Saturday, 12 August 2023

গোলকীয় উষ্ণতা বৃদ্ধিত এজন মানুহৰ অৰিহণা (Contribution of an Individual in Global Warming)

            বায়ুমণ্ডলৰ ট্ৰপ’স্ফেয়াৰত পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধিকে গোলকীয় উষ্ণতা বা তাপমান বৃদ্ধি বোলা হয় । ১৯৮০ চনৰ পৰা ২০২০ চনলৈ প্ৰতি দশকত বায়ুমণ্ডলৰ গড় উষ্ণতা ০.০৮ ডিগ্ৰী ছেলছিয়াছকৈ বৃদ্ধি হৈ আছে । ২০৫০ চনত গড় উষ্ণতা প্ৰায় ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি হ’ব বুলি পূৰ্বানুমান কৰা হৈছে । অৱশ্যে, ঠাই বিশেষে উষ্ণতাৰ পৰিমাণ বেলেগ বেলেগ হ’ব । কিছুমান ঠাইত ৪ ডিগ্ৰী ছেলছিয়াছ আৰু আন কিছুমান ঠাইত ১ ডিগ্ৰী ছেলছিয়াছ  বৃদ্ধি পাব ।  ২০৫০ চনত ভাৰতত গড় উষ্ণতা ১ৰ পৰা ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পাব বুলি পূৰ্বানুমান কৰা হৈছে ।  পৃথিৱীৰ গড় উষ্ণতা প্ৰতি দশকত  ০.০৮ ডিগ্ৰী ছেলছিয়াছকৈ বৃদ্ধি পাওতে গৰমৰ প্ৰভাৱত দেশখনত প্ৰতি বছৰে ৫০ ৰ পৰা ১০০ জনতকৈ অধিক মানুহৰ মৃত্যু ঘটিছে । গড় উষ্ণতা ১ বা ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পালে দেশখনৰ কিমান মানুহৰ মৃত্যু হ’ব সেয়া সহজে অনুমান কৰিব পাৰি ।  কৃষিৰ উৎপাদন আৰু জীৱ-জন্তুৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব সেয়া বহলাই ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই ।

সূৰ্যৰ তাপশক্তি কিছুমান চুটি তৰংগ আৰু কিছুমান দীঘল তৰংগৰে বাযুমণ্ডলৰ ষ্ট্ৰাট’ছস্ফেয়াৰ আৰু অ’জন স্তৰ অতিক্ৰম কৰি পৃথিৱীলৈ আহে । ইয়াৰে পৃথিৱীবাসীৰ বাবে ক্ষতিকাৰক সূৰ্যৰ পৰা অহা চুটি তৰংগৰ তাপশক্তিৰ কিছু অংশ বায়ুমণ্ডলৰ অ’জন স্তৰত শোধন হৈ আহে । অ’জন স্তৰ অতিক্ৰম কৰি পৃথিৱীলৈ অহা তাপশক্তিৰ কিছু অংশ ভূপৃষ্ঠৰ মাটি আৰু পানীয়ে শোষণ কৰি লয় । কিছু অংশ দীঘল তৰংগৰে অ’জন স্তৰ অতিক্ৰম কৰি আকৌ বহি:বিশ্বলৈ গুচি য়ায় । পৃথিৱীৰ ভূপৃষ্ঠৰ মাটি আৰু পানীয়ে শোষণ কৰিব নোৱাৰা আৰু বহি:বিশ্বলৈ ওলাই নোযোৱা অংশ বায়ুমণ্ডলত থকা পানীৰ কণিকা, কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল’ৰ’ফ্ৰ’ৰ কাৰ্বন আদি গেছে শোষণ কৰি লয় । সেউজগৃহ গেছ বোলা এই গেছসমূহে পৃথিৱীৰ বিকিৰিত তাপক এখন কম্বলৰ দৰে আৱদ্ধ কৰি ৰখাৰ ফলতে পৃথিৱীত ভূপৃষ্ঠৰ উষ্ণতা গড়ে ১৫ ডিগ্ৰী ছেলছিয়াছ উষ্ণ হৈ থাকে, যিটো জীৱজগতৰ বাবে অনুকূল ।  কিন্তু, মানুহে ব্যাপক হাৰত কয়লা, প্ৰাকৃতিক গেছ, পেট্ৰ’ল, ডিজেল আদি জ্বলোৱা, ফ্ৰীজ আৰু শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ ব্যৱহাৰ আৰু বনাঞ্চল ধংস কৰাৰ বাবে এই সেউজ গৃহ গেছসমূহৰ পৰিমাণ বৃদ্ধি পাই আহিছে ।  ফলস্বৰূপে, বায়ুমণ্ডলৰ গড় উষ্ণতা বৃদ্ধি হৈ জীৱ-জগতৰ বাবে প্ৰতিকূল পৰিৱেশ সৃষ্টি কৰি আছে ।  

এই গোলকীয় উষ্ণতা বৃদ্ধিত এজন মানুহৰ অৰিহণা কিমান ? এজন প্ৰাপ্তবয়স্ক মানুহৰ জীৱন-ধাৰণ প্ৰণালীৰ যোগেদি ইয়াৰ উত্তৰ পাব পাৰি । মানু্হজনে শুই উঠাৰ পিছতে টুথব্ৰাছডাল লয় । তেওঁ ব্যৱহাৰ কৰা টুথব্ৰাছডাল প্লাষ্টিকৰে তৈয়াৰী ।  তেওঁ যি টুথপেষ্ট ব্যৱহাৰ কৰিছে সেই পেষ্টখিনি ভৰাই থোৱা পেকেটটোও প্লাষ্টিকৰে বনোৱা । প্লাষ্টিকৰ টুথব্ৰাছ আৰু টুথপেষ্টৰ পেকেট উৎপাদন কৰা কাৰখানাটোলৈ মনত পেলাওক । কাৰখানাটোৱে প্লাষ্টিকৰ সামগ্ৰী উৎপাদন কৰিবলৈ কিমান জীৱাশ্ম ইন্ধন দহন কৰিবলগীয়া হৈছে । দহন কৰা জীৱাশ্ম ইন্ধনবোৰে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাইছে । তেওঁ কেৱল টুথব্ৰাছ আৰু টুথপেষ্ট ভৰোৱা পেকেটটোহে যে প্লষ্টিকৰে বনোৱা, তেনে নহয় ।  তেওঁৰ জীৱন-ধাৰণ প্ৰণালীত প্লাষ্টিকৰে বনোৱা অসংখ্য সামগ্ৰী জড়িত হৈ থাকে ।  মানুহজনৰ দৈনন্দিন কামকাজত বিজুলীৰ ব্যৱহাৰ অপৰিহাৰ্য ।  বৰ্তমানো পৃথিৱীৰ বহু দেশত কয়লা দহন কৰি বিজুলী উৎপাদন কৰা হয় । কয়লা দহনে গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে । মানুহজনে কৰ্মক্ষেত্ৰলৈ অহাযোৱা কৰোতে ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰিলে গোলকীয়া উষ্ণতা বৃদ্ধিত যিমান অৰিহণা যোগাব, ইন্ধন চালিত ব্যক্তিগত বাহনেৰে অকলে অহাযোৱা কৰিলে বেছিকৈ অৰিহণা যোগাব ।  তেওঁ ব্যৱহাৰ কৰা শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ আৰু  ফ্ৰীজে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাই থাকে । মানুহজনৰ অন্ন, বস্ত্ৰ আৰু বাসস্থানে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাই থাকে ।  

প্ৰশ্ন হ’ব পাৰে যে গোলকীয় উষ্ণতা বৃদ্ধি হ’ব বুলি মানুহে জীৱনকালত বজাৰত উপলব্ধ কোনো সামগ্ৰীয়েই উপভোগ নকৰিব নেকি ? মানুহে তেওঁৰ জীৱনকালত গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা নোযোগোৱাকৈ জীৱন-নিৰ্বাহ কৰা সম্ভৱ নহয় ।  চিন্তাৰ বিষয়টো হ’ল- উৎপাদনকাৰীয়ে নতুন নতুন সামগ্ৰী উৎপাদন কৰি প্ৰতিদিনে বজাৰত যোগান ধৰি থাকে ।  মানুহৰ মনটোৱে এটাৰ পিছত আনটো সামগ্ৰী বিচাৰিয়েই থাকে (দিল মাংগে ম’ৰ) । সামগ্ৰী উপভোগ কৰাৰ ক্ষেত্ৰত বহু মানুহে নিজৰ মনটোক নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে ।  মানুহে  নিজৰ জীৱনকালত প্ৰয়োজনাধিক সামগ্ৰী উপভোগ কৰা উচিত নহয় ।  মানুহে জীৱনকালত কিমান সামগ্ৰী উপভোগ কৰা উচিত সেয়া উপলব্ধি কৰিব নোৱাৰা বা নিবিচৰা স্বভাৱৰ বাবে দ্ৰুতগতিত প্ৰকৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিবলৈ ধৰিছে ।  

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১২ আগষ্ট ২০২৩, পৃষ্ঠা: ৭]

 


No comments:

Post a Comment