Wednesday 28 June 2023

অৰ্থনৈতিক অসমতাৰ সমস্যা

         সাধাৰণতে দেশ এখনৰ মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ বৃদ্ধি হ’লে সংশ্লিষ্ট দেশখনৰ উন্নয়ন হৈছে বুলি বুজা যায় । কিন্তু, উন্নয়নৰ এই জোখ তেনেই সংকীৰ্ণ ।  অৰ্থনীতিত ইয়াক বৃদ্ধি বুলি কোৱা হয়, উন্নয়ন নহয় । সম্পদ আৰু আয়ৰ সমবিতৰণ আৰু লিংগ নিৰ্বিশেষে সমান মজুৰি প্ৰদান নকৰিলে দেশৰ উন্নয়ন সম্পূ্ৰ্ণ নহয় । স্বাধীনতাৰ পিছত প্ৰথম অৱস্থাত ভাৰতৰ চৰকাৰে দেশখনৰ অৰ্থনৈতিক বৃদ্ধিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল । দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্যৰ ভিত্তিত চৰকাৰে বৃহৎ উদ্যোগ স্থাপন কৰি সেই উদ্দেশ্যত উপনিত হ’বলৈ চেষ্টা চলাইছিল ।  বৃহৎ উদ্যোগৰ ওপৰত অগ্ৰাধিকাৰ দিয়াৰ পিছত কৃষিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছিল (কৃষি বিপ্লৱৰ জৰিয়তে) । দৰিদ্ৰতা দূৰীকৰণক এটা মূল লক্ষ্য হিচাপে লৈ অৰ্থনৈতিক অসমতা হ্ৰাসৰ উদ্দেশ্যে চৰকাৰে পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰাহে গুৰুত্ব প্ৰদান কৰিছিল ।  ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰৰ পিছত চৰকাৰৰ অৰ্থনৈতিক অসমতা হ্ৰাস কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা নীতিৰ পৰিৱৰ্তন ঘটিছে । চৰকাৰে প্ৰত্যক্ষভাবে অৰ্থনৈতিক অসমতা হ্ৰাস কৰাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডক ক্ৰমবৰ্ধমান হাৰত সুবিধা প্ৰদান কৰি ব্যক্তিগত খণ্ডৰ মাধ্যমেৰে নিয়োগ বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আহিছে । ‘নিগৰি পৰা’  (Trickle Down) নীতি প্ৰয়োগেৰে জনসাধাৰণৰ আয় বৃদ্ধি কৰি অৰ্থনৈতিক অসমতা হ্ৰাস কৰিব বিচৰা হৈছে । ড° মনমোহন সিঙৰ চৰকাৰৰ কাৰ্যকালত ‘সকলোকে সামৰি লোৱা বৃদ্ধি’  (Inclusive Growth) শ্ল’গানেৰে আৰু ২০১৪ চনৰ পৰা বৰ্তমানলৈকে শাসনত থকা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ‘সবকে সাথ, সবকা বিকাশ’ (পিছলৈ আৰু দুটা শব্দ-‘সবকা বিশ্বাস’ লগাই দিয়া হৈছে) শ্ল’গানেৰে অৰ্থনৈতিক অসমতা হ্ৰাস কৰিবলৈ চেষ্টা চলাই আহিছে । এই নীতিসমূহ প্ৰয়োগ কৰাৰ ফলত ভাৰতে স্বাধীনতা লাভ কৰাৰ পয়সত্তৰ বছৰৰ পিছত দেশখনৰ অৰ্থনৈতিক অসমতাৰ ছবিখন কেনেকুৱা হৈছে, সেই সম্পৰ্কে এই প্ৰবন্ধটোত আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে ।

প্ৰথমে সম্পত্তিৰ ক্ষেত্ৰত থকা অসমতাৰ ছবিখন চোৱা যাওক । ৰাষ্ট্ৰসংঘ উন্নয়ন কাৰ্যসূচী (United Nations Development Programme) এ প্ৰকাশ কৰা বিশ্ব অসমতা প্ৰতিবেদন ২০২২ (World Inequality Report 2022) অনুসৰি, বিশ্বৰ শীৰ্ষ ১ শতাংশ, ১০ শতাংশ আৰু মধ্য ৪০ শতাংশ লোকৰ হাতত গড় হিচাপে ক্ৰমে ২৮ শতাংশ, ৭৬ শতাংশ  আৰু ২০ শতাংশ সম্পত্তিৰ মালিকীস্বত্ত্ব আছে । তলৰ ৫০ শতাংশ লোকৰ সম্পত্তিৰ মালিকীস্বত্ত্ব প্ৰায় নায়েই (মাত্ৰ ২ শতাংশ) ।  ১৯৯০ চনৰ পিছত ভাৰতৰ শীৰ্ষ ১ শতাংশ আৰু ১০ শতাংশ লোকৰ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব তাৎপৰ্যপূৰ্ণভাবে বৃদ্ধি পাইছে । ১৯৬১-১৯৭০ৰ সময়ছোৱাত ভাৰতৰ শীৰ্ষ ১ শতাংশ লোকৰ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব আছিল ১১.৮৭ শতাংশ । ২০১১-২০২২ৰ সময়ছোৱাত এই পৰিসংখ্যা ৩১.৫৫ শতাংশ হৈছে । ১৯৬১-১৯৭০ৰ সময়ছোৱাত শীৰ্ষ ১০ শতাংশ লোকৰ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব আছিল ৪৩.১৮ শতাংশ । ২০১১-২০২০ ৰ সময়ছোৱাত এই পৰিসংখ্যা ৬৩.৬৮ শতাংশ হৈছে । কিন্তু, একে সময়ছোৱাত তলৰ ৫০ শতাংশ লোকৰ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব আধা হ্ৰাস পাইছে । ১৯৬১-১৯৭০ৰ সময়ছোৱাত তলৰ ৫০ শতাংশ লোকৰ সম্পত্তিৰ গড় মালিকীস্বত্ব আছিল ১২.২৯ শতাংশ । ২০১১-২০২০ৰ সময়ছোৱাত এই পৰিসংখ্যা ৬.১২ শতাংশ হৈছে টকাৰ হিচাপত ভাৰতৰ পৰিয়ালৰ গড় সম্পত্তি হ’ল ৯,৮৩,০১০ টকা । তলৰ ৫০ শতাংশ পৰিয়ালৰ গড় সম্পত্তিৰ পৰিমাণ ৬৬,২৮০ টকা । মধ্যবিত্ত পৰিয়ালৰ অৱস্থা তলৰ ৫০ শতাংশ  পৰিয়ালতকৈ অলপ ভাল যদিও শীৰ্ষ ১০ শতাংশ আৰু ১ শতাংশ পৰিয়ালৰ তুলনাত পুতৌলগা । মধ্যবিত্ত পৰিয়ালৰ গড় সম্পত্তিৰ পৰিমাণ ৭,২৯,৯৩০ টকা । শীৰ্ষ ১০ শতাংশ আৰু ১ শতাংশ পৰিয়ালৰ সম্পত্তিৰ গড় পৰিমাণ হ’ল ক্ৰমে ৬৩,৫৪,০৭০ টকা আৰু ৩,২৪,৪৯,৩৬০ টকা ।

আয়ৰ ভিত্তিত ভাৰতক এখন অতি অসমতাৰ দেশ হিচাপে চিহ্নিত কৰিব পাৰি । ব্ৰিটিছৰ শাসনকালত ভাৰতত আয়ৰ অসমতা অত্যন্ত বেছি আছিল । শীৰ্ষ ১ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ আয়ৰ অংশ ৫০ শতাংশতকৈ বেছি আছিল ।  স্বাধীনতাৰ পিছত দেশখনে সমাজবাদী আদৰ্শৰে অৰ্থনৈতিক নীতি প্ৰৱৰ্তন কৰাৰ পিছত আয়ৰ অসমতা হ্ৰাস কৰিবলৈ সক্ষম হৈছিল । কিন্তু, ১৯৯১ চনৰ পৰা বজাৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ পিছত আয়ৰ ক্ষেত্ৰত পুনৰ অসমতা বৃদ্ধি পাবলৈ ধৰিছে । ২০২২ চনৰ বিশ্ব অসমতা প্ৰতিবেদন অনুসৰি, দেশখনৰ শীৰ্ষ ১ শতাংশ আৰু ১০ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ আয়ৰ গড় অংশ হ’ল ক্ৰমে ২২ শতাংশ আৰু ৫৭ শতাংশ । তলৰ ৫০ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ অংশ মাত্ৰ ১৩ শতাংশ । মধ্য ৪০ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ আয়ৰ অংশও কম (২৯.৭ শতাংশ) । দেশ এখনৰ কিমান শতাংশ পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি আছে, সেই তথ্যৰ ভিত্তিতো সংশ্লিষ্ট দেশখনৰ আয়ৰ অসমতাৰ ছবিখন দাঙি ধৰিব পাৰি । ২০২১ চনৰ নীতি আয়োগৰ তথ্য অনুসৰি, ভাৰতত ২৫.০১ শতাংশ পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি আছে ।

            কোনো এখন দেশত একে কাম কৰাৰ বাবদ পুৰুষ আৰু মহিলা শ্ৰমিকৰ মাজত মজুৰিৰ গড় পাৰ্থক্য থাকিলে, সংশ্লিষ্ট দেশখনত অৰ্থনৈতিক অসমতা থকা বুজায় । আন্ত:ৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ (International Labour Organization) তথ্য অনুসৰি, সামগ্ৰিকভাবে পৃথিৱীৰ মহিলা শ্ৰমিকক একে কাম কৰাৰ বাবদ পুৰুষ শ্ৰমিকৰ তুলনাত গড়ে ২০ শতাংশ কমকৈ মজুৰি প্ৰদান কৰে   দেশ বিশেষে এই পাৰ্থক্য ৪৫ শতাংশতকৈয়ো বেছি চলি আছে । আন্ত:ৰাষ্ট্ৰীয় মজুৰি প্ৰতিবেদন  (Global Wage Report, 2020-21) অনুসৰি, ১৯৯৩-৯৪ চনত ভাৰতৰ মহিলা শ্ৰমিকক পুৰুষ শ্ৰমিকতকৈ ৪৮ শতাংশ কমকৈ মজুৰি প্ৰদান কৰা হৈছিল যিটো আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তকৈ বহুত বেছি । ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থাৰ (National Sample Survey Organization) ২০১৮-১৯ চনৰ তথ্য অনুসৰি দেশখনৰ মহিলা শ্ৰমিকক পুৰুষ শ্ৰমিকতকৈ ২৮ শতাংশ কমকৈ মজুৰি প্ৰদান কৰা হৈছে ।  লিংগৰ পাৰ্থক্যৰ ভিত্তিত মজুৰি প্ৰদান কৰা হয় বাবে পুৰুষৰ তুলনাত মহিলা শ্ৰমিকৰ আয়ৰ অংশও কম হয় । ভাৰতৰ মহিলা শ্ৰমিকৰ গড় আয়ৰ অংশ এছিয়াৰ মহিলাৰ শ্ৰমিকৰ আয়ৰ অংশৰ তুলনাত কম । বিশ্ব অসমতা প্ৰতিবেদন ২০২২ৰ তথ্য অনুসৰি, ভাৰতৰ মহিলা শ্ৰমিকৰ গড় আয়ৰ অংশ ১৮ শতাংশ আৰু এছিয়াৰ মহিলাৰ শ্ৰমিকৰ আয়ৰ অংশ ২১ শতাংশ । অৱশ্যে, ১৯৯০ চনৰ পৰা ভাৰতৰ মহিলাৰ শ্ৰমিকৰ গড় আয়ৰ অংশ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে । ১৯৯০ আৰু ২০০০ চনত ভাৰতৰ মহিলা শ্ৰমিকৰ গড় আয়ৰ অংশ আছিল ক্ৰমে ১০.৬ শতাংশ  আৰু ১১.৩ শতাংশ । ২০১০ আৰু ২০২০ চনত এই পৰিসংখ্যা হ’ল ক্ৰমে ১৫.৪ শতাংশ আৰু ১৮.৩ শতাংশ হৈছে । 

         চৰকাৰে অৰ্থনৈতিক অসমতা হ্ৰাস কৰিবলৈ চেষ্টা কৰি থকাৰ পিছতো  অৰ্থনৈতিক অসমতা দেশখনৰ বাবে এটা প্ৰধান সমস্যা হিচাপে চিহ্নিত হৈয়ে আছে ।  বিশেষকৈ, অৰ্থনৈতিক সংস্কাৰৰ পিছত সম্পত্তি আৰু আয়ৰ ক্ষেত্ৰত দেশখনত অসমতা ক্ৰমান্বয়ে বৃদ্ধি পাই অহাৰ বিপৰীতে একে কামৰ বাবদ পুৰুষ আৰু মহিলা শ্ৰমিকে লাভ কৰা মজুৰিৰ পাৰ্থক্য হ্ৰাস পাই আহিছে । ইয়াৰপৰা এইটোৱে বুজা যায় যে অৰ্থনৈতিক সংস্কাৰে সম্পত্তি আৰু আয়ৰ সমবিতৰণৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ বিপৰীতে লিংগ নিৰ্বিশেষে সমান মজুৰি প্ৰদানৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাইছে ।  

[প্ৰকাশিত। ‘নিয়মীয়া বাৰ্তা’, ২৮ জুন ২০২৩]