Saturday 26 October 2019

সংকটৰ দিশে ভাৰতৰ অৰ্থনীতি


ভাৰত চৰকাৰৰ ‘পৰিসংখ্যা আৰু কাৰ্যক্ৰম ৰূপায়ণ মন্ত্ৰালয়’ৰ  (Ministry of Statistics and Programme Implementation) শেহতীয়া তথ্য অনুসৰি ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (Gross Domestic Product, চমুকৈ GDP) বৃদ্ধিৰ হাৰ ৫ শতাংশ।  ২০১৬-১৭ আৰু ২০১৭-১৮ বৰ্ষত এই হাৰ আছিল ক্ৰমে ৮.২ শতাংশ আৰু ৭.২ শতাংশ। মুঠ ঘৰুৱা উৎপাদনকে যদি দেশ এখনৰ অৰ্থনৈতিক উন্নয়নৰ মাপক হিচাপে ধৰা যায়, তেন্তে বুজাত অকণো অসুবিধা নাই যে ভাৰতৰ অৰ্থনৈতিক উন্নয়ন নিম্মগামী হৈছে। কিন্তু, কেৱল মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণে দেশ এখনৰ উন্নয়নৰ ছবি দাঙি ধৰিব নোৱাৰে। মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ বৃদ্ধি হৈছে অথচ নিয়োগৰ পৰিমাণ বৃদ্ধি হোৱা নাই, তেন্তে সেই বৃদ্ধিয়ে সংশ্লিষ্ট দেশখনৰ উন্নয়ন সাধন কৰিছে বুলি ক’ব নোৱাৰি। ভাৰতৰ অৰ্থনীতিৰ বৰ্তমানৰ ছবিখন হ’ল- এফালে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ হ্ৰাস পাইছে, আনফালে নিৱনুৱাৰ হাৰ বৃদ্ধি পাইছে। ‘ৰাষ্ট্ৰীয় প্ৰতিদৰ্শ সমীক্ষা সংস্থা’ৰ (National Sample Survey Organization, চমুকৈ NSSO) শেহতীয়া তথ্য অনুসৰি দেশখনৰ নিৱনুৱাৰ হাৰ ৬.১ শতাংশ, যিটো যোৱা চাৰি দশকৰ ভিতৰত আটাইতকৈ বেছি হিচাপে চিহ্নিত হৈছে। দেশখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ হ্ৰাস পোৱা আৰু একেসময়তে নিৱনুৱাৰ হাৰ বৃদ্ধি পোৱা মানে এইটোকে প্ৰতিপন্ন কৰে যে দেশখনৰ অৰ্থনৈতিক অৱস্থা সংকটৰ দিশত গতি কৰিছে। 
মুঠ ঘৰুৱা উৎপাদনৰ সিংহভাগেই ঘৰুৱা উপভোগৰ (Household Consumption) পৰা আহে। তথ্যই দেখুৱাইছে যে ভাৰতৰ ঘৰুৱা উপভোগৰ অংশ হ্ৰাস পাইছে। ২০১৬ আৰু ২০১৭ বৰ্ষত দেশখনৰ মুঠ ঘৰুৱা উৎপাদনত ঘৰুৱা উপভোগৰ অংশ আছিল ক্ৰমে ৫৯.৩৪ শতাংশ আৰু ৫৮.৯৮ শতাংশ। ২০১৮ বৰ্ষত এই অংশ আছিল ৫৯.৪৮ শতাংশ। বৰ্তমান এই অংশ হ’ল ৫৭.৭ শতাংশ। গৰিষ্ঠসংখ্যক অৰ্থনীতিবিদৰ মতে, ভাৰত চৰকাৰে ২০১৬ আৰু ২০১৭ চনত ক্ৰমে বিমুদ্ৰাকৰণ নীতি আৰু সামগ্ৰী আৰু সেৱা কৰ আইন প্ৰৱৰ্তন কৰাৰ ফলতে দেশখনৰ মুঠ ঘৰুৱা উৎপাদনত ঘৰুৱা উপভোগৰ অংশ হ্ৰাস পাইছে। বিমুদ্ৰাকৰণ আৰু সামগ্ৰী আৰু সেৱা কৰৰ সমান্তৰালকৈ এইটোও দাবী কৰিব পাৰি যে ৬.১ শতাংশ নিৱনুৱাই উপভোগ কৰাৰ পৰা বঞ্চিত হোৱাৰ ফলতো দেশখনৰ ঘৰুৱা উপভোগ হ্ৰাস পাইছে। কম মূলধনৰ বিনিযোগকাৰীসকলে ভাৰতত বিনিযোগ কৰিবলৈ সাহস নকৰা হৈছে। যিসকলে সাহস কৰিছে তেওঁলোকে দেউলীয়া হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’বলগীয়া হৈছে। এক কথাত, মুঠ ঘৰুৱা উৎপাদনৰ আন এক গুৰুত্বপূৰ্ণ উপাংশ (Component) ব্যৱসায়িক খণ্ডৰ বিনিয়োগ (Business Sector Investment) ৰ অংশও হ্ৰাস পাইছে। মুঠ ঘৰুৱা উৎপাদনত বৰ্তমান চৰকাৰী ব্যয়ৰ  (Government Expenditure, মুঠ ঘৰুৱা উৎপাদনৰ আন এক উপাংশ) অংশ ১২ শতাংশতকৈ বেছি নহয়। দেশখনৰ অৰ্থনৈতিক ব্যৱস্থা বজাৰ অৰ্থনীতি (ব্যক্তিগত খণ্ড)ৰ ফালে বেছিকৈ ঢাল খোৱাৰ ফলত চৰকাৰী ব্যয়ৰ অংশ ক্ৰমাগতভাবে হ্ৰাস পাই আহিছে। ব্যক্তিগত খণ্ডৰ মূল অভিপ্ৰায় হ’ল অত্যধিক মুনাফা আৰ্জন কৰা। বুজিবলৈ অতি সহজ যে ঘৰুৱা উপভোগ হ্ৰাস পালে ব্যক্তিগত খণ্ডৰ উৎপাদনকাৰীয়ে বিনিযোগ কৰিবলৈ উৎসাহ নাপায়। ফলত একেসময়তে মুঠ ঘৰুৱা উৎপাদনত দুই ধৰণৰ কুপ্ৰভাৱ পৰে- (১) ঘৰৱা উপভোগ হ্ৰাস পায়,  আৰু (২) ব্যক্তিগত বিনিয়োগ হ্ৰাস পায়। সম্প্ৰতি ভাৰতৰ ক্ষেত্ৰত এইটোৱেই ঘটিছে। দেশ এখনৰ ৰপ্তানিয়ে ধনাত্মক আৰু আমদানিয়ে ঋণাত্মকভাবে মুঠ ঘৰুৱা উৎপাদনৰ ওপৰত প্ৰভাৱ পেলায়। শেহতীয়া তথ্য অনুসৰি, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনত ৰপ্তানি আৰু আমদানিৰ অংশ হ’ল ক্ৰমে ১৯.১ শতাংশ আৰু ২২ শতাংশ। এই তথ্যৰ পৰা স্পষ্ট যে বৈদেশিক বাণিজ্যই দেখদেখকৈ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনত ঋণাত্মক অৰিহণা যোগাইছে। 
ব্যক্তিগত বিনিযোগকাৰীসকলক উৎসাহ প্ৰদানৰ উদ্দেশ্যে ভাৰত চৰকাৰে নিগম কৰ হ্ৰাস কৰিছে। বছৰি ৪০০ কৌটি টকাৰ ব্যৱসায়(Turn Over) সম্বলিত কোম্পানীৰ ক্ষেত্ৰত নিগম কৰ পূৰ্বৰ ৩০ শতাংশৰ পৰা হ্ৰাস কৰি বৰ্তমান ২৫ শতাংশ কৰা হৈছে। কিন্তু, তথাপিও ব্যক্তিগত বিনিযোগ বৃদ্ধি আশানুৰূপ নহ’ব, যদিহে ঘৰুৱা উপভোগ নাবাঢ়ে। বিনিযোগৰ পৰিমাণ বৃদ্ধি কৰি উৎপাদন বঢ়াই বিক্ৰী কৰিব কাক? কাৰণ, দেশখনৰ ৬.১ শতাংশ লোকেই নিৱনুৱা। তদুপৰি, বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰতো ৰপ্তানিতকৈ আমদানিৰ অংশই অধিক (ওপৰত উল্লেখ কৰা তথ্য অনুসৰি)। মুদ্ৰাস্ফিতিৰ প্ৰসংগতো আছেই। ঘৰুৱা উপভোগ বৃদ্ধি কৰাৰ উদ্দেশ্যে চলিত বিত্তীয় বৰ্ষৰ বাজেটত ব্যক্তিগত আয়কৰৰ ক্ষেত্ৰত কিছুমান পৰিবৰ্তন অনা হৈছে। যিসকল ব্যক্তিৰ বাৰ্ষিক নিগুট কৰ আয় (Net Taxable Income) পাঁচ লাখ বা পাঁচ লাখ টকাৰ তলত তেওঁলোকক আয়কৰৰ পৰা সম্পূ্ৰ্ণভাবে ৰেহাই দিয়া হৈছে। যিসকল ব্যক্তিৰ নিগুট কৰ আয় পাঁচ লাখ টকাৰ ওপৰত তেওঁলোকৰ বাবে দুই লাখ পঞ্চাছ হাজাৰ টকাৰ পৰা পাঁচ লাখ টকাৰ পৰ্যায়ত আয়কৰৰ হাৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটৰ দৰে ৫ শতাংশই ৰখা হৈছে। বেতনভোগী কৰ্মচাৰীসকলৰ বাবে স্থিৰ ৰেহাই (Standard Deduction)ৰ পৰিমাণ পূৰ্বৰ (২০১৮-১৯ বিত্তীয় বৰ্ষৰ) চল্লিছ হাজাৰ টকাৰ পৰা চলিত বিত্তীয় বৰ্ষত পঞ্চাছ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। আয়কৰ ৰেহাই আৰু আয়কৰৰ হাৰ হ্ৰাস কৰাৰ ফলত ঘৰুৱা উপভোগ বৃদ্ধি পালেও মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ ৬ শতাংশতকৈ বেছি হ’ব বুলি আশা কৰিব পৰা নাযায়।
প্ৰশ্ন হ’ল-সংকটৰ দিশত গতি কৰা ভাৰতৰ অৰ্থনীতিক উদ্ধাৰ কৰাৰ কিবা উপায় আছে নে? শেষ স্তৰত উপনীত হোৱাৰ আগতে মানুহ এজনৰ প্ৰকৃত বেমাৰটো ধৰা পৰিলে যেনেদৰে আৰোগ্য কৰিব পৰাৰ সম্ভাৱনা থাকে, সেইদৰে মন্দাৱস্থাৰ দৰে চৰম অৰ্থনৈতিক সংকটত পৰাৰ আগতে সংকটৰ দিশত গতি কৰা দেশ এখনৰ অৰ্থনৈতিক বৈশিষ্ট্যসমূহ ধৰা পৰিলে সংশ্লিষ্ট দেশখনৰ অৰ্থনৈতিক দুৰৱস্থাক উদ্ধাৰ কৰিব পৰা যায়। এই ক্ষেত্ৰত জে এম কেইনছে আগবঢ়োৱা উপায়ৰ প্ৰসংগ আনিব পাৰি। জে এম কেইনছৰ তত্ত্ব অনুসৰি, ব্যক্তিগত বিনিযোগকাৰীয়ে বিনিযোগ কৰিবলৈ সাহস নকৰিলে ৰাজহুৱা খণ্ডৰ বিনিযোগৰ পৰিমাণ বৃদ্ধি কৰা উচিত। ৰাজহুৱা খণ্ডৰ বিনিযোগৰ পৰিমাণ বৃদ্ধি কৰিলে দেশখনত নিয়োগ বৃদ্ধি পায়। নিয়োগ বৃদ্ধিৰ ফলত ঘৰুৱা উপভোগ বৃদ্ধি হয়। ঘৰুৱা উপভোগ বৃদ্ধি হ’লে ব্যক্তিগত খণ্ডয়ো বিনিযোগ কৰিবলৈ সাহস আৰু উৎসাহ পায়। ফলত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ উৰ্ধগামী হয়।
সমস্যাটো হ’ল-দেশখনৰ সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাটোকে ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ (বজাৰ অৰ্থনৈতিক ব্যৱস্থালৈ ৰূপান্তৰ) কৰাৰ অভিপ্ৰায়েৰে গ্ৰহণ কৰা অৰ্থনৈতিক নীতিসমূহৰ উপস্থিতিত কেনেদৰে ৰাজহুৱা খণ্ডৰ বিনিযোগৰ পৰিমাণ বৃদ্ধি কৰিব? ব্যৱস্থাটো স্ববিৰোধী নহ’ব জানো?  


[প্ৰকাশিত, ‘আমাৰ অসম’, ২৬ অক্টোবৰ ২০১৯, পৃষ্ঠা: ৪]

Saturday 19 October 2019

প্ৰসংগ: এখন আলোচনীৰ এটা লেখা সম্পৰ্কত দু-আষাৰ

যোৱা ১৫ অক্টোবৰত ‘আমাৰ অসম’ত প্ৰকাশিত ডা° বিকাশ বৰুৱাৰ ‘এখন আলোচনীৰ এটা লেখা সম্পৰ্কত দু-আষাৰ’ শীৰ্ষক চিঠিখন পঢ়ি দুষাৰ মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ। ‘প্ৰান্তিক’ আলোচনীৰ যোৱা ১-১৫ অক্টোবৰ ২০১৯ সংখ্যাত ডা° বিকাশ বৰুৱাই ‘ৰঞ্জন’ নামৰ শিতানত লিখা ‘অজগৰ’ নামৰ লেখাটোৰ সন্দৰ্ভত ইতিমধ্যে কিছু বিতৰ্কৰ সূচনা হৈছে। সেয়েহে লেখকে ‘প্ৰান্তিক’ আলোচনীখনৰ উপৰি বাতৰি কাকততো চিঠি লিখি আত্মপক্ষ সমৰ্থনত যুক্তি দিবলগীয়া পৰিস্থিৰৰ সৃষ্টি হৈছে। তদুপৰি, প্ৰসংগটোৱে উল্লিখিত আলোচনীখনৰ ১৬-৩১ অক্টোবৰ সংখ্যাৰ সম্পাদকীয়টোৰ মূল বিষয় হিচাপে স্থান লাভ কৰিছে। ডা° বৰুৱাই অভিযোগ কৰিছে যে লেখাটোক লৈ কোনো কোনোৱে সাম্প্ৰদায়িক ৰহন সানিব খুজিছে। আত্মপক্ষ সমৰ্থনত লেখকে কৈছে যে ‘অজগৰ’ কোনো জাতি বা সম্প্ৰদায়ক লৈ লিখা হোৱা নাই। এচাম অমানুহেৰে গঠিত এটা সম্পূৰ্ণ সুকীয়া প্ৰজাতিক লৈহে লিখা হৈছে। লেখাটোত আচলতে কোনো এটা সাম্প্ৰদায়ক উদ্দেশ্য কৰি লিখাৰ কথা প্ৰকাশ পাইছে নে নাই, সেই সিদ্ধান্তত উপনীত হোৱাৰ উদ্দেশ্যে আমি লেখাটো কেইবাবাৰো পঢ়িলোঁ। লেখাটোৰ কেইটামান বাক্য মন কৰা যাওক।  ডা° বৰুৱাই এঠাইত লিখিছে, “ৰোমান সম্ৰাটসকলে অ’ৰত’ৰপৰা নিগ্ৰোবোৰক উঠাই অনাৰ দৰে ইয়াকো ক’ৰবাৰপৰা ধৰি আনিছিল।” আন এঠাইত লিখিছে, “কিছুমানে ইয়াক লৈ ছিনেমা, ছিৰিয়েল আদিও কৰিছে। ইয়াৰ ভাষাত গান লিখিছে।” কথোপকথন এটাত এনদেৰে লিখিছে, “ৰচোন। তহঁতৰ বাগানত মানুহ মৰেনে নাই?” উক্ত প্ৰশ্নটোৰ উত্তৰ হিচাপে লিখিছে, “কিয় নাই মৰিব? ৰাত-দিন মৰি থাকে।” ওপৰোক্ত বাক্যকেইটাই এটা নিৰ্দিষ্ট সম্প্ৰদায়ক অলপো সামৰি লোৱা নাই বুলি ডা° বৰুৱাই নিশ্চয় এশ শতাংশ দাবী কৰিব নোৱাৰে। আমি ভাবোঁ ডা° বৰুৱাই ‘অজগৰ’ নামৰ লেখাটো লেখাৰ সময়ত আবেগৰ দ্বাৰা কিছু হ’লেও পৰিচালিত হৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইয়াৰ আভাষ ‘প্ৰান্তিক’ৰ ১৬-৩১ অক্টোবৰ সংখ্যাৰ সম্পাদকীয়টোত পোৱা গৈছে। সম্পাদকীয়টোত লিখিছে “আমি জনাত ডা° দত্ত ডা° বিকাশ বৰুৱাৰ এজন আন্তৰিক বন্ধু আৰু সতীৰ্থ। তেনেস্থলত ডা° বিকাশ বৰুৱাই এজন মানুহ হিচাপে আন বাকী হাজাৰজনতকৈ অধিক মৰ্মাহত হোৱাটো এটা স্বাভাৱিক প্ৰতিক্ৰিয়া।” 
  ব্যংগ লিখনি লিখাত কাৰো আপত্তি নাথাকে। কিন্তু, আবেগৰ দ্বাৰা পৰিচালিত হৈ লিখা ব্যংগ লিখনিয়ে কেতিয়াবা ব্যংগৰ সীমা অতিক্ৰম কৰি ব্যংগৰ পৰা আঁতৰি আহে। ডা° বৰুৱাৰ ‘অজগৰ’ নামৰ লেখাটোত তাৰেই প্ৰতিফলন ঘটিছে। 

[প্ৰকাশিত, 'আমাৰ অসম', ১৯ অক্টোবৰ ২০১৯, পৃষ্ঠা: ১২]

Tuesday 1 October 2019

‘বুলবুল কেন চিং’-কিছু অনুভৱ


      যোৱা ২২ ছেপ্টেম্বৰত কথাছবিখন উপভোগ কৰিবলৈ সুবিধা পালোঁ। কোনো সন্দেহ নাই যে নিজস্ব শৈলী প্ৰয়োগ কৰি বিষয়বস্তু উপস্থাপন কৰাত পৰিচালক সফল হৈছে। কথাছবিখনৰ মূল বিষয়বস্তুটো হ’ল-সমাজে সজাই লোৱা কিছুমান নীতি-নিয়ম ভুল বুলি গম পালেও সেইবোৰৰ বিৰূদ্ধে কোনেও মুকলিকৈ মাত মাতিব নোৱাৰে। কথাছবিখনত দেখুওৱা হৈছে যে ‘বুলবুল’ৰ পৰিয়াল আৰু সিহঁতৰ ওচৰ-চুবুৰীয়াই সমাজত প্ৰচলিত কিছুমান পৰম্পৰা আৰু ৰীতি-নীতি সংকীৰ্ণ বুলি গম পায় যদিও তেওঁলোকে মুকলিভাবে প্ৰতিবাদ কৰিবলৈ সাহস কৰিব নোৱাৰে। তেওঁলোকে জানে যে যৌৱনৰ দুৱাৰদলিত ভৰি দিয়াৰ সময়ত বিপৰীত লিংগৰ প্ৰতি তীব্ৰ আকৰ্ষণ অনুভৱ হয়। কিন্তু, সমাজৰ দৃষ্টিত সেয়া কু-কৰ্ম। আনকি ‘বুলবুল’হঁতে পঢ়াশুনা কৰা বিদ্যালয়খনৰ বিদ্যালয় কৰ্তৃপক্ষয়ো ইয়াৰ ব্যতিক্ৰম নহয়। প্ৰাকৃতিক সত্য আৰু ব্যক্তি স্বাধীনতাৰ প্ৰতি সন্মান জনাই সিদ্ধান্ত ল’বলৈ বিদ্যালয় কৰ্তৃপক্ষই সাহস কৰিব পৰা নাই। ভুল স্বীকাৰ কৰি এবাৰৰ বাবে ক্ষমা কৰি দিবলৈ অনুৰোধ কৰাৰ পাছতো সমাজৰ বৃহত্তৰ স্বাৰ্থত (?) ল’ৰা-ছোৱালীকেইটাক বিদ্যালয়ৰ পৰা বহিস্কাৰ কৰা হৈছে। যাৰ ফলত ৰহস্যজনকভাবে পানীত পৰি ‘বনি’য়ে মৃত্যুক সাবটি ল’বলগীয়া হৈছে। ‘চুমন’ৰ দৰে কিছুমান ল’ৰাৰ আচাৰ-ব্যৱহাৰ ছোৱালী সদৃশ হয়। তাকে লৈ গাঁৱৰ কিছুমান মানুহে ‘চুমন’ক ‘লেডিছ’ বুলি পেংলাই কৰে। ‘চুমন’, ‘বুলবুল’ আৰু ‘বনি’য়ে সিহঁতৰ সমনীয়া বা সিহঁততকৈ কম বয়সীয়া ল’ৰাই ‘চুমন’ক কৰা পেংলাইৰ বিৰূদ্ধে প্ৰতিবাদ কৰিবলৈ সাহস কৰিছে। কিন্তু, সিহঁততকৈ বয়সত ডাঙৰ ব্যক্তিয়ে কৰা পেংলাইৰ বিৰূদ্ধে সিহঁতে মাত মাতিব পৰা নাই। ইয়াৰ জৰিয়তে ইয়াকে ক’ব বিচৰা হৈছে যে সিহঁতে অন্যায়ৰ বিৰূদ্ধে প্ৰতিবাদ কৰিব পাৰে, কিন্তু সকলোৰে আগত নোৱাৰে। অৰ্থাত, ‘বুলবুলে’ গান গাব পাৰে, কিন্তু মানু্হৰ উপস্থিতিত গাব নোৱাৰে। বিষয়বস্তু উপস্থাপন কৰিবলৈ যাওতে পৰিচালকে এখন অতি ভিতৰুৱা গাঁৱক অভিধাৰণা হিচাপে লৈছে। গাঁৱখনত বিজুলীৰ ব্যৱস্থা নাই, মোবাইল ফোন নাই, প্ৰশাসনৰ সৈতে কোনো যোগাযোগ নাই (পানীত পৰি ‘বনি’ৰ মৃত্যু ঘটাৰ সময়ত আৰক্ষীৰ সৈতে গাঁৱখনৰ মানুহে যোগাযোগ কৰা নাই)। এক কথাত, আধুনিক পৃথিৱীৰ সৈতে গাঁৱখনৰ মানুহৰ কোনো সম্পৰ্ক নাই। যিকোনো এটা বিষয়বস্তু উপস্থাপন কৰিবলৈ যাওতে উপস্থাপকে গ্ৰহণ কৰা অভিধাৰণাবিলাকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। অভিধাৰণাবিলাক যিমানই বাস্তৱিক হয়, বিষয়বস্তুবিলাক সিমানেই বাস্তৱৰ ওচৰ চাপে। এইফালৰ পৰা চালে কথাছবিখনে বাস্তৱৰ পৰা কেইবা গজ দূৰত অৱস্থিত যেন আমাৰ অনুভৱ হৈছে। পৰিচালকে অভিধাৰণা হিচাপে লোৱা গাঁৱখনে অসমৰ পৰিবৰ্তিত গাঁৱৰ ছবিখনক প্ৰতিফলিত কৰিব পৰা নাই।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ০১ অক্টোবৰ ২০১৯, পৃষ্ঠা: ৪]