Monday 18 September 2023

বায়ুমণ্ডলত কাৰ্বন নিৰ্গমনৰ অসমতা

              কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন আদি গৰম গেছসমূহক সেউজগৃহ গেছ বুলি জনা যায় দ্যোগীকৰণ আৰু আধুনিকীকৰণৰ ফলস্বৰূপে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীল যান-বাহন, কল-কাৰখানা, শক্তি প্ৰকল্প আদিৰ পৰা কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰাছ অক্সাইড, পশুধনৰ পাচন প্ৰক্ৰিয়া, পেলনীয়া জাৱৰ, ধাননি পথাৰৰ পৰা মিথেন, ৰেফ্ৰীজেৰেটৰ, শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ ব্যৱহাৰৰ ফলত ক্ল’ৰ’ফ্ল’ৰ কাৰ্বপ্ৰতি মুহূৰ্ততে বায়ুমণ্ডললৈ নিৰ্গমন হৈ আছে । তদুপৰি, অৰ্থনৈতিক উন্নয়নৰ স্বাৰ্থত বনাঞ্চল ধংস কৰি থকা হৈছে । ফলস্বৰূপে, তাপ শক্তি শোষণ কৰিব পৰা ক্ষমতা থকা এই সেউজগৃহ গেছসমূহৰ পৰিমাণ বায়ুমণ্ডলত ক্ৰমাগতভাবে বৃদ্ধি পাবলৈ ধৰিছে, যিয়ে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাই আহিছে মন কৰিবলগীয়া যে এক টন মিথেনৰ নিৰ্গমন প্ৰায় ত্ৰিছ টন কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমনৰ সমান আৰু এক টন নাইট্ৰাছ অক্সাইডৰ নিৰ্গমন প্ৰায় ২৮০ টন কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমনৰ সমান । সি যি কি নহওক, প্ৰতি মুহূৰ্ততে সেউজগৃহ গেছ নিৰ্গমন কৰি থকা হৈছে যদিও দেশবোৰৰ মাজত আৰু মানু্হৰ আয়ৰ পাৰ্থক্যৰ ভিত্তিত সেউজগৃহ গেছৰ নিৰ্গমনৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ অসমতা আছে ।  সেউজগৃহ গেছৰ নিৰ্গমনৰ ক্ষেত্ৰত দেশবোৰৰ মাজত আৰু মানুহৰ আয়ৰ পাৰ্থক্যৰ ভিত্তিত কেনেধৰণৰ অসমতা আছে সেই সম্পৰ্কে এই লেখাটোত আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে । লেখাটোত সেউজগৃহ গেছবোৰক একেলগে বুজাবৰ বাবে কাৰ্বন শব্দটো ব্যৱহাৰ কৰা হৈছে ।

            বিশ অসমতা প্ৰতিবেদনৰ (২০২২) তথ্য অনুসৰি, ১৮৫০ চনৰ পৰা ২০২০ চনৰ সময়ছোৱাত মুঠ ২, ৪৫,০০০ কৌটি টন কাৰ্বন নিৰ্গমন কৰা হৈছে । ইয়াৰে প্ৰায় ২৭ শতাংশ উত্তৰ আমেৰিকাই নিৰ্গমন কৰিছে । ইউৰোপ আৰু চীনে ক্ৰমে ২২ শতাংশ আৰু ১১ শতাংশ কাৰ্বন নিৰ্গমন কৰিছে । দক্ষিণ আৰু দক্ষিণ-পূৱ এছিয়া, ৰাছিয়াক সামৰি কেন্দ্ৰীয় এছিয়া, জাপানক সামৰি পূৱ এছিয়াই ক্ৰমে ৯ শতাংশ, ৯ শতাংশ আৰু ৬ শতাংশ কাৰ্বন নিৰ্গমন কৰিছে ।  লেটিন আমেৰিকা আৰু মধ্য প্ৰাচ্য-উত্তৰ আফ্ৰিকাই ৬ শতাংশকৈ আৰু ছাব-ছাহাৰীয়ান আফ্ৰিকাই ৪ শতাংশ কাৰ্বন নিৰ্গমন কৰিছে । উল্লিখিত সময়ছোৱাত প্ৰতিবছত কাৰ্বন নিৰ্গমনৰ হাৰ ৭২৫ শতাংশ বৃদ্ধি পাইছে (১৮৫০ চনত প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ আছিল ০.৮ টন । ২০২০ চনত প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ ৬.৬ টন হৈছে) ।  Intergovernmental Panel for Climate Change (IPCC) এ প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী ছেলছিয়াছ আৰু ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি নোপোৱাকৈ ৰাখিবলৈ হ’লে মুঠ কাৰ্বন নিৰ্গমন ক্ৰমে ৩০ হাজাৰ কৌটি আৰু ৯০ হাজাৰ কৌটি টনতকৈ বেছি হ’ব নালাগিব ।  মন কৰিবলগীয়া যে ২০১৬ চনৰ ৪ নৱেম্বৰত পেৰিছত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন অধিৱেশনত (The United Nations Climate Change Conference) গোলকীয় উষ্ণতা ২ ডিগ্ৰী ছেলছিয়াছৰ তলত ৰাখিবলৈ অংগীকাৰবদ্ধ হৈছিল । ২০৫০ চনৰ আগলৈকে গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী ছেলছিয়াছ আৰু ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি নোপোৱাকৈ ৰাখিবলৈ হ’লে প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমন ক্ৰমে ১.১ টন আৰু ৩.৪ টনৰ বেছি হ’ব নালাগিব । ২১০০ চনত এই লক্ষ্যত উপনীত হ’বলৈ হ’লে ১.৫ ডিগ্ৰী ছেলছিয়াছ আৰু ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি নোপোৱাকৈ ৰাখিবলৈ হ’লে প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমন ক্ৰমে ০.৪ টন আৰু ১.১ টনৰ বেছি হ’ব নালাগিব ।

        প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত দেশবোৰৰ মাজত তাৎপৰ্যপূৰ্ণ অসমতা আছে । প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত উত্তৰ আমেৰিকা শীৰ্ষ আৰু ছাব-ছাহাৰীয়ান আফ্ৰিকা নিম্ন স্থানত আছে । উত্তৰ আমেৰিকা আৰু  ছাব-ছাহাৰীয়ান আফ্ৰিকাৰ প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ হ’ল ক্ৰমে ২০.৮ টন আৰু  .১ টন । উত্তৰ আমেৰিকাৰ পিছতে শীৰ্ষত আছে ৰাছিয়াক সামৰি কেন্দ্ৰীয় এছিয়া আৰু ইউৰোপ ।  ৰাছিয়াক সামৰি কেন্দ্ৰীয় এছিয়া আৰু ইউৰোপৰ প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ হ’ল ক্ৰমে ৯.৯ টন আৰু ৯.৭ টন ।  সেইদৰে, জাপানক সামৰি পূৱ এছিয়া, মধ্য প্ৰাচ্য-উত্তৰ আফ্ৰিকা, লেটিন আমেৰিকা আৰু দক্ষিণ-দক্ষিণ পূৱ এছিয়াৰ প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ হ’ল ক্ৰমে ৮.৬ টন, ৭.৪ টন, ৪.৮ টন আৰু ২.৬ টন ।  ইয়াৰ পৰা এইটো স্পষ্ট যে কেৱল ছাব-ছাহাৰীয়ান আফ্ৰিকা আৰু দক্ষিণ আৰু দক্ষিণ পূৱ এছিয়াইহে গোলকীয় উষ্ণতা ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধিৰ তলত ৰাখিব পৰাকৈ প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমন কৰি আছে (.৪ টনৰ তলত) ।  আয়ৰ পাৰ্থক্যৰ ভিত্তিত দেখা গৈছে যে (২০১৯ চনৰ তথ্য অনুসৰি) বিশ্বৰ শীৰ্ষ ১ শতাংশ (মুঠ আয়ৰ অংশ প্ৰায় ১৪.৬ শতংশ) লোকে প্ৰায় ১৬.৮ শতাংশ কাৰ্বন নিৰ্গমন কৰিছে ।  শীৰ্ষ ১০ শতাংশ (মুঠ আয়ৰ অংশ প্ৰায় ৫২ শতাংশ, শীৰ্ষ ১ শতাংশ লোকৰ আয়ৰ অংশক সামৰি) আৰু মধ্য ৪০ শতাংশ  (মুঠ আয়ৰ অংশ প্ৰায় ৩৯.৫ শতাংশ) লোক  ক্ৰমে ৪৭.৬ আৰু ৪০.৪ শতাংশ কাৰ্বন নিৰ্গমনৰ বাবে দায়ী । তলৰ ৫০ শতাংশ (মুঠ আয়ৰ অংশ প্ৰায় ৮.৫ শতাংশ) লোকৰ কাৰ্বন নিৰ্গমনৰ হাৰ হ’ল মাত্ৰ ১২ শতাংশ ।  বিশ্বৰ শীৰ্ষ ১ শতাংশ লোকে প্ৰতিবছৰত জনমূৰি ১১০ টন কাৰ্বন নিৰ্গমন কৰে । শীৰ্ষ ১০ শতাংশ (শীৰ্ষ ১ শতাংশৰ প্ৰতিবছৰৰ জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ সামৰি) আৰু মধ্য ৪০ শতাংশ লোকৰ প্ৰতিবছৰৰ জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ হ’ল ক্ৰমে ৩১ টন আৰু ৬.৬ টন । তলৰ ৫০ শতাংশ লোকৰ প্ৰতিবছৰৰ জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ হ’ল মাত্ৰ ১.৬ টন ।  ১৯৯০ চনৰ পৰা ২০১৯ চনৰ সময়ছোৱাত শীৰ্ষ ১ শতাংশ আৰু তলৰ ৫০ শতাংশ লোকৰ কাৰ্বন নিৰ্গমনৰ অংশ বৃদ্ধি পাইছে ।  ১৯৯০ চনত শীৰ্ষ ১ শতাংশ লোকৰ মুঠ কাৰ্বন নিৰ্গমনৰ অংশ আছিল ১৪.১ শতাংশ আৰু ২০১৯ চনত ১৬.৮ শতাংশলৈ বৃদ্ধি পাইছে (বৃদ্ধিৰ হাৰ ১৯.১৫ শতাংশ)। একে সময়ছোৱাত তলৰ ৫০ শতাংশ লোকৰ মুঠ কাৰ্বন নিৰ্গমনৰ অংশ আছিল ৯.৬ শতাংশ আৰু ২০১৯ চনত ১২ শতাংশলৈ বৃদ্ধি পাইছে (বৃদ্ধিৰ হাৰ ২৫ শতাংশ) ।  উল্লিখিত সময়ছোৱাত কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত দেশবোৰৰ মাজত (between countries) থকা অসমতা আৰু দেশৰ ভিতৰতে (within country) থকা অসমতাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা গৈছে । ২০১৯ চনৰ তুলনাত ১৯৯০ চনত দেশবোৰৰ মাজত কাৰ্বন নিৰ্গমনৰ অসমতা বেছি আছিল । কিন্তু, দেশবোৰৰ ভিতৰত কাৰ্বন নিৰ্গমনৰ অসমতাৰ লগতে অৰ্থনৈতিক আৰু সামাজিক অসমতা আজিৰ তুলনাত কম আছিল । ২০১৯ চনত দেশবোৰৰ মাজত কাৰ্বন নিৰ্গমনৰ অসমতা ১৯৯০ চনৰ তুলনাত কম হৈছে । কিন্তু, দেশবোৰৰ ভিতৰত কাৰ্বন নিৰ্গমনৰ অসমতাৰ লগতে অৰ্থনৈতিক আৰু সামাজিক অসমতা ১৯৯০ চনৰ তুলনাত বেছি হৈছে ।  অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত দেশবোৰৰ মাজত তাৎপৰ্যপূৰ্ণ অসমতা নাই । 

            তথাকথিত উন্নত দেশ আৰু ধনী লোকসসকলে  অনুন্নত দেশ আৰু দুখীয়া লোকসকলৰ তুলনাত বেছি কাৰ্বন নিৰ্গমন কৰি গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাই আহিছে । উন্নত দেশ আৰু ধনী লোকসকলে বহনক্ষম গোলকীয় উষ্ণতাৰ (২০৫০ চনৰ আগতে ১.৫ ডিগ্ৰী ছেলছিয়াছ আৰু ২ ডিগ্ৰী ছেলছিয়াছৰ তলত ৰখা) কাৰ্বন নিৰ্গমনৰ সীমা  (১.৫ ডিগ্ৰী ছেলছিয়াছৰ আৰু ২ ডিগ্ৰী ছেলছিয়াছৰ তলত ৰাখিবলৈ প্ৰতিবছত জনমূৰি কাৰ্বন নিৰ্গমন ক্ৰমে .১ টন আৰু ৩.৪ টনৰ কম) কেতিয়াবাই অতিক্ৰম কৰিছে ।  ইয়াৰ পৰা স্পষ্ট যে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে তথাকথিত উন্নত দেশ আৰু ধনী লোকসকল অনুন্নত দেশ আৰু দুখীয়া লোকসকলৰ তুলনাত অধিক দায়ী । 

 

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৮ ছেপ্টেম্বৰ ২০২৩, পৃষ্ঠা: ৭]

Thursday 7 September 2023

‘অগ্নিযুগৰ ফিৰিঙতি’ৰে ‘নতুন ভাৰত’ গঢ়ি উঠিছেনে ?

 

            ড° ভূপেন হাজৰিকাই ১৯৩৯ চনত ৰচনা কৰা ‘অগ্নিযুগৰ ফিৰিঙতি মই’ শীৰ্ষক গীতটি ১৯৪৬ চনত বাণীবদ্ধ কৰা হৈছিল ৰচনাৰ সময়ৰ জোখেৰে গীতটিয়ে আঠটা দশক পাৰ কৰিলে । যোৱা শতিকাৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম দশকত ভাৰতত চলি থকা অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় পৰিস্থিতিয়ে ড° ভূপেন হাজৰিকাক অস্বস্তিত পেলাইছিল  সেয়েহে তেখেতে নিজকে ‘অগ্নিযুগৰ ফিৰিঙতি’ হিচাপে অনুভৱ কৰিছিল ° ভূপেন হাজৰিকাই কাৰ্ল মাৰ্ক্সৰ লিখনি পঢ়াৰ আগতে ৰচনা কৰা এই গীতটিৰ যোগেদি দেশখনৰ নৱ-প্ৰজন্মক ‘অগ্নিযুগৰ ফিৰিঙতি’ হৈ ‘নতুন ভাৰত’ গঢ়িবলৈ আহ্বান জনাইছিল কাহিনী আৰু দৃশ্যৰ সৈতে সংগতি থকাৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মা পৰিচালিত ১৯৪৮ চনত মুক্তিলাভ কৰা ‘ছিৰাজ’ কথাছবিখনত গীতটি প্ৰয়োগ কৰা হৈছিল । অৱশ্যে, গীতটিৰ ‘নতুন ভাৰত গঢ়িম’ শাৰীটো কথাছবিখনত ‘নতুন অসম গঢ়িম’ হিচাপে ব্যৱহাৰ কৰা হৈছিল । সি যি কি নহওক, ভাৰতে স্বাধীনতা লাভ কৰা পয়সত্তৰ বছৰ হৈ গ’ল বিগত পয়সত্তৰ বছৰত অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত দেশখনত বহু পৰিৱৰ্তন ঘটিল এই দীঘলীয়া সময়ছোৱাত ড° হাজৰিকাই  ‘অগ্নিযুগৰ ফিৰিঙতি’ৰে গঢ়িব খোজা ‘নতুন ভাৰত’খন গঢ়ি উঠিল নে নাই সেই সম্পৰ্কে এই প্ৰবন্ধটোত আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে ।

গীতটিৰ যোগেদি ড° ভূপেন হাজৰিকাই কেনেধৰণৰ ‘নতুন ভাৰত’ গঢ়িবলৈ বিচাৰিছিল ? ড° ভূপেন হাজৰিকাৰ জীৱনত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰ প্ৰভাৱ পৰিছিল । বিষ্ণুপ্ৰসাদ ৰাভাক তেখেতে অন্যতম গুৰু হিচাপে মানি লৈছিল । সেয়েহে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিপ্লৱী আৰু প্ৰগতিশীল চিন্তাধাৰা তেখেতৰ চিন্তাধাৰাৰ ওপৰত পৰিছিলবিষ্ণুপ্ৰসাদ ৰাভা সাম্যবাদত বিশ্বাসী আছিল । অৱশ্যে, গীতটি ৰচনা কৰাৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই হাতত বন্দুক তুলি লোৱা নাছিল । সাম্যবাদে অৰ্থনৈতিক সমতা স্থাপনৰ ক্ষেত্ৰত আপোচ নকৰে ।  ভূপেন হাজৰিকাই দেখিছিল যে দেশখনৰ গৰিষ্ঠসংখ্যক লোক কেইজনমান পুঁজিপতিৰ শোষণৰ বলি হৈ সৰ্ব্বহাৰা হৈ পৰিছে ব্ৰিটিছৰ শাসনকালত ভাৰতত আয়ৰ ক্ষেত্ৰত অসমতা অত্যন্ত বেছি আছিল । শীৰ্ষ ১ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ জাতীয় আয়ৰ অংশ ৫০ শতাংশতকৈ বেছি আছিল ।  গীতটিত ভূপেন হাজৰিকাই সকলো ত্যাগ কৰি হ’লেও সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব পুনৰ ঘূৰাই অনাৰ সংকল্পৰ কথা প্ৰকাশ কৰিছে তেখেতে ‘নৰ-কঙ্কালৰ অস্ত্ৰ সাজি’ শোষণকাৰীক বধ কৰাৰ কথা কৈ নতুন প্ৰজন্মৰ মনত উদ্দীপনা সৃষ্টি কৰি ‘নতুন ভাৰত’ গঢ়িবলৈ বিচাৰিছিল । কিন্তু, বাস্তৱত সেই পৰ্যায়ৰ ‘নতুন ভাৰত’ গঢ়ি উঠিল নে ? স্বাধীনতাৰ পিছত ভাৰতৰ চৰকাৰসমূহে সমাজবাদী আদৰ্শৰে অৰ্থনৈতিক নীতি প্ৰৱৰ্তন কৰাৰ পিছত আয়ৰ ক্ষেত্ৰত থকা অসমতা হ্ৰাস কৰিবলৈ চেষ্টা চলাইছিল পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাত দৰিদ্ৰতা দূৰীকৰণক এটা মূল লক্ষ্য আৰু উদ্দেশ্যে হিচাপে লৈ অৰ্থনৈতিক অসমতা হ্ৰাস কৰিবলৈ চেষ্টা চলোৱা হৈছিল১৯৯১ চনৰ পৰা বজাৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ পিছত দেশখনত আয়ৰ ক্ষেত্ৰত থকা অসমতা পুনৰ বৃদ্ধি পাবলৈ ধৰিলে কাৰণ, ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰৰ পিছত চৰকাৰৰ অৰ্থনৈতিক অসমতা হ্ৰাস কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা নীতিৰ পৰিৱৰ্তন ঘটিছে । চৰকাৰে প্ৰত্যক্ষভাবে অৰ্থনৈতিক অসমতা হ্ৰাস কৰাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডক ক্ৰমবৰ্ধমান হাৰত সুবিধা প্ৰদান কৰি ব্যক্তিগত খণ্ডৰ মাধ্যমেৰে নিয়োগ বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আহিছে । ‘নিগৰি পৰা’ নীতি প্ৰয়োগেৰে জনসাধাৰণৰ আয় বৃদ্ধি কৰি অৰ্থনৈতিক অসমতা হ্ৰাস কৰিব বিচৰা হৈছে । কিন্তু, এই ব্যৱস্থাৰ ফলত সম্পদ আৰু আয়ৰ ক্ষেত্ৰত দেশখনত অসমতা তাৎপৰ্যপূৰ্ণভাবে বৃদ্ধিহে পাবলৈ ধৰিছে । ১৯৯০ চনৰ পিছত ভাৰতৰ শীৰ্ষ ১ শতাংশ আৰু ১০ শতাংশ লোকৰ দেশখনত মুঠ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব তাৎপৰ্যপূৰ্ণভাবে বৃদ্ধি পাইছে ।  ১৯৬১-১৯৭০ৰ সময়ছোৱাত ভাৰতৰ শীৰ্ষ ১ শতাংশ লোকৰ দেশখনৰ মুঠ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব আছিল ১১.৮৭ শতাংশ । ২০১১-২০২২ৰ সময়ছোৱাত এই পৰিসংখ্যা ৩১.৫৫ শতাংশ হৈছে ।  ১৯৬১-১৯৭০ৰ সময়ছোৱাত শীৰ্ষ ১০ শতাংশ লোকৰ দেশখনৰ মুঠ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব আছিল ৪৩.১৮ শতাংশ ২০১১-২০২০ ৰ সময়ছোৱাত এই পৰিসংখ্যা ৬৩.৬৮ শতাংশ হৈছে । কিন্তু, একে সময়ছোৱাত তলৰ ৫০ শতাংশ লোকৰ দেশখনৰ মুঠ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব আধাতকৈ বেছি হ্ৰাস পাইছে । ১৯৬১-১৯৭০ৰ সময়ছোৱাত তলৰ ৫০ শতাংশ লোকৰ দেশখনৰ মুঠ সম্পত্তিৰ গড় মালিকীস্বত্ব আছিল ১২.২৯ শতাংশ । ২০১১-২০২০ৰ সময়ছোৱাত এই পৰিসংখ্যা ৬.১২ শতাংশ হৈছে ।  আয়ৰ ক্ষেত্ৰত দেশখনৰ শীৰ্ষ ১ শতাংশ আৰু ১০ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ জাতীয় আয়ৰ গড় অংশ হ’ল ক্ৰমে ২২ শতাংশ আৰু ৫৭ শতাংশ । তলৰ ৫০ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ জাতীয় আয়ৰ অংশ মাত্ৰ ১৩ শতাংশ । এক কথাত, অৰ্থনৈতিক অসমতাৰ ক্ষেত্ৰত ড° ভূপেন হাজৰিকাই প্ৰতিষ্ঠা কৰিব বিচৰা ‘নতুন ভাৰত’খন আজিও গঢ়ি উঠা নাই ।

ধৰ্ম আৰু জাত-পাতত লুতুৰি-পুতুৰি সমাজখনক ‘অগ্নিযুগৰ ফিৰিঙতি’ৰে ধ্বংস কৰি ড° ভূপেন হাজৰিকাই ‘নতুন ভাৰত’ গঢ়িবলৈ বিচাৰিছিল । তেখেতে গঢ়িব বিচৰা ‘নতুন ভাৰত’ত ধৰ্মক অগ্ৰাধিকাৰ দিয়া তথাকথিত ধৰ্ম ব্যৱসাসীসকলৰ কোনো স্থান নাথাকিব । ‘নতুন ভাৰত’ত উচ্চজাত বা নিম্নজাতৰ ব্যৱস্থা নাথাকিব । পুৰুষানুক্ৰমে চলি থকা তথাকথিত উচ্চ জাতৰ লোকসকলৰ অহংকাৰ মষিমূৰ কৰি  পেলোৱা হ’ব । অস্পৃশ্যতা নামৰ মহাদাৱনক নতুন প্ৰজন্মই নি:শেষ কৰি পেলাব ।  কিন্তু, বাস্তৱত দেশখনত সেয়া হৈ নুঠিল । ভাৰতত ধৰ্মৰ ব্যৱসায়ীসকলৰ ‘চাহিদা’ হ্ৰাস নাপালে ।  ধৰ্ম ব্যৱসায়ীসকলে দেশখনত নতুন নতুন ধৰ্মীয় প্ৰতিষ্ঠান স্থাপন কৰিয়েই আছে । ধৰ্মক ভিত্তি কৰিয়েই দেশখনত কেইবাটাও ৰাজনৈতিক দল গঠন কৰা হৈছেনিৰ্বাচনৰ সময়ত দেশখনত ভয়ানক ৰূপত ধৰ্মীয় মেৰুকৰণ কৰা হয় ভোট লাভৰ স্বাৰ্থত ধৰ্মৰ ব্যৱসায়িসকলক মুকলিকৈ তোষামোদ কৰি আহিছেৰাজনৈতিক শক্তিসমূহে ধৰ্মক সদায় ক্ষমতা লাভৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে । ধৰ্মৰ ব্যৱসায়ী আৰু ৰাজনৈতিক দলসমূ্হৰ মাজত গঢ়ি উঠা পাৰস্পৰিক সম্পৰ্কই ড° ভূপেন হাজৰিকাই গঢ়িব বিচৰা ‘নতুন ভাৰত’খনক বহু দূৰত ৰখা হৈছে দেশখনৰ একাংশ তথাকথিত সমাজকৰ্মী আৰু বুদ্ধিজীৱীয়ে ‘ফিৰিঙতি’ হৈ ‘নতুন ভাৰত’ গঢ়া দূৰৰে কথা,  সন্মান আৰু স্বীকৃতি লাভৰ স্বাৰ্থত নিজৰ আদৰ্শ আৰু চিন্তাধাৰা জলাঞ্জলি দি বিভেদকামী শক্তিবোৰক সহযোগ কৰি আহিছে সেইদৰে উচ্চজাত আৰু নিম্নজাতৰ মাজত চলি থকা অপ্ৰীতিকৰ আৰু অপৰাধমূলক ঘটনা বৰ্তমানো চলি আছে । তথাকথিত উচ্চজাতৰ একাংশ লোকৰ অহংকাৰ আজিও অব্যাহত আছে । দেশখনৰ মূল ভূ-খণ্ডৰ কেইবাখনো ৰাজ্যত তথাকথিত উচ্চজাতৰ লোকে নিম্নজাতৰ লোকক শাৰীৰিক আৰু মানসিকভাবে হাৰাশাস্তি কৰাৰ খবৰ সঘনে প্ৰকাশ পাই থাকে । ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড বুৰ’ৰ তথ্য অনুসিৰ, ২০২০ আৰু ২০২১ চনৰ সময়ছোৱাত দেশখনত অনুসূচিত জাতিৰ বিৰূদ্ধে কৰা অপৰাধৰ হাৰ ১.২ শতাংশ বৃদ্ধি পাইছে ।  এই ক্ষেত্ৰত উত্তৰপ্ৰদেশত আটাইতকৈ বেছি বৃদ্ধি পাইছে (২৫.৮২ শতাংশ) । ইয়াৰ পিছতে আছে ৰাজস্থান (১৪.৭ শতাংশ), মধ্যপ্ৰদেশ (১৪.১ শতাংশ), বিহাৰ (১১.৪ শতাংশ) আৰু উৰিষ্যা (৪.৫ শতাংশ) একে সময়ছোৱাত অনুসূচিত জনজাতিৰ বিৰূদ্ধে কৰা অপৰাধৰ হাৰ ৬.৪ শতাংশ বৃদ্ধি পাইছে । এই ক্ষেত্ৰত মধ্যপ্ৰদেশ শীৰ্ষত আছে (২৯.৮ শতাংশ) । ইয়াৰ পিছত আছে ৰাজস্থান (২৪ শতাংশ), উৰিষ্যা (৭.৬ শতাংশ), মহাৰাষ্ট্ৰ (৭.১৩ শতাংশ) আৰু তেলেংগানা (৫.৮১ শতাংশ) ।  অপৰাধৰ ভিতৰত এনেকুৱা কিছুমান জঘন্য অপৰাধ আছে, যিবোৰক সভ্য মানুহে কল্পনাই কৰিব নোৱাৰে ।  সৌ সিদিনা তথাকথিত এজন উচ্চজাতৰ লোকে এজন নিম্নজাতৰ লোকৰ গাত পেচাৱ কৰি দিয়াৰ দৃশ্য কোনে পাহৰিব পাৰিব ?

ড° ভূপেন হাজৰিকা সমন্বয়ৰ প্ৰতীকধৰ্মীয়, জনগোষ্ঠীগত আৰু ভৌগোলিক ভেদাভেদৰ প্ৰাচীৰ ভাঙি তেখেতে সাম্যই বিৰাজ কৰা এখন ‘নতুন ভাৰত’ গঢ়িবলৈ বিচাৰিছিল ।   তেখেতে গীতটিত কৈছে, “হৰিজন, পাহাৰী, হিন্দু-মুছলিমৰ/বড়ো, কোঁচ, চুতীয়া, কছাৰী, আহোমৰ/অন্তৰ ভেদি মৌ বোয়াম/ভেদাভেদৰ প্ৰাচীৰ ভাঙি/সাম্যৰ সৰগ ৰচিম/ নতুন ভাৰত গঢ়িম”  বাস্তৱত ড° হাজৰিকাই আশা কৰাৰ দৰে সাম্যৰ ভাৰত গঢ়ি উঠা নাই । ভৌগোলিক পাৰ্থক্যৰ ভিত্তিত ভাৰতত বৰ্তমানো সংঘাত চলি থাকে উদাহৰণস্বৰূপে, দেশখনত এটা ভৌগোলিক অঞ্চলৰ ভাষাক সকলো অঞ্চলতে প্ৰয়োগ কৰিবলৈ বিচৰাৰ প্ৰৱণতাই মাজে সময়ে দেশখনত সংঘাতৰ সৃষ্টি কৰি থাকে  হিন্দু আৰু মুছলমানৰ মাজত সমন্বয়ৰ পৰিৱেশ গঢ়ি উঠাৰ উপক্ৰম হ’লেই নিজৰ স্বাৰ্থৰ বাবে বিভেদকামী শক্তিবোৰে সম্প্ৰদায় দুটাৰ মাজত বিদ্বেষৰ বীজ সিঁচি দিয়ে । দেশখনে স্বাধীনতা লাভ কৰাৰ সময়ত হিন্দু আৰু মুছলমানৰ মাজত কেইবাটাও অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হৈছিল ।  দেশখনে স্বাধীনতাৰ পিছতো বিভিন্ন সময়ত ধৰ্মৰ ভিত্তিত হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে ।  উদাহৰণস্বৰূপে, ১৯৬৪ চনত পশ্চিম বংগত, ১৯৬৯ আৰু ২০০২ চনত গুজৰাটত, ১৯৮৩ চনত অসমত, ১৯৮৪ আৰু ২০১৩ চনত উত্তৰপ্ৰদেশত, ১৯৮৯ চনত বিহাৰ, ১৯৯২ চনত মহাৰাষ্ট্ৰত ২০২০ চনত দিল্লীত আৰু শেহতীয়াকৈ হাৰিয়ানাত (জুলাই-আগষ্ট, ২০২৩) ধৰ্মৰ ভিত্তিত সংঘৰ্ষ সংঘটিত হৈ কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । চলিত বৰ্ষৰ যোৱা তিনিমাহ ধৰি মণিপুৰত চলি থকা গোষ্ঠী সংঘৰ্ষৰ বিভিন্ন কাৰণৰ ভিতৰত ধৰ্মীয় কাৰণো আছে । ব্যক্তিগত সংঘাতবোৰকো সম্প্ৰদায়ভিত্তিক সংঘাতৰ ৰূপ দিয়াৰ ফলত আজিও অঞ্চলভেদে অশান্তিৰ পৰিৱেশ সৃষ্টি হৈ থাকেড° ভূপেন হাজৰিকাই অসমতো জনগোষ্ঠীবোৰৰ মাজত সমন্বয়ৰ পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল  দুখৰ কথা যে ৰাজ্যখনৰ জনগোষ্ঠীবোৰৰ মাজত সমন্বয়ৰ পৰিৱেশ সম্পূৰ্ণৰূপে গঢ়ি উঠা নাই । ধৰ্ম আৰু জনগোষ্ঠীৰ ভিত্তিত গঢ়ি উঠা সামাজিক আৰু ৰাজনৈতিক শক্তিবোৰে ৰাজ্যখনত ভেদাভেদৰ বীজ সিঁচিয়েই আছে  সময় আৰু পৰিস্থিতি সাপেক্ষে ভেদাভেদৰ পৰিৱেশ অধিক হৈ পৰে । যোৱা কিছু বছৰ ধৰি ৰাজ্যখনত ধৰ্মীয় বিদ্বেষৰ পৰিৱেশ ইমান ভয়ংকৰভাবে সিঁচি থকা হৈছে যে সমন্বয়ৰ পৰিৱেশ সৃষ্টি হ’বলৈ বহু সময়ৰ প্ৰয়োজন হ’ব  

আজিৰ পৰা ৮৪ বছৰ আগতে ড° ভূপেন হাজৰিকাই দেশখনত চলি থকা শোষণ-বঞ্চনা, জাত-পাতৰ বিচাৰ, সাম্প্ৰদায়িকতা আৰু সামাজিক বৈষম্য দূৰ কৰি এখন ‘নতুন ভাৰত’ গঢ়িবলৈ বিচাৰিছিল ।  দেশখনে স্বাধীনতা লাভ কৰাৰ পিছত উল্লিখিত সমস্যাবোৰ দূৰীকৰণৰ প্ৰচুৰ সুযোগ আছিল । কিন্তু, চাৰি দশকৰ পিছতো ড° হাজৰিকাই বিচৰা ধৰণৰ ‘নতুন ভাৰত’খন গঢ়ি নুঠিলইয়াৰ বিপৰীতে দেশখনত অৰ্থনৈতিক অসমতা আৰু ধৰ্মীয় উন্মাদনা ক্ৰমান্বয়ে বৃদ্ধিহে হ’বলৈ ধৰিছে

তথ্যসূত্ৰ

দত্ত, দিলীপ কুমাৰ (২০১১): ভূপনে হাজৰিকাৰ গীত আৰু জীৱন ৰথ , পঞ্চম সংস্কৰণ, ( গুৱাহাটী: বনলতা), পৃষ্ঠা: ৩১-৪১ ।

শইকীয়া, প্ৰবীণ (২০০৭): “গীতত অসমৰ জাতীয় সমন্বয়ৰ প্ৰসংগ”, পুলিন কলিতা, গোপাল জালান আৰু অনুভৱ পৰাশৰ সম্পাদিত, বিশ্বনাগৰিক ভূপেন হাজৰিকা,  দ্বিতীয় প্ৰকাশ, (গুৱাহাটী: চন্দ্ৰ প্ৰকাশ), পৃষ্ঠা: ১০০-১০৪ । 

হাজৰিকা, ভূপেন (১৯৯৩): দিহিঙে-দিপাঙে, ৰতিমোহন নাথৰ সম্পাদনা, (গুৱাহাটী: বাণী মন্দিৰ), পৃষ্ঠা: ৯ । 

হাজৰিকা, সূৰ্য্য (২০০৮): ড° ভূপেন হাজৰিকাৰ গীত সমগ্ৰ, (সম্পাদনা আৰু প্ৰকাশক সূৰ্য্য হাজৰিকা), দ্বিতীয় সংস্কৰণ, পৃষ্ঠা: ৪১ আৰু ৪২ । 

Government of India (2021): Crime in India, National Crime Records Bureau.  

United Nations Development Programme: World Inequality Report, 2022.

[প্ৰকাশিত, 'সমন্বয়', ড° ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্মদিৱসৰ সৈতে সংগতি ৰাখি গোলাঘাটৰ ডি আৰ কলেজত উৎযাপন কৰা 'সমন্বয় দিৱস'ত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ, ২০২৩]