Tuesday 12 December 2017

গোৱালপাৰা জিলাৰ বনাঞ্চলৰ হিচাপ

আমাৰ অসম’ৰ গুৱাহাটী সংস্কৰণৰ ৭ নম্বৰ পৃষ্ঠাত যোৱা ৯ ডিচেম্বৰত ‘গোৱালপাৰাত ৯,০৭৫ হেক্টৰ বনাঞ্চল বেদখল’ শীৰ্ষক এটা বাতৰি প্ৰকাশ পাইছে। বাতৰিটোত গোৱালপাৰা জিলাৰ সংৰক্ষিত বনাঞ্চল আৰু প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ হিচাপ ভুলকৈ প্ৰকাশ পাইছে। বাতৰিটোৰ মতে, ‘মুঠ (গোৱালপাৰা জিলাৰ) বনাঞ্চলৰ সংখ্যা হৈছে ১০৩ খন। ইয়াৰে ৫৬ খন সংৰক্ষিত বনাঞ্চল আৰু ৪৭ খন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল।’ গোৱালপাৰা জিলাৰ জিলা বন বিষয়াৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰা তথ্য অনুসৰি জিলাখনৰ মুঠ বনাঞ্চলৰ সংখ্যা হৈছে ১০২ খন। ইয়াৰে ৫৪ খন সংৰক্ষিত বনাঞ্চল আৰু ৪৮ খন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল। তদুপৰি, বাতৰিটোৰ কোৱা হৈছে, ‘জিলাখনৰ চাৰিটা বনাঞ্চলিকৰ ভিতৰত লক্ষীপুৰত ১২ খন, গোৱালপাৰাত ১০ খন, কৃষ্ণাইত ১০ খন আৰু ৰংজুলিত ২৪ খন সংৰক্ষিত বনাঞ্চল আছে।’ আচলতে হিচাপটো হ’ব লাগে এনেধৰণৰ-লক্ষীপুৰত ১১ খন, গোৱালপাৰাত ১০ খন, কৃষ্ণাইত ১০ খন (গোৱালপাৰা আৰু কৃষ্ণাইৰ হিচাপ ঠিকে আছে) আৰু ৰংজুলিত ২৩ খন সংৰক্ষিত বনাঞ্চল আছে। বাতৰিটোত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপ এনেদৰে দিছে-লক্ষীপুৰত ৬ খন, গোৱালপাৰাত ৭ খন, কৃষ্ণাইত ১৫ খন আৰু ৰংজুলিত ১৯ খন। কৃষ্ণাইৰ হিচাপ ঠিকে আছে। কিন্তু, আন তিনিখন বনাঞ্চলিকৰ বনাঞ্চলৰ হিচাপ হ’ব লাগে-লক্ষীপুৰত ৯ খন, গোৱালপাৰাত ৯ খন আৰু ৰংজুলিত ১৫ খন। বন বিষয়াৰ কাৰ্যালয়ৰ তথ্য অনুসৰি জিলাখনৰ ৩৫,৮০৪.২৮ হেক্টৰ ভূমিত বনাঞ্চল আছে (বাতৰিটোত কোৱা হৈছে প্ৰায় ৩৬,৪৮৫ হেক্টৰ ভূমিত বনাঞ্চল আছে)।
বহুসময়ত গৱেষকসকলে বাতৰি কাকতত প্ৰকাশ পোৱা তথ্যকে তেওঁলোকৰ গৱেষণাৰ তথ্যৰ উৎস হিচাপে ব্যৱহাৰ কৰে। গোৱালপাৰা জিলাৰ বনাঞ্চল সম্পৰ্কে গৱেষণা কৰাসকলে যাতে শুদ্ধ তথ্য লাভ কৰে, সেই উদ্দেশ্য আগত ৰাখিহে এই চিঠিখন লিখা হ’ল। 


[প্ৰকাশিত, ‘আমাৰ অসম’, ১৩ ডিচেম্বৰ ২০১৭, পৃষ্ঠা: ৯]

Sunday 10 December 2017

প্ৰসংগ: বিনাশকালে বিপৰীত বুদ্ধি

‘নিয়মীয়া বাৰ্তা’ত যোৱা ৪ ডিচেম্বৰত সুমন্ত চলিহাৰ ‘বিনাশকালে বিপৰীত বুদ্ধি’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। চলিহাৰ সৈতে দ্বিমত নাই যে অসমৰ খিলঞ্জীয়া লোকসকলক কেউফালৰ পৰা কেকোঁৰা চেপা দি চেপিবলৈ ধৰিছে আৰু এইবোৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আত্মৰক্ষাৰ উপায় উদ্ভাৱনৰ প্ৰয়োজন হৈছে। কিন্তু আত্মৰক্ষাৰ উপায় হিচাপে এইটো নহয় যে চুবুৰীয়া ৰাজ্যৰ জনসাধৰণক গুলিয়াই হত্যা কৰা কাৰ্যক সমৰ্থন জনোৱা উচিত। ভাৰতবৰ্ষত আন্ত:ৰাজ্যিক সীমা সমস্যাবিলাক সংশ্লিষ্ট ৰাজ্যৰ চৰকাৰবোৰে ৰাজনৈতিকভাবে সমাধান কৰাৰ উপায় আছে। ৰাজ্যবোৰে নিজৰ মাজতে সমাধান সূত্ৰ উলিয়াব নোৱাৰিলে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ সমাধানৰ পথ দেখুৱাই দিয়ে। যি সময়ত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনাৰ মাধ্যমেৰে দেশৰ সীমা সমস্যা সমাধানৰ চিন্তাচৰ্চা কৰা হৈছে সেই সময়ত আন্ত:ৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে চুবুৰীয়া ৰাজ্যৰ জনসাধাৰণক গুলিয়াবলৈ পৰামৰ্শ দিয়া কোনোবা উগ্ৰ সাম্প্ৰদায়িক বুদ্ধিজীৱিক (?) চলিহাই সমৰ্থন জনোৱা দেখিহে আমাৰ চকু কপালত উঠিছে।
চলিহাই তেখেতৰ লেখাটোত ১৩ নৱেম্বৰৰ ঘটনাটোৰ জেৰ টানি ড° হীৰেন গোঁহাই আৰু তেখেতৰ সতীৰ্থসকলক পাৰ্যমানে গালি পাৰিছে। ঘটনাটোৰ সন্দৰ্ভত চৰকাৰে আইন অনুসৰি কাৰ্যব্যৱস্থা লৈছে বাবে সময়ত সকলো স্পষ্ট হৈ পৰিব। কিন্তু এটা কথা ঠিক যে এটা পক্ষই ঘটনাটোক কিছু হ’লেও নিজৰ ধৰণেৰে সাজিবলৈ চেষ্টা কৰি অসমৰ জনসাধাৰণৰ সমৰ্থন আদায় কৰিবলৈ তৎপৰ হৈছিল। অসমৰ গৰিষ্ঠ সংখ্যক জনসাধাৰণে ইয়াৰ উমান পালে আৰু সেয়েহে ঘটনাটোৰ প্ৰথম দুদিনত যি ধৰণে ড° হীৰেন গোঁহাই আৰু তেখেতৰ সতীৰ্থসকলক খলনায়ক সজাবলৈ চেষ্টা কৰা হৈছিল খুব কম সময়ৰ ভিতৰতে ইয়াৰ প্ৰৱণতা হ্ৰাস পালে।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১১ ডিচেম্বৰ ২০১৭]

   

Thursday 30 November 2017

‘ভি আই পি কালচাৰ’

২৭ নৱেম্বৰত ‘নিয়মীয়া বাৰ্তা’ত প্ৰকাশিত হোমেন বৰগোহাঞিদেৱৰ ‘ভি আই পি কালচাৰ’ লেখাটো পঢ়ি দুষাৰ লিখাৰ লোভ সামৰিব নোৱাৰিলোঁ। অষ্ট্ৰেলিয়াৰ সেই বিদেশ মন্ত্ৰীজনৰ দৰে পৰিস্থিতি আমাৰ দেশত ভুলতো পোৱা নাযায়। ইয়াৰ কাৰণ হ’ল-আমাৰ দেশত গঢ়ি উঠা ভি আই পি কালচাৰ (?)। এই কালচাৰ, ভি আই পি শ্ৰেণীৰ মানুহ আৰু জনসাধাৰণ-দুয়ো ফালৰ পৰাই সৃষ্টি কৰা হয়। আমাৰ দেশৰ ভি আই পি কালচাৰ হ’ল-ক্ষমতাত থকা অৱস্থাত যদি তেখেতৰ সোঁৱে বাওঁৱে কোনো মানুহ নাথাকে, তেওঁ ভি আই পিয়েই নহয়। ইয়াতকৈ ডাঙৰ কথাটো হ’ল-আমাৰ দেশত সেই শ্ৰেণীৰ মানুহবিলাকে যেনেদৰে নিজৰ ৰাজনৈতিক বা সামাজিক স্থানক (Position) দায়িত্ববোধতকৈ ক্ষমতাক অধিক গুৰুত্ব দিয়ে, জনসাধাৰণেও তেওঁলোকক তেওঁলোকৰ ক্ষমতাৰ দৃষ্টিকোণৰ পৰাহে চায়। প্ৰতিগৰাকী ভি আই পি শ্ৰেণীৰ মানুহৰ সোঁৱে বাওঁৱে অনবৰতে লাগি থকা মানুহবিলাকৰ উদ্দেশ্যও ইয়াতে নিহিত হৈ আছে।
আমাৰ দেশখন কেৱল অৰ্থনৈতিক দিশতে অনুন্নত নহয়। সৰহসংখ্যক মানুহৰে চিন্তাধাৰা, মানসিকতা আদিও সমানে অনুন্নত হৈয়ে আছে। আমাৰ দেশত ৰাজনৈতিক বা সামাজিক দায়িত্বত থকা ব্যক্তি এজনে, উন্নত দেশৰ ব্যক্তিৰ দৰে জীৱন শৈলী গঢ়িবলৈ আৰম্ভ কৰিলেই গণ মাধ্যমকে ধৰি জনসাধাৰণেও সংশ্লিষ্ট ব্যক্তিজন ব্যতিক্ৰম বুলি হৈ চৈ লগাবলৈ ধৰেঅৱশ্যে, বহু ক্ষেত্ৰত সংশ্লিষ্ট ব্যক্তিজনে প্ৰকৃততে তেনেকৈয়ে জীৱন শৈলী গঢ়িব বিচাৰিছে নে বেলেগ উদ্দেশ্যৰ বাবে কৰিছে, সেয়া বুজিবলৈ অসুবিধা হয়। কাৰণ, ক্ষমতাত থাকিলে বহু ক্ষেত্ৰত ব্যতিক্ৰমী হিচাপে দেখুৱাবলৈ সহজ হৈ পৰে। 

[প্ৰকাশিত ‘নিয়মীয়া বাৰ্তা’, ৩০ নৱেম্বৰ ২০১৭]

গৱেষণা সম্পৰ্কে যৎকিঞ্চিত

‘আমাৰ অসম’ত ১৬ আৰু ২১ অক্টোবৰত প্ৰকাশিত ক্ৰমে অন্বেষা বৰঠাকুৰৰ ‘লুণ্ঠনকাৰী গৱেষণা-প্ৰত্ৰিকা’ আৰু ড° বিৰিঞ্চি কুমাৰ দাসৰ ‘ISBN আৰু ISSN সম্পৰ্কে যৎকিঞ্চিত’ শীৰ্ষক লেখা দুটা পঢ়ি গৱেষণা আৰু গৱেষণা পত্ৰিকা সম্পৰ্কে দুষাৰ লিখিবলৈ মন গ’ল। সন্দেহ নাই যে যোৱা কেইবছৰমানৰ পৰা ভাৰতকে ধৰি প্ৰায়বোৰ উন্নয়নশীল দেশতে গৱেষণাৰ নীতি-শাস্ত্ৰৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণভাবে বিঘিনি ঘটিবলৈ ধৰিছে। সহজ অৰ্থত, গৱেষণা মানে-সত্যৰ সন্ধান কৰা। এইফালৰ পৰা ক’ব পাৰি যে গৱেষণাৰ ক্ষেত্ৰখনত বিঘিনি ঘটা মানে সত্যৰ সন্ধান কৰা প্ৰক্ৰিয়াটোতে বিঘিনি ঘটিছে। ফলস্বৰূপে গৱেষণাৰ মানদণ্ড অৱনমিত হৈছে। অৱশ্যে, এই পৰিস্থিতি সম্পৰ্কে বহু চিন্তাবিদে চিন্তাচৰ্চা অৱ্যাহত ৰাখিছে। এই ক্ষেত্ৰত South Asian University ৰ জীৱ বিজ্ঞান আৰু জৈৱপ্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰাক্তন অধ্যাপক কামবাদুৰ মুৰলিধৰৰ নাম বিশেষভাবে উল্লেখ কৰিব পাৰি। তেখেতৰ মতে গৱেষণাৰ মানদণ্ড অৱনমিত হোৱাৰ ক্ষেত্ৰত, গৱেষণাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তি আৰু প্ৰতিষ্ঠানে কম-বেছি পৰিমানে দায়ী। তেখেতে সম্প্ৰতি গৱেষণাৰ ক্ষেত্ৰত চলি থকা কিছুমান অনৈতিক পৰিস্থিতি ধৰা পেলাইছে, তাৰ ভিতৰত বৰঠাকুৰে আলোচনা কৰা ‘লুণ্ঠনকাৰী গৱেষণা-প্ৰত্ৰিকা’ বিষয়টোও পৰে।
গৱেষণাৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা বিত্তীয় এজেঞ্চিসমূহে (Funding Agencies)  কিছু পৰিমানে গৱেষণাৰ নীতি-শাস্ত্ৰত বিঘিনি ঘটাইছে। এই বিত্তীয় এজেঞ্চিসমূহে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত কৃতকাৰ্যতা লাভেৰে গৱেষণা কাৰ্য সমাপন কৰাৰ কঠোৰ নীতি-নিয়ম বান্ধি দি গৱেষকসকললৈ বিত্তীয় সাহায্য প্ৰদান কৰে। তেওঁলোকে এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত গৱেষকসকলৰ পৰা গৱেষণাৰ অগ্ৰগতিৰ প্ৰতিবেদন বিচাৰে। কোনো গৱেষকে যথাসময়ত তেখেতৰ গৱেষণাৰ অগ্ৰগতিৰ প্ৰতিবেদন জমা দিব নোৱাৰিলে তেখেতলৈ প্ৰদান কৰা বিত্তীয় সাহায্য বন্ধ কৰি দিয়ে। বুজিবলৈ অকণো কঠিন নহয় যে সৰহসংখ্যক গৱেষকৰে গৱেষণাৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা এজেঞ্চিটোক সন্তুষ্ট কৰাই মূল উদ্দেশ্য হৈ পৰে। সত্যৰ সন্ধান কৰা কাৰ্যটো গৌণ হৈ পৰে। সেয়েহে নগন্য সংখ্যক গৱেষকেহে গৱেষণাত বিফল হোৱা দেখা যায়। এক নিৰ্দিষ্ট সময়ৰ ভিতৰত গৱেষণা কাৰ্য সমাপন কৰাৰ সৈতে ডিগ্ৰী লাভ বা পদোন্নতিৰ অভিপ্ৰায় জড়িত থাকিলে গৱেষণাৰ গুৰুত্ব কোন দিশে গতি কৰিব-ব্যাখ্যা নিষ্প্ৰয়োজন।
যথাসময়ত গৱেষণাৰ অগ্ৰগতিৰ প্ৰতিবেদন প্ৰস্তুত কৰা ব্যৱস্থাটোৰ সৈতে গৱেষণাৰ মানদণ্ড অৱনমিত কৰা আন অনৈতিক পৰিস্থিতিসমূহ জড়িত হৈ পৰে। জমা দিবলগীয়া প্ৰতিখন প্ৰতিবেদনতে Peer Review কৰা গৱেষণা পত্ৰিকাত কমেও একোখনকৈ গৱেষণা পত্ৰ প্ৰকাশ হোৱা দেখুৱাব পাৰিলে সংশ্লিষ্ট বিত্তীয় এজেঞ্চিটো সহজে সন্তুষ্ট হয়। দ্বিমত নাই যে প্ৰতিগৰাকী গৱেষকে বৰঠাকুৰ আৰু ড° দাসে উল্লেখ কৰা আগশাৰীৰ গৱেষণা পত্ৰিকাসমূহত প্ৰকাশ কৰা উচিত। কিন্তু, সেইবোৰ গৱেষণা পত্ৰিকাত গৱেষণা পত্ৰ এখন প্ৰকাশ কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হয়। প্ৰকাশ যে হ’ব-তাৰো কোনো নিশ্চয়তা নাই। অৱশ্যে, সেইবোৰ গৱেষণা পত্ৰিকাও এশ শতাংশ সন্দেহৰ বাহিৰত নহয়। শতাংশ হিচাপত কম হ’লেও কোনোবা প্ৰভাৱশালী Peer Reviewerএ তেখেতৰ চিনাকি গৱেষকৰ গৱেষণা পত্ৰ তুলনামূলকভাবে কম মানদণ্ডৰ হ’লেও প্ৰকাশ কৰাৰ অৱকাশ নুই কৰিব নোৱাৰি। এইখিনি বাদ দিলেও এটা কথা ঠিক যে গৱেষকসকলে সেইবোৰ গৱেষণা পত্ৰিকাত গৱেষণা পত্ৰ প্ৰকাশ হোৱালৈ বাদ চাই থকালৈকে তেওঁলোকলৈ বিত্তীয় সাহায্য প্ৰদান কৰা বিত্তীয় এজেঞ্চিসমূহে বিত্তীয় সাহায্য বন্ধ কৰি দিয়ে। বিত্তীয় সাহায্য বন্ধ হ’লে গৱেষকসকলে কেনে মানসিকতাৰে গৱেষণা কাৰ্য চলাই নিব-সেয়া সহজে অনুমেয়। ইয়াৰ অৰ্থ এইটো নহয় যে আমি ‘লুণ্ঠনকাৰী গৱেষণা পত্ৰিকা’সমূহক সমৰ্থন কৰিছোঁ।
গৱেষণাৰ অগ্ৰগতিৰ প্ৰতিবেদনখনত গৱেষকে গৱেষণা পত্ৰৰ বাবে বঁটা প্ৰাপ্তিৰ প্ৰমাণ দিব পাৰিলে বিত্তীয় এজেঞ্চিবোৰ সন্তুষ্ট হোৱাৰ উপৰিও বিদ্যায়তনিক ক্ষেত্ৰত সংশ্লিষ্ট গৱেষকজনৰ ওজন (?) বৃদ্ধি পায়। আজিকালি গৱেষণা পত্ৰৰ বাবে বঁটা প্ৰদান কৰা অনুষ্ঠান, প্ৰতিষ্ঠান আৰু বঁটাৰ সীমা সংখ্যা নাই। অত্যাধিক বঁটা-বাহনৰ অৱস্থিতিয়ে গৱেষণাৰ মানদণ্ডৰ ক্ষেত্ৰত চিন্তাৰ বিষয় হৈ পৰিছে। সেইদৰে, গৱেষণা পত্ৰিকাসমূহৰ ‘প্ৰভাৱ উপাদান (Impact Factor)’ জোখাৰ পদ্ধতি যিয়েই নহওক, এই ব্যৱস্থাটোৱে বহু গৱেষকক মানসিকভাবে শোষণ (Psychological Exploitation) কৰা নাই বুলি ক’ব নোৱাৰি। উল্লিখিত স্বীকৃতিবিলাক লাভ কৰিবৰ বাবে বহু গৱেষকে কুম্ভিলক বৃত্তি (Plagiarism)ৰ দৰে উপায় অৱলম্বন কৰিবলৈও কুণ্ঠাবোধ নকৰে।
অৱশ্যে, এইটো ঠিক যে মৌলিক গৱেষণা কৰা বহু গৱেষকক এইবোৰ অনৈতিক পৰিস্থিতিয়ে সহজে চুব নোৱাৰে। তেওঁলোকৰ মানত গৱেষণা মানে সঁচা অৰ্থতে সত্যৰ সন্ধান কৰা।
  
তথ্যৰ উৎস: Muralidhar, Kambadur (2016): “Reflections on Ethics in Science: An Historical Perspective”, Distinguished Lecture Series, University of Kalyani, 28th March.



[প্ৰকাশিত, ‘আমাৰ অসম’, ৩০ নৱেম্বৰ ২০১৭]

Wednesday 1 November 2017

মানৱ গ্ৰন্থাগাৰ মানুহক শুদ্ধভাবে বুজাৰ এটা অভিনৱ ব্যৱস্থা

কিছুমান মানুহৰ প্ৰতি সৰহ সংখ্যক মানুহৰে এক বদ্ধমূল (Stereotype) ধাৰণা গঢ় লৈ উঠে। এই বদ্ধমূল ধাৰণা ইতিবাচক বা নেতিবাচক দুই প্ৰকাৰৰ হ’ব পাৰে। শুদ্ধ ইতিবাচক বদ্ধমূল ধাৰণা সম্পৰ্কত বিশেষ চিন্তা কৰিবলগীয়া নাথাকে। কিন্তু, অশুদ্ধ নেতিবাচক বদ্ধমূল ধাৰণাই, যিসকলৰ প্ৰতি তেনে ধাৰণা লোৱা হৈছে, তেওঁলোকক এলাগি কৰি সামাজিকভাবে একপ্ৰকাৰ অন্যায় কৰা হয়। এনে ধাৰণাই এখন সুন্দৰ সমাজ গঢ়ি উঠাত হেঙাৰ হিচাপে থিয় দিয়ে। আচলতে, সেই মানুহবোৰৰ বিষয়ে ভালদৰে জানিবলৈ মন নকৰা বা জানিবলৈ মন কৰিলেও জনাৰ সুবিধা নোপোৱাৰ ফলতে তেওঁলোকৰ প্ৰতি এটা ভুল ধাৰণা গঢ়ি উঠে। ডেনমাৰ্কৰ ৰাজধানী চহৰ কোপেনহাগেনৰ এজন ব্যক্তি-ৰোননি আবেৰজেলে (Ronni Abergel) এই সম্পৰ্কে ১৯৯২ চনৰ পৰাই বিশেষভাবে চিন্তা কৰিছিল আৰু তাৰ ফলস্বৰূপে ২০০০ চনত মানৱ গ্ৰন্থাগাৰ (Human Library) ব্যৱস্থাৰ সৃষ্টি হৈছিল। এতিয়ালৈকে পৃথিৱীৰ ৭০ খন দেশত মানৱ গ্ৰন্থাগাৰ ব্যৱস্থা সুন্দৰভাবে চলি আছে। ভাৰতত ২০১৬ চনত মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত অৱস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্টৰ চৌহদত প্ৰথমে মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাৰ সূচনা হৈছিল। শেহতীয়াকৈ হায়দৰাবাদ, মুম্বাই আৰু দিল্লীতো এই ব্যৱস্থা প্ৰচলন হৈছে।
গ্ৰন্থ এখনৰ বেতুপাতখন দেখিয়ে যেনেদৰে গ্ৰন্থখনৰ বিষয়ে সঠিক মন্তব্য দিব নোৱাৰি, তেনেদৰে মানুহ এজনৰ বাহ্যিক ৰূপ দেখিয়ে তেখেতেৰ বিষয়ে দিয়া মন্তব্য বা তেখেতৰ প্ৰতি আগেয়ে লৈ থকা ধাৰণা শুদ্ধ নহ’বও পাৰে। মানৱ গ্ৰন্থাগাৰৰ উদ্ভাৱক ৰোননি আবেৰজেলে অনুভৱ কৰিছিল যে মানুহে যদি কথা পতাৰ সুযোগেই লাভ নকৰে তেনেহ’লে ইজনে সিজনক কেনেকৈ বুজি পাব? যিসকল মানুহৰ প্ৰতি সৰহ সংখ্যক মানুহৰে অশুদ্ধ বদ্ধমূল ধাৰণা গঢ়ি উঠে, সেই অন্যায়ৰ পৰা তেওঁলোকক কেনেদৰে উদ্ধাৰ কৰিব পৰা যাব? মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাই এইবোৰ প্ৰশ্নৰে উত্তৰ দিবলৈ চেষ্টা কৰে আৰু এই ব্যৱস্থা উদ্ভাৱনৰ তাৎপৰ্যও তাতেই।      
সাধাৰণ গ্ৰন্থাগাৰ ব্যৱস্থাৰ দৰে মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাতো পাঠকে গ্ৰন্থ ধাৰ কৰি পঢ়াৰ ব্যৱস্থা আছে। জীৱন্ত মানুহক গ্ৰন্থ হিচাপে মানি লোৱা ব্যৱস্থাই-ছপা গ্ৰন্থ, ইলেকট্ৰ’নিক গ্ৰন্থ আৰু শ্ৰাৱণ গ্ৰন্থৰ পৰা মানৱ গ্ৰন্থক পৃথক কৰিছে। মানৱ গ্ৰন্থাগাৰৰ ব্যৱস্থাপকসকলে, যিজন জীৱন্ত ব্যক্তিৰ বিষয়ে কোনো এজন পাঠকে (এজনতকৈ বেছিও হ’ব পাৰে) জানিব বিচাৰে তেওঁলোকক দুয়ো পক্ষকে এক নিৰ্দিষ্ট সময়ত, নিৰ্দিষ্ট স্থানত লগ হোৱাৰ ব্যৱস্থা কৰি দিয়ে। পাঠকে সেই নিৰ্দিষ্ট ব্যক্তিজনক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি তেখেতৰ বিষয়ে ভালকৈ জনাৰ সুবিধা লাভ কৰে।
সাক্ষাৎকাৰ গ্ৰহণ আৰু মানৱ গ্ৰন্থ অধ্যয়নৰ মাজত কিছু পাৰ্থক্য আছে। কোনো এজন মানুহৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিলে, সাক্ষাৎকাৰখিনি কোনো এটা মাধ্যমযোগে প্ৰচাৰ কৰি আনকো জনোৱাৰ উদ্দেশ্য নিহিত থাকে। মানৱ গ্ৰন্থ ব্যৱস্থাত সংশ্লিষ্ট মানুহজনৰ সৈতে যিখিনি কথা পতা হয়, সেইখিনি সংশ্লিষ্ট পাঠক আৰু তেখেতৰ মাজতে আৱদ্ধ থাকে। অৱশ্যে, মানৱ গ্ৰন্থৰ অনুমতি সাপেক্ষে কথোপকথনখিনি কোনো প্ৰচাৰ মাধ্যমযোগে প্ৰচাৰ কৰাত বাধা নাথাকে। সাক্ষাৎকাৰ পদ্ধতিত সময়ৰ সীমাবদ্ধতাৰ প্ৰসংগ থাকে আৰু প্ৰশ্নবোৰ সাক্ষাৎ গ্ৰহণকাৰীৰ প্ৰয়োজন অনুসৰিহে যুগুত কৰা হয়। সংশ্লিষ্ট মানুহজনক মুকলি মনেৰে তেখেতৰ নিজৰ বিষয়ে কোৱাৰ সুযোগ খুব কমেইহে দিয়া হয়। আনহাতে, মানৱ গ্ৰন্থ ব্যৱস্থাত সময় এক গৌণ বিষয় হৈ পৰে আৰু সংশ্লিষ্ট মানুহজনে নিজৰ ইচ্ছা অনুসৰি তেখেতৰ নিজৰ বিষয়ে পাঠকক শুনাই যাব পাৰে। ইয়াত কোনো ধৰাবন্ধা প্ৰশ্ন নাথাকে।   
মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাত প্ৰতিজন জীৱন্ত মানুহেই একো একোখন মানৱ গ্ৰন্থ যদিও সেইসকল জীৱন্ত ব্যক্তিক মানৱ গ্ৰন্থ হিচাপে চিনাক্ত কৰি অগ্ৰাধিকাৰ দিয়া হয়, যিসকলৰ জীৱনলৈ কিছুমান অনাকাংক্ষিত বিপদ অহাৰ ফলত সমাজৰ পৰা লঘু লাঞ্চনাৰ সম্মুখিন হৈ থাকিবলগীয়া হৈছে। উদাহৰণস্বৰূপে-ধৰ্ষণৰ বলি হোৱা মহিলা, জন্মান্ধ, ‘শাৰীৰিকভাবে অক্ষম’ ব্যক্তি (আজিকালি বিশেষভাবে সক্ষম বুলি কয় যদিও আনুষ্ঠানিকভাবেহে সেয়া ব্যৱহাৰ কৰে। সাধাৰণ কথোপকথনত ‘শাৰীৰিকভাবে অক্ষম’ শব্দ দুটাকে ব্যৱহাৰ কৰে, যাৰ দ্বাৰা তেওঁলোকক দুগুণ উপলুঙা কৰা হয়), অঘৰী ব্যক্তি, ভৰ যৌৱন অৱস্থাতে স্বামীহাৰা হোৱা অকলশৰীয়া মাতৃ, নিৱনুৱা, দ্বিধ্ৰুৱী ব্যক্তি, এল জি বি টি ব্যক্তি, স্বামী আৰু স্বামীৰ পৰিয়ালয়ৰ সদস্যৰ দ্বাৰা নিৰ্যাতিতা মাহিলা, ভিক্ষাৰী, এইডচ̢ আই ভি আক্ৰান্ত ব্যক্তি, মদাহী, মগজুৰ বিকাৰগ্ৰস্ত ব্যক্তি, সন্তানহীন দম্পত্তি, অপৰাধী, বহুগামী ব্যক্তি, শৰণাৰ্থী ইত্যাদি। কোনো এটা জাতি, জনজাতি বা ধৰ্মৰ মানুহৰ প্ৰতি আন জাতি, জনজাতি বা ধৰ্মৰ মানুহৰ মনত কিছুমান বিশেষ ভুল ধাৰণা গঢ় লৈ উঠা দেখা যায়। যেনে-অসমত বহুতৰে মাজত এনে এটা ধাৰণাই গঢ়ি উঠিছে যে চৰ অঞ্চলৰ মুছলমান মানেই অবৈধ বাংলাদেশী। সেইদৰে বহুতো মুছলমানৰ ধাৰণা যে হিন্দু ধৰ্মৰ মানুহ মাত্ৰেই গাই গৰুক পবিত্ৰ জন্তু বুলি মানে আৰু গো মাংস ভক্ষণকাৰীক হীন চকুৰে চায়। কিছুমান সুবিধাবাদী মানুহৰ দ্বাৰা এই ধাৰণাবিলাক ক্ৰমে সম্প্ৰসাৰণ ঘটি কেতিয়াবা গোষ্ঠী সংঘৰ্ষৰ দৰে দুৰ্ঘটনাও সংঘটিত হোৱাৰ সম্ভাৱনা থাকে। সংশ্লিষ্ট জাতি, জনজাতি বা ধৰ্মৰ মানুহবোৰনো কেনেকুৱা? তেওঁলোকে কি বিচাৰে? তেওঁলোকৰ কৃষ্টি-সংস্কৃতি, আৰ্থ-সামাজিক পৰিস্থিতি কেনেকুৱা? এইবোৰৰ বিষয়ে সুন্দৰভাবে বুজাই ক’ব পৰা ব্যক্তিসকলেও (সংশ্লিষ্ট জাতি, জনজাতি বা ধৰ্মৰ অন্তৰ্ভূক্ত হ’লে বেছি ভাল হয়) মানৱ গ্ৰন্থ হ’ব পাৰে।
মানৱ গ্ৰন্থাগাৰৰ ব্যৱস্থাপকসকলে ওপৰত উল্লেখ কৰা মানৱ গ্ৰন্থবিলাকৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ ফটোসহ পৰিচয়ৰ তালিকা (Catalogue) প্ৰস্তুত কৰে আৰু তেওঁলোক যে তেওঁলোকৰ নিজৰ বিষয়ে দ্বিধাহীনভাবে আনৰ আগত প্ৰকাশ কৰিবলৈ সাজু আছে সেয়া প্ৰচাৰ মাধ্যমযোগে পাঠকসকলক জনায়। পাঠকে মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাপকসকলৰ সৈতে যোগাযোগ কৰি নিজৰ মনে বিচৰা মানৱ গ্ৰন্থৰ সৈতে কথা পতাৰ সুযোগ লাভ কৰে। উল্লেখযোগ্য যে ফেছবুক, ৱাটছএপ আদি সামাজিক মাধ্যমসমূহৰ ব্যাপক প্ৰসাৰৰ ফলত মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাপকসকলৰ মানৱ গ্ৰন্থ আৰু পাঠকৰ মাজত যোগসূত্ৰ স্থাপন কৰা অতি সহজ হৈ পৰিছে। বহু ক্ষেত্ৰত পাঠকে সংশ্লিষ্ট মানৱ গ্ৰন্থৰ সৈতে ইলেট্ৰ’নিক মাধ্যমৰ জৰিয়তেও তেখেতৰ বিষয়ে জনাৰ সুযোগ গ্ৰহণ কৰে। অৱশ্যে, এইটো সঁচা যে সশৰীৰে উপস্থিত হৈ মুখামুখিকৈ কথা পতাৰ যি সন্তুষ্টি থাকে সেয়া ইলেট্ৰ’নিক মাধ্যমে দিব নোৱাৰে। 
মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাটোৱে ক্ৰমাগতভাবে সমাদৰ লাভ কৰি আহিছে যদিও সমালোচকসকলে ব্যৱস্থাটোৰ কিছুমান সীমাবদ্ধতা ধৰা পেলাইছে। প্ৰথমে, এই ব্যৱস্থাৰ কৃতকাৰ্যতা সংশ্লিষ্ট মানৱ গ্ৰন্থৰ মেজাজৰ (Mood) ওপৰত বহুখিনি নিৰ্ভৰ কৰে। কথোপকথনৰ সময়ত পাঠকৰ স্বত:স্ফুৰ্ত প্ৰশ্নই সংশ্লিষ্ট মানৱ গ্ৰন্থৰ মেজাজৰ পৰিবৰ্তন কৰাৰ সম্ভাৱনা থাকে। যাৰ ফলত তেখেতে পাঠকৰ আগত সঁচা কথা নক’বও পাৰে। দ্বিতীয়তে, মানৱ গ্ৰন্থবিলাক আনৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ফলত সংশ্লিষ্ট মানৱ গ্ৰন্থৰ প্ৰতি পাঠকৰ মনত আন এক অশুদ্ধ ধাৰণা গঢ়ি উঠিব পাৰে। তৃতীয়তে, সংশ্লিষ্ট মানৱ গ্ৰন্থৰ প্ৰকাশভংগী দুৰ্বল হ’লে কথাবোৰ বুজাত পাঠকে অসুবিধাত পৰিব পাৰে। চতুৰ্থতে, পাঠক আৰু মানৱ গ্ৰন্থই ইজনে সিজনৰ ভাষা বুজি নাপালে, দুয়ো পক্ষৰে কথোপকথনৰ প্ৰচুৰ আগ্ৰহ থকা সত্বেও কেতিয়াবা প্ৰক্ৰিয়াটো সম্ভৱ হৈ নুঠিব পাৰে। দোভাষীৰ সহায়ত এই সমস্যাৰ সমাধান কৰিব পাৰি যদিও দোভাষী যোগাৰ কৰা ব্যৱস্থাটোত সময় আৰু ধন ব্যয়ৰ প্ৰসংগ আহি পৰে। পঞ্চমতে, নিজৰ বিষয়ে দ্বিধাহীনভাবে আনৰ আগত প্ৰকাশ কৰিবলৈ সুযোগ পোৱাৰ ফলত সংশ্লিষ্ট মানৱ গ্ৰন্থৰ ব্যক্তিজন প্ৰয়োজনতকৈ অধিক আৱেগিক হৈ যাব পাৰে। আৱেগৰ দ্বাৰা পৰিচালিত তেখেতৰ কাহিনী একপক্ষীয় হোৱাৰ সম্ভাৱনাই অধিক।
মুঠ কথা, একৈশ শতিকাত মানৱতাৰ উত্তৰণৰ দিশত এতিয়ালৈকে উদ্ভাৱন হোৱা অন্যতম ব্যৱস্থাবোৰৰ ভিতৰত মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাও পৰিব।  অশুদ্ধ বদ্ধমূল ধাৰণাৰ ফলত সততে সমাজৰ দ্বাৰা অলাগী হৈ পৰা ব্যক্তিসকল বহু সময়ত মানুহ হিচাপে পাব লগা নিম্নতম সন্মানখিনিৰ পৰাও বঞ্চিত হৈ থাকে। তেওঁলোকৰ বহুতে হয়তো নিজে সন্তুষ্ট হোৱাকৈ নিজৰ কাহিনী কাকো এবাৰো ক’বলৈ সুবিধা নোপোৱাকৈয়ে পৃথিৱীৰ পৰা বিদায় মাগিবলগীয়া হয়। মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাই এই ক্ষেত্ৰত নিশ্চিতভাবে তেওঁলোকক কিছু হ’লেও আশাৰ সঞ্চাৰ কৰিছে।
          
তথ্যসূত্ৰ
১। Borah, Probalika M (2017): Read the humans: Human Library”, The Hindu, 29 April.

২। Chakraborty Shruti (2017):  Don’t borrow a book, borrow a human: The HumanLibrary to open in Delhi this Sunday”, The Indian Express, 14 June.

৩। Das, Mohua (2017): “Borrow people instead of books at a Human Library”, The Times of India, 21 May.

৪। Dey, Sohini (------): “At This One-Of-A-Kind Human Library in Hyderabad, You Can Borrow People and Read Them!”, ইন্টাৰনেটত পোৱা, http://www.thebetterindia.com/94976/human-library-hyderabad/

৫। Gill, Simrran (2017): “Borrow a ‘human book’ at this unique library this Sunday in Delhi”, Hindustan Times, 14 June.

৭। http://sbcltr.in/2017/04/19/hyderabads-human-library/

৮। Subramanian, Samanth (2017): “Not a reader? At India’s Human Library you can borrow people for knowledge instead”, The National World, 4 May. 


              [প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ নৱেম্বৰ ২০১৭] 

Sunday 15 October 2017

সাঁউৰি

 ‘সাঁউৰি’ সম্পৰ্কে ‘আমাৰ অসম’ত ১৬ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত প্ৰকাশিত ক্ৰমে ৰীতা গোস্বামী আৰু ৰমণী কান্ত ডেকাৰ লেখা দুটা পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। মানুহ এঘৰৰ ভূঁই ৰোৱা, ধান কটা আদি কাম গাঁৱৰ কেইজনমান মানুহে লগ লাগি সমাপন কৰা আৰু তাৰ পাছত গৃহস্থই যোগান ধৰা অনুসৰি একেলগে খোৱা-বোৱা কৰা কাৰ্যক দুয়োগৰাকী লেখকে ‘সাঁউৰি’ বুলি কৈছে। মানুহ এঘৰৰ আমন্ত্ৰণক্ৰমে তেওঁলোকৰ কোনো এটা কাম গাঁৱৰ কেইজনমান মানুহে একেলগে সমাপন কৰা কাৰ্যই ‘সাঁউৰি’ যদিও কাম আৰু স্থান অনুসৰি ভিন ভিন নামেৰে জনা যায়। যেনে-পূৱ গোৱালপাৰা অঞ্চলত ‘সাঁউৰি’ৰ দৰে ভূঁই ৰোৱা আৰু ধান কটা কাৰ্য কৰা হয় যদিও ইয়াক ‘সাঁউৰি’ বুলি কোৱা নহয়। তদুপৰি, মানুহ এঘৰৰ বছৰটোৰ শালি খেতিৰ প্ৰথম আৰু শেষৰ দিনটোত ভূঁই ৰোৱা কাৰ্যতহে সংশ্লিষ্ট মানুহ ঘৰৰ আমন্ত্ৰণক্ৰমে গাঁৱৰ কেইজনমান মানুহে কামফেৰা সমাপন কৰি দিয়ে। এই দুদিনৰ কাৰ্যক ‘সাঁউৰি’ৰ পৰিবৰ্তে ক্ৰমে ‘গোছা পতা’ আৰু ‘হাল উঠা’ বুলিহে জনা যায়। ‘গোছা পতা’ আৰু ‘হাল উঠা’-এই দুদিনত ভুঁই ৰোৱাৰ বাবদ গৃহস্থই ৰোৱনীক মজুৰি দিব নালাগে। ইয়াৰ পৰিবৰ্তে গৃহস্থই উভৈদনী হোৱাকৈ খোৱা-বোৱাৰ ব্যৱস্থা কৰে। এই দুদিনৰ বাহিৰে ভুঁই ৰোৱাৰ বাবদ গৃহস্থই ৰোৱনীক মজুৰি দিব লাগে। খোৱা-বোৱাৰ ব্যৱস্থা উভৈনদী কৰা নহয়। কোৱা বাহুল্য যে বুদ্ধিমান পৰিয়ালে উক্ত দুদিনতে আটাইতকৈ বেছি ‘পেক̢’ (ৰীতা গোস্বামীয়ে ব্যৱহাৰ কৰা শব্দটো এই অঞ্চলতো চলে) দিয়ে। সাধাৰণতে ধান কাটিবৰ বাবে গৃহস্থই ‘সাঁউৰি’ৰ বাবে গাঁৱৰ মানুহক আমন্ত্ৰণ নকৰে। গাঁৱৰ দুই-তিনিঘৰৰ বাহিৰে সকলোৰে ধান কটা শেষ হৈ গ’ল-এনে পৰিস্থিতিত ধান কাটিবলৈ থকা মানুহঘৰৰ পথাৰলৈ, গাঁৱৰ কিছুমান মানুহে সংশ্লিষ্ট মানুহঘৰৰ বিনা আমন্ত্ৰণতে ধান কাটিবলৈ যায়। কেতিয়াবা এইটোও ঘটে যে সংশ্লিষ্ট মানুহঘৰৰ মানুহ পথাৰত নমাৰ আগতে গাঁৱৰ কিছুমান মানুহ ধান কাটিয়ে আছে। তেওঁলোকে একেদিনাই ধানৰ মুঠিখিনি মানুহঘৰৰ ঘৰলৈও আনি দিয়ে। এই পৰিস্থিতিত সংশ্লিষ্ট মানুহঘৰে ধান কাটিবলৈ যোৱা মানুহ কেইজনক খোৱা-বোৱাৰ ব্যৱস্থা কৰিবলৈ একপ্ৰকাৰ বাধ্য হৈ পৰে। মানুহঘৰে এনে ব্যৱস্থা কৰিবলৈ পালে ভালহে পায় (ব্যতিক্ৰমক বাদ দি)। এই কাৰ্যক ‘লাগি দিয়া’ বুলি কোৱা হয়। আচলতে, গাঁৱৰ সকলোৰে ধান কটা হোৱাৰ পাছত যি কেইঘৰৰ থাকি যায়, তেওঁলোকে ধৰিয়ে লয় যে গাঁৱৰ কেইজনমান মানুহ ‘লাগি দিব’লৈ আহিব। ঘৰ এটা ভঙা বা এটা নতুন ঘৰ বন্ধা (পকা ঘৰ নহয়), বাৰীখনৰ জেওৰা দিয়া আদি কামত এঘৰ মানুহে গাঁৱৰ কেইজনমান মানুহক মাতি সমাপন কৰোৱা (নিজেও কৰে) কাৰ্যকহে এই অঞ্চলত ‘সাঁউৰি’ বুলি কোৱা হয়।
     ‘সাঁউৰি’, ‘গোছা পতা’, ‘হাল উঠা’, বা ‘লাগি দিয়া’ যি নামেৰেই জনা নাযাওক কিয়-এইবোৰ কাৰ্যই গাঁৱৰ মানুহৰ মাজত থকা শক্তিশালী সামাজিক মূলধনৰ ইংগিত দিয়ে। কিন্তু বিভিন্ন কাৰণত এই সামাজিক মূলধন দুৰ্বল হ’বলৈ ধৰিছে। কিছুমান অঞ্চলত এই ব্যৱস্থা একেবাৰে নোহোৱা হৈ গ’ল। আচলতে, গাঁৱৰ মানুহেও ‘সামূহিকবাদ (Collectivism) এৰি ‘ব্যক্তিবাদ (Individualism)’ ৰ পিনে ঢাল খাবলৈ ধৰিছে। ভালে হৈছে নে বেয়া হৈছে-সেয়া আন এক বিষয়।


[প্ৰকাশিত, ‘আমাৰ অসম’, ১৪ অক্টোবৰ ২০১৭, পৃষ্ঠা: ১০]

Tuesday 19 September 2017

‘প্ৰণাম’ক প্ৰণাম জনাইছোঁ

যোৱা ১৫ ছেপ্টেম্বৰ ২০১৭ত অসম বিধান সভাত ‘The Assam Employees Parental Responsibility and Norms for Accountability and Monitoring (PRANAM) Bill গৃহীত হ’ল। দেশৰ ভিতৰতে প্ৰথমে গৃহীত হোৱা এই বিধেয়খনে আমাক চিন্তিত কৰি তুলিলে যে নিজৰ বৃদ্ধ পিতৃ-মাতৃক চোৱা-চিতা কৰিবৰ বাবেও অসমত আইন প্ৰণয়ন কৰিবলগীয়া হৈছেনে? আমি অসমৰ মানুহবোৰ ইমান তললৈ গৈছোঁনে? কিন্তু, বাস্তৱ ক্ষেত্ৰত সেয়াই হৈছে। সংবাদ মাধ্যমযোগে পোৱা খবৰে আমাক ভাবিবলৈ বাধ্য কৰাইছে, হয় অসমৰ কিছুমান মানুহ বৰ নিষ্ঠুৰ হৈ পৰিছে, যিসকলে নিজৰ বৃদ্ধ পিতৃ-মাতৃক পোহপাল দিয়াতো দূৰৰে কথা তেওঁলোকৰ নামত থকা সা-সম্পত্তিখিনি অন্যায়ভাবে নিজৰ নামত লেখাই ল’বলৈও কুণ্ঠাবোধ নকৰে। তেওঁলোকক সংসাৰৰ এক ডাঙৰ বোজা বুলি ভাবি সততে মানসিকভাবে (কেতিয়াবা শাৰীৰিকভাবেও) অত্যাচাৰ চলাই থাকে। নিজৰ ল’ৰা-ছোৱালী থকাৰ পাছতো বহু বৃদ্ধ আৰু বৃদ্ধাৰ শেষ আশ্ৰয় হৈছেগৈ বৃদ্ধাশ্ৰমসমূহ। অৱশ্য ইয়াৰ অৰ্থ এইটো নহয় যে বৃদ্ধাশ্ৰমসমূহ বেয়াঅসমত এনে কু-পৰিস্থিতি ব্যাপকভাবে সম্প্ৰসাৰণ ঘটাৰ আগতে এই বিধেয়কখন গৃহীত হোৱাত আমাৰ দৰে বহুতেই আশাবাদী হৈ পৰিছেএই বিধেয়কখন কেৱল এখন বিধেয়ক নহয়। ই অসমীয়া সমাজত আহিব ধৰা এটা অতি বেয়া পৰিস্থিতিৰ বিৰূদ্ধে অসম চৰকাৰে গ্ৰহণ কৰা এক সঠিক সিদ্ধান্ত। সেয়েহে আমি ‘প্ৰণাম’ক প্ৰণাম জনাইছোঁ।


[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ২০ ছেপ্টেম্বৰ ২০১৭]

Sunday 17 September 2017

আপোনাক বাৰু কেতিয়া বেছিকৈ অৱজ্ঞা কৰা যেন অনুভৱ হয় ?

মানুহে বিভিন্ন কাৰণত, বিভিন্ন পৰিস্থিতিত আনে অৱজ্ঞা কৰা যেন অনুভৱ কৰে। কৰ্মক্ষেত্ৰত কাৰ্যালয়ৰ মূৰব্বীৰ পৰা আৰম্ভ কৰি সহকৰ্মী আৰু তলৰ পৰ্যায়ৰ কৰ্মচাৰীয়ে কৰা অৱহেলাৰ বাবে কেতিয়াবা নিজকে অৱজ্ঞাৰ পাত্ৰ হোৱা যেন অনুভৱ কৰে। কোনোবাই ঘৰৰ মানুহৰ পৰা অৱহেলিত হোৱাৰ বাবে ঘৰখনৰ বাবে অৱজ্ঞাৰ পাত্ৰ হয়। শাৰীৰিক বিসংগতি, বয়স অনুযায়ী মানসিক বিকাশ নোহোৱা, আৰ্থিক পৰাধীনতা, কৰ্মক্ষেত্ৰত নিজৰ কৰ্তব্য সুচাৰুৰূপে সম্পাদন কৰিব নোৱাৰা আদিৰ ফলত মানুহে অৱজ্ঞাৰ পাত্ৰ হৈ উঠে। দেশৰ বৰমূৰীয়াসকলেও তেওঁলোকৰ পৰ্যায়ত বিভিন্নজনৰ দ্বাৰা অৱজ্ঞাৰ দৰে পৰিস্থিতিৰ সম্মুখিন হৈ থাকে। মুঠতে, প্ৰতিজন মানুহে কোনো নহয় কোনো পৰিস্থিতিত এবাৰ হ’লেও অৱজ্ঞাৰ সম্মুখিন হয় বুলি ক’লেও বঢ়াই কোৱা নহয়।
কিন্তু দুটা বিশেষ পৰিস্থিতিত মোক বেছিকৈ অৱজ্ঞা কৰা যেন অনুভৱ কৰোঁ-(ক) চিনাকিয়ে হওক বা অচিনাকি হওক, কোনো এজন ব্যক্তিয়ে মোক একেলগে তিনিটামান প্ৰশ্ন সুধিছে। মই এটা এটাকৈ উত্তৰ দিবলৈ সাজু হৈছোঁহে, তেনে সময়তে তৃতীয় এজন ব্যক্তি আহি  মোক প্ৰশ্ন কৰা মানুহজনৰ (দ্বিতীয় ব্যক্তি) সৈতে কথা পাতিবলৈ ধৰিলে। দ্বিতীয় ব্যক্তিজনে মোৰ উত্তৰৰ প্ৰতি কোনো গুৰুত্ব নিদি তৃতীয় ব্যক্তিজনৰ সৈতে ব্যস্ত হৈ পৰিল। মই যে তাত আছোঁ, মোক যে দ্বিতীয় ব্যক্তিজনে প্ৰশ্ন সুধিছিল সব তল পৰি গ’ল। এনে পৰিস্থিতিত মোক খুউব অৱজ্ঞা কৰা যেন অনুভৱ কৰোঁ। দ্বিতীয় ব্যক্তিজনে তৃতীয়জনৰ প্ৰতি অধিক আগ্ৰহী হোৱা যেন দেখিলে অৱজ্ঞা অনুভৱ কৰাৰ মাত্ৰা আৰু বৃদ্ধি পায়। (খ) আমাক কোনোবাই আলহী হিচাপে মাতিছে, বহিবলৈ দি গৃহস্থৰ সকলোৱে নিজ নিজ মোবাইলৰ সৈতে ব্যস্ত হৈ পৰিছে। 

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১৬-৩০ ছেপ্টেম্বৰ ২০১৭]

Friday 18 August 2017

প্ৰসংগ: এক অপ্ৰাসংগিক গোচৰ

যোৱা ৫ আগষ্ট তাৰিখে ‘আমাৰ অসম’ কাকতৰ পাঁচ নম্বৰ পৃষ্ঠাত প্ৰকাশিত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ ‘এক অপ্ৰাসংগিক গোচৰ’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। চক্ৰৱৰ্তীৰ সৈতে একমত যে অযোধ্যাত মজজিদ নিৰ্মাণ আছিল এক ধৰ্মীয় অপৰাধ। অযোধ্যাৰ মাটিৰ লগত হজৰত মহম্মদ অথবা কোনোবা নবীৰ বা ইছলামীয় মহাপুৰুষৰ সামান্যতমো সম্পৰ্ক নাই। অথচ অযোধ্যা হ’ল হিন্দুসকলৰ পৱিত্ৰ স্থানৰবোৰৰ ভিতৰত অন্যতম স্থান। কিন্তু, চক্ৰৱৰ্তীৰ কেইটামান যুক্তিৰ সৈতে আমি একমত হ’ব নোৱাৰিলোঁ। প্ৰথম কথা, চক্ৰৱৰ্তীৰ লেখাটোৰ শিৰোনামটোৱে কেৰোণ লগা। গোচৰটোৰ যদি কোনো প্ৰাসংগিকতাই নাই, ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে গোচৰটো গ্ৰহণ কৰিছে কিয়? গোচৰটোত আমাৰ দেশৰ সংবিধানখনৰ প্ৰসংগ জড়িত নাই বুলি চক্ৰৱৰ্তীয়ে বুকুত হাত থৈ ক’ব পাৰিবনে? অৱশ্যে, ধৰ্মৰ দৰে স্পৰ্শকাতৰ বিষয়ৰ জৰিয়তে গোচৰটো যে ৰাজনৈতিক মেৰঁপাকত সোমাই পৰিছে সেয়াও অপ্ৰিয় সত্য।
দ্বিতীয়তে, বাবৰে অযোধ্যাত মজজিদ নিৰ্মাণ কৰাই নিশ্চয় হিন্দুসকলক অপমান কৰাই নহয়, বিদ্ৰোহীও কৰি তুলিছিল। ফলস্বৰুপে, স্বভিমানী হিন্দু স্বয়ংসেৱকে ১৯৯২ চনৰ ৬ ডিচেম্বৰত মজজিদটো ভাঙি পেলাইছিল। এইখিনিলৈকে চক্ৰৱৰ্তীৰ লেখাটোৰ সম্পৰ্কত আমাৰ ক’বলগা একো নাই। অযোধ্যা ৰামচন্দ্ৰৰ আচল জন্মস্থান বুলি যে ক’লে-সেয়াহে আমি মানি ল’ব পৰা নাই। আমি জনাত মহাভাৰতৰ দৰে ৰামায়ণো এখন মহাকাব্যহে। মহাকাব্যৰ ঘটনাবোৰ কাল্পনিক কাহিনীহে। অৰ্থাৎ, অযোধ্যাত ৰামচন্দ্ৰৰ জন্ম হৈছিল বুলি কাহিনীকাৰ বাল্মিকীয়ে কল্পনাহে কৰি লৈছিল। গতিকে, কেৱল কাহিনীৰ আধাৰতে ‘অযোধ্যা ৰামচন্দ্ৰৰ আচল জন্মস্থান আছিল’ বুলি এশ শতাংশ দাবী কৰিব পৰা নাযায়। কাহিনী অনুসৰি অযোধ্যাতে যে ৰামচন্দ্ৰৰ জন্ম হৈছিল তাত আমাৰ দ্বিমত নাই।  
 আচলতে, ভাৰতৰ দৰে গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ দেশ এখনত বাবৰি মজজিদ ধংসৰ গোচৰটোৰ প্ৰাসংগিকতা অতি বেছি। প্ৰগতিশীল সমাজত তেখেতৰ এই লেখাটোৰ দৰে লেখাবোৰৰহে প্ৰাসংগিকতা আছে নে নাই ভাবি চাবলগীয়া হয়।


[প্ৰকাশিত, ‘আমাৰ অসম’, ১৮ আগষ্ট, ২০১৭, পৃষ্ঠা ৬]

Monday 7 August 2017

প্ৰগতিশীল দৃষ্টিভংগীৰে অসমৰ গোষ্ঠী পৰিচয় সমস্যাৰ সমাধান

    ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা অসমত গোষ্ঠী পৰিচয়ৰ সমস্যাই জটিল পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। অসমৰ জনগোষ্ঠীসমূহৰ মাজত একতাৰ ভাৱ কমি আহিছে। নিজে যি জনগোষ্ঠীৰ অন্তৰ্ভূক্ত সেই জনগোষ্ঠীটোহে শ্ৰেষ্ঠ, তেনে এটা ধাৰণাই গা কৰি উঠিছে। যাৰ ফলত গোষ্ঠী সংঘৰ্ষৰ দৰে অবাঞ্চিত দুৰ্ঘটনা সঘনে সংঘটিত হৈ অনেক লোকে প্ৰাণ হেৰুৱাব লগা হৈছে। প্ৰশ্ন হ’ল-অসমৰ মানুহবিলাকে আৰু কিমান দিনলৈ এনে পৰিস্থিতিৰ সৈতে মোকামিলা কৰি থাকিব? এই সমস্যাৰ কোনো সমাধান নাই নেকি? আমাৰ লেখাটোত প্ৰগতিশীল দৃষ্টিভংগীৰে কেনেদৰে অসমৰ গোষ্ঠী পৰিচয় সমস্যাৰ সমাধান পাব পাৰি তাৰে চমু আলোচনা কৰা হৈছে।
     এইখিনিতে প্ৰগতিশীল দৃষ্টিভংগী মানে আমি কি বুজাব বিচাৰিছোঁ, সেয়া স্পষ্ট হোৱা ভাল হ’ব। এক কথাত, প্ৰগতিশীল দৃষ্টিভংগী মানে হ’ল ৰক্ষণশীল দৃষ্টিভংগীৰ বিপৰীত দৃষ্টিভংগী। প্ৰগতিশীল দৃষ্টিভংগীয়ে নতুনত্বক অগ্ৰাধিকাৰ দিয়ে। পুৰণিকলীয়া দৃষ্টিভংগী পৰিহাৰ কৰি সত্যতা, সততা আৰু বাস্তৱতাক জানি মানি লোৱাটোৱেই হ’ল প্ৰগতিশীল দৃষ্টিভংগী। মন কৰিবলগীয়া কথাটো হ’ল, ইয়াত জানিলৈহে মানি লোৱাৰ কথা কোৱা হৈছে। প্ৰগতিশীল দৃষ্টিভংগীক কেৱল বিশ্বাস কৰাৰ কথা কোৱা হোৱা নাই। প্ৰগতিশীল দৃষ্টিভংগী, যুক্তিশীল দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে যদিও দুয়োটা দৃষ্টিভংগী একে নহয়। যুক্তিশীল দৃষ্টিভংগীত কেৱল যুক্তিৰহে খেলা চলে। যুক্তিশীল দৃষ্টিভংগীত সঁচাটোকে মিছা বুলি যুক্তি আগবঢ়াব পৰিলে সঁচাটোৱে মিছা। সেইদৰে মিছাটোকে সঁচা বুলি পতিয়ন নিয়াব পাৰিলে মিছাটোকে সঁচা বুলি মানি ল’ব লাগিব। কিন্তু, প্ৰগতিশীল দৃষ্টিভংগীত মিছাটো মিছাই, সঁচাটো সঁচাই। ভালটো ভালেই আৰু বেয়াটো বেয়াই। বেয়াটোকে ভাল বুলি গ্ৰহণ কৰি থকিলে কোনোবাই শুধৰাই দিলে প্ৰগতিশীল ব্যক্তি এজনে শুধৰণিখিনি সাদৰেৰে গ্ৰহণ কৰে আৰু ভালটো জানি মানি লয়। প্ৰগতিশীল দৃষ্টিভংগী গণতান্ত্ৰিক পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে যদিও গণতান্ত্ৰিক পদ্ধতিৰে গ্ৰহণ কৰা সকলোবোৰ সিদ্ধান্ত প্ৰগতিশীল ব্যক্তিসকলে গ্ৰহণ নকৰে। গণতান্ত্ৰিক পদ্ধতিত যিহেতু সংখ্যাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হয়, গৰিষ্ঠসংখ্যাই গ্ৰহণ কৰা সিদ্ধান্ত সত্য আৰু বাস্তৱৰ ওপৰত প্ৰতিষ্ঠিত নহ’লে তেনে সিদ্ধান্ত প্ৰগতিশীল লোকসকলৰ বাবে অমূলক। বিপৰীতক্ৰমে, কম সংখ্যকৰ সিদ্ধান্ত যদি সত্য আৰু বাস্তৱসন্মত হয়, তেনে সিদ্ধান্ত প্ৰগতিশীল সমাজৰ বাবে আদৰণীয়। তদুপৰি, প্ৰগতিশীল দৃষ্টিভংগীত সংশ্লিষ্ট বিষয়টো স্পষ্ট, নিৰ্দিষ্ট ৰাজনৈতিক মতাদৰ্শৰ পৰা পৃথক আৰু আবেগ শূন্য।
    এতিয়া অসমৰ গোষ্ঠী পৰিচয় সমস্যাৰ প্ৰসংগলৈ অহা যাওক। অসমৰ গোষ্ঠী পৰিচয়ৰ সমস্যা ঐতিহাসিক। ব্ৰিটিছে অসমখন অধিকাৰ কৰাৰ আগতে অসমৰ শাসনভাৰ উপভোগ কৰিছিল অনাৰ্যমূলীয় জনগোষ্ঠীৰ ৰজাসকলে। কিন্তু, ব্ৰিটিছ শাসনৰ সময়ত সকলো ওলোট-পালট হৈ গ’ল। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি অনুসৰি অসমখনৰ শাসনভাৰ ব্ৰিটিছৰ হাতলৈ যোৱাৰ পাছত ব্ৰিটিছে তেওঁলোকৰ সুবিধাৰ্থে অসমখনৰ সৰু সৰু ৰাজ্যবোৰ একগোট কৰি শাসন কৰিবলৈ ল’লে। তথাকথিত উচ্চ বৰ্ণ হিন্দুৰ কিছুমান লোকে অসমত বৃটিছৰ শাসনক ভগৱানৰ আশিৰ্বাদ বুলি আদৰণি জনালে। সেই শ্ৰেণীৰ লোকসকল কৌশলেৰে ব্ৰিটিছৰ প্ৰিয়ভাজন হৈ পৰিল আৰু ব্ৰিটিছে দেশ এৰাৰ পাছত অসমখন শাসন কৰাৰ সুবিধা গ্ৰহণ কৰিলে। অৰ্থাৎ, অসমৰ শাসনভাৰ অনাৰ্যমূলীয় জনগোষ্ঠীৰ হাতৰ পৰা আৰ্যমূলীয় জনগোষ্ঠীৰ হাতলৈ আহিল। ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছে ভাৰতখন এৰিলে যদিও অসমখনক তেওঁলোকে যেনেদৰে একেটা ৰাজনৈতিক ভূখণ্ডত এৰি গ’ল, তথাকথিত উচ্চ বৰ্ণ হিন্দুৰ অসমীয়া শাসকসকলে তেনেদৰেই শাসন কৰিবলৈ ল’লে। ব্ৰিটিছৰ শাসনকালত অনাৰ্যমূলীয় জনগোষ্ঠীসমূহক কৌশলেৰে এটা বৃহত্তৰ সামাজিক বান্ধোনত ৰাখি দেশ শাসনৰ দৰে কামকাজৰ পৰা বাহিৰত ৰখা হ’ল। কিন্তু, এটা বৃহত্তৰ সামাজিক বান্ধোনত বান্ধ খাই থাকিলেও অনাৰ্যমূলীয় লোকসকলে কোনোকালে আৰ্যমূলীয় লোকসকলৰ লগত মিলি যাব নোৱাৰিলে। তেওঁলোকে তেওঁলোকৰ স্বকীয়তা বৰ্তাই ৰাখিবলৈ সক্ষম হৈয়ে থাকিল। একালৰ স্বাধীন অনাৰ্যমূলীয় জনগোষ্ঠীসমূহে পুনৰ স্বাধীনভাৱে থাকিবলৈ সংকল্পবদ্ধ হোৱাৰ ফলতে অসমত গোষ্ঠী পৰিচয়ৰ সমস্যাৰ উদ্ভৱ হৈছে। প্ৰশ্ন হ’ল-প্ৰগতিশীল দৃষ্টিভংগীৰে এই সমস্যাটোৰ সমাধান কি? প্ৰাসংগিক প্ৰশ্ন হ’ল-অতীতত অসমৰ শাসনভাৰ অনাৰ্যমূলীয় জনগোষ্ঠীৰ হাতত থাকিল বুলিয়ে আজিও অসমখন বিভাজন কৰি তেওঁলোকৰ হাততো কিছু অংশ থাকিব লাগে বুলি দাবী কৰাৰ বাস্তৱতা কিমান? শাসনৰ গাদী অধিকাৰ কৰিব পৰিলেই অসমৰ জনগোষ্ঠীসমূহে দোপতদোপে আগবাঢ়ি যাব পাৰিবনে? আচলতে, সংশ্লিষ্ট জনগোষ্ঠীটো যদি সঁচায়ে শাসনৰ গাদী দখল কৰিবলৈ উপযুক্ত, দখল কৰিবই। বাস্তৱ প্ৰসংগটো হ’ল-ভাৰতীয় সংবিধানে অনাৰ্যমূলীয় জনগোষ্ঠীসমূহৰ স্বাৰ্থ ৰক্ষাৰ বাবে অসম বিধান সভাত সমষ্টি ভিত্তিত আসন সংৰক্ষণৰ ব্যৱস্থা কৰি ৰাজনৈতিক সুবিধা প্ৰদান কৰিছে। তদুপৰি সংবিধানৰ ষষ্ঠ অনুসূচীৰ ব্যৱস্থাৰেও কিছুমান জনগোষ্ঠীক ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা হৈছে। কিন্তু, অনাৰ্যমূলীয় জনগোষ্ঠীসকলৰ প্ৰতিনিধিসকলে নিজৰ জনগোষ্ঠীটোৰ স্বাৰ্থ ৰক্ষা কৰিব পৰা নাই। তেওঁলোকক প্ৰদান কৰা ক্ষমতাৰ সৎ ব্যৱহাৰ নকৰি দলীয় তথা ব্যক্তি স্বাৰ্থৰ প্ৰতি বেছি আগ্ৰহী হৈ পৰিছে। অনাৰ্যমূলীয় জনগোষ্ঠীসকলৰ প্ৰতিনিধিসকলে নিজৰ সমষ্টিত নিজে যিটো জনগোষ্ঠীৰ অন্তৰ্ভূক্ত কেৱল সেই জনগোষ্ঠীটোৰ স্বাৰ্থৰ বাবেহে কাম কৰিব নোৱাৰে। তেখেতসকলে সংশ্লিষ্ট সমষ্টিটোৰ প্ৰতিটো জনগোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰিবলৈ সাংবিধানিকভাবে বাধ্য। এতিয়ালৈকে যিমানকেইজন অনাৰ্যমূলীয় জনগোষ্ঠীৰ লোকে অসম বিধান সভাত আসন দখল কৰিবলৈ সুবিধা পালে, তেওঁলোকে জনগোষ্ঠীয় সমস্যাৰ প্ৰতি সতৰ্ক নহয় বুলি ভাৱিয়েই অনাৰ্যমূলীয় কিছুমান জনগোষ্ঠীয় নেতাই গোষ্ঠী পৰিচয়ৰ সমস্যাকে মাধ্যম হিচাপে লৈ গোষ্ঠীগত ৰাজনীতিৰে ৰাজনৈতিক ক্ষমতা আদায় কৰিবলৈ উঠিপৰি লাগিছে। পিছে, তেওঁলোকেও যে একে পথৰে যাত্ৰী নহ’ব তাৰ কোনো নিশ্চিয়তা নাই। মূল কথা হ’ল-সংবিধানে যিখিনি সুবিধা প্ৰদান কৰিছে তাৰ সঠিক প্ৰয়োগ হ’ব লাগে। সাংবিধানিক সুবিধাখিনিৰ সঠিক প্ৰয়োগৰ পাছতো যদি অনাৰ্যমূলীয় জনগোষ্ঠীসকল বৈষম্যৰ সম্মুখিন হয়, তেন্তে নিশ্চয় আন উপায়ৰ বিষয়ে চিন্তাচৰ্চা কৰি প্ৰয়োগ কৰাৰ ক্ষেত্ৰত সকলোৱে একেমুখে সমৰ্থন দিব।
    ব্ৰিটিছ চৰকাৰে ধৰ্মীয় আৰু ৰাজনৈতিক লাভালাভৰ বাবে অসমৰ জনগোষ্ঠীসমূহৰ মাজত যি বিভাজন ঘটালে সেয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছতো থাকি যোৱাৰ ফলতো অসমত গোষ্ঠী পৰিচয়ৰ সমস্যা থাকি গ’ল। এই ক্ষেত্ৰত বাস্তৱ পন্থা হ’ল-অসম নামৰ ভূখণ্ডটোত এতিয়াও কিছুমান স্বাৰ্থান্ধ লোকে বিভাজনৰ নীতি যে প্ৰয়োগ কৰি আছে-সেয়া আৰ্য আৰু অনাৰ্যমূলীয় সকলো জনগোষ্ঠীয়ে বুজি উঠা দৰকাৰ হৈ পৰিছে আৰু তেনে শক্তিসমূ্হক নিৰ্মূল কৰাৰ বাবে একগোট হোৱাৰ সময় আহি পৰিছে। এটাৰ পৰা আনটো পৃথক জনগোষ্ঠী হিচাপে নাথাকি বৃহত্তৰ স্বাৰ্থত একেলগে থকাটোহে বেছি প্ৰয়োজন হৈছে। পৃথক বুলি ভাৱি বা পৃথক হ’বলৈ চেষ্টা কৰি পৃথককৈ থকাটো প্ৰগতিশীল দৃষ্টিভংগীৰে গ্ৰহণযোগ্য নহয়। তদুপৰি ই সামগ্ৰিক উন্নয়নৰো পৰিপন্থী।  
   ব্ৰিটিছ চৰকাৰে অসমৰ জনগোষ্ঠীসমূহৰ মা্জত যি বিভাজন ঘটাইছিল তাৰ ফলস্বৰূপে তথাকথিত উচ্চ বৰ্ণহিন্দু লোকসকলে জনজাতীয় বা তথাকথিত নিম্ন বৰ্ণৰ লোকসকলক অৱহেলা কৰাৰ ফলতো অসমত গোষ্ঠী পৰিচয়ৰ সমস্যা সৃষ্টি হৈছে। উচ্চ বৰ্ণ হিন্দুসকলে জনজাতীয় লোকসকলক কেতিয়াও সন্মানৰ চকুৰে চোৱা নাছিল। এই সমস্যাটো বৰ্তমান কমিছে যদিও অসমৰ জনজাতিসকলে ইমান বছৰে যি অৱহেলাৰ অভিজ্ঞতা লাভ কৰি আহিছে, সেয়া ভৱিষ্যতে নহ’ব বুলি বিশ্বাসত ল’ব পৰা পৰিস্থিতিৰ অভাৱ পৰিলক্ষিত হৈছে। প্ৰগতিশীল দৃষ্টিভংগীৰে ইয়াৰ সমাধান হ’ল-উচ্চ বৰ্ণ বা নিম্ন বৰ্ণৰ দৰে সংকীৰ্ণ মনোভাৱ সম্পূৰ্ণভাৱে পৰিহাৰ কৰিব লাগে। এইবোৰ ধৰি থাকিলে কাৰো বিশেষ লাভ নহয়। যদি উচ্চ-নিম্ন বিভেদ থাকিবই লাগে, মানৱীয় গুণৰ ওপৰত ভিত্তি কৰিহে মানুহক ভেদ কৰিব লাগে। তথাকথিত উচ্চ বৰ্ণৰ ব্যক্তি, অথচ চিন্তাচৰ্চা অতি নিম্ন পৰ্যায়ৰ, প্ৰগতিশীল সমাজত তেনে ব্যক্তিৰ স্থান একেবাৰে তলত।
   তথাকথিত কিছুমান অসমীয়াই অসমৰ শাসন ক্ষমতা অধিকাৰ কৰাৰ পাছত সৰু সৰু জনগোষ্ঠীসমূহক কৌশলেৰে অসমীয়ালৈ ‘জাহ যোৱা’ৰ (Assimilation) নীতি প্ৰয়োগ কৰিবলৈ বিচৰাৰ ফলস্বৰূপেও অসমত গোষ্ঠী পৰিচয় সমস্যাৰ উদ্ভৱ হৈছে। বুজিবলৈ সহজ যে অমসৰ বিভিন্ন জনগোষ্ঠীসমূহৰ প্ৰতিটোৰে ভাষা সংস্কৃতি সুকীয়া। শেহতীয়াকৈ ‘জাহ যোৱা’ৰ ধাৰণা এফলীয়াকৈ ৰাখি ‘একাত্মীকৰণ’ (Integration) কৰিবলৈ প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হৈছে, য’ত ‘জাহ যোৱা’ৰ ধাৰণাৰ দৰে ‘ভাষান্তৰ বা ধৰ্মান্তৰ জৰুৰী নহয়’। কিন্তু, জনজাতীয় লোকসকলৰ মাজতে গঢ়ি উঠা কিছুমান মধ্যবিত্ত শ্ৰেণীৰ স্বাৰ্থৰ বাবে ‘একাত্মীকৰণ’ সম্ভৱ হৈ উঠা নাই। ‘নিজৰটোহে ভাল, বাকীবোৰ বেয়া’-এনে ধৰণৰ দৃষ্টিভংগী প্ৰগতিশীল সমাজত নাথাকে। তদুপৰি, কাৰোবাক নিজৰফালীয়া কৰিবলৈ উৎসাহ কৰাৰ প্ৰবৃত্তি প্ৰগতিশীল সমাজে সমৰ্থন নকৰে (ৰাজনৈতিক দলৰ কথা সুকীয়া)। আনৰ ভাষা, কৃষ্টি, সংস্কৃতিৰ প্ৰতিও সমানে সন্মান প্ৰদৰ্শন কৰিব পৰাটোহে প্ৰগতিশীল সমাজৰ বাবে গ্ৰহণযোগ্য। একে সময়তে জনজাতীয় লোকসকলৰ যিসকলে ব্যক্তি স্বাৰ্থৰ বাবে ‘একাত্মীকৰণ’ৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দি আহিছে তেওঁলোকৰ বিৰূদ্ধ জনমত গঠন কৰিব পাৰিলে এই সমস্যাৰ সমাধান আশা কৰিব পাৰি।  
    ভূমি নিৰাপত্তাৰ অভাৱ অসমত গোষ্ঠী পৰিচয় সমস্যা উদ্ভৱৰ আন এটা কাৰণ। স্বাধীনতাৰ আগেয়ে ভূমিস্বত্ত্বৰ নিৰাপত্তাই আছিল সদৌ অসম জনজাতি সংঘৰ মূল দাবী। চৰকাৰে আজিলৈকে জনজাতীয় লোকসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰিব পৰা নাই যেতিয়া জনজাতীয় লোকসকলে ধাৰণা কৰি লৈছে যে অজনজাতীয় লোকেৰে গঠিত চৰকাৰসমূহে ভৱিষ্যতেও যে তেওঁলোকক নিৰাপত্তা দিব পাৰিব তাৰ কোনো আশা নাই। সেয়েহে সাংবিধানিক নীতিৰ ভিত্তিত জনজাতীয় লোকসকলে নিজে নিজৰ ভূমিৰ নিৰাপত্তা ল’বলৈ সংকল্পবদ্ধ হৈছে। এই ক্ষেত্ৰত জোৰ দিব লগা বাস্তৱ প্ৰসংগটো হ’ল-সাংবিধানিকভাৱে জনজাতীয় লোকসকলৰ বাবে ভূমিৰ যি ব্যৱস্থা ৰখা হৈছে তাৰ সঠিক ৰূপায়ণ হ’বই লাগিব। দিছপুৰত যি দলেই চৰকাৰ গঠন নকৰক, তেওঁলোক সংবিধানৰ বিধি অনুযায়ী জনজাতীয় লোকসকলৰ ভূমিৰ নিৰাপত্তা প্ৰদান কৰিবলৈ বাধ্য। প্ৰয়োজন হ’লে ভূমি সম্পৰ্কীয় আইনৰ সংশোধন কৰিও তেওঁলোকৰ ভূমিৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিলে ভূমি সম্পৰ্কে থকা সমস্যা অন্ত পৰিব। অৱশ্যে, লক্ষ্য ৰখা দৰকাৰ যাতে জনজাতীয় লোকসকলৰ ভূমিৰ নিৰাপত্তা প্ৰদানে আন জনগোষ্ঠীৰ লোকসকলৰ ভূমিৰ অধিকাৰ খৰ্ব নহয়।
    প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাই অসমত অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিব পৰা নাই। অসমৰ প্ৰতিজন অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি তেওঁলোকক অসমৰ পৰা বহিস্কাৰ কৰা আৰু নতুন অবৈধ অনুপ্ৰৱেশ ৰোধ কৰা অতি আৱশ্যক। বিষয়টোৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন জনজাতীয় সংগঠনসমূহে দীৰ্ঘদিন ধৰি মাত মাতি আহিছে যদিও চৰকাৰৰ ফালৰ পৰা আশানুৰূপ সঁহাৰি লাভ কৰা নাই। এই কাম কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে সমাপন কৰিব লাগিছিল যদিও ভোট বেংকৰ ৰাজনীতিৰ প্ৰতি লক্ষ্য ৰাখি সমাপন নকৰাৰহে প্ৰৱণতা দেখা গৈছে। নিজৰ জন্মস্থানতে সংখ্যালঘিষ্ঠ হোৱাৰ শংকাত নিজে নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ বিচৰাৰ ফলতে অসমত গোষ্ঠী পৰিচয়ৰ সমস্যাই দেখা দিছে। মানৱীয়তাৰ খাতিৰত অবৈধ অনুপ্ৰৱেশকাৰীসকলো মানুহ। তেওঁলোকৰো মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ আছে। কিন্তু সমান্তৰালভাৱে এইটোও শুদ্ধ যে যি কাৰণত অসমত নিজৰ মাজতে গোষ্ঠী পৰিচয়ৰ সমস্যাৰ সৃষ্টি হৈছে তাৰ সমধান কৰিবই লাগিব। এই ক্ষেত্ৰত চৰকাৰৰ কাৰ্যদক্ষতাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰা হয়। অতিকৈ প্ৰয়োজনীয় ‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ’ উন্নিতকৰণৰ কাম সমাপন কৰিব পাৰিলে এই সমস্যাৰ সমাধান পাব পৰাটো স্পষ্ট। পিছে চৰকাৰে এই কাম কৰিব পৰা নাই কিয়? নে কৰিবলৈ প্ৰয়াস কৰা নাই? গতিকে, চৰকাৰে প্ৰথমে তেওঁলোকৰ দায়িত্ব পালন কৰক। তাৰ পাছতো যদি এই সমস্যাৰ সমাধান নহয়, বিকল্প নিশ্চয় ওলাব।
    জনজাতিসকলৰ মাজত মধ্যবিত্ত শ্ৰেণীৰ উদ্ভৱ অসমত গোষ্ঠী পৰিচয় সমস্যা জাগ্ৰত হোৱাৰ আন এটা উল্লেখযোগ্য কাৰণ। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত একতাৰ এনাজৰীৰে বন্ধাৰ প্ৰয়াসেৰে নতুন চৰকাৰে ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচীৰ সৃষ্টি কৰিলে আৰু সেই ব্যৱস্থাত উল্লিখিত জিলা/আঞ্চলিক পৰিষদ গঠন কৰি স্বায়ত্ব শাসন ব্যৱস্থাৰ প্ৰচলন কৰিলে। বাস্তৱ প্ৰসংগ হ’ল-ষষ্ঠ অনুসূচী আৰু তাৰ আধাৰত প্ৰদান কৰা স্বায়ত্ব শাসন ব্যৱস্থা জনজাতীয়সকলৰ স্ব-শাসন আৰ্হিতকৈ সম্পূৰ্ণ বেলেগ হৈছে। স্বায়ত্ব শাসিত পৰিষদসমূহ অসমৰ জনজাতীয়সকলৰ মাজত এক সম্ভ্ৰান্ত শ্ৰেণী গঢ়ি তোলাতহে অৰিহনা যোগাইছে আৰু এই সম্ভ্ৰান্ত শ্ৰেণীটোক জনজাতীয় জীৱন আৰ্হিৰ পৰা সম্পৃৰ্ণ পৃথক এক নতুন জীৱন-যাপন প্ৰণালী তথা চিন্তা-চেতনাৰ আবেষ্টনীত বন্দী কৰি ৰাখিছে অকল সেয়াই নহয়। নতুনকৈ নেতৃত্বৰ সোৱাদ পোৱা মধ্যবিত্ত জনজাতীয় নেতাসকলে এই ব্যৱস্থাত সন্তুষ্ট থাকিব নোৱাৰি অধিক স্বতন্ত্ৰতাৰ মানসেৰে পৃথক ৰাজ্য গঠনৰ দাবী উত্থাপন কৰি গোষ্ঠী পৰিচয়ৰ সমস্যাকে নিজৰ স্বাৰ্থৰ আহিলা হিচাপে ব্যৱহাৰ কৰি এই সমস্যা বৃদ্ধিহে কৰিলে। উত্তৰ আধুনিক যুগত এইদৰে আৰু কিমান দিনলৈ তেওঁলোকক সুবিধা দি থকা হ’ব?
   মুঠ কথা, ৰাজ্যখনৰ গোষ্ঠী পৰিচয় সমস্যা সম্পৰ্কে কেৱল কেইজনমান মানুহৰ মগজুৰ ওপৰতে এৰি দিব নালাগে, যিটো অসমত আজি কেইবা দশকৰ পৰা দেখা গৈছে। সঁচা মিছাৰ প্ৰতি সম্পূৰ্ণ উদাসীন হৈ আৱেগকে অগ্ৰাধিকাৰ দি যিকোনো বিষয়ত সমৰ্থন কৰাৰ পৰা বিৰত থাকি, যিটো বিষয় সত্য আৰু বাস্তৱ তাকেহে সমৰ্থন কৰাৰ সময় আহি পৰিছে। সকলোৱে মনত ৰখা দৰকাৰ যে প্ৰগতিশীল সমাজত গোষ্ঠীগত পৰিচয়ে মানুহ এজনৰ একমাত্ৰ পৰিচয় নহয়।

তথ্যসূত্ৰ      



মহন্ত, প্ৰফুল্ল (২০১৪): ‘অজনজাতি অসমীয়াৰ মাতব্বৰী: ‘বড়োলেণ্ড পৰিহাৰ কৰক’, আমাৰ অসম, ১৭ অক্টোবৰ, পৃষ্ঠা: ৪।   
বৰ্মন, শিৱনাথ (২০১৩): অসমৰ জনজাতি সমস্যা: এক ঐতিহাসিক সন্ধান, (বনলতা সংস্কৰণ), পৃষ্ঠা: ৪৬। 
দেউৰী, ইন্দিবৰ (২০০৭): ‘অসম আন্দোলন আৰু জনগোষ্ঠীয় প্ৰশ্ন’, ড° হীৰেন গোহাঁই আৰু ড° দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, ২য় সংস্কৰণ, বনলতা, পৃষ্ঠা:২৮৪-২৯৮।
জানা, জ্যোতিৰ্ময় (২০০৭): ‘আন্দোলন আৰু মতান্তৰ’, ড° হীৰেন গোহাঁই আৰু ড° দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, ২য় সংস্কৰণ, বনলতা, পৃষ্ঠা:১৫২-১৯৯।
গোহাঁই, হীৰেন (২০১৩): ‘অসমৰ জনগোষ্ঠীয় সমস্যা (৩)’, গৰীয়সী, মাৰ্চ, বছৰ ২০, সংখ্যা ৬, পৃষ্ঠা: ১৬-২০।
ৰাভা, বিপুল কুমাৰ (২০১২): ‘অসমত গোষ্ঠী সংঘৰ্ষ সম্পৰ্কে’, প্ৰান্তিক, বছৰ ৩১, সংখ্যা ১৮, পৃষ্ঠা: ১৩।
দত্ত, অখিল ৰঞ্জন (২০১১): ‘উত্তৰ-পূৱ ভাৰতৰ ‘জন-নিৰাপত্তা’ ৰাষ্ট্ৰ, নাগৰিক সমাজ আৰু গণ-আন্দোলনৰ ভূমিকা’, নতুন পদাতিক, মাৰ্চ, পৃষ্ঠা:১৪-২৪।
Misra, Udayan (1983): ‘Rise of Naga Nationalism’ in B. Dutta Ray (ed) The Emergence and the Role of Middle Class in North East India, (New Delhi: Uppal Publishing House).

[প্ৰকাশিত, 'প্ৰান্তিক', ১৬-৩১ জুলাই, ২০১৭]

Tuesday 20 June 2017

প্ৰসংগ: ‘মাতৃভাষাৰ প্ৰতি অনীহা কিয়?’

যোৱা ২৯ মে’ তাৰিখে ‘নিয়মীয়া বাৰ্তা’ত প্ৰকাশিত তৰণী কলিতাৰ ‘মাতৃভাষাৰ প্ৰতি অনীহা কিয়?’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ মন্তব্য আগবঢ়োৱাৰ লোভ সামৰিব নোৱাৰিলোঁ। কলিতাৰ লেখাটো বিশেষকৈ অসম আৰু অসমীয়া ভাষাৰ প্ৰসংগতে আলোচনা কৰা হৈছে বাবে আমাৰ মন্তব্যখিনিও এই পৰিধিৰ ভিতৰতে ৰাখিবলৈ বিচাৰিছোঁ। কলিতাই ঠিকেই ধৰিছে যে অসমত আজি মাতৃভাষাৰ প্ৰতি অনীহাৰ পৰিবেশ বিৰাজ কৰিছে। আমি অসমৰ মানুহবোৰে (সকলো নহয়) আমাৰ নিজৰে নিৰ্ভৰযোগ্য সামগ্ৰী আৰু সেৱা থকা সত্বেও যিকোনো আমদানীকৃত সামগ্ৰী আৰু সেৱাৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰোঁ। আচলতে, আমি অতি সহজে মানসিকভাবে শোষিত (Psychologically Exploited)  হৈ যাওঁ। অসমীয়া ভাষাটোও ইয়াৰ ব্যতিক্ৰম নহয়। এনে এটা ধাৰণা গঢ়ি উঠিছে যে কোনো এজন ব্যক্তিয়ে কথা প্ৰসংগত অসমীয়া ভাষাৰ শব্দ বিচাৰি নাপালে সংশ্লিষ্ট ব্যক্তিজনৰ সামাজিক মৰ্যাদা অলপ হ’লেও উচ্চ। অৱশ্যে, এই ধাৰণা লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে-এয়া এক শুভ লক্ষণ।
সমগ্ৰ পৃথিৱীতে বজাৰ ব্যৱস্থা প্ৰচলন হোৱাৰ পাছত স্থানীয় ভাষাবিলাক সংকটত পৰিবলৈ ধৰিছে। একে সময়তে উত্তৰ আধুনিকতাবাদৰ-নিৰ্দিষ্ট দিশবিহীন সামাজিক পৰিস্থিতিয়ে সকলোকে অক্টোপাছৰ দৰে মেৰিয়াই ধৰিছে। ভাষাৰ ক্ষেত্ৰত নিৰ্দিষ্ট দিশবিহীন পৰিস্থিতিত অসমৰ মানুহে ইংৰাজী ভাষাৰ সহায়তে আগবাঢ়ি যোৱাৰ বাট দেখা পাইছে। অৱশ্যে, এইটো ঠিক যে সমগ্ৰিকভাবে পৃথিৱীত আন ভাষাৰ তুলনাত ইংৰাজী ভাষাৰ প্ৰভাৱ কিছু হ’লেও বেছি আছে। সেইদৰে ভাৰতবৰ্ষত হিন্দী ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাতকৈ বেছি। গতিকে এই দুটা ভাষাৰ প্ৰতি অসমৰ মানুহবিলাক আগ্ৰহী হৈ উঠাটোৱেই স্বাভাৱিক। দুখৰ কথাটো হ’ল-ইয়াতেই মাতৃভাষাৰ প্ৰতি অনীহা সম্পৰ্কীয় সমস্যাটোৰ উদ্ভৱ হৈছে। বজাৰত বেছিকৈ প্ৰভাৱ বিস্তাৰ কৰা ভাষাবিলাক সঘনে ব্যৱহাৰ কৰি থকাৰ ফলত নিজৰ মাতৃভাষাটোৰ প্ৰতি স্বাভাৱিকতে অনীহাৰ ভাব আহে। কিন্তু, সকলোৱে বুজি উঠা উচিত যে বজাৰত বেছিকৈ প্ৰভাৱ বিস্তাৰ কৰা ভাষাবিলাকত দক্ষতা থকাৰ উপৰিও নিজৰ মাতৃভাষাত দখল থাকিলে কোনো ক্ষতি নহয়। বৰঞ্চ ভাষাৰ ক্ষেত্ৰত সংশ্লিষ্ট ব্যক্তিজন অধিক সবলহে হৈ উঠে।



[প্ৰকাশিত, ১৭ জুন ২০১৭, ‘নিয়মীয়া বাৰ্তা’]

‘সামগ্ৰী আৰু সেৱা কৰ’ ব্যৱস্থাৰ সীমাবদ্ধতা

যোৱা ১২ জুন তাৰিখে ‘আমাৰ অসম’ কাকতত প্ৰকাশিত ৰূপম গোস্বামীৰ ‘জি এছ টি: দেশৰ নতুন কৰ ব্যৱস্থাৰ এক চমু অৱলোকন’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ মন্তব্য আগবঢ়োৱাৰ লোভ সামৰিব নোৱাৰিলোঁ। যিকোনো এটা নতুন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিলে ব্যৱস্থাটোৰ সীমাবদ্ধতাখিনি আলোচনাৰ বাহিৰত ৰাখিলে ব্যৱস্থাটোৰ বিষয়ে সম্পূৰ্ণকৈ বুজি উঠা নাযায়। গোস্বামীৰ লেখাটোৰ সীমাবদ্ধতাও তাতেই। কোনো সন্দেহ নাই যে ‘সামগ্ৰী আৰু সেৱা কৰ’ (Goods and Services Tax, চমুকৈ GST) ব্যৱস্থা সঠিকভাবে প্ৰৱৰ্তন কৰিব পাৰিলে কৰ সম্পৰ্কীয় দক্ষতা বৃদ্ধি পাব আৰু দেশখনৰ কৰৰ পৰা সংগৃহিত ৰাজহৰ পৰিমান বৃদ্ধি পোৱাৰ লগতে অৰ্থনৈতিক উন্নয়নৰ হাৰ দ্ৰুতগতিত বাঢ়িব। তদুপৰি, ‘সংযুক্ত সামগ্ৰী আৰু সেৱা কৰ’ (Integrated Goods and Services Tax, চমুকৈ IGST) ব্যৱস্থাৰ ভিত্তিত উপাদান কৰ জমা (Input Credit) ব্যৱস্থাৰ দ্বাৰা বিত্তীয় ক্ষেত্ৰত ভাৰতত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ইতিবাচক উত্তৰণ ঘটিব। কিন্তু, এই নতুন কৰ ব্যৱস্থাটো সমালোচনাৰ বাহিৰত নহয়।
প্ৰথমে, সামগ্ৰী আৰু সেৱা কৰ পৰিষদে ( GST Council) এতিয়ালৈকে আগবঢ়োৱা পৰামৰ্শ অনুসৰি বৃহৎ সংখ্যক পেট্ৰল আৰু পেট্ৰলজাত সামগ্ৰী, সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাত অন্তৰ্ভূক্ত কৰা নহ’ব। ইফালে দেশৰ বৃহৎ সংখ্যক সামগ্ৰীৰ উৎপাদন পেট্ৰলজাত ইন্ধন ব্যৱহাৰ কৰিয়ে কৰা হয়। সৰল ভাষাত, পেট্ৰলজাত সামগ্ৰীসমূহৰ ওপৰত ‘কৰৰ ওপৰত কৰ’ (Tax on Tax) আৰোপ কৰাৰ ব্যৱস্থাই অব্যাহত থাকিব। গতিকে, পেট্ৰলজাত ইন্ধন ব্যৱহাৰ কৰি উৎপাদন কৰা সামগ্ৰীসমূহৰ দামৰ কোনো পৰিবৰ্তন নোহোৱাৰ ফলত উপভোক্তাৰ ওপৰত আৰোপ কৰা কৰভাৰ (Tax Incidence) একেই থাকিব। দ্বিতীয়তে, কৰৰ ভিত্তিত ভাৰতত বিত্তীয় দিশত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যেৰে সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাৰে সমগ্ৰ ভাৰতবৰ্ষতে একে হাৰত কৰ আৰোপ কৰিব বিচৰা হৈছে। কিন্তু, কেৱল কৰৰ হাৰ সমান হ’লেই কৰৰ ভিত্তিত বিত্তীয় দিশত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা শক্তিশালী হৈ নুঠিবও পাৰে যদিহে ৰাজ্য বিশেষে উদ্যোগিক আৰু বাণিজ্যিক নীতিবিলাক বেলেগ বেলেগ হয়। উদ্যোগিক আৰু বাণিজ্যিক নীতিৰ বিভিন্নতাৰ ফলত আদান-প্ৰদান ব্যয়ৰ পৰিমানো ভিন ভিন হ’ব। তৃতীয়তে, সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ফলত যিবিলাক ৰাজ্য বিত্তীয়ভাবে লোকচানৰ সম্মুখিন হ’ব, সেই ক্ষতিপূৰণ পাচঁ বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে সম্পন্ন কৰাৰ কথা বিধেয়কখনত কোৱা হৈছে। কোনো এখন ৰাজ্যই নিজেই প্ৰত্যক্ষভাবে সংগ্ৰহ কৰিব পৰা ৰাজহখিনি এই ব্যৱস্থাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলৈ হাত পাতিবলগীয়া হোৱা পৰিস্থিতিয়ে সংশ্লিষ্ট ৰাজ্যখনৰ বিত্তীয় স্বাধীনতা কিছু হ’লেও হ্ৰাস পোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
অৱশ্যে, এটা কথা ঠিক যে এই কৰ ব্যৱস্থাটোৰ সীমাবদ্ধতাৰ তুলনাত সুবিধাই বেছি হ’ব।    


[প্ৰকাশিত, ১৫ জুন ২০১৭, ‘আমাৰ অসম’]

Monday 29 May 2017

প্ৰসংগ: ‘উন্নত শিক্ষা ধনিক শ্ৰেণীৰ বিশেষাধিকাৰ নহয়’

যোৱা ১৯ মে’ তাৰিখে ‘আমাৰ অসম’ কাকতত প্ৰকাশিত দেৱৰঞ্জন বৰঠাকুৰৰ ‘উন্নত শিক্ষা ধনিক শ্ৰেণীৰ বিশেষাধিকাৰ নহয়’ শীৰ্ষক লেখাটো পঢ়িলোঁ। বৰঠাকুৰে ঠিকেই চিনাক্ত কৰিছে যে বিলাসী ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰেও সামাজিক বৈষম্য অনাত গুৰুত্বপূৰ্ণ ভুমিকা লৈছে। অৱশ্যে, ব্যক্তিগত খণ্ডৰ শিক্ষা মানেই যে উন্নত শিক্ষা সেয়া এশ শতাংশ শুদ্ধ নহয়। ব্যতিক্ৰমক বাদ দি ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকৰ মূল উদ্দেশ্য ব্যৱসায় কৰা, যাৰ অভিপ্ৰায় মুনাফা আৰ্জন কৰা। ভাৰতৰ মানুহে এইবোৰ কথা নজনাও নহয়। চিন্তা কৰিবলগীয়া কথাটো হ’ল-‘অধিক খৰছ কৰিলেহে উন্নত তথা ভাল শিক্ষা পোৱা যায়’ বুলি যি ধাৰণা প্ৰচলিত হৈছে সেয়া ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। এই প্ৰৱণতা-কাৰোবাৰ বাবে অনুকৰণ, আন কাৰোবাৰ বাবে বাধ্যবাধকতা।  
বুৰঞ্জীয়ে ঢুকি পোৱা দিনৰে পৰা আমাৰ দেশৰ মানুহবিলাক সমূহীয়া (Collective) জীৱন ধাৰাৰ সৈতে সাঙৰ খাই আহিছে। এয়া হ’ল আমাৰ দেশৰ নিজস্ব ঠাঁচ (যাক ইংৰাজীত Collective Framework বুলি কোৱা হয়) এই ঠাঁচত অৰ্থনীতি, শিক্ষা আদিৰ দৰে বিষয়বোৰ তুলনামূলকভাবে ব্যক্তিগত ব্যৱস্থাতকৈ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ ব্যৱস্থাহে ভালকৈ খাপ খায়। কাৰণ, ব্যক্তিগত ঠাঁচ (Individual Framework), ব্যক্তিবাদী (Individualism)  ব্যৱস্থাৰ বাবেহে উপযোগী। শিক্ষাকে ধৰি অৰ্থনীতি, সংস্কৃতি আদি প্ৰায়বোৰ ক্ষেত্ৰতে আমাৰ দেশখন উভয় সংকট পৰিস্থিতিৰে গতি কৰিবলগীয়া হৈ আছে। দেশখনত নতুন অৰ্থনৈতিক নীতি প্ৰচলন কৰাৰ আগতে শিক্ষা ব্যৱস্থাটো ৰাষ্ট্ৰৰ হাতত আছিল (ব্যক্তিগত খণ্ড আছিল যদিও ৰাষ্ট্ৰীয় ব্যৱস্থাৰ ওপৰত প্ৰভাৱ পেলাব পৰা নাছিল)। কিন্তু পাছলৈ শিক্ষা ব্যৱস্থাটোত দ্ৰুতগতিত ব্যক্তিগত খণ্ড সোমাবলৈ ধৰিলে। ফলত শিক্ষাৰ ক্ষেত্ৰত আমাৰ দেশখনৰ জনসাধাৰণ উভয় সংকটত পৰিল। অৰ্থাৎ, আমাৰ সমস্যাটো হ’ল-আমি ব্যক্তিগত ঠাচটো গ্ৰহণ কৰিব বিচাৰোঁ, অথচ আমাৰ জীৱন ধাৰণৰ ভেটিটো সমূহীয়া হোৱাৰ বাবে এই নতুন ঠাঁচটোৰ সৈতে সম্পূৰ্ণকৈ খাপ খাব নোৱাৰোঁ। কাৰণ, এই নতুন ঠাঁচটোৰ সৈতে খাপ খাব পৰাকৈ ব্যক্তিবাদী জীৱনধাৰা সম্পৰ্কে আমি অভিজ্ঞ হৈ উঠিব পৰা নাই।
ব্যক্তিবাদী ভাবধাৰা প্ৰচলিত দেশবিলাকত ব্যক্তিগত খণ্ডই দুখীয়া শ্ৰেণীৰ ল’ৰা-ছোৱালীক বৰঠাকুৰে কোৱা ধৰণৰ ‘উন্নত’ শিক্ষা প্ৰদান কৰা দেখা যায় আমাৰ দেশতো কিছুমান ব্যক্তিগত প্ৰতিষ্ঠান বা ধৰ্মীয় সংগঠনে এনে পদক্ষেপ গ্ৰহণ কৰিছে (‘Trickle-down’ তত্ত্ব) যদিও বিশাল দেশখনৰ দুখীয়া শ্ৰেণীৰ সকলো ল’ৰা-ছোৱালীকে সামৰি ল’ব পৰাকৈ সাজু হৈ উঠা নাই। 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৯ মে’ ২০১৭]