিচাৰে। আন প্ৰদেশৰ মহাবিদ্যালয়ৰ শিক্ষকসকলৰ কথা নাজানো,
ব্যতিক্ৰমীসকলৰ বাহিৰে অসমৰ মহাবিদ্যালয়ৰ শিক্ষকসকলে সমাজখনক বিশৃংখল কৰিব পৰা
বিধৰ মন্তব্য সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ উদাহৰণ কম বুলি ক’লেও বঢ়াই কোৱা নহয়। অসমৰ মহাবিদ্যালয়ৰ শিক্ষকসকল এই বিষয়ে সচেতন যে
এটা পূৰ্বধাৰণা লৈ বস্তুনিষ্ঠহীনভাবে অধ্যয়ন কৰি ৰাজহুৱাভাবে প্ৰকাশ কৰা মন্তব্যই কেতিয়াবা
আনৰ মনত আঘাত দিব পাৰে । পুনৰ ধৰি লোৱা
হ’ল যে চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ কবিতাটোৰ এই অংশটোত মোগল বন্দনাৰ সুন্দৰ
নিদৰ্শন প্ৰতিফলিত হৈছে। কিন্তু, এনেধৰণৰ বিষয় উত্থাপন কৰা এয়া জানো উচিত সময়? যি
সময়ত সমগ্ৰ মানৱজাতি এক ভয়ানক ভাইৰাছে সৃষ্টি কৰা মহামাৰীৰপৰা হাত সাৰিবলৈ
নেৰানেপেৰা চেষ্টা চলাইছে, যি সময়ত সাম্প্ৰদায়িকতাৰ গোন্ধ নথকা মন্তব্যবোৰকো
সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা চলোৱাৰ পৰিৱেশ সৃষ্টি হৈছে, যি সময়ত ভাৰতৰ প্ৰধান
মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডীয়ে সকলোৱে একগোট হৈ কৰ’নাৰ বিৰূদ্ধে যুঁজিবলৈ আহ্বান
জনাইছে, যি সময়ত অসমৰ স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সমাজত
নেতিবাচক খবৰ প্ৰচাৰ নকৰিবলৈ সংবাদ মাধ্যমক অনুৰোধ জনাইছে, তেনে সময়ত মহাবিদ্যালয়ৰ
দৰে উচ্চ শিক্ষানুষ্ঠানৰ অধ্যাপিকা, দেশপ্ৰেমী ব্যক্তি তথা দায়িত্বশীল নাগৰিকে
সামাজিক মাধ্যমত এনেধৰণৰ মন্তব্য প্ৰকাশ কৰা নিশ্চয় উচিত হোৱা নাই।
কোনো সন্দেহ নাই যে সাহিত্যিক এগৰাকীৰ সাহিত্য কৰ্মবোৰত
সাহিত্যিকগৰাকী কোন আদৰ্শত বিশ্বাসী আৰু তেওঁৰ চিন্তাধাৰা কেনেকুৱা সেয়া কেতিয়াবা
প্ৰত্যক্ষ আৰু কেতিয়াবা পৰোক্ষভাবে প্ৰকাশ পায়। সুস্থ সমালোচনাৰ দ্বাৰা সাহিত্যিক এগৰাকীৰ কৰ্ম,
তেওঁৰ চিন্তাধাৰা, বিচাৰ-বুদ্ধি আদি খোলোচা কৰি দিয়া এখন সুস্থ গণতান্ত্ৰিক সমাজৰ
বাবে অতি আৱশ্যক। অন্যথা, সমাজৰ এটা
ফালহে প্ৰকাশ পাই থাকিব, যিটো দীৰ্ঘকালত বিপদজনক হোৱাৰ সম্ভাৱনাই অধিক। বিদ্যায়তনিক
দৃষ্টিকোণেৰে সাহিত্যিকসকলক গঠনমূলকভাবে সামালোচনা কৰি নিজৰ জ্ঞানৰ পৰিধি প্ৰকাশ
কৰাৰ বাবে মহাবিদ্যালয়ৰ শিক্ষকসকলৰ সুন্দৰ পৰিৱেশ আৰু উপযুক্ত মঞ্চৰ অভাৱ নাই। তাকে নকৰি
জন্মসূত্ৰে এটা বিশেষ সংগঠিত ধৰ্মৰ অন্তৰ্গত সাহিত্যকসকলৰ সাহিত্য কৰ্মৰ
বিশেষ কেইটামান বাক্য/শাৰী তুলি দি সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰিলে, প্ৰকাশ
কৰাজনৰ উদ্দেশ্য সৎ হ’লেও তেওঁ নিজৰ সস্তীয়া জনপ্ৰিয়তা বৃদ্ধিৰ স্বাৰ্থতে তেনে কৰিছে
বুলি সন্দেহ কৰাৰ থল থাকি যায়।
[প্ৰকাশিত, ‘আমাৰ অসম’, ৫ মে’ ২০২০, পৃষ্ঠা: ৫ ]