Saturday 12 August 2023

গোলকীয় উষ্ণতা বৃদ্ধিত এজন মানুহৰ অৰিহণা

            বায়ুমণ্ডলৰ ট্ৰপ’স্ফেয়াৰত পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধিকে গোলকীয় উষ্ণতা বা তাপমান বৃদ্ধি বোলা হয় । ১৯৮০ চনৰ পৰা ২০২০ চনলৈ প্ৰতি দশকত বায়ুমণ্ডলৰ গড় উষ্ণতা ০.০৮ ডিগ্ৰী ছেলছিয়াছকৈ বৃদ্ধি হৈ আছে । ২০৫০ চনত গড় উষ্ণতা প্ৰায় ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি হ’ব বুলি পূৰ্বানুমান কৰা হৈছে । অৱশ্যে, ঠাই বিশেষে উষ্ণতাৰ পৰিমাণ বেলেগ বেলেগ হ’ব । কিছুমান ঠাইত ৪ ডিগ্ৰী ছেলছিয়াছ আৰু আন কিছুমান ঠাইত ১ ডিগ্ৰী ছেলছিয়াছ  বৃদ্ধি পাব ।  ২০৫০ চনত ভাৰতত গড় উষ্ণতা ১ৰ পৰা ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পাব বুলি পূৰ্বানুমান কৰা হৈছে ।  পৃথিৱীৰ গড় উষ্ণতা প্ৰতি দশকত  ০.০৮ ডিগ্ৰী ছেলছিয়াছকৈ বৃদ্ধি পাওতে গৰমৰ প্ৰভাৱত দেশখনত প্ৰতি বছৰে ৫০ ৰ পৰা ১০০ জনতকৈ অধিক মানুহৰ মৃত্যু ঘটিছে । গড় উষ্ণতা ১ বা ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পালে দেশখনৰ কিমান মানুহৰ মৃত্যু হ’ব সেয়া সহজে অনুমান কৰিব পাৰি ।  কৃষিৰ উৎপাদন আৰু জীৱ-জন্তুৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব সেয়া বহলাই ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই ।

সূৰ্যৰ তাপশক্তি কিছুমান চুটি তৰংগ আৰু কিছুমান দীঘল তৰংগৰে বাযুমণ্ডলৰ ষ্ট্ৰাট’ছস্ফেয়াৰ আৰু অ’জন স্তৰ অতিক্ৰম কৰি পৃথিৱীলৈ আহে । ইয়াৰে পৃথিৱীবাসীৰ বাবে ক্ষতিকাৰক সূৰ্যৰ পৰা অহা চুটি তৰংগৰ তাপশক্তিৰ কিছু অংশ বায়ুমণ্ডলৰ অ’জন স্তৰত শোধন হৈ আহে । অ’জন স্তৰ অতিক্ৰম কৰি পৃথিৱীলৈ অহা তাপশক্তিৰ কিছু অংশ ভূপৃষ্ঠৰ মাটি আৰু পানীয়ে শোষণ কৰি লয় । কিছু অংশ দীঘল তৰংগৰে অ’জন স্তৰ অতিক্ৰম কৰি আকৌ বহি:বিশ্বলৈ গুচি য়ায় । পৃথিৱীৰ ভূপৃষ্ঠৰ মাটি আৰু পানীয়ে শোষণ কৰিব নোৱাৰা আৰু বহি:বিশ্বলৈ ওলাই নোযোৱা অংশ বায়ুমণ্ডলত থকা পানীৰ কণিকা, কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল’ৰফ্ৰ’ৰ কাৰ্বন আদি গেছে শোষণ কৰি লয় । সেউজগৃহ গেছ বোলা এই গেছসমূহে পৃথিৱীৰ বিকিৰিত তাপক এখন কম্বলৰ দৰে আৱদ্ধ কৰি ৰখাৰ ফলতে পৃথিৱীত ভূপৃষ্ঠৰ উষ্ণতা গড়ে ১৫ ডিগ্ৰী ছেলছিয়াছ উষ্ণ হৈ থাকে, যিটো জীৱজগতৰ বাবে অনুকূল  কিন্তু, মানুহে ব্যাপক হাৰত কয়লা, প্ৰাকৃতিক গেছ, পেট্ৰ’ল, ডিজেল আদি জ্বলোৱা, ফ্ৰীজ আৰু শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ ব্যৱহাৰ আৰু বনাঞ্চল ধংস কৰাৰ বাবে এই সেউজ গৃহ গেছসমূহৰ পৰিমাণ বৃদ্ধি পাই আহিছে ।  ফলস্বৰূপে, বায়ুমণ্ডলৰ গড় উষ্ণতা বৃদ্ধি হৈ জীৱ-জগতৰ বাবে প্ৰতিকূল পৰিৱেশ সৃষ্টি কৰি আছে  

এই গোলকীয় উষ্ণতা বৃদ্ধিত এজন মানুহৰ অৰিহণা কিমান ? এজন প্ৰাপ্তবয়স্ক মানুহৰ জীৱন-ধাৰণ প্ৰণালীৰ যোগেদি ইয়াৰ উত্তৰ পাব পাৰি । মানু্হজনে শুই উঠাৰ পিছতে টুথব্ৰাছডাল লয় । তেওঁ ব্যৱহাৰ কৰা টুথব্ৰাছডাল প্লাষ্টিকৰে তৈয়াৰী ।  তেওঁ যি টুথপেষ্ট ব্যৱহাৰ কৰিছে সেই পেষ্টখিনি ভৰাই থোৱা পেকেটটোও প্লাষ্টিকৰে বনোৱা । প্লাষ্টিকৰ টুথব্ৰাছ আৰু টুথপেষ্টৰ পেকেট উৎপাদন কৰা কাৰখানাটোলৈ মনত পেলাওক । কাৰখানাটোৱে প্লাষ্টিকৰ সামগ্ৰী উৎপাদন কৰিবলৈ কিমান জীৱাশ্ম ইন্ধন দহন কৰিবলগীয়া হৈছে । দহন কৰা জীৱাশ্ম ইন্ধনবোৰে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাইছে । তেওঁ কেৱল টুথব্ৰাছ আৰু টুথপেষ্ট ভৰোৱা পেকেটটোহে যে প্লষ্টিকৰে বনোৱা, তেনে নহয় ।  তেওঁৰ জীৱন-ধাৰণ প্ৰণালীত প্লাষ্টিকৰে বনোৱা অসংখ্য সামগ্ৰী জড়িত হৈ থাকে ।  মানুহজনৰ দৈনন্দিন কামকাজত বিজুলীৰ ব্যৱহাৰ অপৰিহাৰ্য ।  বৰ্তমানো পৃথিৱীৰ বহু দেশত কয়লা দহন কৰি বিজুলী উৎপাদন কৰা হয় । কয়লা দহনে গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে । মানুহজনে কৰ্মক্ষেত্ৰলৈ অহাযোৱা কৰোতে ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰিলে গোলকীয়া উষ্ণতা বৃদ্ধিত যিমান অৰিহণা যোগাব, ইন্ধন চালিত ব্যক্তিগত বাহনেৰে অকলে অহাযোৱা কৰিলে বেছিকৈ অৰিহণা যোগাব ।  তেওঁ ব্যৱহাৰ কৰা শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ আৰু  ফ্ৰীজে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাই থাকে । মানুহজনৰ অন্ন, বস্ত্ৰ আৰু বাসস্থানে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাই থাকে ।  

প্ৰশ্ন হ’ব পাৰে যে গোলকীয় উষ্ণতা বৃদ্ধি হ’ব বুলি মানুহে জীৱনকালত বজাৰত উপলব্ধ কোনো সামগ্ৰীয়েই উপভোগ নকৰিব নেকি ? মানুহে তেওঁৰ জীৱনকালত গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা নোযোগোৱাকৈ জীৱন-নিৰ্বাহ কৰা সম্ভৱ নহয় ।  চিন্তাৰ বিষয়টো হ’ল- উৎপাদনকাৰীয়ে নতুন নতুন সামগ্ৰী উৎপাদন কৰি প্ৰতিদিনে বজাৰত যোগান ধৰি থাকে ।  মানুহৰ মনটোৱে এটাৰ পিছত আনটো সামগ্ৰী বিচাৰিয়েই থাকে (দিল মাংগে ম’ৰ) । সামগ্ৰী উপভোগ কৰাৰ ক্ষেত্ৰত বহু মানুহে নিজৰ মনটোক নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে ।  মানুহে  নিজৰ জীৱনকালত প্ৰয়োজনাধিক সামগ্ৰী উপভোগ কৰা উচিত নহয় ।  মানুহে জীৱনকালত কিমান সামগ্ৰী উপভোগ কৰা উচিত সেয়া উপলব্ধি কৰিব নোৱাৰা বা নিবিচৰা স্বভাৱৰ বাবে দ্ৰুতগতিত প্ৰকৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিবলৈ ধৰিছে ।  

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১২ আগষ্ট ২০২৩, পৃষ্ঠা: ৭]